ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.45.0-wmf.5
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
ৱিকিউৎস:GLAM/GLAM Project with Jagannath Barooah College, Jorhat
4
73192
203776
203769
2025-06-13T05:49:59Z
JyotiPN
1603
203776
wikitext
text/x-wiki
{{TGLAM
| top_color = d33b33
| top_color2 = FFFFFF
| top_color3 = d33b33
| height_top = 8px
| width_left = 60
| image = JB College, Jorhat.jpg
| image_size = 200px
| GLAM_name = [https://www.jbcollege.org/ জগন্নাথ বৰুৱা মহাবিদ্যালয়] গ্লেম
| presentation_text = [https://www.jbcollege.org/ জগন্নাথ বৰুৱা মহাবিদ্যালয়] অসমৰ [https://en.wikipedia.org/wiki/Jorhat_district যোৰহাট জিলাত] অৱস্থিত উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ পুথিভঁৰালটো কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰাল নামে জনা যায় আৰু ইয়াত অসমীয়া, ইংৰাজী, বঙালী আদি ভাষাৰ বহুসংখ্যক দুষ্প্ৰাপ্য কিতাপ তথা আলোচনীৰ লগতে পুৰণি অসমীয়া বহুখিনি পুথিচিত্ৰ উপলব্ধ । এই গ্লেম প্ৰকল্পত মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ কপিৰাইটমুক্ত অসমীয়া স্কেন কিতাপসমূহ ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰাৰ লগতে অসমীয়া ৱিকিউৎসত এই কিতাপসমূহৰ সূচী পৃষ্ঠা তৈয়াৰ কৰা হ’ব। ভৱিষ্যতে কিতাপসমূহ মুদ্ৰণ সংশোধন কৰি ইউনিকোডলৈ ৰূপান্তৰ কৰা হ'ব।
| partners_list = [https://meta.wikimedia.org/wiki/Assamese_Wikimedia_Community অসমীয়া ৱিকিমিডিয়া সমাজ]
| partner_logo1 = Logo of Assamese Wikimedia Community.png
| partner_logo2 =
| glam_institutions = [https://www.jbcollege.org/ জগন্নাথ বৰুৱা মহাবিদ্যালয়]
| ratification =
| commons_category =
| wikipedia = yes
| commons = yes
| wikidata = yes
| wikibook =
| wikisource = yes
| wikispecies =
| wikinews =
| wikiversity =
| wikivoyage =
| entry_example =
| image_example =
| source_example =
| data_example =
| book_example =
| digitization_image =
| task_name_1 =
| task_name_2 =
| task_name_3 =
| task_name_4 =
| task_name_5 =
| task_name_6 =
| task_name_7 =
| task_name_8 =
| task_name_9 =
| task_name_10 =
| timeline = yes
| publication_1 =
| publication_2 =
| publication_3 =
| report_1 =
| report_2 =
| report_3 =
| report_4 =
| report_5 =
| report_6 =
| key = GLAMJBC
| activity_1 =
| activity_2 =
| activity_3 =
| resource_1 =
| resource_2 =
| resource_3 =
| contact_wiki = JyotiPN|প্ৰাণজ্যোতি নাথ
| contact_institution =
| contact_email_institution =
| institution_website = https://www.jbcollege.org/
| department_webpage =
| include_cat =
| shortcut = GLAMJBC
| glamwikidashboard_shortcut =
[[শ্ৰেণী:GLAM]]
[[শ্ৰেণী:ৱিকিউৎস]]
kzcsqxk2yfgcprfhou9t31rkgpanujm
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৩০
104
73692
203773
203694
2025-06-13T02:49:58Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
203773
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৮। বিহুগীতত অসমীয়া জীৱনৰ চিত্ৰ}}
{{X-larger|(ক) প্ৰাকৃতিক চিত্ৰ}}}}
{{gap}}জাতিৰ সংস্কৃতি আৰু সাহিত্যৰ দৃষ্টিত ভৌগোলিক অৱস্থিতিয়ে কিদৰে
সহায় কৰে সেই কথা, W. Schimdt য়ে “The Culture — Historical
Method of Ethnology” নামৰ গ্ৰন্থত বিশ্লেষণ কৰিছে। সকলো জাতিৰ
ধৰ্ম্ম-কৰ্ম্ম, ধ্যান-ধাৰণা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, শিল্প-সাহিত্য, সমাজ-
ব্যৱস্থা, দেহৰ গঠন, ভৌগোলিক অৱস্থাৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰে।
অতুল সৌন্দৰ্য্য-মণ্ডিত বিস্ময়-বিজড়িত অত্যুচ্চ হিমালয় পৰ্ব্বতৰাজিয়ে বৈদিক
ধৰ্ম্ম আৰু, সাহিত্যৰ সৃষ্টিত বিশেষভাৱে প্ৰেৰণা যোগাইছিল। সেইদৰে
বহল লাইতৰ পাৰ, শ্যামল পৰ্ব্বতমালা, চকু জৰোৱা ধাননি পথাৰে সৰ্ব্ব-
ভাৰতীয় পটভূমিত অসমীয়া জাতিৰ সুকীয়া বৈশিষ্ট্য গঢ়িবলৈ সমৰ্থ হৈছে।
কেৱল আমাৰ জাতীয় কানন-কবিতাসমূহেই নহয়, পুৰণি সাধকথা, প্ৰবচন,
লোক-গীত, কিম্বদন্তি—এই সকলোৰেই জন্মনীড় হৈছে অসমৰ প্ৰকৃতি আৰু,
ভূগোল। অসমীয়া ভাষাৰ ওপৰতো প্ৰকৃতিৰ চাপ নপৰাকৈ থকা নাই।
সংস্কৃতৰ ভালেমান কঠিন ধ্বনি অসমীয়াত কোমল ধ্বনিলৈ পৰিৱৰ্ত্তন হোৱাৰ
মূলতো প্ৰকৃতিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। অসমীয়া ধ্বন্যাত্মক শব্দৰ ভালে-
খিনি মাধুৰ্য্য প্ৰকৃতিৰ অনুকৰণত গঢ়ি উঠিছে।
{{gap}}অসমৰ জলবায়ু, অতি শীত অথবা অসহ্য তাপৰ পৰা আঁতৰত। অসমীয়া
মানুহে সেইকাৰণে বছৰৰ বাৰ মাহতে পথাৰে-পৰ্ব্বতে, নৈয়ে-বিলে, হাবিয়ে-
বননিয়ে জীৱন নিৰ্ব্বাহৰ নানা কাৰ্য্যত সহজভাৱে ওলাই সোমাই ফুৰিব
পাৰে। বাৰমাহী গীতত বৰ্ণোৱাৰ দৰে প্ৰতি ঋতুৱেই অসমৰ প্ৰকৃতিক নতুন
আভৰণেৰে অলঙ্কৃত কৰে। সেয়েহে উন্মুক্ত প্ৰকৃতিত মুকলিমৰীয়াভাৱে
বিহাৰ সম্ভৱ আৰু, অসমীয়া মানুহৰ প্ৰাণত ঋতুয়ে ঋতুয়ে নতুন উৎসাহ
নতুন উদ্দীপনা, নৱীন কল্পনাৰ উদয় হয়। প্ৰকৃতিৰ অনুৰাগত অনুৰঞ্জিত
হোৱাৰ হেতু অসমীয়া মানুহ অহম্, ভাবৰ পৰাও ভালেখিনি মক্ত হৈছে।
প্ৰকৃতিৰ লগত আত্মীয়তাৰ সংস্পৰ্শত অহাত যুগে যুগে অসমীয়া মানহৰ
মনত বিচিত্ৰ ভাৱ অনভূতিৰ জন্ম হৈছে। সেই বাঙ্ময় প্ৰকাশৰ ফলত অসমীয়া
ভাষাত অলেখ অলিখিত লোকগীত বিহু গীতৰ জন্ম। প্ৰকৃতিৰ লগত এই
ঘনিষ্ঠতা হেতু প্ৰকৃতিৰ সৰু-বৰ, ৰমণীয়-বৰ্ণীয়, ভয়-ভয়ঙ্কৰ সকলো ৰূপেৰে<noinclude></noinclude>
ewi3se2885tn5w08j5ygsburpmdc88g
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৩১
104
73693
203774
203695
2025-06-13T03:15:30Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
203774
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১২৪|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
সুক্ষ্ম নিৰীক্ষণ সুচল হৈছে। সেই কাৰণেই মেঘৰ গাজনি, বিজুলীৰ চমকনি,
বাৰিষাৰ বাঢ়নী পানী, লাইতৰ ঢৌ, বনগীতত মনোৰম আৰু, প্ৰীতিকৰ।
{{gap}}দিনৰ সৰহখিনি সময় মুকেলি পথাৰত, নৈৰ শীতল বুকুত, অথবা
সেউজীয়া বননিত কটাব লগীয়া হোৱাত প্ৰকৃতিৰ ৰূপ-ৰস-বৰ্ণ-গন্ধ-শব্দৰ
প্ৰতি অসমীয়া মানুহ সকলো মুহূৰ্ত্ততে সচেতন। চকুৰ আনন্দ আৰু, ভয়-
শঙ্কা জন্মোৱা মনোৰম আৰু, বিৰাট দৃশ্য, জিভাৰ আস্বাদিত মিঠা, তিতা,
কে'হা আস্বাদ, স্পৰ্শৰ অনুভৱ-গোচৰীয় শীত-উষ্ণ পদাৰ্থ, নাকে অনুভৱ
কৰা বিবিধ গন্ধৰাজি, কাণত মধুৰ বা কৰ্কশ লগা ধ্বনি—এই সকলোবোৰেই
প্ৰকৃতিৰ দান। প্ৰকৃতিৰ পৰশত স্পন্দিত হোৱা অনুভূতিৰ বহিঃপ্ৰকাশৰ
কাৰণেই বিহু গীত অসমীয়া মানুহৰ মনৰ আৰু অসমৰ প্ৰকৃতিৰ প্ৰতিচ্ছবি
হবলৈ সক্ষম হৈছে।
{{gap}}বিহু গীতসমূহ বিশ্লেষণ কৰিলে তাত অসমৰ প্ৰকৃতিৰ প্ৰধান চাৰিটা
চিত্ৰ ৰূপায়িত দেখা যায়। সেয়ে হৈছে অসমৰ নদ-নদী, গৰু,-মহ চৰণীয়া
উদং চাপৰি আৰু, জীৱন ধাৰণত সমল যোগোৱা বহল পথাৰ, প্ৰকৃতিৰ সঞ্চয়-
ভড়াল পৰ্ব্বতৰাজি আৰু, বিচিত্ৰ বৰ্ণ আব্দ মধুৰ সঙ্গীত সৃষ্টি কৰা পশু
পক্ষীসমূহ। অসমীয়া সভ্যতা কৃষি জীৱনৰ সভ্যতা; কৃষি-জীৱন সহজ নদীৰ
পাৰত। সেইদেখি সাধাৰণ মানহৰ প্ৰাচীন প্ৰজ্ঞাৰ ওপৰত ভেটি কৰি অসমীয়াত
“কুল ল কুল ল নদীৰ কুল ল” প্ৰবচনৰ সৃষ্ট হৈছে। অসমীয়া সভ্যতা
যুগ যুগ ধৰি লুইত ব্ৰহ্মপুত্ৰৰ পাৰতে বৰ্দ্ধিত হৈছে। এই নদ অসমৰ
অধিষ্ঠাতা দেৱতা, (উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা, তামোল দি মাতোঁতা
নাই)। লুইতৰ পানীয়ে অসমৰ পথাৰ শ্যামল কৰাৰ উপৰিও চিৰি লুইতৰ
বুকুত পাৰি দিয়েই সতী বেউলাৰ দৰে অসমীয়া জীয়ৰীয়ে অসীমৰ পথত
উজাই গৈছিল। পৰশুৰাম কুণ্ডকে আৰম্ভ কৰি মাজুলীৰ চাৰি সত্ৰক বুকুত
লৈ অসমীয়াৰ ধ্যান-ধাৰণাৰ তীৰ্থক্ষেত্ৰসমূহ লুইতৰ পাৰতে অৱস্থিত। লুইতৰ
বাঢ়নী ঢল, পাৰৰ চাপৰি, কহুৱা বন, ৰূপালী বালি, বুকুৰ শিহু-ঘড়িয়ালে
অসমীয়াৰ অনুভূতিক যুগে যুগে উদ্দীপ্ত আৰু, বিস্ময়ান্বিত কৰি আহিছে।
“লুইতৰে বালি, বগী ধকে ধকি, কাছই কণী পাৰে লেখি,” “চিৰিপ চিৰিপ
কৰি কাপোৰ ধুই আছিলোঁ চিৰি লুইতলৈ চাই”— আদি ৰমণীয় চিত্ৰই লুইতক
অধিক আকৰ্ষণীয় কৰিছে। অসমৰ শিৰা-উপশিৰা—নদী কেইখনক অসমীয়া
মানুহে প্ৰাণ দি ভাল পায়। যি দেশত জলসিঞ্চনৰ ব্যৱস্থা নাই, সেই দেশত
ভ'ৰবলৰ সঞ্চয় নদীৰ প্ৰসাদতে; বৰষুণ দেৱতাৰ কৃপাৰপৰা বঞ্চিত হলেও
কলং, কপিলী, দিখৌ, ডিবৰু, ধনশিৰী, সোৱনশিৰীৰ কৰুণা-ধাৰাৰ পৰা
অসম বঞ্চিত নহয়। “দিখৌ নৈ এৰিব পাৰে মই লাহৰী, জাঁজী নৈ এৰিব
পাৰো,” এইবোৰতে জাতিৰ নদী-প্ৰীতি সুন্দৰভাৱে প্ৰকাশ পাইছে।<noinclude></noinclude>
m4t8kcz9jw7t1a5t047g0asmk172pgf
ৱিকিউৎস:GLAM/GLAM Project with Jagannath Barooah College, Jorhat/Gallery
4
73759
203775
2025-06-13T05:47:56Z
JyotiPN
1603
'''প্ৰকল্পৰ সৈতে জড়িত ব্যক্তি আৰু অনুষ্ঠানসমূহ'''
<gallery mode="packed" heights="120px"> </gallery> '''মূল প্ৰকল্পৰ সৈতে জড়িত ৱিকিমিডিয়ান'''
<gallery mode="packed" heights="150px"> File:Nath Pranjyoti at WCI 2023 Day-2 2.jpg|:m..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
203775
wikitext
text/x-wiki
'''প্ৰকল্পৰ সৈতে জড়িত ব্যক্তি আৰু অনুষ্ঠানসমূহ'''
<gallery mode="packed" heights="120px">
</gallery>
'''মূল প্ৰকল্পৰ সৈতে জড়িত ৱিকিমিডিয়ান'''
<gallery mode="packed" heights="150px">
File:Nath Pranjyoti at WCI 2023 Day-2 2.jpg|[[:m:User:JyotiPN|প্ৰাণজ্যোতি নাথ]] (Project lead)
File:Chanakya at Indic Wikimedia Mini-Hackathon Guwahati, 2024 40 (cropped).jpg|[[:m:User:-chanakyakdas|চাণক্য কুমাৰ দাস]] (Technical assistance)
</gallery>
'''প্ৰকল্পৰ কামৰ ছবি'''
<gallery mode="packed" heights="150px">
</gallery>
[[শ্ৰেণী:ৱিকিউৎস]]
[[শ্ৰেণী:GLAM]]
fetx2bs0sozrmrxpov2htyrozjj1zf3