ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.45.0-wmf.6
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
বৰ-কৰতি
0
1299
204323
4966
2025-06-23T05:41:19Z
2409:408A:8D9A:F46B:DC59:FEC8:C96A:3726
204323
wikitext
text/x-wiki
# [[গু-কৰতি বা বিষ জাৰা মন্ত্ৰ]]
# [[চক্ৰকৰতি]]
# [[বায়ু কৰতি]]
# [[জল কৰতি]]
# [[কাল কৰতি বা অগ্নি কৰতি]]
# [[মত্স্য কৰতি]]
# [[গুৰু কৰতি]]
# [[ব্ৰহ্ম কৰতি]]
# [[ৰুদ্ৰ কৰতি বা তিখাল কৰতি]]
# [[সুদৰ্শন চক্ৰ কৰতি]]
# [[গৰ্ভ কৰতি]]
# [[ৰাম কৰতি]]
13. নাৰায়ন কৱচ
(প্ৰকাশক শ্ৰীজ্যোতীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, প্ৰথম প্ৰকাশঃ ১৯৩৮, চতুবিংশ সংস্কৰণঃ ২০১১, দত্তবৰুৱা পাবলিছিং কোঃ প্ৰাঃ লিঃ, পাণবজাৰ, গুৱাহাটী-১। মুদ্ৰণঃ দত্তবৰুৱা পাবলিচিং কোঃ প্ৰাঃ লিঃ, পাণবজাৰ, গুৱাহাটী-১, )
ISBN=81-7373-025-3
[[Category:ধৰ্মগ্ৰন্থ]]
k0t0k5szmk0dzjgc9cba7ox8peuukee
204327
204323
2025-06-23T07:00:15Z
JyotiPN
1603
[[Special:Contributions/2409:408A:8D9A:F46B:DC59:FEC8:C96A:3726|2409:408A:8D9A:F46B:DC59:FEC8:C96A:3726]] ([[User talk:2409:408A:8D9A:F46B:DC59:FEC8:C96A:3726|কথা-বতৰা]])ৰ সম্পাদনাসমূহ [[User:Boranitul|Boranitul]]য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
4966
wikitext
text/x-wiki
== সূচী ==
# [[গু-কৰতি বা বিষ জাৰা মন্ত্ৰ]]
# [[চক্ৰকৰতি]]
# [[বায়ু কৰতি]]
# [[জল কৰতি]]
# [[কাল কৰতি বা অগ্নি কৰতি]]
# [[মত্স্য কৰতি]]
# [[গুৰু কৰতি]]
# [[ব্ৰহ্ম কৰতি]]
# [[ৰুদ্ৰ কৰতি বা তিখাল কৰতি]]
# [[সুদৰ্শন চক্ৰ কৰতি]]
# [[গৰ্ভ কৰতি]]
# [[ৰাম কৰতি]]
(প্ৰকাশক শ্ৰীজ্যোতীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, প্ৰথম প্ৰকাশঃ ১৯৩৮, চতুবিংশ সংস্কৰণঃ ২০১১, দত্তবৰুৱা পাবলিছিং কোঃ প্ৰাঃ লিঃ, পাণবজাৰ, গুৱাহাটী-১। মুদ্ৰণঃ দত্তবৰুৱা পাবলিচিং কোঃ প্ৰাঃ লিঃ, পাণবজাৰ, গুৱাহাটী-১, )
ISBN=81-7373-025-3
[[Category:ধৰ্মগ্ৰন্থ]]
e34xqe9x8xy8rjt8hsp6ansl9qhp80x
লেখক:কমলাকান্ত ভট্টাচাৰ্য্য
102
2429
204318
184645
2025-06-23T04:42:37Z
Gitartha.bordoloi
38
/* প্ৰকাশিত গ্ৰন্থ */
204318
wikitext
text/x-wiki
{{author
|firstname = কমলাকান্ত
|middlename =
|lastname = ভট্টাচাৰ্য্য
|fast_initial = ক
|birthyear =
|deathyear =
|description =
|image =
|wikipedia_link = কমলাকান্ত ভট্টাচাৰ্য্য
|wikiquote_link =
|commons_link =
}}
কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদৰ যুগৰ এগৰাকী কবি আৰু প্ৰবন্ধকাৰ।
==প্ৰকাশিত গ্ৰন্থ==
* [[চিন্তা-তৰঙ্গ (আগ-ছোৱা)]]
* [[কঃ পন্থাঃ]]
* [[চিন্তানল]]
==কবিতা==
* [[সাহিত্য - সপ্তম ভাগ/জাতীয় গৌৰৱ|জাতীয় গৌৰৱ]]
{{PD-India}}
[[শ্ৰেণী:লেখক]]
839w74gn2ilu0bq5bwd7va3dhjicpax
সূচী:ইন্দীবৰ বৰুৱা.pdf
106
65583
204316
204276
2025-06-23T04:38:00Z
Gitartha.bordoloi
38
removed glam tag
204316
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=ইন্দীবৰ বৰুৱা
|Language=as
|Volume=
|Author=উপেন্দ্ৰনাথ বৰুৱা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=যোৰহাট
|Year=1924
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
iz8kesxahgqden84qlmxixw0b4uarw0
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৪
104
73576
204294
203577
2025-06-22T12:05:08Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204294
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||ভাৰতীয় আৰ্য্যভাষা|৫}}</noinclude>সংস্কৃত (লৌকিক) নামত ভিন হলেও দুই ভাষাৰ মাজত ভালেমান সাদৃশ্য
আছে। দুই ভাষাৰ মাজত ধ্বনিতে পার্থক্য নায়েই, ব্যাকৰণতহে মাথোন সামান্য
প্রভেদ।
{{gap}}কিন্তু ভাৰতৰ বিভিন্ন অঞ্চলৰ সংস্কৃতৰ প্ৰসাৰ বঢ়াৰ লগে লগে অনাৰ্য্য
ভাষাৰ সংমিশ্ৰণত ধ্বনি, ব্যাকৰণ-ৰীতি আৰু শব্দ-সম্ভাৰত এই ভাষাৰ সলনি
হ'ল। তাৰে ফলত আদি বা প্রাচীন আৰ্য্যভাষাৰ পৰিবৰ্ত্তন ঘটি মধ্যযুগৰ
আৰ্য্যভাষা সম্প্ৰদায়ৰ সৃষ্টি হল। আৰ্য্যভাষাৰ এই দ্বিতীয় বা মধ্যস্তৰৰ ভিত-
ৰত পুৰণি ভাৰতৰ কথিত প্রাকৃত ভাষা-সমূহ পৰে। উচ্চাৰণ কোমল আৰু
সহজ কৰা মানুহৰ ধৰ্ম্ম। সেই কাৰণেই সংস্কৃতৰ সহজ সৰল ৰূপান্তৰ
হিছাপে প্ৰাকৃতৰ উদ্ভৱ হ'ল। সংস্কৃত ভাষা জটিল আৰু আড়ম্বৰপূৰ্ণ ;
প্রাকৃত ভাষা সৰল আৰু মধুৰ। স্বৰ-বাহুল্যৰ কাৰণে প্ৰাকৃত ভাষাৰ উচ্চাৰণো
সহজ। সংস্কৃততকৈ প্ৰাকৃতত যুক্ত ব্যঞ্জনৰ সংখ্যা কম। প্রাচীন ভাৰতীয়
পণ্ডিতসকলে প্রাকৃত ভাষাৰ সংজ্ঞা তলৰ দৰে দিছেঃ
{{gap}}{{gap}}“প্রকৃতিঃ সংস্কৃতম্ তত আগতং তত্র ভবম্বা প্রাকৃতম।”<br/>
{{gap}}{{gap}}“প্রকৃতিঃ সংস্কৃতম্ তদ্ বিকৃতিঃ প্রাকৃতম্ ।”<br/>
{{gap}}{{gap}}“প্রাকৃতিজনানাম্ ভাষা প্রাকৃতম্।”<br/>
{{gap}}{{gap}}“প্রাকৃতস্য তু সৰ্ব্ব মেব সংস্কৃতং যোনিঃ ।”
{{gap}}ওপৰত দিয়া সংজ্ঞাৰপৰা প্ৰাকৃত ভাষাৰ মূল আৰু উৎপত্তি সম্বন্ধে
তিনিটা বিভিন্ন মতৰ সৃষ্টি হৈছে। প্ৰকৃতিৰপৰা যাৰ জন্ম বা প্ৰকৃতিৰপৰা
যি আহিছে, সেয়ে প্রাকৃত। এই প্রকৃতি কি? কোনোৰ মতে সংস্কৃত; কিয়নো
সংস্কৃতপৰা ইয়াৰ উৎপত্তি; আৰু সংস্কৃত ভাষাই প্রাকৃতৰ প্রকৃতি। দ্বিতীয়
দলৰ মতে প্রকৃতি অর্থাৎ স্বভাৱতে যি ভাষাৰ জন্ম হৈছে তাৰ নাম প্ৰাকৃত ৷
দোষ বহিষ্কৃত কৰি য'ত গণ সন্নিৱেশ কৰা হৈছে সেয়ে সংস্কৃত আৰু যাৰে
তেনে কৰা হোৱা নাই, সেয়ে প্রাকৃত। এই মত সমৰ্থকৰ সকলে কয় যে
সাধাৰণ মানুহে যি ভাষা ব্যৱহাৰ কৰে সেই ভাষাৰ নামেই প্রাকৃত । কিন্তু
তৃতীয় মত সমর্থনকাৰীসকলে লৌকিক সংস্কৃতক কথিত ভাষা বলিু অস্বী-
কাৰ কৰি কয় যে বৈদিক ভাষাৰ যি সময়ত প্ৰচলন আছিল সেই সময়তে প্রাকৃতো
কথিত ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু এইটো নিশ্চিত যে পিছৰ যুগৰ
আৰ্য্যসকলৰ অন্যান্য ভাষা-ভাষীৰ লগত সংযোগ ঘটাৰ ফলত সংস্কৃত ভাষাৰ
বহু পৰিৱৰ্ত্তন ঘটিল, আৰু আৰ্য্য-অনাৰ্য্যৰ এই সংমিশ্ৰণৰ ফলতে প্রাকৃত
ভাষাৰ সৃষ্টি। কিন্তু ভাষাৰ এই নতুন ৰূপ পাবলৈ কেইবা শ বছৰ
লাগিছিল।
{{gap}}প্রাকৃত ভাষা প্রথমে কথিত ভাষা আছিল যদিও গৌতম বুদ্ধৰ জন্মৰ
পিছৰপৰা আৰু বৌদ্ধধৰ্ম্মৰ প্ৰচাৰৰ লগে লগে প্রাকৃতত সাহিত্যও সৃষ্টি<noinclude></noinclude>
trgwxsfkwnnm7asm4sjnzs0mnacxawj
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৫
104
73577
204295
203578
2025-06-22T12:33:00Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204295
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৬|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
হবলৈ ধৰিলে। ভাষাবিদসকলে অনুমান কৰে যে বৌদ্ধপণ্ডিতসকলেই প্ৰথমে
পালি নামৰ প্ৰাকৃত ভাষাক ধৰ্ম্ম প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰি সাহিত্যিক
মৰ্য্যাদা দান কৰিলে। পিছৰ যুগৰ সংস্কৃত কবিসকলেও নিজৰ ৰচনাত প্ৰাকৃত
ভাষাক ঠাই দিবলৈ বাধ্য হ'ল।
{{gap}}মধ্য আৰ্য্য-ভাষাৰ বা প্ৰাকৃতৰ তিনিটা স্তৰ নিৰ্ণয় কৰা হৈছে—(ক) আদি
প্ৰাকৃত, (খ) মধ্য প্ৰাকৃত, (গ) আন্ত্য প্ৰাকৃত বা অপভ্ৰংশ। এই তিনিও স্তৰৰ
আনুমানিক কাল হৈছে, যথাক্ৰমে খৃষ্ট পূৰ্ব ষষ্ঠ শতাব্দীৰপৰা খৃষ্টীয় প্ৰথম
শতাব্দী; খৃষ্টীয় প্ৰথম শতাব্দীৰপৰা খৃষ্টীয় ষষ্ঠ শতাব্দী, আৰু খৃষ্টীয়
ষষ্ঠ শতাব্দীৰপৰা খৃষ্টীয় দশম শতাব্দী। বৈয়াকৰণিকসকলে পালিভাষাৰ
বাহিৰে অন্যান্য প্ৰাকৃতক কেইবাটাও ভাগত ভগাইছে। যেনে, মহাৰাষ্ট্ৰী,
শৌৰসেনী, পৈশাচী, মাগধী আৰু অৰ্ধমাগধী। এই প্ৰতি শাখাই এসময়ত
ভাৰতৰ বিভিন্ন অঞ্চলৰ কথিত ভাষা আছিল। প্ৰাচীন ভাৰতীয় আৰ্য্য ভাষাৰ
প্ৰধানকৈ তিনি বিষয়ত, – ধ্বনি, শব্দ-ৰূপ আৰু পদ প্ৰয়োগত, পৰিৱৰ্ত্তন ঘটি,
মধ্যযুগৰ ভাৰতীয় আৰ্য্যভাষা বা প্ৰাকৃতৰ জন্ম হয়।
{{gap}}প্ৰাকৃতত প্ৰথমে ধ্বনিক সহজীকৰণ কৰা হ'ল। ইয়াত ঋ-কাৰ আৰু
৯-কাৰ ধ্বনি লোপ পালে। ঋ-কাৰ ঠাইত অ-কাৰ, ই-কাৰ, উ-কাৰ, নতুবা
ৰ, ৰি, আৰু, ৰু,-ৰ প্ৰয়োগ হ'ল; যেনে শৃগাল > সিয়াল (অ. শিয়াল);
হৃদয় > হিঅঅ (অ. হিয়া)। ঐ কাৰ আৰু, ঔ-কাৰৰ ঠাইত এ-কাৰ আৰু
ও-কাৰ হ'ল। যেনে তৈল > তেল্ল (অ. তেল); বৈদ্য বেজ্ জ (অ. বেজ);
ঔষধ> ওষুধ, যৌৱন > জোৱৱন (অ. জোৱান)। এই পৰিৱৰ্ত্তন স্বৰতকৈ
ব্যঞ্জন ধ্বনিত বিশেষভাৱে দেখা দিলে। অনুস্বাৰৰ বাহিৰে সকলো পদান্ত
ব্যঞ্জন ধ্বনিৰ লোপ হ'ল। পদৰ আদিত যুক্ত ব্যঞ্জন থাকিলে তাৰ এটা
লপ্ত হয়; অথবা ম্বৰ-ভক্তিৰ নিয়ম অনুসাৰে ব্যঞ্জন দুটা পৃথক হয়। যেনে
স্থবিৰ>থেৰ (অ বঢ়া-থেৰা); স্নেহ > সেনহ (অ. চেনেহ )। পদৰ মাজত
থকা মুক্ত-ব্যঞ্জন সমীভূত হয়, নহলে স্বৰ-ভক্তিৰ হেতু ব্যঞ্জন দুটা বেলেগ
হয়। যেনে, হস্ত>হত্ থ (অ. হাত); হৰ্ষ > হৰিস (অ. হৰিষ)।
{{gap}}পদান্ত-ব্যঞ্জন লুপ্ত হোৱাত শব্দ-ৰূপৰ পৰিৱৰ্ত্তন ঘটিল। সকলোবোৰ
শব্দই স্বৰান্ত হ'ল। ধাতু-ৰূপত সংস্কৃতৰ বৈচিত্ৰ্য লোপ পালে। সকলো
ধাতুকে ভ্বাদিগণীয়ৰ দৰে ৰূপ কৰা হ'ল। অতীত বুজাবলৈ এটি কালৰ
প্ৰয়োগহে ৰলগৈ। পদ-প্ৰয়োগতো সহজীকৰণ হ'ল। সম্প্ৰদান কাৰক বা
চতুৰ্থী বিভক্তি লোপ পালে; চতুৰ্থীৰ কাম ষষ্ঠীৰ যোগে সম্পন্ন কৰা হ'ল।
{{gap}}মধ্য-ভাৰতীয় আৰ্য্যভাষাৰ শেষ স্তবক অপভ্ৰংশ বোলা হয়। প্ৰত্যেক
প্ৰাকৃতৰে এটি অপভ্ৰংশ ৰূপ আছিল বুলি অনুমান কৰা হয়, আৰু সেই-
বোৰৰপৰাই আধুনিক ভাৰতীয় আৰ্য্যভাষা-সমূহৰ উৎপত্তি। মাগধী অপভ্ৰংশৰ<noinclude></noinclude>
heedqed99fg4f8s65kmtvwfepfkr96e
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৬
104
73578
204298
203579
2025-06-22T16:05:59Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204298
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||ভাৰতীয় আৰ্য ভাষা|৭}}</noinclude>
পৰা আধুনিক অসমীয়া ভাষাৰ জন্ম হৈছে। প্ৰাকৃততকৈ অপভ্ৰংশ সৰল হল।
প্ৰাকৃতৰ সমীকৰণৰ ফলত উৎপন্ন হোৱা দ্বিত্ব ব্যঞ্জনৰ ঠাইত অপভ্ৰংশত এক
ব্যঞ্জন হ'ল। যেনে, কৰ্ম্ম > প্ৰা. কম্ ম > অপ. কাম (অ. কাম); সপ্ত >
প্ৰা সত্ত > অপ. সাত (অ. সাত)। স্বৰবৰ্ণ বিচাৰ-বিহীনভাৱে প্ৰয়োগ হ'ল;
হ্ৰস্ব স্বৰৰ ঠাইত দীৰ্ঘ আৰু দীৰ্ঘৰ ঠাইত হ্ৰস্ব স্বৰৰ প্ৰয়োগ হ'ল। পূৰ্ব্বৰ
শব্দ-ৰূপ আৰু, ধাতু-ৰূপৰ জটিলতা আৰু, অনেকৰূপতা ভালেখিনি কমিল।
পূৰ্ব্বৰ বিভক্তিৰ ঠাইত অপসৰ্গ (post-position) প্ৰয়োগ হল।
{{gap}}তলত কেইটামান অপভ্ৰংশ ভাষাত ৰচিত শ্লোক উদ্ধৃত কৰা হল; তাৰে-
পৰাই অসমীয়া আদি কৰি আধুনিক ভাৰতীয় আৰ্য্য-ভাষাৰ লগত অপভ্ৰংশৰ
কিমান ওচৰ সম্বন্ধ বুজিব পৰা হব।
{{Block center|<poem>জে মহু দিন্না দিঅহড়া দইএং পবসন্তেণ।
তেন গণন্তিএ অংগুলিউ জৰ্জ্জৰিআউ নহেণ॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়জনে প্ৰৱাসলৈ যাওঁতে মোক যি দিনৰ লেখ দি গৈছিল, তাক
গণোতে নখে মোৰ হাতৰ আঙুলি জীৰ্ণ কৰিলে।
{{Block center|<poem>বস্পীহা পিউ পিউ ভনবি কিত্তিউ বুঅহি হয়াস।
তুহ জলি মহু পুণু বল্লহই বিহুঁন পাৰিঅ আস॥</poem>}}
{{gap}}অৰ্থাৎ হে চাতক, হতাশ হৈ তুমি আৰু কিমান বাৰ পানী পিউ পিউকৈ
চিঞৰিবা? আমাৰ দয়োৰে আশা–তোমাৰ পানীৰ আৰু মোৰ প্ৰিয়জন,
বিভুৱে পূৰণ নকৰে।
{{Block center|<poem>পিয়াসংগমি কউ নিন্দড়ী পিঅহো
{{gap|3em}}পৰোক্ খহো কেম্ব।
মই বিন্নি বি বিন্নিসিআ নিন্দ
{{gap|3em}}ন এম্ব ন তেম্ব॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়ৰ সংসৰ্গত নিদ্ৰা কেনেকৈ সম্ভৱপৰ? প্ৰিয়াৰ বিহীনতনো
কেনেকৈ নিদ্ৰা হব পাৰে? মই এই দুয়ো অৱস্থাতে নিদ্ৰা হেৰুৱাব লগাত
পৰিলো।
{{gap}}নাৰীৰ সৌন্দৰ্য্য বৰ্ণোৱ তলৰ অপভ্ৰংশ পদ সমূহৰ লগত অসমীয়া
বৈষ্ণৱ পদৰ ভাষা আৰু ছন্দৰ সাদৃশ্য বিশেষ মন কৰিবলগীয়া।
{{Block center|<poem>মিউকসিণ-ৱাল{{gap|3em}}সংগয় নিলাড়।
বয়ণাৰবিংদ{{gap|4em}}উৱহসিয় চংদ।
পংকয়-দলচিছ{{gap|3em}}নং ভূয়ণ-লচ্ছি।
কুংডল-বিলোল{{gap|3em}}উজ্জল কৱোল।
বিপ্ফুৰিয়-কংতি{{gap|3em}}সিয় দসনপংতি।
</poem>}}<noinclude></noinclude>
4ruzieituoalbsr2i17wroh4m1xuv9j
204299
204298
2025-06-22T16:07:38Z
Jyoti Chiring
2949
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204299
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||ভাৰতীয় আৰ্য ভাষা|৭}}</noinclude>
পৰা আধুনিক অসমীয়া ভাষাৰ জন্ম হৈছে। প্ৰাকৃততকৈ অপভ্ৰংশ সৰল হল।
প্ৰাকৃতৰ সমীকৰণৰ ফলত উৎপন্ন হোৱা দ্বিত্ব ব্যঞ্জনৰ ঠাইত অপভ্ৰংশত এক
ব্যঞ্জন হ'ল। যেনে, কৰ্ম্ম > প্ৰা. কম্ ম > অপ. কাম (অ. কাম); সপ্ত >
প্ৰা সত্ত > অপ. সাত (অ. সাত)। স্বৰবৰ্ণ বিচাৰ-বিহীনভাৱে প্ৰয়োগ হ'ল;
হ্ৰস্ব স্বৰৰ ঠাইত দীৰ্ঘ আৰু দীৰ্ঘৰ ঠাইত হ্ৰস্ব স্বৰৰ প্ৰয়োগ হ'ল। পূৰ্ব্বৰ
শব্দ-ৰূপ আৰু, ধাতু-ৰূপৰ জটিলতা আৰু, অনেকৰূপতা ভালেখিনি কমিল।
পূৰ্ব্বৰ বিভক্তিৰ ঠাইত অপসৰ্গ (post-position) প্ৰয়োগ হল।
{{gap}}তলত কেইটামান অপভ্ৰংশ ভাষাত ৰচিত শ্লোক উদ্ধৃত কৰা হল; তাৰে-
পৰাই অসমীয়া আদি কৰি আধুনিক ভাৰতীয় আৰ্য্য-ভাষাৰ লগত অপভ্ৰংশৰ
কিমান ওচৰ সম্বন্ধ বুজিব পৰা হব।
{{Block center|<poem>জে মহু দিন্না দিঅহড়া দইএং পবসন্তেণ।
তেন গণন্তিএ অংগুলিউ জৰ্জ্জৰিআউ নহেণ॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়জনে প্ৰৱাসলৈ যাওঁতে মোক যি দিনৰ লেখ দি গৈছিল, তাক
গণোতে নখে মোৰ হাতৰ আঙুলি জীৰ্ণ কৰিলে।
{{Block center|<poem>বস্পীহা পিউ পিউ ভনবি কিত্তিউ বুঅহি হয়াস।
তুহ জলি মহু পুণু বল্লহই বিহুঁন পাৰিঅ আস॥</poem>}}
{{gap}}অৰ্থাৎ হে চাতক, হতাশ হৈ তুমি আৰু কিমান বাৰ পানী পিউ পিউকৈ
চিঞৰিবা? আমাৰ দয়োৰে আশা–তোমাৰ পানীৰ আৰু মোৰ প্ৰিয়জন,
বিভুৱে পূৰণ নকৰে।
{{Block center|<poem>পিয়াসংগমি কউ নিন্দড়ী পিঅহো
{{gap|3em}}পৰোক্ খহো কেম্ব।
মই বিন্নি বি বিন্নিসিআ নিন্দ
{{gap|3em}}ন এম্ব ন তেম্ব॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়ৰ সংসৰ্গত নিদ্ৰা কেনেকৈ সম্ভৱপৰ? প্ৰিয়াৰ বিহীনতনো
কেনেকৈ নিদ্ৰা হব পাৰে? মই এই দুয়ো অৱস্থাতে নিদ্ৰা হেৰুৱাব লগাত
পৰিলো।
{{gap}}নাৰীৰ সৌন্দৰ্য্য বৰ্ণোৱ তলৰ অপভ্ৰংশ পদ সমূহৰ লগত অসমীয়া
বৈষ্ণৱ পদৰ ভাষা আৰু ছন্দৰ সাদৃশ্য বিশেষ মন কৰিবলগীয়া।
{{Block center|<poem>মিউকসিণ-ৱাল{{gap|3em}}সংগয় নিলাড়।
বয়ণাৰবিংদ{{gap|4em}}উৱহসিয় চংদ।
পংকয়-দলচিছ{{gap|3em}}নং ভূয়ণ-লচ্ছি।
কুংডল-বিলোল{{gap|3em}}উজ্জল কৱোল।
বিপ্ফুৰিয়-কংতি{{gap|3em}}সিয় দসনপংতি।
</poem>}}<noinclude></noinclude>
47jbn82ac9xitd19240hth6p2ws0n2x
204301
204299
2025-06-22T17:16:54Z
Jyoti Chiring
2949
204301
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||ভাৰতীয় আৰ্য ভাষা|৭}}</noinclude>
পৰা আধুনিক অসমীয়া ভাষাৰ জন্ম হৈছে। প্ৰাকৃততকৈ অপভ্ৰংশ সৰল হল।
প্ৰাকৃতৰ সমীকৰণৰ ফলত উৎপন্ন হোৱা দ্বিত্ব ব্যঞ্জনৰ ঠাইত অপভ্ৰংশত এক
ব্যঞ্জন হ'ল। যেনে, কৰ্ম্ম > প্ৰা. কম্ ম > অপ. কাম (অ. কাম); সপ্ত >
প্ৰা সত্ত > অপ. সাত (অ. সাত)। স্বৰবৰ্ণ বিচাৰ-বিহীনভাৱে প্ৰয়োগ হ'ল;
হ্ৰস্ব স্বৰৰ ঠাইত দীৰ্ঘ আৰু দীৰ্ঘৰ ঠাইত হ্ৰস্ব স্বৰৰ প্ৰয়োগ হ'ল। পূৰ্ব্বৰ
শব্দ-ৰূপ আৰু, ধাতু-ৰূপৰ জটিলতা আৰু, অনেকৰূপতা ভালেখিনি কমিল।
পূৰ্ব্বৰ বিভক্তিৰ ঠাইত অপসৰ্গ (post-position) প্ৰয়োগ হল।
{{gap}}তলত কেইটামান অপভ্ৰংশ ভাষাত ৰচিত শ্লোক উদ্ধৃত কৰা হল; তাৰে-
পৰাই অসমীয়া আদি কৰি আধুনিক ভাৰতীয় আৰ্য্য-ভাষাৰ লগত অপভ্ৰংশৰ
কিমান ওচৰ সম্বন্ধ বুজিব পৰা হব।
{{Block center|<poem>জে মহু দিন্না দিঅহড়া দইএং পবসন্তেণ।
তেন গণন্তিএ অংগুলিউ জৰ্জ্জৰিআউ নহেণ॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়জনে প্ৰৱাসলৈ যাওঁতে মোক যি দিনৰ লেখ দি গৈছিল, তাক
গণোতে নখে মোৰ হাতৰ আঙুলি জীৰ্ণ কৰিলে।
{{Block center|<poem>বস্পীহা পিউ পিউ ভনবি কিত্তিউ বুঅহি হয়াস।
তুহ জলি মহু পুণু বল্লহই বিহুঁন পাৰিঅ আস॥</poem>}}
{{gap}}অৰ্থাৎ হে চাতক, হতাশ হৈ তুমি আৰু কিমান বাৰ পানী পিউ পিউকৈ
চিঞৰিবা? আমাৰ দয়োৰে আশা–তোমাৰ পানীৰ আৰু মোৰ প্ৰিয়জন,
বিভুৱে পূৰণ নকৰে।
{{Block center|<poem>পিয়াসংগমি কউ নিন্দড়ী পিঅহো
{{gap|3em}}পৰোক্ খহো কেম্ব।
মই বিন্নি বি বিন্নিসিআ নিন্দ
{{gap|3em}}ন এম্ব ন তেম্ব॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়ৰ সংসৰ্গত নিদ্ৰা কেনেকৈ সম্ভৱপৰ? প্ৰিয়াৰ বিহীনতনো
কেনেকৈ নিদ্ৰা হব পাৰে? মই এই দুয়ো অৱস্থাতে নিদ্ৰা হেৰুৱাব লগাত
পৰিলো।
{{gap}}নাৰীৰ সৌন্দৰ্য্য বৰ্ণোৱ তলৰ অপভ্ৰংশ পদ সমূহৰ লগত অসমীয়া
বৈষ্ণৱ পদৰ ভাষা আৰু ছন্দৰ সাদৃশ্য বিশেষ মন কৰিবলগীয়া।
{{কুসুমমালা|<poem>
মিউকসিণ-ৱাল
বয়ণাৰবিংদ
পংকয়-দলচিছ
কুংডল-বিলোল
বিপ্ফুৰিয়-কংতি
</poem><poem>
সংগয় নিলাড়।
উৱহসিয় চংদ।
নং ভূয়ণ-লচ্ছি।
উজ্জল কৱোল।
সিয় দসনপংতি।</poem>}}<noinclude></noinclude>
k27xpmqvluqma32bhepkbzcipyrfkkq
204302
204301
2025-06-22T17:26:02Z
Jyoti Chiring
2949
204302
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||ভাৰতীয় আৰ্য ভাষা|৭}}</noinclude>
পৰা আধুনিক অসমীয়া ভাষাৰ জন্ম হৈছে। প্ৰাকৃততকৈ অপভ্ৰংশ সৰল হল।
প্ৰাকৃতৰ সমীকৰণৰ ফলত উৎপন্ন হোৱা দ্বিত্ব ব্যঞ্জনৰ ঠাইত অপভ্ৰংশত এক
ব্যঞ্জন হ'ল। যেনে, কৰ্ম্ম > প্ৰা. কম্ ম > অপ. কাম (অ. কাম); সপ্ত >
প্ৰা সত্ত > অপ. সাত (অ. সাত)। স্বৰবৰ্ণ বিচাৰ-বিহীনভাৱে প্ৰয়োগ হ'ল;
হ্ৰস্ব স্বৰৰ ঠাইত দীৰ্ঘ আৰু দীৰ্ঘৰ ঠাইত হ্ৰস্ব স্বৰৰ প্ৰয়োগ হ'ল। পূৰ্ব্বৰ
শব্দ-ৰূপ আৰু, ধাতু-ৰূপৰ জটিলতা আৰু, অনেকৰূপতা ভালেখিনি কমিল।
পূৰ্ব্বৰ বিভক্তিৰ ঠাইত অপসৰ্গ (post-position) প্ৰয়োগ হল।
{{gap}}তলত কেইটামান অপভ্ৰংশ ভাষাত ৰচিত শ্লোক উদ্ধৃত কৰা হল; তাৰে-
পৰাই অসমীয়া আদি কৰি আধুনিক ভাৰতীয় আৰ্য্য-ভাষাৰ লগত অপভ্ৰংশৰ
কিমান ওচৰ সম্বন্ধ বুজিব পৰা হব।
{{Block center|<poem>জে মহু দিন্না দিঅহড়া দইএং পবসন্তেণ।
তেন গণন্তিএ অংগুলিউ জৰ্জ্জৰিআউ নহেণ॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়জনে প্ৰৱাসলৈ যাওঁতে মোক যি দিনৰ লেখ দি গৈছিল, তাক
গণোতে নখে মোৰ হাতৰ আঙুলি জীৰ্ণ কৰিলে।
{{Block center|<poem>বস্পীহা পিউ পিউ ভনবি কিত্তিউ বুঅহি হয়াস।
তুহ জলি মহু পুণু বল্লহই বিহুঁন পাৰিঅ আস॥</poem>}}
{{gap}}অৰ্থাৎ হে চাতক, হতাশ হৈ তুমি আৰু কিমান বাৰ পানী পিউ পিউকৈ
চিঞৰিবা? আমাৰ দয়োৰে আশা–তোমাৰ পানীৰ আৰু মোৰ প্ৰিয়জন,
বিভুৱে পূৰণ নকৰে।
{{Block center|<poem>পিয়াসংগমি কউ নিন্দড়ী পিঅহো
{{gap|3em}}পৰোক্ খহো কেম্ব।
মই বিন্নি বি বিন্নিসিআ নিন্দ
{{gap|3em}}ন এম্ব ন তেম্ব॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়ৰ সংসৰ্গত নিদ্ৰা কেনেকৈ সম্ভৱপৰ? প্ৰিয়াৰ বিহীনতনো
কেনেকৈ নিদ্ৰা হব পাৰে? মই এই দুয়ো অৱস্থাতে নিদ্ৰা হেৰুৱাব লগাত
পৰিলো।
{{gap}}নাৰীৰ সৌন্দৰ্য্য বৰ্ণোৱ তলৰ অপভ্ৰংশ পদ সমূহৰ লগত অসমীয়া
বৈষ্ণৱ পদৰ ভাষা আৰু ছন্দৰ সাদৃশ্য বিশেষ মন কৰিবলগীয়া।
{{কুসুমমালা|<poem>
মিউকসিণ-ৱাল
বয়ণাৰবিংদ
পংকয়-দলচিছ
কুংডল-বিলোল
বিপ্ফুৰিয়-কংতি
</poem>|<poem>
সংগয় নিলাড়।
উৱহসিয় চংদ।
নং ভূয়ণ-লচ্ছি।
উজ্জল কৱোল।
সিয় দসনপংতি।</poem>}}<noinclude></noinclude>
p0fghqhgjty71f5it3jwuj0i9hpxe6y
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৭
104
73579
204300
203580
2025-06-22T17:09:02Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204300
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৮|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
{{কুসুমমালা|<poem>
বিংবাহ ৰোট্ঠ
থন-হাৰ-তুংগ
বিতথিন্ন ৰমণি
আয়ংব-হত্ থ
জিয়বালৰংভ
নৱ-কণয় গোৰি
সোহগ্ গখানি
</poem>|<poem>
কৰ কংবুকণ্ঠ।
তণু তিৱলিভংগ।
মংৰিয়-গমণি।
লক্ খণ পসত্ থ।
পীণোৰু-থংভ।
মুনিচিত্ত চোৰি॥
নিৰু মহুৰ বাণি।</poem>}}
{{gap}}অপভ্ৰংশৰ এটা শাখাক অৱহট্ট আখ্যা দিয়া হৈছিল। অৱহট্ট সম্ভৱতঃ
অপভ্ৰষ্ট শব্দৰ বিকৃতি। অৱহট্ট ভাষাত বিদ্যাপতিয়ে কীৰ্ত্তিলতা আৰু
কীৰ্ত্তিপতাকা নামৰ দুখন পাখি ৰচিছিল। এই ভাষাৰ নিদৰ্শন স্বৰূপে
কীৰ্ত্তিলতাৰপৰা কেইটিমান পদ উদ্ধৃত কৰিলোঁ—
{{Block center|<poem>সক্কয় বাণী বহুঅন ভাবই
পাউঅ ৰস কো মম্ম ন পাৱই।
দেসিল বঅনা সবজনমিট্ঠা,
তং তৈসন জম্পও অৱহট্ঠা।
ভূংগী পুচ্ছই ভিংগ সুন কী সংসাৰেহি সাৰ।
মানিনি জীৱন মানসও বীৰ পদ অৱতাৰ॥
</poem>}}
{{gap}}অৰ্থাৎ সংস্কৃত ভাষা কেৱল বিদ্বানে চৰ্চ্চা কৰে, প্ৰাকৃত ভাষাত ৰসৰ
মৰ্ম্ম লাভ কৰিব নোৱাৰি; দেশী বচন সকলোৰে মিঠা লাগে; সেই কাৰণে
অৱহট্ট ভাষাত বচন ৰচনা কৰিলোঁ। ভৃঙ্গীয়ে কৈছে— “হে ভৃঙ্গ শুনা, সংসাৰত
সাৰতত্ত্ব কি? মানিনীয়ে মানেৰে জীৱন ধাৰণ কৰা আৰু বীৰ পুৰুষৰ জন্ম
—এই দই।”<noinclude></noinclude>
rlk15xipui71td0v26tz8ds38nvj7ld
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৮
104
73580
204313
203581
2025-06-23T03:04:33Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204313
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৩। অসমীয়া ভাষাৰ জন্মকথা}}}}
{{gap}}প্ৰাকৃত ভাষাৰ শেষ স্তৰ অপভ্ৰংশৰপৰাই আধুনিক ভাৰতীয় আৰ্য্য-
ভাষাসমূহৰ জন্ম হৈছে। ঠিক কোন শতাব্দীৰ এই প্ৰাদেশিক ভাষাসমূহে
স্বতন্ত্ৰ ৰূপ পালে তাক নিৰ্ণয় কৰা টান। এই ভাষাসমূহৰ সামান্য নিদৰ্শন
অষ্টম শতিকাৰ শিলালিপি, তাম্ৰশাসন আদিত পোৱা গৈছে যদিও খৃষ্টীয়
দশম-একাদশ শতিকাৰ পূৰ্ব্বে এই শাখাৰ কোনো এটা ভাষাই স্বকীয় ৰূপ
লোৱা নাছিল। ইয়াতে এটা কথা মন কৰিবলগীয়া যে আধুনিক ভাৰতীয়
আৰ্য্য ভাষাসমূহৰ জন্ম এটাৰ পিছত আনটোৰ, অৰ্থাৎ হিন্দীৰ পিছত বঙ্গলা,
তাৰ পিছত অসমীয়া, এনে ধৰণে হোৱা নাই। ৰাজনৈতিক, ধাৰ্ম্মিক, সামাজিক,
ভৌগোলিক আদি কাৰণৰ হেতু সম-সাময়িক ভাৱেই এই ভাষাসমূহৰ জন্ম
হৈছিল।
{{gap}}প্ৰাচীন অসমীয়া ভাষা মাগধী অপভ্ৰংশৰপৰা উদ্ভৱ হৈছে। খৃষ্টীয় দশম
শতিকাতে যদিও আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম বুলি অনুমান
কৰা হৈছে তথাপি নিদিষ্টভাৱে কোন সময়ত অসমীয়া ভাষাই নিজস্ব ৰূপে
ল'লে, তাক স্তিৰ কৰা কঠিন। অৱশ্যে সকলো ভাষাৰ জন্ম সম্বন্ধে এই একে
মন্তব্যই খাটে। কিয়নো কোনো ভাষাতেই জন্মৰ লগে লগেই সাহিত্য গঢ় লৈ
নুঠে। সাহিত্য ভাষাৰ জন্ম-পত্ৰিকা। গতিকে জন্মপত্ৰিকা বা লিখিত নিদৰ্শন
নহলে জন্মকাল নিৰ্ণয় কৰা সহজ নহয়।
{{gap}}প্ৰখ্যাতকীৰ্ত্তি ভাস্কৰবৰ্ম্মাৰ ৰাজত্ব কালত চীন পৰিব্ৰাজক হিউ-ৱেন-চাং
কামৰূপলৈ আহিছিল। তেওঁৰ ভ্ৰমণ-বৃত্তান্তত লিখিছে, “তেওঁলোকৰ
(কামৰূপৰ মানুহৰ) ভাষাৰ মধ্য ভাৰতৰ ভাষাৰ লগত সামান্য প্ৰভেদ আছে।”
চীন পৰিব্ৰাজকৰ এই মন্তব্যৰপৰা আন নহলেও খৃষ্টীয় সপ্তম শতিকাৰপৰাই
যে অসমীয়া ভাষাই সুকীয়া প্ৰাদেশিক গঢ় লবলৈ আৰম্ভ কৰিছিল, সেই কথা
অনুমান কৰিব পাৰি।
{{gap}}ভাস্কৰবৰ্ম্মা আৰু তেওঁৰ পিছৰ কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণক ভূমিদান
দিয়া কেইখনিমান তামৰ ফলি উদ্ধাৰ হৈছে। অসমত এতিয়ালৈকে পোৱা
প্ৰাচীন শিলালিপিসমূহৰ ভিতৰত নগাৱ'ৰ কপিলী উপত্যকাত পোৱা মহা-
ৰাজাধিৰাজ ভূতিবৰ্ম্মাৰ দিনত (৫৫৪ খৃঃ) খোদিত শিলালিপিয়েই প্ৰাচীন।
(এই শিলালিপি আৰু, অন্যান্য শাসনাৱলীৰ ভাষা সংস্কৃত। গতিকে সেই সময়ত
অসমত সংস্কৃত ভাষাৰ প্ৰচলন আছিল বুলি সহজে অনুমান কৰিব পাৰি।<noinclude>{{rh|২||}}</noinclude>
q9lcfylm30lt61lo8f3lc3f1pu5qyc0
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৯
104
73581
204314
203582
2025-06-23T04:07:48Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204314
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
কিন্তু এই সংস্কৃত প্ৰশস্তিৰ মাজতো সেই সময়ত জনসাধাৰণৰ মাজত প্ৰচলিত
ভাষাৰ দুই চাৰিটি শব্দই অবাধে স্থান পাইছে। সেই শব্দবোৰ মানুহৰ নাম,
গাৱঁৰ নাম, নদীৰ নাম, গছৰ নাম বুজোৱাত ব্যৱহৃত হৈছে। ইয়াৰ ভিতৰত
কালিয়া, ধনি, সনি, অনি, দক্ষিণপাট, শিঙৰি, পাৰলি, জান, জোল আদি শব্দ
মন কৰিবলগীয়া। এই শব্দসমূহে অসমীয়া ভাষাৰ জন্মকালৰ সূচনা কৰে।
স্বৰ্গীয় মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯১৭ চনত নেপাল ৰাজদৰবাৰৰ
গ্ৰন্থাগাৰৰপৰা “চৰ্য্যা-চৰ্য্যবিনিশ্চয়” (চৰ্যাশ্চৰ্য্য-বিনিশ্চয়) নামৰ এখনি অতি
পুৰণি পুথি সংগ্ৰহ কৰিছিল। অন্য এখন পুথিৰে সৈতে বঙ্গীয় সাহিত্য
পৰিষদে “হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা” নাম
দি এই পুথি প্ৰকাশ কৰিছে। চৰ্যাশ্চৰ্য্য-বিনিশ্চয় পুথিত ২৪ জন কবি বা
সিদ্ধাচাৰ্যৰ ৰচিত ১৫টা দোহা বা গীত আছে।
{{gap}}গীতিৰচক সিদ্ধাচাৰ্য্যসকলৰ সময় খৃঃ ৯০০-ৰ পৰা ১২০০-অৰ ভিতৰত
বুলি অনুমান হয়। বঙ্গদেশৰ ভাষাতত্ত্ববিদসকলে চৰ্য্যাপদৰ ভাষাক বিচাৰ
বিশ্লেষণ কৰি সি যে প্ৰধানতে আৰু মূলতে বঙ্গলা ভাষা সেই কথা প্ৰতিপন্ন
কৰিবলৈ চেষ্টা কৰিছে। ড° কাকতিয়ে চৰ্য্যাপদৰ ভাষাৰ লগত প্ৰাচীন অসমীয়াৰ
সাদৃশ্য আলোচনা কৰি ইয়াৰ ভাষা অসমীয়া আৰু বঙ্গলা দুয়োৰে পূৰ্ব্বস্তৰ
(পূৰ্ব্ব মাগধী অপভ্ৰংশ) বুলি অনুমান কৰিছে। বিশেষতঃ এই দোহাৰ
এজন ৰচক সিদ্ধাচাৰ্য্য মীননাথ কামৰূপৰ লোক বুলি প্ৰমাণিত হোৱাত
ড° কাকতিৰ মত বিশেষভাৱে সমৰ্থনযোগ্য। সিদ্ধাচাৰ্য্য মীননাথে “বাহ্যান্তৰ-
বোধিচিত্তবন্ধো-প্ৰদেশ” নামৰ পুথি এখনিও ৰচনা কৰিছিল। বিখ্যাত পণ্ডিত
ৰাহুল সাংকৃত্যায়নে এই পুথি তিব্বতৰপৰা সংগ্ৰহ কৰিছিল। “বাহ্যান্তৰ-
বোধিচিত্তবন্ধোপ্ৰদেশৰ” ভাষাৰ লগত প্ৰাচীন অসমীয়া ভাষাৰ সাদৃশ্য আছে
বুলি ৰাহুলদেৱে মত প্ৰকাশ কৰিছে।
{{gap}}ড° কাকতিয়ে দোহাৰ ভাষাৰ লগত অসমীয়া ভাষাৰ ধ্বনি আৰু শব্দ-
গঠনৰ ৰীতিতো মিল আছে বুলি দৰ্শাইছে। স্বৰসমীভৱনৰ নিয়ম অনুযায়ী
পৰৱৰ্ত্তী অক্ষৰত (syllable) আ থাকিলে পূৰ্ব্বস্থিত আ-ধ্বনি অ-লৈ সলনি
হয়। এই নিয়ম দোহাত আৰু অসমীয়া ভাষাত পৰিলক্ষিত হৈছে। যথা,
চকা (চাকা), বপা (বাপা) ইত্যাদি। অসমীয়াৰ দৰে সংস্কৃত লাগ্ ধাতুৰপৰা
উদ্ভূত—লই চৰ্য্যাপদৰো চতুৰ্থী বিভক্তিৰ চিন্। কৃত, কাৰ্য্য, কৰ শব্দৰপৰা
সৃষ্টি হোৱা–এব, অৰ, ব বিভক্তিৰে ষষ্ঠীৰ পদ আৰু সংস্কৃত 'ত্ৰ' (> ও
>ত) বা অন্তৰ পৰা উদ্ভূত ত-ৰে সপ্তমীৰ পদ দুয়ো ভাষাতে কৰা হৈছে।
কৰ্ত্তৃ, কৰ্ম্ম, কৰণ আৰু, অধিকৰণ কাৰক কেতিয়াবা বিভক্তিযুক্ত নোহোৱাকৈ
ব্যৱহৃত হয়। যেনে— “কাআ তবুৰৰ পঞ্চ বি ডাল।” অসমীয়াৰ কৰ্মকাৰকত
এই লক্ষণ আছে। মুখ্য কৰ্ম্ম অপ্ৰাণিবাচক অথবা অনিদিষ্ট প্ৰাণিবাচক<noinclude></noinclude>
86q9m0lfi6f7hzu8zv72wwewj9owz82
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২০
104
73582
204317
203583
2025-06-23T04:41:13Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204317
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||অসমীয়া ভাষাৰ জন্মকথা|১১}}</noinclude>
হলে অসমীয়াত কৰ্ম্মকাৰকত বিভক্তি যোগ নোহোৱাৰ নিয়ম। –ই, ইল প্ৰত্য-
য়েৰে অতীত কাল আৰু ই-প্ৰত্যয়েৰে ভৱিষ্যৎ কাল কৰা হৈছে।
{{gap}}অসমীয়াৰ দৰে ধাতুৰ পিছত—ই, আৰু তৃতীয় পুৰুষৰ স্বৰূপ ভূত
কালত-ইলে প্ৰত্যয় সংযোগ কৰি অমাপিকা ক্ৰিয়া আৰু ধাতু আগত ন
যোগ দি নঞাৰ্থক ধাতু সধা হৈছে। অসমীয়া সৰ্ব্বনামৰ লগতো দোহাৰ মিল
আছে। যেনে—মই, মো, মোহোৰ, (সংস্কৃত ময়া আৰু মমৰপৰা উদ্ভূত),
অপনা, অপনে (আত্মন শব্দৰপৰা সৃষ্টি হৈছে), অইসন, জৈসন, কিস, তহি,
ইত্যাদি।
{{gap}}চৰ্য্যাগীতসমূহত ভৈৰৱী, কামোদ, ধনসী, বামক্ৰী, শবৰী, মল্লাৰী আদি
বিভিন্ন ৰাগৰ উল্লেখ আছে। এই ৰাগসমূহৰ পিছৰ যুগত অসমীয়া গীতত,
ঘাইকৈ বৰগীতত সংযোগ হৈছিল। কোনো কোনোৱে অসমীয়া পদ বা পয়াৰ
ছন্দও দোহা ছন্দপৰা ওলোৱা বুলি অনুমান কৰে। দোহাৰ গীতসমূহ
মাত্ৰাছদন্ত ৰচিত; চৰণত ষোল্ল মাত্ৰা, আৰু অষ্টম মাত্ৰাত সাধাৰণতে যতি
পৰিছে। অসমীয়া পদ-ছন্দৰ লক্ষণ হৈছে চৈধ্য মাত্ৰা আৰ চৈধ্য আখৰত যতি।
অসমীয়া পদ-ছন্দত আখৰৰ সংখ্যা যিমানেই নহওঁক মাত্ৰাৰ সংখ্যা মুঠতে
চৈধ্য হোৱা উচিত। পূৰ্ব্বে কিন্তু দোহাৰ দৰে অসমীয়াৰো মাত্ৰাৰ সংখ্যা
ষোল্ল আছিল। অসমীয়া উচ্চাৰণত দীৰ্ঘ স্বৰ হ্ৰস্ব হোৱাৰ লগে লগে আৰু
দ্বিতীয় যতিৰে বিৰাম স্থলত দুই মাত্ৰাৰ লোপ হৈহে চৈধ্য মাত্ৰাত পৰিছেগৈ।
ওপৰত উল্লেখ কৰা এই নিদৰ্শনসমূহে লাহে লাহে অপভ্ৰংশ ভাষাই
কেনেকৈ প্ৰাদেশিক ৰূপ ললে তাৰ আভাষ দিয়ে। পূৰ্ব্ব-মাগধী অপভ্ৰংশৰ
এই পৰিবৰ্ত্তন-ক্ৰিয়া বহু বছৰ ধৰি চলিছিল, আৰু সম্ভৱতঃ কেইবা যুগো
কথ্যভাষা স্বৰূপে চলাৰ পিছতহে ই নিদিষ্ট সাহিত্যিক ৰূপে লয়।<noinclude></noinclude>
l5r1iaws39usghwl7eincitwt2ue1d5
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২১
104
73583
204320
203584
2025-06-23T05:15:25Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204320
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৪। অসমৰ অন্যান্য ভাষা-গোষ্ঠী}}}}
{{gap}}ইন্দো-ইউৰোপীয় ভাষা গোষ্ঠীৰ বাহিৰেও অসমৰ অধিবাসীসকলৰ মাজত
অন্য গোষ্ঠীৰ ভাষাৰো প্ৰচলন আছে। তাৰে ভিতৰত অষ্ট্ৰিক আৰু শ্যাম-চীন
(তিব্বত বা ভোট-চীন) গোষ্ঠীয়েই প্ৰধান।
{{gap}}অষ্ট্ৰিক নামটো প্ৰথমে ব্যৱহাৰ কৰে ভাষাতত্ত্ববিদ Pater W. Schmidt-
এ (১৯০৬), পণ্ডিতসকলৰ মতে অষ্ট্ৰিক ভাষীসকল অসমৰ প্ৰাচীন
অধিবাসী। কোনো কোনো ভাষাতত্ত্ববিদে অষ্ট্ৰিকসকলক ভূমধ্য সাগৰীয় জাতি
বুলি অনুমান কৰে। তেওঁলোকৰ মতে অষ্ট্ৰিক-ভাষীসকল মেচোপটেমিয়াৰ
মাজেদি ভাৰতবৰ্ষলৈ আহে। কিন্তু সৰহ-সংখ্যক পণ্ডিতে চীন দেশৰ দক্ষিণ-
পশ্চিম অঞ্চলকহে অষ্ট্ৰিক-ভাষীসকলৰ পূৰ্ব্ব বাসভূমি বুলি নিৰ্ধাৰিত
কৰিছে। সেই ঠাইৰপৰা খৃষ্টপূৰ্ব্ব কেইবা হাজাৰ বছৰৰ আগেয়ে অষ্ট্ৰিক-
ভাষীসকলৰ কোনো কোনো দল মালয় আৰু ইন্দোনেচীয়ালৈ (সুমাত্ৰা, বলি,
যৱ, বৰ্ণিও, চেলিবিচ, ফিলিপাইন) যায়। সেই দ্বীপমালাৰপৰা প্ৰশান্ত
মহাসাগৰৰ মেলানেচীয় আৰু পলিনেচীয় দ্বীপপুঞ্জত সিঁচৰতি হয়। তেওঁ-
লোকৰ কেইটামান দলে ব্ৰহ্মপুত্ৰ নদীয়েদি ভাৰতবৰ্ষলৈ আহি ব্ৰহ্মপুত্ৰ আৰু
গঙ্গানদীৰ উপত্যকাত বাস কৰে। সেই দেখি কোনো কোনোৱে নদী বুজুৱা
গঙ্গা নামটি অষ্ট্ৰিক ভাষাৰপৰা আহিছে বুলি অনুমান কৰে। গঙ্গানদীয়েদি
উজাই গৈ অষ্ট্ৰিকবাসী সকল মধ্য ভাৰত আৰু পঞ্জাব পায়; তেওঁলোকৰ এটি
দলে দক্ষিণলৈ গৈ ত্ৰিবাঙ্কুৰ অঞ্চলত বাস কৰে।
{{gap}}Pater W. Schmidt-এ অষ্ট্ৰিক গোষ্ঠীৰ ভাষাক দুই শাখাত ভগাইছে
—অষ্ট্ৰ-এচিয়াটিক আৰু, অষ্ট্ৰেনেচিয়ান। বৃহত্তৰ ভাৰতৰ প্ৰচলিত এই ভাষা-
গোষ্ঠীৰ শাখাক অষ্ট্ৰ-এচিয়াটিক নাম দিয়া হৈছে। এই গোষ্ঠীৰ ভাষাৰ
ভিতৰত মনখমেৰ (ইয়াৰ ভিতৰত ব্ৰহ্মদেশৰ মোন বা তালৈঙ্গ, কম্বোজৰ
খমেৰ আৰু ইণ্ডোচীনৰ কেইটামান ভাষা পৰিছে); ব্ৰহ্মদেশৰ ৱা বা পালোউং
খাচী আৰু কোল মুণ্ডা (ইয়াৰ ভিতৰত চাওতালী, মণ্ডাৰীহো, ভূমিজ,
খৰিয়া, কোৰকু, শবৰ আদি ভাষা আছে; এই ভাষাভাষীসকল ঘাইকৈ পশ্চিম
বঙ্গ, ছোটনাগপুৰ, মধ্যপ্ৰদেশ আৰু মাদ্ৰাজত আছে)।
{{gap}}অষ্ট্ৰেনেচিয়ান শাখাৰ ভিতৰত প্ৰধান হৈছে- মালয়, বলিদ্বীপ, যৱদ্বীপ
আৰু মাদাগাস্কাৰত চলিত কেইটামান ভাষা।
{{gap}}তিব্বত বা ভোট-বৰ্ম্মী ভাষীসকল মঙ্গোলীয় জাতিৰ মানহ। তেওঁলোকৰ
আদিম বাসস্থান আছিল চীনদেশৰ উত্তৰ-পশ্চিম অঞ্চলৰ হোৱাং-হো, ইয়াং-<noinclude></noinclude>
c7jhc9yjrtibzl2pjrdp0zl9q36udnn
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২২
104
73584
204324
203585
2025-06-23T06:16:06Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204324
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||অসমৰ অন্যান্য ভাষা-গোষ্ঠী|১৩}}</noinclude>
চি-কিয়াং নদীৰ উপত্যকাত। এই নদীৰ বাট ধৰিয়েই খৃষ্টপূৰ্ব প্ৰায়
দুহেজাৰ বছৰৰ পূৰ্ব্বে তেওঁলোক চীনদেশৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ
পৰে। কেইটিমান শাখাই ব্ৰহ্মপুত্ৰ, চিণ্ডুইন, ইৰাৱতী, চালউইন, মেনন মেখং
নদীয়েদি ভাৰতবৰ্ষ, ব্ৰহ্ম, শ্যাম, অসম দেশলৈ আহে। সম্ভৱতঃ তিব্বতত
থাকোঁতে ব্ৰহ্মপুত্ৰৰ পাৰতে প্ৰায় হেজাৰ বছৰৰ পূৰ্ব্বে তেওঁলোকৰ বিচ্ছেদ
ঘটে। তিব্বতত থকা দলটোৱে ভোট বা বোদ্ নাম লয়। ব্ৰহ্মপুত্ৰইদি অসমত
সোমোৱা দলটোৰ নাম হয় বড়ো বা বড়ো। বৰ্ম্মী নামৰ তৃতীয় দলটো ইৰাৱতী
আৰু চিণ্ডুইন নদীয়েদি ব্ৰহ্মদেশ পায়গৈ।
{{gap}}তিব্বতী-বৰ্ম্মী ভাষাশ্ৰেণী পূৰ্ব্বে উল্লেখ কৰা শ্যাম-চীন (তিব্বত বা ভোট-
চীন) ভাষা-গোষ্ঠীৰ অন্তৰ্গত। ভাষাতত্ত্ববিদসকলে শ্যম-চীন ভাষাক চাৰি
শ্ৰেণীত ভগাইছে। চীন, আনামী, তিব্বতী, বৰ্মী আৰু শ্যামী বা থাই।
তিব্বত-বৰ্ম্মীক আকৌ তিনিটা সুকীয়া ভাগ কৰা হৈছে, – তিব্বত-হিমালয়ী,
অসম-বৰ্ম্মী আৰু উত্তৰ অসম উপশাখা। তিব্বত হিমালয়ী শ্ৰেণীৰ কোনো
ভাষা অসমত নাই। অসম-বৰ্ম্মী শাখাৰ ভিতৰত হৈছে—বড়ো, নগা, কুকি-চীন
কচিন, বৰ্ম্মী, লোলোমচু আৰু, সক বা লুই।
{{gap}}বড়ো শাখাৰ ভিতৰত হৈছে, কছাড়ী বা বড়ো, লালুং, ডিমাচা, গাৰো,
কোচ, ৰাভা, ত্ৰিপুৰা, চুটীয়া আৰু মৰাণ।
{{gap}}নগা শাখাক পাঁচ ভাগত ভগোৱা হৈছে—নগা-বড়ো, পশ্চিম-নগা শাখা,
মধ্য-নগা শাখা, পূব-নগা শাখা, নগা-কুকি শাখা।
{{gap}}কুকি-চীনৰ ভিতৰত মেইতেই বা মণিপুৰী, কুকি আৰু, লুচাই পাহাৰ বা
মিজোৰামৰ বিভিন্ন চীন ভাষা। বাকী তিনিটা ভাষা-ভাষী অসমত নাই। অকা
(হ্ৰচো), আবৰ, মিৰি, ডফলা আৰু মিচিমি ভাষা উত্তৰ-অসম শাখাৰ অন্তৰ্গত।
{{gap}}শ্যাম বা থাই পৰিয়ালৰ ভাষা ভাৰতবৰ্ষ, ব্ৰহ্ম, শ্যাম, চীনত বিয়পি আছে।
থাই-ভাষীসকল আদিতে ইউনান প্ৰদেশৰ মানুহ আছিল। তেওঁলোকৰ নাম
আছিল তাই-লং (শ্ৰেষ্ঠ তাই)। তাৰেপৰা প্ৰায় দুহেজাৰ বছৰৰ পূৰ্ব্বে
তেওঁলোক ব্ৰহ্মদেশলৈ যায়। খৃষ্টাব্দ ছয় শতিকাত ইউনানৰ তেওঁলোকৰ
কেইটিমান দলে চালউইন নদীৰ উপত্যকালৈ গৈ সুকীয়া ৰাজ্য স্থাপন কৰে।
খৃষ্টীয় ত্ৰয়োদশ শতিকাত তেওঁলোকৰ ৰাজধানী আছিল মংমাও। কালক্ৰমত
থাইসকলৰ ৰাজ্য, দক্ষিণে আধুনিক শ্যামদেশসমূহ, উত্তৰে খামতি অঞ্চল আৰু
পশ্চিমে ইৰাৱতী-চিণ্ডুইন উপত্যকাৰপৰা অসমলৈকে বিস্তাৰ হৈছিল। প্ৰায়
ত্ৰয়োদশ শকিাত থাইসকলৰে আহোম শাখা অসম সোমায়হি। দক্ষিণলৈ যোৱা
থাইসকলেই শ্যাম আৰু লাও জাতীত পৰিণত হয়।
{{gap}}ব্ৰহ্মদেশত থকা শ্যানসকলৰ (শ্যাম শব্দৰ বৰ্ম্মী উচ্চাৰণ) ক্ষমতা ত্ৰয়োদশ
শতিকাৰপৰা টুটি আছে। ওঠৰ শতিকাৰ মাজ ভাগত ব্ৰহ্মদেশৰ ৰজা<noinclude></noinclude>
az8ipy12ne78481kxw6g5lger436jnh
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৩
104
73585
204321
203586
2025-06-23T05:21:07Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204321
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১৪|অসমীয়া ভাষা আৰ সংস্কৃতি|}}</noinclude>
আলোমফ্ৰাই শেষ শ্যাম ৰাজ্য মোগং অধিকাৰ কৰে, আৰু শ্যামসকল বম্মীৰ
লগত মিলি যায়। আলোমফ্ৰাই মোগং দখল কৰাৰ লগে লগে শ্যানৰ (শ্যাম)
কেইটিমান দলে পিতৃভূমি এৰি অসম পায়হি। তেওঁলোকেই হৈছে অসমৰ
ফাকিয়াল, তুবুং (তাই বং), নৰা আৰু আইতনীয়াসকল।
{{gap}}থাই বা শ্যাম পৰিয়ালৰ প্ৰধান প্ৰধান ভাগ হৈছে—শ্যমী লাও, লু, দায়ে,
শ্যান, খামতি আৰু আহোম। ইয়াৰে ভিতৰত শ্যান, খামতি আৰু আহোম-
ভাষী মানুহ অসমত আছে।<noinclude></noinclude>
cz86mxzo7ew5qsr8gsj09fpzkgu1cwx
সূচী:কবিতা-কুসুম - প্ৰমোদচন্দ্ৰ বৰঠাকুৰ (১৯০৫).pdf
106
73862
204297
204026
2025-06-22T15:12:49Z
Bodhisattwa
490
204297
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কবিতা-কুসুম
|Language=as
|Volume=
|Author=প্ৰমোদচন্দ্ৰ বৰঠাকুৰ
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=1905
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="-" 3="উছৰ্গা" 4to6="বিজ্ঞাপন" 7="সূচীপত্ৰ" 8="ছবি" 9="1" />
|Volumes=
|Remarks=
|Notes={{RLFRR}}
|Width=
|Css=
|Header=
|Footer=
}}
cazt653721s6z6l5dttdaxpxco8jc92
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯০
104
73939
204296
2025-06-22T14:11:30Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204296
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৮২|নীতিমালা|}}</noinclude>দিনত ৰাজপাটত উঠিব নোৱাৰিব। এই কথা শুনা মাত্ৰকে সকলোৰে অকল যে আনন্দ কাঁহ পৰি জীম গল এনে নহয়,
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 90
|bSize = 425
|cWidth = 341
|cHeight = 375
|oTop = 111
|oLeft = 44
|Location = center
|Description =
}}
আনন্দ গুচি সকলোৰে মন বিষাদেৰে পৰিপূৰ্ণ হল। প্ৰজাবিলাকে গিৰ্জ্জা ঘৰত গোটখাই ৰজাৰ আৰোগ্যৰ নিমিত্তে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। মহাৰাজে অলপ দিনৰ<noinclude></noinclude>
qbow4lkv44onpi0n3coewteroqw3xuq
সূচী:সমাজ শক্তি (১ম খণ্ড).pdf
106
73940
204303
2025-06-23T02:20:31Z
-chanakyakdas
1728
"" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
204303
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=সমাজ শক্তি
|Language=as
|Volume=(১ম খণ্ড)
|Author=চিদানন্দ দাস
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=চিদানন্দ দাস
|Address=ডিব্ৰুগড়
|Year=1930
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes={{GLAMJBC}}
|Width=
|Css=
|Header=
|Footer=
}}
d284mmjgqar9l5btk50g634vju8q641
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯১
104
73941
204305
2025-06-23T02:28:56Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204305
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক|৮৩}}</noinclude>ভিতৰতে সম্পূৰ্ণে আৰোগ্য লাভ কৰিলে। তাৰ পিচত আগষ্ট মাহৰ ৯ দিন যোৱাত মহাৰাজ ৭ম এডৱাৰ্ড আৰু মহাৰাণী এলেক্জেন্দ্ৰাৰ ৰাজ্যাভিষেক হব বুলি ঘোষণা কৰা হল, আৰু নিয়মমতে সেই দিনা অতি আনন্দ উৎসৱেৰে অভিষেক কাৰ্য্য সম্পাদিত হল। সেই দিনা বতৰ ফৰকাল হল, আৰু ৰজাৰাণীক চাবলৈ অহা মানুহেৰে কতো বিৰ দি বাট পাবলৈ নাইকিয়া হল। সেই উৎসৱৰ বাবে ভাৰতবৰ্ষৰ পৰাও বহুত ৰজা আৰু সম্ভ্ৰান্তলোক নিমন্ত্ৰিত হৈ গৈছিল।
{{gap}}মহাৰাজ সপ্তম এড্ৱাৰ্ড আৰু {{SIC|মহৰাণী|মহাৰাণী}} এলেক্জেন্দ্ৰাই এখন ডাঙ্গৰ, আঠোটা বগলা পাখী যেন শুকুলা ঘোৰাই টানি নিয়া বাগীত উঠি {{SIC|বকিংহাম|বাকিংহাম}} কাৰেঙ্গৰ পৰা অভিষিক্ত হব লগা ঠাইলৈ যাত্ৰা কৰিলে। সিবিলাকৰ পিচে পিচে পৃথিবীৰ সকলো অংশৰে নিমন্ত্ৰিত ৰজা, ৰাণী আৰু সেনাবিলাক যাবলৈ ধৰিলে।
{{gap}}ইংলণ্ডত “ৱেষ্ট মিনিষ্টাৰ এবি” নামে এটা বিখ্যাত গিৰ্জ্জা ঘৰ আছে; তাত পূৰ্ব্বৰে পৰা ৰজা সকলৰ অভিষেক হয়, আৰু ইয়াক আমাৰ দেশীয় নামেৰে শিল্পৰিঘৰ বুলিব পাৰি। মহাৰাজ আৰু মহাৰাণী সেই গিৰ্জ্জাঘৰত সোমোৱা মাত্ৰকে ছহেজাৰ মানুহে তাত জুম পাতিলেগৈ। যেতিয়া ৰজা আৰু ৰাণীয়ে সেই শিঙ্গৰিঘৰ প্ৰদক্ষিণ কৰে, তেতিয়া ৱেষ্ট মিনিষ্টাৰ পঢ়াশালিৰ লৰাবিলাকে সভক্তিৰে আৰু আনন্দধ্বনিৰে সিবিলাকক বন্দনা কৰিলে, আৰু একেৰাহে চাই থাকিবলৈ ধৰিলে।
{{gap}}ৰাজ্যাভিষেকত ৰজাক মুকুট পিন্ধোৱা হয়। মুকুট পিন্ধাবলৈ<noinclude></noinclude>
pejftmxada165s8afnaqa1va4bnyth3
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯২
104
73942
204306
2025-06-23T02:29:55Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204306
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৮৪|নীতিমালা|}}</noinclude>{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 92
|bSize = 425
|cWidth = 336
|cHeight = 519
|oTop = 57
|oLeft = 39
|Location = center
|Description =
}}<noinclude></noinclude>
preg6u85kwejswx1l3xoyx4ry1ukx9n
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৩
104
73943
204307
2025-06-23T02:33:41Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204307
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক|৮৫}}</noinclude>আমাৰ দেশৰ দৰেই এজন ৰাজপুৰোহিত লাগে, আৰু সেই কামৰ ভাৰ {{SIC|ইংলণ্ডত|ইংলেণ্ডত}} “আৰ্কবিছপ্ অব কেন্টাৰ্বাৰি”ৰ ওপৰত থাকে। তেৱেঁই ৰজাৰ মূৰত ৰাজমুকুট পিন্ধাই দিলে, আৰু ঠিক সেই সময়তে উপস্থিত সকলো মানুহে “ৰজাক ঈশ্বৰে দীৰ্ঘায়ু কৰক” বুলি জয়ধ্বনি কৰিবলৈ ধৰিলে। দেশৰ নিয়ম অনুসৰি অভিষেক হোৱা মাত্ৰেই ঘণ্টাধ্বনি হল, আৰু এশ এজাঁই বৰ তোপ মৰা হল। ৰজাক মুকুট পিন্ধোৱাৰ পিচত তেওঁ সিংহাসনত বহিল। ইয়াৰ কেইমিনিটমানৰ পিচতে সুন্দৰী ৰাণী এলেক্জেন্দ্ৰাৰো অভিষেক হল; তেওঁৰ মূৰত “আৰ্কবিছপ অব ইয়ৰ্ক” এ মুকুট পিন্ধাই দিলে। অভিষেক কাৰ্য্য সোনকালে সমাধা হল, আৰু সকলোৱে গোটখাই গিৰ্জ্জাঘৰত জাতীয় সঙ্গীত গাবলৈ ধৰিলে।
{{gap}}এই দৃশ্যটি দেখিবলৈ বৰ অলৌকিক হৈছিল। যিবিলাক সেই অভিষেকৰ সময়ত তাত উপস্থিত আছিল, তেওঁবিলাকে সেই জল মলাই থকা মুকুট, অতুল সৌন্দৰ্য্যশালী আভৰণ আৰু মধুৰ সঙ্গীতৰ কথা ইহ জন্মত কেতিয়াও পাহৰিব নোৱাৰে।
{{gap}}বিজুলিৰেখাৰ দৰে মহাৰাজ আৰু মহাৰাণীৰ ৰাজ্যাভিষেক বিজুলি ডাকত গোটেই জগতত তেতিয়াই ঘোষণা কৰা হল; আৰু এই শুভ কাৰ্য্য এনে সুন্দৰৰূপে সমাধা হোৱা শুনি মানুহ বিলাকৰ মনত আনন্দে নধৰা হল।{{nop}}<noinclude></noinclude>
slcay60qiuc8m0mupt30a0q1hloza10
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৪
104
73944
204308
2025-06-23T02:35:22Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204308
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৮৬|নীতিমালা|}}</noinclude>{{Dhr|1em}}
{{center|{{Xx-larger|এটা এলেহুৱা লৰা}}}}
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 94
|bSize = 425
|cWidth = 255
|cHeight = 431
|oTop = 92
|oLeft = 92
|Location = center
|Description =
}}
{{gap}}সেই সৰু লৰাটিৰ নাম ৰঙ্গাই। সি কাম কৰিবলৈ এলাহ কৰে, কিন্তু ধেমালি কৰিবলৈ ভাল পায়। সি পঢ়িবলৈ<noinclude></noinclude>
k2ygmjonz68gdlldrh6b82fw38rh520
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৫
104
73945
204309
2025-06-23T02:40:52Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204309
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||এটা এলেহুৱা লৰা|৮৭}}</noinclude>অলপো ভাল নাপায়। তাৰ বাপেক এজন ধনী মানুহ, আৰু তেওঁৰ এটা ডাঙ্গৰ ঘৰ আছে; সেই ঘৰতে ৰঙ্গাইক পঢ়িবলৈ এটা সৰু খোঁটালী কৰি দিয়া আছে।
{{gap}}আজি ৰাতিপুৱা সি বেলিকৈ শুই উঠি তাৰ পঢ়া খোঁটালীলৈ গৈছিল; কিন্তু পঢ়াৰ কথা দূৰত থাওক আনকি কিতাপ এখনো নেমেলিলে। কিতাপবিলাক একতীয়াকৈ থৈ দিলে। তাৰ পাচত তাৰ মাকে ৰঙ্গাইক পঢ়াশালিলৈ যাবলৈ কলে।
{{gap}}ৰঙ্গায়ে কাষলতিৰ তলত কিতাপ লৈ ওলাই গল সঁচা, কিন্তু পঢ়াশালিলৈ নগল, হাবিলৈ হে গল। হাবিত চৰাইবিলাকে তেতিয়া গান গাইছিল। ৰঙ্গায়ে ধেমালি কৰিম বুলি ভাবিছিল হয়, কিন্তু তাত তাৰে সৈতে ধেমালি কৰোঁতা কেওঁ নাছিল। কিয়নো সেই সময়ত আনবিলাক লৰাই পঢ়াশালিত পঢ়িছিল গৈ।
{{gap}}ৰঙ্গায়ে মুখত কুটা এডাল লৈ থকা কাউৰী এজনী দেখিলে সি কাউৰীজনীক কলে, ‘কাউৰী! মোৰে সৈতে ধেমালি কৰিবি নে?’ কাউৰীজনীয়ে কলে, “নোৱাৰোঁ নোৱাৰোঁ, বৰষুণ অনাৰ আগেয়ে মই মোৰবাহটো শেষ কৰিব লাগে।” এই বুলি কৈ কাউৰীজনী উৰি গুচি গ’ল।
{{gap}}তাৰ পাচত ৰঙ্গায়ে কিছুমান মউ গুটি এটা ফুলৰ পৰা আন এটা ফুললৈ উৰি ফুৰা দেখি কলে, “হেৰা, ধুনীয়া মউ গুটিবিলাক! মোৰে সৈতে ধেমালি কৰাহি আহাহঁক।” মউগুটি<noinclude></noinclude>
rx8myq0jbch0d5yy00rhr4dzva2gjgd
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৬
104
73946
204310
2025-06-23T02:46:08Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204310
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৮৮|নীতিমালা|}}</noinclude>বিলাকে কলে, “নোৱাৰোঁ যাব, আমি ফুলৰ পৰা মৌ-ৰস গোটাইছোঁ। সোনকালে ফুলবিলাক জঁই পৰি যাব, আৰু তাত মৌ-ৰস নোহোৱা হব। আমাৰে সৈতে কথা নাপাতিবা দেওহে, আমাৰ কামৰ ধুম পৰিছে; আন কি, কথা এষাৰ পাতিবলৈকো আমাৰ সময় নাই।”
{{gap}}পিচত ৰঙ্গায়ে অনাই বনাই ফুৰি থকা কিছুমান পৰুৱা দেখিলে। পৰুৱাবোৰে মুখে মুখে একোটা চাউল লৈ গৈছিল। ৰঙ্গায়ে সিহঁতক কলে, “হেৰা পৰুৱাবিলাক! {{SIC|এখন্তক|এখন্তেক}} ৰবাচোন; মোৰে সৈতে ধেমালি কৰিবা নে? পাচতো কাম কৰিব পাৰিবা।” পৰুৱাবিলাকে উত্তৰ দিলে, “নহয়, আহাৰ গোটাবলৈ এয়ে আমাৰ উপযুক্ত সময়; অলপতে ধান-চাউল নোহাৱা হব, ইপিনে বৰষুণো হব। আমি এতিয়া খোৱা বস্তু গোটাইছোঁ, যাতে বাৰিষা হলে আমি আহাৰৰ নাটনিত নপৰোঁ। আমি আনকি এক মুহূৰ্ত্তকো ৰব {{SIC|নোৱাৰাঁ|নোৱাৰোঁ}}, এতিয়াও তোমাৰে সৈতে কথা পাতি সময় হে নিয়াইছোঁ।” এই বুলি কৈ পৰুৱাবিলাক যিমান পাৰে সিমান সোনকালে তাৰ পৰা গুচি গ’ল।
{{gap}}তাৰ পিচত ৰঙ্গায়ে মনে মনে কলে, “কি! মোৰ বাহিৰে গাৱঁত আৰু এলেহুৱা লৰা নাই নে? চৰাই, মউ গুটি আৰু সৰু সৰু পৰুৱাবোৰো কামত ইমান ব্যস্ত আছেনে যে সিহঁতেও ধেমালি কৰিব নোখোজে? তেনেহলে ময়ো কামত ব্যস্ত থকা উচিত।” {{SIC|ইয়াকৈ|ইয়াকে}} ভাবি সি তেতিয়াই পঢ়াশালিলৈ লৰি গ’ল, আৰু ওজাদেও অহাৰ অলপ আগতে পঢ়াশালি<noinclude></noinclude>
0baqppwbdwqkk2hzis29km97b3vdmir
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৭
104
73947
204311
2025-06-23T02:48:21Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204311
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||এটা দঁতাল হাতী আৰু শিয়ালৰ কথা|৮৯}}</noinclude>পালে গৈ। সেই দিনাৰে পৰা ৰঙ্গায়ে আৰু অবাবত কাল নিনিওৱা হ’ল; আৰু ভালকৈ পঢ়া শুনা কৰি শেহত ডাঙ্গৰ মানুহ হ’ল।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|এটা দঁতাল হাতী আৰু শিয়ালৰ কথা}}}}
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 97
|bSize = 425
|cWidth = 305
|cHeight = 303
|oTop = 188
|oLeft = 71
|Location = center
|Description =
}}
{{gap}}এসময়ত হাতীধৰা মানুহৰ খেদা খাই নগা পৰ্ব্বতৰ পৰা ভাগি আহি নগাঁওৰ লাপখোৱা হাবিত এটা বৰ ডাঙ্গৰ দঁতাল হাতী সোমালহি। সেই হাবিত আৰু হাতী নাছিল। সেই হাতীটোৱেই<noinclude></noinclude>
6yr0stdjz8lbwoqve91s7rm10jqh4ij
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৪
104
73948
204312
2025-06-23T02:53:34Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204312
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৬৬|নীতিমালা|}}</noinclude>কৰা বস্তু নহয়। এতেকে মই তোমাক তাতকৈও জলমলাই থকা মুকুতা গোটাদিয়েককে দিওঁৰবা।” এইবুলি অন্তঃপুৰলৈ গৈ বহুমুলিয়া মুকুতা কেইটামান আনি দিলেহি। কিন্তু শ্ৰীৰামচন্দ্ৰে হাতত লৈ দলিয়াই পেলাই দিলে। তেতিয়া তাত থকা এজনী লিগিৰীয়ে কলে, “লৰাৰ খং উঠিছে হব পায়।” অইন এজনীয়ে কলে, “নহয়, শুব খুজিছে হবলা।” তৃতীয় জনীয়ে কলে, “মইনাকণক কিহবাই পালেই কি জানি।”
{{gap}}কেনো মতে নিচুকাব নোৱাৰি কিহবাই পোৱাটোকে ঠিৰাং কৰি ভুত জৰাবলৈ বেজ অনালে। কিন্তু বেজে একো কৰিব নোৱাৰিলে। কান্দি কান্দি শ্ৰীৰামচন্দ্ৰ লালকাল দিয়াৰ নিচিনা হল। আৰু জোনৰ বাহিৰে আন একোতে মান্তি নহল। গতিকে নিৰুপায় হৈ ৰজালৈ বাতৰি পঠিয়ালে। ৰজাই আহি অনেক বৰাই বুজাই সান্ত্বনা কৰিবলৈ বিচাৰিলে; কিন্তু শ্ৰীৰামচন্দ্ৰ ক্ষান্ত হওক ছাৰি এখোপ চৰিলহে। কি কৰিব, কলৈ যাব, কেনেকৈ পুতেকৰ কান্দোন {{SIC|মা{{বঙালী ৰ}}|মাৰ}} নিয়াব ৰাজাৰো বুদ্ধি হেৰাল। গতিকে পৰামৰ্শৰ নিমিত্তে মন্ত্ৰীক মাতি পঠালে। মন্ত্ৰীয়ে যেতিয়া আহি জানিলে যে শ্ৰীৰামচন্দ্ৰক জোনটো লাগে, তেতিয়া তেওঁ ভাবিচিন্তি এখন আৰ্চী অনালে, আৰু শ্ৰীৰামচন্দ্ৰৰ হাতত দি কলে, “বোপা, চোৱাচোন সৌটো জোনবাই হয়নে নহয়?” আৰ্চীত জোনবাইটো দেখি শ্ৰীৰামচন্দ্ৰে হাততে জোনবাই পোৱা বুলি ভাবিলে, আৰু তেতিয়াই তেওঁৰ কান্দোন মাৰ গল।
{{gap}}মন্ত্ৰীৰ বুদ্ধি শলাগিব লগিয়া।{{nop}}<noinclude></noinclude>
g0muhmherz5lb761nuzwxn3tch55cls
সূচী আলোচনা:সমাজ শক্তি (১ম খণ্ড).pdf
107
73949
204315
2025-06-23T04:30:34Z
Gitartha.bordoloi
38
/* স্থিতি */ নতুন অনুচ্ছেদ
204315
wikitext
text/x-wiki
== স্থিতি ==
এইখন কিতাপ PD নেকি? [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|বাৰ্তা]]) ১০:০০, ২৩ জুন ২০২৫ (IST)
owugjocgkg3y3vnilja1k0fi5q0nphz
204325
204315
2025-06-23T06:53:52Z
-chanakyakdas
1728
/* স্থিতি */ উত্তৰ
204325
wikitext
text/x-wiki
== স্থিতি ==
এইখন কিতাপ PD নেকি? [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|বাৰ্তা]]) ১০:০০, ২৩ জুন ২০২৫ (IST)
:চিদানন্দ দাসৰ কোনো তথ্য পোৱা নাযায়। অজ্ঞাত লেখকৰ কিতাপ প্ৰকাশৰ ৬০ বছৰ পাছত ৰাজহুৱা ড’মেইনৰ আওতালৈ আহে বাবে কিতাপখন ৱিকিউৎসলৈ অনা হ’ল। [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১২:২৩, ২৩ জুন ২০২৫ (IST)
dip05yjfgxu2w9dyn2cr2yqyfx2j08l
204326
204325
2025-06-23T06:57:10Z
-chanakyakdas
1728
/* স্থিতি */
204326
wikitext
text/x-wiki
== স্থিতি ==
এইখন কিতাপ PD নেকি? [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|বাৰ্তা]]) ১০:০০, ২৩ জুন ২০২৫ (IST)
:চিদানন্দ দাসৰ কোনো তথ্য পোৱা নাযায়। অজ্ঞাত লেখকৰ কিতাপ প্ৰকাশৰ ৬০ বছৰ পাছত ৰাজহুৱা ড’মেইনৰ আওতালৈ আহে বাবে কিতাপখন ৱিকিউৎসলৈ অনা হ’ল। লেখকৰ কিবা তথ্য থাকিলে অনুগ্ৰহ কৰি জনাব। [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১২:২৩, ২৩ জুন ২০২৫ (IST)
23y9jq49is4xxzybqq6rlatdyh6nkde
প্ৰকাশক:বনলতা প্ৰকাশন
0
73950
204319
2025-06-23T05:05:34Z
Babulbaishya
104
"[[শ্ৰেণী:প্ৰকাশক]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
204319
wikitext
text/x-wiki
[[শ্ৰেণী:প্ৰকাশক]]
fk36zgeom3p7xc41h8kb3qrcdrey1bm
কাল কৰতি বা অগ্নি কৰতি
0
73951
204322
2025-06-23T05:22:40Z
2409:408A:8D9A:F46B:30A3:3203:8A83:7DBF
"শ্রীশ্রীকৃষ্ণায় নমঃ কাল কৰতী বা অগ্নি কৰতী- পঞ্চম মন্ত্র কাল কৰতী কাল বিকাল দুই দ্বাৰ। চন্দ্ৰ সূৰ্য্য বায়ু বাণ বৰণ নাথাকিল আৰ।। সেহি দিনা নৰসিংহ কৰতী আৰাধিলা; ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
204322
wikitext
text/x-wiki
শ্রীশ্রীকৃষ্ণায় নমঃ কাল কৰতী বা অগ্নি কৰতী- পঞ্চম মন্ত্র কাল কৰতী কাল বিকাল দুই দ্বাৰ। চন্দ্ৰ সূৰ্য্য বায়ু বাণ বৰণ নাথাকিল আৰ।। সেহি দিনা নৰসিংহ কৰতী আৰাধিলা; মহাদেৱক দেখন্তে কৈলাস লড়িলা। মহেশ্বৰ বৰে দেৱী পার্বতী কম্পিলা।। ব্রহ্মায়ে বোলন্ত মই অন্যায় কৰিলো। কৰতী মন্ত্ৰৰ ঘাৱে নদীকো ছেদিলো।। কৰতী কৰতী মহা কৰতী, মন্ত্ৰ ব্ৰহ্মা কৰতী। আছে শনিবাৰ দিনা দক্ষিণ দিশত বসি, পার্বতী হাসিলা।। সমস্ত ব্যাধি, কাটিলো সমস্ত কৰা, কাটিলো বাণ। ইন্দ্ৰ আদি কৰি বজ্ৰক ছেদিলো লোক সমস্ত। ওস্কাৰে দণ্ড লাগিল কোনে নোবোলে ভাল। ঐ নৰসিংহ বীৰৰ কাছে, ভূতক ধৰো বজ্ৰহাতে। হাতে কৰতী ধৰিলো ডাটি। কাল বিকাল যি পোনে যাই। ত্রিদশ-কোটি দেবতা ভাগিয়া পলাই।। নৰসিংহ গোসাঞি পৃথিবী যাই। ভূত প্রেত পিশাচ খেদি খেদি খাই। মাৰো কৰতী অগ্নি দিশে যাই। প্রতাপে দেৱতাক কাটিয়া পেলাই। মাৰো কৰতী দক্ষিণে যাই। যমৰ দণ্ড কাটিয়া পেলাই।। মাৰোঁ কৰতী নৈর্ঝতে যাই। কুজ্ঞান কুমন্ত্র কাটিয়া পেলাই।। মাৰো কৰতী পশ্চিমে যাই। জলৰ দেৱতা খেদিখেদি খাই।। মাৰো কৰতী বায়ুৱে যাই।। যা কৰতী ঈশান্যে যা, মহেশ্বৰৰ বচনে সোমা। মহেশে বোলন্ত তোমাৰ ঘোল, কৰো আমুকাৰ কুজ্ঞান ভূত প্রেত পিশাঞ্চ যিগিণী গুলৈ যক্ষিণী কাটো। নিৰন্তৰ পাৰ্বতী বোলস্ত মোৰ বল কৰ, আমুকাৰ কুজ্ঞান, কুমন্ত্ৰ কাটো নিৰন্তৰ।। কৰতী কৰতী অগ্নি কৰতী, তিন কোণ পৃথিৱীৰ যাৰ নাই গতি। কৰতী লভিয়া যতন। জল বায়ু সর্বজান।। আপোনাৰ মন্ত্ৰ এৰি লোকৰ মন্ত্ৰ হাতে পৰ। মন্ত্ৰ কাটিলো, উভা কৰতী, চুভা কৰতী অমুকাৰ কুজান কুমন্ত্র কাটো খোছা কাটো খণ্ড খণ্ড কৰি। পাক কৰতী পৰে, বাউটিয়া কৰতী কোষে, মাংস হৰা কাটো। উখহা কাটো, কোড়খহনীয়া কাটো, ডাইনী কাটো, ভূতুনি কাটো, কুটনি কাটো, অলিয়া কাটো, বলিয়া কাটো, ঢেঙা কাটো, কোড়খনা কাটো, চেঙ্গেলী হেঙ্গা কাটো, পোৰা কাটো, ডেৰা কাটো, চৌষষ্ঠি হৰা কাটো। তোৰ কৰতী, সতা কৰতী, অমুকাৰ শৰীৰৰ কুজ্ঞান কুমন্ত্র কাটো খণ্ড খণ্ড কৰি। কুমাৰ কমাৰ গণক ধাই, মাটি চলা, পাটা চলা সমস্ত ডল ভাঙ্গিলে পানী কৃত্য ভৈলা। সেই পানীকৃত্য কৰি কাটো, দেৱবাণ কাটো, চন্দ্ৰবাণ কাটো, হৰা কাটো, খহুৱা কাটো, ঔষধ কাটো, অলিয়া কাটো, বলিয়া কাটো, পমাল কাটো, নিচান কাটো, চেঙ্গাবিষ কাটো, হৰ বিষ্ণু হৰ আমুকাৰ গাৱৰ সৰ্বব্যাধি পানীকৃত্য কৰো।।*।।*।।* ইতি- কাল কৰতী বা অগ্নি কৰতী সমাপ্ত।
265t7vhisrffmct8z41xs8zytp4j7q5
সাঁচ:অপাঠ্য
10
73952
204328
2025-06-23T07:19:56Z
-chanakyakdas
1728
"{{tooltip|target=<span style="font-style:italic; vertical-align:super; font-size:calc(1em*0.875)>{{#ifeq:{{NAMESPACE}}|{{ns:Page}}|<span style="color:red;">(অপাঠ্য)</span>|(অপাঠ্য )}}</span>|texttip={{{texttip|{{{1|}}}}}}|nodash = {{{nodash|nodash}}}}}<includeonly>[[Category:Pages with illegible text]]</includeonly><noinclude>{{documentation}}</noinclude>" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
204328
wikitext
text/x-wiki
{{tooltip|target=<span style="font-style:italic; vertical-align:super; font-size:calc(1em*0.875)>{{#ifeq:{{NAMESPACE}}|{{ns:Page}}|<span style="color:red;">(অপাঠ্য)</span>|(অপাঠ্য )}}</span>|texttip={{{texttip|{{{1|}}}}}}|nodash = {{{nodash|nodash}}}}}<includeonly>[[Category:Pages with illegible text]]</includeonly><noinclude>{{documentation}}</noinclude>
04hcb4salb5195ey3x2p4j4ran0qsjg
204329
204328
2025-06-23T07:20:25Z
-chanakyakdas
1728
পৃষ্ঠা [[সাঁচ:Illegible]]ৰ পৰা [[সাঁচ:অপাঠ্য]]লৈ -chanakyakdasয়ে স্থানান্তৰ কৰিলে: En2As
204328
wikitext
text/x-wiki
{{tooltip|target=<span style="font-style:italic; vertical-align:super; font-size:calc(1em*0.875)>{{#ifeq:{{NAMESPACE}}|{{ns:Page}}|<span style="color:red;">(অপাঠ্য)</span>|(অপাঠ্য )}}</span>|texttip={{{texttip|{{{1|}}}}}}|nodash = {{{nodash|nodash}}}}}<includeonly>[[Category:Pages with illegible text]]</includeonly><noinclude>{{documentation}}</noinclude>
04hcb4salb5195ey3x2p4j4ran0qsjg
204331
204329
2025-06-23T07:22:01Z
-chanakyakdas
1728
204331
wikitext
text/x-wiki
{{tooltip|target=<span style="font-style:italic; vertical-align:super; font-size:calc(1em*0.875)>{{#ifeq:{{NAMESPACE}}|{{ns:Page}}|<span style="color:red;">(অপাঠ্য)</span>|(অপাঠ্য )}}</span>|texttip={{{texttip|{{{1|}}}}}}|nodash = {{{nodash|nodash}}}}}<includeonly>[[Category:অপাঠ্য সমল থকা পৃষ্ঠাসমূহ]]</includeonly><noinclude>{{documentation}}</noinclude>
8o8i4mbo1ktlkfitr5itd2dhsb9u0n3
সাঁচ:Illegible
10
73953
204330
2025-06-23T07:20:25Z
-chanakyakdas
1728
পৃষ্ঠা [[সাঁচ:Illegible]]ৰ পৰা [[সাঁচ:অপাঠ্য]]লৈ -chanakyakdasয়ে স্থানান্তৰ কৰিলে: En2As
204330
wikitext
text/x-wiki
#REDIRECT [[সাঁচ:অপাঠ্য]]
ctybdmtspnzc0uz4d93rw7qejvqdvyi
শ্ৰেণী:অপাঠ্য সমল থকা পৃষ্ঠাসমূহ
14
73954
204332
2025-06-23T07:23:18Z
-chanakyakdas
1728
NEWCAT
204332
wikitext
text/x-wiki
[[শ্ৰেণী:সমস্যাজৰ্জৰ]]
bp7j9027a6imuc7l0gn35932h4m4y1p
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১৬
104
73955
204333
2025-06-23T09:52:19Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204333
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" /></noinclude>ম্যাকমিলান কোম্পানিয়ে প্ৰকাশ কৰা অসমীয়া
পঢ়াশালীবিলাকত ব্যৱহাৰ কৰিব পাৰা কিতাপ
অসমীয়া প্ৰথম পাঠ ('ৰঙিণ ছবিৰ সৈতে )
অসমীয়া লৰা-সখি
নিম্ন প্ৰাইমেৰী পাঠ ( প্ৰথম ভাগ )
ঐ
( দ্বিতীয় ভাগ )
নীতিমালা, দ্বিতীয় ভাগ
ঐ তৃতীয় ভাগ
চতুৰ্থ ভাগ
55
ঐ
পঞ্চম ভাগ
সাহিত্য প্ৰবেশ ব্যাকৰণ--শ্ৰীশনিৰাম বৰা কত
স্কুল জ্যামিতি—প্ৰথম ভাগ, হল আৰু ষ্টিভেন্স, প্ৰণীত
শিক্ষকৰ হাতৰ পুথি—প্ৰাইমেৰি স্কুলৰ নিমিত্তে
জে. এ. ৰিচি, এম. এ. কৃত
শিক্ষক সহচৰ, প্ৰথম খণ্ড—ভাৰতবৰ্ষীয় পঢ়াশালীৰ শিশুশ্ৰেণীৰ
উপযোগী পৰম্পৰ সংশ্লিষ্ট পাঠেৰে সৈতে
প্ৰকৃতি পাঠ, তৃতীয় আৰু চতুৰ্থ মান—জে. এ. টেলৰ কৃত
ঐ
আৰু শ্ৰীগোপালচন্দ্ৰ বৰুৱা দ্বাৰা অনূদিত
পঞ্চম মান
ষষ্ঠ ও সপ্তম মান
নতুন স্বাস্থ্যপাঠ [ স্বাস্থ্যবান আৰু ধনবান দেশ ]
ই. মাৰ্সডেন ও বি. কে. বৰুৱা কৃত
ভাৰতবৰ্ষৰ বুৰঞ্জী বিষয়ক পাঠ
[ ছাত্ৰৰ তাৰণ ]
প্ৰবেশিকা ভাৰত-বুৰঞ্জী — শ্ৰীবসন্তকুমাৰ বৰুৱা, বি. এ. প্ৰণীত
পঢ়াশালিৰ পৰা বিশ্ব-ব্ৰহ্মাণ্ড—আসামৰ সবিশেষ
বিবৰণেৰে সৈতে—ৰায় বাহাদুৰ শ্ৰীঅঘোৰ নাথ
অধিকাৰী কৃত
প্ৰথম ভাগ ( তৃতীয় আৰু চতুৰ্থ মানৰ নিমিত্তে )
দ্বিতীয় ভাগ ( ৫ম, ৬ষ্ঠ আৰু ৭ম মানৰ নিমিত্তে )...
সমগ্ৰ পুস্তক
...
Assamese Story Readers-Book III-5 Annas 6 Pies.
Jo
To
৬<noinclude></noinclude>
f83c2wz34rp2aln3mm97mz1t2i9z9ks
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৪
104
73956
204334
2025-06-23T09:52:51Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204334
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" /></noinclude>৯৬
নীতিমালা
তেওঁ তেওঁৰ গিৰিয়েক ছাহ জাহানেৰ সৈতে বহুত বছৰ অং
মনেৰে একে লগে আছিল। আৰু তেওঁৰ কেইবাটিও লৰা
ছোৱালি হৈছিল। তেওঁ ছাহ্জাহানক বৰ ভক্তি কৰিছিল,
'আৰু ছাহ্জাহানেও তেওঁক বৰ মৰম কৰিছিল।
বিয়াৰ পৰা চৈধ্য বছৰৰ পিচত তেওঁ “বেমাৰ পৰাত
ছাহজাহান বৰ দুখিত হল; আৰু তেওঁক চকুৰ আগৰ পৰা
ক্ষন্তেকলৈও নেৰা হল। তেওঁৰ অবস্থা দিনে দিনে বেয়ালৈ
যাবলৈহে ধৰিলে; আৰু অৱশেষত তেওঁৰ মৰণৰ সময় উপস্থিত
হলহি। ছাহ্জাহানে চকুলো টুকি টুকি তেওঁক সুধিলে,
“তোমাৰ মৰমৰ চিন স্বৰূপ মই সংসাৰত কি থব পাৰোঁ?”
ৰাণীয়ে বৰ বেজাৰ মনেৰে কলে, “যদি মোলৈ আপোনাৰ
মৰম আছে, তেনেহলে মই মৰাৰ পাচত আপুনি অইন কাকে৷
বিয়া নকৰাব, মোৰ কথাকে ভাবি থাকিব; ‘আৰু মোৰ
মৰিশালিত এটা এনেকুৱা কবৰ সাজিব, যাতে তাৰ দ্বাৰাই
মোৰ নাম যাউতিযুগীয়৷ হৈ থাকে।”
ছাজাহানে তেওঁৰ ৰাণীয়ে মৰাৰ সময়ত যি কলে, সেই
মতেই কৰিবলৈ প্ৰতিজ্ঞা কৰিলে, আৰু তেওঁৰ কথা ৰাখিলে।
তেওঁ আন তিৰোতা আৰু বিয়৷ নকৰালে। তেওঁৰ মাৰিশালিত
এটি কবৰ সাজালে। এই কবৰকে তেওঁৰ
চালে-চকুৰোৱা
নামৰ মতেই মন্তাজ, বা মতাজমহল বুলি লোকে কয়।
এতিয়াও যমুনা নৈৰ পাৰত থকা আগ্ৰা চহৰত এই তাজমহল
আছে।<noinclude></noinclude>
dx56qi2y85if99wbcbfn5ews37r33v2
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৮
104
73957
204335
2025-06-23T09:58:02Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204335
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৯০|নীতিমালা|}}</noinclude>হুৰহুৰাই হাবি ভাঙ্গি দন্দমাই ফুৰিছিল। হাবিৰ জন্তুবিলাকে গঢ়-গতি চাই হাতীটোৰ নাম গপৰাজ থৈছিল। গপৰাজ যেনিয়েই যায়, জন্তুবিলাক তেনিয়েই পলাই ফাট মাৰে। গপৰাজ মনৰ সুখেৰে চৰি ফুৰে।
{{gap}}এদিন এজাক শিয়ালে গপৰাজক দেখি মনে মনে ভাবিলে, যদিহে গপৰাজক কেনেবাকৈ মাৰিব পৰা যায়, তেনেহলে ইয়াৰ মঙ্গহেৰে আমি আটাইবোৰে ছমাহ খাব পাৰিম।” কিন্তু কেনেকৈ মৰা যাব তাৰ মীমাংসা কৰিবলৈ আটাইবোৰ শিয়াল গোট খাই এখন বিৰাট মেল পাতিলে। কিছুমানে কলে, “সোপাই ধৰি যুঁজ কৰি মাৰোঁগৈ৷” কিছুমানে আকৌ কলে, “গাঁত খানি তাত পেলাই মৰা যাওক।” কিন্তু কাৰো কথা ঠিক নহল। তৰ্কাতৰ্কি কৰি থাকোঁতেই বহুত সময় গল। তেতিয়া এটা খলুৱা শিয়ালে কলে, “বাৰু, মই চেষ্টা কৰি চাওঁচোন, যদিহে মাৰিব পাৰোঁ, তেনেহলে তোমালোকক কমহি {{SIC|যনিহে|যদিহে}} নোৱাৰোঁ, তেন্তে আকৌ আন এটা বুদ্ধি সাজিব লাগিব।” এটাইবোৰ শিয়ালে খলুৱা শিয়ালেনো কি উপায় পাঙ্গিছে, তাক কবলৈ কোৰাত সি উত্তৰ দিলে, “জ্ঞানী লোকে কয়— যি পহু মাৰিবা, মাৰিবা বনত। যি কথা কৰিবা, ভাবিবা মনত। এতেকে তোমালোকক মোৰ ভাবটো এতিয়া নকওঁ, কাম কৰি {{SIC|আতাইহে|আটাইকে}} কমহি।” তাৰ কথা আটাইবোৰ শিয়ালে উপ্লুঙা কৰি উৰাই দিলে, আৰু তেতিয়াই তাহাঁতৰ মেল ভাগিল।
{{gap}}খলুৱা শিয়ালে সেইদিনাৰে পৰা হাতীক ফান্দত পেলাবলৈ<noinclude></noinclude>
b5i1kbcgu5pu7q39bs5qcwf8mnedmq1
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৯৯
104
73958
204336
2025-06-23T10:02:47Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204336
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||এটা দঁতাল হাতী আৰু শিয়ালৰ কথা|৯১}}</noinclude>চেলু বিচাৰিবলৈ ধৰিলে। এদিন গপৰাজ ব্ৰহ্মপুত্ৰত পানী খাবলৈ আহিল। পানী খাই উলটি যাওতে খলুৱা শিয়ালে লৰালৰিকৈ গৈ দীঘল হৈ সেৱা এটি কৰিলেগৈ। গপৰাজে বৰ ফুৰ্ত্তিৰে সৈতে সুধিলে, “তই কোন? কৰ পৰা আহিছ? তোক কি লাগে?”
{{gap}}শিয়ালে লাহেকৈ মাত লগালে, “মহাৰাজ, স্বৰ্গদেউ, মই বন্দীয়ে আপোনাৰ শ্ৰীচৰণত এটি কথা নিবেদন কৰিবলৈ আহিছোঁ। কৃপা কৰি যদি মহাৰাজে মোক অভয় দিয়ে, তেন্তে মই সকলো কথা শ্ৰীচৰণত জনাব পাৰোঁ।”
{{gap}}শিয়ালৰ কথাত গপৰাজে ভোল গৈ কলে, “তোৰ কোনো ভয় নাই, মোৰ কথাৰ উত্তৰ দে, আৰু তোৰ কি কব লগা আছে, কৈ যা।”, শিয়ালে তেতিয়া নিৰ্ভয় হৈ আগতকৈ ডাঙ্গৰ মাতেৰে কবলৈ ধৰিলে, “মহাৰাজ, মই সামান্য এটা শিয়াল। হাবিত কেচু কুমটি বিচাৰি খাই কোনো মতে প্ৰাণ ধাৰণ কৰিছোঁ। কিন্তু আজি এটা মহৎ বাতৰি লৈ মহাৰাজৰ ওচৰ চাপিছোঁহি। মহাৰাজ, আজি অনেক কাল গল, কিন্তু আমাৰ এই অৰণ্যত ৰজা পাতিবলৈ কোন উপযুক্ত লোক বিচাৰি পোৱা নগল। অযোগ্য জনক ৰাজ্যৰ ভাৰ দিয়াতকৈ অৰাজক হৈ থকাই ভাল অনুমান কৰি ইমান দিন কটালোঁ। কিন্তু মহাৰাজক দেখা পাই, সকলো বন্য জন্তুৰে এখন ডাঙ্গৰ মেল পাতি মহাৰাজেই ৰাজসিংহাসনৰ উপযুক্ত পাত্ৰ বুলি সিদ্ধান্ত কৰি, মহাৰাজৰ শ্ৰীচৰণত সেই শুভ বাতৰি নিবেদন কৰিবলৈ মোক কটকী স্বৰূপে পঠিয়াই দিছে। মহাৰাজে অনুগ্ৰহ কৰি যদি দাসহঁতৰ মনৰ বাঞ্ছা পুৰ্ণ কৰে<noinclude></noinclude>
3f4370g87tn9vzbjh5tow8m2z0tnn76
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০০
104
73959
204337
2025-06-23T11:38:20Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204337
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৯২|নীতিমালা|}}</noinclude>তেনেহলে দাসহঁত কৃতাৰ্থ হওঁ, আৰু মহাৰাজৰ ৰাজ্যত সুখেৰে কাল নিয়াব পাৰোঁ।”
{{gap}}গপৰাজে গপত ওফন্দি পৰি গহীনকৈ মাত লগালে, “তহঁতৰ সিংহাসন কত আছে? তহঁতেনো মোক কেনেকৈ ৰজা পাতিবি?” উত্তৰত শিয়ালে নম্ৰভাৱে কলে, “মহাৰাজ, আমি ৰাজসিংহাসন এখন তৈয়াৰ কৰি ইয়াৰ পৰা অলপ দূৰতে থৈছোঁ। মহাৰাজৰ ৰাজ্যাভিষেক পাতিবৰ কাৰণে সকলো বস্তু যো-যা কৰি থোৱা আছে। মহাৰাজ গৈ বহিলেই হল। যাওঁ বুলিলে এতিয়াই মই বাট দেখুৱাই লৈ যাব পাৰোঁ।”
{{gap}}শিয়ালৰ কথাত প্ৰত্যয় মানি গপৰাজে “ৰাৰু, বাট দেখুৱাই এতিয়াই মোক তহঁতৰ সিংহাসনৰ ওচৰলৈ লৈ যা” বুলি কলে। শিয়াল আগে আগে যাবলৈ ধৰিলে, গপৰাজ পাচে পাচে গল। কাতি মহীয়া ব্ৰহ্মপুত্ৰৰ পলস পৰি থকা ঠাই এডোখৰ ওপৰেদি পাতল শিয়াল খপ্ খপ্ কৰে হেলাৰাঙ্গে গল, কিন্তু শকত-আৱত গধুৰ হাতিৰ খোজ দিওঁতেই পলসত ভৰি সোমাই গল।আগভৰিযোৰ বল দি অলপ উলিয়ায় যদি পাচ ভৰিযোৰ দুগুণে সোমায়। শিয়ালে “আহক মহাৰাজ, আহক মহাৰাজ” বুলি চিঞঁৰিবলৈ ধৰিলে। কিন্তু মহাৰাজে আৰু কলৈ লৰচৰ কৰে তেওঁৰ পলসৰ পৰা ওলাবৰ আৰু সাধ্য নহল।
{{gap}}তেতিয়া শিয়াল গৈ তাৰ লগৰীয়াবোৰক খবৰ দিলেগৈ। সিহঁত আটাইবোৰ আহি জীয়াই থাকোঁতেই হাতীক এফালৰ পৰা কামুৰি খাবলৈ ধৰিলে।{{nop}}<noinclude></noinclude>
hla3swgisi94kjx5u7fe5fiiozih0t0