ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.45.0-wmf.6
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
সূচী:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu
106
13599
204355
143661
2025-06-23T13:53:45Z
JyotiPN
1603
204355
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ
|Language=as
|Volume=
|Author=কবি সুচণ্ডাই
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=ৰতিৰাম দত্ত আৰু জনাৰাম দাস
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=ৰতিৰাম দত্ত আৰু জনাৰাম দাস
|Address=নলবাড়ী
|Year=1928
|Key=
|ISBN=
|DLI=
|IA=in.ernet.dli.2015.452934
|NLI=
|Source=djvu
|Image=1
|Progress=L
|Pages=<pagelist 1="বেটুপাত" 2="-" 3="প্ৰথম পৃষ্ঠা" 4to10="পাতনি" 11="উছৰ্গা" 12="-" 13="1" />
|Volumes=
|Remarks=
|Notes={{ভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১}}
পাতনিৰ পৃষ্ঠা নাই
|Width=
|Css=
|Header=
|Footer=

cbt1iylv1uebeai7ts5fq9506esypv0
সদস্য বাৰ্তা:Divinations
3
71684
204375
195422
2025-06-24T05:11:04Z
AramilFeraxa
3409
পৃষ্ঠা [[সদস্য বাৰ্তা:Jet Pilot]]ৰ পৰা [[সদস্য বাৰ্তা:Divinations]]লৈ AramilFeraxaয়ে স্থানান্তৰ কৰিলে: Automatically moved page while renaming the user "[[Special:CentralAuth/Jet Pilot|Jet Pilot]]" to "[[Special:CentralAuth/Divinations|Divinations]]"
195126
wikitext
text/x-wiki
{{tmbox
| type = notice
| image = [[চিত্ৰ:Wikisource-logo-as-3.svg|135px|left]]
| imageright = [[চিত্ৰ:Assamese Jaapi.png|135px]]
| style = border: 1px blue solid;
| textstyle =
| text = {{Center|{{#if: {{{1}}} |'''নমস্কাৰ, {{#if: | {{{1}}} | {{BASEPAGENAME}} }}

{{Center|'''অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ!'''

আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব।
'''ৱিকিউৎস''' (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ]] তালিকা চাওক।}}

'''ইয়াৰ উপৰিও ফেচবুকত আমাৰ [https://www.facebook.com/groups/assamwikigroup/ ''Assamese Wikipedia Community''] বুলি এটা আলোচনা গোট আছে। ৱিকিমিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। '''
আশা কৰোঁ ৱিকিউৎসত সম্পাদনা কৰি আৰু এজন ৱিকিমিডিয়ান হোৱাটো উপভোগ কৰিব।
টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ [https://twitter.com/aswikisource ইয়াত ক্লিক কৰক]।
| small = / yes
| smallimage = none / [[Image:Some image.svg|30px]]
| smallimageright = none / [[Image:Some image.svg|30px]]
| smalltext = আদৰণি
}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ১০:৫১, ২৮ নৱেম্বৰ ২০২৪ (IST)

phd9xmd02rynfl0f3d7z9xpexgni8v0
পৃষ্ঠা:কুলাংগাৰ.pdf/৪
104
73020
204390
203928
2025-06-24T11:01:53Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204390
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|10em}}
{{center|{{X-larger|'''পাতনি'''}}}}
{{Block center|<poem>একোটা বিষয়-বস্তু সম্পৰ্কীয় উপন্যাস বা উপন্যাসিকা পঢ়াত অভ্যস্ত পঢ়ুৱৈক পূৰ্ণাংগ উপন্যাস এখন পঢ়িবলৈ মনৰ এক প্ৰস্তুতিৰ প্ৰয়োজন হয়। মহৎ লেখকে সেয়া নিজেই গঢ়ি দিব পাৰে। মই মাথোঁ ইয়াত প্ৰৱেশৰ আহ্বানহে জনাব পাৰোঁ।
ইতি
'''''পংকজ জ্যোতি মহন্ত'''''
''১৬. ১২. ২০২৩''</poem>}}
{{Dhr|10em}}
{{Rule}}
{{center|<poem>মোবাইলঃ 9101906237 {{larger|●}} ৱেবছাইটঃ pankajjyoti.com
ইমেইলঃ pankaj@gonitsora.com</poem>}}<noinclude>{{center|{{red|{{smaller|(iii)}}}}}}</noinclude>
8k4crfb83h9xx42l5k594rcgt2atyvm
পৃষ্ঠা:কুলাংগাৰ.pdf/৫
104
73021
204391
203929
2025-06-24T11:03:11Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204391
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|10em}}
{{center|{{X-larger|'''কৃতজ্ঞতা'''}}}}
'''প্ৰিয়াংকুশ ডেকা আৰু অনামিকা বড়া'''
{{larger|●}} উপন্যাসখনৰ পাণ্ডুলিপিটো পঢ়ি বানান, শব্দ, বাক্য আদিৰ ভুল দেখুৱাই আগবঢ়োৱা বিভিন্ন মন্তব্যসমূহৰ বাবে দুয়োকে কৃতজ্ঞতা জনালোঁ। বানান সম্পৰ্কত দুয়োজন অতি সচেতন। লগতে এই ক্ষেত্ৰত অধ্যয়ন আৰু অনুশীলন সমানে আছে। দুয়োজনে পাৰ হৈ যোৱা জীৱনত যিমানবাৰ অভিধান মোকলাইছিল বা অভিধানৰ এপত শব্দৰ সন্ধান কৰিছিল তাতোকৈ অধিকবাৰ হেনো কেৱল এই উপন্যাসখন চাবৰ বাবেই কৰিছে। যোৱা সময়খিনিত তেওঁলোক অতি ব্যস্ত আছিল, তাৰ মাজতো উপন্যাসখন চাই দিব পাৰিব নে নাই মোৰ নিজৰে সন্দেহ আছিল।
'''প্ৰাঞ্জল দাস'''
{{larger|●}} উপন্যাসখন লিখি থকা অৱস্থাত কেইটামান পেৰাগ্ৰাফ দেখুৱাওঁতে কৰা মন্তব্যসমূহৰ বাবে কৃতজ্ঞতা জনালোঁ।
'''ভাস্কৰ ভূঞা আৰু প্ৰদীপ ভৰালী'''
{{larger|●}} বেটুপাতৰ শেষৰ পিঠিৰ ফটোখনৰ বাবে দুয়োজনলৈ ধন্যবাদ জনালোঁ।<noinclude>{{center|{{red|{{smaller|(iv)}}}}}}</noinclude>
t5fg8tlfbd3oi8p5w6hk59823itx090
পৃষ্ঠা:কুলাংগাৰ.pdf/৬
104
73022
204392
204002
2025-06-24T11:09:47Z
Pranamikaadhikary
2157
204392
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" /></noinclude>{{Dhr|1em}}
{{gap}}{{X-larger|'''সূচী...'''}}
{{gap}}{{larger|●}} এটি শিশুৰ আনন্দ ... ''১''

{{gap}}{{larger|●}} এখন চোকা দাৰ সৌন্দৰ্য ... ''৩৪''

{{gap}}{{larger|●}} জিলিকি-থকা-বালিবোৰ-এশ-বছৰৰ-পাছত-সোণ-হয় ... ''৩৭''

{{gap}}{{larger|●}} এটা পায়খানা তিনিটা নিয়ম ... ''৪৪''

{{gap}}{{larger|●}} চকুলো দৰ্শন ... ''৫৪''

{{gap}}{{larger|●}} পিতা-পুত্ৰ ... ''৫৯''

{{gap}}{{larger|●}} ডাৱৰ চুবলৈ এস্কিম’ জাতিৰ সান্নিধ্য বিচাৰি ... ''৭৫''

{{gap}}{{larger|●}} বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু ... ''১১০''

{{gap}}{{larger|●}} তেজীমলাৰ মাকৰ সন্ধানত ... ''১৬৭''

{{gap}}{{larger|●}} ককা-আইতা-নাতি ... ''২০৬''

{{gap}}{{larger|●}} পিছল বীজলুৱা দুভৰি ... ''২৪৩''

{{gap}}{{larger|●}} কায়ুম ... ''২৯১''

{{gap}}{{larger|●}} অভিজাত-উচ্চ-গণিত ... ''৩২৬''

{{gap}}{{larger|●}} ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ ... ''৩৫১''

{{gap}}{{larger|●}} মুক্তিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা ... ''৩৯৬''

{{gap}}{{larger|●}} আত্মহত্যা ... ''৪১৮''

{{gap}}{{larger|●}} ৰাইজক-চেণ্ডেল-লগাই-দিম ...''৪৯৭''

{{gap}}{{larger|●}} স্বপ্নহীনতা ...''৫৫৮''

{{gap}}{{larger|●}} নাক ...''৫৮১''

{{gap}}{{larger|●}} ঘুলিত জাহাজ ...''৬০৯''

{{gap}}{{larger|●}} ডেইজী ...''৬৩১''

{{gap}}{{larger|●}} অতীতহীনতা ...''৬৪৫''

{{gap}}{{larger|●}} ফাঁচী বজাৰত নিউয়ৰ্ক চহৰ ...''৬৭১''

{{gap}}{{larger|●}} কুকুৰ ...''৬৮৩''

{{gap}}{{larger|●}} ভূস্বৰ্গত আপোন বাসিন্দা ...''৬৯৫''

{{gap}}{{larger|●}} পৰিশিষ্ট ...''৭১১''
<noinclude>{{center|{{red|{{smaller|(v)}}}}}}</noinclude>
do9ilg5k250bgkk1rstttg3f1p1k7b6
পৃষ্ঠা:কুলাংগাৰ.pdf/১১
104
73027
204393
202392
2025-06-24T11:12:52Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204393
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২|কুলাংগাৰ|}}</noinclude>{{gap}}সি গৈ গৈ সমুখৰ ঢাপ দুটা পাৰ হোৱাৰ লগে লগে তেওঁলোকে তাক নেদেখা হ’ল। সেইখন বাৰীৰ উদং ভেটিটোৰ পিৰালিত নুঘলোৱাকৈ এৰি থৈ যোৱা বাঁহৰ খুঁটা এটাত ঠাহৰ ভগা-বেৰ দুখনমান হাওলি পৰি আছে। এৰাই যোৱা পঁচা কামি কেইছটামান ভেটিটোত ছেদেলি-ভেদেলি হৈ আছে। আলতীয়া মাটিৰে নিয়মীয়াকৈ মচি মসৃণ নাঙঠ তপিনাৰ দৰে কৰি থোৱা পকামাটিৰ উধানকেইটাৰ সৈতে ভেটিটো আবেলিৰ হেঙুল ৰ’দত বৰ অশ্লীল যেন লাগিছে।
{{gap}}চাৰিওফালে পকনীয়াৰ সঘন চোঁ-চোঁৱনী, গৰা খহাৰ হোৰোহ-হোৰোহ শব্দ। তাৰে মাজত, কাঠ-বাঁহৰ খুটুৰ-খাটাৰে পানীত তোলা দীঘলীয়া প্ৰতিধ্বনিবোৰ মানুহ খৰি দিবলৈ বাঁহ চেও দিয়া শব্দৰ দৰে বুকুৱেদি সৰকি গৈছে। গোটেই মানুহবোৰ যিমান পাৰে সিমান নিশ্চুপ। আৰু এই ল’ৰা-ছোৱালীবোৰ? সিহঁতে কিবা বুজিছেনে নাই কোনেও একো গম পোৱা নাই।
{{gap}}‘এইখিনি শেষ কৰি পেলাওঁ, লাগ! আজৰি হওঁ।’ বিমূঢ় হৈ ৰৈ থকা কমল বৰুৱালৈ চাই লক্ষী শইকীয়াই ক’লে।
{{gap}}সমুখৰ পথাৰখন তেওঁলোকৰ চকুৰ আগতে আজি আধা খহাই শেষ কৰিলে। এই পথাৰখনৰ পৰাই এনেকুৱা সময়ত সদায় এজাক গৰুৱে খৰতকীয়াকৈ ঘাঁহ কামুৰি হেম্বেলনি দি নিজৰ নিজৰ গোহালিলৈ বাট পোনাইছিল। বৰ বৰ গছবোৰ পৰোঁতে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়ায়ো একেজোপা গছতে থাকি যোৱা কেৰ্কেটুৱাবোৰ পানীত পৰি মৰাৰ দৃশ্য তেওঁলোকে দেখিলে। দুদিনমানৰ আগতে গম পোৱা গ’ল বান্দৰজাক নাই। বাদুলি-ঘৰচিৰিকা-কাউৰী-কপৌবোৰৰ ৰোল-ৰোলনী হঠাতে ক’ত হেৰাল কোনেও গম নাপালে। কালি অকস্মাতে শালিকী এজনী দেখি ল’ৰা-ছোৱালীবোৰে অচীন জীৱ চকুত পৰাৰ দৰে আচৰিত হৈ চিঞৰ-বাখৰ লগাইছিল। দুটামানে তাইক কিছুদূৰ ডালে ডালে লক্ষ্য কৰাৰ পাছত তাই আৰু কোনফালে গ’ল সিহঁতে ধৰিব নোৱাৰিলে। গোটেই মাতবোৰ হেৰাই যোৱাত ব্ৰহ্মপুত্ৰৰ অট্টহাস্য অধিক বিকট হৈ উঠিছে।
{{gap}}কাম শেষ কৰি দুয়োজন গৰাৰ ফালে গ’ল। হতাশা, লৰা-ঢপৰা, স্ব-বিদ্ৰূপ আৰু কেইবাদিনৰ শাৰীৰিক কষ্টত তেওঁলোক ভাৰাক্ৰান্ত। পানীত বেলিটোৰ প্ৰতিবিম্ব দীঘল হৈ তেওঁলোকৰ প্ৰায় সমুখলৈকে আহোঁ আহোঁ কৰিছে। পশ্চিম দিশে চাব নোৱাৰি, বগা ৰঙে চকু ছাট মাৰি ধৰিছে— যেন পকনীয়া, ঢৌ আৰু সোঁতৰ ওপৰত এশটা নিউক্লীয় বোমাৰ পাৰমাণৱিক কাৰুকাৰ্য চলি আছে। ব্ৰহ্মাণ্ড-প্ৰলয় অহাৰ দৰে বেলিটো নিচেই ওচৰৰ পৰা দেখিবলৈ পোৱা যেন লাগিল।
{{gap}}পশ্চিমৰ আকাশখন ওপৰৰ ফালে হেঙুলীয়া। দক্ষিণে পানীগছাবোৰ জিলিকি আছে। আকাশৰ ইফালে-সিফালে মূৰ ঘূৰাই চাই লক্ষী শইকীয়াই ক’লে, ‘ৰাতিলৈ আজি বৰষুণ নাহে।’
{{nop}}<noinclude></noinclude>
j341davs3zr2jyu8smipf71ja3ziuk6
পৃষ্ঠা:কুলাংগাৰ.pdf/১২
104
73028
204394
202412
2025-06-24T11:15:03Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204394
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||এটি শিশুৰ আনন্দ|৩}}</noinclude>{{gap}}‘নাহে যেন লাগিছে’, কমল বৰুৱাই নিৰুত্তাপভাবে উত্তৰ দিলে। ‘বাবাহঁতৰ ঘৰখনহে মনলৈ আহি আছে অ’। নদীখন যদি কাষ চাপি নাহিলহেঁতেন, ঘৰখন ভাগি নগ’লহেঁতেন’, অশান্তিত কমল বৰুৱাৰ মুখখন বেকেটা খাই পৰিল।
{{gap}}লক্ষী শইকীয়াই পৰিহাসৰ ভাবেৰে অলপ পাতল কৰি দিলে, ‘ভালেই হৈছে দে! কন্দলৰ মাজত থকাতকৈ দূৰ হৈ যোৱাই ভাল।’
{{gap}}‘তথাপি! খহনীয়া নহা হ’লে, ওচৰতে থাকি ঘৰখন বা ঠাইকণো শুৱনি লাগি থাকিলহেঁতেন।’
{{gap}}‘বি. এছ. হাইস্কুলৰ খুঁটাবোৰ হাওলি হাওলি পৰোঁতে মোৰো মনটো একেবাৰে ভাগি পৰিছিল।’ লক্ষী শইকীয়াও আৱেগিক হৈ পৰিল, ‘নামঘৰটোৰ খুঁটাবোৰৰো একেই অৱস্থা হ’ব। কাইলৈ আমি গুচি নোযোৱা হ’লেও নামঘৰটোৰ খুঁটাবোৰ পৰা দৃশ্য মই চাব নোৱাৰিলোঁহেঁতেন। সেইহেন একোটা খুঁটা! ওপৰলৈ যিমান, তললৈও হেনো সিমান পোত। হ’বই সিমান! তিনিটা মানুহে গবা মাৰি ধৰিলেও হাত ঢুকি নাপায়! আৰু প্ৰফুল্লহঁতৰ ঘৰখনলৈকে চাচোন, আমি দুঘৰ ওচৰা-ওচৰিকৈ থাকি একেখন ঘৰৰে দুটা পৰিয়াল যেন হোৱা নাছিলোঁনে? এতিয়াও বাৰু আধা মাইল দূৰহে হ’ব, তথাপি আগৰ লেখীয়া সম্পৰ্কটো থাকিব জানো? হঠাতে মাটিকণ লৈ লওঁতেই আমিতো দুয়োঘৰ দূৰ হৈ পৰিলোঁ! সৰুতে আমাক কমখন সাধু শুনাইছিলনে, বোলে বৰগছ জোপাৰ শিপা পাতাললৈকে আছে! কোনেনো ভাবিব পাৰিছিল, সেইজোপাও এবেলাতে খহি অদৃশ্য হ’ব! এতিয়া কোনেও একো ভাবিবলৈ পোৱা নাই, যেতিয়া থানথিত লাগিব তেতিয়া সৱৰে মনবোৰ খালী লাগিবলৈ ধৰিব, চাই থাক!’
{{gap}}দুয়ো মূক হৈ থাকিল।
{{gap}}‘সাগৰৰ তলিতো খুঁটা বহুৱাবলৈ যোৱা মানুহে এইকণ খহনীয়াক ধৰি ৰাখিব নোৱাৰেনে? পাৰে! কিন্তু কোনে কাৰ বাবে কাম কৰিব? এৰা ঠিকেই! আমিবোৰ এদিন ব্ৰহ্মপুত্ৰৰ মাজতে জাহ যাম। সৱেই ভাবিছে চৰকাৰে আমাকো স্থায়ী মাটি দিছে। কিন্তু তয়েই বাৰু এবাৰ ভাবি চাইছনে— মাটি কিন্তু মথাউৰিৰ সিপাৰত নহয়! লাঞ্চনা অকল অদৃষ্টয়েই কৰা নাই!’ কমল বৰুৱা কন্দনামুৱা হৈ পৰিল।
{{gap}}‘আমাৰ মানুহৰ সঁচ-কঠীয়া একো নাথাকে’, লক্ষী শইকীয়া অধিক হতাশ হ’ল, ‘এদিনৰ অগা-পিছা মাথোঁ। মানুহতো শেষেই হ’ব, লগতে বস্তু-বিশ্বাস-সম্পদো নাথাকে, আগতেই শেষ হ’ব। এই যে মণিকূট আৰু নামঘৰৰ মাজতে দোলাখন পৰি আছে; এই ইহঁত দুটামান— সৰু সৰু— সিহঁতে বোলে সেইখন নাও কৰি চলাব, সিদিনা আনিবলৈ গৈছে খেলিবলৈ, এতিয়া বোলে সেইখন লৈ চোঁচোৱা-চোঁচৰি খেলে, পাছত সৰু সৰু পানী উঠিলে সৰু নাও হিচাপে চলাব হেনো। চাচোন! দোলা-ভাৰি দিয়াৰ নিয়মটোতো<noinclude></noinclude>
ayd8d70bkodoo3jpe570d2718fbsovc
পৃষ্ঠা:কুলাংগাৰ.pdf/১৩
104
73029
204395
202393
2025-06-24T11:17:12Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
204395
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৪|কুলাংগাৰ|}}</noinclude>কেতিয়াবাই বাদ পৰিল, সিহঁতেতো জন্মৰ পৰাই সদায় তাতে পৰি থকাহে দেখিছে। কাৰোবাৰ মুখত শুনিছে যদিও সিহঁতৰ অনুভৱটো নাই নহয়! আমি চোতালতে হ’বপাই বহি আছিলোঁ, ধমকি দি হে বোলো— থ, নুঠাবি সেইখন তেনেকৈ!’
{{gap}}‘আইগৰাকীতো সদায় দোলাতেই আছিল। তেখেত যোৱাৰ পাছৰ পৰাই কমি গ’ল আৰু! বোৱাৰীয়ে সেইখিনি ৰাখিব নোৱাৰিলে। কিবা ভৱিষ্যৎ দেখাৰ দৰে প্ৰভুৱে উঠাতো নিজেই বাদ দিয়াৰ নিচিনা কৰিলে। নহ’লে প্ৰভুক আমিওতো জোৰ কৰিছিলোঁ— আপুনি খোজ দিব নালাগে আমি থকালৈকে। এতিয়া সেইখন কি আৰু? তাতো গৈ পৰিয়েই থাকিব!’
{{gap}}‘আৰু কি হ’ব? পৰি থাকিব লাগিব এতিয়া তাতো, পচা ঘোলনী পৰাদি। প্ৰভুৰ বিয়োগৰ পাছত কোন আছে আৰু? দুয়ো কুলেই ৰাখিব পাৰিব লাগিব, তেহে। উঠোৱাৰো ভক্তি লাগিব, উঠোতাৰো গুণ লাগিব।’
{{gap}}‘গুণ মানে, দোলাটো শোষণৰ প্ৰতীক নিচিনা হৈ পৰিল যে! আমাৰ মনতহে এতিয়াও সন্মান-যোগ্যতাৰ প্ৰতীক, বা ভক্তি। ভেজালটোতো সোমাই আছিলেই— বোলে উচ্চ জাতি! কেইটামান গুণ বাৰু জড়িত হৈছে দেচোন, কিন্তু চা— গোসাঁয়ে যি জানে সিমানখিনি আনে কিয় জানিব নোৱাৰে? শাস্ত্ৰ যিকেইখন থাকে তাকো চুবলৈ নিদিয়ে, মুখ বাগৰি অহা কেইষাৰ বাদেই। জ্ঞান বিস্তাৰতকৈ জ্ঞান লুকুওৱাৰ পৰম্পৰাহে মূল আছিল আমাৰ। সেইটোৱে উন্নতি নানে নহয়। এতিয়া কিতাপ পঢ়িলেই হ’ল। কিন্তু, এই পৰম্পৰা সলনিত সংঘাতো আহিব, খেলিমেলি হ’ব। এইটো বাৰু খাটাং— গোসাঁই হোৱাৰ নামতে দোলাত উঠাব বিচৰা নতুন মানুহ আকৌ কেতিয়াও নোলায়!...’ কথাৰ মাজতে তেওঁলোকৰ সমুখৰ গৰাটো খহি চোতাল এখনৰ জোখৰ পানীত ঘোল-ঘোলনি উঠিল। দূৰৰ পৰা উটি অহা অসংখ্য সৰু-বৰ ফেনৰ-থোপা সেইকণত সোমাই ভাগি-ছিগি গ’ল।
{{gap}}আকাশৰ ৰং সলনি হৈ আহিল, পশ্চিমলৈ পুনৰ চাবলৈ নহওঁতেই বেলিটোৰ সৈতে এৰা-এৰি ঘটিল, নদীৰ মাজভাগৰ পানী নেদেখা হ’ব ধৰিলে। প্ৰচণ্ড সোঁতত ফেনৰ থোপা আৰু মেটেকা-জাঁজিবোৰ অহৰহ এফালে দৌৰি আছে। সেইবোৰ চকুত লাগি বিশাল সুঁতিটো বিৰল সমতল আৰু ৰহস্যময় গতিশীল খেলপথাৰ যেন লাগিছে। পানীৰ এন্ধাৰৰ মাজত পকনীয়াই ৰুদ্ৰমূৰ্তিৰে চোঁ-চোঁৱায়েই আছে, যেন এজাক বিষাক্ত প্ৰকাণ্ড সৰীসৃপৰ চিকাৰৰ আগমুহূৰ্তৰ আস্ফালন। সকলো দেখিও উত্তৰ আৰু দক্ষিণৰ দিগন্ত সম্পূৰ্ণ নিৰ্লিপ্ত হৈ বহি আছে, ইমান শান্ত, একোৱেই যেন হোৱা নাই জগতত! কিহবাৰ অত্যাচাৰত তেওঁলোক দুয়োৱে কাণি-মুনিকৈ চকুৱে চকুৱে চালে। বেছি ক্ষণ চাব নোৱাৰি দুয়োৱে ডিঙি ঘূৰাই দিলে। এজনৰ উমানত আনজন গৰাৰ কাষে কাষে চলি গৈ থাকিল৷
{{center|<nowiki>***</nowiki>{{gap}}{{gap}}***{{gap}}{{gap}}***}}<noinclude></noinclude>
ku1t7n64jbnxr5th0i5z07iut5jhu86
পৃষ্ঠা:কুলাংগাৰ.pdf/১৪
104
73030
204396
202399
2025-06-24T11:19:42Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204396
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||এটি শিশুৰ আনন্দ|৫}}</noinclude>{{gap}}বাবাৰ ককাক সত্ৰাধিকাৰ কুলকমল গোস্বামীয়ে ‘ইংৰাজী সলসলীয়াকৈ ক’ব পৰা মুষ্টিমেয়কেইজনৰ এজন হৈও সত্ৰ চলাবৰ বাবেই শিক্ষকতাৰ চৰকাৰী চাকৰি ত্যাগ কৰা’ বুলি প্ৰসিদ্ধি আছে। মহাভাৰত আৰু ৰামায়ণৰ বহুতো অংশ তেওঁৰ মুখস্থ আৰু কেইবাখনো গাঁও জুৰি গোটেই অঞ্চলটোৰ কোনেও সিমানখিনি নাজানে বাবে তেওঁ পণ্ডিত বুলিও পৰিচিত আছিল। এবাৰ এজন মন্ত্ৰীয়ে হাতীত উঠি পদূলিয়ে পদূলিয়ে ৰাইজৰ খা-খবৰ লৈ লৈ তেওঁৰ ওচৰ পালেগৈ আৰু কথা আৰম্ভ কৰিলে। ‘তুমি মোৰ সমুখত ওপৰত উঠিয়েই থাকিবা নেকি? তুমি ৰাইজৰ ওচৰলৈ আহিছা নে কি কৰিবলৈ আহিছা? এনেকৈ কথা ক’বা নেকি সত্ৰাধিকাৰৰ আগত? নামা!’ একেটা ধমকিৰে তেওঁ মন্ত্ৰীক হাতীৰ পৰা নমাই দিলে, ৰাইজ ভেবা লাগিল। তেওঁৰ এনে সাহস, এনে পাণ্ডিত্য, লগতে সুদৰ্শন চেহেৰা, শুৱলা মাত আৰু সমাহিত ভাব-ভাষাই গাঁওবাসীৰ মনত আশা, আস্থা, আদৰ আৰু হেঁপাহৰ ভাব জগাই তুলিছিল। কেতিয়াবা নিজৰ ঘৰখনত খুটখাট লাগিলে বা নিজৰ চুবুৰিটোতে কাৰোবাৰ পৰা সামান্য বিৰক্ত হোৱা যেন অনুভৱ কৰিলে তেওঁৰ কাষলৈ এপাক যোৱাটো মানুহবোৰৰ স্বভাৱজাত অভ্যাসত পৰিণত হৈছিল; তেওঁক আতা, প্ৰভু বা গোসাঁই-ঈশ্বৰ বুলি মাতষাৰ দি শান্তি পাইছিল, কোনোবাজনে নিজে উলিয়াই লৈ ইগজ-সিগজ বন কৰি দিছিল, আৰু বেলা-বিয়লি অনুসৰি চাহ এগিলাছ, জলপান এবাটি বা ভাত এমুঠি খাই উভতি গৈ মনটো নবীন অনুভৱ কৰিছিল। আতাকেও মনৰ সকলো কূৰ্চ্চুট-কপট সদায় আঁতৰাই ৰাখি চলিবলৈ যত্ন কৰিছিল আৰু তেওঁৰ প্ৰতি ৰাইজে দেখুওৱা আস্থা-ভক্তিক ‘নেদেখাজনৰ প্ৰতি উৎসৰ্গা’ কৰিছিল। অৱশ্যে তেওঁৰো অন্তৰখন যে সদায় ইমান পৱিত্ৰ আছিল তেনে নহয়। সুঁতি পাৰ হৈ যি যি ঠাইলৈ তেওঁ গৈছিল, তাৰ ক’ৰবাত ক’ৰবাত তেওঁৰ সমান আগস্থান নোপোৱা কোনো কোনো ‘গোসাঁই’য়ে কেতিয়াবা তেওঁৰ কাণত পেলাইছিল— ‘মহন্তবোৰহে ডাঙৰ গোসাঁই, গোস্বামীবোৰতো মহন্ততকৈ সৰু।’ তেওঁ ভাবিছিল, ‘সেয়া যুক্তিৰে খণ্ডাব নোৱৰা আধুনিক সময়ৰ মতবাদ।’ আৰু সেই ‘বাহিৰৰ পৃথিৱীখনত স্থান পাবলৈ’ আগলৈ প্ৰয়োজন হ’ব বুলি তেওঁ নিজৰ ল’ৰা-ছোৱালীকেইটাৰ নামৰ লগত গোস্বামীৰ পৰিৱৰ্তে মহন্ত লগাই দিছিল।
{{gap}}তেওঁৰ ল’ৰা তিনিটা, ছোৱালী চাৰিজনী। পেটমোচাজনী জন্ম হোৱাৰ দুবছৰত, নপঢ়া-নুশুনা ডাঙৰ দুজনীক বিয়া দিলে। সৰু দুজনীয়ে কোনোবা একোবছৰ মন গ’লে বিদ্যালয়লৈ অহা-যোৱা কৰিছিল, ডাঙৰ ল’ৰা ‘দেউতা’ই গৰু চৰাই আৰু ভকতক তামোল-বঁটা-কটাৰী আলপৈচান ধৰিয়ে বিয়া-বাৰু কৰাই তিনিটা সন্তানৰ বাপেকী হ’ল, সি কোনোদিন বিদ্যালয়লৈ নগ’ল। মাজু ল’ৰা দেৱেনে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ’ব পৰা যোগ্যতাটো গোটালে আৰু তেওঁৰ দূৰণিৰ শিষ্য এজনৰ দক্ষিণা ৰূপে সি কাষৰ গাঁৱৰ বিদ্যালয় এখনৰ একমাত্ৰ পদটো পালে। আৰু সৰুটো ল’ৰা বিপুলে যোগ্যতাৰেই, ওচৰৰে আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়খনত পদ এটা পালে।
{{nop}}<noinclude></noinclude>
ojjobmy2ar45ol9xs43lua2v1x133wx
পৃষ্ঠা:কুলাংগাৰ.pdf/১৫
104
73031
204397
202400
2025-06-24T11:22:04Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204397
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৬|কুলাংগাৰ|}}</noinclude>{{gap}}ওচৰৰ আটাইকেইখন বিদ্যালয়ত, সত্ৰাধিকাৰ হিচাপে তেওঁ মনোনীত কৰি পঠিওৱা প্ৰাৰ্থীবোৰেই চাকৰিবোৰ পাই আহিছিল। কিন্তু এবাৰ বিপুলৰ বিদ্যালয়খনত পদ এটা খালি হওঁতে, সদায় নকল কৰি উত্তীৰ্ণ হোৱা ৰাজীৱ দত্ত বোলা উদণ্ড ল’ৰা এটাক মনোনীত কৰিবলৈ তাৰ দেউতাকে তেওঁক খাটনি ধৰিলেহি। ৰাজীৱৰ গাঁওখনো বেলেগ। তেওঁ হেহোঁ-নেহোঁ কৰা দেখিয়েই ৰাজীৱৰ দেউতাকে কৈয়েই দিলে— ‘আপুনি যি কৰে কৰক, চাকৰিটো যিকোনো উপায়েৰে মোৰ ল’ৰালৈকে আনিমেই।’ তেওঁৰ খং উঠি গ’ল। পূৰ্ব-সিদ্ধান্ত অনুসৰিয়েই নিজ গাঁৱৰ যোগ্য ল’ৰা এটাক মনোনীত কৰাৰ লগতে তেওঁ লিখি পঠিয়ালে যে ৰাজীৱক কোনোপধ্যেই চাকৰিটো দিব নালাগে। কিন্তু সময়ত চাকৰিটো ৰাজীৱেই লৈ গুচি আহিল। কেৱল সিমানেই নহয়, বিদ্যালয়ৰ কাৰ্যালয়ত বহি প্ৰথম দিনাই বিপুলৰ সমুখতে সকলোৰে আগত ৰাজীৱে ঘোষণা কৰিলে— ‘গোসাঁইক অপকাৰ কৰিলেহে দোষে চুব, মই পুতেকক কৰিম। আৰু তেওঁতো আমাৰ গোসাঁই নহয়ো! হ’লেও আজিকালিনো কেইটা গোসাঁইৰ সেই মহিমা আছে? তেওঁকতো নেচেপোঁ মই, পুতেককহে দিম মজা। গোসাঁইনো আৰু কেইদিন থাকিব? কিন্তু পুতেকেতো গোটেই জীৱন মোৰ লগতে চাকৰি কৰিব লাগিব! চাই থাক তহঁতে, এদিন নহয় এদিন পুতেকৰ চাকৰিটো মই খাইহে এৰিম।’ বিপুলে মুখ মেলি বহি থাকিল। কথাখিনি কাণত পৰাৰ পাছত তেওঁ বিতুষ্ট হৈ কিবা এটা কৰাটো চাবলৈ ভকতবোৰে আশা কৰিছিল, কিন্তু এটা নিৰ্মম সত্যৰ মুখামুখি হোৱা যেন পাই তেওঁ কেৱল শান্ত হৈ ৰ’ল। তেওঁ কাকেইনো বচাব বা কাকেই বচোৱাৰ তেওঁৰ সামৰ্থ বা অধিকাৰ আছে — এনে কিছুমান ভাবে তেওঁক লাহে লাহে দুখী কৰিবলৈ আৰম্ভ কৰিছিল।
{{gap}}বিপুলক সমুখতে কোনোবাই উপলুঙা কৰিলেও দাঁত উলিয়াই বেঙাটো হৈ হাঁহি থকাৰ বাহিৰে একো নকৈছিল, আৰু সি সোনকালে পাহৰিও গৈছিল। ‘গোসাঁই ল’ৰাৰ চেহেৰা দেৱতাৰ নিচিনা হ’বই। তিনিওটা ভাই-ককাই কেনেকুৱা ওখ-পাখ, তেজাল, সুদৰ্শন! ছয় ফুট ওখ আতাকেই কম সুপুৰুষনে, দেখিলেই ভক্তিভাব জাগি উঠে! কিন্তু আমাৰ সৰুপোনাচোন বেঙা। সৰুবোৰ দেখোন সদায় উৎপতীয়া হয়, টেঙৰ হয়, কিন্তু আমাৰ সৰুবোপা ইমান ওলোটা হ’ল কেনেকৈ? যিয়ে যি কয় তাকে বিশ্বাস কৰে। আচৰিত! বৰ সৰল, বৰ সৰল!’ এইবোৰ কথা ভকতৰ মুখে মুখে লাগি আছিল। কিন্তু সেইটো বিপুলেও মানুহক দুই-তিনিবাৰ চঁক খুৱাইছিল। আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বিপুলে আতাকক কৈছিল, ‘আতা, মই হৰিণধৰা হাইস্কুলত পঢ়াৰ কথা ভাবিছোঁ।’ কোনো আশা বা কল্পনাৰ সুৰত নহয়, কোনো আবদাৰ বা দ্ব্যাৰ্থতাৰে নহয়, সি সম্পূৰ্ণ খাটাংকৈ উচ্চাৰণ কৰিছিল। চকু থৰ কৰি আতাকে চিন্তা কৰিলে, ‘মই ভাবিছোঁ বুলি সি হঠাৎ কেনেকৈ আৰু কিয় ক’ব পৰা হ’ল? আৰু হৰিণধৰাত? আৰু ইমান সৰুতেই সি?’ সেইদিনাহে তেওঁৰ বিবেচনালৈ আহিল— তেওঁ কোনোতো ল’ৰা-ছোৱালীক এদিনো পঢ়িবলৈ কৈ পোৱা নাছিল। ধূপৰ ধোঁৱাৰ দৰে তেওঁৰ শাস্ত্ৰ-জ্ঞানে প্ৰভাৱিত কৰি ৰখা<noinclude></noinclude>
jk000wd3d9qgpvic4vodo3bf82vg33z
পৃষ্ঠা:কুলাংগাৰ.pdf/১৬
104
73032
204398
202401
2025-06-24T11:24:46Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204398
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||এটি শিশুৰ আনন্দ|৭}}</noinclude>যেন লগা চৌহদটোৰ ভিতৰৰ প্ৰাণীকেইটাৰ শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তা তেওঁৰ অনুভৱেই নহৈছিল। ধনৰ অভাৱ দূৰ কৰিবলৈকো এই শিক্ষা কেতিয়াবা লগা হ’বগৈ পাৰে, সেই প্ৰসংগও তল পৰি ৰৈছিল। শিক্ষকৰ পদবোৰলৈকো তেওঁ আক-তাক মনোনীত কৰিছিল কেৱল নিজৰ ক্ষমতাৰে কৰিবলগীয়া কৰ্ম ৰূপেহে।
{{gap}}বিপুলৰ আঠ বছৰ বয়সত, আয়েক (মাক) ঢুকোৱাৰ এবছৰৰ পাছত, এমাহ অগা-পিছাকৈ দুই ককায়েকৰ বিয়া দুখন হৈছিল। দুই নবৌয়েকৰ মাত কেইষাৰে তাক মমতাৰ অভাৱৰ পৰা কিছু পৰিমাণে সকাহ দিছিল। ডাঙৰজনী নবৌয়েকে মাতটো অলপ ডাঙৰকৈ ওলালেও যেন ওৰণিখন সৰি পৰিব তেনে এক ভাবত থাকে। আনজনী চঞ্চল-চলাহী। কথাৰেই কৰাব পৰা কামটোও তাই হাঁহিৰেহে আদায় কৰে, ‘সত্ৰৰ বোৱাৰী এজনীৰ গাম্ভীৰ্য’ তাইৰ কথা-বতৰাত কোনেও নেদেখে, কিন্তু সোণসেৰীয়া চলাহী কথাত ভোল গৈ সকলোৱে বিভোৰ হৈ চায়। বিপুলৰ আয়েকৰ গোটেই নামঘোষাখন মুখস্থ আছিল, তেওঁক সকলোৱে ভক্তি কৰিছিল, কিন্তু বোৱাৰী দুজনীৰ পদ এফাঁকিও পূৰাকৈ মুখস্থ নাই। দুয়োজনীৰ কথাত বিপুল কেতিয়াবা অতি বিৰক্তও হৈছিল আৰু সকলোৱে নিজৰ নিজৰ কামত যেতিয়া লাগি ধৰিছিল, সি অকলে ৰৈ যোৱা সময়খিনিত পঢ়া-মেজৰ কাষত বহোঁতে আয়েকলৈ মনত পৰিছিল।
{{gap}}আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ গাতে লাগি থকা বি. এছ. হাইস্কুলখন বাৰ খোঁটালীয়া বৰ-নামঘৰটোৰ পিছতেই গাঁওবাসীৰ আটাইতকৈ অধিক হেঁপাহৰ সম্পদ আছিল। ‘বি. এছ. হাইস্কুলৰ শ্ৰেণীকোঠাত বহিব পৰা দিনটোলৈ ল’ৰা-ছোৱালীবোৰ উদ্বাউল হৈ থাকে, অথচ বিপুলে পাঁচ মাইল দূৰৈত থকা হৰিণধৰা হাইস্কুলৰ কথা কিয় ভাবিলে? ঘৰখনত ভকত-কৰণ, আলহী-দুলহীৰে উৎসৱমুখৰ হুলস্থূলীয়া পৰিৱেশ এটা অহৰহ বৰ্তমান বাবেই হয়তো সি সেইকথা চিন্তা কৰিলে। তাতটো সি বৰ্ডিং সাজি ল’ব লাগিব। কিন্তু সেইখনটো মিচিং গাঁও!’ আতাকে ভাবি ভাবি উৱাদিহ নাপাই গধূলি নামঘৰত কথাটো উলিয়ালে। ভালেকেইজন ভকতেও সন্দেহ প্ৰকাশ কৰিলে, ‘ইমান সৰু ল’ৰা এটাই মিচিং গাঁও এখনত চুৱা-নিকাৰ ছেদ-ভেদ ৰাখিব পাৰিবনে? বৰ্ডিংটো বিদ্যালয়ৰ চৌহদতে সাজি ল’লেও, কোনো নাথাকিলে দেখোন চৌহদতে গাহৰি-কুকুৰা চৰি ফুৰে, কেনেবাকৈ বৰ্ডিঙৰ ভিতৰ সোমালে চুকা-নিকা খেদি কমখন শাস্তি হ’বনে? হঠাতে তেল-নিমখ অকণ নাইকিয়া হ’লেও লগে লগে ইয়ালৈ ইমান দূৰ কেনেকৈ আহিব?...’ দুজনমানে আন এটা কথাও উনুকিয়ালে— পহিলা ব’হাগত সেই আটাইকেইখন জনজাতীয় গাঁৱৰ পৰা ভালেমান মানুহ দল বান্ধি বান্ধি আহি তেওঁলোকৰ নামঘৰত গুৱা-পাণ আগবঢ়াইহি। মানুহখিনিয়ে গুৱা-পাণটো পিৰালিতে কলপাতত থৈ চোতালৰ পৰাই সেৱা কৰি আশীৰ্বাদ লৈ বিদায় লয়। গুৱা-পাণকেইটি সৰু ল’ৰা-ছোৱালীবোৰে গা ধোৱাৰ আগত কাটি ভগাই খায়। ‘সৰু ল’ৰা-ছোৱালীৰ গাত ঈশ্বৰ আছে, মিচিঙে দিলেও ঈশ্বৰৰ নামত আগবঢ়োৱা গুৱা-<noinclude></noinclude>
n074edj88ycvikmoyfjfuv2wt4hse7v
পৃষ্ঠা:কুলাংগাৰ.pdf/১৭
104
73033
204399
202402
2025-06-24T11:27:10Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204399
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৮|কুলাংগাৰ|}}</noinclude>-পাণকেইটি সিহঁতে খাব পাৰে’, এই মতটো চলি আহিছিল, কিন্তু সিমানৰ পাছতো প্ৰশ্ন উঠিল— ‘ওচৰতে গৈ সি বহি ল’লে যদি কোনোবা ল’ৰা-লুৰি সোমাই চাই যায়? এনেকৈ জাত-পাত থাকিবগৈ নে?’ ৰাইজে গমি-পিতি শেষত হয়ভৰ দিলে— ‘প্ৰভুৰ প্ৰতি মিচিংগাঁৱৰ ভক্তি আছে যেতিয়া তেওঁলোকে অন্যায় নকৰে, ল’ৰাটোক চুৱা হ’বলৈ নিদিয়ে।’ যি দুই-এজনৰ জিভালৈ চুঁচৰি আহিছিল— ‘মানুহক ইমানো নীচ ভাবিব নাপায় নেকি!’ — হাতীৰ গচকত শাকৰ কোঁহ মৰা দৰে ভাবটো তেতিক্ষণেই মৰহি থাকিল।
{{gap}}সাধাৰণতে প্ৰতিটো মাহৰ শেষৰ শনিবাৰে বিপুল হৰিণধৰাৰ পৰা ঘৰলৈ গৈছিল আৰু সোমবাৰে পুৱা এমাহৰ ৰচদৰ টোপোলাটো কান্ধত লৈ বিদ্যালয় পোৱাকৈ খোজ দিছিল। শেষৰ শনিবাৰটোলৈ কিবা বস্তুৰে নুজুৰিলেও সি ঘৰলৈ নগৈ পোৰা আলুগুটি, ফল-মূল আদি খাই পাৰ কৰি দিছিল। নামঘৰত পুনৰ নীতিবোৰ চৰ্চা হৈছিল— ‘উৰালত উলিওৱা চাউল গোসাঁই-ভকতে খাব নোৱাৰে। কেঁচা আলু, ফল-মূল, মাছ-কাছ দিলে খাব পাৰে, যিহেতু সেইবোৰ নিজে ধুই-কাটি শুদ্ধ কৰা হয়েই।’ ‘তেন্তে কেঁচা তামোল-পাণটো ডাঙৰে কিয় খাব নোৱাৰে?’ ‘সেইটো বটাত আগবঢ়াই দিছে মানে সিহঁতে ব্যৱহাৰ কৰিলেই; সিহঁতে ব্যৱহাৰ কৰা বস্তু কেনেকৈ খাব পাৰি! গছৰ পৰা পাৰি বোলে এটা বা এথোকা তামোল দি থৈ গৈছে, তেতিয়া খাব পাৰি।’ হৰিণধৰাবাসীয়ে নিয়মৰ উমান লৈ বিপুলক যেতিয়াই যি পাৰে দি গৈছিল, কেতিয়াবা চেনেহেৰে কৈছিল— ‘গোসাঁই তই পঢ়িব আহি লঘোনে নাতাকিবি। যি লাগে আমাক ক’বি। তই ভাল মানুহ হঅ’ (হ’বলৈ চেষ্টা কৰ)। মাত্ৰ নাকাই নাতাকিবি।’ কেতিয়াবা তেওঁলোকে তাক জোকাইছিলেও— ‘তই আমাৰ মিচিঙেই হ’ব লাগিছিল।’ শুনি সি আনন্দ পাই হাঁহিছিল, কেতিয়াবা মাত-কথাবোৰৰ বিষয়েও ভাবিছিল— ‘কিয় এনেকুৱা হয়? সদায় শুনি শুনিও মই সিহঁতৰ এটা শব্দও কোনোদিন ফুটাব নোৱাৰোঁ, সিহঁতেনো শুনি শুনিয়েই কেনেকৈ আন ভাষাবোৰো ফুটাব পাৰিছে?’ তেওঁলোকৰ মাজতো সি নিঃসংগ আছিল আৰু ঘৰৰ পৰা দূৰত থকা কথাটোৱে সি নজনাকৈয়ে মনত মাজে মাজে দুখ দিছিল।
{{gap}}গাঁওবোৰৰ প্ৰতিঘৰতে শাক-শস্য, বাঁহ-বেত, কুঁহিয়াৰ, মৰাপাট বিপুলৰ ল’ৰালি পৰ্যন্ত উভৈনদী আছিল। ভকতে মাহেকে-পষেকে দিয়া ধান এদোণ, মাহ এটিং আদি বস্তুৰে বিপুলহঁতৰ ঘৰখনো ভৰি আছিল। সাধাৰণতে ল’ৰা-বুঢ়া-বুঢ়ী-গাভৰু সকলোৰে চখবোৰো আছিল প্ৰয়োজনীয়তাৰ পৰিপূৰক। কীৰ্ত্তন-নামঘোষা বা সাঁচিপাত চাৰিখিলামানৰ মাজত সুমুৱাই থোৱা অনা-আধলী কেইটামান বা চৌকাৰ কাষৰ বাঁহৰ চুঙাৰ গছাটোত ৰখা টকা দুটামানৰ বাহিৰে বেলেগ ভাণ্ডাৰত সাধাৰণতে হাত নিদিলেও চলিছিল। বিপুলৰ চাকৰিটো হোৱাৰ পাছত, হঠাতে দৰকাৰ হোৱা পাঁচ-দহটকাবোৰৰ বাবে কিবা এটা বেচিবলৈ হাট বহা দিনটোলৈ অপেক্ষা নকৰি গাঁৱৰ সকলোৱে তাকে বিচৰা আৰম্ভ কৰিলে। খুজিলেই বিপুলে নিদিয়াকৈ থাকিব নোৱাৰে আৰু ঘূৰাই বিচাৰিবও নাজানে। সেয়েহে সকলোৱে<noinclude></noinclude>
fuypiiisybtbuk3jakyhdwmjoiy0rto
পৃষ্ঠা:কুলাংগাৰ.pdf/১৮
104
73034
204400
202403
2025-06-24T11:29:27Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204400
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||এটি শিশুৰ আনন্দ|৯}}</noinclude>নিয়মটো কৰি ধাৰৰ নামতে বিচাৰে, কিন্তু ঘূৰাই দিয়াৰ চিন্তাটো প্ৰায়ভাগৰে নাথাকে আৰু কোনোবাই আগৰটো পাহৰাই পুনৰ বিচাৰে। ‘বিপুলেনো টকাবোৰ কি কৰিব?’— বাৰে বাৰে একেষাৰ কথাকে কৈ সৰু নবৌয়েকজনীয়ে পোচাক-পাতিৰ লাহ-বিলাহ বঢ়াবলৈ ধৰিলে। মাকৰ ঘৰলৈ গ’লেও বিপুলক লগত নি বাটত আটাইবোৰলৈকে কাপোৰ-কানি কিনিবলৈও তাইৰ অকণো চিন্তা নোহোৱা হ’ল। বিপুলে প্ৰতিমাহে নিয়মীয়াকৈ অলপ কিতাপ-আলোচনী কিনিছিল, তাৰ বাহিৰে সি কিবা কিনা বা টকা জমা কৰাৰ চিন্তা কৰিব নাজানিছিল। লাহে লাহে দোকানত বাকী ৰৈ যাবলৈহে ধৰিলে। বাকী থাকিলেও চাকৰিটোলৈ চাই দোকানীয়ে বস্তু দিবলৈ থেৰোগেঁৰো নকৰিছিল। সৰু নবৌয়েকজনীয়ে আন এটা কথাও ভাবিছিল— তাইৰ পৰিয়ালৰ ভনীয়েক এজনীকে বিপুললৈ অনাৰ কথা প্ৰকাৰান্তৰে তাৰ কাণত পেলাইছিল। কিন্তু সি যিটো পাইছিল— সিহঁতৰ পৰিয়ালৰ প্ৰতিটো মানুহেই অযথাকৈ লেনিয়াই মিঠা মাতেৰে কথা কয়। শুনি সি ভোল যায়, কিন্তু মনত শান্তি নাপায়। সি কথাটোত মন নিদিয়াত তায়ো ক’বলৈ বাদ দিলে, কিন্তু পৰাস্ত প্ৰতিযোগীয়ে নিজক ক্ষমা কৰিব নোৱাৰি প্ৰতিদ্বন্দ্বীক মিথ্যা-বন্দনা কৰাৰ দৰে তাইৰ মাতটো তাৰ ওচৰত আগতকৈ বেছিহে মিঠাকৈ ওলাবলৈ ল’লে।
{{gap}}উত্তৰপাৰৰ দুখন জ্ঞাতি-ঘৰলৈ আতাক-বিপুলহঁতে লগত ভকত লৈ কামে-সকামে গৈ থাকিছিল। নাৱৰ পৰা নামি কিছুদূৰৰ মথাউৰিটোত উঠাৰ পাছত, পুৱা-গধূলিৰ বাছখন থৰক-বৰককৈ চলিব পৰা শিলনি-পথটোৰে গৈ, ৰাষ্ট্ৰীয় ঘাইপথত উঠিও বহু দূৰ যাবগৈ লাগে। ছয় মাইল দীঘল শিলনি-পথটোৰ ইকাষে-সিকাষে কৰি গাঁও আৰু পথাৰবোৰৰ মাজে মাজে তিনি নল বহল খোকা নৈখন নাড়ী-ভূঁৰু নিচিনাকৈ বৈ গৈছে। পথটোৰ আধা নাপাওঁতেই, বৃহৎ পথাৰ এখন পাৰ হৈ, বৰ-নামঘৰ এটাৰ সৈতে তিনিঘৰ মানুহ। তাৰ পাছত বিল এখন পাৰ হৈ বহঁতপুৰ নামৰ গাঁওখন। মানুহ তিনিঘৰৰ সমুখত, পথটোৰ আন কাষে, মিচিং জনজাতিৰ গাঁও এখন আৰম্ভ হৈ ভিতৰলৈ গুচি গৈছে। ‘ইমান ডাঙৰ নামঘৰটো লগত লৈ অকলশৰীয়াকৈ তিনিখন ঘৰ আছে, আকৌ বহঁতপুৰতো বৰ-নামঘৰ আছেই, এই তিনিঘৰ মিচিঙৰ গোসাঁই চাগে!’ বিপুলহঁত ল’ৰা দুটামানে বাটতে পাতে, ‘দুই-এক সত্ৰাধিকাৰে এজন-দুজন মিচিঙক শৰণ-ভজন দি উঠাই লোৱাৰ কথা শুনিহে থাকোঁ, দেখাওতো নাই!’ মৰুভূমিৰ মৰীচিকা ব্ৰহ্মপুত্ৰৰ বালি-চাপৰিতো দেখিম দেখিম কৈ আশা পালি কেতিয়াও দেখিবলৈ নোপোৱাৰ দৰে তেনে গোসাঁই সিহঁতে ক’তো দেখা নাই, সিহঁত আচৰিত হয়, ‘এনেকৈ মিচিঙৰ গোটেই গাঁও এখনকে শিষ্য হিচাপে লৈ কোনোবা গোসাঁই থাকে জানো? শুনি থকাবোৰ কিজানি এইকেইঘৰেই হয়?’
{{gap}}এবাৰ তেনেকৈ যাওঁতেই, মাটিৰ তলৰ পৰা পিল পিলকৈ ওলোৱা পৰুৱাৰ দৰে নামঘৰটোত এজাক ভকত সিহঁতে দেখিলে, তাৰ মাজত এজনো জনজাতি নাই, সিহঁতৰ কৌতূহল বাঢ়িল। আন এবাৰ দুপৰীয়া, বিপুলে আৰু ভকতৰ ল’ৰা এটাই চাইকেলত যাওঁতে, পানী খাবলৈ মাজৰ ঘৰত সোমাল। পানী দিলেহি বৰ-জীয়ৰী সুকন্যাই। সুকন্যাৰ<noinclude></noinclude>
rpubv3jf5w1bj0bqxap60ewy0dyac0u
পৃষ্ঠা:কুলাংগাৰ.pdf/১৯
104
73035
204401
202404
2025-06-24T11:32:00Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204401
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১০|কুলাংগাৰ|}}</noinclude>আতাকে বাৰাণ্ডাত বহি দুপৰীয়াৰ চাহ বাতিলৈ অপেক্ষা কৰি আছিল। সিহঁতক তেওঁ অকল পানী খুৱায়ে নপঠিয়ালে। চাহকণ হোৱা সময়তে বিপুলহঁতৰ অত দিনৰ খু-দুৱনি মাৰ গ’ল।
{{gap}}পাছৰ এবাৰ বিপুলহঁত পুনৰ সোমাল। সেইবাৰ বিপুলৰ মনলৈ এটা অজানা অনুভৱ আহিল— মানুহঘৰৰ প্ৰত্যেকৰে মুখত লাগি থকা গাম্ভীৰ্য আৰু সন্মানবোধেৰে কৰা চাল-চলনত এক সুষমা প্ৰকাশ হৈ আছে। সি নিজে এনেকুৱা এটা মানুহ যি খিকিন্দালি মাৰি বা কথাৰে থলথলাই থকা সময়কণত সুখ পায়, প্ৰতিটো কথা ফুচুৰিলৈ লৈ যাবলৈ পালে তাৰ স্নায়ুত শান্তি লাগে, তাৰ মাতটোও ডাঙৰ, মুখত সচৰাচৰ লাগি থকা বেঙা হাঁহিটো আছেই, তথাপি সকলোৰে শেষত এই ঘৰখনে দিয়া শান্তিৰ ভাবটোৰ বাবে সুকন্যা তথা ঘৰখনৰ অধিক সংগ পাবলৈ সি ব্যাকুল হৈ পৰিল। ঘৰলৈ উভতি যোৱা দিনাই গধূলি চ’ৰাঘৰত আতাকৰ ওচৰত বহি বিপুলে ক’লে— ‘আতা, বহঁতপুৰ পোৱাৰ আগত যে বোকাগাঁও বোলা ঠাইকণ, সেই নামঘৰটোৰ কাষৰ অকলশৰীয়া মানুহ তিনিঘৰ যে, সিফালৰ দুঘৰ ____ সত্ৰৰ গোসাঁই। মাজৰজন সৰু, সত্ৰাধিকাৰ সিফালৰজন। মই সিদিনা যাওঁতে সৰুঘৰত সোমাইছিলোঁ। তেওঁলোকো অতীজৰ আমাৰ মাজুলীৰে হেনো। ককাকৰ দিনতে তেওঁবিলাকে ধান খেতিৰ মাটি বিচাৰি সেই ঠাই পালেগৈ, ৰাতি বাঘে বেৰত গা ঘঁহাই যোৱা সময়ৰে পৰা হাবি মোকলাই আছে। ভকতো কিছুমান পাছত গৈ দূৰত বহিল। কাষৰ ঘৰো ভকতেই, কিন্তু তেওঁলোকৰ নহয়। বহঁতপুৰ গাঁওখনো তেওঁলোকৰ সেৱকীয়া নহয়। বোকাগাঁও পোৱাৰ আগতেই থকা তামোলগুৰি গাঁওখনহে তেওঁলোকৰ, তাতে তেওঁলোকৰ দুঘৰমান জ্ঞাতিও আছে। সেই সমুখৰ মিচিংগাঁওখনহে বোকাগাঁও, এওঁলোক তিনিঘৰে বহঁতপুৰহে লিখে। মই সিদিনা মনতে কথা এটা ভাবি পালোঁ, ঘৰখন আপুনি এবাৰ চাই আহিবগৈচোন...’, টোপোলা সম্পূৰ্ণকৈ নোখোলোঁতেই মেকুৰীয়ে মাছৰ গোন্ধ পোৱাৰ দৰে দেৱেন ভিতৰৰ পৰা গৰগৰাই ওলাই আহিল, ‘সেইঘৰ কাল-সংহতিৰ গোসাঁই! সিহঁতে দিনত চাকি নজ্বলায়! আজিলৈকে সিহঁতে দিয়া পানী এটুপি আমি মুখত দি পোৱা নাই। ক’ৰ ঘৰ চাবলৈ যোৱাৰ কথা উলিয়াইছ তই?...’ এটা এটাকৈ, সৰু নবৌয়েক, ভনীয়েক দুজনী আৰু ডাঙৰহালো ওলাই আহিল; গোটেইখনে মুখে মুখে খেচখেচাই ধৰিলেহি। সিহঁতে হঠাতে তেনেকুৱাখন কৰিব বুলি বিপুল আৰু আতাক এজনেও ভবা নাছিল, দুয়ো তধা লাগি ৰৈ থাকিল। বিপুলে তৎ ঘূৰাই ধমকি মাৰি ক’লে, ‘ৰচোন তহঁত!’ সি পুনৰ মাতটো সৰু কৰি আতাকলৈ চাই সিহঁতক কোৱাৰ দৰে ক’লে, ‘কাল-সংহতি নে পুৰু-সংহতি মই জানি অহা নাই নহয়! তেওঁলোকে দিনত চাকি জ্বলাই নে নজ্বলাই মই কাক সুধিবলৈ পাইছোঁ? কথাটো মই প্ৰথমেই আতাক কৈছোঁ। একো ক’বলৈ নাপাওঁতেই তহঁতে ৰৌ-ৰৌখন কিয় লগাইছ?’ দেউতাই ক’লে, ‘কাষৰ ভকতঘৰ আমাৰ সংহতিৰে। সেইটো নামঘৰত সকাম-নিকাম হ’লে সেইঘৰ ভকত নিষ্পতি নাযায়। বৰ-সকাম পাতিব লগা হ’লেও বেলেগ নামঘৰত পাতেগৈ। এনেই আহ-যাহ আছে, কিন্তু সেইখন ঘৰত<noinclude></noinclude>
sy86oja9l6m4iy6q34c9a296wgqc51y
পৃষ্ঠা:কুলাংগাৰ.pdf/২০
104
73036
204402
202405
2025-06-24T11:38:13Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204402
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||এটি শিশুৰ আনন্দ|১১}}</noinclude>গোসাঁই দুঘৰে তামোল এখনো নাখায়। ডাঙৰৰ কথাই নাহে, ডেকা সোপায়ো নাখায়। আনকি এঘৰেও আনঘৰৰ কেঁচা-প্ৰসাদ এটাও মুখত নিদিয়ে।’ দেৱেনে ক’লে, ‘এইটো পূব-পশ্চিমৰ নিচিনা। এইফালে দিনত চাকি জ্বলায়, সেইফালে নজ্বলায়। সেইবোৰ মানুহে আমাক দিনত চাকি জ্বলোৱা কাৰণে প্ৰতি মুহূৰ্ততে নিন্দা কৰি থাকে।’ আতাকেও সেইবোৰ আগতেই জানিছিল, তেতিয়ালৈ এঘৰৰ সৈতেও তেওঁ মুখামুখিহে হৈ পোৱা নাছিল। সেইদিনা বিপুল-আতাক মনে মনে ৰ’ল।
{{gap}}আতাকৰ মতটো নাপাই পাছদিনা দিনত বিপুলে তেওঁক ক’লে, ‘আতা, আপুনি কথাটো ভাবিব।’ আতাকে গধূলি নামঘৰত উলিয়ালে। উত্তৰ ওলাল— ‘কাল-সংহতিৰ পৰা পুৰু-সংহতিয়ে ছোৱালী আনিব পাৰে, পুৰু-সংহতিয়েহে কাল-সংহতিলৈ উলিয়াই দিব নালাগে। গোসাঁইৰ ভিতৰতে হ’লে নীচৰ পৰা ওপৰলৈ উঠাই ল’ব পাৰি, নীচলৈ নামিবলৈহে দিব নালাগে। পুৰু-সংহতিত এইটোৱেই নিয়ম চলি আহিছে।’ সত্য প্ৰমাণ কৰিবলৈ কেইজনমানে ইতিহাস গালে, উদাহৰণ দিলে। সেইটো জানিবলৈ পাই আৰু আতাকৰো অসন্মতি নেদেখি বিপুল উল্লাসিত হৈ পৰিল। কিন্তু ঘৰৰ বাকীবোৰে খুচৰিয়ে থাকিল, সিহঁতৰ মতে— ‘কথাবোৰ পোনপটীয়া নহ’ল যেতিয়া, বিয়াখন পাতিব লাগেনো কিয়? পুৰু-সংহতিত ছোৱালী নোলাব নেকি?’ আতাকৰ লেঠা নথকাৰ বাবে বিপুলে সেইবোৰলৈ কাণ নিদিলে।
{{gap}}সোতৰখন গাঁৱৰ ভাওনা-সবাহত হঠাতে কিবা কাৰণত যদি সুকন্যাৰ আতাক উপস্থিত হ’বগৈ নোৱাৰে, তেনেহ’লে ‘সেই ভাওনা-সবাহ পুষ্পৱন্ত হৈ নুঠে’। তেঁৱেই সেই সোতৰখন গাঁৱৰ শিষ্যক গায়ন-বায়ন শিকালে, কিন্তু তেওঁৰ হাতৰ যি ৰগৰ তাক দেখুৱাব পৰা এজনো শিষ্য আজিলৈকে নোলাল। সৰুতেই শুনি লোৱা আটাইকেইখন অংকীয়া নাটৰ কোনোখনেই তেওঁ আজি পৰ্যন্ত মোকলাব লগা হোৱা নাই। নামঘোষাখনো তেওঁৰ মুখস্থ। আলি-পাশকটা, কঠীয়া পৰা, ডাঙৰি বন্ধা আদিত নিজে লগাৰ উপৰি তেওঁ ঘৰতে কাঠ-মিস্ত্ৰীৰ কামো কৰে। হালোৱাৰ কাম চকুত নালাগিলে নিজেই নাঙলৰ মুঠিত ধৰিবলৈ মন কূট-কূটাই থাকিলেও, ভকতে নিন্দোৱাৰ সন্দেহত তেওঁ কথাষাৰ এনেয়ে মুখ-ফুটাই উলিয়াবলৈও কোনোদিন সাহ গোটাব নোৱাৰিলে। এটাও গজাল নমৰাকৈ তেওঁ সাত খলপীয়া সিংহাসন সাজিব জানে আৰু তাত ৰামায়ণ-মহাভাৰত আদিৰ নানা দৃশ্য নিজ হাতে অংকন কৰে। সিংহাসন, হাত, ঠগা আদি সাজিব সকলো মিস্ত্ৰীয়ে নাজানে বাবে দূৰ-দূৰণিৰ মানুহেও তেওঁক বিচাৰি আহে। লাহে লাহে তেওঁ চকুৰে মনিব নোৱৰা হৈ আহিছে আৰু জুপি জুপি কৰত-বটালি মাৰিব লগা হোৱাত কুঁজা হ’বলৈও আৰম্ভ কৰিছে। তথাপি, আজিকালি কিছুমান মানুহে নিজৰ চোতালত এখোঁটালীয়াকৈ নামঘৰ এটা সাজি সৰুকৈ দুখলপীয়া বা এখলপীয়া সিংহাসন এখন বিচাৰি তেওঁক জোৰ-জুলুমকৈ ধৰেহি। মানুহবোৰে কয়, ‘গোসাঁয়ে নিজ হাতে সাজি দিয়া সিংহাসন এখন নিলে বেছি<noinclude></noinclude>
dpfd7lf7vyxk0ppxl7bicwb18z40yhn
সূচী:নীতিমালা তৃতীয় ভাগ.pdf
106
73062
204349
202379
2025-06-23T12:39:27Z
-chanakyakdas
1728
204349
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=নীতিমালা তৃতীয় ভাগ
|Language=as
|Volume=
|Author=
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=ম্যাকমিলান এণ্ড কোম্পানী লিমিটেড
|Address=কলিকতা
|Year=1925
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=C
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header=
|Footer=

[[শ্ৰেণী:পাঠ্যপুথি]]
[[শ্ৰেণী:১৯২৫ চনৰ সাহিত্যকৰ্ম]]
nvn3poln5c486mtuv7md11jzjjbebek
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৩
104
73563
204350
204019
2025-06-23T13:38:42Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204350
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|4em}}
{{Float left|{{Block center|<poem>প্ৰকাশকঃ
শ্ৰীবিচিত্ৰনাৰায়ণ দত্ত বৰুৱা, বি-এল
'''লয়াৰ্ছ বুক ষ্টল'''
গুৱাহাটী, অসম
{{Dhr|6em}}
প্ৰথম প্ৰকাশ
'''শঙ্কৰদেৱৰ তিথি,'''
ভাদ ১৯৫৭
পৰিবৰ্দ্ধিত সংস্কৰণ
আহাৰ, ১৯৬৩
পুনৰ মুদ্ৰন
আহিন, ১৩৭২
{{Dhr|6em}}
মূল্য: ৭ টকা
{{Dhr|6em}}
মুদ্ৰকঃ
শ্ৰীকালীচৰণ পাল
নৱজীৱন প্ৰেছ
৬৬ গ্ৰে ষ্ট্ৰীট, কলিকতা-৬
</poem>}}
}}<noinclude></noinclude>
pzwnujuqa7facthd0jxegu0z4ijw0jv
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৪
104
73564
204351
203924
2025-06-23T13:39:17Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204351
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>
{{Dhr|15em}}
'''শ্ৰীঅমিয়কুমাৰ দাসদেৱলৈ''' —<noinclude></noinclude>
b0xk3zemnwp94k59uak3ev4z37clhh5
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৬
104
73566
204352
203930
2025-06-23T13:41:29Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204352
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|4em}}
{{center|{{X-larger|প্ৰকাশকৰ কথা}}}}
{{gap}}অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিষয়ক ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰৱন্ধ আৱাহন, বৰদৈচিলা, ৰামধেনু, অসম সাহিত্য-সভা পত্ৰিকা, নতুন অসমীয়া আদি কাকতত সিঁচৰতি হৈ আছে। সেইবোৰৰে কেইটিমান বুটলি আনি '''অসমীয়া ভাষা আৰু সংস্কৃতি''' পুথি সঙ্কলন কৰা হ’ল।
{{gap}}বিভিন্ন সময়ত আৰু বেলেগ বেলেগ পত্ৰিকাত প্ৰকাশ হোৱাৰ হেতু কোনো কোনো প্ৰৱন্ধত পুনৰাবৃত্তি দোষ ঘটিছে। সময়ৰ নাটনিতে শ্ৰীবৰুৱাদেৱে নিজে প্ৰৱন্ধবোৰ সংশোধন আৰু সম্পাদনা কৰিব নোৱাৰিলে। আৰ্হি-কাকতো অনুগ্ৰহ কৰি ডক্টৰ মহেশ্বৰ নেওগদেৱে আৰু অধ্যাপক শ্ৰীপ্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য্যদেৱেহে চাই দিছে। এই সুধী দুজনলৈ আমাৰ শলাগ আবঢ়ালোঁ।
{{Left|গুৱাহাটী

ভাদ, ১৯৫৭}}
{{Right|ইতি—

'''বিচিত্ৰনাৰায়ণ দত্ত বৰুৱা'''}}
{{center|'''দ্বিতীয় সংস্কৰণ'''}}
{{gap}}এই সংস্কৰণত কিছু নতুন কথা যোগ দিয়া হ'ল।
{{Left|গুৱাহাটী

আহাৰ, ১৯৬৩}}
{{Right|'''প্ৰকাশক'''}}<noinclude></noinclude>
iph55qqlvqnpsw276mxemff6ovwwvpq
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮
104
73568
204354
204020
2025-06-23T13:48:04Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
204354
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>
{{center|'''সূচী-পত্ৰ'''

{{X-larger|প্ৰথম ভাগ}}

{{Xx-larger|অসমীয়া ভাষা}}}}

|১। ভাষা শব্দৰ অৰ্থ ||{{gap|10em}}--১

|২। ভাৰতীয় আৰ্য-ভাষা|| {{gap|10em}}--৪

|৩। অসমীয়া ভাষাৰ জন্মকথা ||{{gap|10em}}--৯

|৪। অসমৰ অন্যান্য ভাষা-গোষ্ঠী ||{{gap|10em}}--১২

|৫। অসমীয়া শব্দ মালা ||{{gap|10em}}--১৫

|৬। অসমীয়া শব্দ গঠনত জীৱ-জন্তুৰ নাম ||{{gap|10em}}--২৩

|৭। অসমীয়া শব্দ গঠনত নামবাচক শব্দ ||{{gap|10em}}--২৯

|৮। শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গৰ লগত সম্বন্ধ থকা অসমীয়া শব্দ ||{{gap|10em}}--৩৯

|৯। ধ্বন্যাত্মক শব্দ ||{{gap|10em}}--৪২

|১০। যুৰীয়া শব্দ ||{{gap|10em}}--৪৫

|১১। অসমীয়া ভাষাত ইংৰাজী শব্দ ||{{gap|10em}}--৪৭

|১২। শব্দ জন্ম, বৃদ্ধি, পৰিৱৰ্ত্তন আৰু, মৃত্যু ||{{gap|10em}}--৫৪

|১৩। অসমীয়াত শব্দৰ অৰ্থ পৰিৱৰ্ত্তন ||{{gap|10em}}--৬১

|}<noinclude></noinclude>
on0vr8bqrtvi01e6xdvzrgg4irklt2a
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯
104
73569
204353
204018
2025-06-23T13:46:43Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204353
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|{{X-larger|দ্বিতীয় ভাগ}}

{{Xx-larger|অসমীয়া সংস্কৃতি}}}}

|১। অসমীয়া সংস্কৃতি : আগকথা||{{gap|10em}}--৭১

|২। অষ্ট্ৰিক-ভাষী||{{gap|10em}}--৭৩

|৩। দ্ৰাবিড়-ভাষীৰ দান||{{gap|10em}}--৭৯

|৪। তিব্বত-বৰ্ম্মী-ভাষী||{{gap|10em}}--৮১

|৫। আহোম যুগ||{{gap|10em}}--৮৬

|৬। আহোমৰ দিনত অসমীয়া সাহিত্য||{{gap|10em}}--১০৫

|৭। মুছলমানৰ আগমন||{{gap|10em}}--১১৩

|৭। বিহু-গীতত অসমীয়া জীৱনৰ চিত্ৰ||{{gap|10em}}--১২৩

|৯। নামঘৰ : জাতীয় নাটশাল||{{gap|10em}}--১৩৮

|১০। অসমৰ ধাই নামৰ বৈশিষ্ট্য||{{gap|10em}}--১৪২

|১১। মন্ত্ৰ সাহিত্যত মধ্যযুগৰ অসম||{{gap|10em}}--১৪৯

|১২। সাংস্কৃতিক বিনিময় আৰু বৈশিষ্ট্য||{{gap|10em}}--১৭৯

|}<noinclude></noinclude>
9hp1u75tnfp5y7mkcocy7fk5s7mxscb
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১০
104
73570
204356
204290
2025-06-23T14:52:07Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204356
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|4em}}
{{center|{{Xx-larger|'''''অসমীয়া ভাষা আৰু সংস্কৃতি'''''}}

{{X-larger|'''প্ৰথম ভাগ'''}}

{{X-larger|১। ভাষা শব্দৰ অৰ্থ}}}}
{{gap}}ভাষা শব্দ ভালেমান অৰ্থত ব্যৱহাৰ হয়। সাধাৰণভাৱে ভাষা শব্দই
মানুহ মাত্ৰৰে ভাষাক বুজায়। যি চেষ্টা বা কাৰ্য্যৰ দ্বাৰা মানুহে নিজৰ
উচ্চাৰণোপযোগী শৰীৰাৱয়বৰপৰা উচ্চাৰণ কৰি, বৰ্ণাত্মক বা ব্যক্ত শব্দৰ দ্বাৰা
নিজৰ ভাব প্ৰকাশ কৰে, তাকে ভাষা বোলে। এই সংজ্ঞা মানিলে মানুহৰ
অঙ্গী-ভঙ্গী বা সঙ্কেতৰ ভাষাক ভাষা বুলিব নোৱাৰি।
{{gap}}ভাষা শব্দই আকৌ কোনো দেশ, প্ৰদেশ বা জাতিৰ মানুহৰ কথিত ভাষা, যেনে; হিন্দী, অসমীয়া, বঙ্গলা, উড়ীয়া, চীনা, তিব্বতী আদিকো বুজায়।
এনে একোটা ভাষাৰ মাজতো আকৌ প্ৰভেদ থাকে। উজনি অসমৰ কথিত ভাষা
আৰু নামনি অসমৰ কথিত ভাষা নামত একে অসমীয়া ভাষা হলেও, তাৰ
মাজত প্ৰভেদ পৰিলক্ষিত।
{{gap}}কোনো জাতি বা দেশৰ ভাষাৰ কোনো সামান্য লক্ষণলৈ লক্ষ্য ৰাখি
কেতিয়াবা ভাষাৰ একোটা ডাঙৰ বিভাগ কৰা হয়। এনে শ্ৰেণীসমূহৰ মাজত
প্ৰভেদ বিস্তৰ। এইদৰে আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহ কোনো কোনো
পণ্ডিতে অন্তবৃত্ত, বহিৰ্বৃত্ত আদি ভাগত ভগাইছে। এই একোটা শ্ৰেণীতে
বহুতো ভাষা সোমাইছে। এই শ্ৰেণীবোৰকো ভাষাবিদ্ পণ্ডিতসকলে ভাষা
বোলে।
{{gap}}ভাষাৰ স্থানীয় আৰু প্ৰাদেশিক ভেদৰ উপৰিও একে ঠাইৰ মানুহৰ একে
ভাষাৰ মাজতে সম্প্ৰদায়, ধৰ্ম, ব্যৱসায় আদিৰ বাবেও ভাষাৰ পাৰ্থক্য হয়।
এনে বিশেষ ভাষাকো ভাষা বোলা হয়। একে ঠাইতে থকা ব্ৰাহ্মণ, কায়স্থ,<noinclude></noinclude>
scpdhwdl28sdltiazsimgnk3o693y07
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১১
104
73573
204357
204291
2025-06-23T14:55:37Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204357
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
সত্ৰীয়া গোসাঁই-ভকত, মুছলমান, আদিৰ ভাষাৰ তাৰতম্য থাকে। মতা মানুহৰ
লগত তিৰোতাৰ ভাষাৰো প্ৰভেদ দেখা যায়। কেতিয়াবা ভাষাগত প্ৰভেদ স্পষ্ট
হৈ নুঠিলেও কোৱাৰ ধৰণ, উচ্চাৰণ, লয়, শব্দাৱলী আদিৰ পাৰ্থক্য সহজে
ধৰিব পাৰি।
{{gap}}বেলেগ মানুহৰ নিজৰ ব্যক্তিত্বৰ বৈশিষ্ট্যও তেওঁ কোৱা ভাষাত ধৰা পৰে।
এনে ব্যক্তিগত বৈশিষ্ট্যসম্পন্ন ভাষাকো 'ভাষা' নাম দিয়া হয়। ব্যক্তিত্বসম্পন্ন
মনীষীসকলৰ চিন্তাৰ দ্বাৰা সামাজিক পৰিস্থিতি আদিয়ে ভাষাত ব্যক্তিত্বৰ
সাঁচ বহুৱায়। এনে ব্যক্তিত্ব শব্দভাণ্ডাৰতো আপোন বৈশিষ্ট্য ধৰা পৰে। আকৌ
কিছুমান শব্দৰ অৰ্থভেদো হয়। মহাত্মা গান্ধীৰ 'স্বৰাজ’, ‘ধৰ্ম্ম’, ‘অহিংসা’,
'সত্যাগ্ৰহী' আদি শব্দত বিশাল চিন্তাপ্ৰৱাহ বৈ আছে।
{{gap}}কোনো কোনোৱে ভাষাক কথিত আৰু সহিত্যৰ ভাষা, এই দুই ভাগত
ভাগ কৰে। শিক্ষিত সমাজৰ কিতাপ কাকতত, ৰাজকীয় আৰু ধৰ্ম্ম বিষয়ত
যি ভাষা প্ৰচলিত তাক সাহিত্যিক ভাষা বুলিব পাৰি। ইয়াৰ নিয়ম ব্যাকৰণৰ
সূত্ৰেৰে গঁথা। কথিত ভাষাক বোৱঁতী সূঁতিৰ লগত তুলনা কৰিব পাৰি,
আৰু সাহিত্যিক ভাষাক সি ছুই যোৱা সৰোবৰ বুলিব পাৰি। সৰ্ব্বসাধাৰণৰ
কথিত ভাষাই সাহিত্যিক ভাষাক সহায় কৰে আৰু সাহিত্যিক ভাষায়ো যে
কথিত ভাষাৰ গতি বহুদুৰ নিয়ন্ত্ৰণ কৰে সিও সঁচা। তথাপি ভাষা-বৈজ্ঞানিকৰ
সূক্ষ্ম দৃষ্টিত কথিত ভাষাৰ মূল্য অধিক।
{{gap}}সাহিত্যিক ভাষা-সৰোবৰৰ মলি দূৰ কৰি পৰিপুষ্ট কৰিবলৈ কথিত ভাষাৰ
বোৱঁতী সূঁতিৰ ধাৰ একোটা আৱশ্যক। কথিত ভাষাতকৈ সাহিত্যিক ভাষা
আপেক্ষিক স্থিৰ, ই ঘনাই সলনি নহয়। কোনো বিশিষ্ট ৰাজনৈতিক আৰু
ধাৰ্ম্মিক কাৰণ হেতু সাহিত্যিক ভাষাৰ জন্ম হয়। শিক্ষা আৰু সভ্যতাৰ
প্ৰসাৰৰ লগে লগে বেলেগ বেলেগ জাতি আৰু দেশৰ মাজত সাহিত্যিক ভাষা-
ৰেই সম্বন্ধ চলে। গতিকে শিক্ষিতসকলে সাহিত্যিক ভাষাকে আদৰ কৰিবলৈ
শিকে। কেতিয়াবা ৰাজনৈতিক আৰু ধাৰ্ম্মিক কাৰণৰ বাবে এই সাহিত্যৰ
ভাষাই আন্তঃৰাষ্ট্ৰীয় ভাষাৰ পদ পায়গৈ।
{{gap}}ভাষা শব্দ “ভাষা-ব্যক্তায়াং বাচি” ধাতুৰপৰা হোৱা। ভাষা বৰ্ণাত্মক হব
লাগে। অঙ্গী-ভঙ্গীৰে মনৰ ভাব সম্পূৰ্ণকৈ প্ৰকাশ কৰিব নোৱাৰাৰ বাবেই
ভাষাৰ জন্ম। এজনৰ মনৰ ভাব আন এজনৰ আগত ফুটাই তোলায়ে ভাষাৰ
কাম। ভাষাৰ এই বহুল অৰ্থ গ্ৰহণ কৰিলে কলা-বোবাৰ ঠাৰ-চিয়াঁৰো ভাষা
সংজ্ঞাই সামৰি লব। ইয়াৰ প্ৰসিদ্ধ উদাহৰণ আমেৰিকাৰ ৰেড্ ইণ্ডিয়ানবোৰৰ
সাঙ্কেতিক ভাষা। এই হস্তাদি চেষ্টাত্মক ভাষাই কোনো কোনো ক্ষেত্ৰত
বহুতো উন্নতি কৰিছে।
{{gap}}কোনো দলৰ মানুহৰ মাজত বিশেষ উদ্দেশ্য লৈ চলোৱা কৃত্ৰিম ভাষা<noinclude></noinclude>
idshgfkmg7pvapqqfo7hommnd8rp43l
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১২
104
73574
204358
204292
2025-06-23T17:17:11Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204358
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভাষা শব্দৰ অৰ্থ|৩}}</noinclude>
আছে। অকৃত্ৰিম স্বাভাৱিক ভাষাৰ আধাৰতে সাধাৰণতে ইয়াক গঢ়া হয়।
ইয়াৰ প্ৰসিদ্ধ উদাহৰণ এস্পেৰেন্টো (Esperanto) নামৰ ভাষা।
{{gap}}ভাষা-বিজ্ঞানৰ আলোচনা কৰোঁতে দুটা কথালৈ লক্ষ্য কৰা উচিত। সকলো
ভাষাৰ সাধাৰণতে প্ৰাচীন আৰু আধুনিক দুটা প্ৰধান স্তৰ আছে। এই ভেদ
অৱজ্ঞা কৰা অনুচিত। দ্বিতীয়তঃ কোনো দুই ভাষাৰ শব্দৰ তুলনামূলক
আলোচনাত শব্দৰ লিখিত ৰূপলৈ নাচাই তাৰ প্ৰকৃত উচ্চাৰণলৈ লক্ষ্য কৰাহে
ভাষা-বিজ্ঞানৰ ৰীতি। ইংৰাজী আদি বহুতো ভাষাত কিছুমান শব্দৰ কিছু -
মান ধ্বনি একেবাৰে উচ্চাৰণ নোহোৱাকৈ থাকে। এইবোৰে সেই শব্দবোৰৰ
প্ৰাচীন উচ্চাৰণ ইঙ্গিত কৰে। এনে আলোচনাত প্ৰাচীন উচ্চাৰণো লক্ষণীয়।<noinclude></noinclude>
11inlu54x1s4drj0cu7tej65h27dq1x
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৩
104
73575
204359
204293
2025-06-23T17:25:34Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204359
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|1em}}
{{center|{{X-larger|২। ভাৰতীয় আৰ্য্যভাষা}}}}
{{gap}}পৃথিৱীৰ ভাষাসমূহক পণ্ডিতসকলে কেইবাটা ভাষাগোষ্ঠীত ভাগ কৰিছে।
যথা—দ্ৰাবিড়, ভোট-চীন, অষ্ট্ৰিক, উৰাল-আল্তাই, চেমীয়-হেমীয়, ফিনো-
উগ্ৰীয়, বাণ্টু, ইন্দো-ইউৰোপীয় ইত্যাদি। ইয়াৰ ভিতৰত ইন্দো-ইউৰোপীয়
গোষ্ঠীয়েই প্ৰধান। পৃথিৱীৰ আটাইকেইখন মহাদেশতে বৰ্ত্তমান এই গোষ্ঠী
ভাষাৰ প্ৰচলন আছে। ইন্দো-ইউৰোপীয় ভাষা-গোষ্ঠীৰ প্ৰাচীন শাখা দহোটা
—কেল্টিক্, ইটালিক, জাৰ্ম্মানিক বা টিউটনিক, গ্ৰীক, বাল্টোশ্লাভিক,
আল্বানীয়, আৰ্ম্মাণীয়, হিট্টাইট, তুখাৰীয় আৰু ইন্দো-ইৰাণীয়। হিট্টাইট আৰু তুখাৰীয় ভাষা আজি-কালি লুপ্ত হৈছে। বাকী আঠোটাৰপৰা ভালেমান ভাষাৰ জন্ম। ইন্দো-ইৰাণীয় শাখা দুই ভাগত বিভক্ত—ইৰাণীয় আৰু আৰ্য্য। ইৰাণীৰ উপশাখাৰ ভিতৰত আৱেস্তা (জড়থুষ্ট্ৰীয় মতাৱলম্বীসকলৰ ধৰ্ম্মগ্ৰন্থ জেন্দৰ ভাষা), প্ৰাচীন ফাৰ্চী, মধ্যযুগৰ ফাৰ্চী বা পহলবী আৰু আধুনিক ফাৰ্চী ভাষা আফগানিস্থানৰ পস্তু আৰু বেলুচিস্থানৰ বেলুচী ভাষা আধুনিক ইৰাণীৰ বা ফাৰ্চীৰ অন্তৰ্গত। আৰ্য্য শাখাৰ ভিতৰত সংস্কৃত আৰু সংস্কৃতপৰা উদ্ভৱ হোৱা ভাষাসমূহ পৰিছে। অসমীয়া ভাষা ইন্দো-ইউৰোপীয় ভাষা গোষ্ঠীৰ ইন্দোইৰাণীয় শাখাৰ আৰ্য্য উপশাখাৰ ভিতৰুৱা; গতিকে ইউৰোপৰ লেটিন, গ্ৰীক, ইংৰাজী, জাৰ্মান আদি ভাষাসমূহ অসমীয়া ভাষাৰ দূৰ সম্পৰ্কীয়।
{{gap}}আৰ্য্য শাখাৰ প্ৰাচীনতম নিদৰ্শন হৈছে বৈদিক সাহিত্য (আনুমানিক খৃঃ
পূঃ ১৫০০ বছৰ)। পণ্ডিতসকলে বৈদিক যুগৰ ভাষাৰ দুটা স্বতন্ত্ৰ স্তৰ নিৰ্ণয় কৰিছে। এটি হৈছে বৈদিক সাহিত্যৰ ভাষা (ছন্দস্ বা ছন্দঃ), আনটি হৈছে সেই যুগৰ মানুহৰ কথিত ভাষা। এই কথিত ভাষাৰ নিদৰ্শন পিছৰ যুগত ৰচিত হোৱা ৰামায়ণ, মহাভাৰত, পুৰাণ আৰু, কাব্যাদিত দেখা গৈছে।
{{gap}}এই কথিত লৌকিক ভাষাকে খৃষ্ট-পূৰ্ব্ব পঞ্চম শতিকাৰ বৈয়াকৰণিক
পাণিনিয়ে ব্যাকৰণৰ সূত্ৰেৰে গাঁথি সংস্কৃত নাম দিলে। বৈদিক সাহিত্যৰ পিছৰ
পৰা, আন কি বৈদিক সাহিত্যৰ সৰ্ব্বশেষ উপনিষদ্সমূহতো সংস্কৃতহে ব্যৱহৃত হল। পাণিনিয়ে সংস্কৃত ভাষাক ব্যাকৰণৰ সূত্ৰেৰে এনেভাৱে বান্ধি পেলালে যে তেওঁৰ পিছৰপৰা সাহিত্যত প্ৰয়োগ কৰা সংস্কৃতভাষাৰ বিশেষ পৰিৱৰ্ত্তন ঘটা অসম্ভৱেই হ’ল। পিছৰ যুগত কবিসকলে তেওঁৰেই ব্যকৰণ আৰু অনুশাসন সৰ্ব্বতোভাৱে মানিবলৈ ধৰিলে। সেই কাৰণে 'প্ৰাচীন আৰ্য্যভাষা' বুলিলে বৈদিক আৰু সংস্কৃত এই দুই ভাষাকে বুজায়। বৈদিক আৰু<noinclude></noinclude>
5ahuwu27d0ekbybwkbhgfv36v3ma3sf
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৪
104
73576
204360
204294
2025-06-23T17:34:17Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204360
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভাৰতীয় আৰ্য্যভাষা|৫}}</noinclude>সংস্কৃত (লৌকিক) নামত ভিন হলেও দুই ভাষাৰ মাজত ভালেমান সাদৃশ্য আছে। দুই ভাষাৰ মাজত ধ্বনিতে পাৰ্থক্য নায়েই, ব্যাকৰণতহে মাথোন সামান্য
প্ৰভেদ।
{{gap}}কিন্তু ভাৰতৰ বিভিন্ন অঞ্চলৰ সংস্কৃতৰ প্ৰসাৰ বঢ়াৰ লগে লগে অনাৰ্য্য
ভাষাৰ সংমিশ্ৰণত ধ্বনি, ব্যাকৰণ-ৰীতি আৰু শব্দ-সম্ভাৰত এই ভাষাৰ সলনি
হ’ল। তাৰে ফলত আদি বা প্ৰাচীন আৰ্য্যভাষাৰ পৰিবৰ্ত্তন ঘটি মধ্যযুগৰ
আৰ্য্যভাষা সম্প্ৰদায়ৰ সৃষ্টি হল। আৰ্য্যভাষাৰ এই দ্বিতীয় বা মধ্যস্তৰৰ ভিতৰত পুৰণি ভাৰতৰ কথিত প্ৰাকৃত ভাষা-সমূহ পৰে। উচ্চাৰণ কোমল আৰু সহজ কৰা মানুহৰ ধৰ্ম্ম। সেই কাৰণেই সংস্কৃতৰ সহজ সৰল ৰূপান্তৰ হিছাপে প্ৰাকৃতৰ উদ্ভৱ হ’ল। সংস্কৃত ভাষা জটিল আৰু আড়ম্বৰপূৰ্ণ; প্ৰাকৃত ভাষা সৰল আৰু মধুৰ। স্বৰ-বাহুল্যৰ কাৰণে প্ৰাকৃত ভাষাৰ উচ্চাৰণো সহজ। সংস্কৃততকৈ প্ৰাকৃতত যুক্ত ব্যঞ্জনৰ সংখ্যা কম। প্ৰাচীন ভাৰতীয় পণ্ডিতসকলে প্ৰাকৃত ভাষাৰ সংজ্ঞা তলৰ দৰে দিছেঃ
{{gap}}{{gap}}“প্ৰকৃতিঃ সংস্কৃতম্ তত আগতং তত্ৰ ভবম্বা প্ৰাকৃতম।”

{{gap}}{{gap}}“প্ৰকৃতিঃ সংস্কৃতম্ তদ্ বিকৃতিঃ প্ৰাকৃতম্।”

{{gap}}{{gap}}“প্ৰাকৃতিজনানাম্ ভাষা প্ৰাকৃতম্।”

{{gap}}{{gap}}“প্ৰাকৃতস্য তু সৰ্ব্বমেব সংস্কৃতং যোনিঃ।”
{{gap}}ওপৰত দিয়া সংজ্ঞাৰপৰা প্ৰাকৃত ভাষাৰ মূল আৰু উৎপত্তি সম্বন্ধে
তিনিটা বিভিন্ন মতৰ সৃষ্টি হৈছে। প্ৰকৃতিৰপৰা যাৰ জন্ম বা প্ৰকৃতিৰপৰা
যি আহিছে, সেয়ে প্ৰাকৃত। এই প্ৰকৃতি কি? কোনোৰ মতে সংস্কৃত; কিয়নো
সংস্কৃতপৰা ইয়াৰ উৎপত্তি; আৰু সংস্কৃত ভাষাই প্ৰাকৃতৰ প্ৰকৃতি। দ্বিতীয়
দলৰ মতে প্ৰকৃতি অৰ্থাৎ স্বভাৱতে যি ভাষাৰ জন্ম হৈছে তাৰ নাম প্ৰাকৃত।
দোষ বহিষ্কৃত কৰি য’ত গণ সন্নিৱেশ কৰা হৈছে সেয়ে সংস্কৃত আৰু যাৰে
তেনে কৰা হোৱা নাই, সেয়ে প্ৰাকৃত। এই মত সমৰ্থকৰ সকলে কয় যে
সাধাৰণ মানুহে যি ভাষা ব্যৱহাৰ কৰে সেই ভাষাৰ নামেই প্ৰাকৃত। কিন্তু
তৃতীয় মত সমৰ্থনকাৰীসকলে লৌকিক সংস্কৃতক কথিত ভাষা বুলি অস্বীকাৰ কৰি কয় যে বৈদিক ভাষাৰ যি সময়ত প্ৰচলন আছিল সেই সময়তে প্ৰাকৃতো
কথিত ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু এইটো নিশ্চিত যে পিছৰ যুগৰ
আৰ্য্যসকলৰ অন্যান্য ভাষা-ভাষীৰ লগত সংযোগ ঘটাৰ ফলত সংস্কৃত ভাষাৰ
বহু পৰিৱৰ্ত্তন ঘটিল, আৰু আৰ্য্য-অনাৰ্য্যৰ এই সংমিশ্ৰণৰ ফলতে প্ৰাকৃত
ভাষাৰ সৃষ্টি। কিন্তু ভাষাৰ এই নতুন ৰূপ পাবলৈ কেইবা শ বছৰ লাগিছিল।
{{gap}}প্ৰাকৃত ভাষা প্ৰথমে কথিত ভাষা আছিল যদিও গৌতম বুদ্ধৰ জন্মৰ
পিছৰপৰা আৰু বৌদ্ধধৰ্ম্মৰ প্ৰচাৰৰ লগে লগে প্ৰাকৃতত সাহিত্যও সৃষ্টি<noinclude></noinclude>
d62bg787dh0kqa2cpr2lqncha5jz2xh
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৫
104
73577
204361
204295
2025-06-23T17:40:52Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204361
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৬|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
হবলৈ ধৰিলে। ভাষাবিদসকলে অনুমান কৰে যে বৌদ্ধপণ্ডিতসকলেই প্ৰথমে
পালি নামৰ প্ৰাকৃত ভাষাক ধৰ্ম্ম প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰি সাহিত্যিক
মৰ্য্যাদা দান কৰিলে। পিছৰ যুগৰ সংস্কৃত কবিসকলেও নিজৰ ৰচনাত প্ৰাকৃত
ভাষাক ঠাই দিবলৈ বাধ্য হ’ল।
{{gap}}মধ্য আৰ্য্য-ভাষাৰ বা প্ৰাকৃতৰ তিনিটা স্তৰ নিৰ্ণয় কৰা হৈছে—(ক) আদি
প্ৰাকৃত, (খ) মধ্য প্ৰাকৃত, (গ) আন্ত্য প্ৰাকৃত বা অপভ্ৰংশ। এই তিনিও স্তৰৰ
আনুমানিক কাল হৈছে, যথাক্ৰমে খৃষ্ট পূৰ্ব ষষ্ঠ শতাব্দীৰপৰা খৃষ্টীয় প্ৰথম
শতাব্দী; খৃষ্টীয় প্ৰথম শতাব্দীৰপৰা খৃষ্টীয় ষষ্ঠ শতাব্দী, আৰু খৃষ্টীয় ষষ্ঠ শতাব্দীৰপৰা খৃষ্টীয় দশম শতাব্দী। বৈয়াকৰণিকসকলে পালিভাষাৰ বাহিৰে অন্যান্য প্ৰাকৃতক কেইবাটাও ভাগত ভগাইছে। যেনে, মহাৰাষ্ট্ৰী, শৌৰসেনী, পৈশাচী, মাগধী আৰু অৰ্ধমাগধী। এই প্ৰতি শাখাই এসময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ কথিত ভাষা আছিল। প্ৰাচীন ভাৰতীয় আৰ্য্য ভাষাৰ প্ৰধানকৈ তিনি বিষয়ত, – ধ্বনি, শব্দ-ৰূপ আৰু পদ প্ৰয়োগত, পৰিৱৰ্ত্তন ঘটি, মধ্যযুগৰ ভাৰতীয় আৰ্য্যভাষা বা প্ৰাকৃতৰ জন্ম হয়।
{{gap}}প্ৰাকৃতত প্ৰথমে ধ্বনিক সহজীকৰণ কৰা হ'ল। ইয়াত ঋ-কাৰ আৰু
৯-কাৰ ধ্বনি লোপ পালে। ঋ-কাৰ ঠাইত অ-কাৰ, ই-কাৰ, উ-কাৰ, নতুবা
ৰ, ৰি, আৰু ৰু-ৰ প্ৰয়োগ হ’ল; যেনে শৃগাল > সিয়াল (অ. শিয়াল);
হৃদয় > হিঅঅ (অ. হিয়া)। ঐ কাৰ আৰু, ঔ-কাৰৰ ঠাইত এ-কাৰ আৰু
ও-কাৰ হ'ল। যেনে তৈল > তেল্ল (অ. তেল); বৈদ্য বেজ্ জ (অ. বেজ);
ঔষধ> ওষুধ, যৌৱন > জোৱৱন (অ. জোৱান)। এই পৰিৱৰ্ত্তন স্বৰতকৈ
ব্যঞ্জন ধ্বনিত বিশেষভাৱে দেখা দিলে। অনুস্বাৰৰ বাহিৰে সকলো পদান্ত
ব্যঞ্জন ধ্বনিৰ লোপ হ’ল। পদৰ আদিত যুক্ত ব্যঞ্জন থাকিলে তাৰ এটা
লপ্ত হয়; অথবা ম্বৰ-ভক্তিৰ নিয়ম অনুসাৰে ব্যঞ্জন দুটা পৃথক হয়। যেনে
স্থবিৰ>থেৰ (অ বুঢ়া-থেৰা); স্নেহ > সেনহ (অ. চেনেহ )। পদৰ মাজত
থকা মুক্ত-ব্যঞ্জন সমীভূত হয়, নহলে স্বৰ-ভক্তিৰ হেতু ব্যঞ্জন দুটা বেলেগ
হয়। যেনে, হস্ত>হত্ থ (অ. হাত); হৰ্ষ > হৰিস (অ. হৰিষ)।
{{gap}}পদান্ত-ব্যঞ্জন লুপ্ত হোৱাত শব্দ-ৰূপৰ পৰিৱৰ্ত্তন ঘটিল। সকলোবোৰ
শব্দই স্বৰান্ত হ’ল। ধাতু-ৰূপত সংস্কৃতৰ বৈচিত্ৰ্য লোপ পালে। সকলো
ধাতুকে ভ্বাদিগণীয়ৰ দৰে ৰূপ কৰা হ’ল। অতীত বুজাবলৈ এটি কালৰ
প্ৰয়োগহে ৰলগৈ। পদ-প্ৰয়োগতো সহজীকৰণ হ’ল। সম্প্ৰদান কাৰক বা
চতুৰ্থী বিভক্তি লোপ পালে; চতুৰ্থীৰ কাম ষষ্ঠীৰ যোগে সম্পন্ন কৰা হ’ল।
{{gap}}মধ্য-ভাৰতীয় আৰ্য্যভাষাৰ শেষ স্তৰক অপভ্ৰংশ বোলা হয়। প্ৰত্যেক
প্ৰাকৃতৰে এটি অপভ্ৰংশ ৰূপ আছিল বুলি অনুমান কৰা হয়, আৰু সেই-
বোৰৰপৰাই আধুনিক ভাৰতীয় আৰ্য্যভাষা-সমূহৰ উৎপত্তি। মাগধী অপভ্ৰংশৰ<noinclude></noinclude>
avhtk3aa1kg3cgel4nhgnctqvvs9c63
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৬
104
73578
204362
204302
2025-06-23T17:48:41Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204362
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভাৰতীয় আৰ্য ভাষা|৭}}</noinclude>
পৰা আধুনিক অসমীয়া ভাষাৰ জন্ম হৈছে। প্ৰাকৃততকৈ অপভ্ৰংশ সৰল হল।
প্ৰাকৃতৰ সমীকৰণৰ ফলত উৎপন্ন হোৱা দ্বিত্ব ব্যঞ্জনৰ ঠাইত অপভ্ৰংশত এক
ব্যঞ্জন হ’ল। যেনে, কৰ্ম্ম > প্ৰা. কম্ম > অপ. কাম (অ. কাম); সপ্ত >
প্ৰা সত্ত > অপ. সাত (অ. সাত)। স্বৰবৰ্ণ বিচাৰ-বিহীনভাৱে প্ৰয়োগ হ’ল;
হ্ৰস্ব স্বৰৰ ঠাইত দীৰ্ঘ আৰু দীৰ্ঘৰ ঠাইত হ্ৰস্ব স্বৰৰ প্ৰয়োগ হ’ল। পূৰ্ব্বৰ
শব্দ-ৰূপ আৰু ধাতু-ৰূপৰ জটিলতা আৰু অনেকৰূপতা ভালেখিনি কমিল।
পূৰ্ব্বৰ বিভক্তিৰ ঠাইত অপসৰ্গ (post-position) প্ৰয়োগ হল।
{{gap}}তলত কেইটামান অপভ্ৰংশ ভাষাত ৰচিত শ্লোক উদ্ধৃত কৰা হল; তাৰেপৰাই অসমীয়া আদি কৰি আধুনিক ভাৰতীয় আৰ্য্য-ভাষাৰ লগত অপভ্ৰংশৰ
কিমান ওচৰ সম্বন্ধ বুজিব পৰা হব।
{{Block center|<poem>জে মহু দিণ্ণা দিঅহড়া দইএং পবসন্তেণ।
তেন গণন্তিএ অংগুলিউ জজ্জৰিআউ নহেণ॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়জনে প্ৰৱাসলৈ যাওঁতে মোক যি দিনৰ লেখ দি গৈছিল, তাক
গণোতে নখে মোৰ হাতৰ আঙুলি জীৰ্ণ কৰিলে।
{{Block center|<poem>বপ্পীহা পিউ পিউ ভনবি কিত্তিউ বুঅহি হয়াস।
তুহ জলি মহু পুণু বল্লহই বিহুঁন পাৰিঅ আস॥</poem>}}
{{gap}}অৰ্থাৎ হে চাতক, হতাশ হৈ তুমি আৰু কিমান বাৰ পানী পিউ পিউকৈ
চিঞৰিবা? আমাৰ দুয়োৰে আশা–তোমাৰ পানীৰ আৰু মোৰ প্ৰিয়জনৰ,
বিভুৱে পূৰণ নকৰে।
{{Block center|<poem>পিয়াসংগমি কউ নিন্দড়ী পিঅহো
{{gap|3em}}পৰোক্খহো কেম্ব।
মই বিন্নি বি বিন্নিসিআ নিন্দ
{{gap|3em}}ন এম্ব ন তেম্ব॥</poem>}}
{{gap}}অৰ্থাৎ প্ৰিয়ৰ সংসৰ্গত নিদ্ৰা কেনেকৈ সম্ভৱপৰ? প্ৰিয়াৰ বিহীনতনো
কেনেকৈ নিদ্ৰা হব পাৰে? মই এই দুয়ো অৱস্থাতে নিদ্ৰা হেৰুৱাব লগাত
পৰিলো।
{{gap}}নাৰীৰ সৌন্দৰ্য্য বৰ্ণোৱ তলৰ অপভ্ৰংশ পদ সমূহৰ লগত অসমীয়া
বৈষ্ণৱ পদৰ ভাষা আৰু ছন্দৰ সাদৃশ্য বিশেষ মন কৰিবলগীয়া।
{{কুসুমমালা|<poem>
মিউকসিণ-ৱাল
বয়ণাৰবিংদ
পংকয়-দলচিছ
কুংডল-বিলোল
বিপ্ফুৰিয়-কংতি
</poem>|<poem>
সংগয় নিলাড়।
উৱহসিয় চংদ।
নং ভূয়ণ-লচ্ছি।
উজ্জল কৱোল।
সিয় দসনপংতি।</poem>}}<noinclude></noinclude>
ghks5pp1fzyihcy3v4jfa3s2qav6vjy
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৭
104
73579
204363
204300
2025-06-23T17:54:35Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
204363
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৮|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
{{কুসুমমালা|<poem>
বিংবাহ ৰোট্ঠ
থন-হাৰ-তুংগ
বিত্থিন্ন ৰমণি
আয়ংব-হত্থ
জিয়বালৰংভ
নৱ-কণয় গোৰি
সোহগ্গখানি
</poem>|<poem>
কৰ কংবুকণ্ঠ।
তণু তিৱলিভংগ।
মংৰিয়-গমণি।
লক্খণ পসত্থ।
পীণোৰু-থংভ।
মুনিচিত্ত চোৰি॥
নিৰু মহুৰ বাণি।</poem>}}
{{gap}}অপভ্ৰংশৰ এটা শাখাক অৱহট্ট আখ্যা দিয়া হৈছিল। অৱহট্ট সম্ভৱতঃ
অপভ্ৰষ্ট শব্দৰ বিকৃতি। অৱহট্ট ভাষাত বিদ্যাপতিয়ে কীৰ্ত্তিলতা আৰু
কীৰ্ত্তিপতাকা নামৰ দুখন পুথি ৰচিছিল। এই ভাষাৰ নিদৰ্শন স্বৰূপে
কীৰ্ত্তিলতাৰপৰা কেইটিমান পদ উদ্ধৃত কৰিলোঁ—
{{Block center|<poem>সক্কয় বাণী বহুঅন ভাবই
পাউঁঅ ৰস কো মম্ম ন পাৱই।
দেসিল বঅনা সবজনমিট্ঠা,
তং তৈসন জম্পও অৱহট্ঠা।
ভৃংগী পুচ্ছই ভিংগ সুন কী সংসাৰেহি সাৰ।
মানিনি জীৱন মানসও বীৰ পদ অৱতাৰ॥
</poem>}}
{{gap}}অৰ্থাৎ সংস্কৃত ভাষা কেৱল বিদ্বানে চৰ্চ্চা কৰে, প্ৰাকৃত ভাষাত ৰসৰ
মৰ্ম্ম লাভ কৰিব নোৱাৰি; দেশী বচন সকলোৰে মিঠা লাগে; সেই কাৰণে
অৱহট্ট ভাষাত বচন ৰচনা কৰিলোঁ। ভৃঙ্গীয়ে কৈছে— “হে ভৃঙ্গ শুনা, সংসাৰত
সাৰতত্ত্ব কি? মানিনীয়ে মানেৰে জীৱন ধাৰণ কৰা আৰু বীৰ পুৰুষৰ জন্ম
—এই দুই।”<noinclude></noinclude>
66ekdkl00utbxxt0fmrcfqrjazg455e
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৮
104
73580
204364
204313
2025-06-23T17:57:52Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204364
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|1em}}
{{center|{{Xx-larger|৩। অসমীয়া ভাষাৰ জন্মকথা}}}}
{{gap}}প্ৰাকৃত ভাষাৰ শেষ স্তৰ অপভ্ৰংশৰপৰাই আধুনিক ভাৰতীয় আৰ্য্য-
ভাষাসমূহৰ জন্ম হৈছে। ঠিক কোন শতাব্দীৰ এই প্ৰাদেশিক ভাষাসমূহে
স্বতন্ত্ৰ ৰূপ পালে তাক নিৰ্ণয় কৰা টান। এই ভাষাসমূহৰ সামান্য নিদৰ্শন
অষ্টম শতিকাৰ শিলালিপি, তাম্ৰশাসন আদিত পোৱা গৈছে যদিও খৃষ্টীয়
দশম-একাদশ শতিকাৰ পূৰ্ব্বে এই শাখাৰ কোনো এটা ভাষাই স্বকীয় ৰূপ
লোৱা নাছিল। ইয়াতে এটা কথা মন কৰিবলগীয়া যে আধুনিক ভাৰতীয়
আৰ্য্য ভাষাসমূহৰ জন্ম এটাৰ পিছত আনটোৰ, অৰ্থাৎ হিন্দীৰ পিছত বঙ্গলা,
তাৰ পিছত অসমীয়া, এনে ধৰণে হোৱা নাই। ৰাজনৈতিক, ধাৰ্ম্মিক, সামাজিক,
ভৌগোলিক আদি কাৰণৰ হেতু সম-সাময়িক ভাৱেই এই ভাষাসমূহৰ জন্ম
হৈছিল।
{{gap}}প্ৰাচীন অসমীয়া ভাষা মাগধী অপভ্ৰংশৰপৰা উদ্ভৱ হৈছে। খৃষ্টীয় দশম
শতিকাতে যদিও আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম বুলি অনুমান
কৰা হৈছে তথাপি নিদিষ্টভাৱে কোন সময়ত অসমীয়া ভাষাই নিজস্ব ৰূপে
ল’লে, তাক স্তিৰ কৰা কঠিন। অৱশ্যে সকলো ভাষাৰ জন্ম সম্বন্ধে এই একে
মন্তব্যই খাটে। কিয়নো কোনো ভাষাতেই জন্মৰ লগে লগেই সাহিত্য গঢ় লৈ
নুঠে। সাহিত্য ভাষাৰ জন্ম-পত্ৰিকা। গতিকে জন্মপত্ৰিকা বা লিখিত নিদৰ্শন
নহলে জন্মকাল নিৰ্ণয় কৰা সহজ নহয়।
{{gap}}প্ৰখ্যাতকীৰ্ত্তি ভাস্কৰবৰ্ম্মাৰ ৰাজত্ব কালত চীন পৰিব্ৰাজক হিউ-ৱেন-চাং
কামৰূপলৈ আহিছিল। তেওঁৰ ভ্ৰমণ-বৃত্তান্তত লিখিছে, “তেওঁলোকৰ
(কামৰূপৰ মানুহৰ) ভাষাৰ মধ্য ভাৰতৰ ভাষাৰ লগত সামান্য প্ৰভেদ আছে।”
চীন পৰিব্ৰাজকৰ এই মন্তব্যৰপৰা আন নহলেও খৃষ্টীয় সপ্তম শতিকাৰপৰাই
যে অসমীয়া ভাষাই সুকীয়া প্ৰাদেশিক গঢ় লবলৈ আৰম্ভ কৰিছিল, সেই কথা
অনুমান কৰিব পাৰি।
{{gap}}ভাস্কৰবৰ্ম্মা আৰু তেওঁৰ পিছৰ কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণক ভূমিদান
দিয়া কেইখনিমান তামৰ ফলি উদ্ধাৰ হৈছে। অসমত এতিয়ালৈকে পোৱা
প্ৰাচীন শিলালিপিসমূহৰ ভিতৰত নগাৱঁৰ কপিলী উপত্যকাত পোৱা মহা-
ৰাজাধিৰাজ ভূতিবৰ্ম্মাৰ দিনত (৫৫৪ খৃঃ) খোদিত শিলালিপিয়েই প্ৰাচীন।
(এই শিলালিপি আৰু, অন্যান্য শাসনাৱলীৰ ভাষা সংস্কৃত। গতিকে সেই সময়ত
অসমত সংস্কৃত ভাষাৰ প্ৰচলন আছিল বুলি সহজে অনুমান কৰিব পাৰি।<noinclude>{{rh|২||}}</noinclude>
kqcmlr1dsdkbennkscwoszhl29k237n
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৯
104
73581
204365
204314
2025-06-23T18:01:34Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204365
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১০|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
কিন্তু এই সংস্কৃত প্ৰশস্তিৰ মাজতো সেই সময়ত জনসাধাৰণৰ মাজত প্ৰচলিত
ভাষাৰ দুই চাৰিটি শব্দই অবাধে স্থান পাইছে। সেই শব্দবোৰ মানুহৰ নাম,
গাৱঁৰ নাম, নদীৰ নাম, গছৰ নাম বুজোৱাত ব্যৱহৃত হৈছে। ইয়াৰ ভিতৰত
কালিয়া, ধনি, সনি, অনি, দক্ষিণপাট, শিঙৰি, পাৰলি, জান, জোল আদি শব্দ মন কৰিবলগীয়া। এই শব্দসমূহে অসমীয়া ভাষাৰ জন্মকালৰ সূচনা কৰে।
স্বৰ্গীয় মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯১৭ চনত নেপাল ৰাজদৰবাৰৰ
গ্ৰন্থাগাৰৰপৰা “চৰ্য্যা-চৰ্য্যবিনিশ্চয়” (চৰ্যাশ্চৰ্য্য-বিনিশ্চয়) নামৰ এখনি অতি
পুৰণি পুথি সংগ্ৰহ কৰিছিল। অন্য এখন পুথিৰে সৈতে বঙ্গীয় সাহিত্য
পৰিষদে “হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা” নাম
দি এই পুথি প্ৰকাশ কৰিছে। চৰ্যাশ্চৰ্য্য-বিনিশ্চয় পুথিত ২৪ জন কবি বা
সিদ্ধাচাৰ্যৰ ৰচিত ১৫টা দোহা বা গীত আছে।
{{gap}}গীতিৰচক সিদ্ধাচাৰ্য্যসকলৰ সময় খৃঃ ৯০০-ৰ পৰা ১২০০-অৰ ভিতৰত
বুলি অনুমান হয়। বঙ্গদেশৰ ভাষাতত্ত্ববিদসকলে চৰ্য্যাপদৰ ভাষাক বিচাৰ
বিশ্লেষণ কৰি সি যে প্ৰধানতে আৰু মূলতে বঙ্গলা ভাষা সেই কথা প্ৰতিপন্ন
কৰিবলৈ চেষ্টা কৰিছে। ড° কাকতিয়ে চৰ্য্যাপদৰ ভাষাৰ লগত প্ৰাচীন অসমীয়াৰ
সাদৃশ্য আলোচনা কৰি ইয়াৰ ভাষা অসমীয়া আৰু বঙ্গলা দুয়োৰে পূৰ্ব্বস্তৰ
(পূৰ্ব্ব মাগধী অপভ্ৰংশ) বুলি অনুমান কৰিছে। বিশেষতঃ এই দোহাৰ
এজন ৰচক সিদ্ধাচাৰ্য্য মীননাথ কামৰূপৰ লোক বুলি প্ৰমাণিত হোৱাত
ড° কাকতিৰ মত বিশেষভাৱে সমৰ্থনযোগ্য। সিদ্ধাচাৰ্য্য মীননাথে “বাহ্যান্তৰ-
বোধিচিত্তবন্ধো-প্ৰদেশ” নামৰ পুথি এখনিও ৰচনা কৰিছিল। বিখ্যাত পণ্ডিত
ৰাহুল সাংকৃত্যায়নে এই পুথি তিব্বতৰপৰা সংগ্ৰহ কৰিছিল। “বাহ্যান্তৰ-
বোধিচিত্তবন্ধোপ্ৰদেশৰ” ভাষাৰ লগত প্ৰাচীন অসমীয়া ভাষাৰ সাদৃশ্য আছে
বুলি ৰাহুলদেৱে মত প্ৰকাশ কৰিছে।
{{gap}}ড° কাকতিয়ে দোহাৰ ভাষাৰ লগত অসমীয়া ভাষাৰ ধ্বনি আৰু শব্দ-
গঠনৰ ৰীতিতো মিল আছে বুলি দৰ্শাইছে। স্বৰসমীভৱনৰ নিয়ম অনুযায়ী
পৰৱৰ্ত্তী অক্ষৰত (syllable) আ থাকিলে পূৰ্ব্বস্থিত আ-ধ্বনি অ-লৈ সলনি
হয়। এই নিয়ম দোহাত আৰু অসমীয়া ভাষাত পৰিলক্ষিত হৈছে। যথা,
চকা (চাকা), বপা (বাপা) ইত্যাদি। অসমীয়াৰ দৰে সংস্কৃত লাগ্ ধাতুৰপৰা
উদ্ভূত—লই চৰ্য্যাপদৰো চতুৰ্থী বিভক্তিৰ চিন্। কৃত, কাৰ্য্য, কৰ শব্দৰপৰা
সৃষ্টি হোৱা–এব, অৰ, ব বিভক্তিৰে ষষ্ঠীৰ পদ আৰু সংস্কৃত 'ত্ৰ' (> ও
>ত) বা অন্তৰ পৰা উদ্ভূত ত-ৰে সপ্তমীৰ পদ দুয়ো ভাষাতে কৰা হৈছে।
কৰ্ত্তৃ, কৰ্ম্ম, কৰণ আৰু, অধিকৰণ কাৰক কেতিয়াবা বিভক্তিযুক্ত নোহোৱাকৈ
ব্যৱহৃত হয়। যেনে— “কাআ তৰুবৰ পঞ্চ বি ডাল।” অসমীয়াৰ কৰ্মকাৰকত
এই লক্ষণ আছে। মুখ্য কৰ্ম্ম অপ্ৰাণিবাচক অথবা অনিদিষ্ট প্ৰাণিবাচক<noinclude></noinclude>
1fahnueg7kqnl4ofuizqs32hzxhatv2
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৪
104
73586
204368
203587
2025-06-24T03:37:56Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204368
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৫। অসমীয়া শব্দমালা}}}}
{{gap}}ভাষাৰ মূল শব্দ। অসমীয়া ভাষাৰ শব্দসমূহ ঘাইকৈ সংস্কৃত প্ৰাকৃতৰপৰা
আহিছে, যদিও প্ৰদেশৰ আৰু প্ৰদেশৰ বাহিৰৰ অন্যান্য ভাষাৰপৰাও ভালেমান
শব্দ অসমীয়াত সোমাইছে। এই শব্দসমূহৰ আগমনত অসমীয়া ভাষা শক্তি-
শালী হৈছে আৰু ই ভাৱ প্ৰকাশৰ প্ৰভূত ক্ষমতা লভিছে। বিভিন্ন উপাদানলৈ
লক্ষ্য ৰাখি অসমীয়া শব্দমালাক চাৰি শ্ৰেণীত ভগাব পাৰি—তৎসম, তদ্ভৱ,
দেশী আৰু বিদেশী। তৎসম (তৎ অৰ্থ সংস্কৃত) অৰ্থাৎ অবিকৃত সংস্কৃত
শব্দ। যেনে, ঈশ্বৰ, বন্ধু,, দৰ্শন, কৰ্ম্ম, সত্য ইত্যাদি। কোনো কোনো ক্ষেত্ৰত
উচ্চাৰণৰ তাৰতম্য হেতু তৎসম শব্দৰ বিকৃতি ঘটে। এই বিকৃত তৎসম শব্দ-
বোৰক অৰ্ধ-তৎসম বা ভগ্ন-তৎসম বোলে। যেনে—
{{gap}}{{gap}}{{gap}}তৎসম{{gap}}{{gap}}{{gap}}অৰ্ধ-তৎসম

{{gap}}{{gap}}{{gap}}ভক্তি{{gap}}{{gap}}{{gap}}ভকতি

{{gap}}{{gap}}{{gap}}মৰ্ম্ম{{gap}}{{gap}}{{gap}}মৰম

{{gap}}{{gap}}{{gap}}ৰত্ন{{gap}}{{gap}}{{gap}}ৰতন

{{gap}}{{gap}}{{gap}}যত্ন{{gap}}{{gap}}{{gap}}যতন

{{gap}}{{gap}}{{gap}}সতিনী{{gap}}{{gap}}{{gap}}সপত্নী
{{gap}}ভালেমান সংস্কৃত শব্দই প্ৰাকৃতৰ মাজেদি আহি অসমীয়াত নতুন ৰূপে
লৈছে। অসমীয়া ভাষাত প্ৰচলিত সৰহ ভাগ শব্দ এই শ্ৰেণীৰ। এই শব্দ-
সমূহক তদ্ভৱ (তাৰপৰা উদ্ভৱ হোৱা) বা প্ৰাকৃতজ বোলা হয়। সংস্কৃত বা
প্ৰাকৃতৰপৰা ওলাইছে যদিও এই শব্দসমূহৰ অসমীয়া ৰূপ ইমান পৰিৱৰ্ত্তিত
যে ভাষাতত্ত্ব আৰু ঐতিহাসিক তুলনামূলক আলোচনাৰ সহায় নহলে সতকাই
ইয়াৰ মূল বিচাৰি উলিওৱা টান। অসমীয়াত ব্যৱহাৰ হোৱা ভালেমান ঘৰুৱা
শব্দ, মানৱ দেহৰ অঙ্গ বজুৱা শব্দ, সমাজ, সম্বন্ধ, প্ৰাকৃতিক বস্তু বুজুৱা
শব্দ, সাধাৰণ গুণবাচক বিশেষণ, সংখ্যাবাচক শব্দ, সৰ্ব্বনাম, ক্ৰিয়া, অব্যয়
আদিক তদ্ভৱ বা প্ৰাকৃতজ বুলিব পাৰি। যেনে, হাত, পাৱ, মূৰ, নাক, কাণ,
দাঁত, বামুণ, কেওট, কুমাৰ, বিয়া, শৰাধ, ভনী, ভাই, মাই, নৈ, তৰা, বিজুলী,
লোহা, গৰু, ঘোঁৰা, হাতী,, সাপ, ভাল, পাতল, শুকান, স’চা, এক, দুই, তিনি,
আধা, মই, আমি, তুমি আৰু, অধিকাংশ ক্ৰিয়া, অব্যয় আদি। কোনো কোনো
ক্ষেত্ৰত তৎসম শব্দৰ অৰ্থ তদ্ভৰ শব্দৰ অৰ্থৰপৰা পাৰ্থক্য হয়। যেনে শস্যৰপৰা
শাহ, আত্মনৰপৰা আতা, আপা, প্ৰীতিৰপৰা পিৰীতি, কল্পৰ পৰা খলপা,
পৰ্ণৰপৰা পাণ, চূৰ্ণৰপৰা চূণ, স্থানৰপৰা থান (-পবিত্ৰ অৰ্থত), গৰ্ভিণীৰপৰা<noinclude></noinclude>
e7t7mx13q784xw6i56kihnz11vuw5vh
204369
204368
2025-06-24T03:38:56Z
Jyoti Chiring
2949
204369
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৫। অসমীয়া শব্দমালা}}}}
{{gap}}ভাষাৰ মূল শব্দ। অসমীয়া ভাষাৰ শব্দসমূহ ঘাইকৈ সংস্কৃত প্ৰাকৃতৰপৰা
আহিছে, যদিও প্ৰদেশৰ আৰু প্ৰদেশৰ বাহিৰৰ অন্যান্য ভাষাৰপৰাও ভালেমান
শব্দ অসমীয়াত সোমাইছে। এই শব্দসমূহৰ আগমনত অসমীয়া ভাষা শক্তি-
শালী হৈছে আৰু ই ভাৱ প্ৰকাশৰ প্ৰভূত ক্ষমতা লভিছে। বিভিন্ন উপাদানলৈ
লক্ষ্য ৰাখি অসমীয়া শব্দমালাক চাৰি শ্ৰেণীত ভগাব পাৰি—তৎসম, তদ্ভৱ,
দেশী আৰু বিদেশী। তৎসম (তৎ অৰ্থ সংস্কৃত) অৰ্থাৎ অবিকৃত সংস্কৃত
শব্দ। যেনে, ঈশ্বৰ, বন্ধু,, দৰ্শন, কৰ্ম্ম, সত্য ইত্যাদি। কোনো কোনো ক্ষেত্ৰত
উচ্চাৰণৰ তাৰতম্য হেতু তৎসম শব্দৰ বিকৃতি ঘটে। এই বিকৃত তৎসম শব্দ-
বোৰক অৰ্ধ-তৎসম বা ভগ্ন-তৎসম বোলে। যেনে—
{{gap}}{{gap}}{{gap}}তৎসম{{gap}}{{gap}}{{gap}}অৰ্ধ-তৎসম

{{gap}}{{gap}}{{gap}}ভক্তি{{gap}}{{gap}}{{gap}}ভকতি

{{gap}}{{gap}}{{gap}}মৰ্ম্ম{{gap}}{{gap}}{{gap}}মৰম

{{gap}}{{gap}}{{gap}}ৰত্ন{{gap}}{{gap}}{{gap}}ৰতন

{{gap}}{{gap}}{{gap}}যত্ন{{gap}}{{gap}}{{gap}}যতন

{{gap}}{{gap}}{{gap}}সতিনী{{gap}}{{gap}}{{gap}}সপত্নী
{{gap}}ভালেমান সংস্কৃত শব্দই প্ৰাকৃতৰ মাজেদি আহি অসমীয়াত নতুন ৰূপে
লৈছে। অসমীয়া ভাষাত প্ৰচলিত সৰহ ভাগ শব্দ এই শ্ৰেণীৰ। এই শব্দ-
সমূহক তদ্ভৱ (তাৰপৰা উদ্ভৱ হোৱা) বা প্ৰাকৃতজ বোলা হয়। সংস্কৃত বা
প্ৰাকৃতৰপৰা ওলাইছে যদিও এই শব্দসমূহৰ অসমীয়া ৰূপ ইমান পৰিৱৰ্ত্তিত
যে ভাষাতত্ত্ব আৰু ঐতিহাসিক তুলনামূলক আলোচনাৰ সহায় নহলে সতকাই
ইয়াৰ মূল বিচাৰি উলিওৱা টান। অসমীয়াত ব্যৱহাৰ হোৱা ভালেমান ঘৰুৱা
শব্দ, মানৱ দেহৰ অঙ্গ বজুৱা শব্দ, সমাজ, সম্বন্ধ, প্ৰাকৃতিক বস্তু বুজুৱা
শব্দ, সাধাৰণ গুণবাচক বিশেষণ, সংখ্যাবাচক শব্দ, সৰ্ব্বনাম, ক্ৰিয়া, অব্যয়
আদিক তদ্ভৱ বা প্ৰাকৃতজ বুলিব পাৰি। যেনে, হাত, পাৱ, মূৰ, নাক, কাণ,
দাঁত, বামুণ, কেওট, কুমাৰ, বিয়া, শৰাধ, ভনী, ভাই, মাই, নৈ, তৰা, বিজুলী,
লোহা, গৰু, ঘোঁৰা, হাতী,, সাপ, ভাল, পাতল, শুকান, স’চা, এক, দুই, তিনি,
আধা, মই, আমি, তুমি আৰু, অধিকাংশ ক্ৰিয়া, অব্যয় আদি। কোনো কোনো
ক্ষেত্ৰত তৎসম শব্দৰ অৰ্থ তদ্ভৰ শব্দৰ অৰ্থৰপৰা পাৰ্থক্য হয়। যেনে শস্যৰপৰা
শাহ, আত্মনৰপৰা আতা, আপা, প্ৰীতিৰপৰা পিৰীতি, কল্পৰ পৰা খলপা,
পৰ্ণৰপৰা পাণ, চূৰ্ণৰপৰা চূণ, স্থানৰপৰা থান (-পবিত্ৰ অৰ্থত), গৰ্ভিণীৰপৰা<noinclude></noinclude>
dr3786d5n8s3grzyfvzpuk2618b95bm
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৫
104
73587
204370
203588
2025-06-24T04:08:22Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204370
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১৬|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
গাভিনী (কেৱল বস্তুত), ভ্ৰমৰৰপৰা (ভোমোৰা), মৰ্কটৰপৰা মকৰা আৰু,
বাঘঃ লতামাকড়ি>মৰ্কট)—এইবোৰত মূল শব্দৰ অৰ্থান্তৰ ঘটিছে।
{{gap}}তৎসম আৰু, তদ্ভৱ শব্দৰ উপৰি অসমীয়াত আৰু দুই শ্ৰেণীৰ শব্দাৱলী
আছে,—দেশী আৰু বিদেশী। বিদেশী শব্দসমূহ বিচাৰী উলিৱা সহজ।
ইয়াৰ ৰূপ আৰু উচ্চাৰণেই মূল নিৰ্দ্দেশ কবে। কিন্তু দেশী শব্দবোৰৰ
মূল ধৰা টান। প্ৰদেশত প্ৰচলিত অথচ সংস্কৃত বা প্ৰাকৃত আৰু বিদেশী
ভাষাৰপৰা যিবোৰ শব্দ অহা নাই, সাধাৰণতে তাক দেশী বা দেশজ শব্দ
বোলা হয়। কিছুমান দেশীয় শব্দ যেনে, —লাড়ু, খাড়ু, হাড়ী, তেতেলি, তামোল,
কদলী আদিৰ ৰূপ সংস্কৃতত আছে; কিন্তু এই শব্দবোৰ দেশীয় ভাষাৰ
পৰাহে সংস্কৃতত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। উদাহৰণ
স্বৰপে তামোল শব্দটিকে ধৰিব পাৰি ভাৰতীয় সামাজিক আৰু ধৰ্ম্ম
সম্বন্ধীয় অনুষ্ঠানত তামোল-পাণৰ বিশেষ ব্যৱহাৰ আছে; কিন্তু ভাৰত আৰু
ইয়াৰ ওচৰৰ দেশৰ বাহিৰে (প্ৰশান্ত মহাসাগৰীয়) ইউৰোপ আদি অন্য ঠাইত
তামোল-পাণৰ ব্যৱহাৰ ৰীতি নাই। সেই কাৰণেই মূল আৰ্য্যভাষাত তামোল
বুজুৱা কোনো প্ৰতিশব্দও নাই। সম্ভৱতঃ এই শব্দটো মনখমেৰ ভাষা
পৰিয়ালৰ পৰা আহিছে। ড° কাকতিয়ে তেখেতৰ অসমীয়া ভাষাতত্ত্ব পুথিত
( Assamese : Its Formation and Development) দেশজ শব্দৰ বিষয়ে
বহলাই আলোচনা কৰিছে।
{{gap}}ড° কাকতিয়ে দেশজ শব্দৰপৰা ধাৰে লোৱা অসমীয়া শব্দসমূহক তিনি
শ্ৰেণীত ভাগ কৰিছে
{{gap}}(১) অষ্ট্ৰ-এচিয়াটিক—(ক) খাচি, (খ) কোল আৰু (গ) মালয়।
{{gap}}(২) তিব্বত, বৰ্ম্মী, বড়ো।
{{gap}}(৩) থাই আহোম ভাষাৰপৰা অহা শব্দসমূহ।
{{gap}}ড° কাকতিৰ পুথিৰপৰাই উদাহৰণ স্বৰূপে কেইটিমান শব্দ তুলি দিয়া
হ'ল। খাচি ভাষাৰপৰা অহা বুলি অনুমান কৰা শব্দৰ ভিতৰত কিংখাপ,
খং, ডিঙ্গা, জে, জপা, জঞ্জাল, জহা (ধান), মেথোন, চোকোৰা, নোদোকা,
টোকোনা ইত্যাদি।
{{gap}}কোল-মণ্ডাৰীৰ লগত সামঞ্জস্য থকা শব্দ—আটোম-টোকাৰি, ভঙ্গুৰা
জুনা, জুঁতি (চৰাই ধৰা), লাটুম, চিকৰা, ঠোঁটৱৈ, ভোদা, আলাবাদ, টোপ,
ঘুটমুট গোহাৰি, তেজপিয়া, গোঙ্গোৰা, ইত্যাদি।
{{gap}}মালয়ৰ লগত মিল থকা শব্দ–আচুসুতা, বগা, বোকা, বেজবেজ, বিলাক,
বুটী, চেঙ্গা, চোং, গাহৰি, গেৰেকনি, জহামাল, কোঙ্গা, টেলেকা, লাও-পানী
ইত্যাদি।
বড়োৰপৰা অহা শব্দৰ ভিতৰত হৈছে—হাফলু, মাইহাং, হামাহ, জখলা,<noinclude></noinclude>
ay68jc8lsdnq4k7n8jh61sawzsxrmy4
204371
204370
2025-06-24T04:09:50Z
Jyoti Chiring
2949
204371
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১৬|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
গাভিনী (কেৱল বস্তুত), ভ্ৰমৰৰপৰা (ভোমোৰা), মৰ্কটৰপৰা মকৰা আৰু,
বাঘঃ লতামাকড়ি>মৰ্কট)—এইবোৰত মূল শব্দৰ অৰ্থান্তৰ ঘটিছে।
{{gap}}তৎসম আৰু, তদ্ভৱ শব্দৰ উপৰি অসমীয়াত আৰু দুই শ্ৰেণীৰ শব্দাৱলী
আছে,—দেশী আৰু বিদেশী। বিদেশী শব্দসমূহ বিচাৰী উলিৱা সহজ।
ইয়াৰ ৰূপ আৰু উচ্চাৰণেই মূল নিৰ্দ্দেশ কবে। কিন্তু দেশী শব্দবোৰৰ
মূল ধৰা টান। প্ৰদেশত প্ৰচলিত অথচ সংস্কৃত বা প্ৰাকৃত আৰু বিদেশী
ভাষাৰপৰা যিবোৰ শব্দ অহা নাই, সাধাৰণতে তাক দেশী বা দেশজ শব্দ
বোলা হয়। কিছুমান দেশীয় শব্দ যেনে, —লাড়ু, খাড়ু, হাড়ী, তেতেলি, তামোল,
কদলী আদিৰ ৰূপ সংস্কৃতত আছে; কিন্তু এই শব্দবোৰ দেশীয় ভাষাৰ
পৰাহে সংস্কৃতত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। উদাহৰণ
স্বৰপে তামোল শব্দটিকে ধৰিব পাৰি ভাৰতীয় সামাজিক আৰু ধৰ্ম্ম
সম্বন্ধীয় অনুষ্ঠানত তামোল-পাণৰ বিশেষ ব্যৱহাৰ আছে; কিন্তু ভাৰত আৰু
ইয়াৰ ওচৰৰ দেশৰ বাহিৰে (প্ৰশান্ত মহাসাগৰীয়) ইউৰোপ আদি অন্য ঠাইত
তামোল-পাণৰ ব্যৱহাৰ ৰীতি নাই। সেই কাৰণেই মূল আৰ্য্যভাষাত তামোল
বুজুৱা কোনো প্ৰতিশব্দও নাই। সম্ভৱতঃ এই শব্দটো মনখমেৰ ভাষা
পৰিয়ালৰ পৰা আহিছে। ড° কাকতিয়ে তেখেতৰ অসমীয়া ভাষাতত্ত্ব পুথিত
( Assamese : Its Formation and Development) দেশজ শব্দৰ বিষয়ে
বহলাই আলোচনা কৰিছে।
{{gap}}ড° কাকতিয়ে দেশজ শব্দৰপৰা ধাৰে লোৱা অসমীয়া শব্দসমূহক তিনি
শ্ৰেণীত ভাগ কৰিছে
{{gap}}(১) অষ্ট্ৰ-এচিয়াটিক—(ক) খাচি, (খ) কোল আৰু (গ) মালয়।
{{gap}}(২) তিব্বত, বৰ্ম্মী, বড়ো।
{{gap}}(৩) থাই আহোম ভাষাৰপৰা অহা শব্দসমূহ।
{{gap}}ড° কাকতিৰ পুথিৰপৰাই উদাহৰণ স্বৰূপে কেইটিমান শব্দ তুলি দিয়া
হ'ল। খাচি ভাষাৰপৰা অহা বুলি অনুমান কৰা শব্দৰ ভিতৰত কিংখাপ,
খং, ডিঙ্গা, জে, জপা, জঞ্জাল, জহা (ধান), মেথোন, চোকোৰা, নোদোকা,
টোকোনা ইত্যাদি।
{{gap}}কোল-মণ্ডাৰীৰ লগত সামঞ্জস্য থকা শব্দ—আটোম-টোকাৰি, ভঙ্গুৰা
জুনা, জুঁতি (চৰাই ধৰা), লাটুম, চিকৰা, ঠোঁটৱৈ, ভোদা, আলাবাদ, টোপ,
ঘুটমুট গোহাৰি, তেজপিয়া, গোঙ্গোৰা, ইত্যাদি।
{{gap}}মালয়ৰ লগত মিল থকা শব্দ–আচুসুতা, বগা, বোকা, বেজবেজ, বিলাক,
বুটী, চেঙ্গা, চোং, গাহৰি, গেৰেকনি, জহামাল, কোঙ্গা, টেলেকা, লাও-পানী
ইত্যাদি।
বড়োৰপৰা অহা শব্দৰ ভিতৰত হৈছে—হাফলু, মাইহাং, হামাহ, জখলা,<noinclude></noinclude>
8gjovp48mf1geegoofvqdpoeegva125
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৬
104
73588
204372
203589
2025-06-24T04:36:01Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204372
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||অসমীয়া শব্দমালা|১৭}}</noinclude>জোং, হোজা, হেঙ্গাৰ, কোন্দা, থোকা, হাওফাও, চাং, হোলোঙ্গা, লফা, লামখ,
লাওখোলা, শিলিখা, ডাউক ইত্যাদি।
{{gap}}দি-উপসৰ্গ থকা নৈৰ নামবোৰো বড়োৰপৰা হৈছে। যেনে— দিব্ৰু, দিহং,
দিবং, দিখৌ, দিগবই, মঙ্গলদৈ ইত্যাদি।
{{gap}}থাই বা আহোমৰপৰা অহা শব্দৰ ভিতৰত উল্লেখ কৰিব পাৰি – পোখা, পাং,
ফাং, বাণ (বাতি), বুৰঞ্জী, জান, জেকা, কাৰেং, ৰং (ঘৰ), লাং (লাং খাই পৰ),
আংমৰা, হাই ইত্যাদি।
{{gap}}অন্য গোষ্ঠী ভাষাৰপৰা বিশেষ্য, বিশেষণ, ক্ৰিয়া আদিৰ সম্পূৰ্ণ ৰূপ
ধাৰ কৰাহে ভাষাৰ সাধাৰণ ৰীতি। কিন্তু ওপৰৰ অনাৰ্য্য ভাষাসমূহৰপৰা
আৰ্য্য অসমীয়া ভাষাই প্ৰত্যয়, সহায়ক ক্ৰিয়া আদিও গ্ৰহণ কৰিছে। ড° কাক-
তিয়ে অসমীয়া শব্দৰ বলম, পেখম, ৰাংচা, ধেপচা, দঁহেচীয়া, খৰচীয়া আদিত
যোগ হোৱা–ম, চা, চীয় আদি অনুসৰ্গ বড়ো ভাষাৰপৰা আহিছে বুলি
অনুমান কৰিছে। ভাষাবিদ্সকলৰ মতে আধুনিক আৰ্য্য ভাষাত সহায়ক
ধাতুৰ ব্যৱহাৰ পদ্ধতিও অনাৰ্য্য ভাষাৰপৰা উদ্ভৱ হৈছে—খাই পোলোৱা, মাৰি
পেলোৱা ইত্যাদি।
{{gap}}সাধাৰণতে জীৱন্ত ভাষাক বোৱতী নদীৰ লগত তুলনা কৰা হয়। বিভিন্ন
ফালৰপৰা বাগৰি অহা বাৰিধাৰাৰ সংযোগত সাগৰ অভিমুখে বৈ যোৱা নদী
যেনেকৈ শক্তিশালী হয়, সেইদৰে অষ্ট্ৰিক, তিব্বত, বৰ্ম্মী ভাষাৰ সম্মেলনত
অসমীয়াৰ ভাষাৰ দিনক দিনে ঐশ্বৰ্য্য আৰু বৈচিত্ৰ্য বাঢ়িছে।
{{gap}}বিদেশী শব্দবোৰৰ ভিতৰত কিছুমান পোনে পোনেই আহি অসমীয়া শব্দ-
মালাত লৈছেহি। পৰিৱৰ্ত্তনৰ মাজেদি অহা শব্দৰ ভিতৰত পুথি, পাইক,
সুৰুং আদিৰ উল্লেখ কৰিব পাবি। পুথি শব্দটোৰ মূল হৈছে পহুলবি পোস্ত
( parchment ) পোস্ত শব্দত 'ক' প্ৰত্যয় লগাই পুস্তক কৰা হৈছে। ইৰাণীয়
পাইক আৰু গ্ৰীক চুৰিংকচ শব্দৰপৰা ক্ৰমে ‘পাইক’ আৰু ‘সুৰুং’-অৰ উদ্ভৱ হৈছে।
{{gap}}অসমীয়াত ব্যৱহাৰ হোৱা বাকীবোৰ বিদেশী শব্দক ঘাইকৈ দুই শ্ৰেণীত
ভগাব পাৰি। ভাৰতৰ ভিতৰুৱা আধুনিক প্ৰাদেশিক ভাষাৰপৰা অহা শব্দ-
সমুহ, আৰু অভাৰতীয় ভাষাৰপৰা অহা শব্দসমূহ। ভাৰতৰ অন্যান্য প্ৰদেশৰ
আধুনিক আৰ্য্য ভাষাৰপৰা আমাৰ ভাষালৈ ভালেমান শব্দ আহিছে। এই
শব্দবোৰৰ তদ্ভৱ শব্দৰ শাৰীত ধৰিব পাৰি৷
{{gap}}কিন্তু প্ৰাকৃতৰপৰা নাহি আন প্ৰাদেশিক ভাষাৰপৰা অহা বাবে ইহতৰ
পৰ্য্যায় সকীয়া বুলি ধৰা হৈছে। শিক্ষা, সংস্কৃতি, ব্যৱসায় আদি নানা
কাৰণৰ হেতু অসমীয়াৰ লগত হিন্দী, উড়ীয়া, বঙ্গলা আদি ভাষা-ভাষীসকলৰ
সংযোগ ঘটিছে। তাৰে ফলত প্ৰত্যেক প্ৰদেশৰ ভাষাৰ কিছুমান শব্দই বিকৃত
বা অবিকৃতভাৱে আমাৰ ভাষাত ঠাই পাইছেহি। যেনে—<noinclude></noinclude>
ev003xvee9eoy6r0a38qlpx0f0na7cn
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৭
104
73589
204384
203590
2025-06-24T05:31:42Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204384
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১৮|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
{{gap}}হিন্দী—লুচিৱালা, কাগজৱালা, হাইজা, চাহিদা, মহঙ্গা, আপোচ। বঙ্গলা
—ভেজাল, কেলেঙ্কাৰী, বেতাৰ, ৰসগোল্লা আদি নানাবিধ মিঠাইৰ নাম। গুজ-
ৰাটী –হৰতাল ইত্যাদি।
{{gap}}ভাৰতৰ বাহিৰৰপৰা অহা বিদেশী শব্দসমূহক আকৌ দুই শ্ৰেণীত ভগাব
পাৰি—ফাৰ্চী আৰু ইউৰোপীয়। ফাৰ্চীৰ ভিতৰত ফাৰ্চী, আৰবী আৰু তুৰ্কী
ভাষা পৰিছে। তুৰ্কী শব্দসমূহ ঘাইকৈ ফাৰ্চীৰ মাজেদিহে অসমীয়াত
সোমাইছেহি। ফাৰ্চী শব্দসমূহক তলত দিয়া দৰে ভাগ কৰিব পাৰি-
{{gap}}(১) ৰজা, বিষয়া, ৰাজ-সন্মান বিষয়ৰ শব্দ—আমিৰ, উজিৰ, বাদচাহ,
নবাব, চুলতান, দেৱান, বাহাদুৰ (খাঁ-বাহাদুৰ), তালুকদাৰ, তহচিলদাৰ, জমি-
দাৰ, চুবেদাৰ, চৰ্দাৰ, হাকিম, দাৰোগা, খলিফা, মুঞ্চি, পেচকাৰ, চাপ্ৰাচি, দাৰো-
য়ান, উকিল, দপ্তৰি, হজুৰ, মালিক, চাকৰ ইত্যাদি।
{{gap}}(২) শাসন, আইন, খাজানা, ব্যৱসায়, যুদ্ধ সম্বন্ধীয়— তালুক, মহকুমা,
জিলা, চহৰ, চৰ্কাৰ, আইন-কানুন, আদালত, খত, দলিল, দৰ্খাস্ত, এজাহাৰ,
ক্ৰোক, আৰ্জি', জাৰি, নালিচ, মোকৰ্দ্দমা, জবান, জামানত, আমানত, ফৰিয়াদি,
আচামী, বাজেয়াপ্ত, হাজত, বৰৰ্খাস্ত, ইস্তফা, দফা, কৰ্জ্জা, কৈফিয়ৎ, ফেৰাৰ,
খাৰিজ, ফৌজাদৰী, এজলাচ, খানাতালাচ, ফয়চলা, হক, খুনি, মজুৰ, দস্তুৰ
হাজিৰ, হিচাব-নিকাচ, কয়দী, কয়দীখানা, ৰছিদ, খোচামোদ, জৰিমনা, পৰো-
ৱানা, নজৰবন্দী, আবকাৰি।
{{gap}}খাজানা সম্বন্ধীয় শব্দৰ ভিতৰত— খাজানা, খাজাঞ্চি, আবাদ, এক্তিয়াৰ,
ওয়াচিল, তহবিল, জমা, নাজিৰ, বাকীদাৰ, জৰিপ, বন্দোবস্ত, জমাবন্দি,
চিঠাবন্দি, মাচুল মালখানা, এজমালি, কিস্তি, এলেকা, খাৰিজ, খালি আদি।
{{gap}}যুদ্ধ সম্বন্ধীয় শব্দ হৈছে—ফৌজ, চিপাহি, হাবিলদাৰ, গোলা-বাৰুদ,
কামান, কেল্লা, বন্দুক, তীৰ, টোপ, চুচ-কাৱাজ; ইয়াৰ লগতে ঘোঁৰাৰ লগত
জৰিত শব্দসমূহৰ যোগ দিব পাৰি। এইবোৰ হৈছে—চহিচ, কাচোৱান, চাবুক,
লাগাম, নল, বেকাৰি, চোৱাৰ, জিন।
{{gap}}দোকান, দোকানদাৰ, খৰিদ, খৰিদ্দাৰ, দালাল, জল্লাদ, কচাই, কলাই (-কৰা),মিনা (-কৰা), মিস্ত্ৰি, চিকাৰি, কাৰিগৰ, ৰোজকাৰ, কাৰবাব, দৰ্জ্জি (দৰ্জ্জিৰ
লগত সম্বন্ধ থকা আস্তিন, বসল, জেপ, ইত্যাদি) — শব্দবোৰ ব্যৱসায় সম্বন্ধীয়।
{{gap}}(৩) ইচলাম ধৰ্ম্ম, অনুষ্ঠান সম্বন্ধীয়—ইচলাম, মুচলমান, আল্লা,
আউলিয়া, ইদ, ইমাম, নমাজ, মচজিদ, কোৰবানি, কবৰ, দিন-ইলাহি, কলমা,
কোৰাণ, খোদা, খলিফা, মহৰম, তাজিয়া, চৈয়দ, চুন্নৎ, তাবিজ, নবী, নিকা,
পিৰ, পয়গম্বৰ, মুবাৰক, মানৎ, মৌলবী, ৰোজা, ৰচুল। ইচলাম ধৰ্ম্ম-সংস্কৃতিক
বুজাবলৈ এই শব্দবোৰ সাধাৰণ গাঁৱৰ মুচলমানেও সদা-সৰ্ব্বদা ব্যৱহাৰ কৰে ৷
{{gap}}(৪) শিক্ষা, সংস্কৃতি সাহিত্য বিষয়ৰ কথা – কলম, কিতাপ, কাগজ,<noinclude></noinclude>
olagtseba1eq95q6njwvdfh583rxlc4
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৮
104
73590
204388
203591
2025-06-24T06:29:02Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204388
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||অসমীয়া শব্দমালা|১৯}}</noinclude>
চিয়াহি, দোৱাত, মানে (অৰ্থ), জিল্দ, লেফাফা, খবৰ, হৰফ, তৰ্জ্জমা, মজলিচ।
বাদ্য-যন্ত্ৰ আৰু সঙ্গীতৰ ভিতৰুৱাঃ চেতাৰ, তবলা, ৰবাব, নাসাৰা, দামামা,
চানাই, তানপুৰা, শৰোদ, কাৱালি, খেয়াল, গজল, ওস্তাদ।
{{gap}}হাকিম (চিকিৎসক), দাৱাই, ইচবগুল, জুলাব, মলম, চিৰিকা, হাইজা,
বদ-হজম আদি চিকিৎসা সম্বন্ধীয় শব্দ।
{{gap}}শতৰঞ্চি (Chess), তাচ, কুস্তি, পালোৱান আদি খেল-ধেমালিৰ শব্দ।
{{gap}}গালি-শপণিত প্ৰয়োগ কৰা শব্দসমূহেও সাংস্কৃতিৰ এক দিশ প্ৰকাশ
কৰে। যেনে—বদমাইচ, বেইমান, বইজাত, হাৰামখোৰ, হাৰামজাদা, পাজি,
চয়তান, নালায়ক। সম্বোধনত প্ৰয়োগ হোৱা ‘আৱে' শব্দটোৰ অৰ্থৰ অৱনতি
ঘটি গালিত ব্যৱহাৰ হয়।
{{gap}}(৫) বিলাসৰ সামগ্ৰী আৰু, ব্যৱসায় বিষয়ৰ শব্দ—আইনা, আতৰ, আৰক,
আতচবাজী, চচমা, মেজ, তক্তাপোচ আদি।
{{gap}}কানি-কাপোৰ সম্বন্ধীয়—বোৰ্খা, পৰ্দ্দা, গলবন্ধ, লুঙি, নিমা, কুৰ্ত্তা, কামিজ,
চালোৱাৰ, জামা, মিৰজাই, ফটুৱাই, পায়জামা, মোজা, মখমল, গালিচা, চামিয়ানা।
{{gap}}বদ্না, বোলাৱৰী, ডেক্চি, চামোচ, পিয়ালা ,আদি—বাচন-বৰ্ত্তন
সম্বন্ধীয়। ভোজন আৰু ভোজন বিলাসিতাৰ শব্দ—বাবুৰ্চি, খানচামা, খাচি,
নাস্তা, কোৰ্ম্মা, কালিয়া, কোপ্তা, কাবাব, পোলাও, বিৰিয়ানি, হালোৱা, বৰফ,
বৰফি, বালুচাহি, গজা, জেলেপি, পেৰা, চৰবত্, চীজ, চাপাতি, ময়দা, বেচন,
নিমখ, মচলা, আঙৰ, আলুবখৰা, বাদাম, খুৰমা (মুল অৰ্থ খেজুৰ), কিচমিচ,
মনক্কা, খোবানি, চেপেতা, পদিনা, চালগোম, পিয়াজ, নহৰু, তৰমুজ, গাজৰ,
হোক্কা, চিলিম, খামিৰ (-মিহলোৱা ধপাত) ইত্যাদি।
{{gap}}ঘৰ আৰ নিৰ্ম্মাণকাৰ্য্যৰ লগত সম্বন্ধ থকা শব্দ—মহল, মঞ্জিল, দালান,
হাউলি, বুনিয়াদ, মিনাৰ, দৰ্জ্জা, বাৰান্দা, পুল (দলং), চালামি (Slage).
{{gap}}(৬) বিভিন্ন দেশবাসী নিৰ্দ্দেশক শব্দ—আৰব, ইহুদী ইত্যাদি।
{{gap}}(৭) সাধাৰণ বস্তু আৰু ভাব নিদ্দেৰ্শক শব্দ—কাৰখানা, গৰজ, জানোৱাৰ,
জাহাজ, জিদ, দখল, দৰকাৰ, দোকান, নগদ, নমুনা, নৰম, পছন্দ, বদজাত,
মজবুত, মুলুক, বকম, হজম, হাজাৰ, হক, হাউচ, খিয়াল, আপচোচ, কদৰ,
মৎলব, ফিকিৰ, তাৰিফ, বাহাৰ, জোৰ, ইচাবা, ইত্যাদি।
{{gap}}কোনো কোনো শব্দ বিশেষণ স্বৰূপে ব্যৱহাৰ হয়ঃ বাহাদুৰী, বদমাইচী,
চালাকী, দগাবাজী, খুচী, নামাঞ্জুৰী, তৈয়াৰী, নকলী, তেজী আদি। অসমীয়াত
কিছুমানৰ অৰ্থ সলনি হয়। যেনে-
{{gap}}{{gap}}মূল শব্দ {{gap}}{{gap}}মূল অৰ্থ {{gap}}{{gap}}অসমীয়া অৰ্থ
{{gap}}{{gap}}বসল{{gap}}{{gap}} মহান{{gap}}{{gap}} কাষলতি
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(তুই গাৰী বগল দিয়া)<noinclude></noinclude>
1dje03fhv6faqrld0n0aayic9uek0k6
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২৯
104
73591
204403
203592
2025-06-24T11:39:22Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204403
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|২০|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
{{gap|3em}}মূল শব্দ{{gap|3em}}মূল অৰ্থ{{gap|3em}}অসমীয়া অৰ্থ

{{gap|3em}}চিক{{gap|3em}} মিহি কাপোৰ{{gap|3em}} বাঁহৰ পৰ্দ্দা

{{gap|3em}}দানা{{gap|3em}} খাদ্য {{gap|4em}}জন্তুৰ খাদ্য

{{gap|3em}}তামাচা{{gap|3em}} ঘুৰিফুৰ{{gap|3em}}ধেমালি

{{gap|3em}}জুলুম {{gap|3em}}আন্ধাৰ{{gap|3em}} কষ্ট
{{gap}}ইউৰোপৰপৰা শব্দবোৰ সাধাৰণতে ইংৰাজী বা অন্য ভাৰতীয় ভাষাৰ
যোগেদি অসমীয়া ভাষাত সোমাইছে। ইয়াৰ ভিতৰত পৰ্তুগীজৰপৰা অহা
শব্দবোৰ ঘাইকৈ বঙ্গলাৰ যোগেদি আমাৰ ভাষালৈ আহিছে। অসমীয়া ভাষালৈ
ৰূপান্তৰিত হওঁতে মূল শব্দৰ গঢ় ভালেখিনি লৰিছে। অসমীয়া ভাষাত
প্ৰচলিত পৰ্তুগীজৰপৰা অহা শব্দৰ ভিতৰত জানালা, বুটাম, বাল্টি, গীৰ্জ্জা,
ফিটা, ফৰ্ম্মা, মিস্ত্ৰী, পাউৰুটি, পিপা, বাৰান্দা, কফি, ইস্পাত, পিস্তল, আয়া,
বেহেলা, বোমা, মাৰ্কা, চালচা, আলমাৰি, আনাৰস, চাবি, কেৰাণী, বয়স, নীলাম,
বিন্তি তাচখেলা, কামিজ ইত্যাদি।
{{gap}}বিদেশীৰপৰা অহা শব্দাৱলীৰ ভিতৰত আধুনিক যুগত ইংৰাজীৰপৰা অহা
শব্দৰ তালিকাই দীঘলীয়া। বৃটিছ শাসনৰ লগে লগে ভালেমান ইংৰাজী বস্তু,
ভাৱ, অনুষ্ঠান, আদি অসমলৈ আহিল। এইবোৰ নিৰ্দ্দেশ কৰিবৰ কাৰণে
কেতিয়াবা মূল ইংৰাজী শব্দ আৰু কেতিয়াবা তাৰ বিকৃত ৰূপ অথবা তাৰ
পৰিৱৰ্ত্তিত উচ্চাৰণ ব্যৱহাৰ কৰা হৈছে।
{{gap}}অভাৰতীয় ঠাই আৰু মানুহৰ নাম অসমীয়াত ঘাইকৈ ইংৰাজীৰ যোগে-
দিহে পোৱা হৈছে। বিদেশী নামৰ ভিতৰত এৰিষ্টটোল, প্লেটো, ভল্টেয়াৰ,
মাৰ্ক্স,এচিয়া, জানুৱাৰী আদি বাৰ মাহৰ নাম ইত্যাদি (অসমীয়া ভাষাত ইংৰাজী
শব্দমালা আধ্যা)। ইংৰাজী ভাষাৰ যোগে অন্যান্য ভাষাৰ শব্দও অসমীয়াত
সোমাইছে—জেব্ৰা, কুইনাইন, বলচেভিক, চাহ, চেনি (চীন), বিকচ’, হাৰাকিৰি
(জাপানী), চাগু, গুদাম (মালয়) ইত্যাদি।
{{gap}}ফ্ৰাঞ্চপৰা অহা শব্দৰ ভিতৰত কাৰ্ত্তিজ, কুপন, চাবোন, বুৰ্জ্জোৱা, ওলণ্ডাজ
আদি শব্দই প্ৰধান। ওলণ্ডাজৰপৰা অহাৰ ভিতৰত ইচক্ৰপ আৰু ঘাইকৈ
তাচ খেলৰ পাতৰ নামবোৰ; যেনে—হৰ্ত্তন, ৰোহিতন, ইস্কাপন।
{{gap}}ইয়াৰ বাহিৰেও দেশী আৰু বিদেশী শব্দ মিলি, বিদেশী শব্দত দেশী
প্ৰত্যয় বা উপসৰ্গ আৰু দেশী শব্দত বিদেশী প্ৰত্যয় বা উপসৰ্গ যোগ হৈ
এক নতুন শ্ৰেণীৰ শব্দ গঠিত হৈছে। এনে শব্দসমূহক মিহলি শব্দ
( Hybrid বা Hybrid words) নাম দিব পাৰি। এনেকৈ গঠিত হোৱা
নতুন শব্দ কেইটামানৰ উদাহৰণ দিয়া হল—হেড্-পণ্ডিত, হেড্-মহৰী, পুলিচ-
চাদাব, পাঠ্য-কিতাপ, স্কুলপাঠ্য ইত্যাদি। প্ৰত্যয় সংযোগত গঠিত যেনে—
মাষ্ট্ৰৰ+ ঈ=মাষ্ট্ৰৰী, বে (ফাং)+টাইম=বেটাইম, বে+নিয়ম=বেনিয়ম, গড় (ফাং)<noinclude></noinclude>
5clscl186o2k9oz4cfvsvxgn4yhiv07
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৩০
104
73592
204404
203593
2025-06-24T11:58:54Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204404
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||অসমীয়া শব্দমালা|২১}}</noinclude>
+মিল=গড়মিল, বে+ৰসিক=বেৰসিক। ফাৰ্চী শব্দৰ সংযোগত এনে ধৰণৰ
ভালেমান সমাসসিদ্ধ মিহলি শব্দৰ সৃষ্টি হৈছে। যেনেঃ জেপ-ঘড়ি, মম্-
বাতি, ৰাজ-মহল, ৰং-মহল, বজাৰ-ভাও। অৰ্থ অধিক স্পষ্ট কৰিবলৈ একে
অৰ্থৰ দুই ভাষাৰ দুটা শব্দ (এটা ফাৰ্চ্চীৰ) যোগ কৰি কৰা শব্দ হৈছে—
ধন-দৌলত, হাট-বজাৰ, খত-পত্ৰ, লাজ-চৰম, ৰাম-ৰহিম, হাল-চাল, তুলা-তৰ্জ্জু।
কেতিয়াবা আৰবী-ফাৰ্চ্চী শব্দত অসমীয়া প্ৰত্যয়, শব্দ বা শব্দৰ যোগ কৰি
নতুন পদ কৰা হয়। যেনে, বজৰুৱা জেপ-লুৰুকা, চৌ-হদ ইত্যাদি।
{{gap}}অসমীয়া শব্দত বিদেশী প্ৰত্যয় অথবা অন্য শব্দ যোগ হৈও মিশ্ৰ শব্দৰ
সৃষ্টি কৰিছে। যেনে—গাৰোৱান, কচোৱান, দাৰোৱান, (আছে বা থকা অৰ্থত
আন বা ৱান প্ৰত্যয়); ডাক্তৰখানা, ছপাখানা, বৈঠকখানা (স্থান বা দোকান
অৰ্থত খানা প্ৰত্যয় সংযোগ); কাৰিকৰ, বাজিকৰ, সদাগৰ (কৰা অৰ্থত গৰ বা
কৰ সংযোগ); ঘোচখোৰ, হাৰামখোৰ, সুদখোৰ, (খোৱা অৰ্থত খোৰ); বাবুগিৰি
কেৰাণীগিৰি (ব্যৱসায় অৰ্থত গিৰি); গালিচা, দলিচা, বাগিচা, নলিচা, খাজাঞ্চি,
ডেগচী (আধাৰ অথবা ক্ষুদ্ৰ অৰ্থত চা, চি, চী); ফলদানী, চাহদানী, পিকদানী
(আধাৰ অৰ্থত দানী); মৌজাদাৰ, চৌকিদাৰ, অংশীদাৰ (ধাৰক বা কৰ্ত্তা অৰ্থত
—দাৰ); নকল-নবিশ, (লেখক অৰ্থত); চিঠা-বন্দী, জবানবন্দী (গৃহীত অৰ্থত
বাদ বা বন্দী); মোক্তাৰনামা, ওকালতনামা (নাম সংযোগত); দগাবাজ (-বাজ)
বঙ্গীন, চৌখীন (ঈন বা ইন); আৰবী-ফাৰ্চ্চী উপসৰ্গৰ যোগত হোৱা শব্দঃ
বদ-নাম, ব-কলম, ব-নাম (vursus), বে-ইজ্জত, গৰ-ৰাইজ, গৰ-হাজিৰ, গৰ-
কাপ্তানি।
{{gap}}ওচৰ-{{SIC|বচুৰীয়া|চুবুৰীয়া}} ভাষাৰ লগত সম্বন্ধহীন হৈ কোনো ভাষা স্বতন্ত্ৰৰীয়া ভাৱে থাকিব নোৱাৰে। ৰাজনৈতিক, সাংস্কৃতিক আৰু, ধাৰ্ম্মিক-প্ৰভাৱৰ হেতু
এটা ভাষাই আন এটা ভাষাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা স্বাভাৱিক নিয়ম।
কিন্তু এইখিনিতে এটা বিশেষত্ব মন কৰিবলগীয়া। সাধাৰণতে মানুহে বিদেশী
ভাষা শিকি সেই ভাষাত কথা-বাৰ্ত্তা কওঁতে তাৰ মাজত নিজ ভাষাৰ শব্দ
যাতে ব্যৱহৃত নহয়, সেই বিষয়ে বিশেষ সতৰ্ক আৰু সজাগ হয়; কিন্তু
নিজভাষা কওঁতে এই ৰীতিৰ বিপৰীত ঘটে, অৰ্থাৎ অসমীয়া মানহে ইংৰাজী
কথোপকথনৰ মাজত অজ্ঞাতসাৰেও অসমীয়া শব্দ বা জতুৱা খণ্ড-বাক্য ব্যৱ-
হাৰ নকৰে। কিন্তু অসমীয়াত কথা-বতৰা হওঁতে বাধাহীন আৰু নিঃসঙ্কোচ -
ভাৱে ইংৰাজী ভাষাৰ শব্দ প্ৰয়োগ কৰি নিজৰ বিদ্যা আৰু শিক্ষাৰ পৰচিয় দিয়ে।
এটা ভাষাই অন্য এটা ভাষাৰপৰা, ঘাইকৈ প্ৰয়োজনৰ বশৱৰ্ত্তী হৈ শব্দ
ধাৰ কৰে। কোনো এখন দেশত নতুনকৈ এটা বস্তু উৎপন্ন হলে, অথবা অন্য
দেশত নেদেখা বা নেহোৱা পশু, পক্ষী, গাছ-লতা আদি প্ৰাকৃতিক বস্তু
আৱিষ্কাৰ হলে তাৰ নাম প্ৰথমে সেই দেশৰ ভাষাত ৰখা হয়; অন্য ভাষাই<noinclude></noinclude>
0qux98yqzrt452u4sht1hmkd1xg17j0
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮১
104
73960
204338
2025-06-23T12:03:17Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204338
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||বান্দৰৰ প্ৰতিশোধ|৭৩}}</noinclude>অৱশেষত খাবলৈ নাপাই বান্দৰ শুকাই ক্ষীণাই যাবলৈ ধৰিলে। দাঁত নিকতাই কাউৰী জাকক সি ভয় দেখুৱাই হয়, কিন্তু কাউৰীবোৰে তাৰ ভাবুকিলৈ ভ্ৰূক্ষেপকে নকৰে। কাউৰী খেদাই সি তাৰ নিজৰ পেট পূৰাবৰ আশা নেদিখি অৱশেষত প্ৰতিশোধ লবৰ নিমিত্তে মনতে এটা উপায় স্থিৰ কৰিলে।
{{gap}}এদিন ৰাতিপুৱা গৃহস্থে বান্দৰক দিবলৈ কিছুমান খোৱা বস্তু নি মাটিতে থৈ গুচি আহিল। এনেতে বান্দৰো ওপৰৰ পৰা নামি আহি চক্ষু মুদি মাটিত মূৰ পেলাই মৰা ভাও জুৰি পৰি থাকিল। কাউৰীবিলাক আহি বান্দৰৰ বেমাৰ হৈছে বুলি জানি বস্তু বিলাকৰ ওচৰত জাকে জাকে পৰি থপিয়া থপিকৈ খাবলৈ ধৰিলে। বান্দৰে চিতলং-পাতলং কৰি বাগৰি বাগৰি কাউৰী জাকৰ মাজ পালত, আটাইবিলাক কাউৰী উৰি গল; কিন্তু এজনী দগা কাউৰীয়ে বান্দৰক অচেতন দেখি ভয় নকৰি বস্তুবিলাক খায় থাকিল। বান্দৰটোৱে পিৰিক পাৰাককৈ কাউৰী জনীৰ ফাললৈ চাই আছিল। কাউৰী জনীয়ে তললৈ মূৰ কৰি বস্তু এটা খোঁট মাৰি ধৰোঁতেই খঙ্গত জ্বলি থকা বান্দৰটোৱে থাপমাৰি তাইৰ ডিঙ্গিত আঁটি ধৰিলে।
{{gap}}কাউৰী জনীক ধৰি সি আনন্দত বিভোল হ’ল। ইপিনে কাউৰী জাকেও বান্দৰৰ মূৰৰ ওপৰত উৰি উৰি কোঢ়াল কৰি ৰমলিয়াবলৈ ধৰিলে। সি কাউৰী জনীক অলপ পৰ ধৰি থাকি, পিচত আঠুৰ মাজত সুমুৱাই লৈ তাইৰ কাঁড়-পাখিবিলাক এটা<noinclude></noinclude>
19bgi41bhfeisxq7v1knxtmwn65n8ke
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮২
104
73961
204339
2025-06-23T12:07:02Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204339
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৭৪|নীতিমালা|}}</noinclude>এটাকৈ উভালি পেলালে। পিচত ডাঙ্গৰ পাখি দুটা আৰু ফানটাৰৰ বাহিৰে আটাইবিলাক পাখি উভালি আতাই কাউৰী জনীক বলেৰে ওপৰলৈ উৰুৱাই দিলে; কিন্তু হতভাগী কাউৰী জনী ওপৰত থাকিব নোৱাৰি ধপ কৰে মাটিত পৰিলহি। ওপৰত উৰি থকা কাউৰীজুমে আহি তাইক বেঢ়ি ধৰিখুঁটি খুঁটি মাৰি পেলালে।
{{gap}}কাউৰী জনীৰ এনে অৱস্থা দেখি বান্দৰৰ মুখত আনন্দৰ চিনে দেখা দিলে, আৰু সি ভোক পিয়াহ সকলো পাহৰি গ’ল। তাৰ পাচত সি বাঁহৰ ওপৰলৈ সোঁ সোঁ কৰি উঠি অতি আনন্দ মনেৰে তাৰ পেৰাত শুই থাকিলে গৈ। তেতিয়াও পৰা সেই বান্দৰৰ বস্তুৰ ওচৰলৈ আৰু এজনীও কাউৰী নহা হল, আৰু সিও সেই দিনাৰ পৰাহে সুখেৰে পেট ভৰাই তাৰ আহাৰ খাবলৈ পালে।
{{gap}}এতেকে যি কাম বলেৰে কৰিব নোৱাৰি তাক চলেৰে কৰিবলৈ পুৰুষাৰ্থ কৰিব লাগে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|শিয়াল, হৰিণা আৰু কাউৰীৰ কথা}}}}
{{gap}}ভাৰতবৰ্ষখন মোটা মুটিকৈ দুভাগত বিভক্ত। বিন্ধ্য পৰ্ব্বত বম্বাই দেশৰ পৰা ওলাই এৰা ধৰাকৈ একেবাৰেই ভাৰতৰ এমুৰৰ পৰা ইমূৰ মানদেশলৈকে ব্যাপি আছে। এই<noinclude></noinclude>
8m8iy9ngx487y6tqek3bgf29z9rrs5q
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৩
104
73962
204340
2025-06-23T12:09:21Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204340
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||শিয়াল, হৰিণা আৰু কাউৰীৰ কথা|৭৫}}</noinclude>পৰ্ব্বতেৰ উত্তৰ ভাগকে আৰ্য্যাবৰ্ত বোলে, আৰু দক্ষিণ ভাগক দাক্ষিণাত্য বোলে।
{{gap}}আসামৰ পৰা বহুত যোজন দূৰ থকা দাক্ষিণাত্য দেশৰ কোনো এখন হাবিত শিষ্টবুদ্ধি নামেৰে এটা হৰিণা পহু আছিল।
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 83
|bSize = 425
|cWidth = 306
|cHeight = 297
|oTop = 167
|oLeft = 59
|Location = center
|Description =

এজনী কাউৰীৰ লগত শিষ্টবুদ্ধিয়ে সখি বন্ধাইছিল। আৰু সিহঁতৰ ভিতৰত এনে মৰম আছিল যে ইটোক নেদেখিলে সিটোৰ আহাৰ পানী নোসোমাইছিল, আৰু টোপনি নাহিছিল। কাউৰী জনীক টেঙ্গৰী বাই বুলি সকলো জন্তুৱে<noinclude></noinclude>
p081k0imc1zs50wxivl77pmlpqflonb
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৪
104
73963
204341
2025-06-23T12:13:09Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204341
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৭৬|নীতিমালা|}}</noinclude>মাতিছিল, আৰু সঁচা সঁচিকৈয়ে তাই টেঙ্গৰীয়েই আছিল। টেঙ্গৰী বাই গছৰ ওপৰত থাকে, আৰু শিষ্টবুদ্ধিৰ কোনো শত্ৰু অহা দেখিলে উৰা মাৰি গৈ কৈ দিয়ে; শত্ৰু ওচৰ নৌ পাওঁতেই শিষ্টবুদ্ধি পলাই ফাট মাৰে। এই দৰে শত্ৰুৰ পৰা হাত সাৰি কোনো চিন্তা ভাবনা নোহোৱাকৈ ছৰিবলৈ পোৱাত শিষ্টবুদ্ধি দিনক দিনে নোদোকা হৈ আহিবলৈ ধৰিলে, আৰু তেল ফাটি যাওঁ ফাটি যাওঁ হল।
{{gap}}এদিন অইন এখন হাবিৰ পৰা “হুল চচা” নামেৰে এটা শিয়াল আহি সেই হাবিতে সোমালহি; হৰিণাৰ গাৰ তেল দেখি তাৰ {{SIC|জীবাৰ|জিভাৰ}} পৰা পানী পৰিবলৈ ধৰিলে, আৰু মনে মনে ভাবিলে, “হৰিণাটো খাবলৈ বৰ ভাল হৈছে; ইয়াক কোনো উপায়েৰে বধ কৰি খাবৰ বন্দবস্ত কৰা যাওক।” এই বুলি সি শিষ্টবুদ্ধিৰ ওচৰলৈ গৈ দীঘলকৈ চেলাম এটা দিলে গৈ। শিষ্টবুদ্ধিয়ে আগেয়ে কোনো দিনে নেদেখা শিয়ালক দেখি সুধিলে, “তুমি কোন? কৰ পৰা আহিছা? তোমাক কি লাগে? তোমাক আগেয়ে কতো দেখা যেন মনত নপৰে।”
{{gap}}শিয়ালে মাতটি কোমলাই উত্তৰ দিলে, “হয়, আপুনি মোক আগেয়ে দেখা নাই। মই অইন এখন হাবিত আছিলোঁ। মোৰ আপোন বুলিবলৈ কোনো নাই। জ্ঞানী লোকে কয়, যাৰ বন্ধু নাই, তাতকৈ দুৰ্ভগীয়া সংসাৰত কোনো হব নোৱাৰে।” সেইবাবেই এই আদাহীয়া বয়সত বন্ধু বিচাৰি আহিছোঁ। আপোনাকে দেখি বৰ ৰং লাগিছে; মোক পুতৌ কৰি বন্ধু বুলি সামৰি<noinclude></noinclude>
kpbi7irwhv12w3s4ad2dh6le7eepux7
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৫
104
73964
204342
2025-06-23T12:17:29Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204342
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||শিয়াল, হৰিণা আৰু কাউৰীৰ কথা|৭৭}}</noinclude>লওক। মই হলে আজিৰ পৰা আপোনাক বন্ধু {{SIC|বলিয়েই|বুলিয়েই}} ধৰিছোঁ। মোৰ নাম “হুল চচা”।
{{gap}}শিষ্টবুদ্ধিৰ হিয়া পমি গল। তেওঁ শিয়ালৰ কথাত প্ৰত্যয় মানি সেই দিনাৰেপৰা বন্ধুত্ব স্থাপন কৰিলে। লাহে লাহে ৰাতি হৈ আহিল। শিষ্টবুদ্ধিয়ে হুল চচাক লৈ সদাই ৰাতি জিৰণি লোৱা গছ জোপাৰ তললৈ গল। তেনে সময়তে টেঙ্গৰী বায়ো আহি গছৰ ডালত পৰিলহি।
{{gap}}টেঙ্গৰীবায়ে সেই দিনা শিষ্টবুদ্ধিৰ লগত শিয়ালক অহা দেখি আচৰিত হৈ শিষ্টবুদ্ধিক সুধিলে, “বন্ধু, এওঁ কৰ পৰা আহিছে? এওঁৰে সৈতে তোমাৰ চিনা জনা আছেনে কি?” শিষ্টবুঙ্গিয়ে কলে, “বন্ধু, এওঁ এজন বন্ধুহীন; বহুত দূৰৰ পৰা আহি আমাৰ লগত সখি বন্ধাই মিলা প্ৰীতিৰে থাকিব খুজিছে, ময়ো তেওঁক সামৰি লৈছোঁ৷” এই কথাত টেঙ্গৰীয়ে মাত লগালে, “তোমাৰ অচিনাকী জনেৰে বন্ধুতা কৰাটো যুক্তিযুক্ত হোৱা নাই। জ্ঞানী লোকে কয়, “অচিন কাঠৰ ঠোৰাও {{SIC|লৰ|লব}} নালাগে।” শিয়ালে কাউৰীৰ পেট বুজি আগবাঢ়ি কলে, “আপুনি কেলেই সৰহ কথা {{SIC|কৰ|কব}} লাগিছে। শিষ্টবুদ্ধিৰে আপোনাৰে জানো ওপজাৰে পৰা চিনা জনা আছিল? এতিয়া দেখোন আপোনালোক দুয়ো নলে-গলে লগা বন্ধু হৈ পৰিছে।” শিষ্টবুদ্ধিয়ে কাউৰী আৰু শিয়ালৰ ভিতৰত উখনা উখনি হোৱা দেখি মাত লগালে, “তৰ্কবিতৰ্ক কৰাৰ একো সকাম নাই। সকলোটীয়েই বন্ধু ভাবেৰে মিলা প্ৰীতিৰে থাকোঁ হঁক<noinclude></noinclude>
ghpjb30zrham4agczq6osvjtcyzsap0
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৬
104
73965
204343
2025-06-23T12:24:30Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204343
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৭৮|নীতিমালা|}}</noinclude>ধৰা।” কাউৰীয়ে মনত অলপ বেজাৰ পাই কলে, “মোৰ একো আপত্তি নাই। মই খালি জানোঁ অচিনাকী লোকক হঠাতে বিশ্বাস কৰাটো ভাল নহয়। তাৰ উপৰিও তুমি আমি দিনত চৰোঁ, ৰাতি হলে জিৰণি লওঁ। শিয়াল কিন্তু ৰাতি চৰে, দিনত শোৱে। এনে প্ৰাণীৰ ভিতৰত বন্ধুতা হোৱাৰ বৰ ভাল চিন নহয়। বাৰু, তুমি যিহকে ভাল দেখিছা, তাকে কৰাঁ।”
{{gap}}পিচ দিনা ৰাতিপুৱা শিয়ালে আহি হৰিণাক কলে, “বন্ধু, মই এনেহে এদৰা কোমল ঘাঁহনি পাই আহিছোঁ; মোৰ লগত গলে মই এতিয়াই আপোনাক দেখুৱাই দিম গৈ। আপুনি ঘাহ কেউডালি খাই বৰ সুখ পাব।” শিয়ালৰ কথাতে হৰিণা গল, আৰু ঘাঁহ দেখি মনত বৰ ৰং পাই শিয়ালৰ নথৈ শলাগ ললে, আৰু সেই দিনাৰে পৰা নিতৌ ৰাতিপুৱা তাত চৰিবলৈ ধৰিলে।
{{gap}}দৰাচলতে সেই দৰা ঘাঁহনি নহয়, ঠহ-ঠহ কৰে গজি অহা ধাননীহে৷ সদাই কিহবাই ধানবোৰ গুৰিতে টকালি খাই হোৱা দেখি ধাননীৰ গিৰিহঁতে জন্তুটো ধৰিবলৈ এখন জাল পাতি থলে। জালখন দেখি শিয়ালৰ আনন্দত পাৰ নাই। শিষ্টবুদ্ধি আহি জালত পৰিব, এই কথা ভাবিয়েই সেই ৰাতি নিজৰ আহাৰ বিচাৰি খাবলৈকে পাহৰিলে।
{{gap}}পিচ দিনা ৰাতিপুৱা শিষ্টবুদ্ধি ধানত কামোৰ মাৰিবলৈ নৌ পাওঁতেই জালত বান্ধ খালে। তেওঁ অনেক চেষ্টা কৰিলে, কিন্তু জালৰ পৰা মূকলি হব নোৱাৰিলে। এনেতে তেওঁ শিয়ালক<noinclude></noinclude>
1x9g4rdk5qw0xpr74tooc7ie2mjylmn
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৭
104
73966
204344
2025-06-23T12:29:49Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204344
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||শিয়াল, হৰিণা আৰু কাউৰীৰ কথা|৭৯}}</noinclude>দেখিলে, আৰু আগ্ৰহেৰে মাত লগালে, “বন্ধু, তুমি আহি মোৰ বিপদৰ সময়তে ওলালাহি। আহাঁ, মোৰ জালখন কুটি দিয়াহি।” শিয়ালে উত্তৰ দিলে, “বন্ধু, পৰা হলে মই অন্তৰেৰে সৈতে কৈছোঁ, আপোনাৰ জালখন এতিয়াই কুটি ডোখৰ ডোখৰ কৈ {{SIC|দিলেঁহেঁতেন|দিলোঁহেঁতেন}}। কিন্তু বৰ দুখৰ বিষয় আজিহে মোৰ আকৌ ব্ৰতৰ দিনটো পৰিলহি। মই গা ধুই, নাম {{SIC|নোলোকৈ|নোলোৱাকৈ}} কুটা এডালকে দাঁতেৰে দাঙ্গি ধৰিব নোৱাৰোঁ! একো ভয় নাই, মনে মনে থাকক, নিশাকৈ আহি মই আপোনাক মোকোলাই দিমহি।” এই বুলি কৈ গছ এজোপাৰ তলত খাপ লৈ থাকিল গৈ, আৰু মনে মনে ভাবিলে, “যদিহে ধাননীৰ গিৰিহঁতে পহুটো মাৰি লৈ যায়হি, হাড়খানি তেও পেলাই দিব, তাৰেই মোৰ দিনচেৰেক যাব। যদিহে গিৰিহঁত নাহে, তেনেহলে ৰাতিকৈ ময়ে ডিঙ্গি চিঙ্গি লৈ হৰিণাৰ মঙ্গহেৰে ভোজ পাতিম।”
{{gap}}এনেতে কাউৰী আহি ওলালহি। শিষ্টবুদ্ধিক জালত পৰা দেখি বহুত বেজাৰ কৰিলে। অন্তত এটা উপায় পাঙ্গি কলে “বন্ধু, {{SIC|সৌবা|সৌৱা}} ধাননীৰ গিৰিহঁত হাতত টাঙ্গোন লৈ দেখা দিছেহি। তুমি মৰা ভাও জোৰা, মই তোমাৰ চকুত লোকক দেখুৱাই খুতি থাকোঁ। যেতিয়া গিৰিহঁতে তোমাক মোকোলাই আঁতৰাই {{SIC|থৰ|থব}}, তেতিয়া মই কা কা কৰিম, তুমি ভিৰাই ধৰি লৰ মাৰিবা।” হৰিণাই তাকে কৰিলে। কাউৰীয়েও চকুত খুতিবলৈ ধৰিলে। গিৰিহঁতে ওচৰ পাই হৰিণাক মৰা যেন দেখি জালৰ পৰা আঁতৰাই নিশঙ্ক মনেৰে থৈ জালখনৰ ফটা ফুটা চাইছে এনেতে<noinclude></noinclude>
qwajzai6r122dnjbusb63ba3gfgm8sb
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৮
104
73967
204345
2025-06-23T12:32:46Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204345
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh|৮০|নীতিমালা|}}</noinclude>কাউৰীয়ে কা কা কৰিবলৈ ধৰিলে, হৰিণা উঠি ভিৰাই ধৰি লৰ মাৰিলে। শিয়ালে কি কাণ্ড হৈছেনো তাকে চাবলৈ গছৰ তলৰ পৰা ওলাই আহিল। গিৰিহঁতে টাঙ্গোন ডাল লৈ হৰিণালৈ ফৰ মুঠি মাৰি পঠিয়ালে। হৰিণাৰ গাত নালাগি শিয়ালৰ গাত লাগিল গৈ, আৰু ততালিকে ঠেং ভৰি আচাৰি শিয়াল মৰি থাকিল।
{{gap}}এতেকে অচিনাকী লোকেৰে হঠাতে বন্ধুতা কৰা ভাল নহয়। কিন্তু লোকলৈ বুলি হুল চাচিলে আপুনিয়েই ফুটী মৰে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|আকাশ-বাণী}}}}
{{Block center/s}}<poem>তিৰবিৰ কৰি
ভৰা অগণন
অনন্ত আকাশ জুৰি;
জিলিকে সঘনে
উলাহ মনেৰে
হিংসা দ্বেষ পৰিহৰি।
বিতৰে কিৰণ
কৰ্ত্তব্য সুঁৱৰি
চন্দ্ৰদেৱ থাকি তাত;
ঘুৰিছে নৰই
পৃথিবী চৌপাশে
জিলিকা আকাশে
মুশুনোঁ যদিও মাত।
ন কৰা কামত ত্ৰুটী;
কয় ঘনে ঘনে</poem><noinclude>{{Block center/e}}</noinclude>
gfcvdoyecd0m9k1586376s1095c2yqe
204382
204345
2025-06-24T05:28:13Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204382
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৮০|নীতিমালা|}}</noinclude>কাউৰীয়ে কা কা কৰিবলৈ ধৰিলে, হৰিণা উঠি ভিৰাই ধৰি লৰ মাৰিলে। শিয়ালে কি কাণ্ড হৈছেনো তাকে চাবলৈ গছৰ তলৰ পৰা ওলাই আহিল। গিৰিহঁতে টাঙ্গোন ডাল লৈ হৰিণালৈ ফৰ মুঠি মাৰি পঠিয়ালে। হৰিণাৰ গাত নালাগি শিয়ালৰ গাত লাগিল গৈ, আৰু ততালিকে ঠেং ভৰি আচাৰি শিয়াল মৰি থাকিল।
{{gap}}এতেকে অচিনাকী লোকেৰে হঠাতে বন্ধুতা কৰা ভাল নহয়। কিন্তু লোকলৈ বুলি হুল চাচিলে আপুনিয়েই ফুটী মৰে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|আকাশ-বাণী}}}}
{{Block center/s}}<poem>তিৰবিৰ কৰি{{gap|6em}}তৰা অগণন
{{gap|4em}}অনন্ত আকাশ জুৰি;
জিলিকে সঘনে{{gap|4em}}উলাহ মনেৰে
{{gap|4em}}হিংসা দ্বেষ পৰিহৰি।
বিতৰে কিৰণ{{gap|5.5em}}কৰ্ত্তব্য সুঁৱৰি
{{gap|4em}}চন্দ্ৰদেৱ থাকি তাত;
ঘুৰিছে নৰই{{gap|4.5em}}পৃথিবী চৌপাশে
{{gap|4em}}নুশুনোঁ যদিও মাত।
জিলিকা আকাশে{{gap|3em}}কয় ঘনে ঘনে
{{gap|4em}}ন কৰা কামত ত্ৰুটী;</poem><noinclude>{{Block center/e}}</noinclude>
g8ywtg79c9siupfvo6ku5lcplbg073j
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮৯
104
73968
204346
2025-06-23T12:34:47Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204346
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh||সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক|৮১}}
{{Block center/s}}</noinclude><poem>হোৱা আগুৱান
গন্তব্য পথত
ৰাখাহে বিভুত মতি।</poem>{{Block center/e}}
{{Right|শ্ৰীডিম্বেশ্বৰ শৰ্ম্মা}}
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক}}}}
আমাৰ দেশত ৰাজত্ব কৰা সকলো ৰজা-ৰাণী বিলাকৰ
ভিতৰত মহাৰাণী ভিক্টৰিয়াই আটাইতকৈ ডাঙ্গৰ। তেওঁৰ
সমান কাল ৰাজ্যভোগ কৰিবলৈ আন কোনো এজনে পোৱা
নাছিল। বহুতকালসুখে সন্তোষে থাকি নামজলাই ৰাজত্ব কৰি
১৯০১ চনৰ জানুৱাৰী মাহত তেওঁ স্বৰ্গী হয়। তেওঁৰ পিচত
প্ৰিন্স অব ওৱেল্চ হই থকা তেওঁৰ বৰ পুতেক সপ্তম এড্ ৱাৰ্ড
নাম লৈ ৰাজপাটত উঠে। কিন্তু ১৯০২ চনলৈকে তেওঁৰ
ৰাজ্যাভিষেক হোৱা নাছিল 1 ৰাজ্যাভিষেকলৈ সকলো যো-যা
কৰিবলৈ বহুত সময় লাগে কাৰণে হঠাতে ইয়াক পাতিব নোৱাৰি।
১৯০২ চনৰ জুন মাহত মহাৰাজ এডৱাৰ্ডৰ ৰাজ্যাভিষেকেৰ দিন
স্থিৰ কৰা হল। ইয়াৰ কেইদিনমানৰ পূৰ্বেই আবশ্যকীয়
সকলো বস্তুৰ যো যা হৈ উঠিল। লণ্ডন মহানগৰৰ বাট-পদুলী
গাবল ধ্বনিৰে প্ৰতিধ্বনিত হল।
ৰাজ্য। যেকৰ দিন পাওঁ পাওঁ হৈছে, ঠিক এনেতে বাতৰি
ওলাল যে, মহাৰাজৰ গা অসুখ, কাযে কাযেই তেওঁ নিৰ্দ্ধাৰিত '<noinclude></noinclude>
q6pjksusiw6eonvfsvo4whgrb3oqy45
204383
204346
2025-06-24T05:29:05Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204383
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক|৮১}}
{{Block center/s}}</noinclude><poem>গন্তব্য পথত{{gap|4em}}হোৱা আগুৱান
{{gap|4em}}ৰাখাহে বিভুত মতি।</poem>{{Block center/e}}
{{Right|শ্ৰীডিম্বেশ্বৰ শৰ্ম্মা}}
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক}}}}
আমাৰ দেশত ৰাজত্ব কৰা সকলো ৰজা-ৰাণী বিলাকৰ
ভিতৰত মহাৰাণী ভিক্টৰিয়াই আটাইতকৈ ডাঙ্গৰ। তেওঁৰ
সমান কাল ৰাজ্যভোগ কৰিবলৈ আন কোনো এজনে পোৱা
নাছিল। বহুতকালসুখে সন্তোষে থাকি নামজলাই ৰাজত্ব কৰি
১৯০১ চনৰ জানুৱাৰী মাহত তেওঁ স্বৰ্গী হয়। তেওঁৰ পিচত
প্ৰিন্স অব ওৱেল্চ হই থকা তেওঁৰ বৰ পুতেক সপ্তম এড্ ৱাৰ্ড
নাম লৈ ৰাজপাটত উঠে। কিন্তু ১৯০২ চনলৈকে তেওঁৰ
ৰাজ্যাভিষেক হোৱা নাছিল 1 ৰাজ্যাভিষেকলৈ সকলো যো-যা
কৰিবলৈ বহুত সময় লাগে কাৰণে হঠাতে ইয়াক পাতিব নোৱাৰি।
১৯০২ চনৰ জুন মাহত মহাৰাজ এডৱাৰ্ডৰ ৰাজ্যাভিষেকেৰ দিন
স্থিৰ কৰা হল। ইয়াৰ কেইদিনমানৰ পূৰ্বেই আবশ্যকীয়
সকলো বস্তুৰ যো যা হৈ উঠিল। লণ্ডন মহানগৰৰ বাট-পদুলী
গাবল ধ্বনিৰে প্ৰতিধ্বনিত হল।
ৰাজ্য। যেকৰ দিন পাওঁ পাওঁ হৈছে, ঠিক এনেতে বাতৰি
ওলাল যে, মহাৰাজৰ গা অসুখ, কাযে কাযেই তেওঁ নিৰ্দ্ধাৰিত '<noinclude></noinclude>
4ya331p5373cz0wt1uf5wzmpzbdwtr4
204385
204383
2025-06-24T05:33:59Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204385
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক|৮১}}
{{Block center/s}}</noinclude><poem>গন্তব্য পথত{{gap|4.5em}}হোৱা আগুৱান
{{gap|4em}}ৰাখাহে বিভুত মতি।</poem>{{Block center/e}}
{{Right|শ্ৰীডিম্বেশ্বৰ শৰ্ম্মা}}
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক}}}}
{{gap}}আমাৰ দেশত ৰাজত্ব কৰা সকলো ৰজা-ৰাণী বিলাকৰ ভিতৰত মহাৰাণী ভিক্টৰিয়াই আটাইতকৈ ডাঙ্গৰ। তেওঁৰ সমান কাল ৰাজ্যভোগ কৰিবলৈ আন কোনো এজনে পোৱা নাছিল। বহুতকালসুখে সন্তোষে থাকি নামজলাই ৰাজত্ব কৰি ১৯০১ চনৰ জানুৱাৰী মাহত তেওঁ স্বৰ্গী হয়। তেওঁৰ পিচত প্ৰিন্স্ অব ওৱেল্চ হই থকা তেওঁৰ বৰ পুতেক সপ্তম এড্ৱাৰ্ড নাম লৈ ৰাজপাটত উঠে। কিন্তু ১৯০২ চনলৈকে তেওঁৰ ৰাজ্যাভিষেক হোৱা নাছিল। ৰাজ্যাভিষেকলৈ সকলো যো-যা কৰিবলৈ বহুত সময় লাগে কাৰণে হঠাতে ইয়াক পাতিব নোৱাৰি। ১৯০২ চনৰ জুন মাহত মহাৰাজ এডৱাৰ্ডৰ ৰাজ্যাভিষেকেৰ দিন স্থিৰ কৰা হল। ইয়াৰ কেইদিনমানৰ পূৰ্ব্বেই আবশ্যকীয় সকলো বস্তুৰ যো যা হৈ উঠিল। লণ্ডন মহানগৰৰ বাট-পদুলী জয়ধ্বনিৰে প্ৰতিধ্বনিত হল।
{{gap}}ৰাজ্যাভিষেকৰ দিন পাওঁ পাওঁ হৈছে, ঠিক এনেতে বাতৰি ওলাল যে, মহাৰাজৰ গা অসুখ, কাযে কাযেই তেওঁ নিৰ্দ্ধাৰিত<noinclude>{{Left|৬}}</noinclude>
gachj2btftqf5pnsae03u9cqbztroqj
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০১
104
73969
204347
2025-06-23T12:37:16Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204347
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh||পুৱা|৯৩}}</noinclude>{{gap}}এতেকে বৰ আশা কৰা ভাল নহয়, আৰু গমি-গপি নাচাই যাৰে তাৰে কথাতে বিশ্বাস কৰিলে নিজৰ প্ৰাণকো হেৰুৱাব লগাত পৰিব পাৰে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|পুৱা}}}}
{{Block center/s}}<poem>শেষ হল নিশা,
ঊষা দেখা দিলে,
জাগিল সজীব ধৰা,
ঘোৰ অন্ধকাৰ
দূৰলৈ গল
শূন্যত লুকাল তৰা।
ফেহু জালি দিলে
ফেঁচাই জোকাৰি
“তুহু” কৰি কলে মাতি;
“ক৷” “কা” কৰি
কাউৰি আহিল
নেৰানে বিছনা পাটী?
পূব আকাশত
হেঙ্গুলী বৰণে
উদিল তৰুণ ৰবি;
তাৰে পোহৰত
নিচুকনি পাই,
পছমে দেখিলে ছবি।
ৰঙ্গা সুৰুযৰ
কেচাঁ সোণাৱালী
আকোৱালী ধৰি
ৰেখা দুটি মানে আৰু,
পিন্ধালে ৰূপহি খাৰু
প্ৰকৃতি দেবীক</poem><noinclude>{{Block center/e}}</noinclude>
hqgdi648lk1xm0mtah2rfdn6zb4bk95
204373
204347
2025-06-24T05:03:48Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204373
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||পুৱা|৯৩}}</noinclude>{{gap}}এতেকে বৰ আশা কৰা ভাল নহয়, আৰু গমি-গপি নাচাই যাৰে তাৰে কথাতে বিশ্বাস কৰিলে নিজৰ প্ৰাণকো হেৰুৱাব লগাত পৰিব পাৰে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|পুৱা}}}}
{{Block center/s}}<poem>শেষ হল নিশা,{{gap|4em}}ঊষা দেখা দিলে,
{{gap|4.5em}}জাগিল সজীব ধৰা,
ঘোৰ অন্ধকাৰ{{gap|6em}}দূৰলৈ গল
{{gap|4.5em}}শূন্যত লুকাল তৰা।
ফেহু জালি দিলে{{gap|2.9em}}ফেঁচাই জোকাৰি
{{gap|4.5em}}“তুঁহু” কৰি কলে মাতি;
“ক৷” “কা” কৰি{{gap|4.5em}}কাউৰি আহিল
{{gap|4.5em}}নেৰানে বিছনা পাটী?
পূব আকাশত{{gap|5em}}হেঙ্গুলী বৰণে
{{gap|4.5em}}উদিল তৰুণ ৰবি;
তাৰে পোহৰত{{gap|4.7em}}নিচুকনি পাই,
{{gap|4.5em}}পদুমে দেখিলে ছবি।
ৰঙ্গা সুৰুযৰ{{gap|4.5em}}কেচাঁ সোণাৱালী
{{gap|4.5em}}ৰেখা দুটি মানে আৰু,
আকোৱালী ধৰি{{gap|3.9em}}প্ৰকৃতি দেবীক
{{gap|4.5em}}পিন্ধালে ৰূপহি খাৰু</poem><noinclude>{{Block center/e}}</noinclude>
bohba4qhanz0l71o46zewhmqzdy1tzx
204378
204373
2025-06-24T05:14:57Z
-chanakyakdas
1728
204378
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||পুৱা|৯৩}}</noinclude>{{gap}}এতেকে বৰ আশা কৰা ভাল নহয়, আৰু গমি-গপি নাচাই যাৰে তাৰে কথাতে বিশ্বাস কৰিলে নিজৰ প্ৰাণকো হেৰুৱাব লগাত পৰিব পাৰে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|পুৱা}}}}
{{Block center/s}}<poem>শেষ হল নিশা,{{gap|4em}}ঊষা দেখা দিলে,
{{gap|4.5em}}জাগিল সজীব ধৰা,
ঘোৰ অন্ধকাৰ{{gap|6em}}দূৰলৈ গল
{{gap|4.5em}}শূন্যত লুকাল তৰা।
ফেহু জালি দিলে{{gap|2.9em}}ফেঁচাই জোকাৰি
{{gap|4.5em}}“তুঁহু” কৰি কলে মাতি;
“ক৷” “কা” কৰি{{gap|4.4em}}কাউৰি আহিল
{{gap|4.5em}}নেৰানে বিছনা পাটী?
পূব আকাশত{{gap|5em}}হেঙ্গুলী বৰণে
{{gap|4.5em}}উদিল তৰুণ ৰবি;
তাৰে পোহৰত{{gap|4.7em}}নিচুকনি পাই,
{{gap|4.5em}}পদুমে দেখিলে ছবি।
ৰঙ্গা সুৰুযৰ{{gap|4.5em}}কেচাঁ সোণাৱালী
{{gap|4.5em}}ৰেখা দুটি মানে আৰু,
আকোৱালী ধৰি{{gap|3.9em}}প্ৰকৃতি দেবীক
{{gap|4.5em}}পিন্ধালে ৰূপহি খাৰু</poem><noinclude>{{Block center/e}}</noinclude>
2qzq318917qvxcj1uwoxmqepdpuih0t
204379
204378
2025-06-24T05:15:32Z
-chanakyakdas
1728
204379
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||পুৱা|৯৩}}</noinclude>{{gap}}এতেকে বৰ আশা কৰা ভাল নহয়, আৰু গমি-গপি নাচাই যাৰে তাৰে কথাতে বিশ্বাস কৰিলে নিজৰ প্ৰাণকো হেৰুৱাব লগাত পৰিব পাৰে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|পুৱা}}}}
{{Block center/s}}<poem>শেষ হল নিশা,{{gap|3.9em}}ঊষা দেখা দিলে,
{{gap|4.5em}}জাগিল সজীব ধৰা,
ঘোৰ অন্ধকাৰ{{gap|6em}}দূৰলৈ গল
{{gap|4.5em}}শূন্যত লুকাল তৰা।
ফেহু জালি দিলে{{gap|2.8em}}ফেঁচাই জোকাৰি
{{gap|4.5em}}“তুঁহু” কৰি কলে মাতি;
“ক৷” “কা” কৰি{{gap|4.4em}}কাউৰি আহিল
{{gap|4.5em}}নেৰানে বিছনা পাটী?
পূব আকাশত{{gap|5em}}হেঙ্গুলী বৰণে
{{gap|4.5em}}উদিল তৰুণ ৰবি;
তাৰে পোহৰত{{gap|4.7em}}নিচুকনি পাই,
{{gap|4.5em}}পদুমে দেখিলে ছবি।
ৰঙ্গা সুৰুযৰ{{gap|4.5em}}কেচাঁ সোণাৱালী
{{gap|4.5em}}ৰেখা দুটি মানে আৰু,
আকোৱালী ধৰি{{gap|3.9em}}প্ৰকৃতি দেবীক
{{gap|4.5em}}পিন্ধালে ৰূপহি খাৰু</poem><noinclude>{{Block center/e}}</noinclude>
3ntb7me9pt4wxzdh6iohioxonzywc6t
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০২
104
73970
204348
2025-06-23T12:38:49Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204348
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh|৯৪|নীতিমালা|}}
{{Block center/s}}</noinclude><poem>স্বৰগৰ পৰা
গহীন ভাবেৰে আহি,
শীতল মলয়া
ৰিব ৰিব কৈ

শান্তি বৰষিলে
আদৰি ফুলৰ পাহি।
দশো দিক্ জুৰি
শুৱলা মাতেৰে
চৰাইয়ে গালে গীত;
শুনি সুমধুৰ
সুৰ পঞ্চমৰ
পমিগল মন-চিত।
বনৰ আঁৰত
পহু চৰাইয়ে
ৰদৰ কাঁচলি লই;
পোৱালিক লই
ৰঙ্গ ধেমালিৰে

বনত সোমাল গই।
এৰি সকলোৱে
নিজ ঢাৰি পাটি
এলাহ কাষত থোৱাঁ,
নতুন সাহেৰে
নতুন বলেৰে
কৰ্ত্তব্য কামত যোৱাঁ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী ধৰ্ম্মেশ্বৰী দেবী বৰুৱা}}<noinclude></noinclude>
j1kqv7mu27spg9abz64urnu03heu1kz
204374
204348
2025-06-24T05:08:13Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204374
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh|৯৪|নীতিমালা|}}
{{Block center/s}}</noinclude><poem>স্বৰগৰ পৰা{{gap|4.5em}}শীতল মলয়া
{{gap|4.5em}}গহীন ভাবেৰে আহি,
ৰিব্ ৰিব্ কৈ{{gap|4.5em}}শান্তি বৰষিলে
{{gap|4.5em}}আদৰি ফুলৰ পাহি।
দশো দিক্ জুৰি{{gap|4.5em}}শুৱলা মাতেৰে
{{gap|4.5em}}চৰাইয়ে গালে গীত;
শুনি সুমধুৰ{{gap|4.5em}}সুৰ পঞ্চমৰ
{{gap|4.5em}}পমিগল মন-চিত।
বনৰ আঁৰত{{gap|4.5em}}পহু চৰাইয়ে
{{gap|4.5em}}ৰদৰ কাঁচলি লই;
{{SIC|পোৱলিক|পোৱালিক}} লই{{gap|4.5em}}ৰঙ্গ ধেমালিৰে
{{gap|4.5em}}বনত সোমাল গই।
এৰি সকলোৱে{{gap|4.5em}}নিজ ঢাৰি পাটি
{{gap|4.5em}}এলাহ কাষত থোৱাঁ,
নতুন সাহেৰে{{gap|4.5em}}নতুন বলেৰে
{{gap|4.5em}}কৰ্ত্তব্য কামত যোৱাঁ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী ধৰ্ম্মেশ্বৰী দেবী বৰুৱা}}<noinclude></noinclude>
f6lpx7zf338dmab3gbzcxffzc4v9p6j
204377
204374
2025-06-24T05:13:20Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204377
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৯৪|নীতিমালা|}}
{{Block center/s}}</noinclude><poem>স্বৰগৰ পৰা{{gap|5.6em}}শীতল মলয়া
{{gap|4.5em}}গহীন ভাবেৰে আহি,
ৰিব্ ৰিব্ কৈ{{gap|5em}}শান্তি বৰষিলে
{{gap|4.5em}}আদৰি ফুলৰ পাহি।
দশো দিক্ জুৰি{{gap|3.2em}}শুৱলা মাতেৰে
{{gap|4.5em}}চৰাইয়ে গালে গীত;
শুনি সুমধুৰ{{gap|5.5em}}সুৰ পঞ্চমৰ
{{gap|4.5em}}পমিগল মন-চিত।
বনৰ আঁৰত{{gap|5.3em}}পহু চৰাইয়ে
{{gap|4.5em}}ৰদৰ কাঁচলি লই;
{{SIC|পোৱলিক|পোৱালিক}} লই{{gap|4em}}ৰঙ্গ ধেমালিৰে
{{gap|4.5em}}বনত সোমাল গই।
এৰি সকলোৱে{{gap|3em}}নিজ ঢাৰি পাটি
{{gap|4.5em}}এলাহ কাষত থোৱাঁ,
নতুন সাহেৰে{{gap|4.5em}}নতুন বলেৰে
{{gap|4.5em}}কৰ্ত্তব্য কামত যোৱাঁ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী ধৰ্ম্মেশ্বৰী দেবী বৰুৱা}}<noinclude></noinclude>
8pcod1eip0vsgzvstpavfw90py966ou
204380
204377
2025-06-24T05:18:01Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204380
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৯৪|নীতিমালা|}}
{{Block center/s}}</noinclude><poem>স্বৰগৰ পৰা{{gap|5.8em}}শীতল মলয়া
{{gap|4.5em}}গহীন ভাবেৰে আহি,
ৰিব্ ৰিব্ কৈ{{gap|5.2em}}শান্তি বৰষিলে
{{gap|4.5em}}আদৰি ফুলৰ পাহি।
দশো দিক্ জুৰি{{gap|3.4em}}শুৱলা মাতেৰে
{{gap|4.5em}}চৰাইয়ে গালে গীত;
শুনি সুমধুৰ{{gap|5.7em}}সুৰ পঞ্চমৰ
{{gap|4.5em}}পমিগল মন-চিত।
বনৰ আঁৰত{{gap|5.5em}}পহু চৰাইয়ে
{{gap|4.5em}}ৰদৰ কাঁচলি লই;
{{SIC|পোৱলিক|পোৱালিক}} লই{{gap|4.2em}}ৰঙ্গ ধেমালিৰে
{{gap|4.5em}}বনত সোমাল গই।
এৰি সকলোৱে{{gap|3.2em}}নিজ ঢাৰি পাটি
{{gap|4.5em}}এলাহ কাষত থোৱাঁ,
নতুন সাহেৰে{{gap|4.7em}}নতুন বলেৰে
{{gap|4.5em}}কৰ্ত্তব্য কামত যোৱাঁ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী ধৰ্ম্মেশ্বৰী দেবী বৰুৱা}}<noinclude></noinclude>
6xz39k5p1kc4tnwd88b06mf41aonhkm
204381
204380
2025-06-24T05:21:13Z
-chanakyakdas
1728
204381
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৯৪|নীতিমালা|}}
{{Block center/s}}</noinclude><poem>স্বৰগৰ পৰা{{gap|6em}}শীতল মলয়া
{{gap|4.5em}}গহীন ভাবেৰে আহি,
ৰিব্ ৰিব্ কৈ{{gap|5.4em}}শান্তি বৰষিলে
{{gap|4.5em}}আদৰি ফুলৰ পাহি।
দশো দিক্ জুৰি{{gap|3.6em}}শুৱলা মাতেৰে
{{gap|4.5em}}চৰাইয়ে গালে গীত;
শুনি সুমধুৰ{{gap|5.9em}}সুৰ পঞ্চমৰ
{{gap|4.5em}}পমিগল মন-চিত।
বনৰ আঁৰত{{gap|5.7em}}পহু চৰাইয়ে
{{gap|4.5em}}ৰদৰ কাঁচলি লই;
{{SIC|পোৱলিক|পোৱালিক}} লই{{gap|4.4em}}ৰঙ্গ ধেমালিৰে
{{gap|4.5em}}বনত সোমাল গই।
এৰি সকলোৱে{{gap|3.4em}}নিজ ঢাৰি পাটি
{{gap|4.5em}}এলাহ কাষত থোৱাঁ,
নতুন সাহেৰে{{gap|4.9em}}নতুন বলেৰে
{{gap|4.5em}}কৰ্ত্তব্য কামত যোৱাঁ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী ধৰ্ম্মেশ্বৰী দেবী বৰুৱা}}<noinclude></noinclude>
ppvfw77quq93i4fgzbv313yis450amo
সূচী:গণিত ভূগোল.pdf
106
73971
204366
2025-06-23T19:46:34Z
JyotiPN
1603
"" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
204366
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=গণিত ভূগোল
|Language=as
|Volume=
|Author=শৰৎচন্দ্ৰ গোস্বামী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=বি আৰ কলিতা এণ্ড কোম্পানী
|Address=তেজপুৰ
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="-" 3="প্ৰথম পৃষ্ঠা" 4="প্ৰকাশন" 5="সূচীপত্ৰ" 6="-" 124="শেষ পৃষ্ঠা" 122to123="-" 7="1" />
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header=
|Footer={{rh||গণিত ভূগোল|}}

7xxjt3abqtz6m873atu4t5si9s7j3hg
204367
204366
2025-06-23T19:48:23Z
JyotiPN
1603
204367
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=গণিত ভূগোল
|Language=as
|Volume=
|Author=শৰৎচন্দ্ৰ গোস্বামী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=বি আৰ কলিতা এণ্ড কোম্পানী
|Address=তেজপুৰ
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="-" 3="প্ৰথম পৃষ্ঠা" 4="প্ৰকাশন" 5="সূচীপত্ৰ" 6="-" 124="শেষ পৃষ্ঠা" 122to123="-" 7="1" />
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header={{rh||গণিত ভূগোল|}}
|Footer=

09pzc9fsw4qnbevembza62dfkh08luj
সদস্য বাৰ্তা:Jet Pilot
3
73972
204376
2025-06-24T05:11:04Z
AramilFeraxa
3409
পৃষ্ঠা [[সদস্য বাৰ্তা:Jet Pilot]]ৰ পৰা [[সদস্য বাৰ্তা:Divinations]]লৈ AramilFeraxaয়ে স্থানান্তৰ কৰিলে: Automatically moved page while renaming the user "[[Special:CentralAuth/Jet Pilot|Jet Pilot]]" to "[[Special:CentralAuth/Divinations|Divinations]]"
204376
wikitext
text/x-wiki
#REDIRECT [[সদস্য বাৰ্তা:Divinations]]
1fdv6mhjqk4ezenihs13j012mkbynzq
পৃষ্ঠা:কুলাংগাৰ.pdf/৯১
104
73973
204386
2025-06-24T05:46:23Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204386
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৮২|কুলাংগাৰ|}}</noinclude>গুণ বেছিকৈ বিপুলৰ কাণত বাজিল। কোৰৰ নালটোত হাত এখন ঠেকা দি সি ৰ’ল, কাণ তাল মাৰি আন একো নুশুনা নিচিনাকৈ সি ভাবিবলৈ ধৰিলে। পুৰণা ঠাইৰ পৰা উঠি অহা দিন ধৰি ঢোলৰ এই মাত সি শুনা নাছিল। ভাঙুণমাৰি আৰু দ-চাপৰিত মিচিং গাঁৱত বজোৱা ঢোলৰ মাত শুনিছিল, সিহঁতে দুয়োঘৰতে হুঁচৰিও গাইছিলগৈ, কিন্তু সিহঁতৰ চাপৰবোৰ বেলেগ, সৰুৰে পৰা সদায় শুনি থকা ঢোলটোৰ দৰে লগা নাছিল। আৰু সিহঁতে বেছিকৈ ঢুলুকিহে বজাইছিল। ভগা মাটি-কলহৰ মুখখন লৈ নিজে সজা ঢুলুকিবোৰ যেতিয়া সাত-আঠটাই একেলগে বজাই ৰজনজনাই তোলে, ঢোল কিনিবলৈ বা ফুটা ঢোল ছোৱাবলৈ ধন নোজোৰা বেজাৰটোও যেন মষিমূৰ হৈ যায়। ঢোলৰ মাতকো যেন সিহঁতে এলাগী কৰি দিয়ে। একেখন বাজনাই ঢোল আৰু ঢুলুকিত কিমান যে সুকীয়া সুকীয়া হৈ মুগ্ধ কৰি তোলে! সিদিনা গালুকবিলৰ মানুহ এটা আহোঁতে সুকন্যাই কৈছিল, ‘আগৰ দৰে ইয়াতো হুঁচৰি গাবলৈ আহিবা। এতিয়া মাজত গাঁও হ’ল বুলি নহাকৈ নাথাকিবা কিন্তু। ব’ঠামাৰিৰ মানুহকো ক’ম আহিবলৈ।’ এইবাৰ নিজৰো গাঁও এখন হৈ উঠাত পুৰণি-গাঁৱৰ বিহু পুনৰ শুনাৰ নিশ্চিতিটো মনলৈ আহিছিল যদিও কিমান ৰোমাঞ্চিত কৰিব ভবা হোৱা নাছিল বিপুলৰ। ঢোলৰ চাপৰটোৱে পুৰণা গাঁৱৰ দৃশ্য কিছুমান আনি তাৰ সমুখত থিয় কৰাই দিলে। সি দূৰলৈ চাই পঠিয়ালে। কেউফালে সেউজীয়া আৰু সেউজীয়া। গাল ফুটি নতুনকৈ ওলোৱা ডাঢ়িবোৰ প্ৰথমবাৰ মন কৰা কোনো কিশোৰৰ দৰে ৰোমাঞ্চ আৰু ৰহস্যৰ ভাব লৈ সি চাৰিওফালৰ সেউজীয়া ঘাঁহবোৰ ভালকৈ মন কৰিবলৈ ধৰিলে। ‘শুকাই একো নাইকিয়া হৈ গৈছিল গোটেই চাপৰিটোত, এইটোতো সেউজীয়া চাপৰিয়েই!’ সি পুলকিত হৈ চায়েই থাকিল, সি সচেতনে ভবাই নাছিল যে এইবোৰ ঠাই পুনৰ কেতিয়াবা সেউজীয়া হ’ব। ‘এতিয়া বাৰীখন ভালকৈ গঢ়িব পৰা যাব’, সি ভাবি থাকিল।
{{gap}}উৰুকাৰ আগদিনা বিপুলে নিজৰ গৰু তিনিটাৰ বদলি খীৰতী গাই এজনী ব’ঠামাৰিৰ পৰা আনিলেগৈ। গোসাঁই ঘৰ হিচাপে সদায় বিপুলৰ ঘৰত গৰুবিহুৰ গধূলি হুঁচৰি আৰম্ভ কৰাটো গাঁৱৰ ৰাইজে ঠিক কৰিছে। পাছদিনাৰ পৰা ঘৰে ঘৰে বিহু মাৰিব, আৰু শেষত পুনৰ বিপুলৰ ঘৰত হুঁচৰি গাই বছৰটোলৈ বিহু সামৰিব। ‘একেবাৰে নিজৰ গোসাঁই নহ’লেও, আমিতো গোসাঁই এঘৰ ওচৰতে পাইছোঁ, গতিকে এৰি দিব নোৱাৰোঁ। যাত্ৰাটো গোসাঁই এঘৰৰ পৰাই আৰম্ভ কৰিবলৈ পোৱাতো ৰাইজৰে ভাগ্য।’ খবৰটো পাই বিপুলহঁত উৎফুল্লিত হৈ পৰিছে। বৰ-চাঙৰ পৰা শৰাই, ঢাৰি-কঠ নমাই চাফ-চিকুণ কৰাত লাগিছে। এইবাৰ গধূলি হুঁচৰি আৰম্ভ কৰি পাছদিনাই ৰাইজ দক্ষিণ পাৰলৈ যোৱাৰো পৰিকল্পনা কৰিছে, তাত পুৰণা মানুহৰ গাঁৱত তিনিদিন থাকি বিহু মাৰি আহিব।
{{gap}}গৰুবিহুৰ সন্ধিয়া বিপুলে নাম-প্ৰসংগ সামৰোঁতেই ঢোল-তাল লৈ ৰাইজ পালেহি। সি বিহুৰ সাতদিন সন্ধিয়া নামঘৰত নাম-প্ৰসংগ কৰিবলৈ ঠিক কৰিছে, আগৰ পৰাই কৰা হয়, এইবাৰ নামঘৰকণ হোৱাত সি উৎফুল্লিত হৈ আছে।{{nop}}<noinclude></noinclude>
dacmfptg3g23z14722dl6vj7dp9yvje
পৃষ্ঠা:কুলাংগাৰ.pdf/৯২
104
73974
204387
2025-06-24T06:07:08Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204387
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||ডাৱৰ চুবলৈ এস্কিম’ জাতিৰ সান্নিধ্য বিচাৰি|৮৩}}</noinclude>{{gap}}বৰ-শৰাইত গুৱা-পাণ-দক্ষিণা শুৱনিকৈ দি বিপুলহঁতে ৰাইজক সেৱা ধৰিলে। সকলোকে বহুৱাই চাহ-পিঠা, পকা-মিঠৈ হেঁপাহ পলোৱাকৈ খুৱালে। ‘তুমি এইবোৰ কেতিয়া কৰিলা?’ সুকন্যাৰ অৱস্থাটোলৈ চাই বিপুলে আচৰিত হৈ সুধিলে। বাহিৰত ৰাইজেও ক’লে, ‘আয়ে এইবোৰ কেতিয়া কৰিলে! আয়ে কিন্তু বহু দূৰলৈকে ভাবি আগতেই কাম কৰি থৈছিল!’ গাঁওবুঢ়াৰ মানুহজনীৰ হতুৱাই সুকন্যাই বহুদিনৰ আগতে কেঁচা পিঠাগুৰি উলিওৱা বিপুলৰ মনত আছে। কিন্তু ইমানবোৰ পিঠা-পনা তেতিয়াই ভাজি তাই যে ভাগে ভাগে টিঙত ভৰাই জুহালৰ ওপৰৰ বৰ-চাঙত যোগাৰ কৰি ৰাখিছিল সি মনেই কৰা নাছিল।
{{gap}}সুকন্যাই বিহুগীত শুনি বৰ ভাল পায়। আগতে বহঁতপুৰত থাকোঁতে কাষৰ ভকত ঘৰলৈ যোৱা দলবোৰৰ বিহু শুনিছিল, তাকো নিজৰ বাৰাণ্ডাৰ পৰা, পদূলি বা চোতালৰ পৰাও চাবলৈ নিদিছিল, নিজৰ ঘৰততো হুঁচৰিও চাবলৈ নাপাইছিল। ‘মই বাৰু কথা এটা কওঁচোন। এতিয়াতো ইয়াত সত্ৰৰ গা-ঘৰ নহয়, বৰ-নামঘৰো নাই, গতিকে বিহু এখন মাৰিলে একো নহয় কিজানি। অকণমান এনেই চাবলৈ মাৰিব পাৰিব কিজানি। মই বিহু শুনি বৰ ভাল পাওঁ।’ তাই ৰাইজক ক’লে। সকলোৱে ভাবি ৰ’ল। এজনে ক’লে, ‘পৰা যায়। আপুনি নিজেই কৈছে যেতিয়া আমাৰ ফালৰ পৰাতো একো আপত্তি নাই। সেৱাটো ধৰিলেহে নিয়মৰ দৰে হয়, গতিকে এনেই দুপাক ঘূৰি ৰাইজে বজাই দিয়ক। অকণমান বজালে একো অনিষ্ট নহয়।’
{{gap}}সকলো চোতাললৈ নামি গৈ চাপৰ এখন মাৰি যোজনা জুৰিলে। অকণমান সময় ঘূৰি বিহুগীত এটাৰ সৈতে নাচ অকণ দেখুৱাই ৰাইজ গ’লগৈ।
{{center|<nowiki>***</nowiki>{{gap}}<nowiki>***</nowiki>{{gap}}<nowiki>***</nowiki>}}
{{gap}}বিহুৰ ঢকটো পাৰ হোৱাৰ কেইদিনমানৰ পাছৰ সন্ধিয়া। গাঁওবুঢ়াৰ মানুহজনী পিছদুৱাৰেদি সোমাই ভিতৰলৈ যোৱা বাবাই দেখা পালে। সি বাহিৰৰ আলহী-বিছনাখনত উঠি পঢ়া আৰম্ভ কৰিছিল, একেটা কোঠাৰে পৰা আগফালৰ-পিছফালৰ দুয়োখন দুৱাৰ। পিছ দুৱাৰখনত আজি যে শলখা লগোৱা হোৱা নাছিল সি এতিয়াহে মন কৰিলে।
{{gap}}মানুহজনী ভিতৰ পোৱাৰ পাছত বিপুল ওলাই আহি দুৱাৰখন মাৰি দিলেহি। কোনোবা মতা-মানুহ এইটো সময়তো কেতিয়াবা কথা পাতিবলৈ আহে, কিন্তু মাইকী-মানুহ কেতিয়াও আগতে অহা নাই। আহিলেও বাহিৰতে এইটো ৰুমত বহিব, ভিতৰৰ পৰা মানুহ ওলাই আহি কথা-বতৰা পাতিব, কিন্তু আজি পিছ দুৱাৰেদি মানুহজনী একদম পোনে পোনে সোমাই গৈছে, কোনেও একো কোৱা নাই! বাবা আচৰিত হ’ল। সি ভিতৰলৈ কাণ থিয় কৰিলে। মানুহজনী সিহঁতৰ শোৱা কোঠাটোত সোমাইছে, খটককৈ শব্দ কৰি পীৰা এখন<noinclude></noinclude>
oltdxj687rgajp3x3jx8c6bkwb24ueh
পৃষ্ঠা:মজাৰ কথা.pdf/২
104
73975
204389
2025-06-24T09:22:15Z
-chanakyakdas
1728
/* লিখা নথকা */
204389
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="-chanakyakdas" /></noinclude><noinclude></noinclude>
ppc73nqpnczysqngu2x373dnq6skx1v