ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.46.0-wmf.24 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:নতুন স্বাস্থ্যপাঠ.pdf/২৩১ 104 91353 247915 2026-04-17T03:52:55Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "উকীল নতুন স্বাস্থ্যপাঠ। 225 1 কিয়? ৰাম। সিহঁতৰ মৃত্যু হব পাৰে। উকীল। ইয়াৰ বাহিৰে কলেবাৰ সময়ত আৰু কি কৰা উচিত? তেজ। কলেবাৰ সময়ত ভয় খোৱা উচিত নহয়। সদায় ৰং মনেবে ফ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 247915 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>উকীল নতুন স্বাস্থ্যপাঠ। 225 1 কিয়? ৰাম। সিহঁতৰ মৃত্যু হব পাৰে। উকীল। ইয়াৰ বাহিৰে কলেবাৰ সময়ত আৰু কি কৰা উচিত? তেজ। কলেবাৰ সময়ত ভয় খোৱা উচিত নহয়। সদায় ৰং মনেবে ফুৰি ফুৰা উচিত। যি বিলাক মানুহে স্ফূৰ্ত্তি মনেৰে নিজ নিজ কাৰ্য্য কৰি ফুৰে, তেওঁলোকক কলেৰাৰ বীজে আক্ৰমণ কৰিব নোৱাৰে। তেজৰামৰ উত্তৰ শুনি ৰজাই মাত লগালে :–“মই এতিয়া দেখিছোঁ যে, লৰাহঁতে কলেৰাৰ বিষয়ে সকলো কথা শিকিছে। এতিয়া তেওঁলোকক মেলেৰিয়া সম্বন্ধে প্ৰশ্ন কৰোক।” উকীল। মেলেৰিয়া কেনেকৈ হয়? ৰাম। মহৰ কামোৰত আমাৰ শৰীৰৰ তেজলৈ যিবোৰ বীজাণু সোমায়, সেইবোৰৰ পৰাই মেলেৰিয়া জ্বৰ আৰম্ভ হয়। উকীল। ইয়াক গুচাবৰ উপায় কি? তেজ। মহ আৰু মহৰ পোৱালিবোৰ মাৰিলেই, ইয়াক গুচাব পাৰি। উকীল। মহ-পোৱালি কি? ৰাম মহে কণী পাৰিলেই সেই কণীটো একেবাৰেই ডাঙ্গৰ মহ নহয়। ই প্ৰথমতে পলুৰ দৰে এবিধ পোক হৈ পানীৰ ওপৰত নাচি ফুৰে। উকীল। ইয়াক কেনেকৈ মাৰিব পাৰি? তেজ। যাতে কোনো ঠাইতে পানী বন্ধ যাব নোৱাৰে তাৰে দিহা কৰিব লাগে। খালবোৰ পুতিৰ আৰু হাবিবোৰ কাটি পেলাব লাগে। তেনে কৰিলে আৰু পানী বন্ধ যাব নোৱাৰে, ঘৰ-বাৰী ১৫<noinclude></noinclude> srvuj9wtp8y4lfrtdevofm1u55wejhu পৃষ্ঠা:নতুন স্বাস্থ্যপাঠ.pdf/২৩২ 104 91354 247916 2026-04-17T03:53:13Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "নতুন স্বাস্থ্যপাঠ। আৰু তাৰ চাৰিওদাঁতিবোৰ ভালকৈ চাফা ৰাখিব লাগে। উকীল। ইয়াত লাভ কি? বাম। তেনে কবি'ল পলু অৱস্থাত মহ ক’তো। থাকিব নোৱাৰে। বন্ধ আৰু মলিয়ন পানী নেপালে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 247916 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>নতুন স্বাস্থ্যপাঠ। আৰু তাৰ চাৰিওদাঁতিবোৰ ভালকৈ চাফা ৰাখিব লাগে। উকীল। ইয়াত লাভ কি? বাম। তেনে কবি'ল পলু অৱস্থাত মহ ক’তো। থাকিব নোৱাৰে। বন্ধ আৰু মলিয়ন পানী নেপালে মহে কণী পাৰিব নোৱাৰে। এন্ধাৰ ঠাই আৰু হাবিতেই মহ থাকে। গাঁৱৰ সকলো ঠাই পৰিষ্কাৰ হলে মহ আৰু ক'ত থাকিব? উকীল। মেলেৰিয়াৰ ভাল ঔষধ কি? ভেজ। কুইনাইনেই মেলেৰিয়াৰ ভাল ঔষধ। উকীল। কুইনাইন খোৱাব নিয়ম কি? বাম। ডেকা মানুহে দিনে ৫ গ্ৰেইণকৈ পানীৰ লগত মিহলাই তিনি মাহমান খাব। লৰাই তাতকৈ কমকৈ খাব। উকীল। কুইনাইন খোৱাব পৰা লাভ কি? তেজ। কুইনাইন তেজৰ লগত মিহলি হলে মেলেৰিয়াৰ বীজ আৰু তাত থাকিব নোৱাৰে। কুইনাইনে এই বীজাণুক মাৰি পেলায় এনেতে বজাই মাত লগালে, “বাম, তেজ, মই তোমালোকৰ উত্তৰ শুনি বড় সন্তোষ পাইছোঁ। তোমালোকে এটা প্ৰশ্নৰো উত্তৰ বাদ দিয়া নাই। কিন্তু পেট-কামোৰা, গ্ৰহণী প্ৰভৃতি বেমাৰবোৰৰ কথা ডাক্তৰে তোমালোকক শিকাইছেনে নাই, ম‍ই কব নোৱাৰোঁ। ৰজাৰ কথা শুনি ডাক্তৰে মাত লগালে, “তেওঁলোককে সুধি চাওক।” এই কথা শুনি উকীলে ৰজাৰ পিনে চাই কলে, “মহাৰাজ, এইবোৰ বেমাৰৰ কথা সুধিবৰ কাৰণে ম‍ই প্ৰশ্ন লিখি অনা নাই। কোনো জন! বুজা মানুহ এজনে এই বিষয়ে পৰীক্ষা কৰিলে বৰ সজ কথা হয়; ম‍ই দেখাত ডাক্তৰে নিজেই এই কাম কৰিলে ভাল হয়।” আন বজাই কলে, “ম‍ই আপোনাৰ কথা সমৰ্থন কৰিছোঁ।” তাৰ পাচত<noinclude></noinclude> i0yzy8ap21pf9d7z3vjy4658zmf55sh