ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.46.0-wmf.24
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৫৩
104
77646
247936
212292
2026-04-18T13:28:46Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
247936
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>জাৰ্মান জাতীয়তাবাদ নাইবা চল্লিশৰ দশকত আমাৰ দেশত উদ্ভূত পাকিস্তানী
জাতীয়তাবাদ। যি কি নহওক, জাতীয়তাবাদৰ প্ৰগতিশীল বা প্ৰতিক্ৰিয়াশীল চৰিত্ৰ পৰিস্থিতি নিৰ্ভৰ।
{{gap}}জাতীয়তাবাদৰ যুগত জাতিয়ে জাতিয়ে সৌহাৰ্দ্য বা আন্তৰ্জাতিকতাবাদৰ উদ্ভৱ হয়। এই আন্তৰ্জাতিকতাবাদেই শ্ৰমিক শ্ৰেণীৰ সমাজতান্ত্ৰিক মতাদৰ্শৰ লগত খাপ খায়। তথাপি, যেতিয়ালৈকে জাতীয়তাবাদ গণতন্ত্ৰবিৰোধী, সৰ্বহাৰাৰ ঐক্যবিৰোধী আৰু সম্প্ৰসাৰণবাদী বা সংকীৰ্ণতাবাদী হৈ নুঠে, তেতিয়ালৈকে ইয়াৰ লগত শ্ৰমিক শ্ৰেণীৰ মতাদৰ্শৰ প্ৰত্যক্ষ কোনো সংঘৰ্ষ নাই। আন কি সাম্ৰাজ্যবাদ-বিৰোধী জাতীয় মুক্তি আন্দোলনত ইয়াৰ ইতিবাচক ভূমিকাটিক স্বীকাৰ কৰি লৈয়ে শ্ৰমিক শ্ৰেণীয়ে সুকীয়া প্ৰাধান্য বিস্তাৰ কৰিবলৈ যত্ন কৰে। জাতীয়তাবাদ বিপথগামী হলে, ইয়াক বাধা দিয়ে।
{{gap}}পশ্চিম ইউৰোপত জাতীয়তাবাদৰ উদ্ভৱ ঐতিহাসিক বিকাশৰ এক বিশেষ স্তৰত॥ পঞ্চদশ ষোড়শ শতিকাত ইংলণ্ড, ফ্ৰান্স, হলেও ইত্যাদি ৰাষ্ট্ৰত ক্ৰমাৎ শক্তিশালী হৈ উঠা বেপাৰী আদি মধ্যশ্ৰেণীৰ মানুহবোৰে দেশৰ শিল্প-বাণিজ্যৰ প্ৰসাৰৰ বাবে বিচাৰিছিল ৰাজ্য জোৰা অবাধ বজাৰ এখন আৰু তাকে সম্ভৱপৰ কৰি তুলিবলৈ ৰাষ্ট্ৰশক্তিৰ ওপৰত মধ্যশ্ৰেণীৰ আধিপত্য। বিদেশী পোপ আৰু দেশী ৰজা-জমিদাৰ সকলৰ ক্ষমতা চূৰ্ণ নকৰাকৈ সেয়া সম্ভৱ নাছিল। আকৌ, তাকে কৰিবলৈ হ'লেও প্ৰয়োজন আছিল ব্যাপক জনসমৰ্থনৰ।
{{gap}}এনেবোৰ প্ৰয়োজনলৈ চাইছে জাতীয় বুৰ্জোৱা-গণতান্ত্ৰিক মতাদৰ্শৰ সৃষ্টি। এই মতাদৰ্শৰ জৰিয়তে জনসমৰ্থন আদায়ৰ বাবে মধ্যশ্ৰেণীৰ স্বাৰ্থক সমূহ স্বাৰ্থৰ সৈতে একাকাৰ কৰি দেখুৱা হয়। মতপ্ৰকাশৰ স্বাধীনতা, ফুৰাচকাৰ স্বাধীনতা, সম্পত্তি আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰ, সাৰ্বজনীন ভোটাধিকাৰ, জাতীয় ৰাষ্ট্ৰৰ সাৰ্বভৌমতা, বা জমিদাৰসকলৰ ক্ষমতালোপ ইত্যাদি উমৈহতীয়া দাবী লৈ ৰচিত হয় সামন্ত-বিৰোধী, গণতান্ত্ৰিক কৰ্মসূচী আৰু তাৰ লগত যুক্ত হয় জাতীয়তাবাদ। এটা জাতি অন্য এটা জাতিৰ দ্বাৰা শোষিত হোৱাৰ ক্ষেত্ৰত, শোষিত জাতিৰ জাতীয়তাবাদে প্ৰধানতঃ সাম্ৰাজ্যবাদ-বিৰোধিতাৰ ৰূপ লয়।
{{gap}}এনেভাবেই প্ৰতিপক্ষৰ বিৰুদ্ধে দেশৰ ৰাইজক একগোট আৰু অনুপ্ৰাণিত কৰিবলৈ একত্ব-সূচক আঞ্চলিক সাংস্কৃতিক বৈশিষ্ট্য কিছুমানৰ পিনে আঙুলিয়াই দি জাতীয়তাবাদ বোলা ভাৱানুভূতিৰ (spiritual sentiment) বিকাশ ঘটোৱা হয়। গণতান্ত্ৰিক জাতীয়তাবাদক আশ্ৰয় কৰি ক্ৰমে হলেণ্ড, ইংলণ্ড, ফ্ৰান্স আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ বুৰ্জোৱা বিপ্লৱ সংঘটিত হৈছিল। পোলেণ্ড, জাৰ্মানী আৰু ইতালীৰ একীকৰণ আৰু<noinclude>{{center|৪৯}}</noinclude>
1zy9e71tdrd73b5l3tyvht688flfney
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৫৪
104
77647
247940
212293
2026-04-18T14:19:53Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
247940
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>স্বাধীনতা আন্দোলনো আছিল জাতীয়তাবাদী।
{{gap}}জনজাতীয় বিকাশৰ স্তৰত, অন্যত্ৰ যেনেকুৱা ভাৰতীয় সমাজতো জ্ঞাতিকুটুম্ব সম্পৰ্কই আছিল গোষ্ঠীচেতনাৰ প্ৰাথমিক উপাদান। পাছত বংশবৃদ্ধি, প্ৰব্ৰজন, আন্ত:জনজাতীয় অৰ্থনৈতিক লেনদেন আৰু স্থানবদ্ধ কৃষিৰ বিকাশে পাতনি মেলিছিল পৰৱৰ্তী শ্ৰেণীসমাজৰ। প্ৰাথমিক জনজাতীয় গোষ্ঠী চেতনাক চেৰাই গৈ ৰাইজৰ বিভিন্ন অংশৰ মাজত ব্যাপকতৰ ঐক্যৰ বস্তুগত উপাদান হিছাপে ভাষা আৰু ধৰ্মৰ বিকাশো মধ্যযুগত দেখা গৈছিল। য়ুৰোপৰ দৰেই ভাৰততো। ভাৰতৰ বেলিকা আন এটি কথাও মনকৰিবলগীয়া। জ্ঞাতি কুটুম্ব সম্পৰ্কৰ ভেটিৰ ওপৰত গঢ় লোৱা বৰ্ণ আৰু জাতপাত আৰু ঠাই বিশেষে জনজাতীয়তাৰ বন্ধন বৃটিছৰ দিনলৈকে প্ৰবলতব হৈ থাকি জাতি গঠনৰ প্ৰক্ৰিয়াটিক লেহেম কৰিছে।
{{gap}}বৃটিছে ভাৰতীয় উপমহাদেশলৈ আহি পাইছিল নানা সামন্তীয় ৰাষ্ট্ৰ, নানা ভাষা, লিপি আৰু ধৰ্ম। ৰাইজৰ খোৱা লোৱা, পিন্ধন-উৰণ আৰু অৰ্থনৈতিক-সাংস্কৃতিক বিকাশৰ স্তৰো আছিল অঞ্চল ভেদে বেলেগ বেলেগ। বৃটিছ সাম্ৰাজ্যবাদে ভাৰতীয় ৰাইজক কেন্দ্ৰীকৃত প্ৰশাসনিক কাঠামোৰ তলত আনিলে। সমগ্ৰ উপমহাদেশক আধুনিক ষ্টীমাৰ পথ, পকা আলি আৰু ৰেলৰ আলিৰে বান্ধি পেলাই বিশ্ব পুঁজিবাদী ব্যৱস্থাৰ লগত সাঙুৰিলে। ইংৰাজী হ’ল প্ৰশাসন আৰু আধুনিক শিক্ষাৰ ভাষা। নৱ-বিকশিত বিভিন্ন আঞ্চলিক মধ্যশ্ৰেণীৰ ভাবৰ আদান প্ৰদানৰ ভাষাও হ’ল ইংৰাজী। ভাৰতীয় অৰ্থনীতিৰ চূড়াত এমুঠি বৃটিছ পুঁজিপতি আৰু তেওঁলোকৰে বহতীয়া দেশীয় ৰজা-মহাৰজা-জমিদাৰ আৰু ভেটিত প্ৰাথমিক উৎপাদনকাৰী কোটি কোটি শ্ৰমজীৱী খেতিয়ক হস্তশিল্পী-বনুৱা। মাজত মধ্যশ্ৰেণীৰ (বেপাৰী, শিল্প মালিক, চাকৰিয়াল, পেছাজীবী, ধনী খেতিয়ক আদি বুৰ্জোৱা আৰু পেটিবুৰ্জোৱা) বিস্তাৰ। ভাৰতীয় বজাৰখনৰ ওপৰত স্ব-শ্ৰেণীৰ অৰ্থনৈতিক-ৰাজনৈতিক কৰ্তৃত্ব স্থাপনত প্ৰয়াসী এই মধ্যশ্ৰেণীয়ে জাতীয়তাবাদৰ ভগীৰথ। সৰ্বশ্ৰেণীৰ ৰাইজক সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামী মৰ্চাত চামিল কৰিবলৈকেহে ভাৰতত জাতীয়তাবাদী মতাদৰ্শৰ সৃষ্টি। পাছত, মধ্যশ্ৰেণীৰ পৰাই ক্ৰমে একচেতিয়া পুঁজিও বিকশিত হৈছিল।
{{gap}}এক ভাষা, ধৰ্ম, লিপি, ঐতিহ্য, বিশিষ্ট মানসিকতা—পৰিস্থিতিত বস্তুগতভাবে উপস্থিত এনেবোৰ এক বা একাধিক উপাদানকে ঐক্যৰ প্ৰতীক হিছাপে ব্যৱহাৰ কৰি ভাৰতীয় মধ্যশ্ৰেণীয়ে আমাৰ দেশত জাতি আৰু জাতীয়তাবাদৰ বিকাশ ঘটাইছিল। ভাৰত-বিভাজনৰ ভিত্তিত স্বাধীনতা, পাকিস্তান–বিভাজন, ভাৰতীয় য়ুনিয়নৰ ভিতৰতে ৰাজ্যসমূহৰ পুনৰ্গঠন, চিকিমৰ ভাৰত ভুক্তি, উত্তৰ-পূৰ্বাঞ্চলত বিচ্ছিন্নতাবাদৰ উপস্থিতি আৰু প্ৰসাৰ— যোৱা অৰ্ধ শতাব্দীৰ এনেবোৰ ঘটনাৰ পৰাই বুজা যায় যে আমাৰ<noinclude>{{center|৫০}}</noinclude>
lf5594tk3dev811pb56ewnvcyakus2b
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৬৩
104
77656
247941
212302
2026-04-18T14:29:23Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
247941
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>পৰা বিচাৰ কৰি এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লব লাগিব।
{{gap}}১৯৭১ চনৰ পিয়লমতে, অসম ৰাজ্যখনৰ ৮৯ লাখ বা শতকৰা ৬১ ভাগ মানুহ অসমীয়াভাষী আৰু প্ৰায় ৮ ভাগ মানুহ থলুৱা বা জনজাতীয় ভাষাভাষী। জনসমষ্টিত অসমীয়াভাষীৰ সংখ্যাধিক্য থাকিলেও এই সংখ্যাধিক্য প্ৰবল নহয়। এতেকে অসমীয়া জাতিৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ অব্যাহত ৰাখিবলৈ আগলৈ জনাগমন নিয়ন্ত্ৰণৰ প্ৰয়োজন স্বীকৃত। বাস্তৱ অৱস্থা চায়ে ১৯৭১ চনৰ পৰা প্ৰাক্কালিক প্ৰয়োগৰ সৈতে আৰু আগলৈ সীমান্তইদি অনুপ্ৰবেশ কঠোৰভাবে বন্ধ কৰাৰ সৰ্বসম্মত সিদ্ধান্ত হৈছে। আন কি, ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈকে সময়ৰ ভিতৰত তেনে ৩ লাখ ১০ হাজাৰ অনুপ্ৰবেশকাৰীক বহিষ্কৃত কৰা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰে কৈছে। এতিয়া ১৯৭১ চনৰ আগত অহা বহু লক্ষ থিতাপি লোৱা মানুহকো বিতাড়িত কৰাৰ আগতে ভাবি চোৱা উচিত, ইয়াৰ দ্বাৰা অসমীয়া জাতিৰ অৰ্থাৎ সৰ্বসাধাৰণ ৰাইজৰ লাভ হব নে ক্ষতি হব। তাহানি ৮ লাখ মায়ামৰীয়াক চিনাক্ত কৰি বিনষ্ট কৰিবলৈ গৈ ঘনশ্যাম বুঢ়াগোঁহাই ডাঙৰীয়াই এক ভয়ংকৰ গৃহবিবাদৰ পাতনি মেলি অসমকে ধ্বংসৰ মুখলৈ ঠেলি দিছিল। ১৯৮০-৮১ চনৰ অসমত ১৮০ লাখ মানুহৰ মাজৰ পৰা ৪০/৫০ লাখ মানুহক বিচাৰি উলিয়াই, পুলিচ মিলিটাৰী আৰু ভলণ্টিয়াৰ লগাই গৃহহীন কৰি খেদি পঠাবৰ চেষ্টা কৰিলে তেওঁলোকেওতো “কুটুম্ব আমাক ধৰিলে” বুলি চিঞৰিব, বাধাও দিব। ড: গোহাঁয়ে কোৱাৰ দৰে চকুৰ আগত জ্ঞাতি-কুটুম্বৰ তেনে অৱস্থা দেখি সংখ্যালঘু সকলেইবা “অসমক মাতৃভূমি হিচাপে আৰু অসমীয়াক স্বজাতি বুলি গণ্য কৰিবলৈ ভৰসা পাব কেনেকৈ? বিকাশমান অসমীয়া জাতিৰ গঠনৰ ওপৰত তাৰ প্ৰতিক্ৰিয়া কি হব পাৰে ভাবি চাবলগীয়া। {{gap}}ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত কি প্ৰতিক্ৰিয়া হব পাৰে, সেইটোও ভাবি চাবলগীয়া।
{{gap}}সামৰণিত কব খোজে যে অসমীয়া জাতিৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ প্ৰশ্ন গণতান্ত্ৰিক বিবেক মানবিকতা আৰু বৈষয়িক কাণ্ড জ্ঞান-বৰ্জিত নহয়। স্ব-নিয়ন্ত্ৰণৰ সৈতে ভাৰতীয় ঐক্য আৰু সংহতিৰ প্ৰশ্নও জড়িত। স্ব-নিয়ন্ত্ৰণৰ নামত জাতীয়তাবাদে যদি শ্ৰমজীৱী ৰাইজৰ বিভিন্ন অধিকাৰ পদদলিত কৰে আৰু ধনিকশ্ৰেণীৰ বহতীয়াৰ ভূমিকা লয় তেনেহলে তেনে উগ্ৰ জাতীয়তাবাদ পৰিত্যজ্য। তেতিয়া বুজিব লাগিব যে ৰাইজক আগুৱাই লৈ যোৱাৰ ক্ষমতা আৰু মধ্যশ্ৰেণীৰ নাই। অসম সাহিত্য সভাৰ সভাপতিৰ মঞ্চৰ পৰা বাৰে বাৰে বহিৰাগত সকললৈ—আন কি ১৯৫১-পৰবৰ্তী বহিৰাগত সকললৈকেও আকুল আহ্বান জনোৱা হৈছিল, যাতে তেওঁলোক থলুৱা বৃহৎ অসমীয়া সমাজত জাহ যায়। বহিৰাগত সকলেও এই আহ্বানত সঁহাৰি নজনাই থকা নাই। তেওঁলোক জাহ যাব ধৰিছে, আন কি অসমীয়া ভাষাকো,<noinclude>{{center|৫৯}}</noinclude>
7qg2vmgkrlvgj7ct9j648yi7qm7i99w
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৯৬
104
77744
247942
212638
2026-04-18T15:41:28Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
247942
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>[[File:অসম নমৰে আমিও নমৰো (last page crop).jpg|center|250px]]
<span style="color:Orange;">{{Block center|<poem>আফগানিস্তানৰ জীৱন যাত্ৰাৰ পৰা আধুনিক অসমৰ ৰাজনীতিলৈকে ড° অমলেন্দু গুহৰ ইতিহাস জিজ্ঞাসাৰ পৰিসৰ বিস্তৃত। উত্তৰ পূৰ্ব্বাঞ্চল বিশেষকৈ অসমৰ ইতিহাসক বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে সমৃদ্ধ কৰা গুহৰ “প্লেন্টাৰ্ছৰাজ টু স্বৰাজ” আৰু “মেডিঈভল্ এণ্ড আলি ক’ল’নিয়েল এছাম ছচাইটি পলিটী ইকনমী” নামৰ গ্ৰন্থ দুখন অসমৰ ইতিহাস চৰ্চাৰ দুটি মাইলৰ খুটি। কবি, ভ্ৰমণ কাহিনী ৰচোতা ডঃ গুহই ইতিহাস চৰ্চাৰ জৰিয়তে সন্ধান কৰিছে মানৱতাৰ।
{{gap}}অসম নমৰে আমিও নমৰো—এই গ্ৰন্থখনিত ডঃ গুহ অসমৰ বিদেশী সমস্যাৰ লগতে জাতীয় সমস্যা, সাম্প্ৰদায়িকতাৰ ভাবুকি আদি বহু জটিল প্ৰশ্নৰ তথ্য নিৰ্ভৰ প্ৰাঞ্জল বিশ্লেষণ আগবঢ়াইছে।</poem>}}</span>
{{Rule|6em}}
<span style="color:Orange;">{{center|{{larger|সৃষ্টিলেখা}}}}</span><noinclude></noinclude>
jq3tmz1rw5xqevazapq2210fqeyhvrv
সূচী:অজান আততায়ী.djvu
106
86475
247932
247728
2026-04-18T13:16:29Z
Babulbaishya
104
247932
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 5="1"/>
|Volumes=
|Remarks={{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem>
[[অজান আততায়ী/এক|এক]]
[[অজান আততায়ী/দুই|দুই]]
[[অজান আততায়ী/তিনি|তিনি]]
[[অজান আততায়ী/চাৰি|চাৰি]]
[[অজান আততায়ী/পাঁচ|পাঁচ]]
[[অজান আততায়ী/ছয়|ছয়]]
[[অজান আততায়ী/সাত|সাত]]
[[অজান আততায়ী/আঠ|আঠ]]
[[অজান আততায়ী/ন|ন]]
[[অজান আততায়ী/দহ|দহ]]
</poem>}}
|Notes=
|Width=
|Css=
|Header={{rh|||}}
|Footer=
}}
cd3dxcs39hpstcmsc4nqcixzd76ql7e
পৃষ্ঠা:অজান আততায়ী.djvu/৩
104
86478
247934
247358
2026-04-18T13:19:08Z
Babulbaishya
104
247934
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" /></noinclude>{{center|{{X-larger|অৰ্পণ}}}}
{{gap}}‘পা-ফু' চিৰিজৰ আজিৰ উন্নত অৱস্থাৰ মূলত আছে কিছুমান সদাশয় আৰু অকৃত্ৰিম উপদেষ্টা, উৎসাহ-উদগণি দিওঁতা, সাহায্যকাৰী বন্ধু আৰু বিশেষ আগ্ৰহান্বিত পঢ়ুৱৈ সমাজ। তাৰে অন্ততম অসম অপ্টিকেল কোম্পানীৰ প্ৰোপ্ৰাইটৰ শ্ৰীমাণিকচন্দ্ৰ দাস চিৰিজৰ প্ৰথম পুথি দিনডকাইতখন হাতত লৈয়ে বিনা বাক্যব্যয়ে টকা দুটা দি উৎসাহ দি কৈছিল "...... আৰু লিখক। অন্তত দহখন সোনকালে উলিয়াওক, মানুহে পঢ়িবলৈ কিতাপ নাপায়...৷" কথাষাৰ কোৱাৰ বহু বছৰ হল যদিও আজিকোপতি মোৰ মনত নতুন হৈ আছে আৰু ভৱিষ্যতেও থাকিব।
{{gap}}‘নকলেও হব যে মোৰ যেতিয়াই যি কিতাপ ওলাইছে তেতিয়াই তেখেতে নিজে অথবা তেখেতৰ অনুপস্থিতিত অন্তৰঙ্গ বন্ধু আৰ সহকৰ্মী শ্ৰীউপেন্দ্ৰ দত্ত ডাঙৰীয়াই আগ্ৰহেৰে কিনি ৰাখিছে। দুয়োজন একনিষ্ঠ পাঠক আৰু সাহিত্য-প্ৰেমী। লাইব্ৰেৰীৰ কিতাপ একোখনকৈ উভয়ৰ হাতত প্ৰায়েই দেখো।
{{gap}}‘দেখা হলেই দাস ডাঙৰীয়াই কিতাপৰ খা-খবৰ লয় আৰু উৎসাহ দিয়ে। তেখেতৰ আন্তৰিকতাত মুগ্ধ হৈছো।
{{gap}}‘‘অজান আততায়ী' তেখেতৰ কৰকমলত অৰ্পণ কৰি সামান্য ভাবে হলেও আন্তৰিক কৃতজ্ঞতা জনালো......
{| {{ts|wa|mc}}
| width=30% |কলিকাতা<br>২০।৬।৫৯
| width=3% rowspan=2|
| {{ts|ar}} |<center>{{Right|'''প্ৰেমনাৰায়ণ—'''}}</center>{{gap|1em}}
|}<noinclude></noinclude>
4f5stxclyak0dm87x442cpw3i7iuhag
পৃষ্ঠা:অজান আততায়ী.djvu/১৬
104
86491
247935
247887
2026-04-18T13:20:34Z
Babulbaishya
104
247935
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" />{{rh|১২||অজাত আততায়ী}}</noinclude>{{gap}}দুজনৰ এজনেও তাৰ উত্তৰ নিদিলে ৷ আশ্মানৰ মূৰটো মাথো
:ওঁপিনে ইষৎ বেকা হল । তেওঁ সুধিলে "কি লাগে ?”
মালতীয়ে উত্তৰ দিলে “মই মিঃ আশমান সিঙক দেখা কৰিব
হিছো।"
“ময়েই আশমান সিং । দেখা
দেখ৷ পালাই নহয়, এতিয়া যাব
বা।”
মালতীৰ মুখখনে কঠিনাক্বতি ধৰিলে যদিও নৰম সুৰত কলে
বিগ্ৰহ দৰ্শন কৰি পুন্য আর্জিব অহা নাই ৷ আপোনাৰ লগত কথা
তিবলগীয়া আছে।"
“সুবিধা নহব ৷ মোৰ সময় তাকৰ, কাম বহুত । কিহৰ বৰঙনী
াগে থিয়ই থিয়ই কোৱা ?”
মালতীয়ে কলে “বঙনী ? বঙনী বিচাৰি কিয় আহিম-?”
আশ্মানে কলে “নহলে কিয় আহিছা ? তোমালোক প্রগতিশীলা
মানে আপ-টু-ডেট বোৰক মই সমূলি দেখিব নোৱাৰো---
“তাৰ পৰা প্ৰগতিশীলা সকলৰ আভোক নহয় । ময়ো আপোনাৰ
দৰে আউট-অৱ-ডেট জম্বুবানবোৰক সমূলি দেখিব নোৱাৰো ৷”
“তেনেহলে নাহিলেই ভাল আছিল। যি নহওক, এতিয়া ওলাই
ধোৱা।”
মালতীয়ে কলে “ওলাই যাব নকলেও যাম । যিবোৰে ধনৰ বলত
ভুচুংপহু সাজি ভদ্রতার লেশ মাত্রও শিকা নাই সেই কলিৰ জম্বুৱান
বোৰৰ ওচৰলৈ কোনো ভদ্রলোক বা ভদ্রমহিলা অহা উচিত নহয় ।
যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ—নামটো আশমান সিং হব
পাবে কিন্তু জমিনত থাকি আশমানলৈ দৃষ্টি ৰাখিলে মুখ থেকেচা
খোৱাৰ ভয় পদে পদে ৷ গতিশীল পৃথিবীখন আগৰ ঠাইত নাই বুলি
যিবোৰে মুৰুজে সেইবোৰকে ওল্ডফুল কয়।” বুলি কৈ উভতি বেগাই<noinclude></noinclude>
c32q4eepz0l7phf0pfhmyb0jlozwuhd
247937
247935
2026-04-18T13:30:18Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
247937
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" />{{rh|১২||অজাত আততায়ী}}</noinclude>{{gap}}দুজনৰ এজনেও তাৰ উত্তৰ নিদিলে। আশ্মানৰ মূৰটো মাথো বাওঁপিনে ইষৎ বেকা হল। তেওঁ সুধিলে "কি লাগে?”
{{gap}}মালতীয়ে উত্তৰ দিলে “মই মিঃ আশ্মান সিঙক দেখা কৰিব আহিছো।"
{{gap}}“ময়েই আশ্মান সিং। দেখ৷ পালাই নহয়, এতিয়া যাব পাৰা।”
{{gap}}মালতীৰ মুখখনে কঠিনাকৃতি ধৰিলে যদিও নৰম সুৰত কলে বিগ্ৰহ দৰ্শন কৰি পুন্য আৰ্জিব অহা নাই। আপোনাৰ লগত কথা পাতিবলগীয়া আছে।"
{{gap}}“সুবিধা নহব। মোৰ সময় তাকৰ, কাম বহুত। কিহৰ বৰঙনী লাগে থিয়ই থিয়ই কোৱা?”
{{gap}}মালতীয়ে কলে “বৰঙনী? বৰঙনী বিচাৰি কিয় আহিম?” আশ্মানে কলে “নহলে কিয় আহিছা? তোমালোক প্ৰগতিশীলা মানে আপ-টু-ডেট বোৰক মই সমূলি দেখিব নোৱাৰো..."
{{gap}}“তাৰ পৰা প্ৰগতিশীলা সকলৰ আভোক নহয়। ময়ো আপোনাৰ দৰে আউট-অৱ-ডেট জম্বুবানবোৰক সমূলি দেখিব নোৱাৰো।”
{{gap}}“তেনেহলে নাহিলেই ভাল আছিল। যি নহওক, এতিয়া ওলাই যোৱা।”
{{gap}}মালতীয়ে কলে “ওলাই যাব নকলেও যাম। যিবোৰে ধনৰ বলত ভুচুংপহু সাজি ভদ্ৰতাৰ লেশ মাত্ৰও শিকা নাই সেই কলিৰ জম্বুৱান বোৰৰ ওচৰলৈ কোনো ভদ্ৰলোক বা ভদ্ৰমহিলা অহা উচিত নহয়। যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ—নামটো আশ্মান সিং হব পাৰে কিন্তু জমিনত থাকি আশ্মানলৈ দৃষ্টি ৰাখিলে মুখ থেকেচা খোৱাৰ ভয় পদে পদে। গতিশীল পৃথিবীখন আগৰ ঠাইত নাই বুলি যিবোৰে নুবুজে সেইবোৰকে ওল্ডফুল কয়।” বুলি কৈ উভতি বেগাই<noinclude></noinclude>
hr2d6uacr1doq3lu62omumcw5b90sju
247938
247937
2026-04-18T13:30:38Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
247938
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh|১২||অজাত আততায়ী}}</noinclude>{{gap}}দুজনৰ এজনেও তাৰ উত্তৰ নিদিলে। আশ্মানৰ মূৰটো মাথো বাওঁপিনে ইষৎ বেকা হল। তেওঁ সুধিলে "কি লাগে?”
{{gap}}মালতীয়ে উত্তৰ দিলে “মই মিঃ আশ্মান সিঙক দেখা কৰিব আহিছো।"
{{gap}}“ময়েই আশ্মান সিং। দেখ৷ পালাই নহয়, এতিয়া যাব পাৰা।”
{{gap}}মালতীৰ মুখখনে কঠিনাকৃতি ধৰিলে যদিও নৰম সুৰত কলে বিগ্ৰহ দৰ্শন কৰি পুন্য আৰ্জিব অহা নাই। আপোনাৰ লগত কথা পাতিবলগীয়া আছে।"
{{gap}}“সুবিধা নহব। মোৰ সময় তাকৰ, কাম বহুত। কিহৰ বৰঙনী লাগে থিয়ই থিয়ই কোৱা?”
{{gap}}মালতীয়ে কলে “বৰঙনী? বৰঙনী বিচাৰি কিয় আহিম?” আশ্মানে কলে “নহলে কিয় আহিছা? তোমালোক প্ৰগতিশীলা মানে আপ-টু-ডেট বোৰক মই সমূলি দেখিব নোৱাৰো..."
{{gap}}“তাৰ পৰা প্ৰগতিশীলা সকলৰ আভোক নহয়। ময়ো আপোনাৰ দৰে আউট-অৱ-ডেট জম্বুবানবোৰক সমূলি দেখিব নোৱাৰো।”
{{gap}}“তেনেহলে নাহিলেই ভাল আছিল। যি নহওক, এতিয়া ওলাই যোৱা।”
{{gap}}মালতীয়ে কলে “ওলাই যাব নকলেও যাম। যিবোৰে ধনৰ বলত ভুচুংপহু সাজি ভদ্ৰতাৰ লেশ মাত্ৰও শিকা নাই সেই কলিৰ জম্বুৱান বোৰৰ ওচৰলৈ কোনো ভদ্ৰলোক বা ভদ্ৰমহিলা অহা উচিত নহয়। যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ—নামটো আশ্মান সিং হব পাৰে কিন্তু জমিনত থাকি আশ্মানলৈ দৃষ্টি ৰাখিলে মুখ থেকেচা খোৱাৰ ভয় পদে পদে। গতিশীল পৃথিবীখন আগৰ ঠাইত নাই বুলি যিবোৰে নুবুজে সেইবোৰকে ওল্ডফুল কয়।” বুলি কৈ উভতি বেগাই<noinclude></noinclude>
sx9g5gqk6q45s64rib7s1prkiq3fz9l
পৃষ্ঠা:অজান আততায়ী.djvu/১৭
104
86492
247939
237345
2026-04-18T13:37:30Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
247939
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh|অজাত আততায়ী||১৩}}</noinclude>খোজ ললে। মটৰত উঠি বহি মটৰখন ঘূৰাই বিপৰীত মুৱা কৰি ধৰিলে।
{{gap}}আশ্মান সিঙে নিজৰ জীৱনত এনেকুৱা তেজ দেখা নাছিল সাধাৰণতে চাকৰি আৰু বৰঙনী বিচৰা, ধাৰ বা সহায় খোজা অথবা ব্যৱসায়ৰ সংশ্রবত অহা মানুহৰ বাহিৰে অইন মানুহ কদাপি তেওঁ ওচৰলৈ নাহে। বিশেষকৈ গাভৰু বা ভদ্রমহিলা। তেওঁ আচৰিত হল। মালতী গৈ মটৰত উঠাৰ লগে লগে কিবা ভাবি হঠাতে নঙলালৈ বেগ দিলে। মালতীয়ে মটৰ ঘূৰোৱাৰ লগে লগে ওচৰ চাপি কলে "আপুনি কেলেই আহিছিল অনুগ্ৰহ কৰি কৈ যাওক।”
{{gap}}মালতীয়ে কলে "ভদ্র ভাষাও জানে দেখিছো।” বুলি আশ্মানে যান-বাহন-যোগনীয়াৰলৈ লিখা চিঠি এখন ভেনিটি বেগৰ পৰা উলিয়াই দেখুৱাই সুধিলে “এইখন আপুনি লিখা চিঠি হয় নে?”
{{gap}}আশ্মান সিং যেন আশ্মানৰ পৰাহে পৰিল। অলপ পৰলৈ অবাক হৈ থাকি কলে— এৰা, নিশ্চয়। কিন্তু যান-বাহন-যোগনীয়াৰে তেওঁলোকৰ চেক্ৰেটৰী এম, বৰা আহিব বুলিহে লিখিছিল।
{{gap}}“মোৰ নাম যদি এম, বৰা বুলি কওঁ কিবা দোষৰ কথা হব নেকি মই মালতী বৰা।”
{{gap}}সিঙে কলে “মই আকৌ...মই অর্থাৎ কিবাবোলেনে মই ভাবিছিলো যে... থাওক বাৰু। আহক, আহক মোৰ ঘৰৰ ভিতৰলৈ গৈ কথা পাতো।”
{{gap}}মালতীয়ে মূৰ জোকাৰি দৃঢ় ভাবেৰে কলে “মই নাযাওঁ। যদি আপুনি ইচ্ছাকৰে কি কবলগীয়া আছে ইয়াতে কব পাৰে নাইবা ডাক-বঙলালৈ গৈ মোক লগ ধৰি কৈ আহিব পাৰে।”
{{gap}}আশ্মান সিঙে হাতযোৰ কৰি ক্ষমা খুজি পুনৰায় অনুৰোধ<noinclude></noinclude>
nn5yq6c7080cp32rq3o1e47t2gzltik
পৃষ্ঠা:বিশ্ব-ভূগোল.pdf/২৬৭
104
90632
247943
247925
2026-04-18T16:02:16Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
247943
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|ডেনমাৰ্ক||২৩৫}}</noinclude>
{{center|'''ডেনমাৰ্ক'''}}
{{gap}}'''জাটলেণ্ড''' উপদ্বীপ আৰু '''জীলেণ্ড, ফিউলেন,'''
লালেণ্ড''' প্ৰভৃতি সৰু সৰু দ্বীপৰ দ্বাৰা '''ডেনমাৰ্ক''' গঠিত। ইয়াৰ
মাটি চাপৰ আৰু কোনো অংশই সাগৰ-পিঠিৰ পৰা ৬০০ ফুটৰ ওখ
নহয়। দুই এঠাইত পোৱা কয়লা ভিন্ন আন কোনো ধাতুৱেই
ইয়াত পোৱা নেযায়। মাটিকালি প্ৰায় ১৬ ১/২ হেজাৰ বৰ্গমাইল।
ডেনমাৰ্কৰ অধিবাসীক '''দিনেমাৰ''' বোলে। লোকসংখ্যা প্ৰায়
৩২ লক্ষ।
{{Gap}}সকলো দিনেমাৰেই লিখিব পঢ়িব জানে ইয়াত প্ৰাথমিক শিক্ষা
অবৈতনিক আৰু বাধ্যতামূলক। এওঁলোকৰ অধিকাংশই মাৰ্টিন লুথাৰে
প্ৰতিষ্ঠা কৰা '''প্ৰটেষ্টান্ট ধৰ্ম্মাৱলম্বী।''' এই ৰাজ্যৰ শাসনপ্ৰণালী
'''নিয়মিত ৰাজতন্ত্ৰ।'''
{{gap}}ডেনমাৰ্ক কৃষি-প্ৰধান দেশ। ইয়াৰ শতকৰা ৮০ ভাগ মাটিয়েই
উৰ্ব্বৰা আৰু ৬ ভাগ জ্লাতক। '''গম, যৱ, ৰাই, জই, বীট,'''
আৰু '''আলু প্ৰধান শস্য। ৰপ্তানি দ্ৰব্যৰ ভিতৰত '''মাখন, পনীৰ'''
'''(ক্ষীৰ ), গাহৰিৰ মাংস, ঘোঁৰা''' আৰু পোহনীয়া জন্তু প্ৰধান।
বৃটেইন এইবোৰ বস্তুৰ প্ৰধান ক্ৰেতা।
{{gap}}ৰাজধানী '''কোপেনহেগেন''' ইয়াৰ সৰ্ব্বাপেক্ষা বৃহৎ চহৰ আৰু
বন্দৰ। চহৰৰ লোকসংখ্যা ৫ লক্ষ ৬০ হেজাৰ। অন্য চহৰৰ ভিতৰত
জাটলেণ্ডৰ ৰাজধানী '''আৰহাচ''' উল্লেখযোগ্য।
{{gap}}'''আইচলেণ্ড, ফাৰো দ্বীপপুঞ্জ আৰু গ্ৰীনলেণ্ড,'''
ডেনমাৰ্কৰ অধীনত। আইচলেণ্ডৰ ৰাজধানী '''ৰিকিয়াভিকৰ''' পৰা
ভেড়া আৰু মাছ ৰপ্তানি হয়।<noinclude></noinclude>
5xm6njd2man2qom2065qlq720223yq4
অজান আততায়ী/এক
0
91234
247930
247550
2026-04-18T13:12:35Z
Babulbaishya
104
added [[Category:প্ৰেমনাৰায়ণ দত্তৰ সাহিত্যকৰ্ম]] using [[Help:Gadget-HotCat|HotCat]]
247930
wikitext
text/x-wiki
{{header
| title = [[অজান আততায়ী]]
| author = প্ৰেমনাৰায়ণ দত্ত
| translator =
| section =
| previous =[[অজান আততায়ী|বেটুপাত]]
| next = [[অজান আততায়ী/দুই|দুই]]
| year =
| notes =
}}
<pages index="অজান আততায়ী.djvu" from=5 to=15 tosection="15e" />
[[শ্ৰেণী:প্ৰেমনাৰায়ণ দত্তৰ সাহিত্যকৰ্ম]]
gsfvrc27txmv04sbcjoy72dg82hg191
প্ৰকাশক:সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ
108
91355
247929
2026-04-18T13:11:52Z
JyotiPN
1603
"'''সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ''' (ইংৰাজী: Saurabh Kumar Chaliha Fan Society) হৈছে অসমৰ গুৱাহাটীস্থ এটি সামাজিক অনুষ্ঠান। অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহা আৰু তেওঁ সৃষ্টিক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
247929
wikitext
text/x-wiki
'''সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ''' (ইংৰাজী: Saurabh Kumar Chaliha Fan Society) হৈছে অসমৰ গুৱাহাটীস্থ এটি সামাজিক অনুষ্ঠান। অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহা আৰু তেওঁ সৃষ্টিকৰ্মক প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু কাম কৰা এই অনুষ্ঠানটি ২০১০ চনত চলিহাৰ জীৱিত অৱস্থাতে গঠন কৰা হৈছিল।
==প্ৰকাশিত গ্ৰন্থ==
# [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা]]
# ভাল খবৰৰ বৰ্ণমালা
33lzvxevk6rq8zudujhu27ppvjvhc06
247931
247929
2026-04-18T13:12:41Z
JyotiPN
1603
247931
wikitext
text/x-wiki
'''সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ''' (ইংৰাজী: Saurabh Kumar Chaliha Fan Society) হৈছে অসমৰ গুৱাহাটীস্থ এটি সামাজিক অনুষ্ঠান। অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ [[লেখক:সৌৰভ কুমাৰ চলিহা|সৌৰভ কুমাৰ চলিহা]] আৰু তেওঁ সৃষ্টিকৰ্মক প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু কাম কৰা এই অনুষ্ঠানটি ২০১০ চনত চলিহাৰ জীৱিত অৱস্থাতে গঠন কৰা হৈছিল।
==প্ৰকাশিত গ্ৰন্থ==
# [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা]]
# ভাল খবৰৰ বৰ্ণমালা
ncxgu7g22d4y5o4o5sgk2ma7ofayx6r
পৃষ্ঠা:অজান আততায়ী.djvu/৬৫
104
91356
247933
2026-04-18T13:17:41Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ " মালতীয়ে নিজকে নিজে গৌৰৱান্বিত বোধ কৰিলে। বহল হিয়াখন কৃতজ্ঞতাৰে ওপচি পৰিল। গালেৰে চকুৰ পানী বাগৰি গল। মনত পৰিল দলপতীয়ে কোৱা—‘আইটী, আমি সকলোৱে আইব, পূজাৰী আৰু প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
247933
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" />{{rh|অজান আততায়ী||৬১}}</noinclude>
মালতীয়ে নিজকে নিজে গৌৰৱান্বিত বোধ কৰিলে।
বহল
হিয়াখন কৃতজ্ঞতাৰে ওপচি পৰিল।
গালেৰে চকুৰ পানী বাগৰি
গল। মনত পৰিল দলপতীয়ে কোৱা—‘আইটী, আমি সকলোৱে
আইব, পূজাৰী আৰু পূজাব বলি হিচাবে নিজৰ নিজৰ জীৱন উচৰ্গা
কৰিছো। এতেকে বলিশালত ডিঙিটো আগবঢ়াই দিবলৈ সকলোৱে
সদায় সাজু হৈ থাকিব লাগিব। মালতীয়েও অসমী আইৰ পদতলত
প্রতিজ্ঞা কৰিছিল আৰু সদায় সাজু হৈ আছে। তদুপৰি দ্বিতীয় বাৰলৈ
সুযোগ পাই নিজকে ধন্য মানিলে । মনৰ দুৰ্ব্বলতা বা ভয় তেওঁৰ নাই ।
অসহায় হলেও জীৱ-জন্তুৰ দৰে তেওঁ মৃত্যু বৰণ নকৰে—এই কথা
ঠিক। সাহসৰ অভাৱ মালতীৰ নাই । উপস্থিত ক্ষেত্ৰত লাগে ধৈর্য্য
আৰু কৌশল । ‘দেখা-যাওক' বুলি চিন্তা কৰিবলৈ এৰি মালতী নিজৰ
খাটখনৰ ওপৰত থিয় হল ।
তেওঁ দেখিলে যে কোঠাটো দুমহলা যদিও পাছফালৰ চোতালত
থকা ঘৰ এটা বাগৰি পৰিবলগীয়া অৱস্থাত ৰৈ আছে। পাছৰ ফালে
একোকে দেখা নাযায়। ঘৰৰ ৰংটো দেখি বুজিবলৈ বাকী নাথাকে
যে সেইটো পাগঘৰ আছিল। আধাবগৰা অৱস্থাৰ পৰা বুজিব পাৰি
যে পাছফাল ডোখৰ নৈয়ে খহাই নিছে। এতিয়া খৰালি-মাহ। নৈৰ
পানীৰ শব্দ নাই কিন্তু অলপ দূৰৈৰ পৰা অহা মানুহৰ নানা ৰকমৰ
ক্ষীণ মাত বিলাকে নৈৰ কথাকে বুজায় । অৱশ্যে হালি থকা
ঘৰটোৰ পাছফালে পানীত পৰা কিবা এটা
বুজিলে যে সেইখিনিতে নিশ্চয় গৰা এটাও আছে।
বাকী নাথাকিল যে গবা-খহনীয়াৰ ভয়ত কোনোবা চহকী মানুহে
এই ঘৰ এৰি পলাইছে আৰু সেয়েই এই বন্দীশাল সৃষ্টিৰ সুবিধা হৈছে।
দুয়োফালৰ চুবুৰীয়া বিলাকে। হয়তো পলাইছে অথবা কোনো চুবুৰীয়া
হয়তো নাছিলেই। খিৰিকীৰে কোনো ফালে দেখা নাযায় ।
বস্তুৰ শব্দৰ পৰা
তেওঁৰ বুজিবলৈ<noinclude></noinclude>
c4ct1gtsd1mfvpelftk7lj39texnj7c