ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.46.0-wmf.24
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭১
104
80506
248105
219225
2026-04-22T16:51:44Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248105
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|'''{{Xx-larger|নৱম আধ্যা}}'''}}
{{center|'''{{X-larger|বিয়াৰ প্ৰস্তাৱ}}'''}}
{{gap}}'''গু'''ড্ মণিং মিছ্ মাৰ্গেৰেট্?
জেৰাৰ্ডে মাৰ্গেৰেটৰ পিচফালৰ পৰা শুভ ইচ্ছা জনালে। মাৰ্গেৰেটে তলমূৰকৈ কিবা-কিবি ভাবি আছিল। বাপেক ঘৰত নাছিল কিবা কাৰণত বাহিৰৰ ফালে ওলাই গৈছিল, তেওঁ
একেবাৰেই উচপ খাই উঠিল। তেওঁৰ গা জিকাৰ খালে। প্ৰত্যুত্তৰ দিলে- গুড্ মৰ্ণিং মাষ্টাৰ জেৰাৰ্ড! ক'ৰ পৰা আহিলা?
{{gap}}—ঘৰৰ পৰা আহিলোঁ মিছ। তোমাৰ লগত এটা ডাঙৰ কথা আছে— বাস্তৱিকে বৰ ডাঙৰ কথা আজি -
{{gap}}- বাৰু বুজিছো, আগে বহা ........
{{gap}}জেৰাৰ্ড নিজৰ কথাতে বিভোৰ – বৰ ডাঙৰ কথা মাৰ্গেৰেট, জীৱন মৰণৰ সন্ধিক্ষণ — আজি এক শেষ বিচাৰৰ দিন— আজিৰ পৰাই জীৱন সোঁতৰ গতিয়ে ঠিক পথ লব.....
{{gap}}জেৰাৰ্ড ৰ কথা শেষ নহয়। তেওঁৰ চুৰ্ত্তি হেৰাল –
{{gap}}মাৰ্গেৰেটৰ মনতো উগুল থুগুল ভাৱ উপজিল। জেৰাৰ্ডৰ মনোভাৱ বুজি কলে,-
{{gap}}— বাৰু, আগে বহা, পিচতো বৰ কথাটো কবা।
{{gap}}– কওঁ বাৰু, যদি কাণ দিয়া।
{{gap}}— তাত আপত্তি কি? বাৰু শুনো, কোৱা।<noinclude></noinclude>
2nrkd9r97pj5vk8y8zmioppdx97ciaz
248106
248105
2026-04-22T16:53:00Z
প্ৰয়াসী বৰঠাকুৰ
3437
248106
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|'''{{Xx-larger|নৱম আধ্যা}}'''}}
{{center|'''{{X-larger|বিয়াৰ প্ৰস্তাৱ}}'''}}
{{gap}}'''গু'''ড্ মণিং মিছ্ মাৰ্গেৰেট্?
জেৰাৰ্ডে মাৰ্গেৰেটৰ পিচফালৰ পৰা শুভ ইচ্ছা জনালে। মাৰ্গেৰেটে তলমূৰকৈ কিবা-কিবি ভাবি আছিল। বাপেক ঘৰত নাছিল কিবা কাৰণত বাহিৰৰ ফালে ওলাই গৈছিল, তেওঁ
একেবাৰেই উচপ খাই উঠিল। তেওঁৰ গা জিকাৰ খালে। প্ৰত্যুত্তৰ দিলে- গুড্ মৰ্ণিং মাষ্টাৰ জেৰাৰ্ড! ক'ৰ পৰা আহিলা?
{{gap}}—ঘৰৰ পৰা আহিলোঁ মিছ। তোমাৰ লগত এটা ডাঙৰ কথা আছে— বাস্তৱিকে বৰ ডাঙৰ কথা আজি -
{{gap}}- বাৰু বুজিছো, আগে বহা ........
{{gap}}জেৰাৰ্ড নিজৰ কথাতে বিভোৰ – বৰ ডাঙৰ কথা মাৰ্গেৰেট, জীৱন মৰণৰ সন্ধিক্ষণ — আজি এক শেষ বিচাৰৰ দিন— আজিৰ পৰাই জীৱন সোঁতৰ গতিয়ে ঠিক পথ লব.....
{{gap}}জেৰাৰ্ড ৰ কথা শেষ নহয়। তেওঁৰ চুৰ্ত্তি হেৰাল –
{{gap}}মাৰ্গেৰেটৰ মনতো উগুল থুগুল ভাৱ উপজিল। জেৰাৰ্ডৰ মনোভাৱ বুজি কলে,-
{{gap}}— বাৰু, আগে বহা, পিচতো বৰ কথাটো কবা।
{{gap}}– কওঁ বাৰু, যদি কাণ দিয়া।
{{gap}}— তাত আপত্তি কি? বাৰু শুনো, কোৱাঁ।<noinclude></noinclude>
mb2hmvxvq2e280uzeqkcmhqzqseuc4k
পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭২
104
80507
248107
219226
2026-04-22T17:00:31Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248107
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৬২||মিলন-মন্দিৰ}}</noinclude>{{gap}}— নহয় মাৰ্গেৰেট, বৰ ডাঙৰ সমস্যা। তুমি জানো মোৰ এই শেষ অনুৰোধটি ৰক্ষা কৰিবা?
{{gap}}- বাৰু কৰিম, কোৱা আগে।
{{gap}}— নহয়, অঙ্গীকাৰ কৰি কোৱাঁ ‘কৰিম' বুলি।
{{gap}}—বাৰু, তোমাৰ শেষ অনুৰোধ ৰক্ষা কৰিম
{{gap}}—নহয় মাৰ্গেৰেট, শপথ গাই কোৱা – নহলে নকওঁ- থাকক মনৰ কথা মনতে-- মনতে জহি যক।
{{gap}}-বাৰু খাইছোঁ শপথ, কোৱা।
{{gap}}—নহয়, মোৰফালে চাই শপথ খাই কোৱা।
{{gap}}মাৰ্গেৰেটৰ খং উঠিল। বিজুলী ওলোৱা যেন চকু দুটা জেৰাৰ্ডৰ মুখৰ ওপৰত থৈ কৈ গ'ল, – কি মাষ্টাৰ জেৰাৰ্ড, তুমি মোক ইমানেই দুৰ্ব্বল মনৰ বুলি ভাবিছানে? যি এবাৰ ঠিক কৰিছোঁ তাক ঠিকেই কৰিছোঁ; তাৰ লৰচৰ হবৰ কোনো কাৰণ নাই— যদি মাজতে খোকোজা নালাগে। মোৰ মনত সমস্ত পৃথিবী এফালে, আৰু আনফালে তুমি। তোমাৰ কথা নিজৰ জীৱন পৰ্য্যন্ত দিও পালন কৰিবলৈ সাজু আছোঁ। তাতো তুমি বিশ্বাস নকৰা? শপথ খাই কব লাগে?
{{gap}}জেৰাৰ্ডে কথাৰ তাল-মান বুজি লাহে লাহে আদ্যোপান্ত জনালে, — বাৰ্গোমাষ্টৰৰ সেই ৰঙা চকুৰ কথা, পিতাক এলিৰ সেই নিষ্ঠুৰ কঠোৰ আদেশৰ কথা, ভান্ আইকৰ লগত যুক্তি পৰামৰ্শৰ কথা, আৰু জনালে সেই ইপ্সিত আৰু কল্পিত চিৰমধুৰ মিলনৰ কথা।<noinclude></noinclude>
js4y6gds6n2d29hexk90b0pkbosemyf
পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭৩
104
80508
248108
219227
2026-04-22T17:07:50Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248108
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|মিলন-মন্দিৰ||৬৩}}</noinclude>
{{gap}}* * * মাৰ্গেৰেট চিন্তামগ্ন। তেওঁ ভাবিলে – বাৰ্গোমাষ্টৰে একো কৰিব নোৱাৰে। ভান্ আইকৰ পৰামৰ্শ পিচৰ কথা। কিন্তু পিতাকৰ কঠোৰ আদেশ — ধৰ্ম্মপুৰোহিত হব লাগে। মাৰ্গেৰেটৰ গা শিয়ঁৰি উঠিল। 'উঁহু জেৰাৰ্ড,' বুলি আৰম্ভ কৰিলে - পিতাৰাৰ প্ৰধান ইচ্ছা—তুমি ধৰ্ম্মপুৰোহিত হব লাগে। বৰ পৱিত্ৰ কাম। তোমাৰ ওচৰত এদিন ৰজা-প্ৰজা, ধনী-মানী, দুখী-সুখী আটায়ে মূৰ দোঁৱাব। তেনে হেন পুৰুষ তুমি হবা,
তোমাৰ চৰণৰ কাষত সদায় মূৰটো থৈ—তোমাৰ সেৱা কৰি— তোমাৰ চকুৰ আগত সিপুৰীলৈ যাব পাৰিলে আৰু কিবা লাগে নে? সি যি হ'ক - তাৰ বাহিৰেও মোৰ লগত তোমাৰ বিয়া হোৱা পিতাৰাৰ ইচ্ছাৰ বিৰুদ্ধে, – উহু নহয়।
{{gap}}মাৰ্গেৰেট নিমাত।
{{gap}}জেৰাৰ্ডৰ অন্তৰ ভাগিল। কত চেষ্টা কৰিলে—জেৰাৰ্ডে ইচ্ছা কৰিলেই মাৰ্গেৰেটক কথাই কথাই কন্দুৱাব পাৰে কিন্তু আজি মাৰ্গেৰেটৰ ‘উহুঁ নহয়' কথাষাৰ লৰাব নোৱাৰিলে।
{{gap}}মাৰ্গেৰেট নিমাত। জেৰাৰ্ডো নিমাত। দুয়ো নিমাত।
{{gap}}জেৰাৰ্ড হতাশ হ'ল। চকু চলচলীয়া কৰি কান্দো কান্দোকৈ কৈ গ’ল— তেনেহলে দেখিছো, তুমিও সেই পাপীষ্ঠহঁতৰ ফালেহে। বাৰু। অ' বুজিলোঁ, তুমি মিছাতেহে ইমান
দিন মোক ফাঁকি দি আছিলা। এতিয়া আজি তোমাৰ পৰীক্ষা হ'ল। যদিও আগেয়ে ধৰ্ম্মযাজক — ধৰ্ম্মপুৰোহিত—<noinclude></noinclude>
q1t3we3ya1p70o2iegigs0mmgw96e7j
পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭৪
104
80509
248109
219228
2026-04-22T17:14:54Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248109
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৬৪||মিলন-মন্দিৰ}}</noinclude>চিৰসন্যাসী হবৰ ইচ্ছা নাছিল, এতিয়া তোমাৰ নিমিত্তেই মই কৌমাৰব্ৰত পালন কৰি চিৰসন্যাসী হম!
{{gap}}জেৰাৰ্ডে কথা কেষাৰ কৈয়ে ভোঁ ভোঁ কৰে যেনেকৈ আহিছিল তেনেকৈ গুচি গ'লগৈ। মাৰ্গেৰেট তলমূৰকৈ বহি বহি কান্দি থাকিল – নিজৰ ভবিষ্যৎ জীৱনৰ কথা ভাবি |
{{gap}}ঠিক আধা ঘণ্টামানৰ পিচতে জেৰাৰ্ডে কিছুমান ফটা কাকতৰ টুকুৰা হাতত লৈ হেফাই-ফেফাই লৰি আহিল। মাৰ্গেৰেট অবাক। তেওঁৰ মুখ এতিয়া শেঁতা পৰিল। জেৰাৰ্ড
প্ৰথমতে আহোঁতে তেওঁ যেনেকুৱা আছিল, এতিয়া তেওঁ তেনেকুৱা নহয়। আগে তেওঁৰ প্ৰফুল্ল বদন আৰু ওঁঠত চিৰলগৰীয়া মিচিকিয়া হাঁহিয়ে খেলা কৰিছিল, কিন্তু এতিয়া তেনে নহয়। এতিয়া তেওঁৰ মুখত চিন্তাৰ কলীয়া ৰেখ জিক্-জিককৈ উঠিল, মুখ খন তেনেই শেঁতা পৰিল। তেওঁ কি ভাবিছিল? তেওঁ ভাবিছিল – সংসাৰ আৰু সন্ন্যাস।
{{gap}}জেৰাৰ্ডে কাকো ভ্ৰুক্ষেপ নকৰি মাৰ্গেৰেটৰ আগতে কাকতৰ টুকুৰাবোৰ দলিমাৰি পেলাই দি কবলৈ ধৰিলে – মাৰ্গেৰেট, এয়া চোৱাঁ – পাপীষ্ঠহঁতে তোমাৰ ছবিখন কেনেকৈ নিষ্ঠুৰভাৱে নষ্ট কৰি পেলালে!
{{gap}}জেৰাৰ্ডে আৰু বেছি কথা নকলে — খঙতে পকা ঠেকেৰা যেন মুখখন ৰঙা পৰি উঠিল। মাৰ্গেৰেটে ছবিখন ঘূৰাই- পকাই চালে। তেওঁৰো মুখখন খঙত ৰঙা পৰিল – চকু চল চলীয়া হ'ল। খঙমনেৰে জেৰাৰ্ডক সুধিলে— কোনে এনে কৰিলে?<noinclude></noinclude>
86ouesvs86va7rrqo70ubnafm6l1yh7
পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭৫
104
80510
248110
219229
2026-04-22T17:21:36Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248110
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|মিলন-মন্দিৰ||৬৫}}</noinclude>{{gap}}- কব নোৱাৰোঁ। চোৱা-চোন, নৰাধমহঁতে মোৰ ছমাহৰ পৰিশ্ৰম একমুহূৰ্ত্ততে কেনেকৈ নষ্ট কৰিলে! আহা, যি সুন্দৰ মুখখন দেখিলে ভোক-পিয়াহ আঁতৰে, সেই মুখখন পাপীহঁতে কেনেকুৱা কৰিলে! আহা! এনে কাম কাৰ প্ৰাণে সয় মাৰ্গেৰেট!
জেৰাৰ্ডৰ মাত বন্ধ হ'ল- মাৰ্গেৰেটৰ ফালে একেথৰে চাই ৰ'ল।
{{gap}}মাৰ্গেৰেটে হঠাৎ কৈ উঠিল, – পাপীহঁত এই নিৰ্জ্জীৱ ছবিখনে তহঁতৰ কি খালে? কি কৰিলে? নিষ্ঠুৰহঁত! ছিঃ, ছিঃ, তহঁতৰ অলপো দয়া মৰম নাই! বাৰু, যি মুখখন আজিি চিয়াঁহী সানি তহঁতে কলীয়া কৰিছ, সেই মুখখন যাতে সদায় তহঁতৰ চকুৰ আগতে থাকে ময়ো তাকে কৰিহে এৰিম।
{{gap}}মাৰ্গেৰেটে একে উশাহতে কথা কেষাৰ নিজে নিজে কৈ জেৰাৰ্ডক কলে, — মাষ্টাৰ জেৰাৰ্ড, সিহঁতে মোক যেতিয়া ইমানেই ঘৃণা কৰে, মোৰ এতিয়া আৰু কোনো আপত্তি নাই। তোমাৰ লগত কাইলৈ মোৰ বিয়া হ'ক। শত্ৰুক পৰাজয় কৰিবৰ নিমিত্তে — শুভস্য শীঘ্ৰম্ — হোৱাই শ্ৰেয়ঃ।
{{gap}}জেৰাৰ্ড ইমান বেলি অঠাই পানীত পৰি ককবকাই আছিল যেন, এতিয়া তেওঁ উদ্ধাৰ হ'ল- অঠাই সাগৰৰ পৰা। যি হৃদয় এক মিনিট মান আগতে নিৰাশাত বুৰিছিল, সেই হৃদয়ত এতিয়া আনন্দৰ ঢৌ খেলিবলৈ ধৰিলে। মাৰ্গেৰেটৰ পিনে চাই চকুতে চকু ৰাখি কৈ গ'ল, — সঁচাকৈয়ে নে মাৰ্গেৰেট?
{{gap}}— মাৰ্গেৰেট, সঁচাকৈয়ে?
{{gap}}জেৰাৰ্ডে ভান-আইকৰ ঘৰলৈ ঢাপলি মেলিলে।<noinclude></noinclude>
8e3x0y7tm5imsn6oklgvgzktt4qcysl
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৪
104
91375
248099
247984
2026-04-22T13:50:29Z
Babulbaishya
104
248099
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ|১৭}}</noinclude>-
১৭
বৰুৱাৰ লৰাই বিষয়ৰ আশায়ে বহাঘৰতে খাটেগৈ।” এই
কলিতা ফুকনৰে সৈতে ভদ্রসেন বৰবৰুৱাৰ পেটেপেটে দ্বন্দ্ব,
পালে দুইকো দুয়ো নেবে। বৰবৰুৱাই কিছু কথাৰ
প্রমাণ পাই বিশ্বাস কৰিলে যে তেওঁক মাৰি সন্দিকৈৰ ঘৰৰ
খাৰঘৰীয়া ফুকনক বৰবৰুৱা পাতিবলৈ চক্ৰান্ত চলিছে। সেই-
দেখিহে ভদ্রসেন বৰবৰুৱাই স্বৰ্গদেৱ লক্ষ্মী সিংহ আৰু তেওঁৰ
প্রধান বল্লভ কলিতা ফুকনক মাৰিবলৈ ভূধৰ গোহাঁইৰে সৈতে
ষড়যন্ত্ৰ কৰিছিল, আৰু সেই ষড়যন্ত্ৰত লিপ্ত আছিল বকতিয়ালৰ
ঘৰৰ এইসকল, — বৰবৰুৱাৰ দদায়েক ৰাজনেওগ ফুকন, ভায়েক
চোলাধৰা ফুকন, দদায়েক বগাডেকা আৰু বিকা জালভাৰী
বৰুৱা, ভায়েক খনিকৰ বৰুৱা, গড়গঞা ন্যায়সোধা ফুকন,
লাকুৱ৷ আৰু তেওঁৰ পুতেক, পুথাও ৰাজখোৱা আদি । ইয়াৰ
পূৰ্ব্বে ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক গোহায়ে দিহিঙৰ
সৰুজন। ঠাকুৰবাপ গোসাঁইৰ ঘৰত থাকি ভদ্রসেন বৰবষ্ণৱাৰ
সৈতে গোটখাই ৰজা হবলৈ প্ৰস্তাৱ কৰিছিল। কিন্তু সেই
অভিসন্ধি মতে কাম কৰাৰ আগেয়ে ধৰা পৰিলত দিহিঙৰ
সঞ্চজনা গোসায়ে কলিতা ফুকনক জীয়েকক দি সাৰিল, ইসকলৰ
একো শাস্তি নহল ।
ৰত্নেশ্বৰ গোহাঁইৰ পুতেকক ৰজা পাতিব নোৱাৰি বকতিয়ালৰ
ফৈদে ভূধৰ গোহাঁইক এতিয়া সিংহাসনত বহুৱাবলৈ মনস্থ
কৰিলে। বকতিয়ালৰ ৰাজনেওগ ফুকন, চোলাধৰা ফুকন
আৰু খনিকৰ বৰুৱাই অন্য মানুহে সৈতে নামঘৰত চাৰিদিনে-<noinclude></noinclude>
b87q7wccga60sk4ux6k8q54k6gwmxr7
248100
248099
2026-04-22T13:55:49Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248100
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ|১৭}}</noinclude>বৰুৱাৰ লৰাই বিষয়ৰ আশায়ে বহাঘৰতে খাটেগৈ।” এই কলিতা ফুকনৰে সৈতে ভদ্ৰসেন বৰবৰুৱাৰ পেটেপেটে দ্বন্দ্ব, পালে দুইকো দুয়ো নেৰে। বৰবৰুৱাই কিছু কথাৰ প্ৰমাণ পাই বিশ্বাস কৰিলে যে তেওঁক মাৰি সন্দিকৈৰ ঘৰৰ খাৰঘৰীয়া ফুকনক বৰবৰুৱা পাতিবলৈ চক্ৰান্ত চলিছে। সেইদেখিহে ভদ্ৰসেন বৰবৰুৱাই স্বৰ্গদেৱ লক্ষ্মী সিংহ আৰু তেওঁৰ প্ৰধান বল্লভ কলিতা ফুকনক মাৰিবলৈ ভূধৰ গোহাঁইৰে সৈতে ষড়যন্ত্ৰ কৰিছিল, আৰু সেই ষড়যন্ত্ৰত লিপ্ত আছিল বকতিয়ালৰ ঘৰৰ এইসকল,—বৰবৰুৱাৰ দদায়েক ৰাজনেওগ ফুকন, ভায়েক চোলাধৰা ফুকন, দদায়েক বগাডেকা আৰু বিকা জালভাৰী বৰুৱা, ভায়েক খনিকৰ বৰুৱা, গড়গঞা ন্যায়সোধা ফুকন, লাকুৱ৷ আৰু তেওঁৰ পুতেক, পুথাও ৰাজখোৱা আদি। ইয়াৰ পূৰ্ব্বে ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক গোহায়ে দিহিঙৰ সৰুজনা ঠাকুৰবাপ গোসাঁইৰ ঘৰত থাকি ভদ্ৰসেন বৰবৰুৱাৰ সৈতে গোটখাই ৰজা হবলৈ প্ৰস্তাৱ কৰিছিল। কিন্তু সেই অভিসন্ধি মতে কাম কৰাৰ আগেয়ে ধৰা পৰিলত দিহিঙৰ সৰুজনা গোসায়ে কলিতা ফুকনক জীয়েকক দি সাৰিল, ইসকলৰ একো শাস্তি নহল।
{{gap}}ৰত্নেশ্বৰ গোহাঁইৰ পুতেকক ৰজা পাতিব নোৱাৰি বকতিয়ালৰ ফৈদে ভূধৰ গোহাঁইক এতিয়া সিংহাসনত বহুৱাবলৈ মনস্থ কৰিলে। বকতিয়ালৰ ৰাজনেওগ ফুকন, চোলাধৰা ফুকন আৰু খনিকৰ বৰুৱাই অন্য মানুহে সৈতে নামঘৰত চাৰিদিনে-<noinclude></noinclude>
meg7o35g6j0ehszw2br3489pwyk6qsq
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৫
104
91376
248101
247985
2026-04-22T14:06:33Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248101
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh|১৮|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>আঠদিনে বহি মন্ত্ৰণা কৰিবলৈ ধৰিলে। ভূধৰ গোহাঁইৰ লিগিৰা মলৌ আৰু জীউৰামে চোলাধৰা ভণ্ডাৰলৈকে আহি চোলাধৰা ফুকনৰ সৈতে কাণে কাণে কথা হৈ মন্ত্ৰণা কৰিছিল। আৰিয়াধৰা পদোৱেও চোলাধৰা ভণ্ডাৰত ফুকনৰ লগত আনে নুবুজাকৈ ফাৰ্ছি ভাষাৰে কথা-বাৰ্ত্তা হৈছিল। এদিন পদোৱে ফুকনক সুধিছিল— “কাহাচে আয়াহে তুম? ডেঢ়াচে আয়াহে?” ধনাই লিগিৰাই এইদৰে চোলাধৰা ভণ্ডাৰলৈ মানুহ অহা-যোৱা কৰা আৰু কথা-বাৰ্ত্তা কোৱা সকলোৰে আলেখ-লেখ চাই আছিল। বৰবৰুৱাৰ তামোল কটা ভোগায়ে কলিতা ফুকনৰ ঘৰলৈ ঘৈণীয়েকক পঠাই তাইৰ হতুৱাই বৰবৰুৱাৰ পৰিয়ালৰ গতি-বিধিৰ বাতৰি ফুকনত জনাই আছিল।
{{gap}}ষড়যন্ত্রমতে কাম কৰিবলৈ বিস্তৰ আয়োজন চলিছিল। চোলাধৰা ফুকনে মায়ামৰাৰ পৰা এখন তেৰ-বেঁৱা বা এশহতীয়া নাও আনি থৈছিল। চোলাধৰা ভণ্ডাৰত থকা তৰোৱালৰ পেৰাবোৰ ফুকনে নিজৰ পালীত নি থৈছিল। পেৰাৰ মূৰ মেলি তৰোৱালবোৰৰ ফাঁক সোলোকাই মেলি-মেলি থোৱা হৈছিল, যাতে যোত্ৰৰ মানুহে সেইবোৰ ততালিকে হাতত লব পাৰে। বৰবৰুৱাৰ পালীত স্বৰ্গদেৱ থকা ঘৰৰ ফাললৈ মুখ কৰি এটা গন্ধীয়াঘৰীয়া হিলৈ খাঁজি পাতি থোৱা হৈছিল আৰু তাতে একুৰিখন তৰোৱাল আছিল। বৰবৰুৱাৰ লগত ২৬ জন মানুহে ৰাতি দা লৈ থাকিছিল, আৰু লুখুৰাখনৰ ২০ জন বাৰুৱতীও সময়-মূৰত কাৰ্য্য কৰিবলৈ যুগুত হৈ আছিল।<noinclude></noinclude>
9ght937g6ij5k5m86b062gxxj16tahu
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৬
104
91377
248102
247986
2026-04-22T14:21:23Z
Babulbaishya
104
248102
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|১৯}}</noinclude>স্বৰ্গদেৱ গড়গাৱঁলৈ যোৱাত তাৰ পৰা উভতি আহি ৰংপুৰৰ
দোলাকাষৰীয়া চ'ৰাৰ ভিতৰ সোমাওঁতেই সেই দুৱাৰমুখতে
ধৰিবলৈ যো-জা কৰা হৈছিল। গড়গাৱঁলৈ যাবৰ দিনা
চোলাধৰা ফুকনে নিজৰ লগত দা দুমুঠা আৰু তৰোৱালৰ পেৰা
এটা নিছিল।
{{gap}}বৰবৰুৱাৰ ফৈদৰ বাহিৰেও অন্যান্য ভালেমান মুখিয়াল
মানুহে এই ষড়যন্ত্রত যোগ দিছিল, যথা, আকৰা গোহাঁই,
লেচেঙিয়াল নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা,
বৰগোহাঁইৰ দুই ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথ৷ বৰুৱাৰ
ভাগৰ অনাদৰ আৰোৱান ধৰা, হোকা বৰাৰ পুতেক ৰঘু, পঙ্কজ
আৰিয়াধৰা, হাদিৰাচকীৰ দুৱৰীয়া বৰুৱা নামলগোৱাৰ পুতেক
হৰিদেউ, ভগা পৰ্ব্বতীয়া বৰুৱা ৰাধাকান্ত, কোঢ়া ভট্টাচাৰ্য্য,
অজিত বৰকাকতী, ম'হ শইকীয়া, ইত্যাদি।
{{gap}}{{larger|'''কাৰেঙত সশস্ত্ৰ পালী-পহৰীয়া—'''}}ষড়যন্ত্ৰৰ আলচৰ কাকত
কলিতা ফুকন আৰু নগা কাকতীয়ে ৰাতি ডেৰপৰ মৰাত
স্বৰ্গদেৱত যোগালেনি। স্বৰ্গদেৱে সকলো কথা শুনি কাৰেঙৰ
লা-লিগিৰা পালী-পহৰীয়া সকলোকে অস্ত্র দি সাৱধানে
থাকিবলৈ দিলে। বুৰঞ্জীত লিখা আছে—“স্বৰ্গদেৱে তেতিয়াই
কলিতা ফুকনেৰে আলচি ভিতৰত থকা তৰোৱালৰ পেৰা মেলাই
ভণ্ডাৰী লিগিৰাৰ হতুৱাই বাৰু-বৰ্চ্চি উলিয়ালে। লিগিৰাহঁতে
লবলৈ দিলে ওজাহঁতৰ হাতত; তামূলী পাচনীয়ে কুকুৰাচোৱা<noinclude></noinclude>
juw88mntsm9youxohf99etpcn28rx0f
248103
248102
2026-04-22T14:23:18Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248103
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|১৯}}</noinclude>স্বৰ্গদেৱ গড়গাৱঁলৈ যোৱাত তাৰ পৰা উভতি আহি ৰংপুৰৰ দোলাকাষৰীয়া চ'ৰাৰ ভিতৰ সোমাওঁতেই সেই দুৱাৰমুখতে ধৰিবলৈ যো-জা কৰা হৈছিল। গড়গাৱঁলৈ যাবৰ দিনা চোলাধৰা ফুকনে নিজৰ লগত দা দুমুঠা আৰু তৰোৱালৰ পেৰা এটা নিছিল।
{{gap}}বৰবৰুৱাৰ ফৈদৰ বাহিৰেও অন্যান্য ভালেমান মুখিয়াল মানুহে এই ষড়যন্ত্রত যোগ দিছিল, যথা, আকৰা গোহাঁই, লেচেঙিয়াল নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা, বৰগোহাঁইৰ দুই ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথ৷ বৰুৱাৰ ভাগৰ অনাদৰ আৰোৱান ধৰা, হোকা বৰাৰ পুতেক ৰঘু, পঙ্কজ আৰিয়াধৰা, হাদিৰাচকীৰ দুৱৰীয়া বৰুৱা নামলগোৱাৰ পুতেক হৰিদেউ, ভগা পৰ্ব্বতীয়া বৰুৱা ৰাধাকান্ত, কোঢ়া ভট্টাচাৰ্য্য, অজিত বৰকাকতী, ম'হ শইকীয়া, ইত্যাদি।
{{gap}}{{larger|'''কাৰেঙত সশস্ত্ৰ পালী-পহৰীয়া—'''}}ষড়যন্ত্ৰৰ আলচৰ কাকত কলিতা ফুকন আৰু নগা কাকতীয়ে ৰাতি ডেৰপৰ মৰাত স্বৰ্গদেৱত যোগালেনি। স্বৰ্গদেৱে সকলো কথা শুনি কাৰেঙৰ লা-লিগিৰা পালী-পহৰীয়া সকলোকে অস্ত্র দি সাৱধানে থাকিবলৈ দিলে। বুৰঞ্জীত লিখা আছে—“স্বৰ্গদেৱে তেতিয়াই কলিতা ফুকনেৰে আলচি ভিতৰত থকা তৰোৱালৰ পেৰা মেলাই ভণ্ডাৰী লিগিৰাৰ হতুৱাই বাৰু-বৰ্চ্চি উলিয়ালে। লিগিৰাহঁতে লবলৈ দিলে ওজাহঁতৰ হাতত; তামূলী পাচনীয়ে কুকুৰাচোৱা<noinclude></noinclude>
3mjtad15ja7xxbd5avr454hz2728st9
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৭
104
91378
248104
247987
2026-04-22T14:45:41Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248104
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh|২০|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>বৰুৱা, পাচনী বৰাৰ হাতত। এইৰূপে সকলেও তৰোৱাল আৰু বাৰু-বৰ্চ্চি লৈ সষ্টমে আছিল। কুকুৰাচোৱা, হেংদানধৰা, চোলাধৰা, গন্ধীয়া, ইয়ো টাঙোন লৈ ৰাতি দুয়োপলীয়া বাটঘৰত দুফালে দুশাৰী হৈ মাজে বাটটি থৈ তৈয়াৰ হৈ আছিল। চাংমাইশালতো চাংমাই, পানীতোলা, ৰাইদঙীয়া, ভিতৰৰ তামূলী, বৰাহী বেজ, টাঙোন লৈ ইয়ো তৈয়াৰ হৈ আছিল। দোলাকাষৰীয়া দাধৰা চোকৰধৰা বাৰুৱতীসকল তৈয়াৰ হৈ আছিল। দাৰিকা দুৱাৰৰ ভিতৰতো ভিতৰুৱাল হিলৈদাৰী দশই হিলৈ খাঁজি লৈ পাতি আছিল। ভিতৰুৱাল কাঁড়ী কেইহাজাৰো হাতেপতি আহিলা লৈ তৈয়াৰ হৈ আছিল। গন্ধীয়াঘৰৰ শালৰ হাতী আনিও ভিতৰে দুৱাৰমুখতে থৈছিল, ঢেকিয়াল বৰুৱাও জিৰোৱা চৰাতে বহি জাগি আছিল। দোলাকাষৰীয়া বৰাহঁতো পালীৰ পৰা ওলাই বহি আছিল। গোসাঁইঘৰৰ ফালেও হিলৈদাৰী কানু দুৱৰায়ে সৈতে ভকত কৰুণায়ে হিলৈ-বৰঘৰলৈ সোমোৱা দুৱাৰমুখতে হিলৈ পাতি আছিল। চাউডাঙ্গৰ শইকীয়াহঁতো গোসাঁইঘৰৰ নিচাঙতে দা লৈ বহি আছিল। চাংতলতো চাউডাং কছাৰী দোলা-কাষৰীয়াহঁতে আহিল৷ লৈ তৈয়াৰ হৈ আছিল। চাউডাং দুৱাৰতো চাউডাঙ্গৰ বৰুৱা দুয়োটা বহি আছিল, হিলৈও খাঁজি পাতি থৈছিল।” সেইদিনা ১৬৯৩ শকৰ শাওণৰ ১৯ দিন, বৃহস্পতিবাৰ।
{{gap}}সেইদিনাই স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু<noinclude></noinclude>
1oczks5jsz6kd7f1n59ypx6qjey2ns9
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৮
104
91379
248111
247989
2026-04-23T03:41:22Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248111
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|২১}}</noinclude>নগা কাকতীক আদেশ দিলে ডাঙ্গৰীয়া তিনিজনাক বৰচ'ৰালৈ আনিবলৈ, ভদ্ৰসেন বৰবৰুৱাক পালীৰ পৰা বহাঘৰলৈ নোযোৱাকৈ ৰাখিবলৈ, আৰু গোহাঁইটিহঁতক বেৰি ধৰিবলৈ। স্বৰ্গদেৱৰ আদেশ মতে তিনিওজনে আলচি ডাঙ্গৰীয়াসকলক আনিবলৈ পঠালে দোলাকাষৰীয়া বৰা কমলাবৰীয়া মধুক, বৰবৰুৱাক বহাঘৰলৈ নাযাবলৈ পঠালে আন এজন দোলাকাষৰীয়া বৰাক, আৰু গোহাঁইটিহঁতক বেৰি ধৰিবলৈ পঠালে এই কিজনক, —নঙঠা ওজালিগিৰা, বৃকোদৰ, বলোৰ কুৰিৰ জনম, চাউডাঙ্গৰ দিহিঙীয়া বৰা আমোন, পাইক হৰিচন্দ, নাহৰ, হৈদাহ আৰু বচন। সেইদৰে আলচৰ এইসকল মানুহকো আনিবলৈ টেকেলা, চাউডাং আৰু দোলাকাষৰীয়া পঠোৱা হ'ল, গোমোথা বৰুৱা, খোনা, ঘোৰাবৰুৰা খাঞ্জাৰাম আৰু আত্মা, খঙীয়াবৰুৱা, ধৰ্ম্মা দেওধাই, দুৱৰাৰ হাজৰিকা, দুৱলীয়া চেটিয়া ফুকন, ঢাক আৰু গেন্ধেলা, অনাদৰ আৰোৱানধৰা। চোলাধৰা ফুকনক ভণ্ডাৰৰ পৰা উলিয়াই আনিলত ভায়েক খনিকৰ বৰুৱা ভণ্ডাৰলৈ সোমাই গৈ ফুকনৰ পালীৰ পৰা তৰোৱালৰ পেৰাটো আনি যথা ঠাইত থবলৈ পেৰাভাৰী শইকীয়া নিতাইক পাচিলে, কাৰণ সেই পেৰা চোলাধৰা ভণ্ডাৰতহে থকা নিয়ম, ফুকনৰ পালীঘৰত থাকিলে প্ৰমাণ হয় যে ফুকনে সেই তৰোৱালবোৰ নিজৰ কামত ব্যৱহাৰ কৰিবলৈহে ভণ্ডাৰৰ পৰা আনি নিজৰ পালীত থৈছিলে। পালীৰপৰা পেৰা নি আচল ঠাই ভণ্ডাৰত থলে দায় লগা ভয়ত নিতাই শইকীয়াই কলে—“এই সময়ত<noinclude></noinclude>
tc2sve22in6y0j5avjd0jjqkntpnwtk
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৯
104
91380
248112
247990
2026-04-23T03:53:33Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248112
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" />{{rh|২২|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>আমি সেই পেৰা নিব নেপাওঁ।” পিচত খনিকৰ বৰুৱাই খনিকৰ দুটা মানুহৰ হতুৱাই খনিকৰ ভণ্ডাৰৰ আন পেৰাৰ সান্দিত সেই পেৰাটো সুমুৱাই থলেনি।
{{gap}}মৰাণক মাৰিবৰে পৰা ডাঙ্গৰীয়া আৰু ফুকনসকলে অস্ত্র-শস্ত্ৰ লৈ থাকে, চ'ৰাত বহোঁতেও তৰোৱাল-টাঙোনেৰে থাকে। ইয়াৰ পৰা কোনো বিষযম জন্মিব পাৰে বুলি শঙ্কা কৰি কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীয়ে দুটা বৰাক পঠাই ডাঙ্গৰীয়া আৰু ফুকনসকলত কোৱালে বোলে—“স্বৰ্গদেৱৰ আজ্ঞা, কাৰোৰ গুৰিত তৰোৱাল-টাঙোন, এনেকি তামোলৰ এনেকি কটাৰীখনো থাকিব নাপায়। ওচৰত মাথোন তামোল কটা লিগিৰাটোহে থাকিব পায়।” স্বৰ্গদেৱৰ আজ্ঞা শুনি সকলোৱে গুৰিৰ মানুহ তৰোৱাল-টাঙোন আঁতৰাই আহি চ’ৰাত বহিল।
{{gap}}{{larger|'''বৰচ'ৰাত বিচাৰ—'''}} ডাঙ্গৰীয়াসকল বৰচ'ৰালৈ অহাত, গাভৰু গৌৰীয়ে লিখা, ধনায়ে লিখোৱা আৰু নগা কাকতীয়ে লিখা, এই তিনি এখন কাকত চ'ৰাত মাতি ডাঙ্গৰীয়া আৰু ফুকনসকলত শুনাবলৈ, স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীক আদেশ দিলে বোলে—“লেখা শুনি সকলেও বুজি চাওক কথাটো স্বৰূপ নে অস্বৰূপ। ” বৰবৰুৱাৰ বাহতো লিখা শুনাই সুধিবলৈ স্বৰ্গদেৱে আদেশ কৰিলে।
{{gap}}বৰচ'ৰাত সভাবিদ্যমানে কলিতা ফুকন আৰু তামূলী ফুকনে মেলৰ উদ্দেশ্য বুজাই দিলে, আৰু নগা কাকতায়ে তিনিওখনি<noinclude></noinclude>
f87ul9qsgms77wfns9v1ml2fvgzc0gn
248113
248112
2026-04-23T03:53:46Z
Babulbaishya
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248113
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh|২২|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>আমি সেই পেৰা নিব নেপাওঁ।” পিচত খনিকৰ বৰুৱাই খনিকৰ দুটা মানুহৰ হতুৱাই খনিকৰ ভণ্ডাৰৰ আন পেৰাৰ সান্দিত সেই পেৰাটো সুমুৱাই থলেনি।
{{gap}}মৰাণক মাৰিবৰে পৰা ডাঙ্গৰীয়া আৰু ফুকনসকলে অস্ত্র-শস্ত্ৰ লৈ থাকে, চ'ৰাত বহোঁতেও তৰোৱাল-টাঙোনেৰে থাকে। ইয়াৰ পৰা কোনো বিষযম জন্মিব পাৰে বুলি শঙ্কা কৰি কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীয়ে দুটা বৰাক পঠাই ডাঙ্গৰীয়া আৰু ফুকনসকলত কোৱালে বোলে—“স্বৰ্গদেৱৰ আজ্ঞা, কাৰোৰ গুৰিত তৰোৱাল-টাঙোন, এনেকি তামোলৰ এনেকি কটাৰীখনো থাকিব নাপায়। ওচৰত মাথোন তামোল কটা লিগিৰাটোহে থাকিব পায়।” স্বৰ্গদেৱৰ আজ্ঞা শুনি সকলোৱে গুৰিৰ মানুহ তৰোৱাল-টাঙোন আঁতৰাই আহি চ’ৰাত বহিল।
{{gap}}{{larger|'''বৰচ'ৰাত বিচাৰ—'''}} ডাঙ্গৰীয়াসকল বৰচ'ৰালৈ অহাত, গাভৰু গৌৰীয়ে লিখা, ধনায়ে লিখোৱা আৰু নগা কাকতীয়ে লিখা, এই তিনি এখন কাকত চ'ৰাত মাতি ডাঙ্গৰীয়া আৰু ফুকনসকলত শুনাবলৈ, স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীক আদেশ দিলে বোলে—“লেখা শুনি সকলেও বুজি চাওক কথাটো স্বৰূপ নে অস্বৰূপ। ” বৰবৰুৱাৰ বাহতো লিখা শুনাই সুধিবলৈ স্বৰ্গদেৱে আদেশ কৰিলে।
{{gap}}বৰচ'ৰাত সভাবিদ্যমানে কলিতা ফুকন আৰু তামূলী ফুকনে মেলৰ উদ্দেশ্য বুজাই দিলে, আৰু নগা কাকতায়ে তিনিওখনি<noinclude></noinclude>
r6kpig1z052cuot1gu8re7xzcgttjqf