ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.46.0-wmf.26
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০
104
2690
248666
11563
2026-04-29T18:54:58Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248666
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude><center>'''(২)'''</center>
প্ৰাচীন কালত ভাৰতত নচাটো দোষৰ কথা নাছিল। সকলোৱে তেতিয়া নাচিব জানিছিল। চৌষষ্টি কলাৰ ভিতৰত ইও এটা কলা বিদ্যা আছিল। তেতিয়া ল’ৰাইও নাচিছিল, ছোৱালীয়েও নাচিছিল, গাভৰুৱে নাচিছিল। বুঢ়ীয়েও নাচিছিল। আজিকালি আমাৰ ভাওনাত আৰু বঙ্গালীৰ যাত্ৰা-গানত সকলো ভাৱৰীয়াই নচা দেখি আমি “শিক্ষিত” আৰু "সভ্য"বোৰে ভাবো, এইটো কি অসভ্য কথা :–</br>
কৃষ্ণই নাচে, ৰাধাই নাচে, নন্দইও নাচে, যশোদাইও নাচে, ৰজাইও নাচে, ৰাণীয়েও নাচে, সেনাপতিয়েও নাচে, লিগিৰীয়েও নাচে, সূত্ৰধাৰীৰতো কথাই নাই, তেওঁ কথায় কথায় নাচে!
নাচৰ কৌশল ডাঙৰ কৌশল। মনৰ ভাব প্ৰকাশৰ নিমিত্তে অঙ্গিভঙ্গি কৰাৰ নাম অঙ্গহাৰ। এনেকুৱা তিনিচাৰি ৰকমৰ অঙ্গহাৰ একেটা কৰি মনৰ গভীৰ ভাব প্ৰকাশ কৰাৰ নাম কৰণ। কৰণৰ পৰা যি গভীৰ ভাব প্ৰকাশ হয়, তাৰ নাম ভাব। যিবোৰেৰে ভাব প্ৰকাশ হয় তাৰ নাম ভাব। ভাবৰ কাৰ্যক অনুভাব বোলে। এই এটাইবোৰ ফুটি উঠিলে ৰস হয়। ৰসৰ আস্বাদ হলে নৃত্যত সি প্ৰকাশিত হয়। সেই বাবে নৃত্য বা নাচৰ ইমান আদৰ আছিল। ভাৰতত স্ত্ৰী-মূৰ্ত্তি কতো অঙ্গহাৰ নোহোৱা দেখা নাযায়। বিষ্ণুমূৰ্ত্তি আৰু বুদ্ধৰ মূৰ্ত্তি যেনেকৈ থিয়, ধীৰ, গম্ভীৰ, স্ত্ৰী-মূৰ্ত্তি তেনেকুৱা কতো দেখিবলৈ পোৱা নাযায়, স্ত্ৰী-মূৰ্ত্তিৰে সৈতে এটা নহয় এটা অঙ্গহাৰ আছেই।
<center>* * *</center>
বৌদ্ধ যুগৰ শেষডোখৰত বঙ্গদেশত মলীয়াই ফুলৰ বাগিচাত অকল যে ফুল-গছ ৰুইছিল এনে নহয়, তাত কুকুৰাও পুহিছিল আৰু কুকুৰাৰ কণীবোৰ ফুলেৰে সৈতে কুকিত লৈ গৈ কুকুৰা-ফুল বুলি বেচিছিল। বৌদ্ধসকলৰ দেৱতাৰ পূজাত জাতি চন্দন আৰু ৰঙা চন্দনৰ থুৰিৰ লগে লগে কুকুৰা ফুলৰো এট জুৰি থাকিছিল, তেওঁলোকে সেই কুকুৰা-কণীকো ভাঙি ফুল দিয়াদি দেৱতাৰ মূৰত দি দেৱতাৰ পূজা কৰিছিল।
<center>* * *</center><noinclude><references/></noinclude>
o1rasrq2ghfowq41f4law35vwdej58b
পৃষ্ঠা:Kirtan Ghosha.pdf/৭০২
104
38963
248665
176277
2026-04-29T18:53:01Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248665
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />{{rh|ঘোষা ১৫]|উপদেশ|৬৮৩}}</noinclude>
{{Block center|<poem>কমললোচন যিটো{{gap|3em}}সুমৰে তাৰেসে শুদ্ধ
{{gap|3em}}বাহিৰে-ভিতৰে হোৱে কায়া ॥১২
সেহিসে চতুৰ যিটো{{gap|3em}} পুণ্যৰ নিদান-ভূত
{{gap|3em}}নাৰায়ণ-নামক উচ্চৰে।
অচতুৰ সিসি আতি{{gap|3em}}পাপৰ নিদান-ভূত
{{gap|3em}}নামে অৰ্থবাদ যিটো কৰে॥ ১৩
মহেশে বোলন্ত মোৰ{{gap|3em}} ৰকাৰাদি নাম শুনি
{{gap|3em}}পৰম প্ৰসন্ন হোৱে মন!
শুনিয়ো পাৰ্ব্বতী মঞি{{gap|3em}} মনত শঙ্কঞো ৰঙ্গে
{{gap|3em}}ৰাম বুলিবেক ইটো জন॥ ১৪
কৰ্ণ-পথে ভকতৰ{{gap|3em}}হিয়াত প্ৰৱেশি হৰি
{{gap|3em}}দুৰ্ব্বাসনা হৰা সমস্তয়।
জলৰ যতেক মল{{gap|3em}}যেহেন শৰত-কালে
{{gap|3em}}স্বভাৱতে নিৰ্ম্মল কৰয়॥ ১৫</poem>}}<noinclude>{{Rule|}}
{{Block center|<poem>১২। অপৱিতঃ পৱিত্ৰো ৱা সৰ্ৱাৱস্থাং গতোহপি ৱা।
{{gap}}সঃ স্মৰেৎ পুণ্ডৰীকাক্ষং স বাহ্য়াভ্যন্তৰ শুচিঃ॥
{{Right|—ভৱিষ্য-পুৰাণ (?)}}
১৩। অহ হি লেকে চতুৰাৰে যে পুণ্যস্থ পাস্ত নিদালতে।
{{gap}}উচ্চাৰণাদেৱ মুনীন্দ্ৰমুখ্যা নাৰায়ণশ্চেতি তথাৰ্থৱাদঃ॥
{{Right|—বৃহন্নাবদীয়-পুৰাণ, ১.৬০}}
১৪। বকাৰাদীনি নামানি শৃংতো মৰ পাৰ্ৱতি।
{{gap}}মনঃ প্ৰসন্নতামেতি ৰীমনামাভিশঙ্কয়া ॥
১৫। প্ৰৱিষ্টঃ কৰ্ণবহ্ম্ৰেণ স্বানাং ভাৱসৰোঞ্চহম্।
{{gap}}ধুনোভি শমলং কৃষ্ণঃ সলিলস্য যথা শৰৎ॥
{{Right|—ভাগৱত-পুৰাণ, ২.৮.৫}}</poem>}}
{{Rule|}}
পা* ১8॥শঙ্কঞো-সঙ্কাএ।</noinclude>
4xa9v95ielnm47qehqhdjm3ji9gt3bz
সদস্য:James500
2
63760
248698
171206
2026-04-30T07:53:03Z
James500
3113
/* */ Remove template
248698
wikitext
text/x-wiki
{{#babel:en}}
[[en:User:James500]]
eu13so1xoub6xvcjld6yea9o5qsrodx
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৫
104
63954
248685
174211
2026-04-30T07:21:25Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248685
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Dhr|1em}}
{| style="border:3px solid black;"
|-
|
{{center|<big>''সূচীপত্ৰ''</big>}}
{| width=350px {{ts|mc}}
|-style="font-size:smaller"
|-
| উই
|align="right"|: ০৭
|-
|অথিৰ
|align="right"|: ০৮
|-
| ঋদ্ধ সময়
|align="right"|: ০৯
|-
| শব্দ শস্য
|align="right"|: ১০
|-
| মোৰ দেশ মোৰ কথা
|align="right"|: ১১
|-
|আই
|align="right"|: ১২
|-
| হৃদয়ৰ দুৱাৰ
|align="right"|: ১৩
|-
| দেও
|align="right"|: ১৪
|-
| মাটি জীৱনৰ মূলাধাৰ
|align="right"|: ১৫
|-
| পানী-ঘোষা
|align="right"|: ১৬
|-
| জীৱন
|align="right"|: ১৭
|-
| প্ৰেম পৰ্বান্তৰ
|align="right"|: ১৮
|-
| নৈৰ কথাৰে
|align="right"|: ১৯
|-
|ভাত
|align="right"|: ২০
|-
| আত্মকথন
|align="right"|: ২১
|-
|কথকতাৰ অদৃশ্য ক’লাজ
|align="right"|: ২২
|-
|মোৰ পৃথিৱী
|align="right"|: ২৩
|-
| কবিতা
|align="right"|: ২৪
|-
| দুৰুলিয়া ভাঁজৰ জীৱন
|align="right"|: ২৫
|-
| সন্ধিয়াৰ মালিতা
|align="right"|: ২৬
|-
| উৰণীয়া বৰষুণ
|align="right"|: ২৭
|-
| শব্দ-শঙ্খ
|align="right"| : ২৭
|-
| ৰত্নাৱলী পঢ়
|align="right"|: ২৯
|-
| কথা বাঁহী
|align="right"|: ৩০
|-
| কাব্যলিংগ
|align="right"|: ৩১
|-
| ভ্ৰম নে মায়াৰ জীৱন
|align="right"|: ৩২
|-
| কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো
|align="right"|: ৩৩
|-
| চেকনি
|align="right"|: ৩৪
|-
| নাহৰ
|align="right"|: ৩৫
|-
| হালধি বটা আবেলি
|align="right"|: ৩৬
|}
{{center|⸻}}
|}<noinclude></noinclude>
spq3envehcz3d0kwl0psbexq7trg811
248686
248685
2026-04-30T07:21:51Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248686
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" /></noinclude>{{Dhr|1em}}
{| style="border:3px solid black;"
|-
|
{{center|<big>''সূচীপত্ৰ''</big>}}
{| width=350px {{ts|mc}}
|-style="font-size:smaller"
|-
| উই
|align="right"|: ০৭
|-
|অথিৰ
|align="right"|: ০৮
|-
| ঋদ্ধ সময়
|align="right"|: ০৯
|-
| শব্দ শস্য
|align="right"|: ১০
|-
| মোৰ দেশ মোৰ কথা
|align="right"|: ১১
|-
|আই
|align="right"|: ১২
|-
| হৃদয়ৰ দুৱাৰ
|align="right"|: ১৩
|-
| দেও
|align="right"|: ১৪
|-
| মাটি জীৱনৰ মূলাধাৰ
|align="right"|: ১৫
|-
| পানী-ঘোষা
|align="right"|: ১৬
|-
| জীৱন
|align="right"|: ১৭
|-
| প্ৰেম পৰ্বান্তৰ
|align="right"|: ১৮
|-
| নৈৰ কথাৰে
|align="right"|: ১৯
|-
|ভাত
|align="right"|: ২০
|-
| আত্মকথন
|align="right"|: ২১
|-
|কথকতাৰ অদৃশ্য ক’লাজ
|align="right"|: ২২
|-
|মোৰ পৃথিৱী
|align="right"|: ২৩
|-
| কবিতা
|align="right"|: ২৪
|-
| দুৰুলিয়া ভাঁজৰ জীৱন
|align="right"|: ২৫
|-
| সন্ধিয়াৰ মালিতা
|align="right"|: ২৬
|-
| উৰণীয়া বৰষুণ
|align="right"|: ২৭
|-
| শব্দ-শঙ্খ
|align="right"| : ২৭
|-
| ৰত্নাৱলী পঢ়
|align="right"|: ২৯
|-
| কথা বাঁহী
|align="right"|: ৩০
|-
| কাব্যলিংগ
|align="right"|: ৩১
|-
| ভ্ৰম নে মায়াৰ জীৱন
|align="right"|: ৩২
|-
| কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো
|align="right"|: ৩৩
|-
| চেকনি
|align="right"|: ৩৪
|-
| নাহৰ
|align="right"|: ৩৫
|-
| হালধি বটা আবেলি
|align="right"|: ৩৬
|}
{{center|⸻}}
|}<noinclude></noinclude>
3cjhezlxiyl3d34xwwuuw3ckdc52grr
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৮
104
63957
248668
173827
2026-04-30T07:14:19Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248668
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />হালধিবটা আবেলি</noinclude>{{center|{{X-larger|ঋদ্ধ সময়}}}}
{{Block center|<poem>যিবোৰ কথাই প্ৰতিপলে ঋদ্ধ কৰি ৰাখে নিজকে
দকৈ ভাবি চোৱা নহয় সুখৰ সেই সময়কণক
সেয়ে হয়তো এদিন ঘৰ শূন্য কৰি কাৰকবোৰে খোজ দিয়ে সময়ৰ শতৰঞ্চিৰে
প্ৰিয় গধূলিটোকো যেতিয়া শূন্যতাৰ আৱেশে কুটি কুটি খাব ধৰে
তেতিয়া থাউনি নোহোৱা মনে আকাশক প্ৰাৰ্থনা কৰে
দুঘটিৰ জোনটোকে দিয়া
তোমাৰ আওতাৰ ভিতৰৰ তৰাবোৰকো দিয়া
দুঘটিৰ জোনটোকনো দিয়ে কেনেকৈ আকাশৰ বুকুৰ এচিৰা
তৰাবোৰো ৰিং নুশুনা দূৰণিৰ
আকাশে সাঁচি ৰাখে সোণ সঁচাদি আকালৰ পোহৰ
বিমুখ হৈ উভতি আহে মোৰ বিনীত প্ৰাৰ্থনা
তেনে সময়ত উকা গধূলিটোক আবদাৰ কৰেহি মাথোঁ জোনাকী পৰুৱাই
নিজৰ পোহৰেৰে নখৰ জোন লেখি লেখি
সমৃদ্ধ কৰে সময়ক আৰু উতলাই পেলায়
মনৰ তাপিত মায়াক
চনকা চনকে খহি পৰা স্মৃতিৰ তোৰণখনক কিছু সময়ৰ বাবে সাজি লওঁ বুলি
নিজানত বহো, তাতো আহি আমনি কৰে শূন্যতাই
নক্সা কাটি থোৱা স্মৃতিকাতৰ শিলবোৰতো এতিয়া সেই উত্তাপ নাই।
যি উত্তাপৰ বাবে এদিন স্বাধীনতা বিচাৰি আছিল তাপিত হৃদয়ে
সেই ঋদ্ধ সময় এতিয়া নাই
দকৈ ভাবি চোৱাৰো অৱকাশ নাই— ক’ত থিয় দি আছো
মাটিত নে পানীগছাৰ পিঠিত।</poem>}}<noinclude></noinclude>
mzd0vkyhbdff5smt4hgu7mokgnlsgxe
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৯
104
63958
248669
173893
2026-04-30T07:14:37Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248669
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{center|{{X-larger|শব্দ-শস্য}}}}
{{Block center|<poem>অনবৰতে পিতাইৰ কথাবোৰ পাগুলিয়াই থাকিবলৈ আই নাই
আইলৈ মনত পৰিলে জুপুকা লাগি কাষত বহি থাকিবলৈ
পিতায়ো নাই
দুয়োটাই ধোঁৱা হৈ উৰি গুচি যোৱা বাটটোতে বহি আপোন শব্দ বিচাৰি বিচাৰি
হাবাথুৰি খাওঁ
কোলাহল ভাল নোপোৱা আৱেগবোৰক বৰষুণত মেলি দি বাট চাওঁ
পানীপোতাত জীয়ন দিয়া
পোনামাছৰ দৰে জী আছেনে মৰি যোৱা শব্দবোৰ
জগতৰ সকলো শব্দৰ মাজত প্ৰিয় সেই শব্দ
অথচ বিবৰ্ণ, শেঁতা আৰু চেঁচুক পৰা
মজিয়াখনিত শুৱাই দি আয়ে বিৰবিৰাইছিল—‘শো বাছা শো’
আৰু টোপনিক সাবটি লৈছিলো
যি টোপনিয়ে উজাগৰে ছট্ফটাই আছিল যুঁজাৰু ঘোঁৰাৰ চকুত
তীক্ষ্ণধী ঘোঁৰা এটাত উঠি সেই শব্দ মই কদাপি বিচৰা নাছিলো
মোৰ আপোন শব্দ জী আছে তেওঁৰ চকুত
যিয়ে কপালৰ ঘাম মাটিত মচি এসাঁজ-এমুঠিৰে যাপন কৰে সুখৰ ৰাতি৷</poem>}}<noinclude></noinclude>
7jihf72wud4hc4nofha2xf26874gf47
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১০
104
63959
248670
173894
2026-04-30T07:14:53Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248670
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{center|{{X-larger|মোৰ দেশ মোৰ কথা}}}}
{{Block center|<poem>মোৰ দেশ মোৰ কথা একান্ত ব্যক্তিগত বাবে সেইসকলৰ সৈতে
ভাগ-বতৰা নকৰো
মোৰ দেশৰ স্তুতি শ্ৰুতিক কেৱল এটা গান বুলি ভাবি থকাসকলৰ শুভদিন আহক
সিদিনা বুজিম নাইবা একেলগে প্ৰাৰ্থনাগৃহত নিৰ্গুণ ঈশ্বৰৰ নামত
দিয়া-লোৱা কৰিম শুভকামনাৰ প্ৰসাদ
মোৰ দেশে মোক যি দিছে, তাৰেই এই মাটি-কালি
সীমাৰ আকাশে আৱৰা এই দিকবলয়ত হেৰোৱা আৰু পোৱাৰ হস্তলিপি
মনোকষ্ট অথবা মনোবেদনা মাথোঁ আমাৰ ভাবনা
মূৰত ভাৰ বৈ বৈ আদবাটত মূৰ্ছা যোৱা গৰ্ভৱতীৰ পৰা
শিশু এটি কামনা কৰো
যিয়ে তুলি ল'ব পাৰে স্বদেশৰ ভাৰ আৰু সুনাম
পাৰ হৈ অহা বুৰঞ্জীৰ পাতত মৰমৰাই উঠা ছবিবোৰৰ স’তে কথা পাতোঁতে
সুধি চোৱাৰ বাসনা আছিল
সোধাহে নহ'ল স্বাধীন হৈয়ো কিয় ইমান পৰাধীন
এই খাটিখোৱা মাটিৰ মানুহ।</poem>}}<noinclude></noinclude>
0a9twhov5xlplah1kz8dw66bz4jdgms
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১১
104
63960
248671
173896
2026-04-30T07:15:07Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248671
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem> {{X-larger|আই}}
চেঁচুকৰ শিলছটাৰ দৰে সদায় চেঁচা পৰি আছিল আইৰ দুহাত
অথচ আইৰ হাতৰ স্পৰ্শত আছিল
তপ্ত দুপৰীয়াৰ সস্নেহ উষ্মতা
নিজেই উশাহ ঘূৰাব পৰা নাছিল।
তথাপি আমাৰ আয়ুস বিচাৰি সদায় উধানৰ একোণত চাকি দি
আওৰাইছিল কাকূতি ঘোষা
বৰ্ণমালাই স্পৰ্শ নকৰা আইৰ চকুত অগা-ডেৱা কৰিছিল অলেখ সপোনে
পঢ়িলে আকাশতকৈও ওখ হয় মানুহ — আয়ে শুনিছিল
সেয়ে টিপচাকিৰ পোহৰত কিতাপ এখন মেলি দি
আঙুলিৰ মূৰৰ গণিতেৰে বাৰম্বাৰ বুজাইছিল—
পঢ় বোপা, নপঢ়িলে মানুহ পিতায়েৰৰ দৰে পাণবেপাৰী হয়।</poem>}}<noinclude></noinclude>
rq9pn2j3fnebjcmv2nyafb6jq2wfrvo
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১২
104
63961
248672
173897
2026-04-30T07:15:24Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248672
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|হৃদয়ৰ দুৱাৰ}}
সকলো বাট বন্ধ কৰি
হৃদয়ৰ দুৱাৰখন খুলি থোৱাৰে পৰা বহুতকে লগ পাইছো
কবিতাৰ পৰা নিমখ-তেললৈকে অনন্ত কথোপকথন
বহুজনৰ হাতত হাত থৈ চাব নোৱাৰো মুখলৈ
শিল পৰা বুকু
যুদ্ধৰ ঘোঁৰাৰ দৰে নিদ্ৰা আৰু ভোকত মৰি যোৱা এটা ফ্ৰেম
য’ত বন্ধাই থোৱা থাকে মাংস আৰু হাড়ৰ জুমুঠি
হৃদয়ৰ দুৱাৰ খোলা ৰাখি যি দেখিছো
দুখৰ ভাৰ বোৱা মানুহেই সৰহ
নজনাকৈ কঢ়িয়াই লৈ ফুৰে মৃত্যুৰ সমতুল্য অৱশিষ্ট
মাথোঁ সুখৰ হাঁহি পিন্ধি হাত জোকাৰি এৰি দিয়ে চকুৰ মমতা
শেষত বুজি উঠিছো জীৱন মাথোঁ এবেগেত হাতৰ এচলু পানী
যি উপঙি থাকে অকলে পানীপতাৰ পুখুৰীত।</poem>}}<noinclude></noinclude>
inoefm57s5mca6m4x3rfs7wdo3sp9ak
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৩
104
63962
248673
173898
2026-04-30T07:15:38Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248673
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem>{{X-larger|দেও}}
ইমান দেও-পিশাচৰ গল্প বাটে-ঘাটে
চৰুৰ চাউল নিসিজা হ’ল, সন্ধিয়াতে নুমায় দুখৰ লণ্ঠন
পাতি চাইকেল এখনো বাটলৈ নোলোৱা হ’ল
নিমখৰ দাম বাঢ়ি বাঢ়ি আয়’ডিন কমি যোৱা আইৰ চকুত
বিষণ্ণ হালধীয়া কাহ এটাৰ অস্বস্তি
গোটেই গাঁওখনতে জ্বৰ — চাৰিওখন এম্বুলেঞ্চতে অক্সিজেন নাই
মাইকণৰ মাকৰ চিঞৰ— বাপেকটো ঢুকাবৰ দুমাহ হৈছিলহে বিধি
ছিৰিলি ছিৰিলিকৈ ফলা কেঁচা খৰি — কোনোপধ্যে নজ্বলে চিতাৰ জুই
নৈৰ সিপাৰৰ বাইলুঙে আহি তালফাল লগাইছে
হেনো কোনোবা দেও-ভূত চাপিছে
বিহলঙনিৰ আগ ৰঙা পৰি শুকাই লেৰেলিল
তথাপি বাপুকণৰ নাড়িৰ বিষ নকমিল
বিপন্ন দিনক পোহপাল দিওঁতে শেষৰ দিনা সি লঘোণে আছিল
কি দেও চাপিছে— কি দেও চাপিছে
উজাগৰী গঞাৰ চকুলৈ নামিছে কাল ঘুমটি...৷</poem>}}<noinclude></noinclude>
fu3efcco8ll4hjmy1bk59pnoa0178qu
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৪
104
63963
248674
173899
2026-04-30T07:15:59Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248674
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|মাটি জীৱনৰ মূলাধাৰ}}
খেঁজালনি নুফুটা সৰল-সদালাপী এখনি মৌসনা মাটিৰ মুখ
এই জীৱন পানীৰ, এই দেহ মাটিৰ বুলি বুজনি নিদিয়াহেঁতেন
নুবুজিলো হয় আজিও
ক’ত কেনেকৈ একেডৰা মাটিতে খান্দি আছো অতদিন বুৰঞ্জীৰ হাড় বিচাৰি
উফৰি আহে কোৰ, ছিটিকি আহে জুই
শিলাময় অভেদ্য দিনান্তৰৰ পৃষ্ঠত লাগি খহি পৰে মোৰ হাতৰ শিলাকুট্টক
তথাপি খান্দি আছো, এদিন সহজ হ’ব আৰু পমি আহিব লাহে লাহে চকুৰ শিলীন্ধ
মৃন্ময়ী মুখ সশোক সময়ৰ ৰাতিবোৰক সাধুকথাৰে গিলিপ মাৰি থ’ব পৰা আইৰ মুখ,
তেতিয়াই নুশুনা হ’লে সসাগৰা পৃথিৱীৰ ইমান ছট্ফটনি
নুবুজিলোহেঁতেন, সেয়ে আজি ফেৰ মাৰি বতাহৰ স’তে বজাওঁ অহীৰৰ বাঁহী
নৰানিত ওঁঠ চেপি গাওঁ জীৱন যুঁজৰ সংগীত
সলিমাটিৰ বাউসিক উধান কৰি জুই একুৰা জ্বলাই ৰৈ আছো
ৰৈ ৰৈয়ো নিগাজি নহয় এই পথাৰ
ধোঁৱাই ঘেৰি ধৰিছে, খহনীয়াত মাটিবোৰ কমি আহিছে
চেপি আহিছে জীৱনৰ মূলাধাৰ।</poem>}}<noinclude></noinclude>
i1ev6snawgktapff681bkl4q18jndu8
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৬
104
63964
248676
174030
2026-04-30T07:17:37Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248676
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|জীৱন}}
কাৰ বাবে ৰৈ আছো উদাসী মনৰ চিলা উৰুৱা হাত মেলি
জানো পূৰ্ণতাৰ ৰূপকাঠি শূন্যতাৰ নীলিমাত নাথাকে
অপ্ৰাপ্তিৰ খিৰিকীৰে সোমাই নাহে সুখৰ জেউতি
চপৰা-চপৰে খহি পৰা সময় বুলুকাৰে বগাই নাহে বুকুলৈ
ইপ্সিত সৰ্পিল নৈ
উভতি অহা বগলীজাক বাঁহনিজোপাত নাই বুলি জানিও খেপিয়াই চাওঁ চকুৰ নিমিষেৰে
চৰচৰণি কেৱল বাঁহপাততে নাথাকে
কলিজাৰ ভাঁজত জাপ খাই থকা যুগান্তৰৰ সৰাপাতেও মাতে
শেষ হৈ যোৱাৰ পাছতো জী থাকে এচলু মায়া
যি মায়াৰ পাশত বন্দী হৈ থাকে নৈৰ পাৰৰ লঠঙা গছ
আৰু শ্মশানৰ নিৰ্বোধ চণ্ডাল
সুদূৰৰ সেউজীয়াত বুৰ যাব খোজা দৃশ্যবোৰক চকুৰ পলকেৰে আঁকিছো
জানো সেই দৃশ্যৰ শেষ নাই
তথাপি শেষ হোৱাৰ আশংকাত কঁপি থাকে অৰণ্য
বুলি থাকে জীৱন নামৰ এগছি বন্তি..৷</poem>}}<noinclude></noinclude>
pid3v9qgrvi6lwbctcuqkhcu808s34b
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৭
104
63965
248677
174032
2026-04-30T07:18:01Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248677
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|প্ৰেম-পৰ্বান্তৰ}}
যিমানে অপ্ৰেমৰ ভাও নধৰা কিয়, তুমি ধৰা পৰি যোৱা
যেতিয়া পকা জলফাই এটা জিভাত দিয়া,
যিমানে গহীন হৈ নেদেখুওৱা কিয়
ফাগুনৰ চিলা এটাই তোমাৰ চিলাটোৰ চুলি যেন সূতাডাল কাটোঁতে
সকলো জেদ বলিশালত জাপি দি তুমি দৌৰিছিলা মাথোঁ
চিলাটোৰ পাছে পাছে
আৱেগৰ সেই দৌৰত পিছলৈ ঘূৰি নোচোৱাৰ বয়স এটা আছিল তোমাৰ
কতনা হাবি-বন, পৰ্বত-কন্দৰ চেৰাই বুকুৰ সৰু জগতখন
এনেকৈয়ে ঘূৰি থাকে
সেই ঘূৰণত আত্মকথন আৰু আত্মমন্থনৰ হৰা-জিকা
নেমুপুলি এটা ডাঙৰ কৰাৰ দৰে আঙুলিৰ যতনত বাঢ়ি অহা তোমাৰ তৰুণ পৃথিৱী
জীৱন মানেই প্ৰেম যদিও ছিগি যোৱা সূতাডাল যোৰা লগোৱাৰ
যো-জা কৰি থাকোঁতেই
দোভাগ ৰাতি হয়
অথচ জোনাকো নাথাকে ৰৈ— মৰ-আঁউসী আহে নেকি এনেকৈ
নিজম হৈ পৰাকৈ তোমাৰ গধূলি-গোপাল ফুলা পদূলিলে’
বহুদিনৰ পাছত দুনাই খুলি লোৱা চিঠিৰ খামটোৰ পৰা পখিলা
উৰাদি উৰে পৰ্বান্তৰৰ প্ৰেম
ফাগুনৰ চিলা এটা হোৱাৰ বয়স নাথাকে
নাথাকে চুই চোৱাৰ অতি অভিলাস। কিমানবা মৰ্মন্তুদ এতিয়াও
তোমাৰ সেই প্ৰজাপতি হৃদয়৷</poem>}}<noinclude></noinclude>
pg9mcj31ruwr5rs6zjstwx5p1qtkrm5
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৮
104
63966
248678
174035
2026-04-30T07:18:24Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248678
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|নৈৰ কথাৰে}}
যিমানে নৈখন বহল হৈ গৈ আছে পাৰ বান্ধি বান্ধি সিমানে মাজলৈ ঠেলি গৈ আছো
পাৰ কাটি কাটি নৈখনক বহল কৰা প্ৰথম মানুহ আমিয়েই
নৈৰ পানী ঘোলা কৰি পাছত পৰিশোধনৰ বক্তৃতাৰে
শীতল পানীতো বৰফ দি খোৱা মানুহ আমিয়েই
তেনে মানুহৰ প্ৰায়চিত্তৰ বিধান কি
বিধান গঢ়োঁতাইহে জানে কিদৰে গঢ়ি-পিটি সুৰুঙা এটি ৰাখে
ধোঁৱা উৰুৱাই গুচি যায় ডিঙিৰ শিৰ ফুলাই কথা কোৱা মানুহ
ডিঙিৰ শিৰ ফুলাই কথা কোৱা মানুহৰ স্বৰ্গপ্ৰাপ্তি সহজ
সেই কথা জানিও ভোগবাদে বশীকৰণ কৰে সসাগৰা পৃথিৱীক
মানুহক সৰ্বস্ব দি দি শেঁতা পৰি যোৱা নৈখনৰ বঙিয়াইদি উজাই আহিলে গম পাবা
নৈখনৰ একো ভুল নাই
পাক খোৱা ৰছীৰ দৰে অকাই-পকাই বৈ থকা নৈখনিৰ একো কথাৰে পাক নাই
পলসৰ জৰায়ুত সঁপি দি যায় সকলো সাঁচতীয়া ধন-সোণ
সেই পলসতেই আজোককাৰ দিনৰ পৰা আমাৰ হাড়ৰ খেতি
ৰাজহাড় পোন হ’ল— মূৰ দাঙি চাব পাৰো এতিয়া অসূৰ্যস্পৰ্শা আকাশ
এবেগেত মাটিত থিয় হৈ হুৰাই দিব পৰাকৈ কণ্ঠস্বৰ এটা হ’ল
নিমখ আৰু ৰঙা চাহ চাকি চাব পৰাকৈ এখন জিভা
বিদায়ৰ যান্ত্ৰণা মানি ল’ব নোৱৰাকৈ এটা কোমল কলিজা
এটা বৰ্ণিল মগজু গজি উঠিল এই পলসৰ পৃষ্ঠতেই
এই নদীয়ে নিচুকাই থৈ যোৱা নদীয়ালৰ নাৱত অলেখ সৰাপাতৰ আবেলি
নদীয়ালে মাথোঁ জানে নাৱৰ কথা— উজাই অহা মাছৰ ভৰসাত
লিখে-ফালে দিনলিপিৰ কবিতা
পাৰ কাটি কাটি বহলাব নাজানে নৈখনক অথবা
পাৰ বান্ধি বান্ধি চেপিব নাজানে নৈৰ বুকুখনক
নৈখনৰ আজন্ম স্নেহনীল নদীয়ালজন তেনেকৈয়ে থাকি যায়
ডিঙিৰ শিৰ ফুলাই পঢ়িব নাজানে যন্ত্ৰণাৰ কবিতা।
</poem>}}<noinclude></noinclude>
592xf9oitehvgyrdk1dxh6vhh2rzqx2
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৯
104
63967
248679
174037
2026-04-30T07:18:42Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248679
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|ভাত}}
ভাতৰ বাবেই গোলামি খাটো
কান্ধ পাতি লওঁ
আস্তাবলৰ বোজা
চাবুকৰ দৰে কটু বাক্যত মই পথভ্ৰষ্ট নহওঁ
কাৰণ মই জানো যে মোৰ এই নিমখীয়া ঘামতেই
পোনাহঁতৰ আয়ুস, জীৱন-যৌৱন
সিহঁতৰ সপোনবোৰৰ বাবেই মই অহৰহ শিল ভাঙো
কোৰ মাৰো বুলড’যাৰ চলাওঁ
মই জানো মই জানো যে
গোলামৰ সিটো পিঠিত স্বাধীনতাৰ ৰং
যি ৰঙেৰে হাঁহিব পাৰি
পোহৰ কৰিব পাৰি চাকি নজ্বলা দুখৰ ৰাতিক।</poem>}}<noinclude></noinclude>
cs0j2aukogindkbg0f9x6f0170a1qtj
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২০
104
63968
248680
174038
2026-04-30T07:19:01Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248680
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|আত্মকথন}}
মেঘৰ ছাদ খহি জোনটো উপঙি আছে
এছাৰেকণিবোৰ আহি
মোৰ খিৰিকী চুইছে
হেমন্তৰ দাপোণত মুখ চাই চাই পানীপতাৰ পৰা ডিঙি মেলি চোৱাৰ
বয়স নাথাকে
সময় নালাগে জালিকটা জপনা সৰকি তোমাৰ চৌপাশ ভ্ৰমণ কৰোঁতে
কাঁইটীয়া বাট খুপি খুপি পৰ্বতৰ মাণিক বিচৰাদি
অৱচেতন মনে যি বিচাৰে
সেই এচলু পানী কঁচুপাততে আছিল, বিচাৰিব নাজানোতে যিদৰে হেৰায়
মৰতৰ প্ৰেম
দুনাই আৰু ঘূৰি নাহে ওৰেটো ৰাতি সুহুৰিয়াই থকা সেই স্মৃতি-সুগন্ধি
মিত্ ভাষ হৈ ওলমি আছো ওঁঠত, সৰাপাতৰ শব্দ হৈ
খিৰিকীৰ মুখলৈ আহিছো, একেই এছাৰেকণি
মেঘৰ ছাদ খহি পানীৰ জোনটো নামি আহিছে লাহে লাহে
চকুৰ মণিৰ ভিতৰলৈ।</poem>}}<noinclude></noinclude>
hjy0z55zn8mdnv8zb5t6pnc56q0l94s
পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৫
104
63969
248675
173900
2026-04-30T07:16:20Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248675
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|পানী-ঘোষা}}
পানী-শিলনি শুকাই শেলাই বান্ধিছে, উৰণীয়া ডাৱৰ এডোখৰে
আকাশত চিলনী সাঁতোৰ শিকিছে
মৈয়াই থোৱা চপৰাত বন-নহৰু এডাল গজিবলৈও নাই পানী
বোবা হুমুনিয়াহ এটা ওলাই আহিছে
উদং কলাফুলৰ তিলটোকে তাল কৰি মেঘে গৰজিছে বুলি মিছা মতা নাই
শুকান জেওৰা এখনতে ভেঁজা দি আছো
ভাদ মাহৰ বুটমাহ তিয়াই পানী এঢোক গিলিছো
ওলাইনো যাওঁ কেনি
হুৰাই দিব নেলাগে চৰাই— এইবেলি আহুধান নাই
পানী ভাঙি ভাঙি উজাব নেলাগে নাও
শোকৰ সাতসৰী পিন্ধি মজিয়াতে চিৎ খাই আছে দাৱনীৰ সপোন
ভৰ দুপৰীয়াৰ সুহুৰি এটিও নাই, পাত এখিলা নকঁপাকৈ থিয়দঙা দি ৰৈ আছে ৰ’দত
নিসাৰ বৃক্ষ ছায়া
পেট চুঁচি নিয়া দিন এটা আহিছে
অসাৰ হৈ অহা মন-মগজুৰ স্মৃতিবোৰ ভ্ৰম হৈ উৰি ফুৰিছে চাটকৰ দৰে
সন্ধিয়াৰ চাকি এগছি জ্বলি নঙলামুখেদি ওলাই আহিছে
এফাকি বিলম্বিত পানী-ঘোষা৷</poem>}}<noinclude></noinclude>
21ztpyjp7m3bs85xzy0kpilsw81vlv0
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২১
104
63970
248681
174039
2026-04-30T07:19:18Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248681
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|কথকতাৰ অদৃশ্য ক’লাজ}}
একাষৰীয়াকৈ থৈ দিয়া কথাবোৰক কেতিয়াবা জুকিয়াই চাওঁ বুলি
সূতাৰ আঁত বিচৰাদি বিচাৰি থাকো যদিও
হেৰাই থাকে চুলি যেন কথাৰ মহঙা শিপা
কথাৰে অলপ সীমা চেৰাওঁ বুলি কথা গৰকি
পাৰ হ'ব খোজো ওখ পকি দেৱাল
কথাৰ কঠনা নুফুলেহে নুফুলে উভতি আহে জিভাৰ পাক
সহজে মুখলৈ নহা কথাবোৰক আঙুলিৰে শূন্যতে আঁকি দেখুৱাওঁতে
হয়গৈ কিছুমান যখিনীৰ ছবি
কিছু সময়ৰ পাছত যখিনীৰ ছবিবোৰ ভাগি-ছিগি
ঠেকেচা খাই পৰেহি মাটিত
তথাপি বুজোঁতাই বুজে ভাবনাৰ আঙুলিৰে অঁকা এখন অপূৰ্ণ ছবিৰ
অদৃশ্যমান কথকতাৰ ক’লাজ
দুখত তাপিত খেয়ালী মনে আঁতৰাই থোৱা জীৱনটোক
উদযাপন কৰিবলৈ বাট চাই থাকে সময়লৈ
যদিও পাখিলগা সময়ে আঁতৰি গুচি যায় মাটিত দীঘল আঁচ এডাল টানি
সেই আঁচক মচিব নোৱাৰি আমি কেৱল জিকিবলৈ
আৰ্জিত আঁচ টনাদি আৰু কিছুমান আঁচ টানো
আঁচেৰে ভৰি পৰা জীৱনটোত কথাবোৰে আঁত হেৰায়
কথাবোৰ গিলিপ খাই ধৰে পুৰণি ঔষধৰ টেমাটোৰ দৰে
নজনাকৈ হয়তো সেই কথাবোৰত একুৰা জুই জ্বলি থাকিব পাৰে
নজনাকৈ সেই কথাবোৰত মিশ্ৰণ হৈ থাকিব পাৰে
এচামুচ চকুৰ পানী-৷</poem>}}<noinclude></noinclude>
tld980zda5idwb0q1i6z1dy4oaxhtaq
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২২
104
63971
248682
174040
2026-04-30T07:19:32Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248682
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem>{{X-larger|মোৰ পৃথিৱী}}
বাহিৰত কি চলিছে নাজানো
ভিতৰত বৰ চেঁচা সেমেকা শোৱাপাটী, জুই একুৰা জ্বলাই লৈছো
উহোৱা শাক আৰু
ৰঙা আহু চাউলৰ এসাঁজেৰে উদৰটো পূৰাই ভাবিছো
বাহিৰৰ কথাৰে মোৰ চৰু নিসিজে
ভিতৰৰ বতাহেৰে মোৰ সৰু হাঁওফাও চাৰিটা চলিছে
ল’ছালি তিৰোতাক সাহস দি কৈছো
মই ইয়াতকৈ আৰু নিঃকিন নহওঁ
তোমাৰ ব্লাউজটো ফিচিকিব নিদিবা
লাগিলে পিন দুটা খুলি
সৰুটোৰ পেনত মাৰি দিবা— তাৰ বুটাম ছিগিছে...৷</poem>}}<noinclude></noinclude>
mgvfvrprbub7o1daku64oayqdm34jkd
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৩
104
63972
248683
174041
2026-04-30T07:19:48Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248683
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem>{{X-larger|কবিতা}}
গুণগুণনি এটা শুনিছো অথচ কোনেও গোৱা নাই গান
ঝৰঝৰণি শুনিছো অথচ কোনোকালে বৈ অহা নাই
এই বননিৰে পাহাৰীয়া নৈ-জান
এই বননিত নুশুনাকৈ শুনিব পাৰি।
নোচোৱাকৈ চাব পাৰি
মাথোঁ নুশুঙাকৈ শুঙিব নোৱাৰি অকটা বিষফুল
এই বননিৰ যি বাটেৰে তুমি খোজকাঢ়ি যোৱা
সেই বাটৰ কোনো দিশ নাই
তুমি যি দিশেৰে গুচি যোৱা
সেই দিশৰ চাৰিসীমা নাই
তুমি নথকা দেশ নাই, মাটি-পানী-বায়ু
সৰ্বব্যাপী তোমাৰ তেজ
তোমাৰ উত্তাপেৰে আমাৰ দিন
আমাৰ দিনৰ ৰাতি নাই— ৰাতিবোৰক পোহৰ কৰা তুমি উত্তাপৰ চুমা খাই
সেইবাবেই তোমাক চুই চায় ৰ’দে
আজীৱন বুৰাই ৰাখে বৰষুণে
উমান নোপোৱাকৈ
তোমাক খুলি খুলি খায় হালধীয়া জোনটোৱে...৷</poem>}}<noinclude></noinclude>
5e5gmibm6028esf6g4hpolwgm28vdbw
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৪
104
63973
248684
174193
2026-04-30T07:20:42Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248684
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|দুৰুলিয়া ভাঁজৰ জীৱন}}
এটা ভাঁজত আধা জীৱন আৰু আনটো ভাঁজত জীৱনৰ পূৰ্ণতা
পূৰ্ণতা মানে নহয় যে শীৰ্ষ শংকুলৈ আৰোহণ কৰি
জীৱনে সামৰি লয় অসীম প্ৰাপ্তিক
জীৱনে মাথোঁ পিছ হুঁহকি নোযোৱাকৈ
থুপাই লয় কায়কৃত সংগী
চকুৰ মণিৰ আপডালত পুথি নপঢ়া, সাধু নিলিখা
পুৰণি কথা
সৰুতে কঠনা ফুলৰ পানীৰে গা ধুৱাওঁতে দেহত একো ভাঁজ নাছিল
জনা হোৱাৰে পৰা পৰৰ ফুলনিত চকু দিওঁতে দিওঁতে
চকুৰ মণিটো পৰৰ হ’ল বুলি জানি
এতিয়া এটা ভাঁজত লুকুৱাই ৰাখো নিজকে
উচ্ছ্বসিত টিটকাৰি দিয়া নিৰাভৰণ সময়বোৰ এতিয়া
ভৰফাগুনত পৰিল
সৰাপাতৰ ভাঁজত সৰ্পিল ভাবনাক এৰি দি
এতিয়া শুই থাকো, দুৰুলিয়া ভাঁজত সোমাই ভাবি থাকো
জীৱন সদায় অপূৰ্ণ— মাথোঁ সন্ধিয়া হ’লৈ কোৰ্হাল কৰো
দলনিৰ দাউকজনীৰ দৰে।</poem>}}<noinclude></noinclude>
rawiue6bq7lckftq6p3dkv6vsns3lmp
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৫
104
63974
248687
174194
2026-04-30T07:22:16Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248687
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|সন্ধিয়াৰ মালিতা}}
সন্ধিয়াতে ভোটাবোৰ জ্বলি উঠিল
পামৰী বস্ত্ৰৰ আঁৰত এন্ধাৰৰ আস্ফালন — অগ্নিগড়ৰ তলেৰে অৱনত
ভাওনাৰ বিলম্বিত বচন
দিনান্তৰ সামৰি ক্লান্ত দেহৰ শয়নপ্ৰীতি
উতলা তেজ পানী হৈ পৰে সন্ধিয়াৰ এই মালিতাত
গল্পৰ পাতনিতে গল্প এটা সাৰ পায়
ক্ৰমে উচ্চাংগ হৈ আহে
ডিঙিলৈ উজাই অহা প্ৰেমৰ আৱাহনী সংগীত
সন্ধিয়াতে গুজব এটা ভাঁহি ফুৰে কাণে কাণে
পদূলি শুঙাই শুঙি ফুৰে
আফুলন ফুলনিত হাত দি জৰিমনা ভৰে
কোন সেই বাঁহীবাদক, কি বেজাৰত উজাৰি দিয়ে বুকুভৰা উষ্মা
সন্ধিয়াতে জ্বলি উঠা আৰিয়াৰ পোহৰত হৰধনু ভাঙোতাজনৰো
একেই গুজব
প্ৰজাৰ সুখত বলিয়া সি; বনবাস দিয়ে আপোন তিৰোতাক
মাত্ৰ তিতাত এঙামূৰি দি দি পাৰ হয় সুদীৰ্ঘ ৰাতি
সন্ধিয়াৰে পৰা যি মালিতাৰে থাকে বুকু ভৰি
পুৱালৈ সেই মালিতাৰ শলিতা নুমাই উদং হয় চকুৰ চাকি।</poem>}}<noinclude></noinclude>
ark21lkmzwkyzbtn1jlpftl0ogom39u
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৬
104
63975
248688
174195
2026-04-30T07:22:33Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248688
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem>{{X-larger|উৰণীয়া বৰষুণ}}
ফাটমেলা বসুমতীলৈ চাই চাই উৰি ফুৰা বৰষুণজাকক
এইকেইদিন গালি নাপাৰা মানুহ নাই
ভেকুলীৰে যোৰাই কিমানে যে নাক কাটিলে বৰষুণৰ
বৰষুণেনো কি জানে বতৰৰ কথা— খৰালি নে বাৰিষা
বতাহৰ সুহুৰিত পেখম মেলা মেঘৰ ঘাম বৰষুণ
মেলা খিৰিকীৰে ছিটিকি অহা বৰষুণ
এছাৰেকণিৰে কলেজলৈ গৈ থকা গোলপীয়া ছাতিৰ
ছোৱালীজনীক আমনি কৰা বৰষুণ
এনে বৰষুণতেই হাফপেডেল মাৰোঁতে মাৰোঁতে
কিমানবাৰ যে বাতিল হৈছিল ধৈৰ্যৰ পৰীক্ষা
এতিয়া পৰৰ কথা পাই বৰষুণজাক উৰণীয়া হ’ল
উৰি উৰি খীণকাই বগা বগলী যেন হ’ল বৰষুণ
মাটিক পাহৰি বনৰীয়া হ'ল
প্ৰেমৰ বৰষুণ।</poem>}}<noinclude></noinclude>
rayzmibbdryupja2jibh3he5qywaugs
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৭
104
63976
248689
174196
2026-04-30T07:22:48Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248689
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|শব্দ-শঙ্খ}}
শব্দ-শঙ্খৰ ৰাগিনীৰে ৰাতিৰ জোন এটা নামি অহাৰ দৃশ্য
কেৱল কবিয়েহে দেখে উজাগৰী জলজ চকুৰে
মেঘবোৰ পানীৰ টোপাল হৈ মাটিৰ জৰায়ুত অৱগাহন কৰিলে
কি হয় কি হয় কবি
শস্যৰ শিশু ওপজে
সেই উৎসৱত ফুলে-পাতে চৰাইৰ কোৰ্হাল
জয়াল বাঁহনিডৰাত কোন পখীৰ তোলনি বিয়া যে
আখৈ ফুটাৰ দৰে জোনাকী পৰুৱাৰ চঞ্চল ছিটিকনি আহি
পদূলিমুখত পৰেহি
শব্দ-শঙ্খেৰে উদযাপিত প্ৰিয়তম পৃথিৱীৰ কথা
কেৱল কৃষক কবিয়েহে জানে
নাঙলৰ সীৰলুত ৰাজহাড় বেঁকা হোৱালৈকে
মহাকাব্যিক জীৱন-গাথাৰ যি নিলিখা প্ৰবাদ
বোকা-পানীৰ লেপনে তাৰ আকাৰ দিয়ে
হাবিয়নি ফালি অনাখৰী কবিৰ মুখত ফুটে বনঘোষা
শব্দবোৰ শঙ্খৰ দৰে নিৰলে বাজি উঠে
তেওঁৰ পুৰণি তানপুৰাত
সেই শব্দ আৰু লোকগাথাক লৈ আমি দীঘল শোভাযাত্ৰা কৰো এতিয়া
সমলয় সমস্বৰে গাওঁ বন্দিত গান
ভাওনাৰ বচন মাতি মাতি খেদি ফুৰো তেজাক্ত দানৱক
পলাই ফুৰে মুখাধাৰী ভাষ্যকাৰ
শব্দ-শঙ্খৰ সনাতন ৰাগক তেওঁ ভয় কৰে, সত্যই মিথ্যাচাৰক
দ পিতনিত পুতি পেলোৱা সাধুটো তেওঁ শুনিছে
লেবেজান হৈ এন্ধাৰৰ মূৰ্তিবোৰে এনেদৰেই শৰণাগত হয় পোহৰৰ বাটত
শব্দ-শঙ্খৰ মাতে পুষ্প বৃষ্টি কৰে, হেৰুৱাজনে বিচাৰি পায় অমৃত জীৱন…….৷</poem>}}<noinclude></noinclude>
rioqk735dqozoxu2xksvjt1p4i6vfln
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৮
104
63977
248690
174197
2026-04-30T07:23:08Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248690
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|ৰত্নাৱলী পঢ়}}
অঁ ৰত্নাৱলী পঢ়, থিৰ হৈ ডিঙি মেলি চা—
চৌফলীয়া ৰ’দে চেঁচুকৰ পৰা বোৱাই নিছে
কজ্জলী এন্ধাৰ
তিনিআলিত বহি ভাগ্যক ধিয়াওঁতে ধিয়াওঁতে চৌভিতি বিকা গ’ল
থাকিল মাথোঁ শূন্যতাৰে ওপচা চোতাল
উকলি যোৱা সেই সময়বোৰ আছিল নিৰন্ন দিনৰ দুঃপাঠ্য
এতিয়া নতুনকৈ কামত ধৰ, কঠিন বুলি একো নাই
কঠীয়া চৰুত অঁকাৰী চাউল সিজাৰ দৰে ফুলিব এদিন সৰল হাতৰ কল্পতৰু ছ
খামিডাঠ কৰ, ৰণলৈতো যাব নালাগে, ভাগি যোৱা গাঁওখনতেই তাঁত-বাটি কৰ
ভীমকলৰ পুলি দুটা ৰো; পশ্চিমে বাঁহ, পূবে হাঁহ
কুৰুৱা বতাহত গাভিনী হ’ব কাকিনি তামোল
ধনেশ্বৰৰ পুতেক ফণীধৰ নন্মেট্ৰিক, কি নাই কৰা সি— খেতিৰ ফচল খায় কোনে
তাহানিৰ ওৰাং মৌজাত সিয়েই তহচিলদাৰ সিয়েই কাউঞ্চিলৰ
গাঁৱত জেঠুৱা ভাওনা— ফণীধৰক মাত
পাত-পটুৱা কটাই নাই তাৰিখ চাপিল— ফণীধৰক মাত
আচলতে মন মেলিলে সকলো সিজে, দেখিছানে পানীত চহৰ পানীত গাঁও
মুঠতে থিৰ হৈ পোনাই যা— থিতাতে বেগাই আহ
হাতে ধৰা কাম বিশ্বাসত লোৱা ঈশ্বৰ নামৰ দুগুটি অক্ষৰ
অঁ ৰত্নাৱলী পঢ়, দুটা পদ্য লেখ— সুখ আৰু দুখৰ....৷</poem>}}<noinclude></noinclude>
28solovgmubire99uguxbz2lvos9dkc
পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৯
104
63978
248691
174198
2026-04-30T07:23:21Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248691
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|কথা বাঁহী}}
যোৱা ৰাতি বাঁহীৰ মাতত নে জিলীৰ মাতত
তোমাৰ গাটো ইমান কঁপিছিল
কঁপনিতে তুমি লতাৰ দৰে মেৰিয়াই ধৰা গা-গছডালো
তেতিয়ালৈ আছিল নিস্মৰ-নিস্পন্দ
তোমাৰ উশাহ আৰু কঁপনিৰে পুৱাৰ পোহৰ হ’ল
পাখি গজি চৰাই উৰিল
এখিলা-দুখিলাকৈ পাতেৰে সেউজীয়া হ’ল
নিৰন্ন দুপৰ
তুমি হাতেৰে থপিয়াই সাঁচি ৰখা জোনাকী পৰুৱাটো
এতিয়ালৈ চাগৈ এটা ভৰা জোন হ’ল
প্ৰিয়জনৰ আগত লুকুৱাই ৰখা সেই কথাটো
এতিয়া দোভাগ ৰাতিও কথা বাঁহী হৈ উৰি ফুৰিছে
অনুৰঞ্জিত বুকুৰ তলিত
সোণপৰুৱা হৈ জিলিকি উঠিছে
এনেকৈয়ে কথা বাঁহী হৈ উৰি ফুৰে দিনে-ৰাতি— তেজেৰে নিমিলা এটা সম্বন্ধ
উৰি উৰি ভাগৰ সলাবলৈ নামি আহে মাটিলৈ
পানী খাই একেলগে একেখন নৈৰ উপলা ঘাটত...৷</poem>}}<noinclude></noinclude>
dj2ff8xm2104gqfi68aiehyyqnz3o3g
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩০
104
63979
248692
174199
2026-04-30T07:23:37Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248692
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|কাব্যলিংগ}}
ওঁঠত বৰলে খালে বুলি কঠনা ফুলৰ হাঁহিটিৰে নঙলামুখত বহি থাকোঁতেই
অথন্তৰৰ উহ ফুটিল
এজাৰফুলীয়া বয়সৰ ফাঁকি, ওঁঠত বিন্ধা বৰলৰ হুলে
বুকুলৈকে শিপাইছে, মন দোলনিত ইচাট-বিচাট ছট্ফটনি
বাটলৈ চাই থাকোঁতেই কিমানটা যে ভৰদুপৰীয়া আবেলিৰ হেঙুলীয়া হ’ল
তাৰ হিচাপ কেৱল আঙুলি-মূৰেহে জানে— যি দহোটা আঙুলি
সাক্ষী হৈ থাকে কৃতধী জীৱনৰ
সময়ে যি দি যায় সেয়াই সত্য—
তেনে সত্যৰ অস্বীকাৰতেই যত দুখ আৰু যন্ত্ৰণাৰ সন্নিপাত
পানীৰ তলৰ পানী বিচাৰি থাকোঁতেই জলকুঁৱৰী কুমাৰী হৈ থাকে
জলগুঁইৰ দৰে এটা জলজ জীৱনে কাহানিও নেদেখে মৰীচিকাৰ তিৰবিৰণি
সৰাপাতৰ শব্দৰ স’তে প্ৰেমৰ উপমা দিয়া আৰু কিমানটা
গধূলি আছে ফাগুনৰ
চনকা জীৱনৰ ভৰি পিছলাকৈ
আৰু কিমানটা পিছল বাট পাৰি থোৱা আছে বৰপীৰা পৰাদি
সকলো কাঁইটীয়া পথৰ ওপৰেৰে চলি থাকে এই জীৱন
সনাতন অলংকাৰেৰে ব্যঞ্জিত এটা প্ৰতীকী কবিতাৰ দৰেই
মৃত্যুতো যাৰ উপমা শিলৰ শয্যাসংগী হয়।</poem>}}<noinclude></noinclude>
jirqh0ueluefd2zb5g5y0vdlhwx7yhl
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩২
104
63980
248694
174203
2026-04-30T07:24:20Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248694
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো}}
হাতত বাঁহী আছিল।
অথচ সেই বাঁহীৰ মাত শুনাকৈ কাযত কোনো নাছিল।
দূৰৈৰ ফেঁচুজনীয়ে মোৰ বাঁহীৰ মাত নকল কৰি
সুহুৰিয়াব শিকিছিল
আৰু এদিন বহু জনপ্ৰিয় হৈ বঁটা বুটলিছিল
আগৰ ঠাইতেই মই ৰৈ আছিলো
হাতত আছিল পুৰণি বাঁহীটো
একেযোৰ সাজ
চিলাই ফটা একেটাই কামিজ
ডেটিঙত আহি পায়চাৰি কৰি থকাবোৰে মোক চিনি পোৱা নাছিল
আৰু কোৱা-কুই কৰিছিল
ফেঁচুৰ মাত নকল কৰা
এইজনা মান্ধাতা যুগৰ মাতাল মানুহ
বাঁহীটো মোৰ কঁকালৰ খোঁচনাত লৈ অপ্ৰিয় সত্যবোৰক কঢ়িয়াই ফুৰো
অপবাদৰ জেওৰা নেওচি
ৰাতিক দিন কৰো
সেইবাবেই মই কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো...৷</poem>}}<noinclude></noinclude>
lgd9t0t8vsjynm86998nn3w2x8pes9m
248699
248694
2026-04-30T08:01:46Z
BabulB
104
248699
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{rh|||}}{{Block center|<poem>{{X-larger|কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো}}
হাতত বাঁহী আছিল।
অথচ সেই বাঁহীৰ মাত শুনাকৈ কাযত কোনো নাছিল।
দূৰৈৰ ফেঁচুজনীয়ে মোৰ বাঁহীৰ মাত নকল কৰি
সুহুৰিয়াব শিকিছিল
আৰু এদিন বহু জনপ্ৰিয় হৈ বঁটা বুটলিছিল
আগৰ ঠাইতেই মই ৰৈ আছিলো
হাতত আছিল পুৰণি বাঁহীটো
একেযোৰ সাজ
চিলাই ফটা একেটাই কামিজ
ডেটিঙত আহি পায়চাৰি কৰি থকাবোৰে মোক চিনি পোৱা নাছিল
আৰু কোৱা-কুই কৰিছিল
ফেঁচুৰ মাত নকল কৰা
এইজনা মান্ধাতা যুগৰ মাতাল মানুহ
বাঁহীটো মোৰ কঁকালৰ খোঁচনাত লৈ অপ্ৰিয় সত্যবোৰক কঢ়িয়াই ফুৰো
অপবাদৰ জেওৰা নেওচি
ৰাতিক দিন কৰো
সেইবাবেই মই কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো...৷</poem>}}<noinclude>{{rh|হালধীবটা আবেলি||৩৩}}</noinclude>
lc000nfa7ik08pal6vv6i9wog4bjx0y
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩৩
104
63981
248695
174202
2026-04-30T07:24:35Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248695
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem>{{X-larger|চেকনি}}
চেনিৰাম ছাৰৰ চেকনিডাল চিক্চিকাই আছিল বাবেই
সৰসৰকৈ মুখস্থ আছিল নেওতা
অবাটে যোৱা খোজটো চিধা বাটে পোনাইছিল
ভয় কৰিছিলো নে শ্ৰদ্ধা নে বিশ্বাস
উপৰিপুৰুষৰ চেকনিৰ পৰম্পৰা পিতাইৰ হাতলৈ বগুৱা বাই আহিছিল
আৰু আমি হৈ পৰিছিলো একান্ত ঘৰগোনা
ভৰসা আছিল বাবেই চেকনিৰ আগত বিদ্যা আছিল
অথচ চেনিৰাম ছাৰৰ চেকনিৰ চিক্মিকনিয়ে কাহানিও চুই যোৱা নাছিল
হাত-পিঠি-কলাফুল
বিশ্বাস আৰু শ্ৰদ্ধা আছিল বাবেই
বেৰত গুঁজি থোৱা চেকনিডালৰ ফালে সদায় এটা সেৱা আছিল
মনৰ ভিতৰতে৷</poem>}}<noinclude></noinclude>
euommsiuyli1wvjsoxzpxa6h7hxzb6i
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩৪
104
63982
248696
174201
2026-04-30T07:24:50Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248696
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|নাহৰ}}
নাহৰ ফুলা খবৰটো ওঁঠত লৈ
এপাক ঘূৰি অহাৰ অচিলাকণো নোহোৱা হ’ল
কালি নাহৰজোপা কটা গ’ল, সীমাত নপৰিল
সীমাৰ সিপাৰে দলং, ইটোপাৰে ওখ দেৱালত
মূৰ আফলিয়ালেও আৰু নুফুলে নাহৰ
গেৰেপনি লাগি পিছবাৰীৰ বাটটোও কাঠনি হ’ল
এনেকৈ যে কিমান খবৰ
কটা যোৱা লেণ্ডলাইনৰ তাঁৰতেই থাকি গ'ল
নাহৰৰ পাছত তগৰ ফুলিছিল
তগৰৰ পাছত কত যে ৰজনীগন্ধা শুকাই লেৰেলিল
তথাপি নাহৰ ফুলা বতৰটোলৈ ৰৈ থাকো—
সাঁচি ৰাখো অময়া প্ৰেমৰ পেৰাটো
পেৰাটো খুলি উৰুৱাই দিব নোৱাৰি পুৰণি পাতখাৰুৰ পখিলা
মোহনী লগা স্মৃতিৰ দাপোণ—
বাৰে বাৰে উভতি চাওঁ খিৰিকী খোলা আছেনে তোমাৰ
বহু কথা ভাবনাৰ মাজতে ৰাখি জুমি জুমি চাই ভাল পাওঁ
দিঠকনো কি সপোনৰে অলপ অভিনয়;
সপোনতহে সংকোচৰ জপনা ভাঙি ক'ব পাৰি
মোৰ বাবে ৰুই থ’বা তোমাৰ পদূলিত ৰজনীগন্ধাৰ এটি পুলি...৷</poem>}}<noinclude></noinclude>
eg3oas58ph64lt19gmpo3mvldo058xj
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩৫
104
63983
248697
174200
2026-04-30T07:25:06Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248697
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>{{Block center|<poem>{{X-larger|হালধি-বটা আবেলি}}
সমুখৰ হালধি-বটা আবেলিটোৱে আমাৰ ৰিক্ত দিনৰ বহু কথা জানে
আকালৰ দিনত লেকেচিৰ তুলিকাৰে বিষ্ণু ৰাভাৰ চুলিৰ ঢৌ আঁকি
নিজকে নিপুণ কমৰেড্ কুলৰ বুলি বুকুত থপৰিয়াওঁতে
কামিহাড় এডাল খেট্কৈ উঠিছিল
সেই কথা ছোমালিয়াৰ ছবিখনৰ দৰে
আত্মজ্ঞানী শগুণটোৱে ভালকৈ জানে ভোকত মানুহ লাহে লাহে মৰি আহে
ভোকত মানুহে স্বীকাৰ কৰে— জিকি যোৱা পক্ষৰ স্তাৱক আমি
হাৰি যোৱা পক্ষৰো বিহ্বল শ্ৰোতা বুলি সন্তাপ উজাৰে
হাতত উন্মীলিত হৈ উৰি থাকে ক’লা পতাকা
মূৰৰ ওপৰেৰে উৰি যোৱা ধুমুহাক আওকাণ কৰি
জী থকাৰ ভাৱনা লৈ সপোন দেখা পথিক আমি
সেই কথা সমুখৰ হালধি-বটা আবেলিটোৱে জানে— ৰিক্ত দিনৰ ঘাম আৰু তেজ
তেজ আৰু ঘামৰ পৌনঃপুনিক সমীকৰণে
স্থিতাৱস্থাৰ জেদ বঢ়ায়। আমি কিতাপ পঢ়া ল’ৰা হ'ম বুলি জেদ কৰো
আৰু এদিন জেদত জিকি কঢ়িয়াই লৈ ফুৰো কিতাপৰ ভাৰ
কিতাপত অঁকা থাকে এটা আবেলিৰ হালধীয়া বৃত্ত
বৃত্তটোৰ ভিতৰত ৰামধেনুৰ সাতোটা ৰঙে আঁকে এটা দীঘলীয়া গো-বাট
সেই বাটেৰে ছট্ফটাই দৌৰি ফুৰে শৈশৱৰ হালধি-সনা আবেলি....৷</poem>}}<noinclude></noinclude>
7limkewix426okww1zn6d4vyqk55wat
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩১
104
63985
248693
174204
2026-04-30T07:23:57Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
248693
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{Block center|<poem>{{X-larger|ভ্ৰম নে মায়াৰ জীৱন}}
অকলে-নিজানে কাটি আছো এই বাট, থুৰুহি সময়ে এৰি যোৱা খোজত
এবেগেত ভৰিখন থৈ
দাঙি আছো হালি পৰা চালিখন, মূৰৰ ওপৰৰ ধুমুহাজাকক
সোধা নহ’ল মোৰ দোষ-দুৰ্বলতা, প্ৰেম-অপ্ৰেমৰ কথা
দকৈ ভাবি-গুণি বুজি পালো
অকলে-নিজানে নিজকে বহু কথা সুধিব পাৰি
সুখ বা দুখৰ ভাও এটা লৈ নিজকে চাই শুধৰাব পাৰি কেঁচা অভিনয়
এনেকৈ শুধৰণিৰ মাকো মাৰি থাকোঁতেই
সময়ে খোঁচ এটা মাৰি থৈ গ’ল
নিমিযতে পাৰ হৈ গ’ল গাঁও-চুবুৰিৰ পুৰণি বাখৰুৱা ছবি
হাতে-হাত ধৰি কিমান যে ল’ৰালি
হাৰিও জিকি যোৱা খেলখন ক’ত খেলো এতিয়া
অৰণ্যতো নাই চৰাইৰ মাতত হেৰাই যোৱাকৈ
বতাবনৰ জতুগৃহ সাজি জ্বলাই দিবলৈ তোমাৰনো ক’ত সময় অ’ গৰখীয়া
স্মৃতি-বিস্মৃতি আৰু ভ্ৰমৰ মাজত এতিয়া এই সময়
কোনে কাক কেতিয়া ঠগি গুচি যায় মায়া এৰি
কুশলে জী আছো বুলি মিছাতে৷</poem>}}<noinclude></noinclude>
en4hb19ppdmgbzvht6bx0umc15cm3d6
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১
104
91357
248604
248403
2026-04-29T14:09:24Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248604
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|1.5em}}
{{border|maxwidth=400px|bstyle=double|bthickness=8px|align=center|padding=20px|
{{center|<poem>{{Xxxx-larger|'''কোঁৱৰ বিদ্ৰোহ'''}}
{{Dhr|20em}}
{{X-larger|{{gap|5em}}'''শ্ৰী সূৰ্য্যকুমাৰ ভূঞা'''}}
</poem>}}}}<noinclude></noinclude>
iy6kyhmjvoq39xw6aukhmrta4zae18k
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১৮
104
91359
248619
247957
2026-04-29T14:52:44Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248619
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|{{Xxxx-larger|'''কোঁৱৰ বিদ্ৰোহ'''}}}}
{{center|{{X-larger|'''আগকথা'''}}}}
{{gap}}ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ মৃত্যুৰ পিচত ভায়েক কালশিলীয়া গোহাঁইদেৱে লক্ষ্মীসিংহ নাম লৈ সিংহাসনত বহে, ১৬৯১ শক, ২১ জেঠ। ইয়াৰ পূৰ্ব্বে ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ পুত্ৰ মোহনমালা গোহাঁইদেৱক, ভায়েক ৰাজেশ্বৰ সিংহ সিংহাসনত উঠা কালত, কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই মন্ত্ৰণা কৰি নামৰূপলৈ খেদি দিছিল। লক্ষ্মী সিংহ ৰজা হৈ ককায়েক ৰাজেশ্বৰ সিংহৰ কোঁৱৰ মাজুজনা গোহাঁই চাৰু সিংহ আৰু সৰুজনা গোহাঁই ৰত্নেশ্বৰক উক্ত বৰবৰুৱাৰ মন্ত্ৰণামতে অঙ্গক্ষত কৰি নামৰূপত থলে, আৰু পাটকোঁৱৰক বৰকোলাত থলে। স্বৰ্গদেৱ লক্ষ্মীসিংহই ককায়েক প্ৰমত্তসিংহৰ কোঁৱৰ এজনাক তিপাম মেল দি লগতে ৰাখিছিল।
{{gap}}নানা কথাৰ কাৰণে মায়ামৰা মহন্ত আৰু তেওঁৰ শিষ্যবৰ্গই আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ অভিসন্ধি কৰি আছিল। লক্ষ্মীসিংহ স্বৰ্গদেৱ সিংহাসন উঠাৰ অলপ দিনৰ পিচতে মায়ামৰীয়াই কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ পৰা নতুনকৈ অপমান পাই বিদ্ৰোহৰ নিচান তুলিলে। তেওঁলোকে ওপৰত কোৱা<noinclude></noinclude>
bh8ayhdleflyte5il86a2oke918zyqo
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১৯
104
91360
248620
247963
2026-04-29T14:56:56Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248620
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>খেদি-থোৱা মোহনমালা, আৰু তেওঁৰ ভতিজাক চাৰুসিংহ আৰু ৰত্নেশ্বৰ, এওঁলোকৰ যেই-সেই এজনাকে ৰজা পাতিম বুলি নিজৰ লগলৈ আনি ৰাইজক ভুৱা দি মানুহ বৰাবলৈ ধৰিলে। মায়ামৰীয়াৰ বিৰুদ্ধে যি আহোম সেনাপতি পঠোৱা হৈছিল তাৰ খেনোজন মায়ামৰীয়াৰ হাতত পৰাস্ত হ’ল, খেনোৱে আকৌ যুদ্ধলৈ মন নিদি গুচি আহিল, নাইবা মায়ামৰীয়াৰ লগ ললেগৈ।
{{gap}}মায়ামৰীয়াৰ প্ৰভাৱ ক্ৰমাৎ বাঢ়ি অহাত ১৬৯১ শকৰ আঘোণৰ ৮ দিন যাওঁতে স্বৰ্গদেৱে জনচেৰেক বিশ্বাসী বিষয়া আৰু লিগিৰা সহিতে ৰংপুৰ নগৰ এৰি পলাই সোণাই নৈৰ বাহৰত ৰাতি খপিলে গৈ। স্বৰ্গদেৱে নগৰ এৰা বাৰ্ত্তা পাই বৰতীয়া মৰাণে ৰংপুৰ অধিকাৰ কৰিলে, আৰু কিছু মৰাণে গৈ সোণাই নৈৰ বাহৰতে স্বৰ্গদেৱ লক্ষ্মী সিংহ, দৌলবন্ধা বৰগোহাঁই, ভগ্নী বুঢ়াগোহাঁই আৰু কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক বন্দী কৰিলে। সেই শকতে মৰাণে আহোমৰ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰবৰুৱাক হত্যা কৰিলে। মৰাণৰ ৰজা হ’ল নাহৰ খোৰাৰ পুতেক ৰমাকান্ত, আৰু সকলো কাৰ্য্যৰ পৰিচালক হ’ল ৰাঘ বৰবৰুৱা। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰফুকন আদি বিষয়াও মৰাণৰে হ’ল।
{{gap}}মৰাণ ৰজা হৈ থকা কালত মৰাণে-কটা বুঢ়াগোহাঁইৰ পুতেক ঘনশ্যাম আৰু বৰগোহাঁইৰ পুতেক বাইলুং, যাদৱ তামূলীৰ পুতেক ৰামকৃষ্ণাই আৰু ৰামনাথ, বৰগোহাঁইৰ বিলতীয়া<noinclude></noinclude>
79tohb1tq585hg1hli32qpr5xdttjz6
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২০
104
91361
248622
247965
2026-04-29T14:58:54Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248622
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||আগকথা|৩}}</noinclude>খনিকৰ ভূঞাৰ লৰা কেকেৰু কলিতা হাজৰিকীয়া, এইসকলে ৰাঘৱে ভাৰ্য্যা কৰি লোৱা ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ সতী আইকুঁৱৰী কুৰঙ্গনয়নীৰ সৈতে পৰামৰ্শ কৰি ১৬৯১ শকৰ চ’তৰ সংক্ৰান্তিৰ দিনা হুঁচৰি গোৱা ছলেৰে ৰাঘৱক ৰংপুৰতে কাটিলে আৰু তাৰ লগৰ অন্যান্য মৰাণ মানুহক কাটি পুনৰ ৰংপুৰ উদ্ধাৰ কৰি স্বৰ্গদেৱ লক্ষ্মীসিংহক বন্দীশালৰ পৰা আনি সিংহাসনত বহুৱালে। স্বৰ্গদেৱে সিংহাসন উদ্ধাৰ কৰি ৰাজ্যত যেয়ে য’তে পায় মৰাণক মাৰিবলৈ আজ্ঞা প্ৰচাৰ কৰিলে ৷ তাৰে পৰা মৰাণৰ বিদ্ৰোহ কিছু পৰিমাণে শাম কাটিলে।
{{gap}}কিন্তু মৰাণৰ বিদ্ৰোহতকৈ চৰা হ’ল কোঁৱৰসকলৰ বিদ্ৰোহহে। আহোমৰ কোঁৱৰসকল কেবা ফৈদৰো আছিল, চাৰিঙ্গীয়া, পৰ্ব্বতীয়া, দিহিঙ্গীয়া, চামগুৰীয়া, নামৰূপীয়া আৰু তুংখুঙ্গীয়া। এওঁলোকে উজনিৰ নানান ঠাইত বসতি কৰিছিল। মোহনমালা গোহাঁইদেৱৰ পুতেকক ৰজা পাতিছোঁ বুলি মানুহৰ আগত প্ৰচাৰ কৰি মৰাণে মানুহ বৰাই ৰাজ্য ললে। এতিয়া নানান ঠাইত সিঁচৰতি হৈ পৰি থকা কোঁৱৰসকলেও মানুহ-দুনুহ গোটাই ৰজা হবলৈ পৃথকে পৃথকে চেষ্টা কৰিবলৈ ধৰিলে। মোহনমালা গোহাঁইদেৱ আৰু তেওঁৰ ভতিজাক চাৰুসিংহ গোহাঁইদেৱ আৰু ৰত্নেশ্বৰ গোহাঁইদেৱক মৰাণে বিহ খুৱাই মাৰিছিল। তেওঁলোকৰ পুত্রসন্তানসকলে আকৌ মৰাণৰ দৰে ৰজা আৰু বৰবৰুৱাক ধৰি নিজে ৰজা হবলৈ চেষ্টা কৰিছিল ৷ তুংখুঙ্গীয়া ফৈদৰ ৰাজসম্পত্তি হোৱাত অন্যান্য ৰাজফৈদৰ কোঁৱৰ-<noinclude></noinclude>
haodubge2dir6v7w5hgvp97kyiiybr4
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২১
104
91362
248623
247966
2026-04-29T15:00:40Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248623
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৪|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>সকল বিশেষ ক্ষুণ্ণ হৈ আছিল। তেওঁলোকেও এতিয়া ৰজা হবলৈ মন কৰিলে।
{{gap}}মায়ামৰা বিদ্ৰোহ স্বৰ্গদেৱ লক্ষ্মীসিংহই দমালে সঁচা, কিন্তু এমুঠি মৰাণে দলবদ্ধ হৈ ৰংপুৰ অধিকাৰ কৰি স্বৰ্গদেৱক বন্দীশালত থৈ মাহচেৰেকলৈ ৰাজপাট খাব পৰিছিল, এই কথাষাৰতে আহোমৰ আধিপত্য আৰু পৰাক্ৰমৰ সাঁফি লৰিল। সকলোৱে বুজিব পাৰিলে যে আহোমৰ ক্ষমতা অচল-অটল পৰ্ব্বত নহয়, ই কাঠ-বাঁহৰে সজা নৈৰ ভেঁটাহে, বান-বাৰিষাৰ সোঁত-পানীয়ে সেই ভেঁটা খহাই উটুৱাই নিব পাৰে। যিবোৰ বিষয় সাতঘৰীয়া আহোমৰ মাজত আবদ্ধ আছিল, সেইবোৰ বিষয়-বাসনা ভোগ কৰিবৰ মনেৰে সাধাৰণ পাইকান মানুহে কোনো এটি কোঁৱৰক হাতত লৈ তেওঁক ৰজা পাতিবলৈ চেষ্টা কৰিছিল।
{{gap}}সেই কালত খৰুৱা, হাজাৰি দেৱান, বুকুজুৰ, তাৰ্ব্বিজ, দিলগিৰি আদিকে মুখ্য কৰি অসমীয়া মুছলমান মানুহ কিছুৱেও তুংখুঙ্গীয়া কোঁৱৰ এজন চপাই লৈ লক্ষ্মীসিংহ স্বৰ্গদেৱ প্ৰমুখ্যে তিনিজনা গোহাঁই ডাঙ্গৰীয়া, বৰুৱা, ফুকন সকলোকে অপঘাত কৰি ৰাজ্য লবৰ মন্ত্ৰণা কৰিছিল। মায়ামৰা মহন্তই শিষ্য-সম্পত্তিৰ দ্বাৰা মৰাণক ৰাজপাট দিয়ালে, তেওঁৰ সমকক্ষ শিলিখাতলীয়া, চামগুৰীয়া আৰু নৰোৱা মহন্তসকলেও কোঁৱৰ চপাই সিংহাসনত বহুৱাই নিজৰ পৰাক্ৰম আৰু প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল। যিসকলে হিলৈ তৰোৱাল গোটাব<noinclude></noinclude>
7e66nndozg3o08er1h4hagetcscofqj
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২২
104
91363
248624
247967
2026-04-29T15:02:28Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248624
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||আগকথা|৫}}</noinclude>পাৰিছিল তেওঁলোকে তাৰেই ৰণ কৰিবলৈ ওলাইছিল। যি সকলৰ অস্ত্ৰ নাছিল তেওঁলোকে নানান মায়াৰ সহায়েৰে “বায়ুৰূপে গৈ শুদা হাতেৰে স্বৰ্গদেৱক ধৰিম” বুলি আয়োজন কৰিছিল। সেই সময়ত কোঁৱৰসকলে নিজৰ আকৰ্ষণী শক্তি বঢ়াবৰ কাৰণে মানুহক কৈ ফুৰিছিল,—“মোৰ গাত অষ্টভুজা গোসাঁনী লম্ভিছে” বা “মোক শুকলা হাতীয়ে ৰাতি হলে লৈ ফুৰায়।” এই ষড়যন্ত্ৰকাৰীসকলে ৰজাৰ কাৰেঙৰ লিগিৰীহঁতকো নিজৰ সঙ্গলৈ মনে-মনে চপাই লৈছিল। খেনোক কৈছিল “তই ৰজাক বা আগলৈ ৰজা হব পৰা অমুক কোঁৱৰক বিহ খুৱাবি, মই ৰজা হৈ তোক কুঁৱৰী পাতিম।” খেদি থোৱা আইকুঁৱৰীদেৱ আৰু গোহাঁইসকলৰ ঘৈণীয়েকহঁতেও সেই কালৰ কোঁৱৰ-বিদ্ৰোহত প্ৰকাৰান্তৰে যোগ দিছিল।
{{gap}}এই কোঁৱৰ-বিদ্ৰোহত মৰাণ-বিদ্ৰোহৰ কোনো চিনচাব নাই। মায়ামৰীয়া বা মৰাণৰ বিদ্ৰোহ হৈছিল মায়ামৰা মহন্ত আৰু তেওঁৰ শিষ্যসকলে বহুদিনৰে পৰা পোৱা অপমানৰ প্ৰতিশোধ ৰূপে। প্ৰথম বাৰৰ বিদ্ৰোহৰ নায়ক আছিল মায়ামৰা মহন্ত অষ্টভূজদেৱৰ পুত্ৰ গাগিনি ডেকা-মহন্ত আৰু চন্দৰ ডেকা। স্বৰ্গদেৱ লক্ষ্মী সিংহই সিংহাসন উদ্ধাৰ কৰি মায়ামৰা মহন্তক সপুত্ৰে বধ কৰিছিল। তেতিয়াৰে পৰা চৈধ্য বছৰ কাল ধৰি মায়ামৰা সত্ৰ অধিকাৰশূন্য হৈ আছিল। এই কোঁৱৰ-বিদ্ৰোহৰ মূল আছিল একেবাৰে ব্যক্তিগত স্বাৰ্থ—মৰাণ যদি ৰজা হব পাৰিলে আমি আহোমৰ ৰাজফৈদীয়া কোঁৱৰ হৈ ৰজা হব নোৱাৰিম<noinclude></noinclude>
mhqnowokye335u3t6hd8abggaaabtij
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৩
104
91364
248626
247969
2026-04-29T15:04:09Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248626
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৬|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>কিয়? মৰাণৰ সামান্য পাইকান মানুহে যদি তিনিজনা ডাঙ্গৰীয়া আৰু বৰবৰুৱা বিষয় খাব পাৰিলে তেন্তে আমিনো তেনেবোৰ বিষয় খাব নোৱাৰিম কিয়? কোঁৱৰসকলে বাঞ্ছা কৰিলে ৰজা হবলৈ, তেওঁলোকৰ যোত্ৰৰ মানুহে বিচাৰিলে বিষয়-বাসনা ভোগ কৰিবলৈ। এয়ে হ’ল কোঁৱৰ-বিদ্ৰোহৰ মূল উদগনি।
{{gap}}আহোম স্বৰ্গদেৱসকলে এই কোঁৱৰসকলক সুস্থিৰে ৰাখিবলৈ মাত্ৰ এটি উপায় অবলম্বন কৰিছিল, তেওঁলোকক ধৰি ধৰি অঙ্গক্ষত কৰি নামৰূপ আৰু বৰকোলালৈ খেদা। কিন্তু বহুত কোঁৱৰে কোঁৱৰ বুলি পৰিচয় নিদি আনৰ ঘৰত ডাঙৰ-দীঘল হৈ এই শাস্তিৰ পৰা মুক্তি লাভ কৰিছিল, আৰু কতো কোঁৱৰে ৰাজ্যৰ পৰা ভাগি গৈ পৰদেশত সোমাইছিল। তাতে থাকি মানুহ-দুনুহ গোটাই আকৌ ৰাজ্য লবলৈ অসমলৈ আহিছিল। অসমৰ স্বৰ্গদেৱসকলে এই কোঁৱৰবৃন্দৰ সমস্যা ভালৰূপে সিদ্ধান্ত নকৰাত তেওঁলোকৰ সিংহাসনৰ তলত ফেঁটীগোম সাপে মেৰ পাতি বহিছিল। কোঁৱৰসকলক দিহিঙে দিপাঙে, নামৰূপ-বৰকোলাত নাপাতি ৰজাৰ চকুৰ আগত থোৱা হলে ৰাজ্যত ইমান বিভ্ৰাট নহলহেঁতেন, বা ৰজাৰ ৰাজধানীতে কোঁৱৰ-পাৰিষদৰ নিচিনা এখন মন্ত্ৰণাৰ মেল পাতি তাতে কোঁৱৰসকলক কাৰ্য্যকৰী বা পৰামৰ্শীয়া বিষয়-বাব দি ৰাখি তেওঁলোকক ৰাজ্যৰ এটি এটি শিলৰ খুঁটা হেন কৰিব পৰা গলহেঁতেন।
{{gap}}যিসকল কোঁৱৰ স্বৰ্গদেৱ লক্ষ্মীসিংহৰ বিৰুদ্ধে ৰাজদ্ৰোহ<noinclude></noinclude>
nabkfsb0sctd3ywkkqs3gw7ks1phl5p
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৪
104
91365
248627
247970
2026-04-29T15:05:37Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248627
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||আগকথা|৭}}</noinclude>ষড়যন্ত্ৰত লিপ্ত আছিল তেওঁলোকৰ নাম—লেচাই নামৰূপীয়া গোহাঁইৰ পুতেক একাদহ গোহাঁই আৰু বলিয়া গোহাঁই; উক্ত লেচাই গোহাঁইৰ পুতেক আয়ুসুত গোহাঁইৰ পুত্ৰ খোৰা, কলীয়া আৰু ধুপাল; মোহনমালা গোহাঁইৰ পুত্ৰ ফেদেলা আদি; চাৰুসিংহ গোহাঁইৰ পুত্ৰ ভূধৰ গোহাঁই। বকতিয়ালৰ ভদ্রসেন বৰবৰুৱা ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত লিপ্ত আছিল। প্রমত্তসিংহৰ পুতেক মলৌ তিপমীয়া গোহাঁইৰ যড়যন্ত্ৰত পৰ্ব্বতীয়া ভট্টাচাৰ্য গোসাঁই ৰাজদ্রোহ অপৰাধত অভিযুক্ত হৈছিল ৷ আন আন বিদ্ৰোহী কোঁৱৰ হৈছে—ৰত্নেশ্বৰ গোহাঁইৰ পুত্ৰ ঠাকুৰ গোহাঁই আৰু বিজয় বৰমূৰা গোহাঁই; তুংখুঙ্গীয়াৰ বাহিৰে আন ফৈদৰ কোঁৱৰ— জপৰা, চেলা, তকৰু, বপাই, সগৰ, মলৌ, ৰঙ্গা, সেন।
{{gap}}মৰাণে ৰাজপাট খোৱা কথাটোৱে আহোমৰ পৰাক্ৰম ৰাজ্যৰ আগত ইমান নিশকতীয়া বুলি প্ৰমাণ কৰিলে যে কোঁৱৰসকলৰ আৰ্হি লৈ শৰীৰত এক বিন্দু, ৰাজশোণিত নোহোৱা মানুহেও নানা কথা ছান্দি কোঁৱৰ বুলি মানুহৰ পৰা সেৱা-সতকাৰ লাভ কৰি যোত্ৰৰ মানুহ চপাই ৰাজপাটলৈ আকাঙ্ক্ষা কৰিছিল। তেনে এজন অকোঁৱৰ কোঁৱৰ ৰঙ্গাই বৰমৰাণৰ কীৰ্ত্তিও ইয়াত বৰ্ণোৱা গল ।
{{nop}}<noinclude></noinclude>
4wocgtgk8hxm0wctupqs3nhhceawe5i
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৫
104
91366
248631
247973
2026-04-29T16:33:18Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248631
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|{{x-larger|'''ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ'''}}}}
{{gap}}{{larger|'''ভূধৰসিংহ গোহাঁই কোন?'''}}—মহাৰাজ ৰাজেশ্বৰসিংহৰ চাৰিজনা কোঁৱৰ আছিল, ১ম কান্দুৰা গোহাঁই, ২য় চাৰুসিংহ মাজিউ গোহাঁই, ৩য় ৰত্নেশ্বৰ তিপমীয়া গোহাঁই, ৪ৰ্থ পাট-কোঁৱৰ। কান্দুৰা গোহাঁই পিতৃদেৱতা সিংহাসনত উঠাৰ পিচতে লোকান্তৰ হয়। ৰাজেশ্বৰসিংহৰ মৃত্যুৰ পিচত তেওঁৰ বৰপুতেক চাৰুসিংহ গোহাঁইদেৱ সিংহাসনত বহিব বুলি বহুতৰ ধাৰণা আছিল। কিন্তু কীৰ্ত্তিচন্দ্ৰৰ হত্যাৰ চেষ্টাত চাৰুসিংহ আৰু ৰত্নেশ্বৰ গোহাঁই লিপ্ত আছিল বুলি ৰাজেশ্বৰসিংহৰ মৃত্যুৰ দিনচেৰেকৰ পিচতে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই লক্ষ্মীসিংহ স্বৰ্গদেৱক বিষম বুজাই তেওঁলোকক নামৰূপলৈ খেদি পঠালে। কিন্তু তেওঁলোকে আগলৈ ৰজা হোৱাৰ বাসনা পৰিত্যাগ কৰা নাছিল। মৰাণে বিদ্ৰোহ কৰাৰ সময়ত পূৰ্ব্বে খেদি থোৱা মোহনমালা গোহাঁই, চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁই এই কেজনা কোঁৱৰক ওচৰ চপাই এওঁলোকৰ এজনাকে ৰজা পাতিম বুলি লগত লৈ ফুৰাই ৰাইজক বৰাই ফুৰিছিল। কিন্তু পিচলৈ এওঁলোক আটাইকিজনকে মৰাণে হত্যা কৰে আৰু নাহৰখোৰাৰ পুতেক ৰমাকান্তকহে মৰাণে সিংহাসনত বহুৱায়। মৰাণক মাৰি লক্ষ্মীসিংহ স্বৰ্গদেৱে সিংহাসন উদ্ধাৰ কৰাৰ পিচত এই তিনিজনা কোঁৱৰৰ পুত্ৰসকলে ৰজা হবলৈ অভিসন্ধি<noinclude></noinclude>
tk68y9uw6srv3nhwc83nugf1pnneooe
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৬
104
91367
248632
247975
2026-04-29T16:35:58Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248632
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ|৯}}</noinclude>কৰিছিল; কিন্তু তেওঁলোকৰ কোনোজনৰে চেষ্টা ফলৱতী নহল। চাৰুসিংহ গোহাঁইদেৱৰ চাৰিজনা পুত্ৰ আছিল। তাৰে এজনৰ নাম আছিল ভূধৰসিংহ। তেওঁৰ ষড়যন্ত্ৰৰ প্ৰধান সহায়কাৰী আছিল বকতিয়াল ফৈদৰ ভদ্ৰসেন বৰবৰুৱা আৰু তেওঁৰ বৈ-বঙহ।
{{gap}}{{larger|'''চাৰুসিংহ গোহাঁইৰ পত্নী গৌৰী'''}}—চাৰুসিংহ গোহাঁইদেৱৰ কেবাগৰাকীও ভাৰ্য্যাৰ ভিতৰত দুগৰাকীৰ নাম পোৱা গৈছে—প্ৰথম প্ৰেমদাসুন্দৰী আৰু দ্বিতীয় বুঢ়াগোহাঁইফৈদীয়া জীয়াৰী গৌৰী। চাৰুসিংহ আৰু প্ৰেমদাসুন্দৰীৰ আদেশমতে কবিশেখৰ ভট্টাচাৰ্য্য কবিয়ে ’হৰিবংশ পদ’ অসমীয়ালৈ অনুবাদ কৰিছিল। ভণিতাত কবিয়ে লিখিছিল—
{{Block center|<poem>“ইন্দ্ৰবংশী ৰাজেশ্বৰ সিংহ নৰপতি।
শান্ত-দান্ত শিষ্ট-নিষ্ট অতি শুদ্ধমতি॥
প্ৰতাপ প্ৰকাশ কীৰ্ত্তি নীতি অতিশয়।
দানী-মানী মহাজ্ঞানী সদয় হৃদয়॥
তাহাৰ তনয় চাৰুসিংহ মহামতি।
গুণীগণ মধ্যে শ্ৰেষ্ঠ বিপুল শকতি॥
তান পত্নী প্ৰেমদাসুন্দৰী মনোনীতা।
সৰ্ব্বগুণৱতী যেন দ্ৰুপদ-দুহিতা॥
স্বামী চৰণত ভক্তি কৰে অনুক্ষণ।
সপত্নীগণৰ মধ্যে ৰোহিণী যেমন॥ ”</poem>}}
{{gap}}চাৰুসিংহ গোহাঁইদেৱৰ পুত্ৰ ভূধৰ গোহাঁই প্ৰেমদাসুন্দৰীৰ<noinclude></noinclude>
44b93fhv7pnnpl0l5wgk6oju7nk3s2z
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৭
104
91368
248633
248001
2026-04-29T16:38:12Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248633
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১০|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>পুত্ৰ নে আন কোনো গাভৰুৰ সন্তান তাক জানিব পৰা নগল। সমসাময়িক বুৰঞ্জীত হলে গৌৰীক ভূধৰ গোহাঁইৰ সপত্নী-মাক বুলি কোৱা হৈছে।
{{gap}}{{larger|'''গৌৰী আৰু ধনাই লিগিৰা—'''}}চাৰুসিংহ গোহাঁইৰ পুতেক ভূধৰকে আদি কৰি চাৰিজনা কোঁৱৰৰ লগত স্বৰ্গদেৱৰ চাংমাই সহজাৰ পুতেক ধনায়ে আগৰে পৰা লিগিৰা খাটি আছিল। বুৰঞ্জীয়ে কয়—“এয়েৰে [ধনাইৰে] ভূধৰ গোহাঁইৰ সপত্নী-মাতৃ, বুঢ়াগোহাঁইফৈদীয়া জীয়াৰী গৌৰীয়েৰে গোপ্যৰূপে লেনাদেনা আছিল। গৌৰীৰ পুতেক এটিও আছিল।”
{{gap}}এদিন গৌৰীয়ে ধনাইক কলে—“লৰাহঁতৰ লগত যে খাটিছ, কথা-বাৰ্ত্তা কি শুন? তহঁত স্বৰ্গদেৱৰ চাংমাইৰ লৰা, ইহঁতে ৰহস্যে যি কথা-বাৰ্ত্তা হয় তাক তহঁতে বুজিব পা, নকবিহে মৰিবি।”
{{gap}}ধনাই—“আমি ভু নোপোৱা কথা, কি বুলি কম?”
{{gap}}গৌৰী—“তই আজিয়েই যা, সিহঁতক ভাৱস্তি কৰি সোধগৈ।”
{{gap}}গৌৰীৰ কথামতে ধনাই লিগিৰাই বৰঘৰৰ টুপতে ভূধৰ গোহাঁইক দেখি আঠুপাৰি সেৱা কৰিলত গোহাঁইদেৱে তাৰ হাতত ধৰি কলে—“দেশ-কালৰ কথা কি শুনিলি-ভণিলি?”
{{gap}}ধনাই—“মোত যে তোমালোকে একো নোকোৱা, মই শুনিলেও কেলেই কম?”
{{nop}}<noinclude></noinclude>
jibignsfrvyof7pox5vg0ubcv5932kd
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৮
104
91369
248634
248002
2026-04-29T16:40:23Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248634
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|১১}}</noinclude>{{gap}}ভূধৰ গোহাঁয়ে ধনাইক হাতত ধৰি কোঠালৈ নি বোলে—“আমিনো কি কথা কৈছো কি শুনিছ?"
{{gap}}ধনাই—“তোমালোকে যিবোৰ কৈছা চাংতলৰ পৰা মই সকলোবোৰ শুনিছো, মোতহে নোকোৱা।”
{{gap}}ভূধৰ গোহাঁই—“বাৰু, কিনো কৈছো ক।”
{{gap}}ধনাই—“তোমালোকে যে নোকোৱা, মই কেলেই কম?”
{{gap}}ভূধৰ গোহাঁই—“শপত খা কওঁ। খুটাটোৱে তোৰ চেচামুখৰ গোসাঁই, মাংসকে খাওঁ বোল।”
{{gap}}ধনায়ে সেইৰূপে শপত খোৱাত ভূধৰ গোহাঁয়ে কলে—“তই যদি আমাক মোৰ বুলিছ এইকথা কাকো নকবি। আজিৰ পৰা তই মোৰ আপোন হলি, তোক মই নেৰোঁ।”
{{gap}}{{larger|'''ভুধৰ গোহাঁইৰ মুখত ষড়যন্ত্ৰৰ কথা—'''}}এই বুলি ভূধৰ গোহাঁয়ে ধনাই লিগিৰাক ষড়যন্ত্ৰৰ আদ্যোপান্ত কথা বিবৰি কলে। ষড়যন্ত্ৰকাৰীসকলে ৰজাক মাৰি ৰাজ্য লবলৈ তিনিটা উপায় মন্ত্ৰণা কৰিছিল। প্ৰথমটোত অকৃতকাৰ্য্য হলে তেওঁলোকে দ্বিতীয় প্ৰস্তাৱমতে কাৰ্য্য সমাধা কৰিব, আৰু ইয়াতো যদি বিফল হয় তেন্তে তৃতীয় উপায় অনুসৰণ কৰিব। প্ৰথম প্ৰস্তাৱ মতে গোহাঁইদেৱৰ লিগিৰা মলৌ আৰু গোমোথা বৰুৱাৰ পুতেক খোনায়ে ভকতি লিগিৰীৰ হতুৱাই স্বৰ্গদেৱৰ লগত থকা তিপমীয়া গোহাঁইক বিহ খুৱাই মাৰিবলৈ গাত লৈছিল। এইজনা তিপমীয়া গোহাঁই আছিল প্ৰমত্তসিংহ<noinclude></noinclude>
1yixssstqrmsvyeqhn1atac6gkjl8l7
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২৯
104
91370
248635
248006
2026-04-29T16:42:43Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248635
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১২|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>স্বৰ্গদেৱৰ পুত্ৰ, নাম মলৌ গোহাঁই; মাক কুঁৱৈগঞা বুঢ়াগোহাঁইৰ বঙহৰ জীয়েক; লক্ষ্মীসিংহ স্বৰ্গদেৱে মৰম কৰি মলৌ গোহাঁইদেৱক লগতে ৰাখিছিল। তিপমীয়া গোহাঁইদেৱক বিহ খুৱাই মাৰিব পাৰিলে ভকতিক বৰকুঁৱৰী পাতিম বুলি ভূধৰ গোহাঁয়ে অঙ্গীকাৰ কৰিলে, আৰু সেই অৰ্থে “ইষ্টদেৱতাৰ মাংস খাম” বুলি সত্য-শপত কৰি নিজ হস্তাক্ষৰো দিলে। মলৌ লিগিৰা আৰু খোনাৰ দ্বাৰা কোৱালত ভগা খঙীয়া বৰুৱাই স্বৰ্গদেৱ লক্ষ্মীসিংহ আৰু পুতেক লোকনাথ গোহাঁইদেৱক (পিচলৈ স্বৰ্গদেৱ গৌৰীনাথসিংহ) বিহ খুৱাই মাৰিবলৈ স্বীকাৰ কৰিছিল।
{{gap}}আৰু এটা প্ৰস্তাৱ আছিল, ৰজা আৰু মন্ত্ৰীক বলেৰে ধৰি সিংহাসন অধিকাৰ কৰাৰ। এই প্ৰস্তাৱৰ যোত্ৰ আছিল—ভূধৰ গোহাঁইৰ শহুৰেক গুৱাহাটীয়া দুৱলীয়া চেটিয়াফুকন আৰু তেওঁৰ পুতেক কিজন, আকৰা গোহাঁইৰ জেঠেৰীয়েক, দুৱৰাৰ মাজপালী থকা বচা হাজৰিকা আৰু তেওঁৰ আপোন পো-ভাই গোটাচেৰেক, গোমোথা বৰুৱাৰ পুতেক ভণ্ডাৰী বৰুৱা, ডফলা দুৱৰীয়াৰ পুতেক খাঞ্জাৰাম ঘোৰাবৰুৱা আৰু ভায়েক আত্মাৰাম, আৰু ভগা বৰপাত্ৰ-গোহাঁইৰ ভায়েক। এই সকলে গোমোথা বৰুৱাৰ ঘৰলৈ অহা-যোৱা কৰি আলচ পাতিছিল। এই অৰ্থে আত্মাই দিছিল চাৰিটা ফিৰিঙী-হিলৈ আৰু জামদাৰ হিলৈ দুটা, খোনায়ে দিছিল তৰোৱাল দুখন, আৰু বকতিয়াল বৰবৰুৱাৰ ভায়েক চোলাধৰা ফুকনে দিছিল ভূধৰ গোহাঁয়ে<noinclude></noinclude>
pa7kaxbqnd55wua7txuvzr2n3shuj58
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩০
104
91371
248636
248010
2026-04-29T16:45:03Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248636
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|১৩}}</noinclude>সময়ত লবলৈ বাখৰপতা বিৰী এটা ; এই বিৰী গাত থাকিলে কাঁড়, গুলী আৰু দাৰ আঘাতে একো অনিষ্ট সাধিব নোৱাৰে।
{{gap}}তৃতীয় প্ৰস্তাৱ আছিল, যদি ওপৰত কোৱা দুই প্ৰকাৰে একো নহয় তেন্তে ভটীয়াই গৈ নাৱেৰে একে ৰাতিয়েই সলালফাট পাবগৈ। তালৈ গৈ বৰপেটা সলাল গোহাঁইক নিজৰ লগলৈ আনিবলৈ চেষ্টা কৰিব এই বুলি কৈ—“চৰাইদেও পৰ্ব্বতৰ ফালৰ পৰা কিছুমান মানুহ আহি ৰজা প্রজা সকলোকে মাৰি ৰাজ্য ললে, আমি পলাইহে আহিছোঁ। যদি গোহাঁয়ে তুংখুঙ্গীয়াৰ পৰিয়ালক মোৰ বুলিছে তেন্তে গোহাঁয়ো আমাৰ লগলৈ আহক।” তাৰ পিচত সলাল গোহাঁইক লগত লৈ গুৱাহাটীলৈ গৈ আপোন মানুহক ঠায়ে ঠায়ে পাতি আনবোৰক কাটি-মাৰি ৰাজ্য বশ কৰা যাব। তাৰ পিচত সকলো যোত্ৰৰ মানুহ একেলগ হৈ উজাই আহি ৰজা আৰু মন্ত্ৰীক ধৰি সিংহাসন অধিকাৰ কৰিব।
{{gap}}এই প্রস্তাৱমতে যোত্ৰৰ মানুহক নেৰিবলৈ আৰু সময়ত শত্ৰুসকলক দণ্ডবন্ধ কৰিবলৈ অঙ্গীকাৰ কৰি ভূধৰ গোহাঁয়ে এখন লিখা দিছিল। সেই লিখামতে ভবিষ্যতলৈ এইদৰে দণ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছিল—“স্বৰ্গদেৱক বোলে, কলীয়া বাঘক ডিঙ্গৰাত ভৰাই দহদিনমান পানীত থৈ মাৰিম। ৰাজমাওদেৱক বোলে, বুঢ়ীক নাক-কাণ কাটি চকু কাঢ়ি আমগুৰিত মেলিম। তামূলী আইকুঁৱৰীদেৱক (কালিন্দ্ৰীক) বোলে, চাউলকৰালীক নাক-<noinclude></noinclude>
tnbhnnau2n8vzgzeeteyzeguep731to
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩১
104
91372
248637
248034
2026-04-29T16:47:36Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248637
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৪|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>কাণ কাটি নগা হাড়ীলৈ দিম। স্বৰ্গদেৱৰ পুতেকক (লোকনাথ গোহাঁইদেৱক) বোলে, পুতেকক নিয়মৰূপে দণ্ড কৰি আমাৰ ঘৰৰ পৰা এমাহৰ মূৰত চাউল পাঁচকঠা দি এঠাইত দৰ লগাই থম। কলিতা ফুকনক বোলে, ভৰিত পৰালৈকে মূৰত ননকৈ ত্ৰিশূল দি থম। কাম, লেফেৰা, পিজলী, লাখৰ এই চাৰিক বৰশী দিম।” এই চাৰিজন বিষয়া স্বৰ্গদেৱৰ কোঁৱৰালি কালৰে পৰা বৰ বিশ্বাসী লিগিৰা আছিল। স্বৰ্গদেৱে কামে-কাজে ভাল পাই পিজলীক পাতিছিল খনিকৰ বৰুৱা, কামক তিপমীয়া ফুকন, লাখৰক শেনচোৱা বৰুৱা আৰু লেফেৰাক ৰাইদঙ্গীয়া মেলৰ ভণ্ডাৰী বৰুৱা।
{{gap}}ষড়যন্ত্ৰকাৰীসকলৰ সঙ্কল্প সুকলমে সিদ্ধ হব নে নহয় আহোম আৰু হিন্দুমতে তাক চোৱা-চিতোৱা হৈছিল। আহোমমতে অনাদৰ আৰোৱান-ধৰাৰ ঘৰত চকৰী বুঢ়ীয়ে কুকুৰা-ঠেং চোৱাই ধৰ্ম্মা দেওধাইৰ হতুৱাই গণিতা কৰাইছিল। হিন্দুমতে গৌৰীসাগৰীয়া গণক দিগম্বৰে ৰুচি বামুণৰ ঘৰত পূজা-পাটল কৰাইছিল। এই দুই গণিতামতে নিশ্চিত হৈছিল যে ভূধৰসিংহ গোহাঁইদেৱ ৰজা হব লগা শুভক্ষণ আহিছে। ভূধৰ গোহাঁইদেৱে ৰূপ-কাপোৰৰ পেৰাবোৰ পৰ্ব্বতীয়া ভট্টাচাৰ্য্য গোসাঁইৰ ঘৰত থৈছিল। তাৰে ষোল হাজাৰ টকা পূজা-পাটল কৰি খৰচ কৰিছিল। আত্মাৰামৰ ঘৰতো আছিল চাৰি-হেজাৰীয়া ৰূপৰ পেৰা পাঁচোটা।
{{gap}}এই ষড়যন্ত্ৰত বকতিয়াল বৰবৰুৱাৰ ফৈদৰ সম্পূৰ্ণ সহযোগ<noinclude></noinclude>
dw3qu6lqe1s9as04xb64err5iin4tzx
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩২
104
91373
248638
248036
2026-04-29T16:49:33Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248638
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|১৫}}</noinclude>আছিল। ভদ্ৰসেন বৰবৰুৱাৰ ভায়েক চোলাধৰা ফুকন, তেতিয়াৰ ঢেকিয়াল বৰুৱা, ডফলা দুৱৰীয়া মোহন আৰু ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক, এই সকলে মৰাণ মাৰিলত খুটীয়াপোতাত ভূধৰ গোহাঁইৰ লগত একেঠাইতে শপত খাইছিল এৰা এৰি নকৰিবলৈ।
{{gap}}{{larger|'''সন্ন্যাসীবেশী সম্ভেদ-যোগনীয়া ধনাই—'''}} ভূধৰ গোহাঁইৰ নিজমুখৰ পৰা ষড়যন্ত্ৰৰ কথা শুনি ধনায়ে গৌৰীক আহি কোৱাত গাভৰুৰ নিৰ্দেশমতে ধনায়ে কলিতা ফুকনত ৰহস্যে সকলো কথা জনালেগৈ, ১৬৯৩ শকৰ শাওণ মাহ। কলিতা ফুকনে গৈ সেইমতে স্বৰ্গদেৱক জনালে, আৰু পৰোক্ষে ধনাইৰ দ্বাৰাই গৌৰীৰ মুখৰ সকলো কথা লিখি আনিও স্বৰ্গদেৱক জনালে। দুদিন মাজনিশা ধনাইক কপাহী চুৰিয়া পিন্ধাই সন্ন্যাসী বেশেৰে স্বৰ্গদেৱ থকা বৰমৰঙলৈকে বিশ্বাসে নি তাৰ নিজমুখে কলিতা ফুকনে সকলো কথা স্বৰ্গদেৱত কোৱালে। তাৰ পিচত স্বৰ্গদেৱে ফুকনৰ লগত “ধনায়ে কোৱা কথাখিনি কিমান দূৰ সঁচা” এই বিষয়ে আলচ কৰিবলৈ ধৰিলে, আৰু চোৰ-চৰিয়া লগাই কথাটোৰ বুজ লবলৈ ধৰিলে।
{{gap}}এনেতে স্বৰ্গদেৱে এদিন গড়গাৱঁলৈ গ’ল। তাৰ পৰা নাৱেৰে উভতি আহিবৰ কাৰণে নাও যুগুতি কৰিবলৈ স্বৰ্গদেৱে কলিতা ফুকনক আদেশ দিলে। ভদ্ৰসেন বৰবৰুৱাৰ ভায়েক চোলাধৰা ফুকনে আলচি নাৱতে স্বৰ্গদেৱক ধৰিবলৈ আয়োজন<noinclude></noinclude>
4eh3xgos94pcfofyf5smlgh411eco17
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৩
104
91374
248639
248097
2026-04-29T16:51:33Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248639
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৬|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>কৰিছে বুলি গম পাই কলিতা ফুকনে স্বৰ্গদেৱ জনালে। স্বৰ্গদেৱে নাৱেৰে নাহি তৰেদি শীঘ্ৰে গড়গাৱঁৰ পৰা ৰংপুৰলৈ উভতি আহিল। ৰংপুৰলৈ আহি কলিতা ফুকন আৰু ৰাজমাওদেৱেৰে সৈতে স্বৰ্গদেৱে বিশ্বাসে পৰামৰ্শ কৰি ধনায়ে কোৱা কথাখিনি লিখি থবলৈ কলে। ফুকনে ধনাইক মাতি আনি তাৰ মুখৰ সকলো কথা পুনৰুক্তি কৰাই বুঢ়ামজুন্দাৰ ময়ুৰৰ পৰিনাতিয়েক নগা লিগিৰা কাকতীৰ হতুৱাই লিপিবদ্ধ কৰালে, আৰু চোৰ-চৰিয়াৰ মুখে জনা সকলো কথা নগা কাকতীয়ে লিখি যুগুত কৰি থলে।
{{gap}}{{larger|'''ষড়যন্ত্ৰত বকতিয়াল ফৈদৰ সহযোগ—'''}}ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত বকতিয়ালৰ ভদ্ৰসেন বৰবৰুৱাৰ ফৈদে যোগ দিয়াৰ কাৰণ এই মৰাণক মাৰি লক্ষ্মীসিংহ স্বৰ্গদেৱে পুনৰ সিংহাসন লাভ কৰা কাৰ্য্যত বৰগোহাঁইৰ বিলতীয়া পাইক ভূঞাৰ ল’ৰা কেকেৰু কলিতা হাজৰিকা এজন প্ৰধান সহায়কাৰী আছিল। কলিতাৰ বিচক্ষণ বুদ্ধি আৰু ৰাজভক্তিৰ পুৰস্কাৰ স্বৰূপে স্বৰ্গদেৱে তেওঁক কাথৰমেলৰ ভণ্ডাৰী বৰুৱা পাতিছিল। এইদৰে ৰাজ অনুগ্ৰহ লাভ কৰি কলিতা বৰ ক্ষমতাৱন্ত হৈ পৰিল। বৰুৱা খিতাপধাৰী হোৱা সত্ত্বেও মানুহে তেওঁক সেইকালত ফুকন বুলিহে সম্বোধন কৰিছিল। শ্ৰীনাথ দুৱৰা বৰবৰুৱাই তেওঁৰ বুৰঞ্জীত কৈছে, “ডাঙৰীয়াবোৰে পৰ-মেললৈ আহোঁতে ৰৈ থাকি ফুকনেৰে কথা-সম্ভাষা হৈহে যায়। অনেক ফুকন -<noinclude></noinclude>
jtee82e4nqyqjumnxdzbr1tgp7skkob
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৪
104
91375
248640
248100
2026-04-29T16:53:39Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248640
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ|১৭}}</noinclude>বৰুৱাৰ লৰাই বিষয়ৰ আশায়ে বহাঘৰতে খাটেগৈ।” এই কলিতা ফুকনৰে সৈতে ভদ্ৰসেন বৰবৰুৱাৰ পেটেপেটে দ্বন্দ্ব, পালে দুইকো দুয়ো নেৰে। বৰবৰুৱাই কিছু কথাৰ প্ৰমাণ পাই বিশ্বাস কৰিলে যে তেওঁক মাৰি সন্দিকৈৰ ঘৰৰ খাৰঘৰীয়া ফুকনক বৰবৰুৱা পাতিবলৈ চক্ৰান্ত চলিছে। সেইদেখিহে ভদ্ৰসেন বৰবৰুৱাই স্বৰ্গদেৱ লক্ষ্মীসিংহ আৰু তেওঁৰ প্ৰধান বল্লভ কলিতা ফুকনক মাৰিবলৈ ভূধৰ গোহাঁইৰে সৈতে ষড়যন্ত্ৰ কৰিছিল, আৰু সেই ষড়যন্ত্ৰত লিপ্ত আছিল বকতিয়ালৰ ঘৰৰ এইসকল,—বৰবৰুৱাৰ দদায়েক ৰাজনেওগ ফুকন, ভায়েক চোলাধৰা ফুকন, দদায়েক বগাডেকা আৰু বিকা জালভাৰী বৰুৱা, ভায়েক খনিকৰ বৰুৱা, গড়গঞা ন্যায়সোধা ফুকন, লাকুৱা আৰু তেওঁৰ পুতেক, পুথাও ৰাজখোৱা আদি। ইয়াৰ পূৰ্ব্বে ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক গোহায়ে দিহিঙৰ সৰুজনা ঠাকুৰবাপ গোসাঁইৰ ঘৰত থাকি ভদ্ৰসেন বৰবৰুৱাৰ সৈতে গোটখাই ৰজা হবলৈ প্ৰস্তাৱ কৰিছিল। কিন্তু সেই অভিসন্ধি মতে কাম কৰাৰ আগেয়ে ধৰা পৰিলত দিহিঙৰ সৰুজনা গোসায়ে কলিতা ফুকনক জীয়েকক দি সাৰিল, ইসকলৰ একো শাস্তি নহল।
{{gap}}ৰত্নেশ্বৰ গোহাঁইৰ পুতেকক ৰজা পাতিব নোৱাৰি বকতিয়ালৰ ফৈদে ভূধৰ গোহাঁইক এতিয়া সিংহাসনত বহুৱাবলৈ মনস্থ কৰিলে। বকতিয়ালৰ ৰাজনেওগ ফুকন, চোলাধৰা ফুকন আৰু খনিকৰ বৰুৱাই অন্য মানুহে সৈতে নামঘৰত চাৰিদিনে-<noinclude></noinclude>
hfrnrz0ujv5uq9pqxrxh1u783elkfnq
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৫
104
91376
248641
248101
2026-04-29T16:55:49Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248641
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>আঠদিনে বহি মন্ত্ৰণা কৰিবলৈ ধৰিলে। ভূধৰ গোহাঁইৰ লিগিৰা মলৌ আৰু জীউৰামে চোলাধৰা ভণ্ডাৰলৈকে আহি চোলাধৰা ফুকনৰ সৈতে কাণে কাণে কথা হৈ মন্ত্ৰণা কৰিছিল। আৰিয়াধৰা পদোৱেও চোলাধৰা ভণ্ডাৰত ফুকনৰ লগত আনে নুবুজাকৈ ফাৰ্ছি ভাষাৰে কথা-বাৰ্ত্তা হৈছিল। এদিন পদোৱে ফুকনক সুধিছিল— “কাহাচে আয়াহে তুম? ডেঢ়াচে আয়াহে?” ধনাই লিগিৰাই এইদৰে চোলাধৰা ভণ্ডাৰলৈ মানুহ অহা-যোৱা কৰা আৰু কথা-বাৰ্ত্তা কোৱা সকলোৰে আলেখ-লেখ চাই আছিল। বৰবৰুৱাৰ তামোল কটা ভোগায়ে কলিতা ফুকনৰ ঘৰলৈ ঘৈণীয়েকক পঠাই তাইৰ হতুৱাই বৰবৰুৱাৰ পৰিয়ালৰ গতি-বিধিৰ বাতৰি ফুকনত জনাই আছিল।
{{gap}}ষড়যন্ত্রমতে কাম কৰিবলৈ বিস্তৰ আয়োজন চলিছিল। চোলাধৰা ফুকনে মায়ামৰাৰ পৰা এখন তেৰ-বেঁৱা বা এশহতীয়া নাও আনি থৈছিল। চোলাধৰা ভণ্ডাৰত থকা তৰোৱালৰ পেৰাবোৰ ফুকনে নিজৰ পালীত নি থৈছিল। পেৰাৰ মূৰ মেলি তৰোৱালবোৰৰ ফাঁক সোলোকাই মেলি-মেলি থোৱা হৈছিল, যাতে যোত্ৰৰ মানুহে সেইবোৰ ততালিকে হাতত লব পাৰে। বৰবৰুৱাৰ পালীত স্বৰ্গদেৱ থকা ঘৰৰ ফাললৈ মুখ কৰি এটা গন্ধীয়াঘৰীয়া হিলৈ খাঁজি পাতি থোৱা হৈছিল আৰু তাতে একুৰিখন তৰোৱাল আছিল। বৰবৰুৱাৰ লগত ২৬ জন মানুহে ৰাতি দা লৈ থাকিছিল, আৰু লুখুৰাখনৰ ২০ জন বাৰুৱতীও সময়-মূৰত কাৰ্য্য কৰিবলৈ যুগুত হৈ আছিল।{{nop}}<noinclude></noinclude>
s1uj7fg631026xueon9qaz9c1qn941p
248642
248641
2026-04-29T16:56:23Z
Pranamikaadhikary
2157
248642
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>আঠদিনে বহি মন্ত্ৰণা কৰিবলৈ ধৰিলে। ভূধৰ গোহাঁইৰ লিগিৰা মলৌ আৰু জীউৰামে চোলাধৰা ভণ্ডাৰলৈকে আহি চোলাধৰা ফুকনৰ সৈতে কাণে কাণে কথা হৈ মন্ত্ৰণা কৰিছিল। আৰিয়াধৰা পদোৱেও চোলাধৰা ভণ্ডাৰত ফুকনৰ লগত আনে নুবুজাকৈ ফাৰ্ছি ভাষাৰে কথা-বাৰ্ত্তা হৈছিল। এদিন পদোৱে ফুকনক সুধিছিল— “কাহাচে আয়াহে তুম? ডেঢ়াচে আয়াহে?” ধনাই লিগিৰাই এইদৰে চোলাধৰা ভণ্ডাৰলৈ মানুহ অহা-যোৱা কৰা আৰু কথা-বাৰ্ত্তা কোৱা সকলোৰে আলেখ-লেখ চাই আছিল। বৰবৰুৱাৰ তামোল কটা ভোগায়ে কলিতা ফুকনৰ ঘৰলৈ ঘৈণীয়েকক পঠাই তাইৰ হতুৱাই বৰবৰুৱাৰ পৰিয়ালৰ গতি-বিধিৰ বাতৰি ফুকনত জনাই আছিল।
{{gap}}ষড়যন্ত্রমতে কাম কৰিবলৈ বিস্তৰ আয়োজন চলিছিল। চোলাধৰা ফুকনে মায়ামৰাৰ পৰা এখন তেৰ-বেঁৱা বা এশহতীয়া নাও আনি থৈছিল। চোলাধৰা ভণ্ডাৰত থকা তৰোৱালৰ পেৰাবোৰ ফুকনে নিজৰ পালীত নি থৈছিল। পেৰাৰ মূৰ মেলি তৰোৱালবোৰৰ ফাঁক সোলোকাই মেলি-মেলি থোৱা হৈছিল, যাতে যোত্ৰৰ মানুহে সেইবোৰ ততালিকে হাতত লব পাৰে। বৰবৰুৱাৰ পালীত স্বৰ্গদেৱ থকা ঘৰৰ ফাললৈ মুখ কৰি এটা গন্ধীয়াঘৰীয়া হিলৈ খাঁজি পাতি থোৱা হৈছিল আৰু তাতে একুৰিখন তৰোৱাল আছিল। বৰবৰুৱাৰ লগত ২৬ জন মানুহে ৰাতি দা লৈ থাকিছিল, আৰু লুখুৰাখনৰ ২০ জন বাৰুৱতীও সময়-মূৰত কাৰ্য্য কৰিবলৈ যুগুত হৈ আছিল।<noinclude></noinclude>
70aajp5xxvrlebut1lsblo7i35p9ve6
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৬
104
91377
248643
248103
2026-04-29T16:58:33Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248643
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|১৯}}</noinclude>স্বৰ্গদেৱ গড়গাৱঁলৈ যোৱাত তাৰ পৰা উভতি আহি ৰংপুৰৰ দোলাকাষৰীয়া চ’ৰাৰ ভিতৰ সোমাওঁতেই সেই দুৱাৰমুখতে ধৰিবলৈ যো-জা কৰা হৈছিল। গড়গাৱঁলৈ যাবৰ দিনা চোলাধৰা ফুকনে নিজৰ লগত দা দুমুঠা আৰু তৰোৱালৰ পেৰা এটা নিছিল।
{{gap}}বৰবৰুৱাৰ ফৈদৰ বাহিৰেও অন্যান্য ভালেমান মুখিয়াল মানুহে এই ষড়যন্ত্রত যোগ দিছিল, যথা, আকৰা গোহাঁই, লেচেঙিয়াল নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা, বৰগোহাঁইৰ দুই ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথা বৰুৱাৰ ভাগৰ অনাদৰ আৰোৱান-ধৰা, হোকা বৰাৰ পুতেক ৰঘু, পঙ্কজ আৰিয়াধৰা, হাদিৰাচকীৰ দুৱৰীয়া বৰুৱা নামলগোৱাৰ পুতেক হৰিদেউ, ভগা পৰ্ব্বতীয়া বৰুৱা ৰাধাকান্ত, কোঢ়া ভট্টাচাৰ্য্য, অজিত বৰকাকতী, ম’হ শইকীয়া, ইত্যাদি।
{{gap}}{{larger|'''কাৰেঙত সশস্ত্ৰ পালী-পহৰীয়া—'''}}ষড়যন্ত্ৰৰ আলচৰ কাকত কলিতা ফুকন আৰু নগা কাকতীয়ে ৰাতি ডেৰপৰ মৰাত স্বৰ্গদেৱত যোগালেনি। স্বৰ্গদেৱে সকলো কথা শুনি কাৰেঙৰ লা-লিগিৰা পালী-পহৰীয়া সকলোকে অস্ত্র দি সাৱধানে থাকিবলৈ দিলে। বুৰঞ্জীত লিখা আছে—“স্বৰ্গদেৱে তেতিয়াই কলিতা ফুকনেৰে আলচি ভিতৰত থকা তৰোৱালৰ পেৰা মেলাই ভণ্ডাৰী লিগিৰাৰ হতুৱাই বাৰু-বৰ্চ্চি উলিয়ালে। লিগিৰাহঁতে লবলৈ দিলে ওজাহঁতৰ হাতত; তামূলী পাচনীয়ে কুকুৰাচোৱা<noinclude></noinclude>
hsqxu2f3wh8sp2n8u0zgdxs0fgtlqme
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৭
104
91378
248644
248104
2026-04-29T17:00:42Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248644
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২০|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>বৰুৱা, পাচনী বৰাৰ হাতত। এইৰূপে সকলেও তৰোৱাল আৰু বাৰু-বৰ্চ্চি লৈ সষ্টমে আছিল। কুকুৰাচোৱা, হেংদানধৰা, চোলাধৰা, গন্ধীয়া, ইয়ো টাঙোন লৈ ৰাতি দুয়োপলীয়া বাটঘৰত দুফালে দুশাৰী হৈ মাজে বাটটি থৈ তৈয়াৰ হৈ আছিল। চাংমাইশালতো চাংমাই, পানীতোলা, ৰাইদঙীয়া, ভিতৰৰ তামূলী, বৰাহী বেজ, টাঙোন লৈ ইয়ো তৈয়াৰ হৈ আছিল। দোলাকাষৰীয়া দাধৰা চোকৰধৰা বাৰুৱতীসকল তৈয়াৰ হৈ আছিল। দাৰিকা দুৱাৰৰ ভিতৰতো ভিতৰুৱাল হিলৈদাৰী দশই হিলৈ খাঁজি লৈ পাতি আছিল। ভিতৰুৱাল কাঁড়ী কেইহাজাৰো হাতেপতি আহিলা লৈ তৈয়াৰ হৈ আছিল। গন্ধীয়াঘৰৰ শালৰ হাতী আনিও ভিতৰে দুৱাৰমুখতে থৈছিল, ঢেকিয়াল বৰুৱাও জিৰোৱা চৰাতে বহি জাগি আছিল। দোলাকাষৰীয়া বৰাহঁতো পালীৰ পৰা ওলাই বহি আছিল। গোসাঁইঘৰৰ ফালেও হিলৈদাৰী কানু দুৱৰায়ে সৈতে ভকত কৰুণায়ে হিলৈ-বৰঘৰলৈ সোমোৱা দুৱাৰমুখতে হিলৈ পাতি আছিল। চাউডাঙ্গৰ শইকীয়াহঁতো গোসাঁইঘৰৰ নিচাঙতে দা লৈ বহি আছিল। চাংতলতো চাউডাং কছাৰী দোলা-কাষৰীয়াহঁতে আহিলা লৈ তৈয়াৰ হৈ আছিল। চাউডাং দুৱাৰতো চাউডাঙ্গৰ বৰুৱা দুয়োটা বহি আছিল, হিলৈও খাঁজি পাতি থৈছিল।” সেইদিনা ১৬৯৩ শকৰ শাওণৰ ১৯ দিন, বৃহস্পতিবাৰ।
{{gap}}সেইদিনাই স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু<noinclude></noinclude>
16qzc8j89smdjb8vcq23cdzinatsx7z
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৮
104
91379
248645
248111
2026-04-29T17:02:59Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248645
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|২১}}</noinclude>নগা কাকতীক আদেশ দিলে ডাঙ্গৰীয়া তিনিজনাক বৰচ’ৰালৈ আনিবলৈ, ভদ্ৰসেন বৰবৰুৱাক পালীৰ পৰা বহাঘৰলৈ নোযোৱাকৈ ৰাখিবলৈ, আৰু গোহাঁইটিহঁতক বেৰি ধৰিবলৈ। স্বৰ্গদেৱৰ আদেশ মতে তিনিওজনে আলচি ডাঙ্গৰীয়াসকলক আনিবলৈ পঠালে দোলাকাষৰীয়া বৰা কমলাবৰীয়া মধুক, বৰবৰুৱাক বহাঘৰলৈ নাযাবলৈ পঠালে আন এজন দোলাকাষৰীয়া বৰাক, আৰু গোহাঁইটিহঁতক বেৰি ধৰিবলৈ পঠালে এই কিজনক, —নঙঠা ওজালিগিৰা, বৃকোদৰ, বলোৰ কুৰিৰ জনম, চাউডাঙ্গৰ দিহিঙীয়া বৰা আমোন, পাইক হৰিচন্দ, নাহৰ, হৈদাহ আৰু বচন। সেইদৰে আলচৰ এইসকল মানুহকো আনিবলৈ টেকেলা, চাউডাং আৰু দোলাকাষৰীয়া পঠোৱা হ’ল, গোমোথা বৰুৱা, খোনা, ঘোৰাবৰুৱা খাঞ্জাৰাম আৰু আত্মা, খঙীয়াবৰুৱা, ধৰ্ম্মা দেওধাই, দুৱৰাৰ হাজৰিকা, দুৱলীয়া চেটিয়া ফুকন, ঢাক আৰু গেন্ধেলা, অনাদৰ আৰোৱানধৰা। চোলাধৰা ফুকনক ভণ্ডাৰৰ পৰা উলিয়াই আনিলত ভায়েক খনিকৰ বৰুৱা ভণ্ডাৰলৈ সোমাই গৈ ফুকনৰ পালীৰ পৰা তৰোৱালৰ পেৰাটো আনি যথা ঠাইত থবলৈ পেৰাভাৰী শইকীয়া নিতাইক পাচিলে, কাৰণ সেই পেৰা চোলাধৰা ভণ্ডাৰতহে থকা নিয়ম, ফুকনৰ পালীঘৰত থাকিলে প্ৰমাণ হয় যে ফুকনে সেই তৰোৱালবোৰ নিজৰ কামত ব্যৱহাৰ কৰিবলৈহে ভণ্ডাৰৰ পৰা আনি নিজৰ পালীত থৈছিলে। পালীৰপৰা পেৰা নি আচল ঠাই ভণ্ডাৰত থলে দায় লগা ভয়ত নিতাই শইকীয়াই কলে—“এই সময়ত<noinclude></noinclude>
lgub4szstij9mps8cek919g92qsds1e
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩৯
104
91380
248646
248113
2026-04-29T17:05:08Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248646
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২২|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>আমি সেই পেৰা নিব নেপাওঁ।” পিচত খনিকৰ বৰুৱাই খনিকৰ দুটা মানুহৰ হতুৱাই খনিকৰ ভণ্ডাৰৰ আন পেৰাৰ সান্দিত সেই পেৰাটো সুমুৱাই থলেনি।
{{gap}}মৰাণক মাৰিবৰে পৰা ডাঙ্গৰীয়া আৰু ফুকনসকলে অস্ত্র-শস্ত্ৰ লৈ থাকে, চ’ৰাত বহোঁতেও তৰোৱাল-টাঙোনেৰে থাকে। ইয়াৰ পৰা কোনো বিষম জন্মিব পাৰে বুলি শঙ্কা কৰি কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীয়ে দুটা বৰাক পঠাই ডাঙ্গৰীয়া আৰু ফুকনসকলত কোৱালে বোলে—“স্বৰ্গদেৱৰ আজ্ঞা, কাৰোৰ গুৰিত তৰোৱাল-টাঙোন, এনেকি তামোলৰ এনেকি কটাৰীখনো থাকিব নাপায়। ওচৰত মাথোন তামোল কটা লিগিৰাটোহে থাকিব পায়।” স্বৰ্গদেৱৰ আজ্ঞা শুনি সকলোৱে গুৰিৰ মানুহ তৰোৱাল-টাঙোন আঁতৰাই আহি চ’ৰাত বহিল।
{{gap}}{{larger|'''বৰচ’ৰাত বিচাৰ—'''}} ডাঙ্গৰীয়াসকল বৰচ’ৰালৈ অহাত, গাভৰু গৌৰীয়ে লিখা, ধনায়ে লিখোৱা আৰু নগা কাকতীয়ে লিখা, এই তিনিওখন কাকত চ’ৰাত মাতি ডাঙ্গৰীয়া আৰু ফুকনসকলত শুনাবলৈ, স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীক আদেশ দিলে বোলে—“লেখা শুনি সকলেও বুজি চাওক কথাটো স্বৰূপ নে অস্বৰূপ।” বৰবৰুৱাৰ বাহতো লিখা শুনাই সুধিবলৈ স্বৰ্গদেৱে আদেশ কৰিলে।
{{gap}}বৰচ’ৰাত সভাবিদ্যমানে কলিতা ফুকন আৰু তামূলী ফুকনে মেলৰ উদ্দেশ্য বুজাই দিলে, আৰু নগা কাকতায়ে তিনিওখনি<noinclude></noinclude>
5j86btoe2seo6lmg2ndcciymqbi3hra
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪০
104
91381
248647
248160
2026-04-29T17:07:26Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248647
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|২৩}}</noinclude>কাকত মাতি শুনালে। কাকত শুনি ডাঙ্গৰীয়া আৰু ফুকনসকলে কলে—“এইৰূপ হলে হাত আখৰ পোৱাত আত অস্বৰূপ এনে এটা বুলিব নোৱাৰি। তথাপি বৰবৰুৱা, তোমাৰ কি কব আছে কোৱা।”
{{gap}}ভদ্ৰসেন বৰবৰুৱাই কলে—“মোক স্বৰ্গদেৱে বৰবৰুৱা পাতিছে, ভাইহঁতক চোলাধৰা ফুকন, খনিকৰ বৰুৱা, ৰাজনেওগ পাতিছে আৰু মোৰ বংশতে অনেকখনি বিষয় দিছে। মোৰ আৰু ঐহিকত হবলৈ নাই। তথাপি যে এনেজনা স্বৰ্গদেৱৰ দ্ৰোহ আচৰিব খোজোঁ বুলি কয় আকে সকলেও বুজিবহে লাগে। তথাপি মই স্বৰ্গদেৱৰ শুদ্ধ সেৱকৰ ঘৰৰ ল’ৰা, মোৰ হস্তাক্ষৰো নহয়, মই নেজানোও। যদি মোক কোনোটো মনুষ্যে জোৰাই লগাব পাৰে তেও মই দণ্ডাৰ্হ। এতেকে দেওসকলে মোৰ হৈ যথাৰ্থ স্বৰ্গদেৱলৈ একাষাৰ প্ৰাৰ্থনা কৰক, স্বৰ্গদেৱ ঈশ্বৰে সোধক। যদি সোধত পৰো স্বৰ্গদেৱে আমাক সগোষ্টকে থব লগা নহয়। যদিহে বোলা মন্দ মনুষ্যে খিয়ালত থাকি আমাক মৰাবলৈ এনেখনি কৰিছে তাকো স্বৰ্গদেৱে বুজক। কলিতা ফুকন, তামূলী ফুকন, নগা, তোমালোকেও দেৱতাক পৰত বুজাই কবা,—মই শুদ্ধ সেৱকৰ ঘৰৰ ল’ৰা এটি অকাৰণত মৰো।”
{{gap}}বৰচ’ৰাৰ মেলৰ কথা স্বৰ্গদেৱক জনালত স্বৰ্গদেৱে চোলাধৰা ফুকন, খনিকৰ বৰুৱা, বগাডেকা আৰু বিকা জালভাৰী বৰুৱাক হাতীশাললৈ নি লোৱা দিবলৈ কলে।
{{nop}}<noinclude></noinclude>
05s31q1fxmyhlcvtpb1egauo91kvsgs
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪১
104
91382
248648
248192
2026-04-29T17:09:16Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248648
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২৪|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>{{gap}}{{larger|'''হাতীশালত বৰবৰুৱা—'''}}বৰচ’ৰাত সোধা-পোছা কৰিলে হতাহতি লাগে বুলি ভয় কৰি বৰবৰুৱাকো হাতীশাললৈ নি তাতে সুধিবলৈ ডাঙ্গৰীয়া আৰু ফুকন সকলক স্বৰ্গদেৱে আজ্ঞা কৰিলে। বৰচ’ৰাত নুসুধি আৱশ্যকমতে হাতীশালত বন্দীক সোধাৰ নিয়ম আগৰে পৰা চলি আহিছিল। স্বৰ্গদেৱ গদাধৰসিংহৰ দিনত গুৱাহাটীৰ চেংৰাই ফুকন, খামৰাক ফুকন আৰু পানীফুকনে ৰাজদ্রোহলৈ মন কৰিছিল। ইয়াৰ বাৰ্ত্তা পাই গদাধৰ সিংহ স্বৰ্গদেৱে কলীয়াবৰলৈ গৈ তাতে থাকি ময়ূৰ মজুন্দাৰ আৰু গড়গঞা সন্দিকৈ বৰফুকনক পঠাই বিদ্রোহী ফুকনসকলক ধৰাই অনালে। স্বৰ্গদেৱৰ আজ্ঞামতে ডাঙ্গৰীয়া ফুকনসকলক হাতীশালতে সোধ-পোছ কৰিছিল। এই ঘটনাৰ উল্লেখ কৰি স্বৰ্গদেৱ লক্ষ্মীসিংহই এতিয়া কলে— “তিনিজনা ডাঙ্গৰীয়া ফুকনবোৰো হাতীশাললৈকে গৈ বৰবৰুৱাকো হাতীশাললৈকে নি তাতে সোধকগৈ। পূৰ্ব্বে পুথাওদেৱেও যেতিয়া কলীয়াবৰত বুঢ়ামজুন্দাৰকে বুঢ়া ফুকনকে পঠাই গুৱাহাটীয়া ফুকনবোৰক গুৱাহাটীৰ পৰা অনায়, তেতিয়াও তিনিজনা ডাঙ্গৰীয়াকেহে হাতীশাললৈকে নি সোধালে। এতেকে এতিয়াও হাতীশালতে নি সোধকগৈ।”
{{gap}}ভদ্রসেন বৰবৰুৱা আৰু তেওঁৰ দদায়েক ৰাজনেওগ ফুকন হাতীশালত সোধ কৰাৰ একেবাৰে পক্ষপাতী নাছিল। তালৈ নিনিবলৈ তেওঁলোকে তিনিজনা ডাঙ্গৰীয়াক অনেক স্তুতি-মিনতি কৰিলে। বৰবৰুৱাই কলে—“চ’ৰাতে স্বৰ্গদেৱ একাষাৰ সোধক,<noinclude></noinclude>
g3b3su5zy514idb6yleuopczbv18v9o
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪২
104
91383
248649
248193
2026-04-29T17:11:06Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248649
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্র|২৫}}</noinclude>হাতীশাললৈ গলেই আতে এটা কথা ৰয়। মই কাঁড়ীৰহে বৰুৱা, কাড়ীৰ মুখে ডুমুনী-পোহাৰীৰ মুখে সমান। এতেকে দেওবোৰে আতে একাষাৰ সোধক।” এইবুলি বৰবৰুৱা উঠিল। পিচে তিনিজনা ডাঙ্গৰীয়াই চাউডাঙ্গৰ ৰীতিয়া বৰা আৰু কুকুৰাচোৱাৰ মণি বৰাক আদেশ দিলে—"স্বৰ্গদেৱৰ আজ্ঞা, তঁহতে কি চাই থাক? নেহঁক।” পিচে এই দুয়ো বৰবৰুৱাক আঠুপাৰি সেৱা কৰি বোলে—“দেও, স্বৰ্গদেৱৰ আজ্ঞা, দেও এতেবেলি ইয়াত থাকিব নাপায়, আমি কটা যাম।” পিচে ইহঁতে হাতত ধৰে বুলি বৰবৰুৱা উঠি গৈ চ’ৰাৰ সিমূৰৰ পৰা স্বৰ্গদেৱলৈ আৰু ৰাইজলৈকো সেৱা কৰি হাতীশাললৈ গ’ল। পিচত ৰাজনেওগেও সেৱা কৰি উঠি গ’ল।
{{gap}}{{larger|'''দণ্ড বিধান—'''}}ডাঙ্গৰীয়াসকলে দেখিলে হাতীশাললৈ গৈ সোধ কৰাৰ একো আৱশ্যক নাই, কাৰণ তিনিখনি লিখা কাকততে সকলো দোষ ওলাই পৰিছে। তেওঁলোকে কলে—“আত আৰু সোধ নাই, স্বৰ্গদেৱে যিখান হয় বুলিহে লাগে।”
{{gap}}ডাঙ্গৰীয়াসকলৰ সিদ্ধান্ত জনোৱাত স্বৰ্গদেৱে বৰঘৰতে বহি কলিতা ফুকন, তামূলী ফুকন, খাৰঘৰীয়া ফুকন, গন্ধীয়া বৰুৱা, লাখৰ, কাম বৰুৱা, শিৱনাথ, নগা, এই কেইজনক মাতি বোলে “মোক মাৰি তহঁতকো এৰিলেহেঁতেন নে? তহঁতকো মোৰ লগতে মাৰিলেহেঁতেন। সিহঁতৰ অনেক যোত্ৰ, এইৰূপে থলে দোষহে। এতেকে আজিয়েই যি হয় কৰা যাওক। নগা,<noinclude></noinclude>
dimfintg79o1fov8bwwjhru136a44r1
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৩
104
91384
248650
248309
2026-04-29T17:13:48Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248650
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২৬|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>লেখ।” এইবুলি স্বৰ্গদেৱে দোষীবোৰক দণ্ড বিহিলে, নগা কাকতীয়ে স্বৰ্গদেৱৰ আজ্ঞা লিখিবলৈ ধৰিলে ।
{{gap}}ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত প্ৰায় দুশমান মানুহ লিপ্ত আছিল। তাৰ সকলোকে স্বৰ্গদেৱে যথাবিধি দণ্ডৰ আজ্ঞা দিলে। তাৰে ভিতৰত মুখিয়াল অপৰাধীৰ নাম আৰু দণ্ড তলত উল্লেখ কৰা গ’ল।—
{{gap}}চাউডাঙ্গৰ হাতত দিবলৈ দিলে কাটিবলৈ,—ৰজা হব খোজা কোঁৱৰ ভূধৰ গোহাঁই, বকতিয়ালৰ ভদ্রসেন বৰবৰুৱা, দদায়েক ৰাজনেওগ ফুকন, দদায়েক বিকা জালভাৰী বৰুৱা, দদায়েক বগাডেকা, ভায়েক চোলাধৰা ফুকন, ভায়েক খনিকৰ বৰুৱা, ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক।
{{gap}}চকু দুটা কাঢ়িব দিলে,—আকৰা গোহাঁই, ডফলা দুৱৰীয়াৰ পুতেক খাঞ্জাৰাম ঘোৰাবৰুৱা, ভায়েক আত্মাৰাম, হোকাবৰাৰ পুতেক ৰঘু, গড়গঞা ন্যায়সোধা ফুকনৰ পুতেক, আৰিয়াধৰা বৰা পদো, মিতধৰা বৰা পদো।
{{gap}}কোব-কিল-চৰ ডেৰকুৰিকৈ মাৰিব দিলে,—গৌৰীসাগৰীয়া দিগম্বৰ গণক, গৌৰীসাগৰীয়া ৰুচি ব্ৰাহ্মণ, বৰগোহাঁইৰ ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথা বৰুৱাৰ ভাগৰ অনাদৰ আৰোৱানধৰা, দুৱৰাৰ দিহিঙীয়া মাজপালী থকা বচা হাজৰিকা, ৰাজনেওগৰ ভায়েক আকৰা, লিগিৰা মলৌ, লিগিৰা জীউৰাম।
{{gap}}এওঁলোকক কাকত পত্ৰ কৰি কাঁড়ীৰ খেললৈ নমাব<noinclude></noinclude>
bdqugz25e1l0xnpqb9ez08v1h2supwu
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৪
104
91385
248651
248310
2026-04-29T17:16:27Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248651
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাইৰ ষড়যন্ত্র|২৭}}</noinclude>দিলে,—বকতিয়াল বৰবৰুৱাৰ বৈ-বঙহ আৰু বনুৱা মানুহখিনি, বকতিয়ালৰ গড়গঞা ন্যায়সোধা ফুকন লাকুৱা, লেচেঙীয়াৰ নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা, গোমোথাৰ পুতেক খোনা আৰু ভণ্ডাৰী-বৰুৱা, বৰবৰুৱাৰ বঙহ পুথাও ৰাজখোৱা, তেওঁৰ পুতেক আৰু ভায়েক।
{{gap}}বিষয় গুচাই ঘৰলৈ খেদিব দিলে,— অজিত বৰকাকতী, পুৰণিমেলৰ কাটনি শ্ৰীৰাম, সৰুঘৰ বন্দীৰ হাজৰিকা, দিহিঙৰ ভকত নোহোৱা পুৰন্দৰ কাকতী, বগাৰ লগত থকা পহুকটা ল’ৰা, দাৰিকিয়াল হাজৰিকাৰ বাপেক-পুতেক।
{{gap}}বিবিধ শাস্তি,—দেওধাই ধৰ্ম্মাক চিৰিং ফুকনক গটাই দি হাবিৰ পাম এখনত পাতিবলৈ দিলে। ৰুচি ব্ৰাহ্মণক কোব কিল চৰ মৰাৰ উপৰিও হাতীঘাঁহীলৈ নমাই ঘৰত থকা পুথিবোৰ লুৰি আনি ৰাজভঁৰালত থবলৈ দিলে। কোঢ়া ভট্টাচাৰ্য্যক বাৰটা চমটাৰ কোব মাৰিবলৈ দিলে। গৌৰীকান্তৰ পুতেক ৰাধাকান্ত পৰ্ব্বতীয়া বৰুৱা আৰু ৰামেশ্বৰ দেউৰীক চূণসনা কলহ ডিঙিত আঁৰি গড়ৰ কেউফালে ঘূৰাই অনাই বিষয় গুচাই হাতীঘাঁহীলৈ নমালে। দিহিঙীয়া ভকত ভলুকা, বিকাই আৰু সৰু বায়নক সৰুজনা ঠাকুৰ বাপক সোধাই দিলে। শিলিখাতলীয়া বাপুক মানুহ এফৈদ পঠাই ৰংপুৰতে ৰখা দি থোৱা হৈছিল। বিদেশী ভট্টাচাৰ্য্য গোসাঁইৰ হাত-আখৰৰ অনেক লেখাজোখা পালে, তথাপি গোসাঁইক তেতিয়া একো নুবুলিলে। হাদীৰাচকীৰ দুৱৰীয়া বৰুৱাৰ নামলগোৱাৰ পুতেক হৰিদেউক<noinclude></noinclude>
fq8cynsg3c24cwmr4xf77mqquylpxf2
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৫
104
91386
248652
248311
2026-04-29T17:18:16Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248652
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২৮|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>কোব ডেৰকুৰি মাৰি বিদেশলৈ যাবলৈ নিদিয়াকৈ খেদিব দিলে। দুৱৰাৰ দিহিঙীয়া বচা হাজৰিকাক ভিতৰুৱাল ফুকনৰ হাতত নিলগ পামত পাতি থবলৈ শোধাই দিব দিলে। ভগা খঙীয়া বৰুৱাক ঘৰলৈ খেদিলে। ভূধৰ গোহাঁইৰ শহুৰেক গুৱাহাটীৰ দুৱলীয়া চেটিয়া ফুকনক ৰখাতে বন্দী কৰি থলে। লিগিৰা ধনাইক দহোটা কোব মাৰি এৰি দিলে। কাঁড়ীলৈ নমোৱা বৰবৰুৱাৰ বৈ-বঙহক কোন দাগী আৰু কোন হাজাৰত দিব তেতিয়া একো নিৰূপণ নহল। ডাঙ্গৰীয়া আৰু ফুকনসকলে বৰকৈ মাতিলত বৰগোহাঁইৰ ককায়েক চাৰু আৰু গেন্ধেলাক চাৰিটাকৈ ঢকা মাৰি নিলগ পামত পাতিবলৈ বৰগোহাঁইক শোধাই দিয়া হ’ল। কলিতা ফুকনে মাতিলত হোকা বৰাৰ পুতেক লখী, গড়গঞা ন্যায়সোধা ফুকনৰ পুতেক, আৰিয়াধৰা বৰা পদো, মিতধৰা বৰা, ইহঁতৰ চকু নাকাঢ়ি ভাগে-ভাগে শোধাই দিয়া হ’ল। চোলা ধৰা ফুকনৰ ভায়েক হাবিয়াল বৰুৱা, বগাৰ পুতেক, খোৱঙীয়া ফুকনৰ পুতেক তামূলী, ঘোৰাবৰুৱাৰ পুতেক, ৰঘু কাকতী ইহঁত পলাল।
{{gap}}কলিতা ফুকন, তামূলী ফুকন, খাৰঘৰীয়া ফুকন, গন্ধীয়া বৰুৱা, কাম বৰুৱা, লাখৰ, শিৱনাথ, নগা, এই সকলে স্বৰ্গদেৱৰ ওচৰৰ পৰা আহি বৰচ’ৰাত স্বৰ্গদেৱৰ আজ্ঞা আৰু দণ্ডৰ কাকত মাতি শুনালত ডাঙ্গৰীয়া আৰু ফুকনসকলে “স্বৰ্গদেৱে উত্তম বুলিছে আৰু উচিত দণ্ড বিহিছে” বুলি স্বীকাৰ কৰিলে দ্রোহীবোৰক চাউডাং আৰু দোলাকাষৰীয়াৰ হাতত যথাবিধি<noinclude></noinclude>
02rk0jcvdhn68vtbsoiqe2dk65mm0sc
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৬
104
91387
248653
248312
2026-04-29T17:20:27Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248653
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ভূধৰসিংহ গোহাইৰ ষড়যন্ত্র|২৯}}</noinclude>শাস্তিৰ কাৰণে শোধাই দিয়া হ’ল। কোব কিল চৰ মাৰিব লগাবিলাক আগতে মৰোৱা গ’ল।
{{gap}}{{larger|'''নতুন বৰবৰুৱা আৰু চোলাধৰা ফুকন—'''}}সেইদিনাই স্বৰ্গদেৱে বকতিয়াল ভদ্ৰসেন বৰবৰুৱাৰ সলনি সন্দিকৈৰ দিহিঙীয়া ফুকন শিৱৰামক বৰবৰুৱা পাতিবলৈ মন কৰি ডাঙ্গৰীয়াসকলক কলে বোলে—“সন্দিকৈৰ দিহিঙীয়া ফুকনকে এই কাৰ্য্যলৈ বাৰু যেন দেখো, মোৰ আগৰ কোঁৱৰালি কালৰে পৰা বিশ্বাস পোৱা আছে।” স্বৰ্গদেৱৰ আজ্ঞামতে সেইদিনাই বৰচ’ৰাত শিৱৰাম দিহিঙীয়া ফুকনক বৰবৰুৱা পাতিলে। কাথৰ মজুন্দাৰক গুচাই নগা কাকতীক মজুন্দাৰ পাতিবলৈ তিনিজনা ডাঙ্গৰীয়াই স্বৰ্গদেৱক প্ৰাৰ্থনা কৰিলে। স্বৰ্গদেৱ কলে—“বাৰু কাথৰ মজুন্দাৰ দাৰিকা দুৱাৰৰ ভিতৰ নোসোমাব। নগায়ে মজুন্দাৰৰ কাৰ্য্যবোৰ কৰিব, মই পাচে নাও দিম।” পিচে তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকন সকলেও সেইদিনাই স্বৰ্গদেৱলৈ তামূলী ফুকনৰ হতুৱাই প্ৰাৰ্থনা জনালে—“কলিতা ফুকন যাক বোলে ই হিন্দুৰ লৰা। ইহে যি যি কাৰ্য্য কৰিছে ভাল আহোমে অনেক পুৰুষে স্বৰ্গদেৱৰ খাই-পিন্ধি থাকিও এনে কাৰ্য্য কৰিব পৰা নাই। এতেকে ইয়ো আমাৰ লগৰ এটা। এতেকে চোলাধৰা ভণ্ডাৰখন আক দিবলৈ আমি প্ৰাৰ্থনা কৰিছোঁ।” এইৰূপে তামূলী ফুকনে স্বৰ্গদেৱত কলত স্বৰ্গদেৱে কাথ বৰুৱাৰ মেলৰ পৰা গুচাই সেইদিনায়ে কলিতা ফুকনক চোলাধৰা ফুকন পাতিবলৈ দিলে। সেইদিনাৰে পৰা কলিতা {{SIC|ফকন|ফুকন}} সঁচাসচিকৈয়ে ফুকন হ’ল।<noinclude></noinclude>
dh50aout0dfzct2fd4hcnjpvumlsf8x
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৭
104
91388
248654
248316
2026-04-29T17:22:56Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248654
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|2em}}
{{center|{{X-larger|'''তিপমীয়৷ গোহাঁইৰ দ্ৰোহ'''}}}}
{{gap}}{{larger|'''সোণৰ ভোগজৰাত চূণৰ আঁক—'''}}অসম ৰাজ্যৰ অধিপতি মহাৰাজ লক্ষ্মীসিংহ স্বৰ্গদেৱৰ মুখধোৱা সোণৰ ভোগজৰা, দেওব্রহ্মাই তাক চাব-চুব নোৱাৰে। এদিনাখন স্বৰ্গদেৱে সেই ভোগজৰাতে এটা চূণৰ আঁক দেখিলে। মৰাণৰ হাতত বন্দী হৈ লাঞ্ছনা-অপমান পোৱাৰে দিন ধৰি স্বৰ্গদেৱৰ গা চঁকি আছিল। ভোগজৰাত চূণৰ আঁক দেখি স্বৰ্গদেৱে ভাবিলে— কোনোবাই তন্ত্ৰ-মন্ত্ৰৰ সহায়েৰে তেওঁৰ অনিষ্ট সাধিবৰ মনেৰে এনে কুকৃত্য কৰিছে। স্বৰ্গদেৱৰ তামূলী-লিগিৰী লংকলী আৰু জৰাধৰা লিগিৰা মোহন, এই দুয়ো মাথো ভোগজৰা বাজৰপৰা ভিতৰলৈ অনা-নিয়া কৰিছিল। ইয়াৰ ভিতৰত লংকলী লিগিৰী স্বৰ্গদেৱৰ চেঙ্গেৰালি কালৰে পৰা আসৈ পোৱা তিৰোতা। স্বৰ্গদেৱে নিজে আগত থাকি উজনী চাউডাঙ্গৰ চ’ৰাতে ঘট পৰীখা কৰি চালে, পৰীখাত লংকলী লিগিৰী পৰিল। তায়ে ৰং কৰি কোনোখান কৰিছে বুলি আৰু আগৰে মন-বুদ্ধি পোৱা মানুহ দেখি স্বৰ্গদেৱে কুকৃত্য যেন নুবুজি একো নামাতি-নুবুলি মনে-মনে থাকিল।
{{gap}}ৰূপহী আৰু চান্দমতী নামে স্বৰ্গদেৱৰ আৰু দুজনী লিগিৰী আছিল। ৰূপহীৰ বাপেক আছিল স্বৰ্গদেৱে দয়া কৰা লুকুমাই লৰা গঙ্গাৰাম। চান্দ লিগিৰীক স্বৰ্গদেৱে মৰম কৰি সোণৰ<noinclude></noinclude>
0zwn5hrlcozqjkepqtassrzk13muu7n
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫
104
91389
248608
248039
2026-04-29T14:16:02Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248608
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|4em}}
{{center|{{X-larger|'''গ্ৰন্থকাৰৰ নিবেদন'''}}}}
{{gap}}‘সাগৰ দেখিছাৰ’ কবি শ্ৰীমান দেৱকান্ত বৰুৱাদেৱৰ উদ্যোগত, ১৯৪৮ চনত, ৰামধেনু প্ৰকাশ ভৱনৰ পৰা ‘কোঁৱৰ বিদ্ৰোহ’ পোনপ্ৰথমে ৰাইজৰ আগলৈ ওলায়। অসমীয়া পাঠক-পাঠিকাসকলে এই কিতাপখনি আদৰেৰে গ্ৰহণ কৰিছে, আৰু গুৱাহাটী বিশ্বব্যিালয়ৰ কৰ্ত্তৃপক্ষই ইয়াক বি-এ মহলাৰ অসমীয়া পাঠ্যৰূপে নিৰ্দ্ধাৰিত কৰিছে। এইখিনিতে এই সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনালোঁ।
{{gap}}‘কোঁৱৰ বিদ্ৰোহৰ’ সম্বল ঘাইকৈ লোৱা হৈছিল মহাৰাজ লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনৰ এখনি সাঁচিপতীয়া পুৰণি বুৰঞ্জী পুথিৰ পৰা। ১৮৪৩-৫০ চনত, আমেৰিকান বেপ্টিষ্ট মিছনৰ গুৰিয়াল শিৱসাগৰ নিবাসী ৰেভাৰেণ্ড নাথান ব্ৰাউন চাহাব আৰু অসমীয়া সাহিত্যিক নিধি লেভি ফাৰওৱেল, এই দুজনাই ভালেমান অসমীয়া পুথি সংগ্ৰহ কৰিছিল। তাৰ ভিতৰত এই বুৰঞ্জী পুথিখনো আছিল। এই সংগ্ৰহৰ ‘কামৰূপৰ বুৰঞ্জী’ আৰু ‘পুৰণি অসম বুৰঞ্জী’ ধাৰাবাহিকৰূপে উক্ত মিছনৰ দ্বাৰা পৰিচালিত ‘অৰুণোদয়’ কাকতত প্ৰকাশিত হৈছিল। এই পুথিবোৰ কালক্ৰমে শিৱসাগৰৰ মিষ্টাৰ এ-কে গাৰ্ণি আৰু নগাৱঁৰ মিষ্টাৰ পি-এইচ মুৰ চাহাবৰ হাতলৈ আহে, আৰু অৱশেষত গুৱাহাটী মিছনত সংৰক্ষিত হয়। ১৯২৫ চনত, বৰ্ত্তমান লিখকে এই পুথিবোৰৰ সম্ভেদ পায়, আৰু তাৰ উদ্ধাৰ আৰু প্ৰকাশৰ অৰ্থে সথাসম্ভৱ কাম হাতত লয়।
{{gap}}বৰ্ত্তমানে এই পুথি-সংগ্ৰহ আমেৰিকান বেপ্টিষ্ট মিছনৰ সৌজন্যত, অসম গৱৰ্ণমেণ্টৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ লাইব্ৰেৰীত সংৰক্ষিত হৈ আছে। ইয়াৰে তিনিখনি বুৰঞ্জী পুথি উক্ত বিভাগৰ দ্বাৰা প্ৰকাশিত<noinclude></noinclude>
39vsutozhe3u4oe0odjd1wf039gb1i4
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৭
104
91391
248610
248052
2026-04-29T14:23:32Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248610
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৷৷৹}}</noinclude>হৈছে, যথা, বৰ্ত্তমান লিখকৰ দ্বাৰা সম্পাদিত ‘কামৰূপৰ বুৰঞ্জী’ আৰু ‘দেওধাই অসম বুৰঞ্জীৰ’ মূলখণ্ড, আৰু শ্ৰীযুত শৰৎকুমাৰ দত্তদেৱৰ দ্বাৰা সম্পাদিত ‘অসম বুৰঞ্জীৰ’ মূলখণ্ড।
{{gap}}দুৰ্ভাগ্যবশতঃ, ওপৰোক্ত লক্ষ্মীসিংহৰ বুৰঞ্জীখনৰ পাতবোৰ ছেদেলি-ভেদেলি অৱস্থাত পোৱা হৈছে। পাতৰ সংখ্যা মাতিব নোৱাৰি। গতিকে, কোনটো পাতৰ পিচত কোনটো পাত হব লাগে তাক ঠিৰাং কৰাটো একপ্ৰকাৰে দুঃসাধ্য। গোটেইখন পুথি ধৈৰ্য্যৰে পঢ়ি তাৰ অন্তৰ্গত কথাখিনি সম্পূৰ্ণভাৱে আয়ত্ত্ব কৰিলেহে ঘটনাৰ পাৰস্পৰ্য্য নিৰূপণ কৰিব পাৰি। ‘কোঁৱৰ বিদ্ৰোহৰ’ প্ৰতিটো কাহিনীৰ পম খেদোঁতে আমি ভালেমান বছৰ কষ্ট কৰিবলগীয়া হৈছিল। কিন্তু, এই কষ্টতো আনন্দ আছে, কাৰণ, এই বুৰঞ্জীৰ পৰা খৃষ্টীয় অষ্টাদশ শতিকাৰ অসমৰ ৰজাঘৰৰ নানান ৰীতি-নীতি, সমাজৰ আচাৰ-ব্যৱহাৰ, আইদেওসকলৰ মৰমলগা মাত, আৰু অসমীয়া গাৱলীয়া ৰাইজৰ ভিতৰুৱা অৱস্থা আৰু হেপাহ- হাবিলাষৰ এটি নিখুঁত ছবি পোৱা যায়। তাত গোচৰীয়া-পদকীয়াৰ জবানবন্দী; ডাঙ্গৰীয়া, বৰবৰুৱা আৰু ফুকন আদি বিষয়াসকলৰ মন্তব্য; আৰু অৱশেষত স্বৰ্গদেৱৰ চূড়ান্ত আজ্ঞা; এই- সকলো লিপিবদ্ধ আছে। সেইদেখি এই বুৰঞ্জীত আগৰ কালৰ অসমীয়াৰ মাত-কথা নিভাঁজভাবে সংৰক্ষিত হৈ আছে।
{{gap}}এইখন বুৰঞ্জীৰ ভাষাত অস্বাভাবিকতাৰ অকণো চাট পৰা নাই। সেইদেখি বুৰঞ্জীৰ অন্তৰ্গত ৰজা, বিষয়া আৰু অন্য মানুহৰ উক্তিসমূহ মূল পুথিখনত পোৱাৰ দৰে ‘কোঁৱৰ বিদ্ৰোহত’ যথাস্থানত হুবহু তুলি দিয়া হৈছে। তাৰপৰা পাঠকে নিভাঁজ অসমীয়া ভাষাৰ চানেকী আৰু সৰল অসমীয়া প্ৰাণৰ ভাবধাৰাৰ নিদৰ্শন পাব পাৰিব। উদাহৰণ স্বৰূপে তেনে গোটাচেৰেক উক্তি তলত তুলি দিয়া হল।—
{{nop}}<noinclude></noinclude>
a8h2kibijz34gbsjgja0mt9275y4s0c
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৮
104
91392
248611
248080
2026-04-29T14:26:57Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248611
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৷৷৴৹}}</noinclude>{{hanging indent|{{gap}}{{gap}}(১) স্বৰ্গদেৱৰ আজ্ঞা, ‘কাৰোৰ গুৰিত তৰোৱাল টাঙোন, এনেকি তামোলৰ কটাৰীখনো থাকিব নাপায়। ওচৰত মাথোন তামোল-কটা লিগিৰাটোহে থাকিব পায়।’}}
{{hanging indent|{{gap}}{{gap}}(২)পৰ্ব্বতীয়া কুঁৱৰীয়ে স্বৰ্গদেৱ মৰঙ্গ সোমাওঁতে স্বৰ্গদেৱৰ পাৱ চুই শপত খালে, বোলে, — ‘তুমি দেৱতা যিটো ভাবিছা মোৰ কায়-বাক্যে মনেও নাই। যদিহে মিছা কৈছোঁ জীটিৰে মূৰ খাম, ময়ো তোমাক সেৱা কৰিবলৈ নেপাম, হতচিৰী হম।”}}
{{hanging indent|{{gap}}{{gap}}(৩) সহিতাই দিয়া আন এখন লেখাত পণ্ডিতৰ দিন চোৱা গণিতা এইদৰে আছিল,—‘দেৱতাৰ শুভাশুভ চাইছোঁ, আষাৰ শ্ৰাৱণত ডাঙ্গৰ কাৰ্য্য দেখিবৰ মনেৰে। পাচে এই সময় গুচি শৰৎ কালৰ জল হেন নিৰ্ম্মল হব, আৰু পৰম সন্তোষ পাব, সকল শত্ৰু ক্ষয় হব।’}}
{{hanging indent|{{gap}}{{gap}}(৪)স্বৰ্গদেৱৰ পাইক বুঢ়াগোহায়ে বোলে,— ‘নামৰূপৰ ১৬০০ মৰাণ ইঠাইলৈ দি পঠালোঁ। সিয়ো পুনৰ ফিৰি সিঠাই পালেগৈ। বাৰেচিৰিঙ্গৰো চিত্ত শুদ্ধ হোৱা নাই। বৰজনা গোহাঁইক দণ্ড কৰি সেই ঠাইত থলেনি। তেওঁ মৰাণৰ লগ পাই বোলে, মইহে ৰজা। সেই ঠাইত আনক টান মাত দিছিলে। আৰু যি চাৰিঙ্গীয়া লৰাটিহঁতক স্বৰ্গদেৱে ঠায়ে ঠায়ে পাতিছে, পাইকৰ মনে, সিহঁতকো এইৰূপে থোৱা ভাল যেন দেখা নাই। তিপমীয়া গোহাঁইক এইৰূপে এঠাইত পাতি থোৱা পৰকাললৈ সকলোলৈকে দোষ, নেগুৰ কাটি বাঘ মেলাৰ ঠেনা হয়। }}
{{hanging indent|{{gap}}{{gap}}(৫) মই আহোমৰ লৰা, আমাৰ কি মন্ত্ৰ? আমি বিষয় বৰখীত পৰি আছোঁ, মন্ত্ৰ ললে অথনি মন্ত্ৰ জপিবলৈ ধৰিম, এনেতে লৰা মাতিব, তিৰত৷ মাতিব, বিলতীয়াও কোনো আৰাৱ কৰিব,}}<noinclude></noinclude>
td6lr11gphb1bdx7l904dmkd8vek06q
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৯
104
91393
248612
248081
2026-04-29T14:30:12Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248612
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৷৷৵৹}}</noinclude>{{hanging indent|{{gap}}স্বৰ্গদেৱৰ ঠাইৰ পৰাও শীঘ্ৰে যাব দিব, এতেকে কিকৈ মন্ত্ৰ সিদ্ধ কৰিম? এতেকে আমি আহোমৰ লৰা, আমাৰ বাসনা সেই সকলো ভাগৱত ধৰ্ম্মতে প্ৰৱৰ্ত্তিছোঁ আমি একেৰাজী হৈ। আমাক আহোমৰ লৰা কেলেই মন্ত্ৰ যাচে?}}
{{hanging indent|{{gap}}{{gap}}(৬) ৰঙ্গাইৰ ঘৈণীয়েকক সোধাত ঘৈণীয়েকে কলে,—এই কোঁৱৰ নহয়, মোক আগেয়ে কৈছে ‘মই বৰমৰাণৰ লৰা।’ মাকৰ নাও মেমেৰী, ভায়েকৰ নাও পূৰণ, মোৰ খুৰীৰ নাও মেমেৰী, খুৰীৰ নাও কাঢ়োঁতেহে মোক ‘মোৰ আইৰ নাও’ বুলি ই কলে। আগে মৰাণ বুলি কৈ পীৰা-চৰিয়া কাটি খাই আছিল, কাতিৰ পৰা বাইলুংহঁত গৈছে কোঁৱৰ হেনটো নাও তুলিলে। পূৰ্ব্বে যেতিয়া ইয়ালৈ মোক দিয়ে তেতিয়া বুপায়ে নাকুৰি-নাখামৰ আগকৈ শপত খুৱাই সুধিলত বোলে, ‘যদি তই মোৱামৰীয়া হৱ, আন মানুহ নহৱ, শপত কৰ।’ পাচে ই তেতিয়া দেৱত চুই শপত কৰিলে, এইৰূপে কলে বোলে, ‘যদি এই কথা নহয় মোক দেৱে খাৱ।’ তেতিয়াহে জানিলোঁ, তেহে মোক দিলে। এতিয়া কোঁৱৰ বুলি মিছাহে কয়। আৰু বাইলুঙ্গে কোঁৱৰ পাতি মোক এৰুৱাই সিহঁতৰ জীয়ৰী দিবলৈ ধৰিছিলে।’}}
{{gap}}বৰ্ত্তমানে আমি ৰচনা কৰা আখ্যান ভাগৰো ভাষা, যিমান দূৰ পৰা যায়, আগৰ ভাষাৰ লগত খাপখোৱাকৈ সৰল আৰু নিভাঁজ কৰা হৈছে।
{{gap}}বুৰঞ্জীৰ ভাষাই কেতিয়াবা কেনেকৈ ওজস্বী ৰূপ ধাৰণ কৰে তাৰ নমুনাও তলত দিয়া হল।—
{{hanging indent|{{gap}}{{gap}}(১) গৌড়েশ্বৰৰ বেটীয়েও পুৰোহিতৰ চোট বেটা দীননাথক পঠাই কহিলে, বোলে,— ‘পিতৃ বিদ্যমানে মোৰ অতমান দুখ!’ আৰ বোলে,—‘অপূৰ্ব্ব হৰগোৰী-সম্বাদ পুস্তক ৰহস্য থানত}}<noinclude></noinclude>
03ix3zjx41e0s42m9qc8was72o8opq3
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১০
104
91394
248613
248082
2026-04-29T14:33:35Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248613
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৷৷৶৹}}</noinclude>{{hanging indent|{{gap}}শুনিছিলোঁ কাৰণে পুৰোহিতৰ বেটাৰো মিছা কলঙ্ক দুখ, আৰু ই পুস্তক আনৰ ঠাইত থাকিবাক যোগ্য নোহে, গৌড়েশ্বৰৰ ঠাইতহে থাকিবাৰ যোগ্য, এইৰূপ বুলিলতহে মোৰ অতমান দুখ।’}}
{{hanging indent|{{gap}}{{gap}}(২) পাচে আমাৰ মাধচৰণ বোলে,—‘চাহাবে যি বুলিছে, সিটো এমতহে হয়। পূৰ্ব্বে ৰাজা যুধিষ্ঠিৰক পাঞ্চ ভাই ভাৰ্য্যা সহিতে কূট-মন্ত্ৰণা কৰি ৰাজ্য-সম্পত্তি চুৰিয়া লৈলেক দুৰ্য্যোধনাদি সকলে, তত্রাপি কালচক্ৰৰ গতিৰ দ্বাৰায়ে যুধিষ্ঠিৰেহে চক্ৰবৰ্ত্তী ধৰণীমণ্ডলীৰ ৰায়ৰাজেশ্বৰ হৈ বহিল। দুৰ্য্যোধনাদিৰ কূট-মন্ত্ৰণা আপোনাৰ লগতহে গল, যশ-ধৰ্ম্ম কিছু নৰহিল। এতেকে লোভ কৰিব নাপায়। ঈশ্বৰে যাক দিয়ে সেইহে পায়।’}}
{{hanging indent|{{gap}}{{gap}}(৩) সেইসময়তে শাওণৰ দিনত জয়ন্তাৰ কটকী আহিল। মহাৰাজায়ো মাৰনাও বান্ধি, তাতে দণ্ড-ছত্র, চন্দ্ৰতাপ নৱখন তৰি, সিংহাসন পাৰি, আনো ৰাজ-অলঙ্কাৰে মণ্ডিত কৰি, আনো বিস্তৰ নৌকা ৰজত সুৱৰ্ণ অলঙ্কাৰে মণ্ডিত কৰি, মাৰনাৱৰ চাৰিওফালে আবৃত কৰি, মহাৰাজাও সেই সিংহাসনত বসি, জয়ন্তাৰ কটকীক নাৱেৰে উজাই অনাই তুলিলে। কটকী ও মহাৰাজাক সেৱা কৰিলেহি। মহাৰাজাও কুশলাকুশল সুধিব দিলে।}}
{{hanging indent|{{gap}}{{gap}}(৪) তাত পাচে ৮ দিনৰ অবসানে আমাৰ দুই কটকীক পাৎসাৰ হুজুৰ কৰালেনি। পাৎসাও তক্তাৰ ওপৰে বহিছিল। তক্তাৰ তলে তিনি খলপাৰ নামে পাৎসাৰ দাহিনে সুবৰ্ণৰ লাখুটি ধৰি জাফৰ-খাঁ দেৱান আছিল, বামে উজিৰ। সেই ক্ৰমে ৰাজপুত্ৰৰ ৰাজা, বামে যশমত্তসিংহৰ ধাৰা, তাৰ পাচে ৰাণা হাড়ো, বাৰহাজাৰী, সপ্তহাজাৰী। তাৰ পাচে ৬, তাৰ পাচে ৫, তাৰ পাচে ৪, তাৰ পাচে ৩, ২, ১, এই ক্রমে অমাত্যবর্গ, হাতী, ঘোঁৰা, চিপাহী, বন্দুকদাৰী,}}<noinclude></noinclude>
i5lvoilpk5d67llyb20buaff6edtykr
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১১
104
91395
248614
248083
2026-04-29T14:35:56Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248614
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৸৹}}</noinclude>{{hanging indent|{{gap}}ঢালী, ধনুকী, পাঞ্চহাথীয়াৰ সহিত চিত্ৰ-বিচিত্ৰ লালজৰ্দ্দ কশটি ফটিক, নানান পাথৰে ৰচিত দুৰ্গ, আলি, তক্ত, অভ্যন্তৰতো পকা পাথৰৰ গৃহ, তাহাত সুবৰ্ণৰ পতকা কৰি ঠাই ঠাই কাম কৰিছে। চিত্ৰ-বিচিত্ৰ সিভিটিক আমাৰ কটকীক নি নেনিলে। তক্তৰ বাহিৰে সাত আলি হৈ চতুৰ্ভিটি সমস্ত লোকে আছিল। সেই সময়ত দুই উকিলে আশীৰ্ব্বাদ কৰি হাত কৰযোৰে থাকিল।}}
{{hanging indent|{{gap}}{{gap}}(৫) পাচে ৰুদ্ৰসিংহ মহাৰাজা আজ্ঞা কৰিলে, কটকীবোৰে থঙ্গা পাৰি দিলে, তাতে আনন্দিৰাম মেধি বহিল। পাচে মহাৰাজাৰ আগত সিহঁতে ছংকীৰ্ত্তনৰ মতে গীত গাইছিলে, বেণু বাদ্য কৰিছিলে, মুৰুলী হাতত লৈ নৃত্যো কৰিছিলে। এইৰূপে সেই দিন কৌতুক চাই বাসাক পঠাই দিলে। পাচে ছংকীৰ্ত্তনৰ গীত শিখিবলৈ আমাৰ এখেৰ গায়ন দিছিলে।}}
{{gap}}ন-কুৰি বছৰৰ আগৰ অসমীয়া ভাষাৰ চানেকী আৰু অসমীয়া সমাজৰ চিত্ৰ সংৰক্ষণৰ বাহিৰেও, ‘কোঁৱৰ বিদ্ৰোহৰ’ আখ্যানমালাৰ পৰা সেই কালৰ বিচাৰ-পদ্ধতিৰ বিষয়েও সম্যক আভাস পাব পাৰি। পোনতে চা-চৰিয়া দোলাকাষৰীয়া লগাই অপৰাধৰ সত্যতা ঠাৱৰ কৰা হৈছিল। তাৰ পাচত ফুকন বৰুৱাসকলে প্ৰাথমিকভাৱে সাক্ষী-বাদী লৈ সোধ-পোছ কৰি বিচাৰৰ কাকত যুগুত কৰিছিল। আৰু সেই কাকত শুনি ডাঙ্গৰীয়া তিনিজনা আৰু বৰবৰুৱাই সিদ্ধান্ত দিছিল। প্ৰয়োজন হলে, এওঁলোকে আকৌ সাক্ষী-বাদী চপাই গোচৰৰ আদ্যন্ত শুনিছিল। স্বৰ্গদেৱে ডাঙ্গৰীয়া আৰু বৰবৰুৱাৰ সিদ্ধান্তকে অনুমোদন কৰিছিল। মজিন্দাৰে গোচৰৰ বা-বাতৰি স্বৰ্গদেৱক সততে জনাই আছিল, আৰু স্বৰ্গদেৱে তেওঁৰ মতামত কেতিয়াবা আগতীয়াকৈ ব্যক্ত কৰিছিল। মুঠৰ ওপৰত, ডাঙ্গৰীয়াসকলৰ সমৰ্থন নোহোৱাকৈ স্বৰ্গদেৱে চূড়ান্ত আজ্ঞা<noinclude></noinclude>
rx6jkv13cqwanisltdy6beh1759omq7
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১২
104
91396
248615
248084
2026-04-29T14:42:30Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248615
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৸৴৹}}</noinclude>দিবলৈ ভাল নেপাইছিল। লক্ষ্মী সিংহ স্বৰ্গদেৱে এবাৰ মাকক কৈছিল,—“আইচু, মই মোৰ সকলৰ লগৰ এটাহে। সকলে যি বোলে তাক নকৰি পাৰোঁনেকি?” ক্ষমতাশীল বিষয়াই কেতিয়াবা কথা ইফাল-সিফাল কৰি স্বৰ্গদেৱৰ দ্বাৰা নিজৰ মনোমত আজ্ঞা দিয়াব পাৰিছিল। অপৰাধীয়ে আগলৈ ভালমতে চলিম বুলি প্ৰতিশ্ৰুতি দিলে, আৰু তাৰ কাৰণে কোনে৷ বৰমূৰীয়া বিষয়াই গা কৰি জামিন হলে অপৰাধীক দণ্ডৰ পৰা মুক্তি দিয়া হৈছিল, বা দণ্ড লঘু কৰা হৈছিল। প্ৰধান অপৰাধীবোৰক দণ্ড দিয়াৰ ঠাই আছিল জেৰেঙ্গা পথাৰ, আৰু কোব-কিল-চৰ আদি সামান্য দণ্ডবোৰ বিচাৰ-চ’ৰাৰ ওচৰৰ খলাতে দিয়া হৈছিল।
{{gap}}আহোম কোঁৱৰসকলে ষড়যন্ত্ৰৰ সহায়েৰে সিংহাসন লাভৰ চেষ্টা কৰাৰ কাহিনী বুৰঞ্জীত অলেখ পোৱা যায়। প্ৰতাপসিংহ স্বৰ্গদেৱৰ দিনলৈকে ৰজাসকল টানমুখীয়া হোৱাত ৰাজকোঁৱৰসকলে দ্ৰোহ আচৰিবলৈ বিশেষ ছল নেপাইছিল। কিন্তু, প্ৰতাপসিংহৰ পুতেক ভগাৰজা আৰু নৰিয়া ৰজাৰ দিনত শাসনকাৰ্য্যৰ বান্ধ ঢিলা হৈ অহাত জয়ধ্বজ সিংহৰ দিনৰে পৰা কোঁৱৰসকলে মূৰ দাঙ্গি উঠিবলৈ সুবিধা পালে। এইজনা ৰজাৰ দিনত, বাৰুকিয়াল বৰগোহাঁয়ে কোঁৱৰ চপাই মহাৰাজাৰ দ্ৰোহ কৰিবলৈ আলচ কৰিছিল। তাৰ পাচত কিছুমান বিষয়াই চাৰিংৰজা ম’ৰাপাৰ গোহাঁইক ৰজা পাতিব খুজিছিল। জয়ধ্বজ সিংহৰ মৃত্যুত সিংহাসনৰ কাৰণে খোৱা-কামোৰা লাগিছিল।
{{gap}}শৰাইঘাটৰ ৰণৰ পাচত ৰজাসকল মন্ত্ৰীৰ বশৱৰ্ত্তী হোৱাত ৰজা হব খোজা কোঁৱৰ ভালেমান ওলাইছিল। তাৰে অনেকজন ডেবেৰা বৰবৰুৱা আৰু লালুক বৰফুকনৰ হাতত ঘূণীয়া আৰু নিহত হৈছিল। গদাধৰসিংহ মহাৰাজৰ দিনত গুৱাহাটীয়া ফুকন জনচেৰেকে কোঁৱৰ চপাই দোহ আচৰিছিল। ৰুদ্ৰসিংহৰ স্বৰ্গদেৱৰ ভায়েক লেচাই<noinclude></noinclude>
o2by1kd2sqdcr77s9g8f09xyjnk3bib
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১৩
104
91397
248616
248086
2026-04-29T14:46:02Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248616
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৸৵৹}}</noinclude>নামৰূপীয়া গোহাঁয়ে ৰজা হব খুজিছিল, আৰু কিছুমান মানুহে আন এজন কোঁৱৰক ৰজা পাতিবৰ মনেৰে ভিতৰি পোহপাল দি থৈছিল। শিৱসিংহ ৰজাৰ মৃত্যুৰ পাচত পুতেক উগ্ৰসিংহ তিপাম ৰজাই লিগিৰা ল’ৰাবোৰৰ হাতত অস্ত্ৰ দি সিংহাসন লবলৈ বিচাৰিছিল। কিন্তু তেওঁ কৃতকাৰ্য্য নোহোৱাত দদায়েক প্রমত্তসিংহ সিংহাসনত বহিল।
{{gap}}প্রমত্তসিংহৰ মৃত্যুত ৰজা হব লাগিছিল মোহনমালা বৰজনা গোহাঁইদেৱ; কিন্তু ডাঙ্গৰীয়া বৰবৰুৱা এইসকলে ৰাজেশ্বৰসিংহকহে সিংহাসনত বহুৱালে। এইজনা ৰজাৰ দুইপুত্ৰ চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁয়ে ৰজা হব নোৱাৰি লক্ষ্মীসিংহৰ দিনত মৰাণৰ লগ লৈছিল। ৰাজশোণিতৰ গোন্ধ নথকা ৰমাকান্ত সিংহাসনত বহাত আহোম কোঁৱৰসকলে ভাবিলে, ‘সামান্য মৰাণ যদি ৰজা হব পাৰিলে, চুকাফাৰ বংশধৰ আমি কোঁৱৰসকলনো ৰজা হব নোৱাৰিম কিয়? সেইদেখি লক্ষ্মীসিংহৰ দিনত কোঁৱৰ বিদ্ৰোহ বৰ ব্যাপক হৈ পৰিল। তাৰে চিত্র এই গ্ৰন্থত অঙ্কিত হৈছে।
{{gap}}লক্ষ্মীসিংহ স্বৰ্গদেৱৰ পাচত গৌৰীনাথ সিংহ, তাৰ পাচত কমলেশ্বৰসিংহ, তাৰ পাচত চন্দ্রকান্তসিংহ, তাৰ পাচত মানৰ দিন। এই কালত ৰত্নেশ্বৰ গোহাঁইৰ পুত্ৰ বিজয় বৰমুৰা গোহাঁই আৰু তেওঁৰ পুতেক ব্ৰজনাথ কোঁৱৰে বঙ্গদেশ, কাশী, নেপাল, বৰ্ম্মা, এইবোৰ ঠাইত ফুৰি ৰজা হবৰ নিমিত্তে সৈন্য গোটাবলৈ যত্ন কৰিছিল। অৱশেষত ব্রজনাথ গোহাঁই এবাৰ ৰজা হওঁ-হওঁ হৈছিল, আৰু তেওঁ নিজৰ নামে মোহৰো মাৰিছিল। কিন্তু ডাঙ্গৰীয়াসকলে ব্রজনাথক ৰজা নলৈ পুতেক পুৰন্দৰকহে সিংহাসনত বহুৱালে।
{{gap}}ইয়াৰ পৰা বুজিব পাৰি যে আহোমৰ আধিপত্যৰ শেহছোৱা কালত কোঁৱৰসকলৰ বিদ্রোহে দেশৰ শান্তি আৰু শাসনৰ শৃঙ্খলাত পয়মাল<noinclude></noinclude>
ehev7jwhcb61iyldv4paw5l7s203eig
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১৪
104
91398
248617
248088
2026-04-29T14:48:34Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248617
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৸৶৹}}</noinclude>ঘটাইছিল। বৰ্ত্তমান গ্ৰন্থৰ ঘটনাৱলী সেই বিদ্ৰোহ-জুইৰ ফিৰিঙ্গতি মাথোন।
{{gap}}‘কোঁৱৰ বিদ্ৰোহৰ’ আখ্যানমালাত উপন্যাস আৰু নাটকৰ সম্পূৰ্ণ সজুঁলি পৰিপাটীৰূপে সজোৱা আছে। ৰঙ্গাই বৰমৰাণৰ ৰজা হব খোজা নিশকটীয়া আয়োজনত এখনি গাম্ভীৰ্য্য আৰু কৌতুক মিশ্ৰিত ‘ছিৰিও-কমিক’ নাটকৰ বিষয়-বস্তু বিদ্যমান আছে। সাঁচিপতীয়া অসম বুৰঞ্জীবোৰত কটা-মৰা যুদ্ধ-বিগ্ৰহ আদিৰ বাহিৰেও এনে ধৰণৰ সৰু-সুৰা ভিতৰুৱা কাহিনী বহুতো লিপিবদ্ধ আছে, সেইটো অনেকে নেজানে। বৰঞ্চ এনে ধৰণৰ কাহিনীৰ পৰাহে সেই কালৰ পাৰিপাৰ্শ্বিক অৱস্থা ভালকৈ বুজিব পাৰি। আমাৰ দেশৰ ৰজা প্ৰজাৰ কাহিনীবোৰ উপন্যাস আৰু নাটকত খটুৱাব পাৰিলেহে আমাৰ জাতীয় সাহিত্যৰ অঙ্গ পৰিপুষ্ট হব। বিশেষ মন কৰিবলগীয়া কথা এই যে ভাৰতৰ আন আন ভাষাত এনে ধৰণৰ বুৰঞ্জীগত সত্য ঘটনাৰ সমসাময়িক লিপিবদ্ধ বিবৰণ প্ৰায় পাবলৈ নাই। অসমীয়াৰ সোণ-ৰূপ, ধন-সম্পত্তি ওৱাদানি হৈ মাৰি থকা সত্ত্বেও আজিৰ অসমীয়া বাটৰ ভিকহু—কঙ্গাল।
{{gap}}বৰ্ত্তমান যুগৰ বিবিধ পৰিবৰ্ত্তনৰ ঢৌত অসমীয়া সমাজৰ কৌটিকলীয়া মনোবৃত্তি আৰু মাতকথা যিৰূপে দ্ৰুতগতিৰে সলনি হবলৈ ধৰিছে, তালৈ চাই ‘কোঁৱৰ বিদ্ৰোহৰ’ আখ্যানমালাৰ অন্তৰ্গত জীৱন-ধাৰণৰ প্ৰতিচ্ছবিৰ পৰা আগৰ দিনৰ অসমীয়া সমাজৰ পৰিচয় এটি দূৰ ভবিষ্যতৰ পাঠকসকলে পঢ়ি নিশ্চয় সোৱাদ পাব। এই আশাতে, অশেষ শ্ৰমেৰে ‘কোঁৱৰ বিদ্ৰোহ’ ৰচনা কৰা হৈছে।
{{gap}}গুৱাহাটীৰ লয়াৰ্চ বুক ষ্টলৰ প্ৰতিষ্ঠাতা আৰু পৰিচালক শ্ৰীমান বিচিত্ৰনাৰায়ণ দত্তবৰুৱাদেৱে ‘কোঁৱৰ বিদ্ৰোহৰ’ দ্বিতীয় তাঙ্গৰণ প্ৰকাশৰ ভাৰ আগ্ৰহেৰে হাতত লোৱাত তেওঁক ধন্যবাদ দিছোঁ। অসমীয়া<noinclude></noinclude>
btaa23d25k5ah6rny38h67hijtfvjzf
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/১৫
104
91399
248618
248050
2026-04-29T14:49:55Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248618
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|১৲}}</noinclude>সাহিত্যৰ গ্ৰন্থাৱলী প্ৰকাশৰ কামত যি উদ্যমেৰে শ্ৰীমান দত্তবৰুৱাদেৱে আগবাঢ়িছে তাৰ কাৰণে তেওঁ সদৌ সাহিত্যসেৱীৰ শলাগৰ পাত্ৰ হৈছে।
{{gap}}এই তাঙ্গৰণত ‘কোঁৱৰ বিদ্ৰোহৰ' পাঠ যথাসম্ভৱ নিখুঁত কৰিবলৈ চেষ্টা কৰা হৈছে। আগৰ দৰে ৰাইজে এই কিতাপখনি মৰমৰ চকুৰে চালে পৰম কৃতাৰ্থ মানিম।
{| {{ts|wa|mc}}
| width=30% |কোম্পানী বাগান ৰোড,<br>উজানবজাৰ, গুৱাহাটী।<br>ইং ১৪ ফেব্ৰুয়াৰী ১৯৫৬।
| width=3% rowspan=2| {{brace2|4|r}}
| {{ts|ar}} |<center>{{larger|'''শ্ৰীসূৰ্য্যকুমাৰ ভূঞা।'''}}</center>{{gap|1em}}
|}
{{Dhr|1em}}
{{Rule|5em}}<noinclude></noinclude>
c4yri12nlrjo63fzg6jrfm8qzs962z3
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪
104
91400
248607
248061
2026-04-29T14:12:34Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248607
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|{{Xx-larger|সূচীপত্ৰ}}}}
{| style="margin-left: auto; margin-right: auto; border: none;" width="80%"
|-
| width="70%" |
| width="10%" |
| width="10%" style="text-align:right" |
|-
| || ||
| style="text-align:right" |পিঠি
|-
| '''আগকথা।''' || ...|| ...
| style="text-align:right" |১-৭
|-
| '''ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ।''' ||... || ...
| style="text-align:right" |৮-২৯
|-
| {{gap}}ভূধৰসিংহ গোহাঁই কোন?||... || ...
| style="text-align:right" |৮
|-
| {{gap}}চাৰুসিংহ গোহাইৰ পত্নী গৌৰী।||... || ...
| style="text-align:right" |৯
|-
|{{gap}}গৌৰী আৰু ধনাই লিগিৰা। ||... || ...
| style="text-align:right" |১০
|-
| {{gap}}ভূধৰ গোহাঁইৰ মুখত ষড়যন্ত্ৰৰ কথা।||... || ...
| style="text-align:right" |১১
|-
|{{gap}}সন্ন্যাসীবেশী সম্ভেদ-যোগনীয়া ধনাই। ||... || ...
| style="text-align:right" |১৫
|-
|{{gap}}ষড়যন্ত্ৰত বকতিয়াল ফৈদৰ সহযোগ। ||... || ...
| style="text-align:right" |১৬
|-
|{{gap}}কাৰেঙত সশস্ত্ৰ পালী-পহৰীয়া। ||... || ...
| style="text-align:right" |১৯
|-
|{{gap}}বৰচ'ৰাত বিচাৰ। ||... || ...
| style="text-align:right" |২২
|-
|{{gap}}হাতীশালত বৰবৰুৱা। ||... || ...
| style="text-align:right" |২৪
|-
| {{gap}}দণ্ড বিধান।||... || ...
| style="text-align:right" |২৫
|-
|{{gap}}নতুন বৰবৰুৱা আৰু চোলাধৰা ফুকন। ||... || ...
| style="text-align:right" |২৯
|-
| '''তিপমীয়া গোহাঁইৰ দ্ৰোহ'''||... || ...
| style="text-align:right" |৩০-৭০
|-
|{{gap}}সোণৰ ভোগজৰাত চূণৰ আঁক। ||... || ...
| style="text-align:right" |৩০
|-
| {{gap}}তিপমীয়া গোহাইদেৱ কোন?||... || ...
| style="text-align:right" |৩৪
|-
| {{gap}}সহিতাই দিয়া প্ৰমাণৰ লেখা।||... || ...
| style="text-align:right" |৩৯
|-
| {{gap}}বৰচ'ৰাত সোধ-পোছৰ মেল।||... || ...
| style="text-align:right" |৪১
|-
|{{gap}}নামৰূপনে টোকোলাই? ||... || ...
| style="text-align:right" |৪৬
|-
| {{gap}}অপৰাধীৰ দণ্ড।||... || ...
| style="text-align:right" |৪৮
|}<noinclude></noinclude>
rw82hsmuhl5no285dy28rdw2l5jpons
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৬
104
91401
248609
248063
2026-04-29T14:19:58Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248609
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{center|৷৵৹}}</noinclude>{| style="margin-left: auto; margin-right: auto; border: none;" width="80%"
|-
| width="70%" |
| width="10%" |
| width="10%" style="text-align:right" |
|-
| || ||
| style="text-align:right" |পিঠি
|-
| {{gap}}হৰনাথ ফুকনৰ অপৰাধ। ||... || ...
| style="text-align:right" |৫২
|-
| {{gap}}বচাত তিপমীয়া গোহাঁই। ||... || ...
| style="text-align:right" |৫৬
|-
| {{gap}}কলিতা ফুকনৰ দ্ৰোহ। ||... || ...
| style="text-align:right" |৬০
|-
| {{gap}}নামৰূপত তিপমীয়া গোহাঁইৰ মৃত্যু। ||... || ...
| style="text-align:right" |৬৬
|-
| '''ৰঙ্গাই বৰমৰাণৰ কীৰ্ত্তি।—''' ||... || ...
| style="text-align:right" |'''৭১-৮২'''
|-
| {{gap}} ধনখনা বেজ ৰঙ্গাই বৰমৰাণ।||... || ...
| style="text-align:right" |৭১
|-
| {{gap}}পীৰা-চৰিয়া কটা বাঢ়ৈ ৰঙ্গাই। ||... || ...
| style="text-align:right" |৭১
|-
| {{gap}}‘মোহনমালা গোহাঁইৰ পুতেক’ ৰঙ্গাই ৷ ||... || ...
| style="text-align:right" |৭২
|-
| {{gap}}ৰংপুৰ গড়গাৱঁলৈ অহা-যোৱা। ||... || ...
| style="text-align:right" |৭২
|-
| {{gap}}ৰঙ্গাইৰ যোত্ৰৰ মানুহ ৷ ||... || ...
| style="text-align:right" |৭৩
|-
| {{gap}}ৰঙ্গাইৰ হাতত চেংদেৱৰ মূৰ্ত্তি। ||... || ...
| style="text-align:right" |৭৪
|-
| {{gap}}ৰঙ্গাইৰ কোঁৱৰ-মৰ্য্যদা। ||... || ...
| style="text-align:right" |৭৫
|-
| {{gap}}ৰজাক ধৰাৰ আয়োজন। ||... || ...
| style="text-align:right" |৭৫
|-
| {{gap}}ৰঙ্গাইৰ লগৰ মানুহৰ বিভঙ্গ। ||... || ...
| style="text-align:right" |৭৬
|-
| {{gap}}ৰাজদ্রোহী ৰঙ্গাইৰ স্বীকাৰোক্তি। ||... || ...
| style="text-align:right" |৭৬
|-
| {{gap}}লিগিৰ৷ ভটুৰ স্বীকাৰোক্তি। ||... || ...
| style="text-align:right" |৭৭
|-
| {{gap}}ৰঙ্গাইৰ ঘৈণীয়েকৰ স্বীকাৰোক্তি। ||... || ...
| style="text-align:right" |৭৮
|-
| {{gap}}অপৰাধীৰ বিচাৰ। ||... || ...
| style="text-align:right" |৭৮
|-
| {{gap}}অপৰাধীৰ দণ্ড। ||... || ...
| style="text-align:right" |৭৯-৮২
|}<noinclude></noinclude>
gdybjn8iqt1lprmap6pu5crkwdh0qpv
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/২
104
91402
248605
248065
2026-04-29T14:09:55Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248605
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|2em}}
{{center|<poem>
{{Xxxx-larger|'''কোঁৱৰ বিদ্ৰোহ'''}}
{{Dhr|2em}}
অসমৰ স্বৰ্গদেৱ লক্ষ্মীসিংহ মহাৰাজৰ দিনত
হোৱা কোঁৱৰসকলৰ বিদ্ৰোহৰ কাহিনী।
{{Dhr|3em}}
প্রণেতা
{{larger|'''শ্ৰীসূৰ্য্যকুমাৰ ভূঞা'''}}
{{Dhr|5em}}
{{X-larger|'''লয়াৰ্চ বুক ষ্টল'''}}
'''গুৱাহাটী : অসম'''
১৯৫৬ খৃষ্টাব্দ।
</poem>}}<noinclude></noinclude>
s5db5izbm2d2zo0b6kx9tmw65xzuakf
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৩
104
91403
248606
248069
2026-04-29T14:10:58Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248606
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{Dhr|1em}}
{{hanging indent|KOWANR BIDROH, or, an episodical history of the revolt of princes in the reign of Swargadeo Lakshmi Singha, King of Assam, 1769-1780 A.D., compiled from contemporary manuscript Assamese chronicles. By Dr. Suryya Kumar Bhuyan, M.A.. B.L. (Cal.), Ph.D. (Lond.), D.Lit. (Lond.).}}
{{Dhr|1em}}
{{center|<poem>
প্রকাশক।—শ্রীবিচিত্রনাৰায়ণ দত্ত-বৰুৱা, বি-এল,
::লয়াৰ্চ বুক ষ্টল, পানবজাৰ, গুৱাহাটী।
{{Dhr|1em}}
প্রথম তাঙ্গৰণ, আগষ্ট ১৯৪৮ চন।
দ্বিতীয় তাঙ্গৰণ, মার্চ ১৯৫৬ চন।
{{Dhr|1em}}
''All rights reserved by the Author''
{{Dhr|1em}}
বেচ, খনে ডেৰটকা মাথোন।
{{Dhr|1em}}
মুদ্ৰাকৰ।—শ্ৰীকালীচৰণ পাল, নবজীৱন প্ৰেছ,
৬৬ গ্রে স্ট্রীট, কলিকতা-৬।</poem>}}
{{Dhr|1em}}
{{hanging indent|Printed by Shri Kalicharan Pal at Nabajiban Press, 66, Grey Street, Calcutta-6: and pubilshed by Shri Bichitra Narayan Datta Barua, B.L., Lawyer's Book Stall, Panbazar, Gauhati, Assam. March 1956.}}<noinclude></noinclude>
sozkszppinl6tkvvquxheq7h4pem07s
সাঁচ:নিৰ্বাচিত লেখা/২০২৬/এপ্ৰিল
10
91436
248621
248603
2026-04-29T14:58:03Z
BabulB
104
248621
wikitext
text/x-wiki
{{নিৰ্বাচিত লেখা ডাউনলোড|ওমৰ তীৰ্থ}}
'''[[ওমৰ তীৰ্থ]]''' [[লেখক:যতীন্দ্ৰনাথ দুৱৰা|যতীন্দ্ৰনাথ দুৱৰা]] ৰচিত এখন কাব্যগ্ৰন্থ। এইখন ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ 'ৰুবায়াত'ৰ ভাৱানুবাদ। পাৰ্চী সাহিত্যৰ কাব্যিক বিকাশৰ ক্ষেত্ৰত ওমৰ খায়াম এক উল্লেখযোগ্য নাম। তেওঁ 'ৰুবাই' নামেৰে চাৰিশৰীয়া এক শ্ৰেণীৰ কবিতা ৰচনা কৰিছিল। এই ৰুবাই সমূহক একত্ৰে 'ৰুবায়াত' বোলা হয়। ৰুবাইসমূহ প্ৰথম এডৱাৰ্ড ফিটজেৰাল্ডে ইংৰাজী ভাষাত তৰ্জমা কৰি ১৮৫৯ চনত প্ৰকাশ কৰিছিল।
[[File:ওমৰ তীৰ্থ.djvu|right|120px]]
{{Block center|<poem>
{{smaller|ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা}}
::::{{smaller|জীৱন মদিৰা ভৰাই দিয়া}}
{{smaller|অতীত ভবিষ্য শোক দুখ ভয়}}
::::{{smaller|আজিৰ ভাবনা উটাই নিয়া।}}
{{smaller|আজিয়েই দিয়া কালিলৈ কিয়}}
::::{{smaller|কোনে জানে মোৰ কালি কি হ'ব?}}
{{smaller|হাজাৰ হাজাৰ বছৰ বিয়পা}}
::::{{smaller|হয়তো অতীতে সামৰি থ'ব।}}
</poem>}}
{{Right|([[ওমৰ তীৰ্থ|সম্পূৰ্ণ পঢ়ক]])}}
<noinclude>[[শ্ৰেণী:নিৰ্বাচিত লেখাৰ সংৰক্ষণ]]</noinclude>
5calgm3cpf017ll03zmra0w3ark84oz
248625
248621
2026-04-29T15:03:00Z
BabulB
104
248625
wikitext
text/x-wiki
{{নিৰ্বাচিত লেখা ডাউনলোড|ওমৰ তীৰ্থ}}
'''[[ওমৰ তীৰ্থ]]''' [[লেখক:যতীন্দ্ৰনাথ দুৱৰা|যতীন্দ্ৰনাথ দুৱৰা]] ৰচিত এখন কাব্যগ্ৰন্থ। এইখন ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ 'ৰুবায়াত'ৰ ভাৱানুবাদ। পাৰ্চী সাহিত্যৰ কাব্যিক বিকাশৰ ক্ষেত্ৰত ওমৰ খায়াম এক উল্লেখযোগ্য নাম। তেওঁ 'ৰুবাই' নামেৰে চাৰিশৰীয়া এক শ্ৰেণীৰ কবিতা ৰচনা কৰিছিল। এই ৰুবাই সমূহক একত্ৰে 'ৰুবায়াত' বোলা হয়। ৰুবাইসমূহ এডৱাৰ্ড ফিটজেৰাল্ডে ইংৰাজী ভাষালৈ তৰ্জমা কৰি ১৮৫৯ চনত প্ৰথমবাৰৰ বাবে গ্ৰন্থাকাৰে প্ৰকাশ কৰিছিল।
[[File:ওমৰ তীৰ্থ.djvu|right|120px]]
{{Block center|<poem>
{{smaller|ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা}}
::::{{smaller|জীৱন মদিৰা ভৰাই দিয়া}}
{{smaller|অতীত ভবিষ্য শোক দুখ ভয়}}
::::{{smaller|আজিৰ ভাবনা উটাই নিয়া।}}
{{smaller|আজিয়েই দিয়া কালিলৈ কিয়}}
::::{{smaller|কোনে জানে মোৰ কালি কি হ'ব?}}
{{smaller|হাজাৰ হাজাৰ বছৰ বিয়পা}}
::::{{smaller|হয়তো অতীতে সামৰি থ'ব।}}
</poem>}}
{{Right|([[ওমৰ তীৰ্থ|সম্পূৰ্ণ পঢ়ক]])}}
<noinclude>[[শ্ৰেণী:নিৰ্বাচিত লেখাৰ সংৰক্ষণ]]</noinclude>
bo6iunro9pwptl0j6tpw9zsnedysbco
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৮
104
91438
248655
248370
2026-04-29T17:24:32Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248655
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||তিপমীয়া গোহাঁইৰ দ্ৰোহ|৩১}}</noinclude>খাৰু পিন্ধিবলৈ দিছিল। স্বৰ্গদেৱে স্নেহ কৰি তিপমীয়া গোহাঁই কোঁৱৰক লগতে ৰাখিছিল। এই তিপমীয়া গোহাঁইৰ লগত চিনাতলীয়া চাউডাঙ্গৰ চমুৱা এটা আছিল। গোহাঁইদেৱে {{SIC|চামুৱাটোৰ|চমুৱাটোৰ}} হাতত ফুল-তামোল দি ৰূপহীৰ লগত বিয়াহৰ ওজাৰ তালৈ পঠিয়াইছিল। স্বৰ্গদেৱৰ পৰ্ব্বতীয়া কুঁৱৰী আছিল চটাইঅলীয়া বৰগোহাঁইৰ ঘৰৰ খঙ্গীয়া ফুকনৰ জীয়েক। এইজনা আইকুঁৱৰীদেৱ স্বৰ্গদেৱৰ অতি বেথাৰ কুঁৱৰী আছিল। স্বৰ্গদেৱৰ ফালৰ তেওঁৰ এটি কন্যা সন্তান আছিল। পৰ্ব্বতীয়া আইকুঁৱৰীদেৱৰে চান্দৰে ৰূপহীৰে একে পিত্ত, তিনিওৰে একে আলচ। চাউডাঙ্গৰ চমুৱাটোৱে গতাগত কৰা কথা তিনিও জানে। তাৰ উপৰিও পৰ্ব্বতীয়া কুঁৱৰীয়ে ভাল দ্ৰব্যখন পালে তিপমীয়া গোহাঁইদেৱলৈ পঠিয়াই দিছিল। এইদৰে কিছুদিন চমুৱাটোৱে গতাগত কৰি কথা বাৰ্ত্তা চলাই আছিল। তিপমীয়া গোহাঁইদেৱে মাজে-মাজে চমুৱাটোৰ হাতত পৰ্ব্বতীয়া কুঁৱৰী, ৰূপহী আৰু চান্দলৈ চিঠি-পত্ৰও দিছিল।
{{gap}}এনেতে চাউডাঙ্গৰ চমুৱাটোৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগিল। কাৰেঙ্গৰ কুঁৱৰী আৰু লিগিৰীৰ মৰম-চেনেহৰ জুতি পোৱা চমুৱা ডেকাই নিজৰ বেইতা তিৰীক কেৰাহিকৈ নোচোৱা হল। চমুৱাৰ ঘৈণীয়েকে প্ৰতিহিংসা সাধিবৰ মনেৰে স্বৰ্গদেৱৰ বিশ্বাসী বিষয়া কাম বৰুৱাক সকলো কথা অবান্তৰ ভাঙ্গি কলে, আৰু কলে বোলে,—“আজি গোহাঁইদেৱে লেখা এখনো দিছে, তাকে মোৰ গিৰিহঁতে
-<noinclude></noinclude>
0iewv0uilh7upaplhovommvvmo00etf
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৯
104
91441
248656
248425
2026-04-29T17:26:40Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248656
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||কোঁৱৰ বিদ্ৰোহ|}}</noinclude>গামোচাত নিব। খাপ দি ধৰিলে লেখাও পাব।” কাম বৰুৱাই এই কথা স্বৰ্গদেৱত বিশ্বাসে কলত স্বৰ্গদেৱে কাম বৰুৱাকে আৰু লাখৰ তামূলী-লিগিৰাকে খাপ দি ধৰিবলৈ দিলে। চাউডাঙ্গৰ চমুৱাই লেখা লৈ ভিতৰলৈ সোমাই যাওঁতে খাপ দিয়া মানুহে ধৰিলত তামোলৰ গামোচা চাই লেখা পাই নি কাম বৰুৱা আৰু লাখৰৰ হাতত দিলত এওঁলোকে নি স্বৰ্গদেৱক বিশ্বাসে দেখুৱালে। স্বৰ্গদেৱেও চমুৱাটোক লোৱা দি থব দিলে, পাচদিনা বৰবৰুৱাৰ সোধ-পোছলৈ বাট নেচাই স্বৰ্গদেৱৰ আজ্ঞাৰে তাক চাউডাঙ্গৰ হাতত দিলে। তিপমীয়া গোহাঁইদেৱে সেই লেখাত স্বৰ্গদেৱক হীৰা খুৱাই মাৰিবলৈ ইবোৰলৈ লিখিছিল, আৰু প্ৰীতি চলোৱা কথাও লিখিছিল।
{{gap}}লক্ষ্মীসিংহ স্বৰ্গদেৱৰ আৰু তিনি গৰাকী কুঁৱৰী আছিল। গড়গঞা সন্দিকৈৰ বৰঘৰীয়াৰ ঘৰৰ বৰকুঁৱৰী; লুখুৰাখনৰ জীয়াৰী ন-কুঁৱৰী, নাম কৃষ্ণপুৰীয়া; আৰু তামূলী-{{SIC|কু'ৱৰী|কুঁৱৰী}}, নাম কালিন্দ্ৰী। তিপমীয়া গোহাইদেৱৰ হাতলেখা পঢ়ি স্বৰ্গদেৱে ন-কুঁৱৰী কৃষ্ণপুৰীয়া আৰু তামূলী-কুঁৱৰী কালিন্দ্ৰীকে পৰ্ব্বতীয়া কুঁৱৰীকে চান্দতে ৰূপহীতে সুধিব দিলে। তেওঁলোকে সৈ নেকাঢ়োঁতে ৰূপহীৰ গালত চৰায়ো সুধিছিল, তথাপি তাই সৈ নেকাঢ়িলে। স্বৰ্গদেৱে নিজে বৰমৰঙ্গত থাকি কৃষ্ণপুৰীয়া আৰু কালিন্দ্ৰীৰ হতুৱাই কেবাদিনো সোধ-পোছ কৰাইছিল, তথাপিতো মূল সত্য কথা কেও স্বীকাৰ নকৰিলে। স্বৰ্গদেৱে মনতে গুণা-গঁথা কৰি থাকিল।
{{nop}}<noinclude></noinclude>
bcc17t2qxn5m3zxixu2kql2c3o1lext
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫০
104
91442
248657
248596
2026-04-29T17:29:13Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248657
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||তিপমীয়া গোহাঁইৰ দ্ৰোহ|৩৩}}</noinclude>{{gap}}পাচে এনেতে এদিন স্বৰ্গদেৱে বৰমৰঙ্গৰ মিচাঙ্গতে তিনিপৰীয়া গা ধোওঁতে বুদু লিগিৰীয়ে পানী আগবঢ়াই দিওঁতে স্বৰ্গদেৱে বুলিলে বোলে,—“আজি হাতী যুজাবলৈ যাওঁ।”
{{gap}}বুদুয়ে নুশুনি বোলে,—“স্বৰ্গদেও, কাকনো হাতী গচকাই মাৰিবলৈ ভিতৰলৈ আনিব দিছে হাতী?"
{{gap}}স্বৰ্গদেৱে পেংলাইকে বোলে –“মোৰ অহিত চিন্তা তহঁতকে হাতী গচকাই মাৰিম আজি।”
{{gap}}পাচে বুদুৱে সেই বাক্যকে স্বৰূপ মানি পৰ্ব্বতীয়া আইকুঁৱৰীদেৱত কলেগৈ বোলে,—“দেৱতা, স্বৰ্গদেৱে তোমাক হাতী গচকাই মাৰিবলৈ আজি ভিতৰলৈকে হাতী আনিব খুজিছে।”
{{gap}}পাচে আইকুঁৱৰীদেৱে অতি ভীত হৈ তামুলী-কুঁৱৰীৰ ভৰিত পৰি বোলে,—“বাই, তুমি মোক ৰাখা, মোক হুনু আজি হাতী গচকাই মাৰে।
{{gap}}পাচে তামূলী-কুঁৱৰীয়ে গৈ স্বৰ্গদেৱত সুধিলত স্বৰ্গদেৱে বোলে,—“মই বোলো হাতী যুজাবলৈ যাওঁ।” বুদুৰে বোলে,—“কাক মাৰিবলৈ হাতী আনিবলৈ দিছা?” মই ৰংকৈ বোলোঁ,—'মোৰ অহিত চিন্তা তহঁতকে মাৰিবলৈ আনিব দিছো।’ মই এনেকৈ ৰংকৈ বুলিলোঁ। কাহানি পৰ্ব্বতীয়া কুঁৱৰীক মাৰিব খুইছোঁ বুলি তাইত কৈছোঁ? পৰ্ব্বতীয়া কুঁৱৰীয়ে মোক কি কৰিছে?”
{{gap}}পাচে এইৰূপে তামূলী কুঁৱৰীয়ে স্বৰ্গদেৱৰ মুখৰ কথা<noinclude></noinclude>
kq5o966thf16veu4ygixgvbrgwpfeq0
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫১
104
91443
248658
248598
2026-04-29T17:30:59Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248658
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৩৪|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>পৰ্ব্বতীয়া কুঁৱৰীত আহি কলতহি কিছু পৰ্ব্বতীয়া আইকুঁৱৰীদেৱৰ মনটি থিৰ হল।
{{gap}}পাচে এদিন ন-কুঁৱৰীৰ উপায়েৰে পৰ্ব্বতীয়া কুঁৱৰীয়ে স্বৰ্গদেৱ মৰঙ্গ সোমাওঁতে স্বৰ্গদেৱৰ পাৱ চুই শপত খালে, বোলে,—“তুমি দেৱতা যিটো ভাবিছা মোৰ কায়-বাক্যে মনেও নাই। যদিহে মিছা কৈছোঁ জীটিৰে মূৰ খাম, ময়ো তোমাক সেৱা কৰিবলৈ নেপাম, হতচিৰী হম।”
{{gap}}পাচে স্বৰ্গদেৱে বোলে, – “মইনো তোক কি বুলিছোঁ?” এনে বুলি।
{{gap}}তথাপি বেথাৰ কুঁৱৰী দেখি কথাটোও প্ৰজ্জ্বলিত হৈ বাঢ়ে যেন দেখি একো নুবুলিলে, চান্দ লিগিৰীকো একো নুবুলিলে। কিন্তু পেটেৰে দুয়োকে৷ সিমান ভাল নেদেখিলে, ৰূপহীক কোব কিল চৰ ৩০-কৈ মাৰি কাণ এখন কাটি নলনীবাৰীত খেদি থলে। তেতিয়াহে স্বৰ্গদেৱে ভোগজৰাৰ চূণৰ আঁকৰ কথা বুজিলে, তিপমীয়া গোহাঁইদেৱে স্বৰ্গদেৱক মাৰিবলৈ মন্দকৰ্ম্ম কৰি ৰূপহীৰ হতুৱাই চূণৰ আঁক দিয়ালে বুলি। পাচে এইৰূপে ভালেদিনো আছিল।
{{gap}}'''তিপমীয়া গোহাঁইদেৱ কোন?'''—লক্ষ্মীসিংহ স্বৰ্গদেৱে সিংহাসনত উঠি ককায়েক ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ পুতেক চাৰুসিংহ যুৱৰাজ মাজু গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁইক নামৰূপলৈ খেদিলে, আৰু পাটকোঁৱৰক বৰকোলাত থলে।<noinclude></noinclude>
3uo9nk10zp6i6m1t91c21hfm7tgsfoq
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫২
104
91444
248628
2026-04-29T15:17:13Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248628
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||তিপমীয়া গোহাঁইৰ দ্ৰোহ|}}</noinclude>প্ৰমত্তসিংহৰ পুতেক মলৌ কোঁৱৰক লক্ষ্মীসিংহ স্বৰ্গদেৱে তিপাম মেল দি লগতে ৰাখিলে। সেই অনুসাৰে মলৌ কোঁৱৰ তিপাম ৰজা বা তিপমীয়া গোহাঁই খিতাপেৰে প্ৰখ্যাত হল। এওঁৰ মাক আছিল কুঁৱৈগঞা বুঢ়াগোহাঁইৰ বঙ্গহৰ জীয়াৰী।
{{gap}}ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ তিনিজনা পুতেকক নামৰূপ আৰু বৰকোলালৈ খেদি তিপমীয়া গোহাঁইক লগত ৰখাৰ উদ্দেশ্য কি তাক সঠিককৈ নিৰ্দ্ধাৰিত কৰা টান। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ হত্যাৰ চেষ্টা কৰা হৈছিল। স্বৰ্গদেৱে নিজে সেই কাৰ্য্যত ভিতৰি টিপ দিছিল বুলি কীৰ্ত্তিচন্দ্ৰই বিশ্বাস কৰিছিল। ৰাজেশ্বৰ সিংহ দেৱতা জীয়াই থকা কালত কীৰ্ত্তিচন্দ্ৰই তাৰ একো প্ৰতিশোধ লবলৈ সুবিধা নাপাইছিল। স্বৰ্গদেৱৰ মৃত্যু হোৱাৰ অলপ পাচতে বৰবৰুৱাই নতুন ৰজা লক্ষ্মীসিংহৰ আজ্ঞ৷ লৈ ৰাজেশ্বৰ সিংহৰ তিনিজনা কোঁৱৰ আৰু তেওঁৰ কুঁৱৰীসকলক সামান্য ৰোজবাজ দি নামৰূপ আৰু বৰকোলালৈ খেদি পঠিয়ালে। বৰবৰুৱাই পূৰ্ব্বে তেওঁক মাৰিবাৰ চেষ্টা কৰাৰ আদ্যোপান্ত ঘটনাৰ কথা সুধিবলৈ পুতেক উমা ঢেকিয়াল ফুকনক নামৰূপলৈ পঠিয়ালে। ঢেকিয়াল ফুকনে টানকৈ সোধপোছ কৰাত ৰত্নেশ্বৰ সৰুগোহাঁইদেৱে ষড়যন্ত্ৰকাৰীসকলৰ নামে সৈতে সকলো কথা ভাঙ্গি-পাতি কলে, আৰু নিজেও বৰবৰুৱাক হত্যা কৰাৰ চেষ্টাত লিপ্ত আছিল বুলি প্ৰমাণিত হল। বৰবৰুৱাই এইবোৰ কথা আগেয়ে কিছু-কিছু জানিছিল। ৰাজেশ্বৰসিংহ জীয়াই থকাত পুতেক ৰত্নেশ্বৰ<noinclude></noinclude>
2h0rb56ccynut6z3krfhdjngyas0gsp
248659
248628
2026-04-29T17:32:58Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248659
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||তিপমীয়া গোহাঁইৰ দ্ৰোহ|৩৫}}</noinclude>প্ৰমত্তসিংহৰ পুতেক মলৌ কোঁৱৰক লক্ষ্মীসিংহ স্বৰ্গদেৱে তিপাম মেল দি লগতে ৰাখিলে। সেই অনুসাৰে মলৌ কোঁৱৰ তিপাম ৰজা বা তিপমীয়া গোহাঁই খিতাপেৰে প্ৰখ্যাত হল। এওঁৰ মাক আছিল কুঁৱৈগঞা বুঢ়াগোহাঁইৰ বঙ্গহৰ জীয়াৰী।
{{gap}}ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ তিনিজনা পুতেকক নামৰূপ আৰু বৰকোলালৈ খেদি তিপমীয়া গোহাঁইক লগত ৰখাৰ উদ্দেশ্য কি তাক সঠিককৈ নিৰ্দ্ধাৰিত কৰা টান। ৰাজেশ্বৰসিংহৰ ৰাজত্বকালত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ হত্যাৰ চেষ্টা কৰা হৈছিল। স্বৰ্গদেৱে নিজে সেই কাৰ্য্যত ভিতৰি টিপ দিছিল বুলি কীৰ্ত্তিচন্দ্ৰই বিশ্বাস কৰিছিল। ৰাজেশ্বৰসিংহ দেৱতা জীয়াই থকা কালত কীৰ্ত্তিচন্দ্ৰই তাৰ একো প্ৰতিশোধ লবলৈ সুবিধা নাপাইছিল। স্বৰ্গদেৱৰ মৃত্যু হোৱাৰ অলপ পাচতে বৰবৰুৱাই নতুন ৰজা লক্ষ্মীসিংহৰ আজ্ঞ৷ লৈ ৰাজেশ্বৰসিংহৰ তিনিজনা কোঁৱৰ আৰু তেওঁৰ কুঁৱৰীসকলক সামান্য ৰোজৰাজ দি নামৰূপ আৰু বৰকোলালৈ খেদি পঠিয়ালে। বৰবৰুৱাই পূৰ্ব্বে তেওঁক মাৰিবাৰ চেষ্টা কৰাৰ আদ্যোপান্ত ঘটনাৰ কথা সুধিবলৈ পুতেক উমা ঢেকিয়াল ফুকনক নামৰূপলৈ পঠিয়ালে। ঢেকিয়াল ফুকনে টানকৈ সোধপোছ কৰাত ৰত্নেশ্বৰ সৰুগোহাঁইদেৱে ষড়যন্ত্ৰকাৰীসকলৰ নামে সৈতে সকলো কথা ভাঙ্গি-পাতি কলে, আৰু নিজেও বৰবৰুৱাক হত্যা কৰাৰ চেষ্টাত লিপ্ত আছিল বুলি প্ৰমাণিত হল। বৰবৰুৱাই এইবোৰ কথা আগেয়ে কিছু-কিছু জানিছিল। ৰাজেশ্বৰসিংহ জীয়াই থকাত পুতেক ৰত্নেশ্বৰ<noinclude></noinclude>
df05otunco7keetcg13y1nidu32ns74
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫৩
104
91445
248629
2026-04-29T15:42:06Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248629
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|৩৬|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>গোহাঁই বা আন কোঁৱৰক শাস্তি দিয়াবলৈ তেওঁ সাহ নকৰিছিল। এতিয়া পিতৃ স্বৰ্গদেৱ লোকান্তৰ হোৱাত এনে কণিবিহৰ সঁচ থোৱা ভাল নহয় বুলি এটাই কিজনা কোঁৱৰকে বৰবৰুৱাই নিৰ্ব্বাসন কৰালে।
{{gap}}ৰাজেশ্বৰসিংহ জীয়াই থকাত মানুহে ভাবিছিল তেওঁৰ পুতেক চাৰুসিংহ যুৱৰাজ আগলৈ ৰজা হব। কালশিলীয়া গোহাঁই ৰজা হোৱাৰ কোনো আগন্তুক নাছিল, কাৰণ তেওঁ দেখাত আপচু কলা আছিল; সেই কাৰণে তেওঁ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ ঔৰসজাত সন্তান নহয় বুলিও বহুতে অনুমান কৰিছিল। ৰাজেশ্বৰ সিংহৰ মৃত্যুত কীৰ্ত্তিচন্দ্ৰই ভাবিলে চাৰুসিংহ ৰজা হলে তেওঁ প্ৰজা আৰু বিষয়াৰ মৰম সহানুভূতি পাই বলীয়ান হৈ কীৰ্ত্তিচন্দ্ৰৰ ক্ষমতাৰ গতিৰোধ কৰিব পাৰিব। সেইদেখি বৰবৰুৱাই চক্ৰান্ত কৰি চাৰুসিংহ যুৱৰাজ, তেওঁৰ দুজনা ভায়েক আৰু তেওঁলোকৰ মাক আৰু বৈমাতৃসকলক দুৰৈলৈ খেদি ‘এলাগী কোঁৱৰ' 'কলীয়া বাঘ' কালশিলীয়া গোহাঁইদেৱক সিংহাসনত বহুৱালে। কালশিলীয়া গোহাঁইদেৱে লক্ষ্মীসিংহ নাম লৈ সিংহাসনত বহিল। স্বৰ্গদেৱে ভাবিলে চাৰুসিংহ, ৰত্নেশ্বৰ আৰু পাটকোঁৱৰক ৰাজধানীত ৰাখিলে আগলৈ মানুহে যোত্ৰ হৈ তেওঁলোকৰ কোনো এজনাক ৰজা পাতিবলৈ চেষ্টা কৰিব পাৰে। সেইদেখি সিংহাসনৰ কণ্টক দূৰ হব বুলি স্বৰ্গদেৱে কীৰ্ত্তিচন্দ্ৰৰ প্ৰস্তাৱত সম্মতি দি তেওঁলোকক দূৰলৈ খেদি অঙ্গক্ষত কৰি যোগান দি থলে।
{{nop}}<noinclude></noinclude>
3rovdhewfay63bcb803c13y7qcqwa7q
248660
248629
2026-04-29T17:34:59Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248660
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৩৬|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>গোহাঁই বা আন কোঁৱৰক শাস্তি দিয়াবলৈ তেওঁ সাহ নকৰিছিল। এতিয়া পিতৃ স্বৰ্গদেৱ লোকান্তৰ হোৱাত এনে কণিবিহৰ সঁচ থোৱা ভাল নহয় বুলি এটাই কিজনা কোঁৱৰকে বৰবৰুৱাই নিৰ্ব্বাসন কৰালে।
{{gap}}ৰাজেশ্বৰসিংহ জীয়াই থকাত মানুহে ভাবিছিল তেওঁৰ পুতেক চাৰুসিংহ যুৱৰাজ আগলৈ ৰজা হব। কালশিলীয়া গোহাঁই ৰজা হোৱাৰ কোনো আগন্তুক নাছিল, কাৰণ তেওঁ দেখাত আপচু কলা আছিল; সেই কাৰণে তেওঁ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ ঔৰসজাত সন্তান নহয় বুলিও বহুতে অনুমান কৰিছিল। ৰাজেশ্বৰসিংহৰ মৃত্যুত কীৰ্ত্তিচন্দ্ৰই ভাবিলে চাৰুসিংহ ৰজা হলে তেওঁ প্ৰজা আৰু বিষয়াৰ মৰম সহানুভূতি পাই বলীয়ান হৈ কীৰ্ত্তিচন্দ্ৰৰ ক্ষমতাৰ গতিৰোধ কৰিব পাৰিব। সেইদেখি বৰবৰুৱাই চক্ৰান্ত কৰি চাৰুসিংহ যুৱৰাজ, তেওঁৰ দুজনা ভায়েক আৰু তেওঁলোকৰ মাক আৰু বৈমাতৃসকলক দুৰৈলৈ খেদি ‘এলাগী কোঁৱৰ’ ‘কলীয়া বাঘ’ কালশিলীয়া গোহাঁইদেৱক সিংহাসনত বহুৱালে। কালশিলীয়া গোহাঁইদেৱে লক্ষ্মীসিংহ নাম লৈ সিংহাসনত বহিল। স্বৰ্গদেৱে ভাবিলে চাৰুসিংহ, ৰত্নেশ্বৰ আৰু পাটকোঁৱৰক ৰাজধানীত ৰাখিলে আগলৈ মানুহে যোত্ৰ হৈ তেওঁলোকৰ কোনো এজনাক ৰজা পাতিবলৈ চেষ্টা কৰিব পাৰে। সেইদেখি সিংহাসনৰ কণ্টক দূৰ হব বুলি স্বৰ্গদেৱে কীৰ্ত্তিচন্দ্ৰৰ প্ৰস্তাৱত সম্মতি দি তেওঁলোকক দূৰলৈ খেদি অঙ্গক্ষত কৰি যোগান দি থলে।
{{nop}}<noinclude></noinclude>
ovbebo0eo8umpj3ibbww6mloewh09eu
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫৪
104
91446
248630
2026-04-29T15:49:36Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248630
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||তিপমীয়া গোহাঁইৰ দ্ৰোহ|৩৭}}</noinclude>{{gap}}মলৌ কোঁৱৰ তিপমীয়া গোহাঁইক লগত ৰাখিলে লক্ষ্মীসিংহ স্বৰ্গদেৱৰ বিশেষ সঙ্কট নাছিল, কাৰণ ৰাজেশ্বৰসিংহ লক্ষ্মীসিংহৰ অব্যবহিত পূৰ্ব্বৰ ৰজা, তেওঁৰ কোঁৱৰসকলৰ সিংহাসনত দাবী পূৰামাত্ৰা আছে। তিপমীয়া গোহাঁই ৰাজেশ্বৰ সিংহৰ পূৰ্ব্বৰ ৰজা প্ৰমত্ত সিংহৰ পুতেক, সিংহাসনৰ ওপৰত তেওঁৰ দাবী অলপ নিলগীয়া। চাৰুসিংহ, ৰত্নেশ্বৰ আৰু পাটকোঁৱৰৰ প্ৰতি মানুহৰ যেনে মৰম-বেথাৰ সোঁত সৃষ্টি হৈছিল, তিপমীয়া গোহাঁইক ৰজা বিচৰা মানুহ অতি কম আছিল। তাৰ উপৰিও তিপমীয়া গোহাঁই জহৰা বুলি এটা অপবাদ আছিল। সেই দেখি, তিপমীয়া গোহাঁইক লগত ৰাখিলে স্বৰ্গদেৱে কোনো শঙ্কাৰ কাৰণ নেদেখিছিল। কিন্তু কাৰ্য্যক্ষেত্ৰত স্বৰ্গদেৱৰ আশাৰ বিপৰীত পৰিণাম হ'ল।
{{gap}}স্বৰ্গদেৱ লক্ষ্মীসিংহৰ ৰাজত্বৰ আৰম্ভণিত মৰাণে বিদ্ৰোহৰ নিচান তুলিলে। স্বৰ্গদেৱৰ ককাইদেৱাক মোহনমালা বাটঘৰীয়া বৰজনা গোহাঁই, চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁইক মৰাণে চপাই লৈ কলে,— “পূৰ্ব্বে বকতিয়াল বৰবৰুৱাই (কীৰ্ত্তিচন্দ্ৰই) বিনাদোষত স্বৰ্গদেৱত লগাই তোমালোকক নামৰূপলৈ খেদিলে, খুনো কৰালে। এতেকে বকতিয়াল বৰবৰুৱাক মাৰোগৈ। তোমালোকে আমাৰ লগলৈ আহা। আৱশ্যকে তোমালোকৰ এজনাকেহে ৰজা পাতিম। ৰজা হৈ আমাকো ফুকন বৰুৱা পাতিবা।” পাচলৈ মৰাণে চাৰুসিংহ আৰু ৰত্নেশ্বৰক ৰহস্যে বিহু পান কৰাই মাৰিলে।
{{nop}}<noinclude></noinclude>
ht99uww8nagjivssc8xe5z2q5fgpb9v
248661
248630
2026-04-29T17:36:35Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
248661
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||তিপমীয়া গোহাঁইৰ দ্ৰোহ|৩৭}}</noinclude>{{gap}}মলৌ কোঁৱৰ তিপমীয়া গোহাঁইক লগত ৰাখিলে লক্ষ্মীসিংহ স্বৰ্গদেৱৰ বিশেষ সঙ্কট নাছিল, কাৰণ ৰাজেশ্বৰসিংহ লক্ষ্মীসিংহৰ অব্যবহিত পূৰ্ব্বৰ ৰজা, তেওঁৰ কোঁৱৰসকলৰ সিংহাসনত দাবী পূৰামাত্ৰা আছে। তিপমীয়া গোহাঁই ৰাজেশ্বৰ সিংহৰ পূৰ্ব্বৰ ৰজা প্ৰমত্ত সিংহৰ পুতেক, সিংহাসনৰ ওপৰত তেওঁৰ দাবী অলপ নিলগীয়া। চাৰুসিংহ, ৰত্নেশ্বৰ আৰু পাটকোঁৱৰৰ প্ৰতি মানুহৰ যেনে মৰম-বেথাৰ সোঁত সৃষ্টি হৈছিল, তিপমীয়া গোহাঁইক ৰজা বিচৰা মানুহ অতি কম আছিল। তাৰ উপৰিও তিপমীয়া গোহাঁই জহৰা বুলি এটা অপবাদ আছিল। সেই দেখি, তিপমীয়া গোহাঁইক লগত ৰাখিলে স্বৰ্গদেৱে কোনো শঙ্কাৰ কাৰণ নেদেখিছিল। কিন্তু কাৰ্য্যক্ষেত্ৰত স্বৰ্গদেৱৰ আশাৰ বিপৰীত পৰিণাম হ’ল।
{{gap}}স্বৰ্গদেৱ লক্ষ্মীসিংহৰ ৰাজত্বৰ আৰম্ভণিত মৰাণে বিদ্ৰোহৰ নিচান তুলিলে। স্বৰ্গদেৱৰ ককাইদেৱাক মোহনমালা বাটঘৰীয়া বৰজনা গোহাঁই, চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁইক মৰাণে চপাই লৈ কলে,— “পূৰ্ব্বে বকতিয়াল বৰবৰুৱাই (কীৰ্ত্তিচন্দ্ৰই) বিনাদোষত স্বৰ্গদেৱত লগাই তোমালোকক নামৰূপলৈ খেদিলে, খুনো কৰালে। এতেকে বকতিয়াল বৰবৰুৱাক মাৰোঁগৈ। তোমালোকে আমাৰ লগলৈ আহা। আৱশ্যকে তোমালোকৰ এজনাকেহে ৰজা পাতিম। ৰজা হৈ আমাকো ফুকন বৰুৱা পাতিবা।” পাচলৈ মৰাণে চাৰুসিংহ আৰু ৰত্নেশ্বৰক ৰহস্যে বিহ পান কৰাই মাৰিলে।
{{nop}}<noinclude></noinclude>
acbeclf52u3tgl76smlf8mu6wqnp1ra
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫৫
104
91447
248662
2026-04-29T17:37:00Z
Pranamikaadhikary
2157
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248662
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Pranamikaadhikary" />{{rh||কোঁৱৰ বিদ্ৰোহ|}}</noinclude>-40
কোঁৱৰ বিদ্ৰোহ
নাহৰ খোৰা মৰাণৰ পুতেক ৰমাকান্ত সিংহাসনত বহিল।
লক্ষ্মীসিংহ স্বৰ্গদেৱ মৰাণৰ হাতত বন্দী হল। মৰাণে আহোমৰ
বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু বৰবৰুৱাক হত্যা
কৰিলে। ১৬৯১ শকৰ চ'তৰ সংক্ৰান্তিৰ দিনা স্বৰ্গদেৱৰ পক্ষীয়-
সকলে হুঁচৰি গোৱা ছলেৰে মৰাণৰ বৰবৰুৱা ৰাঘ আদিক কাটি
ৰংপুৰ উদ্ধাৰ কৰি লক্ষ্মীসিংহক পুনৰ সিংহাসনত বহুৱালে।
হেৰোৱা সিংহাসন পুনৰ লাভ কৰি লক্ষীসিংহ স্বৰ্গদেৱে মৰাণ-
দমনৰ বিস্তৰ আয়োজন কৰিলে, এই মৰাণ বিদ্ৰোহ সমূলে ধ্বংস
৮ নহলেও স্বৰ্গদেৱে কিছু কাললৈ তাৰ কঁকাল ভাঙ্গি থলে।
কিন্তু মৰাণৰ চানেকিৰে অন্যান্য মানুহে কোঁৱৰ চপাই ৰজা-
পাত্ৰ-মন্ত্ৰীক অপঘাত কৰি ৰাজ্য লবলৈ চেষ্টা কৰিছিল।
পোনতে বিদ্ৰোহ কৰিলে মৰাণে হত্যা কৰা চাৰুসিংহ মাজু-
গোহাঁইৰ পুতেক ভূধৰ সিংহ গোহাঁইদেৱে। তিপমীয়া গোহাঁই
মলৌ কোঁৱৰ স্বৰ্গদেৱৰ মৰমৰ পাত্ৰ আছিল দেখি তেওঁক
মাৰিবলৈ ভূধৰ গোহায়ে চেষ্টা কৰিছিল। তিপমীয়া গোহাঁইৰ
ভকতি নামে এজনী বিশ্বাসী লিগিৰী আছিল। ৰজা হৈ বৰ-
কুঁৱৰী পাতিম বুলি হাতৰ লেখা এখন দি ভূধৰ গোহায়ে ভকতিৰ
হতুৱাই তিপমীয়৷ গোহাঁইক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল।
ভূধৰ গোহাঁইৰ বিদ্ৰোহত লিপ্ত আছিল বকতিয়াল
ৰাজনেওগৰ পুতেক ভদ্ৰসেন বৰবৰুৱা আৰু পৰ্বতীয়া ভট্টাচাৰ্য্য
গোসাই। ভূধৰ গোহাঁয়ে ষোল হেজাৰ টকা ৰূপ আৰু
কাপোৰৰ পেৰা ভট্টাচাৰ্য্য গোসাঁইৰ ঘৰত থৈছিল। তাৰপৰা<noinclude></noinclude>
ay9xneuqs2g9uwb3ld8flx6nb4lf6pa
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫৬
104
91448
248663
2026-04-29T17:37:17Z
Pranamikaadhikary
2157
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248663
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Pranamikaadhikary" />{{rh||কোঁৱৰ বিদ্ৰোহ|}}</noinclude>তিপমীয়া গোহাঁইৰ দ্ৰোহ
৩৯
মাজে-মাজে নি যড়যন্ত্ৰৰ কাৰণে খৰচ-ভগন কৰিছিল। ভট্টাচাৰ্য্য |
গোসায়ে ভূধৰসিংহ ৰজা হবলৈ সংকল্প কৰি নিজৰ ঘৰত জপ-।
-81919114)
হোম কৰিছিল। ১৬৯৩ শকৰ শাওণত এই ষড়যন্ত্ৰ ধৰা পৰাত |
ভূধৰ গোহাঁই আৰু ভদ্ৰসেন বৰুৱাক প্ৰাণে মৰা হ'ল। সোধ- |
পোছৰ তদন্ত কৰোতে ভট্টাচাৰ্য্য - গোসায়ে কৰ্ম্ম-ধৰ্ম্ম চৰোৱা,
ভট্টাচাৰ্য্যৰ হাত-আখৰেও অনেক লেখা-জোখা পালে, তথাপি
ভট্টাচাৰ্য্য গোসাঁইক স্বৰ্গদেৱে তেতিয়া একো নুবুলিলে।
সন্দিকৈ দিহিঙ্গীয়া ফুকন শিৱৰাম বৰবৰুৱা পদত নিযুক্ত হ'ল।
স্বৰ্গদেৱে ভতিজ্ঞাক তিপমীয়া গোহাঁইকে আপোন বুলি
বুকত সাৱটি লৈ থাকিবলৈ ধৰিলে। কিন্তু গাৰ মঙ্গহেই |
শত্ৰু হ'ল। ভিপমীয়া গোহাঁইদেৱে মানুহৰ ফুচুলনিত পৰি
স্বৰ্গদেৱ লক্ষক্ষ্মী সিংহক মাৰি সিংহাসন লবলৈ অভিসন্ধি কৰিলে।
সহিতাই দিয়া প্ৰমাণৰ লেখা—তিপমীয়া গোহাঁইদেৱে
লক্ষ্মী সিংহ স্বৰ্গদেৱক বিহ খুৱাই মাৰিবলৈ পৰ্ব্বতীয়া কুঁৱৰী,
চান্দ আৰু ৰূপহা লিগিৰীলৈ দিয়া লেখাখন স্বৰ্গদেৱৰ হাতত gulo
পৰাত নিজ ঘৰৰ অপবাদ প্ৰখ্যাত হয় বুলি স্বৰ্গদেৱে মনে-মনে
থাকি সকলো আলেখলেখ চাবলৈ ধৰিলে। স্বৰ্গদেৱ টলকা
মাৰি থকা গম পাই তিপমীয়া গোহাঁইদেৱে আকৌ ন-উপায়েৰে
বিদ্ৰোহ আচৰিবৰ চেষ্টা কৰিলে। গোহাঁইদেৱৰ সহিতা নামে।
এজনী লিগিৰী আছিল। সেই সময়ত খনিকৰ ভূঞাৰ লৰা
কেকেক কলিতা ফুকন স্বৰ্গদেৱৰ বিশ্বাসী বিষয়া আছিল।<noinclude></noinclude>
12p2x7keo6w9rn89mau7spsg9xxe28y
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৫৭
104
91449
248664
2026-04-29T17:37:35Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "প্রমাণ 80 কোঁৱৰ বিদ্ৰোহ স্বৰ্গদেৱে কলিতা ফুকনক আদেশ দিলে, “তিপমীয়া গোহাঁইদেৱে কি কৰিছে নকৰিছে সহিতাৰ দ্বাৰা যদি পাৰা বিচাৰ লবা ।” কলিতা ফুকনে ছল-ছন্দ কৰি সহিতাৰ ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
248664
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Pranamikaadhikary" />{{rh||কোঁৱৰ বিদ্ৰোহ|}}</noinclude>প্রমাণ
80
কোঁৱৰ বিদ্ৰোহ
স্বৰ্গদেৱে কলিতা ফুকনক আদেশ দিলে, “তিপমীয়া
গোহাঁইদেৱে কি কৰিছে নকৰিছে সহিতাৰ দ্বাৰা যদি পাৰা
বিচাৰ লবা ।” কলিতা ফুকনে ছল-ছন্দ কৰি সহিতাৰ ভিতৰ-
বিশ্বাসী হৈ পৰিল । সহিতাই কলিতাৰ হাতত স্বৰ্গদেৱলৈ বুলি
চাৰিখন লেখা দি পঠালে । ফুকনে আহি লেখা চাৰিখন দি
স্বৰ্গদেৱক সকলো কথা জনালে । এখন লেখাত সহিতাই ঠাৰে-
চিয়াৰে লিখিছিল,
“শ্ৰীদেৱতা, যি বিচাৰিছে পাব । মই তিৰুতা মানুহ, কলে
কি হব ?
অনেক কথাৰ ভূ পাবলৈ টান । দ্ৰোহৰ কথা যে
সুধিছে, ভণ্ডাৰৰ কোঠাতে তৰোৱালৰ পেৰা
দুটা আছে,
হিলৈয়ো আছে, নেপাবই নাই,— পাবই । আৰু পূজা-কৰ্ম্ম
কত কি কৰিছে বামুণৰ ঘৰে ঘৰে । সোণৰূপ ভাল কাপোৰ
এনেতো গোহাঁইৰ তাতো কিছু কিছু ভৰালেহি । এটায়ে
জানে। নেজানে যে তাৰ বস্তু সামৰে কিয় ? তাতো মানুহে
জানে, আৰু মানুহে জানে, সুধিলে কিয় কব ? ইয়াতে পাবা
যেন, পাবলৈ টান পৰিছে।
দোষে পাব, মিছা কলেও
জনাখিনি কৈছোঁ ৷
ৰাখিলেও
লোকৰ হৈ নৰকত পৰিব লাগে ।
আনতো বিচাৰ কৰক যদি কিবা মিছাকৈ কওঁ।”
আৰু এখন লেখাত সহিতাই দ্ৰোহৰ মেলৰ মানুহৰ নামো
সহিতাই দিয়া আন এখন লেখাত পণ্ডিতৰ দিন
দিছিল ।
চোৱা গণিতা এইদৰে আছিল,
“দেৱতাৰ শুভাশুভ চাইছোঁ, আষাৰ শ্ৰাৱণত ডাঙ্গৰ কাৰ্য্য<noinclude></noinclude>
jn0zd8pbsm06qz95505ug1o1l30h7pq
248667
248664
2026-04-30T04:59:22Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248667
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|৪০|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>স্বৰ্গদেৱে কলিতা ফুকনক আদেশ দিলে, “তিপমীয়া গোহাঁইদেৱে কি কৰিছে নকৰিছে সহিতাৰ দ্বাৰা যদি পাৰা বিচাৰ লবা।” কলিতা ফুকনে ছল-ছন্দ কৰি সহিতাৰ ভিতৰ-বিশ্বাসী হৈ পৰিল। সহিতাই কলিতাৰ হাতত স্বৰ্গদেৱলৈ বুলি চাৰিখন লেখা দি পঠালে। ফুকনে আহি লেখা চাৰিখন দি স্বৰ্গদেৱক সকলো কথা জনালে। এখন লেখাত সহিতাই ঠাৰে-চিয়াঁৰে লিখিছিল,—
{{gap}}“শ্ৰীদেৱতা, যি বিচাৰিছে পাব। মই তিৰুতা মানুহ, কলে কি হব? অনেক কথাৰ ভূ পাবলৈ টান। দ্ৰোহৰ কথা যে সুধিছে, ভণ্ডাৰৰ কোঠাতে তৰোৱালৰ পেৰা দুটা আছে, হিলৈয়ো আছে, নেপাবই নাই,—পাবই। আৰু পূজা-কৰ্ম্ম কত কি কৰিছে বামুণৰ ঘৰে ঘৰে। সোণৰূপ ভাল কাপোৰ এনেতো গোহাঁইৰ তাতো কিছু কিছু ভৰালেহি। এটায়ে জানে। নেজানে যে তাৰ বস্তু সামৰে কিয়? তাতো মানুহে জানে, আৰু মানুহে জানে, সুধিলে কিয় কব? ইয়াতে পাবা যেন, পাবলৈ টান পৰিছে। জনাখিনি কৈছোঁ। ৰাখিলেও দোষে পাব, মিছা কলেও লোকৰ হৈ নৰকত পৰিব লাগে। আনতো বিচাৰ কৰক যদি কিবা মিছাকৈ কওঁ।”
{{gap}}আৰু এখন লেখাত সহিতাই দ্ৰোহৰ মেলৰ মানুহৰ নামো দিছিল। সহিতাই দিয়া আন এখন লেখাত পণ্ডিতৰ দিন চোৱা গণিতা এইদৰে আছিল,—
{{gap}}“দেৱতাৰ শুভাশুভ চাইছোঁ, আষাৰ শ্ৰাৱণত ডাঙ্গৰ কাৰ্য্য<noinclude></noinclude>
085z9t6bfuqffhg7u1278pjtcba3nqc