ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.5
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
লেখক:মফিজুদ্দিন আহমদ হাজৰিকা
102
2442
252817
184687
2026-06-06T19:56:23Z
Webesix
4459
/* গ্ৰন্থসমূহ */ বানান সংশোধন
252817
wikitext
text/x-wiki
{{author
|firstname = মফিজুদ্দিন
|middlename =
|lastname = আহমদ হাজৰিকা
|fast_initial = ম
|birthyear = 1870
|deathyear = 1958
|description = মফিজুদ্দিন আহমদ হাজৰিকা (৩০ আগষ্ট, ১৮৭০ - ২৯ অক্টোবৰ, ১৯৫৮) বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। তেখেত ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল।
|image = Mofizuddin Ahmed Hazarika.jpg
|wikipedia_link = মফিজুদ্দিন আহমদ হাজৰিকা
|wikiquote_link =
|commons_link =
}}
==গ্ৰন্থসমূহ==
* [[জ্ঞান-মালিনী]]
* [[তত্ত্ব পাৰিজাত]]
==কবিতা==
*[[দিনকণা]]
*[[বিশ্বখনিকৰ]]
{{PD-India}}
[[শ্ৰেণী:লেখক]]
pkfkbexv43myv3zni9agrxm4h0srbj4
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৭
104
83952
252815
252145
2026-06-06T12:43:13Z
দিব্য দত্ত
575
252815
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{center|'''এক'''}}
{{gap}}“গাৰী ইয়াতে থাওক, বলা আমি খোজ লওঁ।” শিঙৰ ফ্ৰেমৰ সেউজীয়া আইনাৰ চচ্মাজোৰ লাহী আঙুলি কেইটাৰ আগত ঘূৰাই ঘূৰাই মেমগৰাকীয়ে কলে—ইংৰাজীত। আঠুলৈকে পৰা ৰঙা স্কাৰ্টৰ ওপৰত কোমল কলপতীয়া ৰঙৰ ব্লাউজ পিন্ধা মেম গৰাকীয়ে গোলাপী বোলৰ চিল্কৰ মোজা পিন্ধা ভৰি দুটা ৰঙা জোতাৰ মাজত সুমুৱাই আলি-কাষত থিয়া থি কৰি আছিল।
{{gap}}“আক কেই মাইল আছে, জানা?” মটৰ বনেট খুলি ইঞ্জিনটো পৰীক্ষা কৰা অৱস্থাৰপৰাই চাহাবজনে উত্তৰ দিলে।
{{gap}}“কেই মাইল?” সৰ্পিল ভঙ্গিত একা বেঁকা হৈ চুচৰি যোৱা বাটটোৰ বহুত দূৰলৈকে চাই নিজে নিজেই দূৰত্ব অনুমান কৰিবলৈ চেষ্টা কৰিলে।
{{gap}}“পোন্ধৰ মাইল অন্ততঃ।” ইঞ্জিনত পৰা ৰেঞ্চৰ ঠং ঠং শব্দৰ লগত উত্তৰ আহিল।
{{gap}}“ৰাতিটো গছৰ তলত কটাম; বেচ্ স্ফূৰ্ত্তি হব।” মেমৰ মুখত হাঁহি বিৰিঙিল।
{{gap}}“ৰাতিপুৱা হাড়-মূৰৰ চিন্ চাব নোলাব।” নিৰ্লিপ্তভাৱে চাহাবে কলে।
{{gap}}কপট কুটিল চাহনিৰে চাহাবে উত্তৰ দিলে, “বাঘৰ মাজৰাতিৰ আহাৰ হবা।”
{{nop}}<noinclude>{{rh||১|}}</noinclude>
3bmnf2mos8lsurmfoo5t77re18ftjea
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৮
104
83977
252816
252144
2026-06-06T12:45:14Z
দিব্য দত্ত
575
252816
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="BabulB" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}মেমৰ গা চম্চমাই গ'ল। শঙ্কিতভাৱে পিছপিনৰ জাৰনিলৈ চাওঁ নেচাওঁকৈ ঘূৰি চালে। দীঘল দৈত্যৰ দৰে গছবোৰে ভৰিৰপৰা মূৰলৈকে গা-মূৰ হুলিওৱাকৈ নুৰিয়ানুৰি কৰি থকা সাপ সদৃশ লতাৰে মেৰ খাই আছে। ওখ ওখ গছবোৰৰ শিৰত ক্লান্ত সূৰ্য্যৰ অন্তিম পোহৰজাকে থমকি ৰৈ থৰ থৰ কৈ কঁপিছে। চাৰিওপিনে জিলিৰ আতঙ্গৰ আৰ্ত্তনাদ। শুকান সৰা পাতৰ সৰ সৰ শব্দৰ লগত বতাহৰ সোঁ সোঁৱনি মিহলি হৈ কৰুণ বিননি ধ্বনিত হৈছে। চাহাবৰ এষাৰ কথাই মেমৰ মনত অলেখ ভয়াবহ চিত্ৰৰ সৃষ্টি কৰিলে। বিশ্বাস কৰিও বিশ্বাস নজন্মাৰ ভাৱত সুধিলে, “ইয়াত বাঘ আছে?”
{{gap}}“অসমৰ জংঘলত বাঘ নেথাকি পিকাডেলিৰ গাভৰু থাকিব?” ইঞ্জিনৰপৰা মূৰ নেডাঙিয়েই উত্তৰ দিলে।
{{gap}}“তোমাৰ উত্তৰ সদায় আওপকীয়া।” মেমৰ কণ্ঠত হতাশ আৰু অসন্তোষৰ সুৰ।
{{gap}}“ভাগ্য সুপ্ৰসন্ন হলে বনৰীয়া হাতীৰ পিঠিত উঠিবলৈও পাবা।” ইঞ্জিনৰপৰা হাত এৰি কঁকালটো পোনাই পৰিহাস দৃষ্টিৰে মেমলৈ চালে।
{{gap}}“হাতীও আছে? নহয়, নহয় ডাৰ্লিং, তেনে কথা নকবা বিশ্বাস নকৰোঁ।” লেনীয়া মাতেৰে মাতিলে; কণ্ঠত আতঙ্ক।
{{gap}}“আজি নিশা বাটত সাক্ষাত নহলেই ৰক্ষা।” চাহাবে পুনৰ ইঞ্জিন ভাল কৰিবলৈ লাগিল।
{{gap}}“মোক কি ভয় খুৱাবা? অসমৰ জংঘলত বনৰীয়া জন্তুৰ<noinclude>{{rh||২|}}</noinclude>
9os4licfft0ii4oyyxeahchczptyo6y
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৬৩
104
92192
252823
251807
2026-06-07T06:45:48Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252823
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৬২|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude>
লইঙকে আদি কৰি বাৰ্জনীয়া দল এটাৰ নেতৃত্ব লৈ মিচিং লোকনৃত্য প্ৰদৰ্শন কৰি
চাৰি হাজাৰ টকা ইন্দিৰা গান্ধীৰ পৰা লাভ কৰিছিল। সেই চাৰিহাজাৰ টকা উজনি
বংকুৱাল নামঘৰ আৰু মাজগাঁও বংকুৱাল নামঘৰত দান দিছিল। প্ৰধানমন্ত্ৰীৰ নিজা
বাসভৱনত নৃত্য পৰিবেশনত মোহিত হৈ ইন্দিৰা গান্ধীয়ে ডালিমীক সাবতি ধৰিছিল।
হিন্দী ক’ব নজনা ডালিমীয়ে “মই মিৰি মানুহ হিন্দী-ইংৰাজী একো নাজানো” বুলি
কৈছিল।
{{gap}}কালক্ৰমত সমাজকৰ্মী ডালিমী লইঙে নিজে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ
কৰাৰ সিদ্ধান্ত ল'লে। কিমান চনত পঞ্চায়ত নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
সেয়া পাহৰিলে যদিও মহুৰা পঞ্চায়তৰ পৰা যেতিয়া উত্তৰ মহুৰা পঞ্চায়ত বিভক্ত
হৈ গ'ল সেই বছৰেই তেওঁ কংগ্ৰেছ (ই) দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই জয়লাভ
কৰে। উল্লেখযোগ্য যে মহিলাৰ বাবে সংৰক্ষিত উক্ত গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ
পদটিত চাৰিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। বহুতো পঞ্চায়তৰ সভানেত্ৰী
নাইবা সভাপতিবোৰে নিজৰ কাৰ্যকালত আলাউদ্দিনৰ চাকি পোৱাৰ দৰে বিয়াগোম
সম্পত্তিৰ মালিক হৈ যোৱা সচৰাচৰ দেখিবলৈ পোৱা যায়। কিন্তু প্ৰকৃতাৰ্থত সমাজ
কৰ্ম কৰিবলৈ নিজকে উছৰ্গা কৰা ডালিমী লইঙে নিজৰ ঘৰটোকেই আজিলৈকে
সাজি নল'লে। আজিও জৰাজীৰ্ণ ঘৰত জীৱন কটোৱা সমাজকৰ্মী গৰাকীৰ মত —
“মই ৰাইজৰ কাম কৰিবলৈহে পঞ্চায়তৰ সভাপতি হৈছিলো, নিজৰ ঘৰটো সাজি
ল'বলৈ নহয়। ইয়াত যিমানবোৰ ৰাস্তা পদুলি ৰাইজে দেখিছে সেইবোৰ মোৰ
নেতৃত্বতেই হৈছিল। আজিও মোক ঘৰৰ অৱস্থা এয়া— চৰকাৰে বা গাঁৱৰ
নেতাসকলে ঘৰ সাজি দিলে দিব নিদিলে নাই। "
{{center|(তথ্য সংগ্ৰহৰ তাৰিখ ১৯ জুলাই ২০১৮ চন)}}<noinclude></noinclude>
p229bfkb0oveat58y7gg7m141gl61hx
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২৩
104
92261
252820
251984
2026-06-07T01:42:33Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252820
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২২|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
{{center|{{Xxxx-larger|কণিকী মিৰিয়ণী}}}}
{{center|<poem>“মন ক্ষণে ক্ষণে বিনায়
মাতৃৰ ঘুমতি হেৰায়
হৃদয় শুনা আঁকি দিয়া ফোট
কপাল শুৱায়....”</poem>}}
{{gap}}সুধাকণ্ঠ ৰূপে পৰিচিত ড° ভূপেন হাজৰিকাৰ কণ্ঠত উপেন কাকতিয়ে
ৰচনা কৰা ৰশ্মিৰেখা” বোলছবিৰ এই গীতফাঁকিয়ে শ্ৰোতাৰ অন্তৰত তীব্ৰ শিহৰণ
জগাই তোলে। কিয়নো মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই মা, মাতা, মাতৃ আদি
শব্দই সকলোকে ভিন ভিন ৰূপত ৰেখাপাত কৰা দেখা যায়। নাৰীক সৃষ্টিৰ প্ৰতীক,
ধ্বংসৰ প্ৰতীক, ৰূপান্তৰৰ প্ৰতীক আদি অনেক বিশেষণেৰে বিভূষিত কৰা হয়।
বৰেণ্য শিল্পী, গীতিকাৰ, কবি আদিয়ে কেতিয়াবা নাৰীক প্ৰগতিবাদী, ৰণাংগিনী,
ত্যাগী, প্ৰতিবাদী আদি ৰূপত সজাই যুগজয়ী সাহিত্য বা যুগমীয়া শিল্প ৰচনা কৰি
অহা দেখিবলৈ পোৱা যায়। কেতিয়াবা অনেক মহীয়সী নাৰীয়ে নিজৰ সৰ্ব্বোচ্চ
ত্যাগ কৰি এখন ঘৰৰ বা সমাজৰ বাবে আগবঢ়োৱা অৱদান চিৰদিনৰ বাবেই
অৱহেলিত পৰি ৰোৱা দেখিবলৈ পোৱা যায়। তেনে এগৰাকী মহীয়সী নাৰী হৈছে
কণিকী মিৰিয়ণী — কমলা মিৰিৰ পত্নী।
{{Gap}}বৰ্তমান গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ অন্তৰ্গত ওপৰ টেমেৰা
গাঁৱত কণিকী মিৰিয়ণীৰ জন্ম হৈছিল। কালক্ৰমত ওপৰ টেমেৰা গাওঁখন কেইবাখনো
গাঁৱত বিভক্ত হ'ল আৰু শ্বহীদ কমলা মিৰি আৰু তেওঁৰ পত্নী কণিকী মিৰিয়ণীৰ
গাঁওখনক বৰ্তমান গুলুং টেমেৰা (ৰাজহ গাঁও হিচাপে 'গুলুং দৈত্যাল গাঁও') পৰিচিত।
উল্লেখযোগ্য যে মিচিংসকলৰ ভিতৰত এক শক্তিশালী দল হৈছে তামাৰ বা
টেমেৰাসকল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মিচিংসকলৰ একমাত্ৰ শ্বহীদ কমলা
মিৰি (লইং) টেমেৰা দলৰেই লোক আছিল। তেওঁলোক সম্ভৱতঃ অন্যান্য মিচিং<noinclude></noinclude>
qzgah0vfczbyh0or5ulmmcj6bauuewm
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২৬
104
92264
252830
251987
2026-06-07T07:05:22Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252830
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦|২৫}}</noinclude>
জোনাকী আৰু কিনেশ্বৰীকে (কনিকীৰ ডাঙৰ বোৱাৰী) ধৰি সাতোটাকৈ সদস্যক
পোহপাল দিয়াটো সঁচাকৈয়ে মানিবলগীয়া।
{{gap}}জনজাতীয় নাৰীৰ এক বৈশিষ্ট্য হৈছে তেওঁলোকৰ পতিব্ৰতা সেৱা।
সাধাৰণতে জনজাতীয় সমাজ ব্যৱস্থাত জোঁৱাই খটা প্ৰথা, গা-ধন দিয়া প্ৰথা আদি
থাকিলেও জনজাতীয় নাৰীয়ে সাধাৰণতে নিজৰ পতিক দেৱতাসম জ্ঞান কৰে।
নাৰীসকল সামাজিকভাৱে বান্ধোনত থাকে যদিও বৈধৰা জীৱনত ইচ্ছা কৰিলে
তেওঁৰ দেওৰেকৰ লগত সংসাৰ পাতি খাব পৰা এক সামাজিকভাৱে স্বীকৃতি ব্যৱস্থা
আজিও দেখিবলৈ পোৱা যায়। কণিকী মিৰিয়ণীৰ নিজা দেওৰেক নাছিল যদিও
সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত মিলি কাৰোবাৰ আশ্ৰয়ত থাকিব পাৰিলেহেঁতেন।
কিন্তু কণিকী লইঙে সকলো বাধাকে অতিক্ৰম কৰি বৰ জী ডুমুনীক লৈ হাবি কাটি
এখন ডাঙৰ বাৰী খেতি কৰিবৰ বাবে প্ৰস্তুত কৰি উলিয়ালে। সেই বাৰীখনত
চল্লিশ-পঞ্চাশ জোপামান বাঁহগছ কই এখন ডাঙৰ বাঁহবাৰী কৰিলে। কণিকী
মিৰিয়ণীয়ে নিজ হাতে ৰুই যোৱা বাঁহবাৰীখনত এতিয়াও দহ বাৰজোপামান বাঁহগছ
আছে যাৰ ফলত নাতি-নাতিনীৰ পৰা আৰম্ভ কৰি আজো নাতিসকলেও সেই
সম্পত্তিবোৰ ভোগ কৰাত সুবিধা হৈছে।
{{gap}}কমলা মিৰিৰ মাজু বোৱাৰী বগী লইঙৰ মতে -“কমলা মিৰিয়ে স্বাধীনতা
আন্দোলনত অ'ত ত'ত ঘুৰি ফুৰাৰ সময়তে ৰাতি ঘৰত সোমোৱাৰ সময়ত কণিকীয়ে
ঠাণ্ডা দিনত সদায়েই গৰম পানী কৰি থ'বলগীয়া হৈছিল। আনকি গৰম দিনত
টোপনি যোৱা পৰলৈকে বিচনীৰে বিচি বিচি শুৱাব লগা হৈছিল। কেতিয়াবা কমলা
মিৰিৰ লগত বিশ-ত্ৰিশজন মানুহ ৰাতি বাৰ-এক বজাত সোমালেও অ’ৰ-ত'ৰ পৰা
খাদ্যসামগ্ৰী যোগাৰ কৰি সকলোকে ৰাতিৰ সাঁজটো যিকোনো উপায়েৰে পাৰ
কৰাইছিল। কমলা মিৰিৰ ঘৰ যেতিয়া বৃটিছ চিপাহীয়ে আহি ঘেৰি ধৰিছিল তেতিয়া
কণিকী মিৰিয়ণীয়ে আটাইবোৰ সামগ্ৰী টোপোলাৰে বান্ধি নি পিছফালৰ বাঁহনিখনত
লুকুৱাই ৰাখিছিল। উল্লেখযোগ্য যে সেই টোপোলাত থকা অনেক তথ্যপূৰ্ণ সামগ্ৰী
কণিকী মিৰিয়ণীৰ সৰু বোৱাৰী চানমতী লইঙৰ হাতত এতিয়াও সংৰক্ষিত হৈ
আছে।<noinclude></noinclude>
na92u8ptdoom2pmi3x8z9qtqdmc8cvq
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২৭
104
92265
252824
251988
2026-06-07T06:50:11Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252824
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২৬| ✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
{{gap}}সেই সময়ত স্বাধীনতা যুঁজাৰু বা মুক্তিযোদ্ধা সকলৰ প্ৰতি সৰ্বসাধাৰণ
লোকৰ ভাৱ ভাৱ নাছিল। টংকেশ্বৰ লইঙৰ “শহীদ কমলামিৰি আৰু তেওঁৰ সতীৰ্থ
সকল” শীৰ্ষক লেখাটোৰ মতে – “কৰ্মীসকলৰ প্ৰতি সমসাময়িক সমাজৰ মনোভাৱ
খুউব ভাল আছিল বুলি ক'ব নোৱাৰি। কাৰণ সেই সময়ত স্বৰাজ কি বস্তু হাবিতলীয়া
অশিক্ষিত বহুতো মিৰি মানুহে বুজি উঠা নাছিল। নিজৰ ঘৰুৱা দায়িত্বলৈ পিঠি দি
এলেহুৱাৰ দৰে গান গাই গাই স্বৰাজৰ বীজ সিঁচিবলৈ যোৱা আৰু অভাৱত পুলিচৰ
খেদা খাই ফুৰাটো সাধাৰণ মানুহে ভাল নাপাইছিল। কাৰণ তেওঁলোক হ'ল যি
ৰজা তাৰেই প্ৰজা। স্বেচ্ছাসেৱকসকলৰ দুই একৰ ঘৰুৱা অৱস্থা ইমান দুখলগা
আছিল যে সেইবিলাকৰ কথা শুনিলে শুনোতাৰো অন্তৰ বেদনাৰে উপচি পৰে।
এইসকলো সমস্যা পিঠি দি তেওঁলোকে আন্দোলনৰ কামত নিঃস্বাৰ্থভাৱে লাগিছিল।”
তেনে এক পৰিৱেশৰ মাজতো কণিকী মিৰিয়ণীয়ে নিজে সমস্ত ঘৰুৱা দায়িত্ব মূৰ
পাতি লৈ নিজৰ স্বামীক দেশমাতৃৰ যুঁজলৈ আগবঢ়াই দিয়া ঘটনাই এগৰাকী মহান
ত্যাগী নাৰী হিচাপে কণিকীক প্ৰতিষ্ঠিত কৰি থৈ গ'ল। তেনে এগৰাকী মহীয়সী
তথা ত্যাগী নাৰীয়ে ২৬/১০/১৯৮৫ তাৰিখে সকলোকে বিদায় দি ইহসংসাৰৰ
পৰা মেলানি মাগিলে। কণিকীয়ে ইহ সংসাৰৰ পৰা বিদায় মাগিলে সঁচা কিন্তু তেওঁ
দি যোৱা ত্যাগ আৰু মহানুভৱতাই সকলোকে এগৰাকী মহীয়সী নাৰী হিচাপে
ভাবিবলৈ বাধ্য কৰাব।<noinclude></noinclude>
djhhci3m9ztkgz1weu4kguyir7omzv9
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২৮
104
92266
252831
251989
2026-06-07T07:08:19Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252831
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦|২৭}}</noinclude>
{{center|{{Xxxx-larger|প্ৰকাশী কামান মেদক}}}}
{{gap}}গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত এখন
গাঁও হৈছে তিনিঘৰীয়া মিচিং গাঁও আৰু এই তিনিঘৰীয়া মিচিং গাঁৱৰ এজন প্ৰভাৱশালী
ব্যক্তি আছিল জংঘলী কামান। জংঘলী আৰু বিৰৈৰ তিনিগৰাকীকৈ সন্তান ক্ৰমে
পানীৰাম কামান, সোমেশ্বৰ কামান আৰু একমাত্ৰ জী প্ৰকাশী কামান। তেওঁৰ এশ
বিঘামান মাটি থকাৰ উপৰি গৰু-ম'হৰে ঘৰখন পৰিপুৰ্ণ আছিল। গাঁৱৰ লগতে থকা
খাৰধৰা আৰু ফলঙনী বিলত (মিচিংসকলে ক্ৰমে কাদো আৰু পলঙনী বুলি
কয়) মাছ-কাছ উভৈনদী আছিল। ব্ৰহ্মপুত্ৰৰ পানীৰে পলস পেলোৱা তিনিঘৰীয়া
গাঁৱত নহৰুৰ উৎপাদন এতিয়াও যথেষ্ট পৰিমানে হোৱা দেখা যায়। সেইদৰে ধান,
মাহ, সৰিয়হ, আলু-কচু আদি অঞ্চলটোত যথেষ্ট উৎপাদন হৈছিল। জংঘলী বুঢ়াৰ
বাৰীখনত আম-কঁঠালৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ফল-মূলেৰে ভৰি আছিল।
সেই সময়ত মিচিংসকলে নাৰী শিক্ষাৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাছিল বাবে
প্ৰকাশীয়ে বিদ্যালয়লৈ গৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। প্ৰকাশী মেদকে
গাঁৱৰ আন মিচিং ছোৱালীৰ দৰে পথাৰত ভুঁই ৰোৱা, চালনী, জাকৈ পলঃ লৈ মাছ
ধৰি ফুৰা, আহুধানৰ বিনৈ নিৰোৱা আদি কামবোৰত অতি পাকৈত আছিল। উল্লেখযোগ্য
যে ১৯৩৮ চনৰ পৰা গোলাঘাট জিলাৰ ৰঙামাটি মৌজা, মিছামৰা মৌজা আদিত
কমলা মিৰিৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ জোৱাৰ অতি ব্যাপক ৰূপত হ'বলৈ
ধৰিছিল। সেই সময়তেই প্ৰমিলা মেদক, বগীমলা মৰাং প্ৰকাশী মেদক আদি
নাৰীয়েও স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।
{{Gap}}প্ৰকাশী মেদকে উপযুক্ত সংগী বিচাৰি দুসুঁতি মুখ গাঁৱৰ জঃতান মেদক
আৰু গুলচী মেদকৰ মাজু পুত্ৰ যাদৱ মেদকৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
যাদৱ আৰু প্ৰকাশীৰ যুগ্মজীৱনৰ সাক্ষী ৰূপে ইন্দিৰা, সুভদ্ৰা, দেবামতী, কমলাবতী,
ৰাজকুমাৰী, সুশীলা আৰু গীতা মেদকৰ জন্ম হৈছিল। যাদৱ মেদক অঞ্চলটোৰ<noinclude></noinclude>
gkrweck34sapr8kezsyvru6oc72f0c8
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৩০
104
92268
252833
251991
2026-06-07T07:13:11Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252833
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦ |২৯}}</noinclude>
দৰে প্ৰকাশী মেদকে জীৱনৰ কোনো ধুমুহাত হাৰ নামানি দ্বিতীয় গৰাকী জী সুভদ্ৰাকে
১৯৭৩ চনত মেট্ৰিক পাছ কৰালে। ১৯৭৪ চনত সুভদ্ৰাই প্ৰাথমিক বিদ্যালয়ৰ
শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ লগে লগেই ঘৰখনত এটা নতুন গতি ল'বলৈ
ধৰিলে। 'কালৰাত্ৰিৰ বুকুত প্ৰভাত লুকাই থকাৰ দৰে প্ৰকাশী মেদকৰ ঘৰখনতো
দোপত দোপে শিক্ষা-দীক্ষা, চাকৰি বাকৰিয়ে ভৰি পৰিবলৈ ধৰিলে৷ ১৯৭৪ চনত
তৃতীয় গৰাকী জী দেৱামতীয়েও মেট্ৰিক পাছ কৰাৰ পিছত ১৯৮৫ চনত প্ৰাথমিক
বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পায়। চতুৰ্থ গৰাকী জী ৰাজকুমাৰীয়েও ১৯৮২
চনত মেট্ৰিক পাছ কৰে আৰু ১৯৮৪ চনত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ
পৰা উচ্চ মাধ্যমিকত উত্তীৰ্ণ হৈ দুগৰাকী বায়েকৰ দৰেই ১৯৮৬ চনত অফলা মধ্য
ইংৰাজী বিদ্যালয়ত ৰাজকুমাৰীয়ে সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছে।
কালক্ৰমত কনিষ্ঠা জী গীতা মেদকে দুসুঁতি মুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা
১৯৮৩ চনত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ যোৰহাট ‘প্ৰিন্সেচ্ অৱ ৱেলচ্’ৰ পৰা ১৯৮৯
পাছ কৰি ১৯৯১ চনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘জুনিয়ৰ ইঞ্জিনিয়া’ৰ হিচাপে
যোগদান কৰে। অৱশ্যে গীতা মেদকৰ শিক্ষা জীৱন শেষ হ'বলৈ নৌ পাওঁতেই
১৯৮৭ চনৰ ২৭ জুলাই তাৰিখে এই গৰাকী সংগ্ৰামী নাৰীয়ে ইহসংসাৰৰ পৰা
বিদায় মাগিলে।
'''সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰখনত প্ৰকাশী মেদকৰ ভূমিকা :'''
{{gap}}প্ৰকাশী মেদক আছিল প্ৰকৃতাৰ্থত সমাজ হিতৈষী নাৰী। তেওঁ ছাত্ৰ-ছাত্ৰীৰ
সুবিধাৰ্থে ঘৰতে এটা ‘বৰ্ডিং' ঠিক কৰি দিছিল যাতে দূৰণিৰ ছাত্ৰ ছাত্ৰীয়ে আহি
কোনো অসুবিধা নোপোৱাকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। প্ৰকাশী মেদকৰ ঘৰত থকা
অনেক ছাত্ৰই আজিও তেওঁৰ গুণ-গান গোৱা দেখিবলৈ পোৱা যায়। তদুপৰি দসুঁতি
মুখ হাইস্কুলত কৰ্মৰত শিক্ষকসকলে প্ৰকাশী মেদকৰ ঘৰত এপাক নমৰাকৈ অহা
নাছিল। অৰ্থাৎ প্ৰকাশী মেদকৰ ঘৰখন বিদ্যালয় শিক্ষকসকলৰ বাবে আদৰ্শ গৃহ
হিচাপে পৰিচিত আছিল।<noinclude></noinclude>
mjpwjtpg59f7es2a7zl76cmxuy8bgcp
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২৯
104
92270
252825
251993
2026-06-07T06:53:54Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252825
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২৬|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
এজন আগৰণুৱা ব্যক্তি আছিল। দুসুঁতি মুখত 'তুৱা পণ্ডিত'ৰ ওচৰত যাদৱ মেদকে
শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ লিখা-পঢ়া কৰিবও পাৰিছিল। যাদৱ মেদকে
ভলুকা গুৰিৰ বৰেণ্য মুক্তিযোদ্ধা নুমলীয়া গামৰ (কুটুম) লগত ধান, মাহ, সৰিয়হ
আদিৰ ব্যৱসায়ো কৰিছিল। দুসুঁতি মুখ মধ্য ইংৰাজী বিদ্যালয়, দুসুঁতি মুখ উচ্চ
মাধ্যমিক বিদ্যালয়, দুসুঁতি মুখ ৰাজ্যিক চিকিৎসালয় আদি অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠা
কৰাত যাদৱ মেদক ওতঃপ্ৰোতভাৱে জড়িত আছিল। দুসুঁতি মুখ অঞ্চলত উপযুক্ত
শিক্ষা-দীক্ষা থকা লোক নাছিল বাবে যাদৱ মেদকে গহপুৰৰ পৰা দুৰ্গেশ্বৰ পাটগিৰিক
দুসুঁতি মুখ মধ্য ইংৰাজী বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। তদুপৰি বনগাঁৱৰ সুৰেণ
গগৈকো যাদৱ মেদকে বিচাৰি আনি শিক্ষক হিচাপে নিযুক্তি দি অঞ্চলটোত শিক্ষাৰ
পোহৰ বিলাইছিল। মাজে-সময়ে শিক্ষক নথকা অৱস্থাত যাদৱ মেদকেই বিদ্যালয়ত
শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে দুসুঁতি মুখ মধ্য ইংৰাজী
বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ সময়ত গাঁৱৰ ৰাইজে তেওঁৰ ঘৰত উপদ্ৰৱ কৰি (এঘৰীয়া
কৰিও) ৰাখিছিল। দুসুঁতি মুখ গাঁৱত প্ৰথম স্ত্ৰীশিক্ষাৰ প্ৰৱৰ্তন কৰিব বিচৰাৰ বাবেই
যাদৱ মেদকৰ তেনে দশা হৈছিল বুলি জনা যায়। তেনে এক সংঘাতময় জীৱনৰ
মাজতেই ১৯৬৪ চনৰ বহাগ মাহত যাদৱ মেদকৰ মৃত্যু হয়। কণিষ্ঠা জী গীতা
মেদক তেতিয়াও প্ৰকাশী মেদকৰ গৰ্ভতেই আছিল। তেনে এক কণ্টকময় অৱস্থাটো
এইগৰাকী সাহসী, দৃঢ়মনা নাৰীয়ে স্বামীৰ অনুপস্থিতিতো ছগৰাকীকৈ ছোৱালীক
বিদ্যালয়ত নাম লগাই দিছিল।
{{gap}}যাদৱ মেদকৰ যথেষ্ট মাটি সম্পত্তি আছিল যদিও তেওঁৰ মৃত্যুৰ পিছত
ঘৰত নাঙল ধৰা মানুহ নথকাৰ বাবে প্ৰকাশীয়ে আনৰ ঘৰত কাম কৰি ভুঁই ৰোৱা,
ধান দোৱা, ধান মৰা আদি অত্যন্ত কষ্ট কৰি ছোৱালী কেইজনীক পঢ়াইছিল। তেওঁ
তেতিয়াই নিজৰ ছোৱালী কেইজনীক নিজৰ ভৰিত থিয় দি থাকিব লাগিব বুলি
শিক্ষা দিছিল। কালক্ৰমত বৰ জী ইন্দিৰা মেদকে ১৯৭১ চনত যোৰহাট কাৰিকৰী
শিক্ষা প্ৰতিষ্ঠানৰ (ITI) পৰা পাছ কৰি চাকৰিও পাইছিল। কিন্তু টাইফয়ড্ ৰোগত
আক্ৰান্ত হৈ সংসাৰিক জীৱনত প্ৰৱেশ কৰাৰ আগতেই ইন্দিৰাই মৃত্যু মুখত পৰে।
‘যাৰ জীৱনত কেৱল দুখেই ভৰি থাকে তাৰ আকৌ দুখ কিহৰ?’— বুলি কোৱাৰ<noinclude></noinclude>
afku02jzi25ae0tu17ay575541idelf
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৩১
104
92272
252827
251995
2026-06-07T06:58:54Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252827
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৩০|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
{{center|{{Xxxx-larger|নীলিমা পাঠৰী মেদক}}}}
{{gap}}নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল
নেহৰুৱে কৈছিল—
{{gap}}Education of a boy is the education of one person,but
education of a girl is the education of the entire family
{{Gap}}অন্যান্য জনজাতীয় সমাজৰ দৰে মিচিং ছোৱালীৰ ক্ষেত্ৰটো কিছুমান
সামাজিক স্থিতি সততে লক্ষ্য কৰা যায়। পাহাৰীয়া ছোৱালীবোৰ বহুক্ষেত্ৰত
ৰক্ষণশীলতাৰ পৰা মুক্ত। বিশেষকৈ মনে বিচৰা জনলৈ বিয়া হ'ব পৰাকৈ প্ৰায়বোৰ
পাহাৰীয়া জনজাতীয় সমাজত ছোৱালীবোৰক স্বাধীনতা দিয়া হয়। কিছুমান সামাজিক
উৎসৱ অনুষ্ঠান বা পূজা-পাতলতো জনজাতীয় ছোৱালীয়ে আগস্থান পোৱা দেখা
যায়। এইক্ষেত্ৰত বড়োসকলৰ খেৰাই পূজাত দৌদিনীৰ ভূমিকাৰ কথাকেই উল্লেখ
কৰিব পাৰি। মিচিং সমাজতো গাভৰু ছোৱালীৰ স্থান লেখত ল'বলগীয়া।
ছোৱালীজনীয়ে কোনো ডেকা ল'ৰাক নিজৰ জীৱন সংগী বুলি বাচি লৈ পলাই
গ'লেও অপৰাধ নহয়। কাৰণ ছোৱালীৰ ঘৰত গৈহে দৰাপক্ষই জগৰ ভাঙিব লাগে,
গা-ধন ভৰিব লাগে— এনে ব্যৱস্থাৰ মাজেদি ছোৱালীৰ প্ৰতি এক মৰ্যাদা দিয়া
মিচিং সমাজত পৰিলক্ষিত হয়। ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' উপন্যাসত
জোঁৱাই ঘটা প্ৰথাও উল্লেখ পোৱা যায়। তথাপিও যেন মিচিং সমাজ ব্যৱস্থাত নাৰী
সদায়েই অনাদৃতা, অৱহেলিতা হৈয়েই থকা দেখিবলৈ পোৱা গৈছে। মিচিং সমাজত
নাৰীয়ে পাই অহা অৱহেলাৰ মাজতো শিক্ষা গ্ৰহণ কৰি নিজকে উপযুক্ত কৰি
তোলা গোলাঘাট জিলাৰ প্ৰথম মিচিং মহিলা শিক্ষয়িত্ৰী গৰাকীয়েই হৈছে নীলিমা
পাঠৰী মেদক— যাক সকলোৱেই নামিলী বাইদেউ বা নীলিমা বাইদেউ বুলি জানে।
১৯৩৬ চনৰ ২১ এপ্ৰিল তাৰিখে নীলিমা পাঠৰীৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল<noinclude></noinclude>
ikks0yybt2nmesvqg1bw6h6omh887f2
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৩২
104
92274
252834
251997
2026-06-07T07:14:57Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252834
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦ |৩১}}</noinclude>মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা + ৩১
দিচে পাঠৰী আৰু মাতৃ উম্পাই পাঠৰী। তিনিজনীকৈ বায়েক ক্ৰমে কেদাৰী, পেটুলী,
ৰাচাই আৰু ককায়েক পুণিৰামৰ সৈতে নীলিমা মেদকে শৈশৱ আৰু কৈশোৰৰ
জীৱন প্ৰকৃতিৰ কোলাতেই অতিবাহিত কৰিছিল। দেউতাক দিচৈ পাঠৰীৰ কমেও
পঞ্চাশ বিঘামান মাটি আছিল। ঘৰখনত আম, কঁঠাল, লেটেকু আদিৰ পৰা আৰম্ভ
কৰি প্ৰায়বোৰ থলুৱা ফল মূলৰ গছ দিচৈৰ হাবিখনত পোৱা গৈছিল। তদুপৰি গৰু-
ম'হৰ খুঁটি থকা দিচেৰ ঘৰখন ধান-মাহ সৰিয়হ, কুঁহিয়াৰ আদি খেতিৰে নদন-বদন
আছিল। সেয়ে হয়তো দিচৈৰ জীয়েক কেইজনী অতি তেজাল হৈ সকলোৰে
আগত জিলিকি উঠিছিল। উল্লেখযোগ্য যে মৃত্যু হোৱাৰ দিনাখনো নীলিমা মেদক
তেজাল দেহটোৰ গাল-মুখবোৰ ৰঙীন আৰু উজ্জ্বল হৈ আছিল। আনহাতেদি
ককায়েক পুনিৰামৰ লগতো সেই সময়ত যুঁজ লাগিবলৈ কোনো ডেকাই সাহস
নকৰিছিল। মল্লযুঁজত পাকৈত পুণিৰামৰ লগত এবাৰ একে বংশৰে খুড়াক এজনৰ
লগত পাল পৰিল। খুড়াকৰ লগত মল্লযুঁজৰ অৱতীৰ্ণ হ'বলৈ বেয়া পোৱাত সমগ্ৰ
অঞ্চলৰ ৰাইজে ঢেকীথোৰা এডালকে দুয়োজনৰ হাতত তুলি দিলে। দদায়ক
ভতিজাক দুয়ো ঢেকীথোৰাৰ দুটা মূৰত ধৰি টানিবলৈ ল'লে। কিন্তু ঢেকীথোৰা
দুটুকুৰা হৈ পৰিল— তেতিয়া কোন বেছিশক্তিশালী সেয়া নিৰ্ণীত নহ'ল। নীলিমাৰ
আজোককাক তুৱা পাঠৰীয়ে গণক পুখুৰীৰ টোলত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা
পাইছিল। তেওঁ জ্যোতিষ চৰ্চাত বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল বাবেই
সকলোৱে অঞ্চলত 'তুৱা পণ্ডিত' বুলি সম্বোধন কৰিছিল। তুৱা পণ্ডিতক মিচিং
জনজাতিৰ উপৰি অন্যান্য উচ্চ বৰ্ণৰ লোকসকলেও যথেষ্ট সন্মান কৰিছিল। তেনেকুৱা
এটা পৰিয়ালৰ পৰা জন্মলাভ কৰা নীলিমা স্বাভাৱিকতে দৃঢ়মনা হোৱাৰ লগতে
সাহসীও আছিল। ঘৰৰ সমস্ত কাম কৰা উপৰি বিদ্যালয়খনলৈ গৈ শিক্ষা লাভ
কৰিবলৈ নীলিমাই ওলাই আহিছিল। একে গাঁৱতে ১৯৪৭ চনত স্থাপন কৰা দুসুঁতিমুখ
মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হিচাপে নীলিমাই নামভৰ্ত্তি কৰিলে। সেই
সময়ত ষষ্ঠ শ্ৰেণী পাছ কৰিলেই শিক্ষকৰ চাকৰিৰ কাৰণে যোগ্য বুলি বিবেচিত
আছিল। প্ৰতিষ্ঠাকালীন বিদ্যালখনত মাত্ৰ তিনিজনী ছোৱালীয়ে ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ<noinclude></noinclude>
gmrqsm4s51cq58nn9rs5cocmyp70g5e
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৬২
104
92313
252832
252081
2026-06-07T07:11:09Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252832
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦ |৬১}}</noinclude>মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা + ৬১
পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোকৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখিব পাৰিছিল।
অসমৰ তিনিজনলৈ মুখ্যমন্ত্ৰী ক্ৰমে হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ
গগৈ আৰু সাংসদ দীপ গগৈ, বিধায়ক ভূপেন ভূঞা, জিতেন গগৈ, অৰুণ ফুকন
আদি অনেক নেতাই ডালিমীৰ ঘৰৰ পদাৰ্পন কৰি যায়। কেৱল সেয়াই নহয়
কেইবাজনো মুখ্যমন্ত্ৰী আৰু সাংসদেও ৰন্ধন শিল্পত পাকৈত ডালিমীৰ হাতেৰে
বংকুৱালৰ ঘৰলৈ আহি ভাত খাই যোৱাৰ কথা বংকুৱাল অঞ্চলৰ ৰাইজে দেখি
আহিছে। অসমৰ আগশাৰীৰ নেতাৰ লগত ঘণিষ্ঠ সম্পৰ্ক থকা বাবেই ডালিমীয়ে
বংকুৱাল অঞ্চলৰ পোন্ধৰ জনতকৈ অধিক যুৱকক চৰকাৰী চাকৰি দি বিভিন্ন বিভাগত
সংস্থাপিত কৰিছিল।
{{gap}}খেতি বাতিৰে পৰিপুৰ্ণ বংকোৱালৰ ৰূপ মহাবাহু ব্ৰহ্মপুত্ৰই ১৯৬২ চনত
সলাই পেলালে। কাৰণ অতীতৰ বংকুৱালখন বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গৈ
আছে। বংকুৱাল হাইস্কুলৰ পৰা আৰম্ভ কৰি বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু গাঁৱৰ
মানুহ গৰাখহনীয়াৰ কবলত পৰি থান-বান হ'ল। ‘একালৰ বৃন্দাবন একালত পৰে
ছন' বুলি কোৱাৰ দৰে বংকুৱালৰ অৱস্থাও তেনেকুৱা হ'ল। উজনি বংকুৱাল প্ৰাথমিক
বিদ্যালয়, বংকুৱাল মধ্য ইংৰাজী বিদ্যালয়, বংকুৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ
প্ৰাদেশীকৰণৰ কাম ডালিমীৰ নেতৃত্বতেই সম্পন্ন হৈছিল। বংকুৱাল অঞ্চলৰ
শিপিনীসকলক আগুৱাই নিবৰ বাবে বৰতলৰ প্লেটফৰ্মত এটা মিৰিজিম কেন্দ্ৰ
ডালিমীয়ে স্থাপন কৰিছিল। গুৱাহাটীৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ সেইসময়ৰ সঞ্চালক
ৰাজীৱ যাদৱৰ পৰা ডালিমীয়ে ছয় লাখ ষোল্লহাজাৰ টকা অনুমোদন কৰাই আনিছিল।
এতিয়া এই বস্ত্ৰ শিল্পৰ কেন্দ্ৰটো বন্ধ বুলি জানিব পৰা গৈছে। সেই সময়ৰ কমিছনাৰ
খগেন বৰগোহাঁই, কৰুণা বৰুৱা আদি বিষয়াসকলৰ লগত লগ লাগি তেওঁ কেন্দ্ৰটো
স্থাপন কৰিছিল।
{{gap}}সমাজকৰ্মী ডালিমী লইং আছিল এগৰাকী সুন্দৰ নৃত্য পটীয়সী। ১৯৮৩-
৮৪ চনৰ সময়ছোৱাত কমাৰগাঁৱৰ ধৰ্মেশ্বৰ হাজৰিকাৰ নেতৃত্বত দিল্লীত গৈ ডালিমীয়ে
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। প্ৰেমলাল
দাও, দিবেধৰ লইং গগন পাঠৰী, সৰুধন মৰাং, প্ৰহৰী লইং, জীৱা মৰাং, পতানী<noinclude></noinclude>
8ieynucsjx6tvzb1pjwxied089xrcfn
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৩৫
104
92339
252826
252198
2026-06-07T06:55:53Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252826
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৩৪|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
শিক্ষাগ্ৰহণ কৰি জিলাখনৰ ভিতৰতে প্ৰথম মেট্ৰিক পাছ কৰা মিচিং মহিলা পদ্মাৱতী
পেগু কুটুম নীলিমা মেদকৰেই অৱদান। কাৰণ নীলিমা মেদকক শিক্ষয়িত্ৰী হিচাপে
পাই পদ্মা পেগু কুটুমেও নিজকে যোগ্য কৰি তুলিবলৈ যত্নৱান হোৱাৰ কথা স্বীকাৰ
কৰে। মুঠৰ ওপৰত ডাক্তৰ, ইঞ্জিনীয়াৰৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ অধ্যাপক,
শতাধিক শিক্ষক, শতাধিক অন্যান্য বিভাগত নিযুক্তি লাভ কৰা চৰকাৰী চাকৰিয়াল,
সমাজ সংগঠক আদি নীলিমা মেদকৰ শিক্ষাদানবেই ফচল বুলিব পাৰি। ইয়াৰোপৰি
একোখন গাঁৱৰে মহিলা ইঞ্জিনীয়াৰ (সম্ভৱতঃ গীতা মেদকেই গোলাঘাট জিলাৰ
প্ৰথম মিচিং মহিলা ইঞ্জিনীয়াৰ), কেইবাগৰাকী মহিলা শিক্ষয়িত্ৰী, কেইবাগৰাকী
নাচ, মহিলা সংগঠক আগবাঢ়ি ওলাই অহাটো নীলিমা মেদকৰেই ভূমিকা বুলি
স্বীকাৰ কৰিব লাগিব।
{{gap}}নীলিমা মেদক কেৱল এগৰাকী বিদ্যানুৰাগী শিক্ষয়িত্ৰীয়েই নাছিল এগৰাকী
সু-গৃহিণী হিচাপেও তেওঁ পৰিচিত। তেওঁৰ পাঁচোটাকৈ সন্তান ক্ৰমে ৰত্নাৱতী,
বাণীকান্ত, প্ৰবীণ, ৰাজুমণি আৰু মিগমক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি থৈ গৈছে।
অৱশ্যে ১৯৭৮ চনতেই তেওঁৰ মাজুপুত্ৰ প্ৰবীণ সপ্তম মান শ্ৰেণীত পঢ়ি থাকোতেই
এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ইহসংসাৰৰ পৰা মেলানি মাগিলে। জানিব
পৰামতে তেওঁ সুন্দৰ কবিতা লিখিছিল আৰু অধ্যয়নশীল ছাত্ৰ আছিল। অকালতে
বিয়োগ হোৱা প্ৰতিভাৱান যুৱকজনৰ পৰা নিশ্চয় সমাজে যথেষ্ট সৃষ্টিশীল সাহিত্য
লাভ কৰিলেহেঁতেন। ডাঙৰ জী ৰত্নাৱতী মেদকে স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে
গড়কাপ্তানি বিভাগত কৰ্মৰত আছিল। চাকৰি জীৱন শেষ কৰিবলৈ নৌ-পাওঁতেই
২০১৭ চনৰ ২২ জুন তাৰিখে (মাতৃতকৈ প্ৰায় এমাহ আগত) ইহসংসাৰৰ পৰা
আঁতৰি গ'ল। সেইদৰে সৰু জী ৰাজুমণি মেদক দুসুঁতি মুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ
সহকাৰী শিক্ষয়িত্ৰী আছিল। নিষ্ঠুৰ নিয়তিয়ে ৰাজুমণিকো ২০০৭ চনত এই পৃথিৱীৰ
পৰা আঁতৰাই নিলে। বৰপুত্ৰ বাণীকান্ত মেদক বি.কম ডিগ্ৰীধাৰী হোৱাৰ লগতে মীন
পালন বিভাগত বৰ্তমান কৰ্মৰত আৰু সৰু পুত্ৰ মিগম মেদক জলসিঞ্চন বিভাগৰ
কাৰ্য্যবাহী অভিযন্তা হোৱাৰ লগতে সমাজকৰ্মীও। মিগম মেদকে সমাজৰ উত্তৰণৰ
বিভিন্ন দিশত আগৰণুৱা হৈ কমেও দুটা দশক ধৰি নিষ্ঠাৰে সেৱা আগবঢ়াই অহা<noinclude></noinclude>
fra53mct0fsre4srsp7me83zo1qqk2s
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৩৪
104
92340
252835
252199
2026-06-07T07:17:33Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252835
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦ |৩৩}}</noinclude>
২১ জানুৱাৰীত যোগদান কৰে। একেখন বিদ্যালয়তে আজীৱন শিক্ষাদান কৰি ১৯৯৪
চনৰ ৩০ এপ্ৰিল তাৰিখে অৱসৰ গ্ৰহণ কৰে।
'''সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত নীলিমা মেদকৰ ভূমিকাঃ'''
{{gap}}নীলিমা মেদক কেৱল বিদ্যালয়ৰ পাঠদানতেই সীমাৱদ্ধ থকা শিক্ষয়িত্ৰী
নাছিল। বিদ্যালয়ত প্ৰদান কৰা গৃহকৰ্ম ভালদৰে কৰিছেনে নাই, বিদ্যালয়ত পঢ়া
ছাত্ৰ-ছাত্ৰীসকলে নিতৌ অধ্যয়ন অব্যাহত ৰাখিছেনে নাই, কোনোবাই কাম-বন
নকৰি ধিতিঙালি কোবাই ফুৰিছে নেকি... ইত্যাদি বিষয়বোৰত চোকা নজৰ ৰাখিছিল।
কেতিয়াবা বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পঢ়াৰ বা-বাতৰি লৈ
চেকনিৰেও কোবাইছিল। নীলিমা মেদক যিহেতু গাঁওখন আৰু অঞ্চলটোৰ প্ৰথম
আৰু একমাত্ৰ মহিলা শিক্ষয়িত্ৰী আছিল সেয়ে সকলোৱে তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধা
আৰু সমীহ কৰি চলিছিল। স্বামী ৰাম চন্দ্ৰ মেদকৰ দৰে নীলিমা মেদকো অসমীয়া
ভাষা অতি স্পষ্টকৈ ক'ব পাৰিছিল। যাৰকাৰণে তেওঁৰ আটাইকেইটা ল'ৰাছোৱালীয়ে
অতি সুন্দৰ আৰু সাৱলীল অসমীয়া ভাষা ব্যৱহাৰ কৰিব পাৰে। কেৱল সেয়ে নহয়
তেওঁ শিক্ষাদান কৰা (বিশেষকৈ পুৰণি চামৰ ছাত্ৰ-ছাত্ৰী যিসকল এতিয়াও জীৱিত
ব্যক্তিসকলে শুদ্ধ অসমীয়া ক'ব পৰাটো তেওঁৰেই কৃতিত্ব বুলিব পাৰি। আচৰিত
লাগিলেও সঁচা কথা যে দুসুঁতিমুখ গাঁৱৰে পুৰণি চামৰ ছাত্ৰসকলৰ অসমীয়া ভাষাৰ
উচ্চাৰণ এতিয়াৰ চামৰ শিক্ষিত যুৱক-যুৱতীসকলতকৈ বহুগুণে শুদ্ধ। নীলিমা মেদকে
· শিক্ষাদান দিয়া কৃতী ছাত্ৰ-ছাত্ৰীৰ তালিকাখন বোধকৰো জনজাতীয় অঞ্চল
ভিতৰতেই হয়তো লেখত ল'বলগীয়া হ'ব পাৰে। বেছি দুৰলৈ নগৈ দুই এটা
উদাহৰণ দিলেই যথেষ্ট হ'ব। গোলাঘাট জিলাৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী মিচিং
ব্যক্তি তথা বিশিষ্ট লেখক টংকেশ্বৰ লইং নীলিমা মেদকৰ বায়েক পেটুলী লইঙৰ
পুত্ৰ। টংকেশ্বৰ লইঙে লিখা প্ৰৱন্ধসমূহ বৰ্ত্তমান অসম তথা ভাৰতবৰ্ষৰ ভৌগোলিক
পৰিসীমা অতিক্ৰম কৰি কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ৰ (McGill Univer-
sity Canada) গৱেষকৰ গৱেষণা গ্ৰন্থত স্থান পোৱা বিষয়টোৱে নীলিমা মেদকৰ
নিজ হাতে গঢ়া ফচল বুলি স্বীকাৰ কৰিব লাগিব। সেইদৰে গাঁৱৰ বিদ্যালয়তে<noinclude></noinclude>
e09tazol68qf57tiru3pthzi9csz5g4
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৬০
104
92352
252818
252232
2026-06-07T01:37:35Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252818
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|| মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ |৫৯}}</noinclude>
প্ৰথম মতবাদৰ মতে বঙ্কোৱালসকল প্ৰথমে বংকু নামৰ বিল এখনৰ পাৰত বাস
কৰিবলৈ লৈছিল। এই বিলৰ পাৰত বহু বছৰ বাস কৰিছিল আৰু কালক্ৰমত বিলখনৰ
নামানুযায়ী গাঁওখনৰ নামো বংকুৱাল হ'ল। সেইদৰে কালক্ৰমত বংকুৱাল নামটো
গাঁৱৰ পৰা সম্প্ৰসাৰিত হৈ তাত বাস কৰা মানুহখিনিক সামৰি লৈছিল আৰু পিছৰ
কালত খেলটোৰ নামো বংকুৱাল হ'ল। ”
{{Gap}}দ্বিতীয় মতবাদত পুষ্পচন্দ্ৰ লইঙে বংকু বিলৰ পাৰত বাস কৰা সময়ছোৱাত
এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈ শত্ৰুপক্ষক আক্ৰমন কৰাৰ পৰিৱৰ্তে এন্ধাৰ
ৰাতি আত্মীয়-স্বজনকে শত্ৰুপক্ষ বুলি ভাবি হত্যা কৰিছিল অৰ্থাৎ বংশ পৰিয়ালক
কাটি অহা বাবেই বংকুৱাল হ'ল বুলি উল্লেখ কৰিছে।
{{gap}}এই বংকু বিল শদিয়াৰ পৰা লক্ষীমপুৰৰ ভিতৰত কোনাবা ঠাইত আছিল
বুলি লেখকে উল্লেখ কৰিছে। মিচিংসকলৰ ভিতৰত বংকুৱাল খেলৰ লোকসকলৰ
মাজত এক শক্তিশালী দৃষ্টিভংগী আৰু সৃষ্টিশীল মনৰ পৰিচয় সততে পৰিলক্ষিত
হয়। তদুপৰি বংকুৱাল অঞ্চলটো এটা সময়ত প্ৰাচুৰ্য্যৰে পৰিপূৰ্ণ আছিল। সেই
বিষয়ে মুহিৰাম লইঙৰ সম্পাদনাত প্ৰকাশ পোৱা “আদৰ্শ শিক্ষক দেবেশ্বৰ লইং”
গ্ৰন্থখনত মাণিক চন্দ্ৰ দাৱে (পৃ ২৯ আৰু ৩০) লিখিছে “গাঁৱৰ আগফালে বৈ
গৈছিল এসোঁতা পানী দিচে উপসুঁতি। নৈলেকে এক বিস্তৃত অঞ্চল সেউজীয়া ন’ল
খাগৰি, ইকৰা, বিৰিণা, কহুঁৱা তাৰ মাজে মাজে বিল, খাল, জান-জুৰি আৰু বাওধানৰ
খেতি। পিছফালে গেজেপ খাই থকা বাঁহনি-কাঠনি, বাৰীত আম-কঠাল, মাটি কঠাল,
জামু, লেতেকু, পনীয়ল আদি নানা বিধ গছ-গছনি আৰু কাষে কাষে নিকৰি মিৰি
গড়কাপ্তানী আলি আৰু এখন বিস্তৃত শস্যৰ পথাৰ। গাঁওখনৰ কৃষিজীৱি লোকসকলে
ধান, মাহ, সৰিয়হ, তিল, ৰঙালাও, আলু, মৰাপাট প্ৰচুৰ পৰিমানে উৎপাদন কৰাৰ
লগতে খেৰ, কাঠ, ইকৰা খাগৰি, ন'ল- বিৰিণা আদি প্ৰাকৃতিক সম্পদতো চহকী
আছিল। উল্লেখ প্ৰয়োজনীয় যে অতীতত আমাৰ গাঁৱলীয়া মানুহৰ ঘৰৰ বেৰ ইকৰাৰে
বনাই লৈছিল। জেওৰা ভেটাৰ কাম নল খাগৰি আৰু বিৰিণা বনেৰে কৰিছিল। ঘৰে
ঘৰে মেটমৰা গুছি ধানৰ ভঁৰাল। নৈ বিলবোৰত অঞ্চলটোৰ আটাইকেইখন গাঁৱৰ
মানুহ একগোট হৈ মাছ মাৰি খায়। মাঘ বিহুত দিচৈ নৈৰ বালিত ছয়কুৰি বংকুৱাল<noinclude></noinclude>
86vm0kuwdlku4cwu4pyrqxq22ijbhid
252819
252818
2026-06-07T01:38:12Z
নৰুনা বৰুৱা
4110
252819
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦|৫৯}}</noinclude>
প্ৰথম মতবাদৰ মতে বঙ্কোৱালসকল প্ৰথমে বংকু নামৰ বিল এখনৰ পাৰত বাস
কৰিবলৈ লৈছিল। এই বিলৰ পাৰত বহু বছৰ বাস কৰিছিল আৰু কালক্ৰমত বিলখনৰ
নামানুযায়ী গাঁওখনৰ নামো বংকুৱাল হ'ল। সেইদৰে কালক্ৰমত বংকুৱাল নামটো
গাঁৱৰ পৰা সম্প্ৰসাৰিত হৈ তাত বাস কৰা মানুহখিনিক সামৰি লৈছিল আৰু পিছৰ
কালত খেলটোৰ নামো বংকুৱাল হ'ল। ”
{{Gap}}দ্বিতীয় মতবাদত পুষ্পচন্দ্ৰ লইঙে বংকু বিলৰ পাৰত বাস কৰা সময়ছোৱাত
এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈ শত্ৰুপক্ষক আক্ৰমন কৰাৰ পৰিৱৰ্তে এন্ধাৰ
ৰাতি আত্মীয়-স্বজনকে শত্ৰুপক্ষ বুলি ভাবি হত্যা কৰিছিল অৰ্থাৎ বংশ পৰিয়ালক
কাটি অহা বাবেই বংকুৱাল হ'ল বুলি উল্লেখ কৰিছে।
{{gap}}এই বংকু বিল শদিয়াৰ পৰা লক্ষীমপুৰৰ ভিতৰত কোনাবা ঠাইত আছিল
বুলি লেখকে উল্লেখ কৰিছে। মিচিংসকলৰ ভিতৰত বংকুৱাল খেলৰ লোকসকলৰ
মাজত এক শক্তিশালী দৃষ্টিভংগী আৰু সৃষ্টিশীল মনৰ পৰিচয় সততে পৰিলক্ষিত
হয়। তদুপৰি বংকুৱাল অঞ্চলটো এটা সময়ত প্ৰাচুৰ্য্যৰে পৰিপূৰ্ণ আছিল। সেই
বিষয়ে মুহিৰাম লইঙৰ সম্পাদনাত প্ৰকাশ পোৱা “আদৰ্শ শিক্ষক দেবেশ্বৰ লইং”
গ্ৰন্থখনত মাণিক চন্দ্ৰ দাৱে (পৃ ২৯ আৰু ৩০) লিখিছে “গাঁৱৰ আগফালে বৈ
গৈছিল এসোঁতা পানী দিচে উপসুঁতি। নৈলেকে এক বিস্তৃত অঞ্চল সেউজীয়া ন’ল
খাগৰি, ইকৰা, বিৰিণা, কহুঁৱা তাৰ মাজে মাজে বিল, খাল, জান-জুৰি আৰু বাওধানৰ
খেতি। পিছফালে গেজেপ খাই থকা বাঁহনি-কাঠনি, বাৰীত আম-কঠাল, মাটি কঠাল,
জামু, লেতেকু, পনীয়ল আদি নানা বিধ গছ-গছনি আৰু কাষে কাষে নিকৰি মিৰি
গড়কাপ্তানী আলি আৰু এখন বিস্তৃত শস্যৰ পথাৰ। গাঁওখনৰ কৃষিজীৱি লোকসকলে
ধান, মাহ, সৰিয়হ, তিল, ৰঙালাও, আলু, মৰাপাট প্ৰচুৰ পৰিমানে উৎপাদন কৰাৰ
লগতে খেৰ, কাঠ, ইকৰা খাগৰি, ন'ল- বিৰিণা আদি প্ৰাকৃতিক সম্পদতো চহকী
আছিল। উল্লেখ প্ৰয়োজনীয় যে অতীতত আমাৰ গাঁৱলীয়া মানুহৰ ঘৰৰ বেৰ ইকৰাৰে
বনাই লৈছিল। জেওৰা ভেটাৰ কাম নল খাগৰি আৰু বিৰিণা বনেৰে কৰিছিল। ঘৰে
ঘৰে মেটমৰা গুছি ধানৰ ভঁৰাল। নৈ বিলবোৰত অঞ্চলটোৰ আটাইকেইখন গাঁৱৰ
মানুহ একগোট হৈ মাছ মাৰি খায়। মাঘ বিহুত দিচৈ নৈৰ বালিত ছয়কুৰি বংকুৱাল<noinclude></noinclude>
ss231wk7q63siqhyd9pisevvo41l4eb
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৬১
104
92353
252821
252233
2026-06-07T06:38:40Z
নৰুনা বৰুৱা
4110
252821
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|৬০|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
গঞা একেটা ঘাটতে প্ৰাতঃ স্নান কৰি মেজিত জুই ফুৱায়। বহাগৰ বিহুত গাওঁখনৰে
পুবমুৰৰ পৰা পশ্চিমলৈ ডেকা গাভৰুৱে বিহু নাচি হেঁপাহ নপলায়। গাঁৱৰ মানুহৰ
মৰম স্নেহ এনাজৰী সুমধুৰ আছিল।” এনে এক অৱস্থাৰ মাজতেই উজনি বংকুৱাল
গাঁৱত জন্ম হৈছিল ডালিমী লইঙৰ।
ডালিমী লইঙে কিমান চনত জন্ম হৈছিল সঠিককৈ নিজে নাজানে যদিও
১৯৫০চনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পৰা হাত সাৰিবলৈ দুবৰি বনত ধৰি নিজকে
ৰক্ষা কৰাৰ কথা মনত আছে বুলি সাক্ষাৎকাৰত কৈছিল। ভূমিকম্প হোৱাৰ দুমাহৰ
আগত হেনো কোবাল ব্ৰহ্মপুত্ৰ নদীয়েদি কাঠৰ ওপৰত কাঠ উটি গৈছিল। ভয়ংকৰ
ভূমিকম্পই ডাঙৰ খাল-বিলবোৰ পুতি গৈছিল। ডালিমী লইঙে আনুষ্ঠানিক শিক্ষা
গ্ৰহণ কৰা নাছিল যদিও মাহীয়েকৰ ল'ৰা মহেশ্বৰ লইণ্ডৰ ওচৰত চহী কৰিবলৈ
শিকিছিল। দেউতাক জমাদাৰ লইং আৰু মাতৃ পেটুলী লইঙে সেইসময়ত খেতি
বাতি কৰি পাৰয়ালটো পোহপাল দিব লগা হৈছিল। ঘৰৰ বৰ জীয়ৰী হিচাপে
সৰুতেই যথেষ্ট গধুৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছিল। শৈশৱ আৰু কৈশোৰ
অৱস্থাৰ মাজত জীৱনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লওঁতেই তিনিটাকৈ ভায়েক বাংলু,
মণিগাম, সোণাৰাম আৰু ভনীয়েক বুটুগুটিক নিয়তিয়ে ইহসংসাৰৰ পৰা লৈ গ'ল।
তেনে কৰুণ জীৱনৰ আৰম্ভনিৰে পাতনি মেলা এইগৰাকী সাহসী নাৰীয়ে দুটা
ভায়েক সৰুৰাম আৰু ডিম্বেশ্বৰ আৰু ভনীয়েক গোলাপীক লৈ সকলো বাধা নেওচি
সেই সময়ত সামাজিক কাম-কাজ কৰিবৰ বাবে আগবাঢ়ি অহাটো মানিবলগীয়া।
মিচিং সমাজ ব্যৱস্থাত নাৰীৰ বাবে থকা কঠোৰ বান্ধোনকো নেওচি ডালিমী
লইঙে গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ অধীনত ঠিকা কৰিছিল। বিশেষেকৈ ৰাস্তা
ঘাট নোহোৱা ঠাইত ৰাস্তা-ঘাট নিৰ্মাণ কৰা, দলং নিৰ্মাণ কৰা, সাঁকো দিয়া আদিৰ
ঠিকা কৰিছিল। ভাতৃ মহেশ্বৰ লইং আৰু নোমল মৰাঙক আবেদন পত্ৰ, দাবী চনদ,
স্মাৰক পত্ৰ আদি লেখিবলৈ দি মহকুমাধিপতি, উপায়ুক্ত আদিক দাবী জনাই ৰাজা,
দলং নিৰ্মাণ কৰাৰ উপৰি গুৱাহাটীলৈ গৈ বিভিন্ন বিভাগৰ সঞ্চালকক লগ ধৰি
হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ প্ৰতিষ্ঠান, ক্ষুদ্ৰ উদ্যোগ আদিৰো অনুমোদন লৈ আনিছিল।
ডালিমী লইং নেতৃত্ব গুণৰ অধিকাৰিনী আছিল বাবেই মন্ত্ৰী আমোলৰ<noinclude></noinclude>
dvfwxu25emp55idhzuk0hfig6zw8bi0
252822
252821
2026-06-07T06:41:27Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252822
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৬০|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>
গঞা একেটা ঘাটতে প্ৰাতঃ স্নান কৰি মেজিত জুই ফুৱায়। বহাগৰ বিহুত গাওঁখনৰে
পুবমুৰৰ পৰা পশ্চিমলৈ ডেকা গাভৰুৱে বিহু নাচি হেঁপাহ নপলায়। গাঁৱৰ মানুহৰ
মৰম স্নেহ এনাজৰী সুমধুৰ আছিল।” এনে এক অৱস্থাৰ মাজতেই উজনি বংকুৱাল
গাঁৱত জন্ম হৈছিল ডালিমী লইঙৰ।
{{gap}}ডালিমী লইঙে কিমান চনত জন্ম হৈছিল সঠিককৈ নিজে নাজানে যদিও
১৯৫০চনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পৰা হাত সাৰিবলৈ দুবৰি বনত ধৰি নিজকে
ৰক্ষা কৰাৰ কথা মনত আছে বুলি সাক্ষাৎকাৰত কৈছিল। ভূমিকম্প হোৱাৰ দুমাহৰ
আগত হেনো কোবাল ব্ৰহ্মপুত্ৰ নদীয়েদি কাঠৰ ওপৰত কাঠ উটি গৈছিল। ভয়ংকৰ
ভূমিকম্পই ডাঙৰ খাল-বিলবোৰ পুতি গৈছিল। ডালিমী লইঙে আনুষ্ঠানিক শিক্ষা
গ্ৰহণ কৰা নাছিল যদিও মাহীয়েকৰ ল'ৰা মহেশ্বৰ লইণ্ডৰ ওচৰত চহী কৰিবলৈ
শিকিছিল। দেউতাক জমাদাৰ লইং আৰু মাতৃ পেটুলী লইঙে সেইসময়ত খেতি
বাতি কৰি পাৰয়ালটো পোহপাল দিব লগা হৈছিল। ঘৰৰ বৰ জীয়ৰী হিচাপে
সৰুতেই যথেষ্ট গধুৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছিল। শৈশৱ আৰু কৈশোৰ
অৱস্থাৰ মাজত জীৱনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লওঁতেই তিনিটাকৈ ভায়েক বাংলু,
মণিগাম, সোণাৰাম আৰু ভনীয়েক বুটুগুটিক নিয়তিয়ে ইহসংসাৰৰ পৰা লৈ গ'ল।
তেনে কৰুণ জীৱনৰ আৰম্ভনিৰে পাতনি মেলা এইগৰাকী সাহসী নাৰীয়ে দুটা
ভায়েক সৰুৰাম আৰু ডিম্বেশ্বৰ আৰু ভনীয়েক গোলাপীক লৈ সকলো বাধা নেওচি
সেই সময়ত সামাজিক কাম-কাজ কৰিবৰ বাবে আগবাঢ়ি অহাটো মানিবলগীয়া।
{{Gap}}মিচিং সমাজ ব্যৱস্থাত নাৰীৰ বাবে থকা কঠোৰ বান্ধোনকো নেওচি ডালিমী
লইঙে গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ অধীনত ঠিকা কৰিছিল। বিশেষেকৈ ৰাস্তা
ঘাট নোহোৱা ঠাইত ৰাস্তা-ঘাট নিৰ্মাণ কৰা, দলং নিৰ্মাণ কৰা, সাঁকো দিয়া আদিৰ
ঠিকা কৰিছিল। ভাতৃ মহেশ্বৰ লইং আৰু নোমল মৰাঙক আবেদন পত্ৰ, দাবী চনদ,
স্মাৰক পত্ৰ আদি লেখিবলৈ দি মহকুমাধিপতি, উপায়ুক্ত আদিক দাবী জনাই ৰাস্তা,
দলং নিৰ্মাণ কৰাৰ উপৰি গুৱাহাটীলৈ গৈ বিভিন্ন বিভাগৰ সঞ্চালকক লগ ধৰি
হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ প্ৰতিষ্ঠান, ক্ষুদ্ৰ উদ্যোগ আদিৰো অনুমোদন লৈ আনিছিল।
{{Gap}}ডালিমী লইং নেতৃত্ব গুণৰ অধিকাৰিনী আছিল বাবেই মন্ত্ৰী আমোলৰ<noinclude></noinclude>
ebdix7nydsuf7ycnc742sjw99yz2qic
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৩৮
104
92379
252828
252354
2026-06-07T07:02:10Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
252828
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ |৩৭}}</noinclude>
(IAS) উত্তীৰ্ণ হোৱা বিশ্বজিৎ পেগু (বৰ্তমান নগাঁও জিলাৰ উপায়ুক্ত) গোলাপী
পেগুৰ ককায়েক ৰমেশ পেগুৰ নিজা নাতি।
{{gap}}১৯৩২ চনৰ ১৪ আগষ্ট তাৰিখে গোলাপী পেগুৰ জন্ম হয়। পিতৃৰ নাম
আছিল জেতুকা পেগু আৰু মাতৃ ডালিমী পেগু। দেউতাক জেতুকা গাঁওবুঢ়াৰ
সেইসময়ত এশ পুৰাতকৈ বেছি কৃষিভূমি আছিল। ব্ৰহ্মপুত্ৰৰ পলস পৰা দুসুঁতি মুখ
অঞ্চলত ধান, মাহ, সৰিয়হ আদি প্ৰচুৰ পৰিমাণে হৈছিল। জেতুকা গাঁওবুঢ়াই
সেইসময়ত প্ৰতিপত্তিশীল মানুহ আছিল বাবেই গাঁওখনৰ সকলো মানুহ তেওঁৰ
ঘৰত গোট খাইহে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই জেতুকা গাঁওবুঢ়াৰ জীয়ৰী
গোলাপী সৰুৰেপৰাই দেখাত অতি মৰমলগা আছিল। বিশেষকৈ উজ্জ্বল, প্ৰগাঢ়
ৰঙৰ ছোৱালীজনী সৰুৰেপৰাই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ১৯৪৭
চনত দুসুঁতিমুখ মধ্য ইংৰাজী বিদ্যালয়খন স্থাপিত হোৱাত মাত্ৰ তিনিগৰাকী ছাত্ৰীয়ে
নামভৰ্ত্তি কৰিছিল। তেওঁলোক আছিল ক্ৰমে নীলিমা মেদক (গোলাঘাট জিলাৰ
প্ৰথম মিচিং শিক্ষয়িত্ৰী), বীনা মেদক আৰু গোলাপী পেগু। গোলাপী পেগুৱে
ষষ্ঠমান শ্ৰেণীলৈকে পঢ়ি তেওঁৰ স্কুলীয়া জীৱন সামৰণি মাৰিছিল।
{{Gap}}“সুন্দৰী নাৰীৰ প্ৰতি দেৱতাৰো আকৰ্ষণ আছে” বুলি অসমীয়াত এষাৰ
কথা আছে। গোলাপী পেগু কেৱল দেখাই শুনাই যে দিপলিপ আছিল তেনে
নহয়— বোৱা কটাৰ পৰা আৰম্ভ কৰি মিচিংসকলৰ বিখ্যাত “পঃৰ আপং” প্ৰস্তুত
কৰা কৌশলতো তেওঁ আছিল সিদ্ধহস্ত। মিচিংসকলৰ উপৰি অন্যান্য জনগোষ্ঠীৰ
লোকেও গোলাপী পেগুৱে প্ৰস্তুত কৰা পঃৰ আপঙৰ গুলপীয়া ৰাগীৰে জুতি ল'বলৈ
পাই ধন্য মানিছিল।
{{Gap}}পঃৰ আপং, পিতাং অইং (পিঠাৰে প্ৰস্তুত কৰা মিচিং আঞ্জা বিশেষ) আদি
গোলাপী পেগুৱে এনেদৰে প্ৰস্তুত কৰাৰ কৌশল নিজে উদ্ভাৱন কৰিছিল যে এবাৰ
যি গোলাপী পেগুৱে ৰন্ধা উপাদেয় আহাৰ গ্ৰহণ কৰিছে তেওঁ Five Star Hotel
ৰ খাদ্যকো আওকাণ কৰিব। বয়ন শিল্পত অতি নিপুন এইগৰাকী শিল্পীয়ে ১৯৬২
চনত ‘মিচিং বানে কীবাঙ’ৰ কুলাজান অধিৱেশনত মুখ্য অতিথি হিচাপে অহা ভাৰতৰ
তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিজ হাতে প্ৰস্তুত কৰা মিচিং মেখেলা-চাদৰ,<noinclude></noinclude>
g1kmjiz0orhmwbezp547v9e0bvqpdgh
252829
252828
2026-06-07T07:02:49Z
নৰুনা বৰুৱা
4110
252829
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦ |৩৭}}</noinclude>
(IAS) উত্তীৰ্ণ হোৱা বিশ্বজিৎ পেগু (বৰ্তমান নগাঁও জিলাৰ উপায়ুক্ত) গোলাপী
পেগুৰ ককায়েক ৰমেশ পেগুৰ নিজা নাতি।
{{gap}}১৯৩২ চনৰ ১৪ আগষ্ট তাৰিখে গোলাপী পেগুৰ জন্ম হয়। পিতৃৰ নাম
আছিল জেতুকা পেগু আৰু মাতৃ ডালিমী পেগু। দেউতাক জেতুকা গাঁওবুঢ়াৰ
সেইসময়ত এশ পুৰাতকৈ বেছি কৃষিভূমি আছিল। ব্ৰহ্মপুত্ৰৰ পলস পৰা দুসুঁতি মুখ
অঞ্চলত ধান, মাহ, সৰিয়হ আদি প্ৰচুৰ পৰিমাণে হৈছিল। জেতুকা গাঁওবুঢ়াই
সেইসময়ত প্ৰতিপত্তিশীল মানুহ আছিল বাবেই গাঁওখনৰ সকলো মানুহ তেওঁৰ
ঘৰত গোট খাইহে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই জেতুকা গাঁওবুঢ়াৰ জীয়ৰী
গোলাপী সৰুৰেপৰাই দেখাত অতি মৰমলগা আছিল। বিশেষকৈ উজ্জ্বল, প্ৰগাঢ়
ৰঙৰ ছোৱালীজনী সৰুৰেপৰাই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ১৯৪৭
চনত দুসুঁতিমুখ মধ্য ইংৰাজী বিদ্যালয়খন স্থাপিত হোৱাত মাত্ৰ তিনিগৰাকী ছাত্ৰীয়ে
নামভৰ্ত্তি কৰিছিল। তেওঁলোক আছিল ক্ৰমে নীলিমা মেদক (গোলাঘাট জিলাৰ
প্ৰথম মিচিং শিক্ষয়িত্ৰী), বীনা মেদক আৰু গোলাপী পেগু। গোলাপী পেগুৱে
ষষ্ঠমান শ্ৰেণীলৈকে পঢ়ি তেওঁৰ স্কুলীয়া জীৱন সামৰণি মাৰিছিল।
{{Gap}}“সুন্দৰী নাৰীৰ প্ৰতি দেৱতাৰো আকৰ্ষণ আছে” বুলি অসমীয়াত এষাৰ
কথা আছে। গোলাপী পেগু কেৱল দেখাই শুনাই যে দিপলিপ আছিল তেনে
নহয়— বোৱা কটাৰ পৰা আৰম্ভ কৰি মিচিংসকলৰ বিখ্যাত “পঃৰ আপং” প্ৰস্তুত
কৰা কৌশলতো তেওঁ আছিল সিদ্ধহস্ত। মিচিংসকলৰ উপৰি অন্যান্য জনগোষ্ঠীৰ
লোকেও গোলাপী পেগুৱে প্ৰস্তুত কৰা পঃৰ আপঙৰ গুলপীয়া ৰাগীৰে জুতি ল'বলৈ
পাই ধন্য মানিছিল।
{{Gap}}পঃৰ আপং, পিতাং অইং (পিঠাৰে প্ৰস্তুত কৰা মিচিং আঞ্জা বিশেষ) আদি
গোলাপী পেগুৱে এনেদৰে প্ৰস্তুত কৰাৰ কৌশল নিজে উদ্ভাৱন কৰিছিল যে এবাৰ
যি গোলাপী পেগুৱে ৰন্ধা উপাদেয় আহাৰ গ্ৰহণ কৰিছে তেওঁ Five Star Hotel
ৰ খাদ্যকো আওকাণ কৰিব। বয়ন শিল্পত অতি নিপুন এইগৰাকী শিল্পীয়ে ১৯৬২
চনত ‘মিচিং বানে কীবাঙ’ৰ কুলাজান অধিৱেশনত মুখ্য অতিথি হিচাপে অহা ভাৰতৰ
তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিজ হাতে প্ৰস্তুত কৰা মিচিং মেখেলা-চাদৰ,<noinclude></noinclude>
ni7ogur0g4n0yv3yjmluni5tcgghtu0