ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.16 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk সদস্য বাৰ্তা:Max 3 66838 257655 255061 2026-08-19T00:01:49Z JJPMaster 2328 পৃষ্ঠা [[সদস্য বাৰ্তা:DreamRimmer]]ৰ পৰা [[সদস্য বাৰ্তা:Max]]লৈ JJPMasterয়ে স্থানান্তৰ কৰিলে: Automatically moved page while renaming the user "[[Special:CentralAuth/DreamRimmer|DreamRimmer]]" to "[[Special:CentralAuth/Max|Max]]" 182009 wikitext text/x-wiki {{tmbox | type = notice | image = [[চিত্ৰ:Wikisource-logo-as-3.svg|135px|left]] | imageright = [[চিত্ৰ:Assamese Jaapi.png|135px]] | style = border: 1px blue solid; | textstyle = | text = {{Center|<big>{{#if: {{{1}}} |'''নমস্কাৰ, {{#if: | {{{1}}} | {{BASEPAGENAME}} }}<br/>}}}} {{Center|'''অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ!'''</big><br/><br/> আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। '''ৱিকিউৎস''' (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়। অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে। অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে। যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ]] তালিকা চাওক।}}<br/> <center>'''ইয়াৰ উপৰিও ফেচবুকত আমাৰ [https://www.facebook.com/groups/assamwikigroup/ ''Assamese Wikipedia Community''] বুলি এটা আলোচনা গোট আছে। ৱিকিমিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। '''</center> <center>আশা কৰোঁ ৱিকিউৎসত সম্পাদনা কৰি আৰু এজন ৱিকিমিডিয়ান হোৱাটো উপভোগ কৰিব।<br/> টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ [https://twitter.com/aswikisource ইয়াত ক্লিক কৰক]।</center> | small = / yes | smallimage = none / [[Image:Some image.svg|30px]] | smallimageright = none / [[Image:Some image.svg|30px]] | smalltext = আদৰণি }} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ১০:৪৮, ২২ ডিচেম্বৰ ২০২৩ (IST) <!-- This welcome message is delivered by [[User:AdoroniBot|AdoroniBot]] on behalf of Assamese Wikimedia Community. --> hgfogbxs8xe18o1x40so5jl9zodlkph পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৭০ 104 93868 257631 257561 2026-08-18T16:08:10Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257631 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|{{larger|'''—ন—'''}}}} {{gap}}শ‍ইকীয়াই যেতিয়া সম্পূৰ্ণ জ্ঞান ফিৰাই পালে তেতিয়া নিশা ন বাজিছে। চকুমেলি চাই সম্মুখতে নাৰ্চৰ গালভৰা হাঁহিমুখখনি দেখি এবাৰ কোঠালীৰ চাৰিওফালে চকুফুৰাই চাই আচৰিত হৈ সুধিলে “কি! ম‍ই এতিয়া আস্পতালত আছো নেকি?” {{gap}}নাৰ্চে উত্তৰ দিলে “হয়, কিন্তু আপুনি মুঠেই কথা নকব মিঃ শ‍ইকীয়া। ডাক্তৰৰ মানা......” {{gap}}হাঁহিমাৰি শ‍ইকীয়াই ক’লে “ভয় নাই চিষ্টাৰ, ভয় নাই। ম‍ই সম্পূৰ্ণ সুস্থ হৈছো। কিন্তু মোৰ কি হৈছিল কোৱাচোন? কোনো কথা মনত নপৰে......” {{gap}}“কথা পাতিবৰ হুকুম নাই, মিঃ শ‍ইকীয়া। আপুনি মনে মনে শুই থাকক, মই ডাক্তৰ চাহাবক ফোন কৰোগৈ। তেখেত আহি পালে ....” {{gap}}বাধা দি শ‍ইকীয়াই ক’লে “অসম্ভৱ। তিমান পৰলৈ ম‍ই ধৈৰ্য্য ধৰি থাকিব নোৱাৰিম। মোৰ কথাৰ উত্তৰ নিদিলে মই বেছিকৈ চিঞৰিম আৰু উঠি বাহিৰলৈ লৰ মাৰিম.......” {{gap}}নাৰ্চৰ মনত ভয় লাগিল কিজানি শ‍ইকীয়াই কোৱামতে কাম কৰে। তেতিয়া হলে ডিউটী অৱহেলা কৰা দোষত ডাক্তৰৰ গালি খাব লাগিব। চাকৰিও যাব পাৰে। ভয়ে ভয়ে সৰুকৈ ক’লে “আপোনাৰ একচিডেণ্ট হৈছিল। দস্যুৰ বোমাই......” {{nop}}<noinclude></noinclude> f21btts3h9slgmmyah1awx0ve9rw91x পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৭১ 104 93869 257632 257560 2026-08-18T16:09:24Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257632 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||বিপ্লবী বাহিনী|৬৫}}</noinclude>{{gap}}বাধা দি শ‍ইকীয়াই কলে “অ-হ...হ... ঠিক কথা, চিষ্টাৰ। এৰা, এতিয়া সকলো ঘটনা মনত পৰিছে। কিন্তু কোৱাচোন কিমান সময় {{SIC|নই|মই}} অজ্ঞান হৈ আছো আৰু মিঃ ডেভিড নাইবা {{SIC|কুকন|ফুকন}} চাহাবৰো কিবা অনিষ্ট হৈছে নেকি?” {{gap}}“প্ৰায় তেৰ ঘণ্টাৰ মূৰত আপুনি জ্ঞান পালে। আন কাৰো অনিষ্ট হোৱা নাই, মিঃ শ‍ইকীয়া। দয়া কৰি এতিয়া মনে মনে থাকক দেই......” {{gap}}“বেছ, তেখেত সকলৰ অনিষ্ট নোহোৱা শুনি সুখ পালো। মোৰ জখম বৰ সাংঘাতিক হৈছে নেকি? কিন্তু মই হলে শৰীৰত কোনো কষ্ট অনুভৱ কৰা নাই......” {{gap}}‘মুৰত সামান্য জখম হৈছে যদিও ডাক্তৰ চাহাবে কৈছে যে তাৰপৰা বিশেষ লোকচান হোৱা নাই। বিষাক্ত গেচৰ পৰাহে আপোনাৰ এনেকুৱা অৱস্থা হৈছিল......” {{gap}}“ওঁ, বুজিলোঁ। এতিয়া নিশ্চয় বিষাক্ত গেচৰ বিষক্ৰিয়া উকলি গ’ল। মই উঠি বহিব পাৰো নিশ্চয়?” {{gap}}নাৰ্চে ভয়তে কাবৌ কৰি ক’লে “সৰ্ব্বনাশ মিঃ শ‍ইকীয়া, তেনে কাম কৰিলে মই গালি খোৱাৰ উপৰিও মোৰ চাকৰি যাব। আপনি দয়া কৰি ডাক্তৰ চাহাব আহি নাপায় মানে এখন্তেক শুই থাকক। ম‍ই এতিয়াই ফোন কৰোঁগৈ।” {{gap}}হাঁহিমাৰি শ‍ইকীয়াই ক’লে “ভাল বাৰু ভনীটি, তোমাৰ আদেশ মানিলো; কিন্তু খাবলৈ কি আছে মোক সোণকালে দিয়া। মোৰ বৰ ভোক লাগিছে।” {{gap}}“এতিয়াই গাখীৰ এপিয়লা দিম বাৰু। তাৰ বাহিৰে অইন বস্তু দিবলৈ মানা..........” {{gap}}“নালাগে নাখাওঁ” বুলি অভিমান কৰি শ‍ইকীয়াই ক’লে “এপিয়লা গাখীৰেৰে মোৰ কি হব? কেচুৱা ল’ৰা পাইছা নেকি? ডাক্তৰ চাহাবকে সোণকালে খবৰ দিয়াগৈ যোৱা.......” {{gap}}নাৰ্চ তাৰপৰা ওলাই গৈ ডাক্তৰ চাহাব, মিচেচ্‌ ডেভিড, শ্ৰীযুত ফুকন আৰু মিঃ হেলেমক ফোনেৰে শ‍ইকীয়াৰ বাতৰি দি অলপ সময়ৰ মুৰতে হাতত এপিয়লা<noinclude></noinclude> gp2m60j01tg32gj0c20xta2hdqwsx51 পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮০ 104 93873 257636 257578 2026-08-18T16:18:04Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257636 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৭৪|বিপ্লবী বাহিনী|}}</noinclude>আগুৱাই কৈ সময় নিৰ্দ্ধাৰিত কৰি দি আহি স্থিৰ নিশ্চিত হ’ল যে চিঠিখন নিৰাপদে মিঃ ডেভিডৰ হাতত পৰিব। তেওঁ বেগাই আহি ক্ষুদ্ৰ বিমানৰ ওচৰ পাই ৰংমনেৰে উঠি তৎক্ষণাত উৰা মাৰিলে। {{gap}}উগ্ৰগতি থানাৰ পৰা ওলোৱাৰ পিচতে অফিচাৰ ইনচাৰ্জ্জে লৰালৰিকৈ দুজন চিপাহীৰে সৈতে পুলিচ ভান এখনত উঠিগৈ অসম ট্ৰাঙ্ক ৰোডৰ যোৰহাটৰ সীমাত উপস্থিত হৈ আলিৰ সোঁমাজত ৰঙা লাইট এটাৰে সৈতে এজন চিপাহীক থিয় কৰি থৈ বাটচাই থাকিল। উগ্ৰগতিৰ অনুমানেই ঠিক হ’ল। ডেৰ বাজিবলৈ পাচ মিনিট বাকী থাকোতেই দাৰোগাই দেখিলে যে মটৰ এখন বায়ুবেগেৰে লৰি আহিব ধৰিছে। পথ নিৰ্জ্জন হোৱা বাবে মিঃ ডেভিডে নিৰ্ভয়ে মটৰ চলাই বতাহত উৰি অহাদি আহিছিল। {{gap}}দূৰৰ পৰাই মিঃ ডেভিডে ৰঙা লাইট আৰু হাত দাঙি থকা চিপাহী দুজনক দেখি মটৰৰ গতিবেগ হ্ৰাস কৰি দিছিল। ওচৰ পাই মটৰ ৰখালে। আগধৰিয়ে ডাওৰাই হাতত পিস্তল লৈ সাজু হৈ আছিল। মিঃ ডেভিডে গৰ্জ্জি উঠিল “কোন তহঁত? কি লাগে?” {{gap}}লৰি আহি দাৰোগাই চালাম দি নিজৰ পৰিচয় দি চিঠিখন আগবঢ়ালে। ডাওৰাই দাৰোগাক দেখি চিনি পাই হাতৰ পিস্তল নমাই ক’লে “এওঁক ম‍ই চিনো স্যৰ, ইয়াৰে অফিচাৰ-ইন-চাৰ্জ্জ।” তাকে শুনি চাহাব শান্ত হ’ল। অ’চিয়ে চিঠিখনৰ বৃত্তান্ত বৰ্ণালে। {{gap}}মিঃ ডেভিডে চিঠিখন খুলি পঢ়ি চাই সন্তোষ মনেৰে ক’লে “চিপাহীহঁতে তোমাৰ মটৰ ভানত যাওক। তুমি ইয়াতে উঠি বহা। আমি ডাক বঙলালৈ গৈ চাহ খাই যোৱাহে উচিত হব।” {{gap}}খোৱাৰ নাম শুনি ৰং মনেৰে ডাওৰাই “হয় স্যৰ” বুলি শলাগি তৎক্ষণাত মটৰৰ দুৱাৰ মেলি দি দাৰোগাক তুলি ললে। অলপ সময়ৰ পিচতে তেওঁলোকে ডাক বঙলাত উপস্থিত হ’ল। দাৰোগাই চাহ জলপানৰ বন্দোবস্ত কৰিবলৈ লৰি গ’ল। মিঃ ডেভিডে ডাওৰাৰ লগত চিঠিখনৰ আলোচনা কৰিবলৈ ধৰিলে।{{nop}}<noinclude></noinclude> du6qwetpk3amkj6kqlv7vxc3xhnnupx পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৭৮ 104 93877 257634 257609 2026-08-18T16:12:24Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257634 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৭২|বিপ্লবী বাহিনী|}}</noinclude>আকৌ এবাৰ চাৰিওফালে সতৰ্কভাবে লক্ষ্য কৰি স্থিৰ নিশ্চিন্ত যে কেৱে ক’তো নাই। তেতিয়া বেগাই খোজ লৈ অলপ সময়ৰ পিচতে পুলিচ থানাত হাজিৰ হ’লগৈ। উগ্ৰগতিয়ে কনিষ্টবল এজনৰ দৰে ভেশচন কৰি গৈছিল। {{gap}}আন এজনক থানাৰ ভাৰ দি অ’চিয়ে থানাৰ পৰা ওলাই যাবলৈ থিয় হৈছে। এনেতে উগ্ৰগতিয়ে আগবাঢ়ি গৈ সম্মুখত থিয় হৈ পুলিচৰ প্ৰথামতে চালাম দিলে। অ’,চিয়ে তেওঁৰ মুখ দেখি চিনি নাপাই মূৰৰ পৰা ভৰিলৈ এবাৰ নিৰীক্ষণ কৰি সুধিলে “ক’ত থাকা? ক’ৰপৰা আহিছা? কি লাগে?” {{gap}}উগ্ৰগতিয়ে উত্তৰ দিলে “মই অ’,চি চাহাবৰ আগতহে কোৱাৰ হুকুম আছে হুজুৰ।” {{gap}}“ময়েই অ’চি। কি কবলৈ আছে কোৱা...” {{gap}}“কিন্তু হুজুৰ, গোপনে কবলৈহে মোৰ ওপৰত কঢ়া হুকুম আছে...” {{gap}}অ’চিয়ে উগ্ৰক আন এটা কোঠালীৰ ভিতৰলৈ মাতি নিলে। উগ্ৰগতিয়ে চাৰিওফালে এবাৰ চাই আন কোনো নথকা দেখি লৰালৰিকৈ জেপৰ পৰা লেফাফা এটা উলিয়াই অ’চিৰ হাতত দিলে। শিৰোনামাত মিঃ ডেভিডৰ নাম আছিল। আৰু ৰঙা চিয়াহীৰে লেফাফাৰ ওপৰত বৰ জৰুৰী আৰু অতি গোপন বুলি লিখা আছিল। এবাৰৰ ঠাইত দুই, তিনি বাৰলৈ পঢ়ি চাই কোনো কথা নুবুজি অফিচাৰে উগ্ৰগতিৰ মুখলৈ চাই সুধিলে “মিঃ ডেভিডৰ কিবা বোলেনে বৰচাহাবৰ নামৰ চিঠি মোক দিলাহি কেলেই? ক’ৰপৰা আহিছা? কোনে পঠিয়াইছে? কি কথা, কি বতৰা আ ” {{gap}}“কওঁ শুনক হুজুৰ,” উগ্ৰগতিয়ে উত্তৰ দিলে “এইমাত্ৰ ৰেলৰপৰা নামিছো। ক’ৰপৰা আহিছো কোৱাৰ হুকুম নাই। বৰ চাহাব গুৱাহাটীৰ পৰা ৰাওনা হৈ আহিছে। আৰু আধাঘণ্টাৰ ভিতৰতে যোৰহাটৰ মাজেৰে উজনিৰ ফাললৈ যাব। ক’লৈ যাব ময়ো নাজানো। এই চিঠিখন যোৰহাট পোৱাৰ লগে লগে তেখেতৰ হাতত পৰিবগৈ লাগে। নপৰিলে সম্মুখত ভীষণ বিপদ... {{gap}}“সম্মুখত ক’ত...কি বিপদ?? কি কথা... অ??” {{nop}}<noinclude></noinclude> pcz4ulfm56b5fdvggz8jfuwvreppjc0 পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৭৯ 104 93878 257635 257610 2026-08-18T16:13:58Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257635 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||বিপ্লবী বাহিনী|৭৩}}</noinclude>{{gap}}“মাফ কৰিব হুজুৰ, ময়ো নাজানো। হয়তো চিঠিখন তেখেতৰ হাতত পৰিলে তেখেতে সকলো বুজি পাব।” {{gap}}দাৰোগাই সুধিলে “কিন্তু চিঠিখন মই এতিয়া তেখেতৰ হাতত কেনেকৈ দিওঁ? যদি তেখেত ইয়াত নোসোমায়, পোনে পোনেই গুছি যায় গৈ তেতিয়া ...?” {{gap}}“সেইবোৰৰ দিহা ম‍ই কেনেকৈ জানিম হুজুৰ? দয়া কৰিব চিঠিখন আৰু বাতৰিটো পোৱা বুলি ৰচিদ খন লিখি দিয়ক। পলম কৰিলে মই ফিৰি যাবলৈ ৰেল নাপাম। ৰেললৈ বেছি সময় নাই।” {{gap}}ঘপ কৰে চকি খনত বহি অ,চিয়ে ঘৰীলৈ চালে “এক বাজিবলৈ পাচ মিনিট বাকী। সুধিলে “কিমান সময়ত তেখেত যোৰহাট পাবহি বুলি ক’লা? থানালৈ আহিব পাৰে নেকি? {{gap}}“হয়তো আৰু পচিশ মিনিটৰ পিছতে যোৰহাট পাবহি আৰু বৰ বেগাই আহিলে হয়তো তাৰে পাচ মিনিট পূৰ্ব্বেই পাবহি পাৰে। থানালৈ আহেনে নাহে মই কেনেকৈ জানিম হুজুৰ? মোৰ সাধাৰণ জ্ঞানেৰে ভাবো নাহে বুলিহে। আপুনি যি ভাল বুজে তাকে কৰক হুজুৰ। দয়া কৰি ৰচিদ খন দিলেই ম‍ই উলটিব পাৰো নহলে ৰেল ফেল কৰিম ......” {{gap}}অফিচাৰে ৰচিদ খনত চহি কৰি উগ্ৰগতিৰ হাতত দি নিজে নিজেই উচ্চাৰণ কৰিলে “সৰ্ব্বনাশ হ’ল, উভয় সঙ্কটত পৰিলো। এতিয়া কি কৰা যায়?” বুলি কলমটোত কামোৰ এটা মাৰি কলে “লগত দুজন চিপাহী লৈ মই এতিয়াৰ পৰাই অসম ট্ৰাঙ্ক ৰোডত পহৰা দি থাকোগৈ। মটৰ দেখিলেই থমাই চাই...” {{gap}}ৰং মনেৰে উগ্ৰগতিয়ে ক’লে “হুজুৰৰ বুদ্ধি আছে। এৰা, তাৰ বাহিৰে আন কোনো ভাল উপায় নেদেখো। ম‍ই যাওঁগৈ হুজুৰ।” বুলি চালাম দি উগ্ৰগতি তাৰপৰা বেগেৰে ওলাই গ’ল। উগ্ৰগতিয়ে ভাবিলে যে মাজ বাটত যি ঠাইত তেওঁ মিঃ ডেভিডৰ মটৰ দেখি আহিছে তাৰপৰা আহি যোৰহাট পাবলৈ নিশা দুই বাজিব। আৰু যদি মিঃ ডেভিডে ফুল স্পীডত মটৰ চলায় তেতিয়া হলেও ডেৰ বজাৰ পূৰ্ব্বে পোৱা টান। তাকে ভাবি তেওঁ অ’, চিক আৰু পাচ মিনিট<noinclude></noinclude> qc4j3uzmf37576sgd2qy7vwa6zs3ouc পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৭৭ 104 93879 257633 257612 2026-08-18T16:10:47Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257633 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|{{larger|'''–দহ–'''}}}} {{gap}}নিশা বাৰ বজাত। উগ্ৰগতিয়ে ক্ষুদ্ৰ বিমান খনৰ গতিবেগ বহুত দূৰৰ পৰাই হ্ৰাস কৰি লাইটবোৰ নুমুৱাই দি লাহে লাহে চলাই অতি কম শব্দ কৰি গৈ যেতিয়া যোৰহাটৰ ফিল্ডত লেণ্ডিং কৰিলে তেতিয়া প্ৰায় সকলো মানুহেই টোপনিত পৰিছে। ক’ৰবাত দুই এজনে সাৰে থাকিলেও বিমানৰ কথা মুঠেই গম নাপালে। পুলিচ পহৰা দুই এজনে যদি ক’ৰবাৰ বন্ধ ঘৰৰ বাৰাণ্ডাত বহি টোপনিয়াইছিল সিহঁতৰো আৰামত ব্যাঘাত নহল। চাৰিওফালে ঘোপমৰা এন্ধাৰ। তাৰ মাজত নমা ক’লা ৰঙৰ অকণমান বিমানখন নিচেই ওচৰলৈ নগলে চকুত নপৰে। দুৰৈত চাৰিওফালৰ আলিত জ্বলিথকা ইলেকট্ৰিক লাইটবোৰে আকাশৰ তৰাৰ দৰে পোহৰ বিলাই আছে। {{gap}}বিমানৰ ডেউকা দুখন জপাই সৰু মটৰ খনৰ দৰে আকৃতি কৰি উগ্ৰগতিয়ে বিমানৰ পৰা নামিল। ঘৰীলৈ চালে। বাৰ বাজি দহ মিনিট উকলিছে। চাৰিওফালৰ আলিবোৰলৈ লক্ষ্য কৰিলে। আলিবোৰ জনমানবশূন্য। মাজে মাজে কুকুৰৰ ভুকনিৰ বাহিৰে আন সাৰিশব্দ ক’তো নাই। তেওঁ নিশ্চিন্ত হ’ল যে তেওঁৰ কথা কোনোৱে গম পোৱা নাই। তাৰোপৰি তেওঁৰ ভাগ্য সুপ্ৰসন্ন বাবেই তেওঁ নমাৰ সময়ত ভাটীবাহী ৰেলখনো বৰ শব্দ কৰি গৈছিল। তেওঁৰ ক্ষুদ্ৰ বিমানৰ শব্দ তাতকৈ কম হোৱাত কাৰো কাণত নপৰিল। {{gap}}বিমানখন তাতে এৰি থৈ উগ্ৰগতিয়ে আগবাঢ়ি গ’ল। অলপ দূৰত থিয় হৈ<noinclude></noinclude> mv9lvm7h06vm8l6mx8d7x388cd4ezqs পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮২ 104 93880 257638 257628 2026-08-18T16:23:13Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257638 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৭৬|বিপ্লবী বাহিনী|}}</noinclude>বেগেৰে লৰি আহিব ধৰিছে। ডাওৰাক ইঙ্গিত দি মিঃ ডেভিডে মটৰ খনক আগুৱাবলৈ বাট এৰি দি সাৱধানেৰে লক্ষ্য কৰি থাকিল। মটৰখন ওচৰেৰে আগবাঢ়ি যাবলৈ ধৰোতে ডাওৰাই টৰ্চ লাইটৰ পোহৰ পেলাই চাই ললে। মটৰখন এখন জীপ গাড়ী। ড্ৰাইভাৰৰ বাহিৰে মটৰত দ্বিতীয় আৰোহী নাছিল। মটৰৰ নম্বৰ দেখি চিনিব নোৱাৰিলে যদিও ৰং দেখি মিঃ ডেভিডৰ সন্দেহ উপজিল। তেৱো মটৰৰ স্পীড বঢ়াই দি সমান দূৰত্ব বজাই ৰাখি আগবাঢ়ি থাকিল। {{gap}}ডাওৰাই ক’লে “জীপখনে ইয়াতকৈ বেছি বেগ দিব নোৱাৰে স্যৰ। তাক লগ ধৰিব পৰা যায়......” {{gap}}মিঃ ডেভিডে ক’লে “লগ ধৰিব পৰা যায় সঁচা, কিন্তু তাক মাজবাটত লগ ধৰাৰ ইচ্ছা নাই। মটৰখন দেখি ৰাতিপুৰা ঘূৰি ফুৰাখন বুলি সন্দেহ কৰিছোঁ। বোধ হয় সি জাল নম্বৰ লগাইছে আৰু মই অনুমান কৰো যে তাৰো উদ্দেশ্য বোধ হয় ডিগবইলৈ যোৱাটোৱেই। গতিকে আমাৰ প্ৰ’গ্ৰেম সলনি কৰিবৰ আৱশ্যক হ’ল, বুজিছা......” {{gap}}ডাওৰাই একো নামাতিলে। কিছু সময়ৰ পাছত দুয়োখন মটৰ শিৱসাগৰ নগৰত সোমাল। জীপখনে সমান বেগেৰে আগুৱাই গ’ল। মিঃ ডেভিডে মটৰ স্পীড কমাই দি পুলিচ থানালৈ গৈ, থানাৰ সম্মুখত মটৰ ৰাখি নামি গ’ল। তেওঁৰ পিচে পিচে ডাওৰাও গ’ল। থানাৰ ডিউটীত থকা দাৰোগাই দুয়োজনকে চিনি পাই চালাম দিলে। ভিতৰ সোমাই গৈ..মিঃ ডেভিডে কেইখনমা থানালৈ টেলিফোন কৰি অলপ সময়ৰ পিচতে ওলাই আহি আকৌ মটৰত উঠি বহিল। {{gap}}ডাওৰাই সুধিলে “নতুন প্ৰ’গ্ৰেম কি হব স্যৰ?” {{gap}}“কওঁ শুনা” বুলি মিঃ ডেভিডে মটৰ স্পীড বঢ়াই দি ক’লে “ম‍ই স্থিৰনিশ্চিত হৈছোঁ যে সি বিপ্লবী দলৰ মানুহ। মোৰ মটৰ সি নিশ্চয় চিনি পাইছে। তুমি তাৰ চকুত টৰ্চৰ পোহৰ পেলোৱাত যদিও সি আমাকে দেখিবলৈ সুবিধা নাপালে তথাপি আমাৰ কথা সি ভালকৈ অনুমান কৰিব পাৰিছে।” {{nop}}<noinclude></noinclude> r1v0l4korl56jejw50bbin9fu0mi476 257639 257638 2026-08-18T16:39:51Z BabulB 104 257639 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৭৬|বিপ্লবী বাহিনী|}}</noinclude>বেগেৰে লৰি আহিব ধৰিছে। ডাওৰাক ইঙ্গিত দি মিঃ ডেভিডে মটৰ খনক আগুৱাবলৈ বাট এৰি দি সাৱধানেৰে লক্ষ্য কৰি থাকিল। মটৰখন ওচৰেৰে আগবাঢ়ি যাবলৈ ধৰোতে ডাওৰাই টৰ্চ লাইটৰ পোহৰ পেলাই চাই ললে। মটৰখন এখন জীপ গাড়ী। ড্ৰাইভাৰৰ বাহিৰে মটৰত দ্বিতীয় আৰোহী নাছিল। মটৰৰ নম্বৰ দেখি চিনিব নোৱাৰিলে যদিও ৰং দেখি মিঃ ডেভিডৰ সন্দেহ উপজিল। তেৱো মটৰৰ স্পীড বঢ়াই দি সমান দূৰত্ব বজাই ৰাখি আগবাঢ়ি থাকিল। {{gap}}ডাওৰাই ক’লে “জীপখনে ইয়াতকৈ বেছি বেগ দিব নোৱাৰে স্যৰ। তাক লগ ধৰিব পৰা যায়......” {{gap}}মিঃ ডেভিডে ক’লে “লগ ধৰিব পৰা যায় সঁচা, কিন্তু তাক মাজবাটত লগ ধৰাৰ ইচ্ছা নাই। মটৰখন দেখি ৰাতিপুৰা ঘূৰি ফুৰাখন বুলি সন্দেহ কৰিছোঁ। বোধ হয় সি জাল নম্বৰ লগাইছে আৰু মই অনুমান কৰো যে তাৰো উদ্দেশ্য বোধ হয় ডিগবইলৈ যোৱাটোৱেই। গতিকে আমাৰ প্ৰ’গ্ৰেম সলনি কৰিবৰ আৱশ্যক হ’ল, বুজিছা......” {{gap}}ডাওৰাই একো নামাতিলে। কিছু সময়ৰ পাছত দুয়োখন মটৰ শিৱসাগৰ নগৰত সোমাল। জীপখনে সমান বেগেৰে আগুৱাই গ’ল। মিঃ ডেভিডে মটৰ স্পীড কমাই দি পুলিচ থানালৈ গৈ, থানাৰ সম্মুখত মটৰ ৰাখি নামি গ’ল। তেওঁৰ পিচে পিচে ডাওৰাও গ’ল। থানাৰ ডিউটীত থকা দাৰোগাই দুয়োজনকে চিনি পাই চালাম দিলে। ভিতৰ সোমাই গৈ..মিঃ ডেভিডে কেইখনমান থানালৈ টেলিফোন কৰি অলপ সময়ৰ পিচতে ওলাই আহি আকৌ মটৰত উঠি বহিল। {{gap}}ডাওৰাই সুধিলে “নতুন প্ৰ’গ্ৰেম কি হব স্যৰ?” {{gap}}“কওঁ শুনা” বুলি মিঃ ডেভিডে মটৰ স্পীড বঢ়াই দি ক’লে “ম‍ই স্থিৰনিশ্চিত হৈছোঁ যে সি বিপ্লবী দলৰ মানুহ। মোৰ মটৰ সি নিশ্চয় চিনি পাইছে। তুমি তাৰ চকুত টৰ্চৰ পোহৰ পেলোৱাত যদিও সি আমাকে দেখিবলৈ সুবিধা নাপালে তথাপি আমাৰ কথা সি ভালকৈ অনুমান কৰিব পাৰিছে।” {{nop}}<noinclude></noinclude> 2ileaz3lhfoosq2qsfj0jfea2qt6p5r পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮১ 104 93881 257637 257630 2026-08-18T16:20:40Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 257637 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||বিপ্লবী বাহিনী|৭৫}}</noinclude>{{gap}}ডাওৰাই ক’লে “ইহঁতে ব্যাখ্যা কৰা মতে যদি সঁচা হয় স্যৰ...” {{gap}}বাধা দি মিঃ ডেভিডে ক’লে “নিশ্চয় সচা। অৰিজিনেল চিঠিখন মোৰ লগতে আছে। এয়া চোৱা, প্ৰত্যেক শব্দৰ অৰ্থ ঠিকমতে মিলি গৈছে। ইয়াত সন্দেহৰ থল নাই জানিবা।” {{gap}}“আচৰিত কথা স্যৰ...” {{gap}}“কোনটো!” {{gap}}গল খেকাৰি মাৰি ডাওৰাই উত্তৰ দিলে “মই আচৰিত হৈছোঁ যে ‘পা-ফু’ হঁতে কেনেকৈ ইমান সোণকালে আছল ব্যাখ্যা কৰি আমি যোৰহাট পোৱাৰ পূৰ্ব্বেই .....” {{gap}}হাঁহিমাৰি মিঃ ডেভিড ক’লে “মিৰাকেল’ কিবা বোলেনে অলৌকিক যেন লাগে নহয় নে? কিন্তু সিহঁতৰ পক্ষে এই কাম মুঠেই কঠিন হোৱা নাই। অথনি সৰু প্লেন এখন আমাৰ ওপৰেৰে বেগাই উৰি অহা দেখিছিলা নহয়। এতিয়া বুজিলো যে আমি কিমান দূৰ বাট আহি পাইছিলো তাকে চাবলৈহে সিহঁতে এই পিনেৰে উৰি আহিছিল। এই ক্ষেত্ৰত সিহঁতে আমাৰ বন্ধুৰ কাম কৰিছে।” {{gap}}“হয় স্যৰ, ইয়াৰ পৰা আমি.......” {{gap}}“—আশাতিৰিক্ত সুবিধা পাম আৰু বিপ্লবী দলৰ ধংসমূলক কামত নিশ্চয় বাধা দিব পাৰিম। তাৰোপৰি সিহঁতৰ গোপন ষড়যন্ত্ৰ আৰু ডিগবইত থকা নেতাৰ নাম জানিলো যেতিয়া ... {{gap}}এনেতে দাৰোগাৰ পিচে পিচে খানচামাই চাহ, বিস্কুত, কেক আদি লৈ সোমাই আছিল! দুয়োজনে খোৱাত মনোযোগ দিলে। অতি সোণকালে খোৱা শেষ কৰি ওলাই গৈ মটৰত উঠি বহি অ’, চিক ধন্যবাদ দিলে। তেওঁ চালাম দিলে। মটৰে চেকুৰ মাৰিলে। {{gap}}অলপ সময়তে তেওঁলোকে যোৰহাট এৰি বহুত দূৰ আগুৱাই গ’ল। দুয়োজনে কথাপাতি গৈছিল দেখি মটৰৰ বেগ বৰকৈ বঢ়াই দিয়া নাছিল। কিছুদূৰ যোৱাৰ পিছত দেখিলে যে পাছফালৰ পৰা আন এখন মটৰে দূৰৰ পৰাই হৰ্ণ বজাই বৰ<noinclude></noinclude> si4jnucz2sgb68ew2852cl4l2njqsem পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮৩ 104 93882 257640 2026-08-18T16:54:17Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257640 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৭৭}}</noinclude>{{gap}}“হয় স্যৰ।” {{gap}}“এতেকে মই ভাবো যে তাক ফলো কৰি গৈ আমাৰ উদ্দেশ্য সম্পৰ্কে আচল ধাৰণা কৰি সাৱধান হবলৈ দিয়া উচিত নহব। তেতিয়। হয়তো সি আমাক প্ৰতাৰণা কবিবলৈ তাৰ গন্তব্যস্থানলৈ নগৈ অইন ফাললৈ যাব পাৰে। কিন্তু এতিয়া আমাক নেদেখিলে হয়তো ভাবিব যে আমি অইন উদ্দেশ্যেৰে এইফালে কোনোবা ঠাইলৈ আহিছো/ নহয়নে?” {{gap}}“ঠিক কথা স্যৰ।” {{gap}}“সেই উদ্দেশ্যৰে অৰ্থাৎ তাৰ মনত সন্দেহ নজন্মাবলৈ তাক স্বাধীনতা দিলো। এতিয়া সি নিঃসন্দেহে তাৰ গন্তব্য স্থানলৈ যাব। আনহাতে আমি তাক অনুসৰণ নকৰিলো যদিও এই ফালৰ প্ৰায়বোৰ থানালৈ মই ফোন কৰি আদেশ দিছো যাতে এই জীপ গাড়ীখন যেনি যায় লক্ষ্য কৰি তাৰ গতিবিধিলৈ সতৰ্ক নজৰ ৰাখি যেন মোক জনায়।” {{gap}}“উচিত কাম কৰিছে স্যৰ।” {{gap}}“এতিয়া আমি ডিব্ৰুগড়লৈহে যামগৈ।” {{gap}}আচৰিত হৈ ডাওৰাই সুধিলে “ডিব্ৰুগড়লৈ? তেনেহলে দিনৰ পোহৰত ডিগবইলৈ......” {{gap}}বাধা দি মিঃ ডেভিডে ক’লে “ডিগবইলৈ কেনেকৈ যাম সেই কথা পিছতো ভাবিম ডাওৰা, বুজিছা?” {{gap}}ডাওৰাই একোকে নুবুজিলে যদিও চাহাবৰ কথাত তৎক্ষণাত শলাগিলে “হয় স্তব।” {{gap}}দোকমোকালিতে মিঃ ডেভিডৰ মটৰ ডিব্ৰুগড় পালেগৈ। চাৰ্কিট হাউচলৈ নগৈ ডাক বঙলালৈ গৈ দুয়োজনে প্ৰাতঃকৃত্য সমাপন কৰি ব্ৰেকফাষ্ট খালে। তাৰ পিছত নতুন পোছাক পিন্ধি থানালৈ ৰাওনা হ’ল। আগধৰি খবৰ পাই অফিচাৰ-ইন-চাৰ্জ্জ দাৰোগা, আৰু এচ, পি, তাতে উপস্থিত আছিল। ভিতৰল সোমাই গৈ মিঃ ডেভিডে ডিগবই থানালৈ আৰু ডিগবই কোম্পানীৰ বৰ চাহাবলৈ ফোন কৰি ওলাই আহিল। {{nop}}<noinclude>{{Left|{{gap}}৬}}</noinclude> aog34dkq4tvm2r8xqnstw65qhdbxekh পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮৭ 104 93883 257641 2026-08-18T17:02:50Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257641 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৮১}}</noinclude>মিঃ ডেভিডে বিপ্লবী বাহিনীৰ ষড়যন্ত্ৰৰ কথা বৰ্ণাই গুৰুজী নামে এজনে দিয়া হুকুম নামা খনো দেখুৱালে। {{gap}}তেওঁৰ কথা শুনি আৰু কাকতখন দেখি মিঃ হফ্‌মেনৰ গা মূৰ ঘামিল। মুখখনে সেন্দুৰীয়া বৰণ ধৰিলে। “মাই গড্‌” বুলি উচ্চাৰণ কৰি থিয় হৈ কোঠালীৰ ভিতৰতে ছপাক মান ঘূৰি ফুৰিলে। তাৰ পিচত বিকৃত মাতেৰে ক’লে “নিমখহাৰাম্ কুত্তাকা বাচ্ছা,...মই গৈয়েই তাক...” বুলি দাত কামুৰিলে। {{gap}}মিঃ ডেভিডে ক’লে “কোনো ফল নহব, মিঃ হফ্‌মেন। সি দ পানীৰ মাছ। তাৰ বিৰুদ্ধে তুমি কোনো প্ৰমাণ নোপোৱা। আনহাতে তাক ধৰি জেলত দিলেও তাৰ দলৰ বোৰক তুমি বিচাৰি নোপোৱা। সিহঁত গুপ্তভাবেই ৰৈ থাকিব আৰু ছেগ বুজি দংশন কৰিবলৈ সাজু হৈ থাকিব।” {{gap}}আকৌ আগৰ ঠাইত বহি মিঃ হফ্‌মেনে হতাশ ভাবেৰে সুধিলে “তেনেহলে কি কৰা উচিত হব, মিঃ ডেভিড? ইয়াৰ উপায় কি?” নিজৰ টেমাৰ পৰা চিগাৰেট দুটা চাহাব দুজনক দি এটা নিজে জ্বলাই লৈ মিঃ ডেভিডে শান্তমনেৰে ক’লে “শুনা মিঃ হফমেন। তোমালোকে অধৈৰ্য্য নহবা। সিহঁতৰ ষড়যন্ত্ৰৰ প্ৰতিৰোধৰ উপায় আলোচনা কৰিবলৈহে তোমালোকক ইয়ালৈ মাতি আনিছো। আশা কৰো তোমালোকে মোৰ দিহামতে সকলো বিপদৰ সম্মুখিন হবলৈ ভগ্ন নকৰা, নহয় নে?” {{gap}}গৰ্ব্বভবে মূৰটো পোন কৰি বুকুখন ফিন্দাই দি মিঃ হফমেনে উত্তৰ দিলে “নেভাৰ... কেতিয়াও নকৰোঁ। বোধহয় তুমি নাজানা মিঃ ডেভিড মিঃ ষ্টেনলি আৰু ম‍ই উভয়ে মিলিটেৰী চাৰ্ভিচত আছিলো।” {{gap}}“ঠেঙ্ক ইউ মিঃ হফমেন। শুনি সুখ পালো। শুনা, এতিয়াৰ পৰা তোমালোকে মোৰ পৰিচালনা মতে চলিব লাগিব আৰু মিলিটেৰী চাৰ্ভিচৰ দৰে সকলো হুকুম বিনা বিচাৰে পালন কৰিব লাগিব। সন্মত আছানে মিঃ হফমেন?” {{gap}}“নিশ্চয় আছোঁ মিঃ ডেভিড। তোমাক কমাণ্ডাৰ বুলি ধৰি লৈ মিলিটেৰী চাৰ্ভিচত থকাৰ দৰে আমি সকলো অৰ্ডাৰ পালন কৰিম।” মিঃ হফমেনে উত্তৰ দিলে। {{nop}}<noinclude></noinclude> q27h44i7ejmjgave5hlly0ku8yro63o পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮৫ 104 93884 257642 2026-08-18T17:08:57Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257642 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{center|{{larger|—এঘাৰ—}}}} {{gap}}আঠ বজাব অলপ পিছতে ডিগবই কোম্পানীৰ বৰচাহাব মিঃ হফ্মেন আৰু তেওঁৰ সহকাৰী মিঃ ষ্টেনলিয়ে আহি ডাক বঙলাৰ গাড়ীবাৰাণ্ডাত মটৰ ৰাখি নামি আহিল। মিঃ ডেভিডে ৰূমৰ পৰা ওলাই আহি তেওঁলোকক হেণ্ডছেক কৰ আদৰি নি ভিতৰত বহুৱালে। তিনিওজনে চিগাৰেট একোটাকৈ জ্বলাই লোৱাৰ পিছত মিঃ হফ্‌মেনে সুধিলে “হঠাৎ ইমান জৰুৰী ভাবে মাতি অনাৰ উদ্দেশ্য কি মিঃ ডেভিড? আমি বাটত এই বিষয়ৰে আলোচনা কৰি আহিছোঁ যদিও কোনো ৰকমৰ অনুমান কৰিব নোৱাৰিলো।” {{gap}}গম্ভীব ভাবেৰে মিঃ ডেভিডে উত্তৰ দিলে “নোৱাৰিবৰে কথা। কিয়নো মৃত্যুক্ষণটো কোনো মানুহে আগধৰি অনুমান কৰিব নোৱাৰে। এই কথা একমাত্ৰ ‘গডেহে’ জানে।” {{gap}}“My God! কি ভাবি এনেকুৱা কথা কৈছা মিঃ ডেভিড?” বুলি কৈ মিঃ হফমেনৰ মুখ মেলাই থাকিল। {{gap}}“ভাবি কোৱা নাই, প্ৰমাণ পাইহে কৈছোঁ, মিঃ হফমেন। বাৰু, সেইবোৰ কথা পিছতো জানিব পাৰিবা। সম্প্ৰতি কোৱাচোন, তোমাৰ তলত কামকৰা কোনোবা কামিনী নামৰ মানুহ আছেনে?” {{gap}}“কেলেই? এৰা...এঁ... এৰা হয়, নিশ্চয় এজন আছে কিন্তু কেলেই? তাৰ নাম ক’ত শুনিলা, কি কথা, কি বৃত্তান্ত, ভাঙি পাতি.......” {{nop}}<noinclude></noinclude> 129z0ccdxwzuc6wmwxb6ogn3vyr75e5 257643 257642 2026-08-18T17:09:18Z JyotiPN 1603 257643 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{center|{{larger|'''—এঘাৰ—'''}}}} {{gap}}আঠ বজাব অলপ পিছতে ডিগবই কোম্পানীৰ বৰচাহাব মিঃ হফ্মেন আৰু তেওঁৰ সহকাৰী মিঃ ষ্টেনলিয়ে আহি ডাক বঙলাৰ গাড়ীবাৰাণ্ডাত মটৰ ৰাখি নামি আহিল। মিঃ ডেভিডে ৰূমৰ পৰা ওলাই আহি তেওঁলোকক হেণ্ডছেক কৰ আদৰি নি ভিতৰত বহুৱালে। তিনিওজনে চিগাৰেট একোটাকৈ জ্বলাই লোৱাৰ পিছত মিঃ হফ্‌মেনে সুধিলে “হঠাৎ ইমান জৰুৰী ভাবে মাতি অনাৰ উদ্দেশ্য কি মিঃ ডেভিড? আমি বাটত এই বিষয়ৰে আলোচনা কৰি আহিছোঁ যদিও কোনো ৰকমৰ অনুমান কৰিব নোৱাৰিলো।” {{gap}}গম্ভীব ভাবেৰে মিঃ ডেভিডে উত্তৰ দিলে “নোৱাৰিবৰে কথা। কিয়নো মৃত্যুক্ষণটো কোনো মানুহে আগধৰি অনুমান কৰিব নোৱাৰে। এই কথা একমাত্ৰ ‘গডেহে’ জানে।” {{gap}}“My God! কি ভাবি এনেকুৱা কথা কৈছা মিঃ ডেভিড?” বুলি কৈ মিঃ হফমেনৰ মুখ মেলাই থাকিল। {{gap}}“ভাবি কোৱা নাই, প্ৰমাণ পাইহে কৈছোঁ, মিঃ হফমেন। বাৰু, সেইবোৰ কথা পিছতো জানিব পাৰিবা। সম্প্ৰতি কোৱাচোন, তোমাৰ তলত কামকৰা কোনোবা কামিনী নামৰ মানুহ আছেনে?” {{gap}}“কেলেই? এৰা...এঁ... এৰা হয়, নিশ্চয় এজন আছে কিন্তু কেলেই? তাৰ নাম ক’ত শুনিলা, কি কথা, কি বৃত্তান্ত, ভাঙি পাতি.......” {{nop}}<noinclude></noinclude> 0c6e766aqto3m5zpnfx8llzwztrvki8 পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮৬ 104 93885 257644 2026-08-18T17:33:56Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257644 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৮০|বিপ্লবী বাহিনী|}}</noinclude>{{gap}}তেওঁৰ কথাৰ উত্তৰ নিদি মিঃ ডেভিডে সুধিলে “মানুহজন কিমান দিনৰ পৰা আছে, কি কাম কৰে? সি বিশ্বাসী বুলি জানানে।” {{gap}}“নিশ্চয় জানো, সি বৰ বিশ্বাসী। অতি বিশ্বাসী বুলিহে কব খোজো। সি এজন মিকানিক। অৱশ্যে কামত সোমোৱাৰ বৰ বেছি দিন হোৱা নাই। এবছৰ মানহে হৈছে। ... কিন্তু মানুহজন এক্সপাৰ্ট আৰু অতি কামৰ মানুহ, অতি বিশ্বাসী........” {{gap}}“আৰু বোধহয় তোমাৰ বুকুৰ আগ মঙ্গহো...” বুলি কৈ মিঃ ডেভিডে হাঁহিলে। {{gap}}“ময়ো সেইকথা নিশ্চয় স্বীকাৰ কৰিব পাৰোঁ। সি এই এবছৰৰ ভিতৰত কেবাটাও ষড়যন্ত্ৰ ধৰা পেলাই আমাৰ কোম্পানীক বহুত লোকচানৰ হাতৰ পৰা ৰক্ষা কৰিছে।” মিঃ হফমেনে ক’লে। {{gap}}মিঃ ডেভিডে চিগাৰেটত এহোপা মাৰি সুধিলে “ষড়যন্ত্ৰত ধৰা পৰা কৰ্ম্মচাৰী বোৰক কি শাস্তি দিছা মিঃ হফ্‌মেন?” {{gap}}“কিছুমানক পুলিচত গটাই দিছো আৰু কিছুমানক কামৰ পৰা বৰ্খাস্ত কৰি ভবিষ্যতে যাতে আমাৰ কোম্পানীৰ এৰিয়াত সোমাব নোৱাৰে তাৰে বন্দোবস্ত কৰিছোঁ।” {{gap}}অলপ সময় ভাবি মিঃ ডেভিডে ক’লে “মোৰ অনুমান তুমি বোধহয় নিৰ্দ্দোষী মানুহক হে খেদিছা মিঃ হফ্‌মেন। কিন্তু যি হক, সেই বিষয় তৰ্ক কৰি সময় নষ্ট নকৰোঁ। এতিয়া মোৰ কথা মনোযোগেৰে শুনা—আজি বৰপুৱাতে এজন মানুহ জীপগাড়ী এখনেৰে ডিগবইত সোমাইছে......” {{gap}}“সেই খবৰ মই ভালকৈ জানো” বুলি মিঃ হফ্‌মেনে গৰ্ব্ব ভৰে ক’লে “কিন্তু তাৰপৰা ভয় খাবলৈ বিশেষ একো নাই। কিয়নো ম‍ই নিজে দেখিছো, সেইখন আমাৰ কামিনীৰ মটৰ। তাৰ বন্ধু এজনে গুৱাহাটীলৈ নিছিল আজি ফিৰাই দিছে।” {{gap}}“নিশ্চিন্ত হলো। এতিয়া মই যি কওঁ আদিৰ পৰা অন্ত লৈকে মনোযোগেৰে শুনা। তোমাৰ কিবা কবলগীয়া থাকিলে পিছতহে কব পাৰিবা। ” বুলি<noinclude></noinclude> 3rqe2fbqj61q095zardfpe20ntj2w1u পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯০ 104 93886 257645 2026-08-18T17:44:10Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257645 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৮৪|বিপ্লবী বাহিনী|}}</noinclude>{{gap}}বাদলে যেতিয়া মাজবাটত মিঃ ডেভিডৰ মটৰ দেখিলে তেতিয়া তাৰ মনত সন্দেহ হ’ল। প্ৰথমে ভয় লাগিল। কি কৰা উচিত ভাবিচিন্তি তেওঁলোকৰ মটৰৰ পিছে পিছে কিছুদূৰ গল। মনত ভাবিলে—‘বোধ হয় উলটি যোৱাহে উচিত হব, কিয়নো মৰসাহ কৰি অকলসৰে মিঃ ডেভিডৰ সশস্ত্ৰ দলৰ লগত যুঁজ কৰি অনাহকত মৃত্যু বৰণ কৰা বুদ্ধিমানৰ কাম নহব।’ তাকে ভাবি আৰু অলপ আগবাঢ়ি মটৰ ঘূৰাও বুলি স্থিৰ কৰি এঠাইত মটৰ ৰখাব খোজোতেই হঠাতে চকু পৰিল তাৰ ওচৰতে সাজুকৰি থোৱা বন্দুকটোৰ ওপৰত। তাৰ পিছত মনত পৰিল দুখন জেপত থকা পিস্তল দুটালৈ। এবাৰ মূৰ ঘূৰাই মটৰৰ পিচৰ ফালে থকা ডাঙৰ বাকচটোলৈ চালে। কাঠৰ বাকচটোৰ ভিতৰত ভৰি থকা অসংখ্য বোমাৰ শক্তিৰ কথা মনত পৰি তাৰ মনটোৱে যেন সেই শক্তিৰে শক্তিবন্ত হৈ নতুন শক্তি লাভ কৰিলে। পূৰ্ব্বৰ দুৰ্ব্বলতাৰ কথা ভাবি নিজেই লাজ পালে। ভাবিলে—ৰণলৈ সাজুহৈ আহি কাপুৰুষৰ দৰে পলাই গলে কেতিয়াও নিজৰ উদ্দেশ্য সিদ্ধি হব নোৱাৰে। এতেকে ‘কৰেঙ্গে য়া মৰঙ্গে’—যদি নিতান্ত মৰিবলগীয়া হয়, যুঁজ কৰি মৰাহে ভাল। কাপুৰুষৰ দৰে উলটি বাদলে কেতিয়াও নাযায়। {{gap}}আকৌ ভাবিলে—হয়তো মিঃ ডেভিড আৰু লগত কোনোবা এজন দুজন অইন কামত এইফালে আহিছে। তেওঁৰ কাম বহুত। আনপিনে এইকথা ঠিক যে বাদল ডিগবইলৈ যাব বুলি অথবা ডিগবইত কিবা গোলমাল হব বুলি মিঃ ডেভিড নাইবা পুলিচে সপোনতো ভাবিব পৰা নাই এৰা এয়েহে আচল কথা। ইয়াকে স্থিব কৰি জীপৰ গতিবেগ বঢ়াই দি ভাবিলে—যদি কেনেবাকৈ মই অহাৰ কথা অথবা আমাৰ ষড়যন্ত্ৰৰ কিবা সম্ভেদ পাইছে তেনেহলে আগবাঢ়ি যোৱা দেখিলে নিশ্চয় অনুসৰণ কৰিব। সেই ক্ষেত্ৰত কোনোবা সুবিধা ঠাই বুজি মটৰ ৰাখি যুঁজ কৰা যাব। লগত যিমান অনুচৰ নাথাকক বাদলে পৰোৱা নকৰে। {{gap}}বাদলে যেতিয়া মি; ডেভিডৰ মটৰৰ ওচৰেদি আগবাঢ়ি গল সেই সময়তে ডাওৰাই তাৰ মুখত টৰ্চৰ পোহৰ পেলাই দিয়াত মিঃ ডেভিডৰ মটৰৰ ভিতৰত<noinclude></noinclude> 551x7skr3cah0vxycorvct4kqe7l03d পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮৮ 104 93887 257646 2026-08-18T18:33:34Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257646 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৮২|বিপ্লবী বাহিনী|}}</noinclude>{{gap}}“ঠেঙ্ক ইউ, মিঃ হফমেন। এতিয়া আমি ভবিষ্যত কৰ্ম্মপদ্ধতি স্থিৰ কৰিম আৰু ইয়াতে লাঞ্চ খাই সময় মতে তোমাৰ মটৰত উঠি যাত্ৰা কৰিম। মিঃ বৰবৰাৰ নতুন মটৰ খনো যাব। তাত এওঁলোকে ভেশচন কৰি যাব। তেওঁৰ নতুন মটৰ কোনোৱে চিনি নাপায় গতিকে মুঠেই সন্দেহ কৰিব নোৱাৰে।” {{gap}}“বেছ কথা।” মিঃ হফমেনে ক’লে “এতিয়া মোব বঙলালৈ কিবা বা-বাতৰি টেলিফোনেৰে জনাব লাগিব নেকি? ম‍ই আহিবৰ সময়ত কোনো কথা কৈ অহা নাছিলো।” {{gap}}“কৈ নহাত উপকাৰ হে হৈছে। এতিয়াও কোনো বাতৰি দিয়াৰ আৱশ্যক নকৰে। তোমাৰ বঙলাত সম্প্ৰতি কোন কোন আছে কোৱাচোন?” {{gap}}“মোৰ্‌ ৱাইফ হোমত আছে। গতিকে নিজৰ কেৱে নাই। চাৰ্ভেণ্টবোৰ অৰ্থাৎ বাবুৰ্চ্চি, খানচামা, মালী, দ্বাৰোৱান আৰু মোৰ চাপ্ৰাচী আছে। তাৰ বাদে আন কোনো নাই।” {{gap}}মিঃ ডেভিডে সুধিলে “এইবোৰ মানুহ কোনজনে কিমান দিনৰপৰা তোমাৰ চাকৰি কৰিছে কোৱাচোন?” {{gap}}“কেলেই?” আচৰিত হৈ মিঃ হফমেনে সুধিলে “তুমি নিশ্চয় সিহঁতৰ ওপৰত সন্দেহ কৰা নাই, মিঃ ডেভিড?” {{gap}}“সেইটো মোৰ ইচ্ছা। সন্দেহ কৰিবলৈ কিমান পৰ লাগিছে? প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। ” {{gap}}“এজনক বাদে বাকী কেজন পুৰণি মানুহ। আটাইৰে চাকৰি প্ৰায় আঠ দহ বছৰ হৈছে। আটাইবোৰেই বিশ্বাসী মানুহ। এনেকি নতুনকৈ ৰখাজনো বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ” {{gap}}“শুনি সুখপালো মিঃ হফমেন। কিন্তু আটাইবোৰৰ পৰিচয় মোক লাগে। প্ৰথম নতুন জনৰ কথাকে কোৱা। সি কোন বাব খাইছে?” {{gap}}“সি মোৰ চাপ্ৰাচী। নাম ভোলা। ম‍ই ভাওলা বুলি মাতোঁ। তাক ৰখাৰ যদিও মুঠেই ছমাহহে হৈছে তথাপি মই চাৰ্টিফিকেট দিব পাৰোঁ যে সে এটা বৰ বিশ্বাসী কুকুৰ ..” বুলি এখেন্তক ৰৈ হঠাৎ উচ্চাৰণ কৰিলে<noinclude></noinclude> 4e6xc6oyhuwp9bl7lx7yicn1l9mp91m পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৮৯ 104 93888 257647 2026-08-18T18:34:51Z JyotiPN 1603 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257647 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৮৩}}</noinclude> “মাই গড্‌···মিঃ ডেভিড, তাক কামিনী বায়ে আনি দিছিল। তাৰ কামত ম‍ই বব সন্তুষ্ট, কিন্তু এতিয়া ভাবো... কিবা বোলেনে...তুমি তাক নিশ্চয়---” “এবা, নিশ্চয় সন্দেহ কৰোঁ। আৰু সেই সন্দেহ অমূলক নহয়, মিঃ হফমেন...” “মাই লৰ্ড...” বুলি মিঃ হফমেনে কমাল উলিয়াই মুখৰ ঘামবোৰ মচি চিগাৰেটত কেই হোপামান মাৰি চাৰিওফালে এবাৰ চালে। হঠাতে ডাওৰাৰ মুখলৈ নজৰ পৰাত আচৰিত হৈ “মাই গড়” বুলি মুখমেলি বৈ থাকিল। “কি হল মিঃ হফমেন?” মিঃ ডেভিডে সুধিলে। আকৌ এবাৰ কপালৰ ঘাম মচি মিঃ হফমেনে উত্তৰ দিলে “ভাওলাৰ লগত এওঁৰ চেহেৰাব অতিপাত মিল আছে দেখোন। সেই মুখ, সেই নাক, এনেকি গোফবোবৰে৷ সম্পূৰ্ণ মিল আছে। কেৱল এওঁ বগা আৰু তাৰ বৰণ ক'লা।” নিজৰ ওঠটো কামুৰি মিঃ ডেভিডে অলপ সময় বহি থাকিল। কাৰো মুখত কোনো কথা নাই। ডাওবাৰ খঙে যদিও চুলিৰ আগ পাইছিল গৈ তথাপি কোনো কথা নকৈ বহি থাকিল। অলপ সময়ৰ পাছত মিঃ ডেভিডে বং মনেৰে ক'লে “বেছ, বৰ ভল হ'ল মিঃ হফমেন। " “হয়নে? কিয় .. কেনেকৈ ... ” “পিছত জানিব পাৰিবা।” বুলি মিঃ ডেভিডে ডাওৰাৰ মুখলৈ চাই চকুৰে ইঙ্গিত দি অলপ সময় ৰৈ থাকিল। তাৰ পিচত সুধিলে "পাৰিবানে ডাওবা?” ডাওবাই পোন হৈ বহি বুকুখন কিন্দাই দি গৰ্ব্বভবে ক'লে “অনায়াসে পাৰিম ব। কিন্তু আগধৰি চলন ফুৰণলৈ নজৰ দি অলপ সময় কথা পাতিবলৈ পাব লাগিব . " “ঠেঙ্ক ইউ, ডাওৰা। সেইবোৰ সুবিধা কৰি দিম। আমি যোৱাৰ পূৰ্ব্বে মোৰ মটৰৰ পৰা চুটকেচ আৰু সকলো বৰবস্তু মিঃ হফমেনৰ মটৰত তুলি দিবা। সকলো বস্তু দৰকাৰী, বুজিছা?” “বুজিছে৷ ৰ”<noinclude></noinclude> ajh5pjptuqo9j6k6pij5c69a74uvqdb 257648 257647 2026-08-18T19:08:16Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 257648 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৮৩}}</noinclude>{{gap}}“মাই গড্‌···মিঃ ডেভিড, তাক কামিনী বায়ে আনি দিছিল। তাৰ কামত ম‍ই বৰ সন্তুষ্ট, কিন্তু এতিয়া ভাবো... কিবা বোলেনে...তুমি তাক নিশ্চয়...” {{gap}}“এৰা, নিশ্চয় সন্দেহ কৰোঁ। আৰু সেই সন্দেহ অমূলক নহয়, মিঃ হফমেন...” {{gap}}“মাই লৰ্ড...” বুলি মিঃ হফমেনে ৰুমাল উলিয়াই মুখৰ ঘামবোৰ মচি চিগাৰেটত কেই হোপামান মাৰি চাৰিওফালে এবাৰ চালে। হঠাতে ডাওৰাৰ মুখলৈ নজৰ পৰাত আচৰিত হৈ “মাই গড্‌” বুলি মুখমেলি ৰৈ থাকিল। {{gap}}“কি হল মিঃ হফমেন?” মিঃ ডেভিডে সুধিলে। {{gap}}আকৌ এবাৰ কপালৰ ঘাম মচি মিঃ হফমেনে উত্তৰ দিলে “ভাওলাৰ লগতো এওঁৰ চেহেৰাৰ অতিপাত মিল আছে দেখোন। সেই মুখ, সেই নাক, এনেকি গোফবোৰৰো সম্পূৰ্ণ মিল আছে। কেৱল এওঁ বগা আৰু তাৰ বৰণ ক’লা।” {{gap}}নিজৰ ওঠটো কামুৰি মিঃ ডেভিডে অলপ সময় বহি থাকিল। কাৰো মুখত কোনো কথা নাই। ডাওৰাৰ খঙে যদিও চুলিৰ আগ পাইছিল গৈ তথাপি কোনো কথা নকৈ বহি থাকিল। অলপ সময়ৰ পাছত মিঃ ডেভিডে ৰং মনেৰে ক’লে “বেছ, বৰ {{SIC|ভল|ভাল}} হ'ল মিঃ হফমেন। " {{gap}}“হয়নে? কিয় .. কেনেকৈ ... ” {{gap}}“পিছত জানিব পাৰিবা।” বুলি মিঃ ডেভিডে ডাওৰাৰ মুখলৈ চাই চকুৰে ইঙ্গিত দি অলপ সময় ৰৈ থাকিল। তাৰ পিচত সুধিলে "পাৰিবানে ডাওৰা?” {{gap}}ডাওৰাই পোন হৈ বহি বুকুখন কিন্দাই দি গৰ্ব্বভবে ক’লে “অনায়াসে পাৰিম স্যৰ। কিন্তু আগধৰি চলন ফুৰণলৈ নজৰ দি অলপ সময় কথা পাতিবলৈ পাব লাগিব ... " {{gap}}“ঠেঙ্ক ইউ, ডাওৰা। সেইবোৰ সুবিধা কৰি দিম। আমি যোৱাৰ পূৰ্ব্বে মোৰ মটৰৰ পৰা চুটকেচ আৰু সকলো বৰবস্তু মিঃ হফমেনৰ মটৰত তুলি দিবা। সকলো বস্তু দৰকাৰী, বুজিছা?” {{gap}}“বুজিছোঁ স্যৰ” {{center|<nowiki>*</nowiki> {{gap|4em}}*{{gap|4em}}*{{gap|4em}}*}}<noinclude></noinclude> 2efgk4xumoo7u22h4pm3a9n71p7bcso পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯১ 104 93889 257649 2026-08-18T19:13:45Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257649 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৮৫|বিপ্লবী বাহিনী|৮৫}}</noinclude>কেইজন আছে সি নেদেখিলে। সি আগবঢ়াৰ পিছত মিঃ ডেভিডেও মটৰ স্পীড বঢ়োৱা দেখি ধৰি ললে যে নিশ্চয় তাক অনুসৰণ কৰিছে। গতিকে ছেগ পালেই মটৰ ৰাখি যুঁজ কৰিবলৈ দৃঢ়সঙ্কল্প কৰিলে। {{gap}}এইদৰে কিছু সময় যোৱাৰ পিচত মিঃ ডেভিডৰ মটৰ শিৱসাগৰৰ থানাত সোমোৱাত বাদলে আৰু অলপ দূৰ গৈ এঠাইত মটৰ ৰাখি ভালকৈ লক্ষ্য কৰি বুজিলে যে তাক অনুসৰণ কৰা নাই। সি মিছাতেহে ভয় খাইছিল। নিজৰ দুৰ্ব্বলতাত নিজে হাঁহি নিশ্চিন্ত মনেৰে চিগাৰেট এটা জ্বলাই লৈ গন্তব্যস্থানলৈ আগবাঢ়িল। {{gap}}দোকমোকালিতে বাদলে ডিগবইত সোমাল। কামিনী ৰায়ৰ মটৰ বাবে যোৱাত কোনো বাধা নাপালে। পহৰাত থকা চিপাহী জনক চিগাৰেট এটা দান কৰি পোনেই কামিনীৰ ঘৰলৈ গ’ল। {{gap}}কামিনী ৰায় থকা ঘৰটো কোম্পানীৰ এটা পুৰণি গুদাম। সম্প্ৰতি ভগা-ছিগা পুৰণি বস্তুবোৰৰ বাহিৰে ভাল বস্তু তাত নাৰাখে। বৰচাহাবে দয়া কৰি কামিনী আৰু তাৰ তলতীয়া কৰ্ম্মচাৰী কেজনমানক সেই ঘৰৰ এছোৱাত বাস কৰিবলৈ অনুমতি দিছে। প্ৰকাণ্ড আহলবহল ঘৰটোৰ এছোৱাত সিহঁত থাকে আৰু আনাছোৱাত ভগা সাজ-সজুলি আৰু পেকিং বাকচ আদি থাকে দেখি কোনো চাহাব নাইবা অফিচাৰে ভুলতো সেইফালে ভুমুকি নামাৰে। {{gap}}বাদলে গৈ দুৱাৰমুখত মটব বথোৱাৰ লগে লগে কামিনী ওলাই আহিল। দুয়োজনে কাঠৰ বাকচটো মটৰপৰা নমাই নিবলৈ চেষ্টা কৰিলে কিন্তু দাঙিব নোৱাৰি আৰু দুজনক মাতি আনিহে কোনোমতে নি ঘৰৰ ভিতৰত থকা আধা ভঙা কাঠব বাকচবোৰৰ লগত ৰাখিলে। কামিনীয়ে লগুৱাটোক চাহ জলপান আনিবলৈ কৈ বাদলে সৈতে একেলগে বহি কথা পাতিবলৈ ধৰিলে। বাদলে গুৱাহাটীৰ সকলো কথা বৰ্ণালে। মনোযোগেৰে সকলো কথা শুনি কামিনীয়ে অভিজ্ঞৰ দৰে কৈ উঠিল “তোমালোকে মিছাতে ভাবি চিন্তি অস্থিৰ হৈছা। মই নিঃসন্দেহে কব পাৰো যে মালবিয়ে পুলিচ যোৱা গম পাই আটাইবোৰে ক’ৰবাত নিৰাপদ ঠাইত আশ্ৰয় লৈছে। যোৱা নিশা হয়তো টকাবোৰ দি ইয়ালৈ ৰাওনা<noinclude></noinclude> 3gq0707po8g8a0flzmj9ufffk5uzwom 257650 257649 2026-08-18T19:14:00Z JyotiPN 1603 257650 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৮৫}}</noinclude>কেইজন আছে সি নেদেখিলে। সি আগবঢ়াৰ পিছত মিঃ ডেভিডেও মটৰ স্পীড বঢ়োৱা দেখি ধৰি ললে যে নিশ্চয় তাক অনুসৰণ কৰিছে। গতিকে ছেগ পালেই মটৰ ৰাখি যুঁজ কৰিবলৈ দৃঢ়সঙ্কল্প কৰিলে। {{gap}}এইদৰে কিছু সময় যোৱাৰ পিচত মিঃ ডেভিডৰ মটৰ শিৱসাগৰৰ থানাত সোমোৱাত বাদলে আৰু অলপ দূৰ গৈ এঠাইত মটৰ ৰাখি ভালকৈ লক্ষ্য কৰি বুজিলে যে তাক অনুসৰণ কৰা নাই। সি মিছাতেহে ভয় খাইছিল। নিজৰ দুৰ্ব্বলতাত নিজে হাঁহি নিশ্চিন্ত মনেৰে চিগাৰেট এটা জ্বলাই লৈ গন্তব্যস্থানলৈ আগবাঢ়িল। {{gap}}দোকমোকালিতে বাদলে ডিগবইত সোমাল। কামিনী ৰায়ৰ মটৰ বাবে যোৱাত কোনো বাধা নাপালে। পহৰাত থকা চিপাহী জনক চিগাৰেট এটা দান কৰি পোনেই কামিনীৰ ঘৰলৈ গ’ল। {{gap}}কামিনী ৰায় থকা ঘৰটো কোম্পানীৰ এটা পুৰণি গুদাম। সম্প্ৰতি ভগা-ছিগা পুৰণি বস্তুবোৰৰ বাহিৰে ভাল বস্তু তাত নাৰাখে। বৰচাহাবে দয়া কৰি কামিনী আৰু তাৰ তলতীয়া কৰ্ম্মচাৰী কেজনমানক সেই ঘৰৰ এছোৱাত বাস কৰিবলৈ অনুমতি দিছে। প্ৰকাণ্ড আহলবহল ঘৰটোৰ এছোৱাত সিহঁত থাকে আৰু আনাছোৱাত ভগা সাজ-সজুলি আৰু পেকিং বাকচ আদি থাকে দেখি কোনো চাহাব নাইবা অফিচাৰে ভুলতো সেইফালে ভুমুকি নামাৰে। {{gap}}বাদলে গৈ দুৱাৰমুখত মটব বথোৱাৰ লগে লগে কামিনী ওলাই আহিল। দুয়োজনে কাঠৰ বাকচটো মটৰপৰা নমাই নিবলৈ চেষ্টা কৰিলে কিন্তু দাঙিব নোৱাৰি আৰু দুজনক মাতি আনিহে কোনোমতে নি ঘৰৰ ভিতৰত থকা আধা ভঙা কাঠব বাকচবোৰৰ লগত ৰাখিলে। কামিনীয়ে লগুৱাটোক চাহ জলপান আনিবলৈ কৈ বাদলে সৈতে একেলগে বহি কথা পাতিবলৈ ধৰিলে। বাদলে গুৱাহাটীৰ সকলো কথা বৰ্ণালে। মনোযোগেৰে সকলো কথা শুনি কামিনীয়ে অভিজ্ঞৰ দৰে কৈ উঠিল “তোমালোকে মিছাতে ভাবি চিন্তি অস্থিৰ হৈছা। মই নিঃসন্দেহে কব পাৰো যে মালবিয়ে পুলিচ যোৱা গম পাই আটাইবোৰে ক’ৰবাত নিৰাপদ ঠাইত আশ্ৰয় লৈছে। যোৱা নিশা হয়তো টকাবোৰ দি ইয়ালৈ ৰাওনা<noinclude></noinclude> 2heqlpjqdr3h7eiawb1i64bluj5k9y6 পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯২ 104 93890 257651 2026-08-18T19:20:39Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257651 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৮৬|বিপ্লবী বাহিনী|}}</noinclude>হৈছে। মোৰ বিশ্বাস সি আৰু লগৰ দুজন আজি গধূলি নিশ্চয় ডিগবই পাবহি।” {{gap}}“আচৰিত কথা, গুৰুজীৰ অনুমানৰ লগত তোমাৰ অনুমান মিলি গৈছে। ময়ো তাকে কওঁ। মালবি যেনেহে ধুৰন্ধৰ নিৰাপদে সাগৰ পাৰহৈ আহি গৰু খোজত নাওঁ বুৰাব নে? বোলো কলিকতা আদি ঠাইত নিৰ্ব্বিঘ্নে... বাৰু সেইবোৰ কথা এৰা। তোমাৰ ইয়াত কিবা অসুবিধা পাম বুলি সন্দেহ কৰা নেকি?” {{gap}}“অসুবিধা কিহৰ? সকলো সজুলি ম‍ই ঠিক কৰি থৈছো। ইলেকট্ৰিক লাইটৰ তাঁৰ নতুনকৈ ফিট্‌ কৰি থৈছো আৰু চুইচ মোৰ ঘৰতে আছে। টিপি দিলেই আটাইবোৰ একেলগে জ্বলি উঠিব। তাৰ পিচত...কি হব বুজিছা ...? খাণ্ডব দাহ......” {{gap}}আনন্দতে দুয়োজনে হাঁহি উঠিল। হাঁহি থামিলত বাদলে ক’লে “চাবাচ ভাই কামিনী। তুমি যে কামটো ইমান উজু কৰি থব পাৰিবা সেইকথা মই সপোনতো ভবা নাছিলো।” {{gap}}“মোৰ কামব বিষয়ে তুমি নিশ্চিন্ত থাকিব পাৰা বাদল। মোৰ কামৰ ক’তো খুত নাই আৰু এই বিষয়ে কোনো চালাই ফুট নাপায়। এয়া চাহ জল পান আহিল। পেট ভৰাই খাই নিশ্চিন্ত মনেৰে শুই থাকা।” {{gap}}“ধন্যবাদ” বুলি বাদলে সুধিলে “কিন্তু বাকী কামটোৰ কি বন্দোবস্ত হব ভাই?” {{gap}}কামিনীয়ে উত্তৰ দিলে “শুনা বাদল, সেই কামৰ ভাৰ মই লব নোৱাৰো বুলি আগধৰিয়ে গুৰুজীক জনাইছোঁ। এতিয়া সেই কামৰ ভাৰ দি তোমাক যেতিয়া পঠাইছে সেই ভাৰ তোমাৰ ওপৰত। যেনেকৈ পাৰা সমাধা কৰা। কিন্তু মোৰ মনেৰে সিহঁত তিনিজন আহি পোৱা হলেহে ভাল আছিল।” {{gap}}“কৈছোঁ নহয়, গুৰুজীয়ে তেনেকুৱা বন্দোবস্তকে কৰিছিল। পিছে হৈ নুঠিল যেতিয়া অগত্যা ময়েই আহিলো” বুলি বাদলে গৰ্ব্বভৰে আকৌ ক’লে “আৰু আহি পালো যেতিয়া অকলেই এশৰ দৰে হৈ সকলোকে শেষ কৰিম জানিবা।” {{nop}}<noinclude></noinclude> 0qxissfce9httmuwgxugxw5byf3va7y পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/১১০ 104 93891 257652 2026-08-18T19:30:05Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257652 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|১০৪|বিপ্লবী বাহিনী|}}</noinclude>পাৰে! বৰ দুখেৰ কথা নগেন। হুনা ব্ৰাদাৰ, তুমাকে আমি দুই-ছ’ টাকা দিবে আৰ ভাল কাম দেখাইবাৰ পাৰিলে আবো বেছি দিবে।” {{gap}}নগেনে যেন হাত মেলি স্বৰগখন ঢুকি পালে। আনন্দতে উপচি পৰিল। কিবা কবলৈ চেষ্টা কৰি কথা নোলাল। মুখখন মেলাই থাকিল। তাকে দেখি ৰাখালে ক’লে “আচৰিত হৈবাৰ কাৰণ নাই। আমি ঠিক দিবে। কিন্তু তুমি প্ৰতিজ্ঞা কৰিবাৰ লাগে যেন কোনো কথা অন্যেৰ ওচৰতে প্ৰকাহ নাকৰা। কৰিলে বিশ্বাহঘাটকতা হইবে। তেতিয়া নিশ্চয় তোমাৰ মৃত্যুদণ্ড। হন্মত আছা?” {{gap}}অলপ ভাবি নগেনে ক’লে “সন্মত আছো বববাবু। বিশ্বাসঘাটকতা কৰিলে প্ৰাণদণ্ড, এই কথাষাৰ সদায় মনত থাকিব।” {{gap}}“গুড বয়, এতিয়া কামেৰ কথা কহিবে...” {{gap}}এনেতে টেলিফোনৰ বেল বাজিল। ৰিচিভাৰ লৈ অলপ সময় শুনি ‘আচ্ছা’ বুলি শলাগি ৰিচিভাৰটো থৈ ক’লে “এতিয়া তুমি যাবাৰ পাৰে। আমি দুই টাকা আৰো দিবে। কাল ৰাতিপুৱা ইয়াতে আহিবে।” {{gap}}“ভাল স্যৰ।” বুলি শলাগি টকা দুটা হাতত লৈ নমস্কাৰ জনাই ওলাই গ’ল। নগেনে বুজিছিল যে ৰাখালে নিশ্চয় তেওঁক লক্ষ্য কৰি থাকিব। গতিকে কোনো ফালে নোচোৱাকৈ পোনে পোনেই ষ্টেশ্যন লৈ গ’ল। গুৱাহাটীগামী ৰেল এখন যাবলৈ সাজু হৈ আছিল। তাতে উঠি বহি ৰাখালৰ অফিচলৈ চালে। বাহিৰত থিয় হৈ ৰাখালে একেথিবে নগেনৰ ফালে তেতিয়াও চাই ৰৈ আছে। নগেনৰ মনৰ সন্দেহৰ বোজাটো আৰু গধুৰ হ’ল। ৰেল চলিবলৈ আৰম্ভ কৰাত হঠাতে উঠি বিপৰীত ফালৰ দুৱাৰেদি নামি মটৰ ষ্টেণ্ডৰ ওচৰ পালেগৈ। {{dhr}} {{Rule|6em}}<noinclude></noinclude> l7lp6dxj5zni018dn8cmxk7bjgz5adj পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/১১৬ 104 93892 257653 2026-08-18T19:41:56Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257653 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|১১০|বিপ্লবী বাহিনী|}}</noinclude>{{gap}}“ভাল কৰিছে। পিছে তাক আনিছেনে নাই?” {{gap}}“হিঃ হিঃ হিঃ বৰবাবু দেউতা, তাক এৰি মইনো অহিব পাৰোনে? হিঃ হিঃ... মৰিলেও একেলগে আৰু তৰিলেও... হিঃ হিঃ... পিছে কিন্তু দেউতা, বৰবাবু, তাইক হেনো সোণৰ গহনা লাগে...হিঃ...হিঃ...” {{gap}}ৰাখালে ক’লে “পাবে পাবে, হোণেৰ গহনা পাবে। এতিয়া এই কুৰি টাকা নে। নাওঁত বহি এক বটল মদ খা। নাওঁ হাজু কৰি ৰাখিবে। দূৰে গেলে টাকা নাদিম। বুজিছে?” {{gap}}“মৰিলেও একেলগে দেউতা, বৰবাবু...হিঃ...হিঃ...” বুলি নোট দুখন লৈ তিনিবাৰ মান নমস্কাৰ কৰি মূৰৰ গামোচা খন সোলোকাই এমূৰে বান্ধি থলে। আন মূৰত থকা তামোলৰ টোপোলাটো খুলি আগবঢ়ালে “তোমোল চালি খাবনে বৰবাবু দেউতা?” {{gap}}তাৰপৰা তামোল এখন তুলি লৈ ৰাখালে মুখত সুমুৱাই ক’লে “এতিয়া যা গুৰিয়াল।” গুবিয়ালে আকৌ নমস্কাৰ কৰি হাঁহি হাঁহি ওলাই গ’ল। {{gap}}ৰাখালে নগেনক ক’লে “বৰ হৰল এই নাৱৰীয়া দুজন। নিজৰ ইচ্ছা হৈলে কাম কৰিবে। নাহৈলে কাৰো বাপেৰ হাধ্য নাই যে কাম কৰাইবাৰ পাৰে। নিজেৰ ব্যৱহায় এবি ঘাটোৱাল হৈছে কিন্তু যাকে তাকে পাৰ নাকৰে। হিহঁতেৰ খুচি মতনহে কাম কৰিবে ।” {{gap}}নগেনে ক’লে “আকালো নাই ভবালো নাই স্যৰ। হোজা মানুহ হলেও বৰ সুখত আছে। মনৰ খুচিত সদায় হাঁহে।” {{gap}}“হুঁ” ৰাখালে ক’লে “গুড্‌ লাক্‌, ইয়ংমেন। তুমি এতিয়া যাবাৰ পাৰে। নিজেৰ কাম কৰিয়া হোনকালে ঘূৰি আহিবে।” {{gap}}“ধন্যবাদ স্যৰ। মোৰ মনত থাকিব।” বুলি নমস্কাৰ দি তাৰ পৰা ওলাই গ’ল। ৰাখালে বাহিৰলৈ ওলাই দূৰৈত ৰৈ থকা বেণীক ইঙ্গিত দিয়াত সি নগেনক অনুসৰণ কৰিবলৈ ধৰিলে। নগেনে ষ্টেশ্যন পাই টেক্সি এখনত উঠি গুৱাহাটীলৈ ৰাওনা হ’ল। {{dhr}} {{Rule|6em}}<noinclude></noinclude> tucu8yyp2v03i9txpx5s9aunrdiljje পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/১২২ 104 93893 257654 2026-08-18T19:51:15Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257654 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|১১৬|বিপ্লবী বাহিনী|}}</noinclude>যদিও লাইটৰ পোহৰত পিস্তল টোৱাঁই থকা ক’লা মূৰ্ত্তিটো দেখি তৎক্ষণাত বুজি পাই চিঞৰ মাৰিবলৈ মুখ মেলিব খোজোতেই বাদলে হুকুম কৰিলে “মুখেৰে কেঁ-কৰিলেই গুলিয়াই মাৰিম। লৰচৰ নকৰিবি। য’তে আছ তাতে থাক।” {{gap}}নৰসিং আৰু ৰাখালে ভেকমলক হাতে ভৰিয়ে বান্ধি মুখত সোপা দি পেলাই থৈ এৰি আহি গোমস্তা দুজনক বান্ধিবলৈ ধৰিলে। নগেনে তেতিয়াও দুৱাৰতে ধৰি থিয় হৈ আছিল। বাদলে হুকুম দিয়াত ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। {{gap}}ইতিমধ্যে জেঠমলে সাৰ পাইছিল। চকুমেলি সকলো কথা বুজি পাই বিচনাৰ তলত লুকুৱাই ৰখা বন্দুকটো উলিয়াই উঠি বহি বাদললৈ টোৱালে। বাদলে নিজৰ হাতৰ ৰিভলভাৰ পোনকৰি হুকুম দিলে “বন্দুক পেলাই দে নহলে গুলি কৰিম” কিন্তু জেঠমলে বাদলৰ হুকুম গ্ৰাহ্য নকৰিলে। {{gap}}নগেন বৰ বিপদত পৰিল। কি কৰা উচিত তৎক্ষণাত স্থিৰ কৰিব নোৱাৰিলে। পাণ্ডুত ৰাখালে প্ৰথমে যেতিয়া নগেনকো ক’লা পোছাক পিন্ধি যোগ দিবলৈ হুকুম দিছিল প্ৰথমে নগেন সম্মত হোৱা নাছিল। তাৰ পিছত হঠাতে কিবা ভাবি সম্মত হ’ল। পোছাক আৰু মুখা দেখিয়েই নগেনে বৰ ভালকৈ বুজিছিল যে ইহঁতে কৰবাৰ ডকাইতি কৰিবলৈ যাব। শেষ পৰ্য্যন্ত ঘটনাটো চাবলৈ মনযোৱাত সিহঁতৰ হুকুম মানি আহিছিল। দ্বাৰোৱানৰ ব্যৱহাৰ দেখি আৰু সম্মুখতে ভেকমল দুৰ্দ্দশা দেখি নগেনৰ ধৈৰ্য্যচ্যুতি ঘটিল। তেওঁৰ অন্তৰৰ পুৰুষসিংহই গৰ্জ্জি উঠিল। নিজৰ অসহায় অৱস্থাৰ কথা পাহৰি গ’ল। নগেনলৈ কোনোৱে চকু দিয়া নাছিল। দস্যুহঁতে জানে যে বিশ্বাসঘাটকতা কৰাৰ সাহস নগেনৰ নাই। {{gap}}বাদলে জেঠমললৈ ৰিভলভাৰ লক্ষ্য কৰাৰ লগে লগে নগেনে সকলো পাহৰি দুখোজমান আগবাঢ়ি আহি নিজৰ গুপ্ত জেপৰপৰা ৰিভালভাৰটো উলিয়াই পাছফালৰ পৰা বাদললৈ টোৱাঁলো। সেই মুহূৰ্ত্ততে নগেনৰ মূৰত যেন দালানটো ভাঙি পৰিল। চকুৰ আগত শত সহস্ৰ নক্ষত্ৰই তিৰ্‌বিৰাবলৈ ধৰিলে। হতভাগা নগেন থিতাতে বাগৰি পৰিল। {{dhr}} {{Rule|6em}}<noinclude></noinclude> ns195ylqhc6rx6n5lgvzrbgfqyplcnq সদস্য বাৰ্তা:DreamRimmer 3 93894 257656 2026-08-19T00:01:50Z JJPMaster 2328 পৃষ্ঠা [[সদস্য বাৰ্তা:DreamRimmer]]ৰ পৰা [[সদস্য বাৰ্তা:Max]]লৈ JJPMasterয়ে স্থানান্তৰ কৰিলে: Automatically moved page while renaming the user "[[Special:CentralAuth/DreamRimmer|DreamRimmer]]" to "[[Special:CentralAuth/Max|Max]]" 257656 wikitext text/x-wiki #REDIRECT [[সদস্য বাৰ্তা:Max]] 60na3j8o2cqb5lmhojv6uya9v6zsz1g বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/দহ 0 93895 257657 2026-08-19T08:13:04Z JyotiPN 1603 "{{header | title = বিপ্লবী বাহিনী | author = প্ৰেমনাৰায়ণ দত্ত | year = ১৯৫৩ | translator = | section = | previous = [[বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/ন|ন]] | next = বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 257657 wikitext text/x-wiki {{header | title = বিপ্লবী বাহিনী | author = প্ৰেমনাৰায়ণ দত্ত | year = ১৯৫৩ | translator = | section = | previous = [[বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/ন|ন]] | next = [[বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/এঘাৰ|এঘাৰ]] | notes = | categories = }} <pages index="বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf" from=77 to=84/> [[শ্ৰেণী:প্ৰেমনাৰায়ণ দত্তৰ সাহিত্যকৰ্ম]] ti26z9ohkvodask7h4ee0z862fqyn6e বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/এঘাৰ 0 93896 257658 2026-08-19T08:16:05Z JyotiPN 1603 "{{header | title = বিপ্লবী বাহিনী | author = প্ৰেমনাৰায়ণ দত্ত | year = ১৯৫৩ | translator = | section = | previous = [[বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/দহ|দহ]] | next = বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 257658 wikitext text/x-wiki {{header | title = বিপ্লবী বাহিনী | author = প্ৰেমনাৰায়ণ দত্ত | year = ১৯৫৩ | translator = | section = | previous = [[বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/দহ|দহ]] | next = [[বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩)/বাৰ|বাৰ]] | notes = | categories = }} <pages index="বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf" from=85 to=93/> [[শ্ৰেণী:প্ৰেমনাৰায়ণ দত্তৰ সাহিত্যকৰ্ম]] 4822vqi6ns4i2gcxe07tx2ud5eqeg00 পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯৭ 104 93897 257659 2026-08-19T08:23:24Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257659 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৯১}}</noinclude>{{gap}}কামিনী আৰু বাদল নিশ্চিন্ত হ’ল যে ভোলাক যিহতে লগোৱা যায় তাতেই পাৰিব। তেতিয়া ভবিষ্যত কৰ্ম্মপন্থাৰ স্থিৰ কৰিলে। ভোলাই মনোযোগেৰে শুনি থাকিল। সিহঁতৰ কথা শেষ হোৱাত উত্তেজিত হৈ ক’লে “আমাগো একটা বন্দুক দিবানি আইগা। আমি হালা একলা দছ হালাৰে ঘাইল কৰমু......” {{gap}}কামিনীয়ে বন্দুক এটা দিব বুলি প্ৰতিশ্ৰুতি দিলে। বাদলেও তাৰ উৎসাহ দি সহকাৰী পাতি ললে। শেষত ভোলাই ক’লে “কিন্তু আইগা, আগুন লাগাইবাৰ যাইবো কোন হালা? আমি হালা না গেলে কোনো হালা পাৰবো না আইগা।” {{gap}}কামিনীয়ে হাঁহি মাৰি ক’লে “সেই বিষয় তই মুঠেই নাভাবিবি ভোলা। সেই ভাৰ মোৰ ওপৰত। ইয়াতে চুইচ টিপি দিলেই একেবাৰে খাণ্ডব দাহ বুজিছ? হাঃ হাঃ......” {{gap}}ভোলাই কোনো কথা নুবুজাব দৰে মুখমেলি বৈ থকা দেখি কামিনীয়ে আকৌ ক’লে “ইলেকট্ৰিকৰ কব কথা তই নুবুজ ভোলা; গতিকে সেই বিষয় ভাবিব নালাগে। এতিয়া পিস্তলটো জেপত সুমাই লৈ তোৰ চাকৰিলৈ যা গৈ। আৰু কেইঘণ্টা মান তোৰ চাকৰি আছে, তাৰ পিচতে খতম্। তেতিয়া আমাক পায় কোনে? আমিয়ে ৰজা। কোম্পানীৰ ভৰালৰ লাখ লাখ টকা আমাৰ, বুজিছ ভোলা? লাখ লাখ........” {{gap}}তিনিওজনে হাঁহিলে। ভোলাই দুয়োজনকে নমস্কাৰ দি ঠিক সময়ত হাজিৰ হবহি বুলি কৈ তাৰপৰা উলটিল। {{gap}}মিঃ ডেভিড আৰু মিঃ হফমেনে ডাওৰালৈ বাটচাই আছিল। অইনবোৰ ষড়যন্ত্ৰৰ কথা মুঠেই গম পোৱা নাছিল। ডাওৰাৰ মুখে সকলো কথা শুনি অলপ সময় পৰামৰ্শ কৰি চাহাব দুজনে তৎক্ষণাত ইঞ্জিনীয়াৰ চাহাবৰ বঙলালৈ গৈ সকলো কথা তেওঁক জনালে। ইঞ্জিনীয়াৰ চাহাবে তেতিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিব বুলি আশ্বাস দিয়াত দুয়োজনে তাৰপৰা বিদায় ললে। {{gap}}তাৰপৰা ওলাই মিঃ ষ্টেনলিকো বাটৰপৰা তুলি লৈ তেওঁলোকে ক্লাব ঘৰ পালে। তেওঁলোকে দেখিলে যে ইতিমধ্যে কেজনমান চাহাব আৰু মেম লগহৈ<noinclude></noinclude> dh7ww9s0y9fs58q5v7svt3lcm7vmi4j পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯৯ 104 93898 257660 2026-08-19T09:16:46Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257660 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৯৩}}</noinclude>পশিল। কামিনীয়ে ক’লে “আজি চাহাবহঁতৰ বিশেষ উৎসব বুলি ম‍ই খবৰ পাইছোঁ। নৃত্য আজি নিশা দুইমান বজালৈ চলিব। বাৰ বজাত পূৰ্ণ পয়োভৰ হব। গতিকে তোমাৰ কামৰ পক্ষে আজি বোধহয় সোণালী সুযোগ বাদল। {{gap}}“নিশ্চয়, নিশ্চয়। ধন্যবাদ ভাই কামিনী। চাৰে এঘাৰ বাজিল। ম‍ই বাৰ বজাৰ দহ মিনিট আগতে পাম গৈ আৰু আটাইবোৰ বান্দৰ পোৱালীক বাৰ বজাৰ ভিতৰতে খতম কৰি ট্ৰেজাৰিৰ ধন হাত কৰি চাৰে বাৰ বজাৰ ভিতৰত কাম সমাধা কৰিম। ভোলা আৰু ম‍ই হলেই শেষ কৰিব পাৰো তথাপি কুৰিজন সৈন্য ললো। বাকী পাচজন তোমাৰ লগত থাকিল। তোমাৰ কাম তুমি শেষ কৰিবা। টকাবোৰ লৈ আহি তুমি, ভোলা আৰু ম‍ই, তিনিও জীপেৰে অন্তৰ্দ্ধান হৈ যাম। তোমাৰ এই ঘৰো পুৰি গলে আমিও পুৰি মৰাবুলি পুলিচে ৰিপোৰ্ট দিব।” বুলি হাঁহিলে। {{gap}}বাদলৰ কথা শুনি আনন্দতে ভোলাই হাঁহিবলৈ ধৰিলে। কামিনীয়েও হাঁহিলে। {{gap}}কুবিজন অনুচৰৰ প্ৰত্যেককে হাত বোমাৰ টোপোলা একোটাকৈ দি সিহঁতৰ কৰ্ত্তব্য বুজাই দিলে যে ক্লাবঘৰৰ চাৰিওফালে ঘেৰি ধৰি প্ৰত্যেক দুৱাৰেৰে ভিতৰ সোমাব লাগিব আৰু সম্মুখত যাকে য’তে দেখে বোমা মাৰি অজ্ঞান কৰিব লাগিব। বাদলৰ লগত ভোলা থাকিব। দুয়োজনে সদৰ দুৱাৰেদি গৈ নিৰস্ত্ৰ, মাতাল, নৃত্যামোদী আটাইবোৰকে শিয়াল কুকুৰৰ দৰে গুলিয়াই হত্যা কৰি পাচ মিনিট ভিতৰত শেষ কৰিব। তাৰ পিচত ট্ৰেজাৰীৰ ধন হাত কৰিব। ৰখীয়াবোৰ কামিনীৰ অনুচৰ যেতিয়া কোনো বাধা নাই। {{gap}}এহাতে বন্দুক আৰু আনহাতে ৰিভলভাৰ লৈ প্ৰথমে বাদল, তাৰ পিছে পিছে ছাঁটোৰ দৰে ভোলাই খোজ ললে। ভোলাৰ পিঠিত এক দজন হাতবোমাৰ টোপোলা, হাতত বন্দুক আৰু জেপত পিস্তলটো। সিহঁতৰ পিছে পিছে অনুচৰ কুৰিজন গ’ল। {{gap}}ক্লাবঘৰৰ চাৰিওফালে ফুলৰ বাগিচা। তাত সৰু ডাঙৰ নানা তৰহৰ ফুলৰ গছ। নিশা এন্ধাৰ, ঘোপমৰা এন্ধাৰ। ক্লাবৰ ভিতৰত হোৱা যন্ত্ৰসঙ্গীতৰ<noinclude>{{Left|{{gap}}৭}}</noinclude> kd4o7ulimggmc3hipcxpgosynb967vx পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯৪ 104 93899 257661 2026-08-19T10:19:09Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 257661 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{center|{{larger|'''–বাৰ–'''}}}} {{gap}}আবেলি তিনি বজাত। মিঃ ডেভিড আৰু ডাঙৰাই মিঃ হফমেনৰ মটৰত ডিগবইলৈ আহিল। মিঃ ষ্টেনলি বিদায়লৈ নিজৰ বঙলালৈ গলত তিনিওজনে মিঃ হফমেনৰ ড্ৰৱিং ৰূমত বহি কথা পাতিবলৈ ধৰিলে। খানচামাক চাহৰ অৰ্ডাৰ দি তিনিওজনে অলপ পিছতে ‘ডাইনিং হল’ত বহিল গৈ। চাহ খোৱা শেষ কৰি তিনিওজনে আন এটা ৰূমত বহিল। আগধৰি স্থিৰ কৰি অহামতে মিঃ হফমেনে এওঁলোক দুজনক চাহ বাগিচাৰ মেনেজাৰ বুলি প্ৰচাৰ কৰি দিলে। {{gap}}ভোলাই নতুন আলহি দুজনৰ পৰিচয় জানিবলৈ চাৰিওফালে ঘূৰি ফুৰি ব্যস্ত হৈ অপেক্ষা কৰিছিল। পৰিচয় পায়েই কামিনীৰ ওচৰলৈ এবাৰ লৰি গৈ খবৰটো জনাই তৎক্ষণাত উলটি আহিল। বৰ চাহাবক চালাম আজিৰ দিনত দিয়া হোৱা নাই গতিকে বৰ চাহাব অহা শুনি কামিনীৰে চালাম জনাবলৈ লৰি আহিল। মিঃ হফমেন ওলাই নাহি ভিতৰতে প্ৰায় আধা ঘণ্টামান পলম কৰিলে। সেইখিনি সময় কামিনীয়ে বাহিৰৰ বাৰাণ্ডাত বহি ভোলাৰ লগত নানা বিষয়ৰ কথা পাতিলে। সিহঁত বহা ঠাইৰ ওচৰত থকা ৰূমটোত থাকি ডাওৰাই সিহঁতৰু ফালে বৰ মনোযোগেৰে নজৰ দি ভোলাৰ প্ৰত্যেক ভাবভঙ্গী আৰু কথা কোৱাৰ ধৰণ আয়ত্ব কৰিবলৈ চেষ্টা কৰি থাকিল। {{gap}}ডাওৰাই ইঙ্গিত দিয়াত মিঃ হফমেন বাহিৰলৈ ওলাই দেখা দিলে।<noinclude></noinclude> gzkaz6ezfwj3y8lc3ujfaqgtqhcogon